ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • ijwbq প্ৰৱন্ধ ৬৬
  • নৰক সঁচাকৈ আছেনে? বাইবেলৰ অনুসৰি নৰক কি হয়?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • নৰক সঁচাকৈ আছেনে? বাইবেলৰ অনুসৰি নৰক কি হয়?
  • পবিত্ৰ শাত্ৰৰ লগত জড়িত থকা প্ৰশ্নবোৰৰ উত্তৰ
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • পবিত্ৰ শাস্ত্ৰ বাইবেলে উত্তৰ দিয়ে
  • নৰক এনে এখন ঠাই হয়নে, যʼত সদায় শাস্তি দিয় হয়?
  • যীচুৱে ধনী ব্যক্তি আৰু লাজাৰ উদাহৰণৰ পৰা কি বুজাব বিচাৰিছিল?
  • নৰকৰ শাস্তিয়ে আমাক ঈশ্বৰৰ পৰা দূৰ কৰি দিয়েনে?
  • নৰকৰ পৰা কোনোবাই মুকলি হৈ আহিছেনে?
  • নৰকলৈ কোন যায়?
    পবিত্ৰ শাত্ৰৰ লগত জড়িত থকা প্ৰশ্নবোৰৰ উত্তৰ
  • নৰকাগ্নি কিয় লুপ্ত হ’ল?
    ২০০২ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • প্ৰকৃততে নৰক কি?
    ২০০২ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
পবিত্ৰ শাত্ৰৰ লগত জড়িত থকা প্ৰশ্নবোৰৰ উত্তৰ
ijwbq প্ৰৱন্ধ ৬৬
ধৰ্মীয় শিক্ষাৰ ওপৰত আধাৰিত এখন ছবিত দেখুৱা হৈছে যে লোকসকলে কাল্পনিক নৰকত শাস্তি পাই আছে।

নৰক সঁচাকৈ আছেনে? বাইবেলৰ অনুসৰি নৰক কি হয়?

পবিত্ৰ শাস্ত্ৰ বাইবেলে উত্তৰ দিয়ে

কিছুমান পুৰণি বাইবেলৰ অনুবাদত যেনে কিং জেমচ ভাৰচনত “নৰক” শব্দটো ব্যৱহাৰ কৰা হৈছে। (গীতমালা ১৬:১০; পাঁচনিৰ কৰ্ম্ম ২:২৭a) কিছুমান ধৰ্মীয় শিক্ষাৰ ওপৰত আধাৰিত ছবিবোৰত, যি এই লেখত দেখুৱা ছবিখনৰ দৰে হয়; বহুতোলোকে বিশ্বাস কৰে যে নৰক এক জ্বলি থকা ঠাই হয়, যʼত বেয়া লোকক শাস্তি দিয়া হয়। কিন্তু বাইবেলে এইদৰে শিকাই নে?

এই লেখত

  • নৰক এনে এখন ঠাই হয়নে, যʼত সদায় শাস্তি দিয় হয়?

  • যীচুৱে ধনী ব্যক্তি আৰু লাজাৰ উদাহৰণৰ পৰা কি বুজাব বিচাৰিছিল?

  • নৰকৰ তাড়নাই আমাক ঈশ্বৰৰ পৰা দূৰ কৰি দিয়েনে?

  • নৰকৰ পৰা কোনোবাই মুকলি হৈ আহিছেনে?

  • নৰক বা কবৰৰ বিষয়ে বাইবেলৰ পদবোৰ

  • আৰম্ভণিৰ ভাষাত লিখা বাইবেলৰ শব্দ

  • নৰকৰ জুইৰ ইতিহাস

নৰক এনে এখন ঠাই হয়নে, যʼত সদায় শাস্তি দিয় হয়?

নহয়। আৰম্ভণিৰ ভাষাত লিখা বাইবেলৰ শব্দ “নৰক” কিছুমান পুৰণি বাইবেলৰ অনুবাদে (হিব্ৰু, “চিয়োল”; গ্ৰীক, “হেডীজ”) সাধাৰণতে মানৱজাতিৰ বাবে ব্যৱহাৰ কৰা কবৰক চিত্ৰিত কৰে। বাইবেলত উল্লেখ কৰা হৈছে যে যিসকল লোক “কবৰত” আছে, তেওঁলোকৰ কোনো অস্তিত নাই।

  • মৃত লোকসকলৰ কোনো চেতনা নাথাকে, সেইবাবে তেওঁলোকে কোনো ধৰণৰ কষ্ট অনুভৱ নকৰে। “চিয়োলত কোনো কাৰ্য্য, কি কল্পনা, কি বিদ্যা, কি জ্ঞান, একোৱেই নাই।” (উপদেশক ৯:১০, ডৌয়াই-ৰাইমছ ভাৰচন) নৰকত কষ্টত চিঞৰি থকা কোনো মাত শুনিবলৈ পোৱা নাযায়। ইয়াৰ পৰিৱৰ্তে বাইবেলে কয়, “দুষ্টবোৰ বঞ্চিত হওক, সিহঁতে চিয়োলত নিজম দি থাকক [নৰক, ডৌয়াই-ৰাইমছ ভাৰচন]।”—গীতমালা ৩১:১৭; কিং জেমচ ভাৰচনত (৩০:১৮, ডৌয়াই-ৰাইমছ); গীতমালা ১১৫:১৭.

  • ঈশ্বৰে মৃত্যু দিছে, পাপৰ কাৰণে নৰকৰ তাড়না নহয়। ঈশ্বৰে প্ৰথম পুৰুষ আদমক কৈছিল যে ঈশ্বৰৰ আজ্ঞা উলংঘন কৰাৰ বাবে তেওঁৰ মৃত্যু হʼব। (আদিপুস্তক ২:১৭) তেওঁ নৰকত সদায় শাস্তি পাই থাকিব বুলি কোৱা নাছিল। আদমে পাপ কৰাৰ পাছত ঈশ্বৰে কৈছিলে যে তেওঁ কি শাস্তি পাব। তেওঁ কৈছিল, “তুমি ধূলি মাথোন, পুনৰায় ধূলিলৈকে উলটি যাবা।” (আদিপুস্তক ৩:১৯) অৰ্থাৎ তেওঁৰ অস্তিত নাইকিয়া হʼব। ঈশ্বৰে সঁচাকৈ আদমক নৰকলৈ পঠোৱা হʼলে, ইয়াৰ বিষয়ে নিশ্চয় কʼলেহেঁতেন। ঈশ্বৰৰ আজ্ঞা উলংঘন কৰাৰ শাস্তি তেওঁ সলনি কৰা নাই। আদমে পাপ কৰাৰ বহু বছৰ পাছত, ঈশ্বৰৰ প্ৰেৰণাৰে বাইবেলৰ এজন লেখকে কৈছিল, “পাপে যি মজুৰি দিয়ে, সেয়া হৈছে মৃত্যু।” (ৰোমীয়া ৬:২৩) কিন্তু ভৱিষ্যতৰ শাস্তি যুক্তিসংগত নহʼব, কিয়নো “যিজন মৰিল, তেওঁ নিজৰ পাপৰ পৰা মুক্ত হʼল।”—ৰোমীয়া ৬:৭.

  • সদায় শাস্তি দিয়া কথাটো ঈশ্বৰৰ বাবে এটা ঘিণলগীয়া বিষয়। (যিৰিমিয়া ৩২:৩৫) এনে ধৰণৰ শিক্ষা বাইবেলৰ শিক্ষাৰ বিপৰীত, কিয়নো ইয়াত কোৱা হৈছে যে “ঈশ্বৰ প্ৰেম।” (১ যোহন ৪:৮) আমি প্ৰেমৰ বাবে তেওঁৰ উপাসনা কৰাটো ঈশ্বৰে বিচাৰে, সদায় শাস্তি পোৱাৰ ভয়ৰ বাবে নহয়।—মথি ২২:৩৬-৩৮.

  • ভাল লোকসকলেও নৰকলৈ যায়। যি বাইবেলবোৰত “নৰক” শব্দটো ব্যৱহাৰ কৰা হৈছে, সেয়া চিত্ৰিত কৰে যে বিশ্বাসী সেৱক, যেনে যাকোব আৰু ইয়োব নৰকলৈ যাব বুলি আশা কৰিছিল। (আদিপুস্তক ৩৭:৩৫; ইয়োব ১৪:১৩) ইয়াৰ উপৰিও যীচুৱে নিজৰ মৃত্যু আৰু আকৌ জীয়াই উঠাৰ মাজৰ সময়ছোৱাক “নৰকত” আছোঁ বুলি কৈছিল। (পাঁচনিৰ কৰ্ম্ম ২:৩১, ৩২) চাবলৈ গʼলে বাইবেলৰ যি পদবোৰত “নৰক” বুলি উল্লেখ আছে, সেয়া সাধাৰণতে কবৰক বুজায়।b

যীচুৱে ধনী ব্যক্তি আৰু লাজাৰ উদাহৰণৰ পৰা কি বুজাব বিচাৰিছিল?

যীচুৱে উল্লেখ কৰা এই উদাহৰণ বাইবেলৰ লূক ১৬:১৯-৩১ পদত পঢ়িবলৈ পোৱা যায়। এনেধৰণৰ উদাহৰণবোৰ যীচুৱে লোকসকলক নৈতিক আৰু আধ্যাত্মিক শিক্ষা বুজাবলৈ ব্যৱহাৰ কৰিছিল। যীচুৱে কোৱা ধনী ব্যক্তি আৰু লাজাৰ উদাহৰণটো সঁচা ঘটনা নাছিল। (মথি ১৩:৩৪) এই উদাহৰণৰ বিষয়ে বেছিকৈ জানিবলৈ “ধনী ব্যক্তি আৰু লাজাৰ কোন আছিল?” নামৰ লেখ পঢ়ক।

নৰকৰ শাস্তিয়ে আমাক ঈশ্বৰৰ পৰা দূৰ কৰি দিয়েনে?

নহয়। মৃত্যুৱে লোকসকলক ঈশ্বৰৰ পৰা দূৰ কৰে, এই ধাৰণাক বাইবেলে সমৰ্থন নকৰে। বাইবেলে স্পষ্টকৈ বুজাই যে মৃত লোকসকলৰ কোনো চেতনা নাথাকে।—গীতমালা ১৪৬:৩, ৪; উপদেশক ৯:৫.

নৰকৰ পৰা কোনোবাই মুকলি হৈ আহিছেনে?

হয়। বাইবেলত এনে নজন ব্যক্তিৰ বিষয়ে লিখা আছে, যিসকলক কবৰ (বাইবেলৰ কিছুমান অনুবাদত ইয়াক নৰক বুলি কৰা হৈছে।) দিয়া হৈছিল আৰু পাছত তেওঁলোকক আকৌ জীয়াই তোলা হʼল।c তেওঁলোকে নৰকত আছে বুলি জনা হʼলে, সেই অনুভৱৰ বিষয়ে নিশ্চয় আনক জনালেহেঁতেন। তেওঁলোকে আনক কোনো ধৰণৰ শাস্তিৰ বিষয়ে একো নকʼলে। কিয় বাৰু? কাৰণ বাইবেলে শিকাই যে তেওঁলোক গভীৰ ‘টোপনিত’ আছে অৰ্থাৎ কোনো চেতনা নাই।—যোহন ১১:১১-১৪; ১ কৰিন্থীয়া ১৫:৩-৬.

a বেছিভাগ আধুনিক ইংৰাজী বাইবেলৰ অনুবাদত পাঁচনিৰ কৰ্ম্ম ২:২৭ পদটোত “নৰক” শব্দটো ব্যৱহাৰ কৰা নহয়। ইয়াৰ পৰিৰ্ৱতে আন কিছুমান শব্দ ব্যৱহাৰ কৰা হয়, যেনে: “কবৰ” (নিউ চেনচুৰি ভাৰচন); “মৃত্যুৰ ৰাজ্য” (নিউ ইণ্টাৰনেচনেল ভাৰচন); “মৃত্যু” (দ্য পেচন ট্ৰানচলেশ্ব্যান্‌)। আন কিছুমানে গ্ৰীক শব্দ “হেডীজ” বুলি অনুবাদ কৰিছে।—হʼলমেন খ্ৰীষ্টীয়ান ষ্টেণ্ডাৰ্ড বাইবেল, এন ই টি বাইবেল, নিউ আমেৰিকান ষ্টেণ্ডাৰ্ড বাইবেল, ইংলিচ ষ্টেণ্ডাৰ্ড ভাৰচন।

b “আৰম্ভণিৰ ভাষাত লিখা বাইবেলৰ শব্দ” নামৰ বক্স চাওক।

c ১ ৰাজাৱলি ১৭:১৭-২৪; ২ ৰাজাৱলি ৪:৩২-৩৭; ১৩:২০, ২১; মথি ২৮:৫, ৬; লূক ৭:১১-১৭; ৮:৪০-৫৬; যোহন ১১:৩৮-৪৪; পাঁচনিৰ কৰ্ম্ম ৯:৩৬-৪২; পাঁচনি কৰ্ম্ম ২০:৭-১২ চাওক।

নৰক বা কবৰৰ বিষয়ে বাইবেল পদবোৰ

ইয়োব ১৪:১৩: “অস, তুমি মোক চিয়োলত [“নৰক,” ডৌয়াই-ৰাইমছ ভাৰচন] লুকুৱাই থোৱা হলে, . . . তুমি মোৰ নিমিত্তে এক সময় নিৰূপণ কৰি, মোক সোঁৱৰণ কৰা হলে, কেনে ভাল আছিল!”

অৰ্থ: বিশ্বাসী সেৱক ইয়োৱে ভালদৰে জানিছিল যে নৰকত (কবৰ) তেওঁৰ সকলো কষ্ট শেষ হৈ যাব আৰু ঈশ্বৰে তেওঁক তাৰ পৰা আকৌ জীয়াই তুলিব পাৰে।

গীতমালা ১৪৫:২০: “যিহোৱাই তেওঁকে প্ৰেম কৰোঁতা সকলোকে ৰক্ষা কৰে, কিন্তু সকলো দুষ্টক হলে তেওঁ বিনষ্ট কৰিব।”

অৰ্থ: ঈশ্বৰে দুষ্ট লোকসকলক বিনষ্ট বা একেবাৰে শেষ কৰি দিব। তেওঁ দুষ্ট লোকসকলক শাস্তি দিবলৈ নৰকত জীয়াই নাৰাখিব।

উপদেশক ৯:১০: “চিয়োলত [“নৰক,” ডৌয়াই-ৰাইমছ ভাৰচন] কোনো কাৰ্য্য, কি কল্পনা, কি বিদ্যা, কি জ্ঞান, একোৱেই নাই।”

অৰ্থ: যিসকলে কবৰ বা নৰকত আছে, তেওঁলোকৰ কোনো চেতনা নাই আৰু তেওঁলোকে কোনো ধৰণৰ কষ্ট ভুগি থকা নাই। ইয়াত বাইবেলৰ লেখকে ভাল লোকসকলক চিত্ৰিত কৰিবলৈ জ্ঞান শব্দ ব্যৱহাৰ কৰিছে।

পাঁচনিৰ কৰ্ম্ম ২:৩১: “তেওঁ এই কথা খ্ৰীষ্টৰ পুনৰুত্থানৰ আগতেই কৈছিল যে তেওঁৰ আত্মা নৰকত নাথাকিল।”—কিং জেমচ ভাৰচনত।

অৰ্থ: যেতিয়া যীচুৰ মৃত্যু হʼল, তেতিয়া তেওঁ নৰকলৈ (কবৰ) গʼল।

ৰোমীয়া ৬:২৩: “পাপে যি মজুৰি দিয়ে, সেয়া হৈছে মৃত্যু।”

অৰ্থ: মৃত্যু নৰকত দিয়া শাস্তি নহয়, ই হৈছে পাপৰ পৰিণাম।

প্ৰকাশিত বাক্য ২০:১৩: “মৃত্যু আৰু নৰকে তেওঁলোকৰ মাজত থকা মৃতবোৰক সমৰ্পণ কৰিলে।”—কিং জেমচ ভাৰচনত।

অৰ্থ: নৰকত থকা সকলে মৃত অৱস্থাত আছে। আকৌ জীয়াই তোলাৰ যোগেদিহে তেওঁলোকে জীৱন লাভ কৰিব।

প্ৰকাশিত বাক্য ২০:১৪: “মৃত্যু আৰু নৰকক জুইৰ হ্ৰদত পেলোৱা হ’ল।”—কিং জেমচ ভাৰচনত।

অৰ্থ: আকৌ জীয়াই তোলাৰ যোগেদি নৰক (কবৰ) একেবাৰে খালি কৰি দিয়া হʼব আৰু যেন জুইৰে নাশ কৰাৰ দৰে ইয়াক সম্পূৰ্ণৰূপে শেষ কৰি দিয়া হʼব। ইয়াৰ যোগেদি আদমৰ পৰা পোৱা পাপ একেবাৰে শেষ কৰি দিয়া হʼব।—ৰোমীয়া ৫:১২.

আৰম্ভণিৰ ভাষাত লিখা বাইবেলৰ শব্দ

ওপৰত দিয়া তালিকাই দেখুৱাই যে বাইবেলৰ অনুবাদকসকলে আৰম্ভণিৰ ভাষাত বেলেগ বেলেগ অৰ্থৰ বাবে নৰক শব্দ ব্যৱহাৰ কৰি খেলিমেলিৰ সৃষ্টি কৰিলে। কিছুমান ক্ষেত্ৰত তেওঁলোকে বুজাব বিচাৰিছিল যে বেয়া লোকসকলক ধ্বংস কৰা নহʼব, ইয়াৰ পৰিৱৰ্তে সদায় শাস্তি দিয়া হʼব।

  • চিয়োল (হিব্ৰু שְׁאוֹל), হেডিজ (গ্ৰীক ᾅδης)

    অৰ্থ: সাধাৰণতে মানৱজাতিৰ বাবে ব্যৱহাৰ কৰা কবৰ।—গীতমালা ১৬:১০; পাঁচনিৰ কৰ্ম্ম ২:৩১

    ব্যৱহাৰ: কবৰ, নৰক, গাঁত (কিং জেমচ ভাৰচনত); মৃত্যু ৰাজ্য (নিউ ইণ্টাৰনেচনেল ভাৰচন)

  • গেহেনা (গ্ৰীক γέεννα)

    অৰ্থ: একেবাৰে নাশ।—মথি ৫:৩০

    ব্যৱহাৰ: গেহেনা; নৰক (কিং জেমচ ভাৰচনত, নিউ ইণ্টাৰনেচনেল ভাৰচন)

  • টাৰটাৰচ (গ্ৰীক ταρταρόω)

    অৰ্থ: ভূত বা দুষ্ট স্বৰ্গদূতবিলাকৰ এক অৱস্থা।—২ পিতৰ ২:৪

    ব্যৱহাৰ: টাৰটাৰচ; নৰক (কিং জেমচ ভাৰচনত, নিউ ইণ্টাৰনেচনেল ভাৰচন), তলৰ নৰক (ডৌয়াই-ৰাইমছ সংস্কৰণ)

  • আপলেয়া (গ্ৰীক ἀπώλεια)

    অৰ্থ: সৰ্বনাশ।—মথি ৭:১৩

    ব্যৱহাৰ: নাশ; নৰক (গুড নিউজ বাইবেল)

  • পোৰ (গ্ৰীক πῦρ)

    অৰ্থ: জুই, আক্ষৰিক বা লাক্ষণিক।—লূক ১৭:২৯; যিহূদা ২৩

    ব্যৱহাৰ: জুই; নৰকৰ জুই (গড্‌ছ ৱৰ্ড ট্ৰানচলেশ্ব্যান্‌)

নৰকৰ জুইৰ ইতিহাস

মিছা ধৰ্মৰ আৰম্ভণি: প্ৰাচীন সময়ত মিচৰীয়াসকলে কাল্পনিক নৰকৰ ওপৰত বিশ্বাস কৰিছিল। অন্তিম সংস্কাৰ বিষয়ে লিখা কিতাপ এম-টুএট (এমডুএট) খ্ৰীষ্টপূৰ্ব ১৬ শতিকাত প্ৰকাশ কৰা হৈছিল। ইয়াত কোৱা হৈছে যে যিসকলক “জ্বলি থকা জুইৰ তলত পেলোৱা হʼব, তেওঁলোকে সেই অগ্নিৰ পৰা কেতিয়াও ওলাই আহিব নোৱাৰে।”—দ্য ইজিপচিয়ান হেভেন এণ্ড হেল।

আৰম্ভণিৰ খ্ৰীষ্টানসকলৰ শিক্ষা নাছিল: “এয়া মন কৰিবলগীয়া কথা যে বাইবেলৰ নতুন নিয়মত নৰকৰ জুইৰ শিক্ষা [আৰম্ভণিৰ খ্ৰীষ্টান] কʼতো উল্লেখ নাই।—এ ডিকচনেৰি অফ খ্ৰীষ্টিয়ান থিয়লজি।

ধৰ্মৰ ওপৰত গ্ৰীক দৰ্শন বিদ্যাৰ প্ৰভাৱ: “দ্বিতীয় শতিকাৰ মাজ ভাগত যিসকল খ্ৰীষ্টানে গ্ৰীক দৰ্শন বিদ্যাৰ প্ৰশিক্ষণ লৈছিল, তেওঁলোকে দৰ্শন বিদ্যাৰ কথাবোৰ ধৰ্মৰ লগত মিহলি কৰিছিল। তেওঁলোকক দৰ্শন বিদ্যাৰ প্লেটোবাদ [প্লেটোৰ শিক্ষা] বেছি ভাল লাগিছিল।” (এনচাইক্লোপিডিয়া ব্ৰিটানিকা) দৰ্শন বিদ্যাত মৃত্যুৰ পাছত শাস্তি দিয়াৰ শিক্ষা জড়িত আছে। “পুৰণি সময়ৰ দাৰ্শনিকসকলৰ সমাজত নৰক শিক্ষাক সৰ্মথন কৰাৰ ক্ষেত্ৰত প্লেটোৱে বিশেষ প্ৰভাৱ পেলাইছিল।—হিষ্টʼৰি ডেছ এনফিয়াৰ্ছ (দ্য হিষ্টʼৰি অফ হেল)।

শাস্তিক যুক্তিসংগত বুলি বুজাবলৈ নৰকৰ জুই শব্দটো ব্যৱহাৰ কৰা হৈছিল: সাধাৰণতে স্পেনিছ ইনকিউজিচন বুলি কোৱা সময়ছোৱাত যিসকল স্পেনিছ বিচাৰক আছিল, তেওঁলোকে যিসকলৰ বিশ্বাস গীৰ্জাৰ শিক্ষাতকৈ বেলেগ আছিল, তেওঁলোকক কাঠত আঁৰি জ্বলাই দিছিল। যাতে “নৰকৰ জুইত তেওঁলোকে কেনেধৰণৰ শাস্তি ভুগিব, তাক অনুভৱ কৰিব পাৰে।” তেওঁলোকে এই শাস্তি দিয়াৰ যোগেদি কʼব বিচাৰিছিল যাতে মৃত্যুৰ আগতে তেওঁলোকে নিজকে সলনি কৰিব পাৰে। (স্পেনিছ ইনকিউজিচন জেইন প্লেডিৰ দ্বাৰা) ঠিক সেইদৰে, ইংলেণ্ডৰ ৰাণী মেৰী প্ৰথমে প্ৰায় ৩০০ জন প্ৰটেস্টানক কাঠত আঁৰি জ্বলাই দিছিল। তেওঁলোকে বিশ্বাস কৰিছিল যে “বিধৰ্মীসকলৰ আত্মা সদায় নৰকত জ্বলি থাকিব, গতিকে এই পৃথিৱীত তেওঁলোকক জ্বলাই শাস্তি দি ঈশ্বৰৰ দিবলগীয়া শাস্তিক অনুকৰণ কৰাৰ আন কোনো সঠিক উপায় হʼব নোৱাৰে।”—ইউনিভাৰ্চেল হিষ্ট্ৰী, আলেকজেণ্ডাৰ টাইটলাৰৰ দ্বাৰা।

আধুনিক সাল-সলনি: কিছুমান ধৰ্ম্মীয় সমূহে নিজৰ নৰকৰ শিক্ষাক সহজ কৰিলে, যাতে তেওঁলোকৰ সদস্যসকল আনন্দিত হয় আৰু মিছা শিক্ষাক এৰি নিদিয়ে। (২ তীমথিয় ৪:৩) “লোকসকলে এনে ঈশ্বৰক বিচাৰে, যিয়ে নিজৰ সেৱকসকলক আনন্দিত কৰি ৰাখে। বৰ্তমান সময়ত লোকসকলে পাপ আৰু অনুতাপৰ বিষয়ে কথা নাপাতে।”—প্ৰফেচাৰ জেকচন ডাব্লিউ. কেৰল.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক