ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • ijwbq প্ৰৱন্ধ ৬৭
  • হেলʼৱীনৰ আৰম্ভণি কেনেকৈ হʼল?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • হেলʼৱীনৰ আৰম্ভণি কেনেকৈ হʼল?
  • পবিত্ৰ শাত্ৰৰ লগত জড়িত থকা প্ৰশ্নবোৰৰ উত্তৰ
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • পবিত্ৰ শাস্ত্ৰ বাইবেলে উত্তৰ দিয়ে
  • হেলʼৱীনৰ ইতিহাস আৰু প্ৰথা
  • হেলʼৱীনৰ আৰম্ভণিৰ বিষয়ে জানিলে কিবা লাভ আছে নে?
  • আমি উৎসৱ পালন কৰা উচিতনে?
    বাইবেলে প্ৰকৃততে কি শিকায়?
  • যিবোৰ উৎসৱে ঈশ্বৰক অসন্তুষ্ট কৰে
    “ঈশ্বৰৰ প্ৰেমত নিজক ৰাখা”
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০১ আমাৰ ৰাজ্য পৰিচৰ্য্যা
পবিত্ৰ শাত্ৰৰ লগত জড়িত থকা প্ৰশ্নবোৰৰ উত্তৰ
ijwbq প্ৰৱন্ধ ৬৭
তিনিজন লʼৰা-ছোৱালীয়ে হেলʼৱীনৰ কাপোৰ পিন্ধি দুৱাৰ মুখত থিয় হৈ আছে।

হেলʼৱীনৰ আৰম্ভণি কেনেকৈ হʼল?

পবিত্ৰ শাস্ত্ৰ বাইবেলে উত্তৰ দিয়ে

প্ৰতি বছৰে ৩১ অক্টোবৰত বহুতোলোকে হেলʼৱীন উৎসৱ পালন কৰে, কিন্তু বাইবেলত হেলʼৱীনৰ বিষয়ে কোনো বৰ্ণনা নাই। কিন্তু প্ৰাচীন সময়ৰ হেলʼৱীনৰ আৰম্ভণি আৰু বৰ্তমান সময়ত এই উৎসৱত পালন কৰা প্ৰথাবোৰ বাইবেলৰ শিক্ষাৰ বিৰুদ্ধে হয়।

এই লেখত শিকিম

  • হেলʼৱীনৰ ইতিহাস আৰু প্ৰথা

  • হেলʼৱীনৰ আৰম্ভণিৰ বিষয়ে জানিলে কিবা লাভ আছে নে?

  • এই উৎসৱক হেলʼৱীন বুলি কিয় কোৱা হয়?

হেলʼৱীনৰ ইতিহাস আৰু প্ৰথা

  • চামহেইন্‌: দ্যা ৱৰ্ল্ড বুক এনচাইক্লোপিডিয়াই বৰ্ণনা কৰাৰ অনুসৰি “২,০০০ বছৰৰ আগতে চেল্টিক লোকসকলে পালন কৰা এই উৎসৱৰ পৰা” হয়তো হেলʼৱীন আৰম্ভ হৈছে। এই কিতাপখনে আগলৈ এইদৰে কৈছে, “চেল্টিক লোকসকলে বিশ্বাস কৰিছিল যে এই সময়ছোৱাত জীৱিত লোকসকলৰ লগত মৃতসকলে অহা-যোৱা কৰিব পাৰে। চামহেইন্‌ৰ সময়ছোৱাত জীৱিত লোকসকলে মৃতজনাক সাক্ষাৎ কৰিব পাৰে।”—“এই উৎসৱক হেলʼৱীন বুলি কিয় কোৱা হয়?” চাওক।

  • হেলʼৱীনৰ প্ৰথা, মিঠৈ, চতুৰালি বা উপহাৰ: এখন কিতাপৰ অনুসৰি কিছুমান চেল্টিক লোকে পিশাচৰ দৰে সাজ-পাৰ পৰিধান কৰে, যাতে “অঘৰী আত্মাই ভুলতে তেওঁলোকৰ মাজৰ এজনা হয় বুলি ভাৱে” আৰু তেওঁলোকৰ ওচৰৰ পৰা আঁতৰি যায়। আন লোকসকলে দুষ্ট আত্মাবিলাকক সন্তুষ্ট কৰিবলৈ মিঠাই আগবঢ়ায়।a

    ৰঙালাউৰ নিচিনা এটাৰ ডাব্বাৰ পৰা কেইটামান চকলেট টেবুলত পৰি আছে।

    মধ্য ইউৰোপৰ কেথʼলিক যাজকসকলে স্থানীয় মিছা ধৰ্মৰ কিছুমান প্ৰথা নিজৰ কৰি লৈছিল আৰু গীৰ্জাৰ সদস্যসকলে ইয়াৰ লগত জড়িত থকা সাজ-পাৰ পৰিধান কৰি ঘৰে ঘৰে গৈ লোকসকলক উপহাৰ বিচাৰিছিল।

  • পিশাচ, ভূত, নিজকে শিয়াললৈ পৰিৱৰ্তন কৰা লোক, ডাইনী আৰু প্ৰেত: এই সকলোবিলাক দুষ্ট আত্মিক জগতৰ লগত জড়িত আছে। হেলʼৱীন ট্ৰিভিয়া কিতাপখনে এইবোৰক “অলৌকিক শক্তি বুলি কৈছে আৰু মৃত্যু বা মৃতলোকসকলৰ লগত এইবোৰৰ ঘনিষ্ঠ সম্পৰ্ক আছে।”

  • হেলʼৱীনৰ ৰঙালাউ বা মায়া-জুই: মধ্য ব্ৰিটেইনত “প্ৰাৰ্থনাকাৰীসকলে ঘৰে ঘৰে গৈ মৃতসকলৰ বাবে প্ৰাৰ্থনা কৰাৰ বিনিময়ত আহাৰ বিচাৰে।” তেওঁলোকে “ওলকবিৰ খোলেৰে তৈয়াৰী এটা লেম্প লগত লৈ যায় আৰু এই লেম্পৰ অৰ্থ হৈছে নৰকত বন্দী হৈ থকা এটা আত্মা।” (হেলʼৱীন—ফ্ৰম্‌ পেগেন্‌ ৰিচুৱেল্‌ টু পাৰ্টি নাইট্‌) আন কিছুমানে বিশ্বাস কৰে যে দুষ্ট আত্মাৰ পৰা ৰক্ষা কৰিবলৈ এই লেম্পৰ ব্যৱহাৰ কৰা হয়। ১৮ শতিকাৰ সময়ছোৱাত উত্তৰ আমেৰিকাত ওলকবিৰ পৰিৱৰ্তে ৰঙালাউ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে। কিয়নো সেইসময়ত তাত ৰঙালাউ প্ৰচুৰ পৰিমাণে পোৱা গৈছিল আৰু ইয়াক খোল কৰি নক্সা বনাবলৈ সহজ হৈছিল।

হেলʼৱীনৰ আৰম্ভণিৰ বিষয়ে জানিলে কিবা লাভ আছে নে?

হয় আছে। যদিও কিছুমান লোকে কʼব বিচাৰে যে হেলʼৱীন উৎসৱ পালন কৰিলে কোনো অপকাৰ নহয়। কিন্তু ইয়াৰ লগত জড়িত থকা কামবোৰ বাইবেলৰ শিক্ষাৰ বিৰুদ্ধে হয়। মৃতসকলৰ ওপৰত অন্ধবিশ্বাস আৰু অদৃশ্য আত্মা অথবা আত্মিক প্ৰাণীৰ ওপৰত বিশ্বাস কৰি এই উৎসৱ পালন কৰা হয়।

তলৰ পদবোৰলৈ মন কৰক, যিবোৰৰ পৰা জানিব পাৰি যে হেলʼৱীনৰ বিষয়ে ঈশ্বৰৰ দৃষ্টিভংগী কি:

  • ‘ভূত পোহোঁতা, মৰা মানুহৰ আত্মাৰ পৰামৰ্শ লওঁতা, এনে লোক তোমাৰ মাজত পোৱা যাব নালাগে।’—দ্বিতীয় বিবৰণ ১৮:১০-১২.

    অৰ্থ: মৰা মানুহৰ লগত সম্পৰ্ক ৰখা বা তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰাটো যিহোৱাই ঘিণ কৰে।

  • “মৃত লোকবিলাকে একোকেই নাজানে।”—উপদেশক ৯:৫.

    অৰ্থ: মৃত লোকবিলাকে একোকেই নাজানে, সেইবাবে তেওঁলোকে জীৱত লোকসকলৰ লগত কথা পাতিব নোৱাৰে।

  • “তোমালোকে প্ৰভুৰ পান-পাত্ৰ আৰু ভূত-পিশাচৰ পান-পাত্ৰ, এই উভয়ত পান কৰিব নোৱাৰা।”—১ কৰিন্থীয়া ১০:২০, ২১.

    অৰ্থ: যিসকলে যিহোৱাৰ অনুগ্ৰহ পাব বিচাৰে, তেওঁলোকে ভূত-পিশাচৰ লগত কোনো সম্পৰ্ক ৰাখিব নালাগে।

  • “চয়তানৰ নানাবিধ কুকল্পনাৰ সম্মুখত থিৰে থাকিবলৈ সমৰ্থ হবৰ কাৰণে, ঈশ্বৰৰ আটাই সাজ পিন্ধা। কিয়নো তেজ আৰু মাংসেৰে সৈতে আমাৰ মালযুদ্ধ হোৱা নাই; কিন্তু . . . দুষ্টতাৰ আত্মিক দলবোৰে সৈতে হৈছে।”—ইফিচীয়া ৬:১১, ১২.

    অৰ্থ: খ্ৰীষ্টানসকলে দুষ্ট আত্মিক প্ৰাণীবোৰক বিৰোধ কৰা উচিত। তেওঁলোকৰ সহায় লোৱা উচিত নহয়।

a হেলʼৱীন—এন আমেৰিকান হʼলিডে, এন আমেৰিকান হিচ্‌টৰী নামৰ কিতাপখনৰ পৃষ্ঠা ৪ চাওক।

এই উৎসৱক হেলʼৱীন বুলি কিয় কোৱা হয়?

হেলʼৱীন নামটো চেল্টিক লোকসকলে পালন কৰা চামহেইন্‌ উৎসৱৰ লগত জড়িত আছে। দ্যা ৱৰ্ল্ড বুক এনচাইক্লোপিডিয়াই এইদৰে কয়, “চামহেনৰ অৰ্থ হৈছে, গীষ্ম কালৰ অন্ত। এই উৎসৱ একেবাৰে ঠাণ্ডা সময়ত আৰম্ভ হয় আৰু প্ৰায় ১ নৱেম্বৰ মানত পালন কৰা হয়। ৭০০-ৰ পৰা ৮০০ খ্ৰীষ্টাব্দৰ সময়ছোৱাত গীৰ্জাৰ লোকসকলে অল চেইণ্টচ্‌ ডে নামৰ এটা নতুন দিৱসৰ আৰম্ভণি কৰে আৰু সেয়া ১ নৱেম্বৰত পালন কৰা হয়। অল চেইণ্টচ্‌ ডে দিৱসক অল হেলʼছ বুলিও কোৱা হৈছিল।” হেলʼৰ অৰ্থ হৈছে সন্ত বা যিজন পবিত্ৰ। অল হেলʼছৰ আগৰাতিক অল হেলʼছ ইব বুলি কোৱা হৈছিল আৰু এই নামটো চুটী কৰি অল হেলʼ ইʼইন ৰখা হʼল। পাছলৈ এই নামটো হেলʼৱীন ৰখা হʼল।”

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক