ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
লগ আউট
লগ ইন
ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
আদৰণি জনাইছোঁ।
যিহোৱাৰ সাক্ষীসকলে ছপা কৰা প্ৰকাশনবোৰ বিভিন্ন ভাষাত চাবলৈ ব্যৱহাৰ কৰা ই এক অনুসন্ধানৰ সঁজুলি।
প্ৰকাশন ডাউনল’ড কৰিবলৈ অনুগ্ৰহ কৰি jw.org যাব পাৰে।
  • আজি

বুধবাৰ, ১৬ জুলাই

যিহোৱাই জানে যে বুদ্ধিমান লোকসকলৰ যুক্তি ব্যৰ্থ।—১ কৰি. ৩:২০.

জগতৰ লোকসকলৰ চিন্তাধাৰাৰ পৰা আঁতৰি থাকক। আমি জগতৰ লোকসকলৰ দৰে চিন্তা কৰিলে যিহোৱাৰ পৰা আঁতৰি যাব পাৰোঁ আৰু তেওঁৰ মানদণ্ডৰ ওপৰত ধ্যান নিদিবও পাৰোঁ। (১ কৰি. ৩:১৯) “জগতৰ জ্ঞান” অৰ্থাৎ জগতৰ লোকৰ চিন্তাধাৰা হৈছে নিজৰ ইচ্ছা পূৰ কৰা আৰু ঈশ্বৰৰ কথা নুশুনা। অতীতত পৰ্গাম আৰু থুয়াতীৰাৰ লোকসকলৰো এনেধৰণৰে চিন্তাধাৰা আছিল। তাত চাৰিওফালে মূৰ্তিপূজা আৰু অনৈতিক কাম হৈ আছিল। কিছুমান খ্ৰীষ্টানৰ ওপৰতো এই চিন্তাধাৰাই প্ৰভাৱ পেলাইছিল আৰু তেওঁলোকে অনৈতিক কামবোৰ সহন কৰিছিল। সেইবাবে, যীচুৱে সেই মণ্ডলীবোৰক কঠোৰ পৰামৰ্শ দিছিল। (প্ৰকা. ২:১৪, ২০) আজি আমাৰ ওপৰতো জগতৰ চিন্তাধাৰা ৰাখিবলৈ হেঁচা আহে। হয়তো আমাৰ পৰিয়াল বা চিনাকি লোকসকলে আমাক কʼব পাৰে যে আমি অলপ বেছিকৈ কৰিছোঁ, অলপমানতো চলে। যেনে, তেওঁলোকে হয়তো এইদৰে কʼব পাৰে, ‘নিজৰ ইচ্ছা পূৰ কৰাত কি ভুল আছে? আজি জগতখন কিমান আগুৱাই গৈছে আৰু তুমি এতিয়াও বাইবেলৰ মতেই চলি আছা!’ কেতিয়াবা কেতিয়াবা আমাক হয়তো লাগিব পাৰে যে যিহোৱাই যি নিয়ম দিছে, তাৰ পৰা আমি কি কৰিব লাগে আৰু কি কৰিব নালাগে বুজি পোৱা নাই। এনে পৰিস্থিতিত হয়তো ‘যি লিখা আছে, তাক অতিক্ৰম’ কৰা বা কিছুমান নিয়ম বনোৱাৰ কথা আমি ভাবিব পাৰোঁ।—১ কৰি. ৪:৬. w২৩.০৭ ১৬ ¶১০-১১

দৈনিক বাইবেল পাঠৰ ওপৰত ধ্যান দিয়ক-২০২৫

বৃহস্পতিবাৰ, ১৭ জুলাই

বন্ধুৱে সকলো সময়তে ভাল পায়; কিন্তু ভায়েক দুৰ্দ্দশাৰ নিমিত্তে জন্ম পায়।—হিতো. ১৭:১৭.

যীচুৰ মাতৃ মৰিয়মক সাহসৰ প্ৰয়োজন আছিল। কিয়নো মৰিয়মৰ বিয়া হোৱা নাছিল আৰু তাই গৰ্ভৱতী হ’বলগীয়া আছিল। সন্তানক ডাঙৰ-দীঘল কৰাৰ তাইৰ কোনো অভিজ্ঞতা নাছিল। কিন্তু তাই এনে এটি সন্তানক ডাঙৰ-দীঘল কৰিবলগীয়া আছিল যি আগলৈ গৈ মচীহ হ’লহেঁতেন। এতিয়ালৈ তাই কোনো পুৰুষৰ লগত সম্বন্ধ ৰখা নাছিল, তথাপিও মাতৃ হ’বলগীয়া আছিল। তাই নিজৰ হ’বলগীয়া স্বামী যোচেফক এই সকলো কথা কেনেকৈ বুজালেহেঁতেন? (লূক ১:২৬-৩৩) মৰিয়মে কেনেকৈ সাহস পালে? তাই আনৰ পৰা সহায় ল’লে। যেনে, তাই গাব্ৰিয়েল স্বৰ্গদূতক ইয়াৰ বিষয়ে আৰু বেছিকৈ কথা জনাবলৈ ক’লে। (লূক ১:৩৪) ইয়াৰ কিছু সময়ৰ পাছত তাই দীঘলীয়া যাত্ৰা কৰি যিহুদাৰ ‘পৰ্বতীয়া এলেকাত’ থকা নিজৰ সম্বন্ধীয়া এলীচাবেতক লগ কৰিবলৈ গ’ল। এলীচাবেতে মৰিয়মৰ প্ৰশংসা কৰিলে আৰু যিহোৱাৰ প্ৰেৰণাৰে মৰিয়মৰ হ’বলগীয়া সন্তানটিৰ বিষয়ে এটা ভৱিষ্যবাণী কৰিলে। (লূক ১:৩৯-৪৫) তেতিয়া মৰিয়মে ক’লে যে যিহোৱাই “নিজৰ বাহুবলৰ দ্বাৰাই পৰাক্ৰমী কৰ্ম্ম কৰিলে।” (লূক ১:৪৬-৫১) গাব্ৰিয়েল স্বৰ্গদূত আৰু এলীচেবাৰ জৰিয়তে যিহোৱাই মৰিয়মক সাহস দিলে। w২৩.১০ ১৪-১৫ ¶১০-১২

দৈনিক বাইবেল পাঠৰ ওপৰত ধ্যান দিয়ক-২০২৫

শুক্ৰবাৰ, ১৮ জুলাই

নিজ পিতৃ ঈশ্বৰৰ উদ্দেশে পুৰোহিত কৰিলে।—প্ৰকা. ১:৬.

যীচুৰ কিছুমান শিষ্যক পবিত্ৰ শক্তিৰে অভিষেক কৰা হৈছে আৰু যিহোৱাৰ লগত তেওঁলোকৰ এটা বিশেষ সম্পৰ্ক আছে। এই ১,৪৪,০০০ জনে স্বৰ্গত যীচুৰ লগত পুৰোহিত হিচাপে সেৱা কৰিব। (প্ৰকা. ১৪:১) যেতিয়া তেওঁলোকে পৃথিৱীতে থাকে, তেতিয়াই ঈশ্বৰে তেওঁলোকক পবিত্ৰ শক্তিৰে অভিষেক কৰি নিজৰ পুত্ৰ হিচাপে তুলি লয়। তম্বুৰ পবিত্ৰস্থানে ঈশ্বৰৰ লগত থকা তেওঁলোকৰ এই বিশেষ সম্পৰ্কক চিত্ৰিত কৰে। (ৰোম. ৮:১৫-১৭) তম্বুৰ অতি পবিত্ৰস্থানে স্বৰ্গক চিত্ৰিত কৰে, যʼত যিহোৱা নিবাস কৰে। পবিত্ৰস্থান আৰু অতি পবিত্ৰস্থানৰ মাজত যি পৰ্দা আছিল, সেয়া যীচুৰ মানৱীয় শৰীৰক চিত্ৰিত কৰে, যাক লৈ তেওঁ স্বৰ্গলৈ যাব নোৱাৰিলেহেঁতেন আৰু লাক্ষণিক মন্দিৰত সেৱা কৰিব নোৱাৰিলেহেঁতেন। যেতিয়া যীচুৱে নিজৰ শৰীৰ লোকসকলৰ বাবে বলিদান দিলে, তেতিয়া তেওঁ সকলো অভিষিক্ত খ্ৰীষ্টানসকলৰ বাবে স্বৰ্গলৈ যোৱাৰ বাট মুকলি কৰিলে। তেওঁলোকেও স্বৰ্গত নিজৰ পুৰস্কাৰ পাবলৈ মানৱীয় শৰীৰ ত্যাগ কৰিব লাগিব।—ইব্ৰী ১০:১৯, ২০; ১ কৰি. ১৫:৫০. w২৩.১০ ২৮ ¶১৩

দৈনিক বাইবেল পাঠৰ ওপৰত ধ্যান দিয়ক-২০২৫
আদৰণি জনাইছোঁ।
যিহোৱাৰ সাক্ষীসকলে ছপা কৰা প্ৰকাশনবোৰ বিভিন্ন ভাষাত চাবলৈ ব্যৱহাৰ কৰা ই এক অনুসন্ধানৰ সঁজুলি।
প্ৰকাশন ডাউনল’ড কৰিবলৈ অনুগ্ৰহ কৰি jw.org যাব পাৰে।
  • অসমীয়া
  • আনলৈ পঠিয়াওক
  • সুবিধা সমূহ
  • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
  • ব্যৱহাৰৰ চৰ্ত
  • গোপনীয়তাৰ চৰ্ত
  • গোপনীয়তা চেটিং
  • JW.ORG
  • লগ ইন
আনলৈ পঠিয়াওক