ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • ijwfq প্ৰৱন্ধ ৩২
  • যিহোৱাৰ সাক্ষীসকলে পুৰণি নিয়মক বিশ্বাস কৰেনে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যিহোৱাৰ সাক্ষীসকলে পুৰণি নিয়মক বিশ্বাস কৰেনে?
  • যিহোৱাৰ সাক্ষীসকলৰ বিষয়ে সঘনাই সোধা প্ৰশ্ন
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • খ্ৰীষ্টানসকলৰ বাবে পুৰণি নিয়ম আৰু নতুন নিয়ম এই দুয়োটা ভাগেই কিয় প্ৰয়োজন?
  • বাইবেলৰ প্ৰকৃত লেখক কোন?
    পবিত্ৰ শাত্ৰৰ লগত জড়িত থকা প্ৰশ্নবোৰৰ উত্তৰ
যিহোৱাৰ সাক্ষীসকলৰ বিষয়ে সঘনাই সোধা প্ৰশ্ন
ijwfq প্ৰৱন্ধ ৩২

যিহোৱাৰ সাক্ষীসকলে পুৰণি নিয়মক বিশ্বাস কৰেনে?

হয়, তেওঁলোকে কৰে। যিহোৱাৰ সাক্ষীসকলে বিশ্বাস কৰে যে গোটেই বাইবেলখন “ঈশ্বৰ-নিশ্বাসিত, আৰু . . . লাভজনক।” (২ তীমথিয় ৩:১৬) পুৰণি আৰু নতুন নিয়ম বুলি জনাজাত এই দুয়োটা ভাগেই বাইবেলত জড়িত আছে। যিহোৱাৰ সাক্ষীসকলে সাধাৰণতে ইয়াক হীব্ৰু শাস্ত্ৰ আৰু গ্ৰীক শাস্ত্ৰ বুলি কয়। ইয়াৰ যোগেদি আমি দেখুৱাওঁ যে বাইবেলৰ কোনো ভাগেই পুৰণি বা অকাৰ্য্যকাৰী নহয়।

খ্ৰীষ্টানসকলৰ বাবে পুৰণি নিয়ম আৰু নতুন নিয়ম এই দুয়োটা ভাগেই কিয় প্ৰয়োজন?

ঈশ্বৰৰ অনুপ্ৰাণিত হৈ পাঁচনি পৌলে এইদৰে লিখিছিল: “আগেয়ে যি সকলো কথা লিখা হৈছিল, আমি ধৈৰ্য্যেৰে আৰু শাস্ত্ৰৰ শান্ত্বনাৰে আশা পাবলৈ, আমাৰ শিক্ষাৰ নিমিত্তেহে সেই সকলো লিখা হৈছিল।” (ৰোমীয়া ১৫:৪) সেইবাবে, হীব্ৰু শাস্ত্ৰত লিখা গুৰুত্বপূৰ্ণ কথাবোৰ আমাৰ বাবে লাভজনক। ইয়াত আমি জীৱনৰ বাবে প্ৰয়োজনীয় ব্যৱহাৰিক পৰামৰ্শ লাভ কৰোঁ আৰু ইতিহাসত ঘটা সঠিক ঘটনাবোৰৰ বিষয়ে জানিবলৈ সক্ষম হওঁ।

  • লাভজনক ইতিহাস। হীব্ৰু শাস্ত্ৰত সৃষ্টিৰ বিষয়ে স্পষ্টৰূপে বৰ্ণনা কৰা হৈছে। ইয়াৰ লগতে প্ৰথম মানুহে কি গভীৰ পাপ কৰিছিল, তাৰ বিষয়েও বৰ্ণনা আছে। এই কথাবোৰ নজনাকৈ আমি পৰৱৰ্তী প্ৰশ্নবোৰৰ উত্তৰ পোৱাটো সম্ভৱ নহয়: আমাৰ আৰম্ভণি কেনেকৈ হʼল? মানুহৰ মৃত্যু কিয় হয়? (আদিপুস্তক ২:​৭, ১৭) ইয়াৰ উপৰিও, আমাৰ দৰে সমস্যাৰ সন্মুখীন হোৱা লোকসকলক ঈশ্বৰে কেনেকৈ সহায় কৰিছিল, তাৰ বিষয়ে হীব্ৰু শাস্ত্ৰত উল্লেখ আছে।​—যাকোব ৫:১৭.

  • ব্যৱহাৰিক পৰামৰ্শ। বাইবেলৰ হিতোপদেশ আৰু উপদেশক কিতাপখন হীব্ৰু শাস্ত্ৰৰ এক অংশ হয়। এই কিতাপকেইখনত যি প্ৰজ্ঞাৰ বিষয়ে উল্লেখ কৰা আছে, সেইবোৰ বৰ্তমান সময়তো আমাৰ বাবে লাভজনক। আমি সুখী পৰিয়ালৰ আনন্দ কেনেকৈ লাভ কৰিব পাৰোঁ, তাৰ বিষয়ে এই কিতাপকেইখনে কিছুমান ব্যৱহাৰিক পৰামৰ্শ আগবঢ়াইছে। (হিতোপদেশ ১৫:১৭) কামৰ ক্ষেত্ৰত আমি কেনেকৈ ভাৰসাম্যতা বজাই ৰাখিব পাৰোঁ, তাৰ বিষয়েও ইয়াত উল্লেখ আছে। (হিতোপদেশ ১০:৪; উপদেশক ৪:৬) কিশোৰ-কিশোৰীসকলে জীৱনত কেনেকৈ আনন্দ লাভ কৰিব পাৰে, তাৰ বিষয়ে সুন্দৰভাৱে উপদেশ দিয়া হৈছে। (উপদেশক ১১:​৯, ১০; ১২:৭).

ইয়াৰ উপৰিও, মোচিয়ে লিখা বাইবেলৰ প্ৰথম পাঁচখন কিতাপ (ইয়াক তৌৰাত বুলিও কোৱা হয়) অধ্যয়ন কৰিলে আমি উপকৃত হʼম। যদিও খ্ৰীষ্টানসকল মোচিৰ নিয়মৰ অধীনত নাই, কিন্তু ইয়াৰ সিদ্ধান্তবোৰে বৰ্তমান সময়তো আমাক এক সন্তুষ্ট জীৱন অতিবাহিত কৰিবলৈ সহায় কৰিব পাৰে।​—লেবীয়া পুস্তক ১৯:১৮; দ্বিতীয় বিবৰণ ৬:​৫-৭.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক