জুলাই
মঙ্গলবাৰ, ১ জুলাই
তেওঁ ঠায়ে ঠায়ে ফুৰি সৎকৰ্ম্ম কৰি সকলোকে সুস্থ কৰিলে।—পাঁচ. ১০:৩৮.
যীচুৱে যি কৈছিল আৰু যিবোৰ চমৎকাৰ কৰিছিল, তাৰ পৰা আমি জানিব পাৰোঁ যে যিহোৱাই কি ভাবে আৰু কেনে অনুভৱ কৰে। (যোহ. ১৪:৯) যীচুৱে কৰা চমৎকাৰৰ পৰা আমি কি শিকিব পাৰোঁ? যীচু আৰু তেওঁৰ পিতৃয়ে আমাক বহুত প্ৰেম কৰে। যীচুৱে এই পৃথিৱীত থকাৰ সময়ত তেওঁৰ কামৰ যোগেদি গম পোৱা গৈছিল যে তেওঁ লোকসকলক কিমান প্ৰেম কৰে। প্ৰেমৰ বাবেই যীচুৱে চমৎকাৰ কৰি লোকসকলৰ সমস্যাবোৰ দূৰ কৰিছিল। এবাৰ দুজন অন্ধই সহায় বিচাৰি যীচুক চিঞৰি চিঞৰি মাতিছিল। (মথি ২০:৩০-৩৪) তেওঁলোকক চাই যীচুৰ ‘মৰম লাগিল’ আৰু তেওঁলোকক সুস্থ কৰিলে। ইয়াত যি গ্ৰীক শব্দৰ অনুবাদ ‘মৰম লাগিল’ বুলি কৰা হৈছে, তাৰ অৰ্থ হৈছে অন্তৰৰ পৰা দয়া দেখুৱা। যীচুৱে অন্তৰৰ পৰা দয়া দেখুৱাৰ কাৰণ হৈছে তেওঁ লোকসকলক বহুত প্ৰেম কৰিছিল। এই দয়াৰ কাৰণে তেওঁ লোকসকলক আহাৰ খোৱাইছিল আৰু তেওঁ এবাৰ এজন কুষ্ঠ ৰোগীক সুস্থ কৰিছিল। (মথি ১৫:৩২; মাৰ্ক ১:৪১) ইয়াৰ পৰা আমি বিশ্বাস কৰিব পাৰোঁ যে “দয়ালু চিত্তৰ” ঈশ্বৰ যিহোৱা আৰু তেওঁৰ পুত্ৰ যীচু খ্ৰীষ্টই আমাক বহুত প্ৰেম কৰে আৰু আমাক দুখত থকা দেখি তেওঁলোককো বহুত দুখ লাগে। (লূক ১:৭৮, ১ পিত. ৫:৭) যিহোৱা আৰু যীচুৱে সেই দিনৰ বাবে আগ্ৰহেৰে বাট চাই আছে, যেতিয়া মানৱ জাতিৰ সকলো দুখ-কষ্ট তেওঁলোকে সদায় কালৰ বাবে দূৰ কৰিব। w২৩.০৪ ৩ ¶৪-৫
বুধবাৰ, ২ জুলাই
হে যিহোৱাক প্ৰেম কৰোঁতাবিলাক, দুষ্টতাক ঘিণ কৰা; তেওঁ তেওঁৰ সাধুবিলাকৰ প্ৰাণ ৰক্ষা কৰে, দুষ্টবোৰৰ হাতৰ পৰা তেওঁবিলাকক উদ্ধাৰ কৰে।—গীত. ৯৭:১০.
আমি এনেধৰণৰ মনোৰঞ্জনৰ পৰা আঁতৰি থাকিব লাগিব, যাক এই জগতৰ লোকসকলে বেয়া বুলি নাভাবে। আমি আৰু কি কৰিব পাৰোঁ? বাইবেল অধ্যয়ন কৰি আমি নিজৰ মনত ভাল কথাবোৰ ৰাখিব পাৰোঁ। প্ৰচাৰ আৰু সভাবোৰৰ যোগেদিও আমি আমাৰ মন ভাল কথাবোৰৰ ওপৰত লগাব পাৰোঁ। যদি আমি এইদৰে কৰোঁ, তেনেহ’লে যিহোৱাই আমাক প্ৰতিজ্ঞা কৰিছে যে তেওঁ এনে সমস্যাবোৰ সন্মুখীন হ’বলৈ নিদিব, যিবোৰ আমি সহন কৰিব নোৱাৰোঁ। (১ কৰি. ১০:১২, ১৩) সমস্যাৰে ভৰা এই শেষৰ সময়ছোৱাত আমি সকলোৱে আৰু বেছিকৈ প্ৰাৰ্থনা কৰা উচিত, যাতে আমি যিহোৱাৰ বিশ্বাসী হৈ থাকিব পাৰোঁ। আমি ‘সমুদায় মনৰ কথা তেওঁৰ আগত ভাঙি কোৱাটো’ যিহোৱাই বিচাৰে। (গীত. ৬২:৮) তেওঁৰ প্ৰশংসা কৰক আৰু তেওঁ আপোনাৰ বাবে যি কৰিলে, তাৰ বাবে ধন্যবাদ দিয়ক। প্ৰচাৰ কৰিবলৈ সাহস বিচাৰক, সমস্যাৰ সন্মুখীন হʼবলৈ আৰু বেয়া ইচ্ছাক নিয়ন্ত্ৰণ কৰিবলৈ প্ৰাৰ্থনাত যিহোৱাক সহায় বিচাৰক। থিৰাং কৰক যে কোনো কথাই আপোনাক যাতে যিহোৱালৈ প্ৰাৰ্থনা কৰিবলৈ বাধা দিব নোৱাৰে। w২৩.০৫ ৭ ¶১৭-১৮
বৃহস্পতিবাৰ, ৩ জুলাই
আহা আমি পৰস্পৰে মনোযোগ কৰোঁহঁক; আৰু পৰস্পৰে উদগাওঁহঁক।—ইব্ৰী ১০:২৪, ২৫.
আমি মণ্ডলীৰ সভাবোৰলৈ কিয় যাওঁ? বিশেষকৈ যিহোৱাৰ প্ৰশংসা কৰিবলৈ যাওঁ। (গীত. ২৬:১২; ১১১:১) এই কঠিন পৰিস্থিতিত আমি এজনে-আনজনক উৎসাহিত কৰিবলৈ সভালৈ যাওঁ। (১ থিচ. ৫:১১) যেতিয়া আমি সভাবোৰত হাত উঠাই উত্তৰ দিওঁ, তেতিয়া আমি এই দুয়োটা কাম কৰোঁ। কিন্তু উত্তৰ দিয়াৰ সময়ত আমাৰ বহুতো সমস্যা হয়। হয়তো আমাক উত্তৰ দিবলৈ ভয় লাগিব পাৰে বা আমি বহুতো উত্তৰ দিবলৈ বিচাৰোঁ, কিন্তু সুযোগ নাপাওঁ। এই সমস্যবোৰ আমি কেনেকৈ সন্মুখীন হʼব পাৰোঁ? পৌলে কৈছিল যে আমি ‘পৰস্পৰে উদগাবলৈ’ অৰ্থাৎ এজনে-আনজনক উৎসাহিত কৰাত ধ্যান দিয়া উচিত। আমাৰ সৰু-সুৰা উত্তৰৰ পৰাও ভাই-ভনীসকলে বৰ উৎসাহিত হʼব পাৰে। আমি যদি এই কথা মনত ৰাখোঁ, তেনেহʼলে উত্তৰ দিয়াৰ বাবে হাত উঠাবলৈ আমি সংকোচ নকৰিম। যদি আমি প্ৰায়েই উত্তৰ দিবলৈ সুযোগ নাপাওঁ, তেনেহʼলে আন ভাই-ভনীসকলে উত্তৰ দিবলৈ সুযোগ পাইছে বুলি আমি আনন্দিত হোৱা উচিত।—১ পিত. ৩:৮. w২৩.০৪ ২০ ¶১, ৩
শুক্ৰবাৰ, ৪ জুলাই
যিৰূচালেমলৈ উঠি গৈ, ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ যি গৃহ যিৰূচালেমত আছে, তাক পুনৰায় নিৰ্ম্মাণ কৰক।—ইজ্ৰা ১:৩.
বাবিলত ঘোষণা কৰা হʼল যে যিহূদীসকলে নিজৰ দেশ ইস্ৰায়েললৈ উভতি যাব পাৰে! তেওঁলোকে ৭০ বছৰলৈকে বাবিলত দাসত্ব হিচাপে আছিল কিন্তু এতিয়া তেওঁলোকক মুকলি কৰা হʼল। (ইজ্ৰা ১:২-৪) এয়া যিহোৱাৰ সহায়তে সম্ভৱ হʼল। কিয়নো বাবিলৰ লোকসকলে সাধাৰণতে নিজৰ বন্দীসকলক কেতিয়াও মুকলি কৰা নাছিল। (যিচ. ১৪:৪, ১৭) কিন্তু এতিয়া বাবিলৰ পৰিস্থিতি সলনি হʼল। এতিয়া যিজনে ৰজা হʼল, তেওঁ যিহূদীসকলক কʼলে যে তেওঁলোকে যদি বিচাৰে যাব পাৰে। এতিয়া প্ৰতিজন যিহূদীয়ে বিশেষকৈ পৰিয়ালৰ মুৰব্বীয়ে এটা গুৰুত্বপূৰ্ণ নিৰ্ণয় লʼবলগীয়া আছে: তেওঁলোকৰ পৰিয়ালে বাবিল এৰি ইস্ৰায়েললৈ যাব নে তাতে থাকিব? কিন্তু এই নিৰ্ণয় ইমান সহজ নাছিল। বহুতো যিহূদী বৃদ্ধ হৈ পৰিছিল, সেইবাবে ইমান দীঘলীয়া যাত্ৰা কৰা তেওঁলোকৰ বাবে কঠিন হʼলহেঁতেন। ইয়াৰ উপৰিও বেছিভাগ যিহূদী বাবিলতে জন্ম হৈছিল। তেওঁলোকে ভাবিছিল যে তেওঁলোকৰ সকলো বাবিলতে আছে, ইস্ৰায়েলখন তেওঁলোকৰ পূৰ্বপুৰুষৰ দেশ হয়। এনে লাগিছিল যেন কিছুমান যিহূদী তাত বহুত ধনী হৈ পৰিছিল আৰু আৰামেৰে জীয়াই আছিল। সেইবাবে, তেওঁলোকে হয়তো মনতে ভাবিছিল ইয়াত ইমান সা-সুবিধা আৰু ভাল ব্যৱসায় এৰি এখন অচিনাকি দেশত গৈ থকাটো বুদ্ধিমানৰ কাম হʼবনে। w২৩.০৫ ১৪ ¶১-২
শনিবাৰ, ৫ জুলাই
সাজু হৈ থাকা।—মথি ২৪:৪৪.
ঈশ্বৰৰ বাক্যই আমাক ধৈৰ্য্য ধৰিবলৈ আৰু নিজৰ অন্তৰত আনৰ প্ৰতি কৰুণা আৰু প্ৰেম বঢ়াবলৈ উৎসাহিত কৰিছে। যেনে, লূক ২১:১৯ পদত এইদৰে লিখা আছে, “তোমালোকে নিজ ধৈৰ্য্যেৰে, নিজ নিজ প্ৰাণ লাভ কৰিবা।” কলচীয়া ৩:১২ পদত লিখা আছে, ‘কৰুণাক . . . পিন্ধা।’ ১ থিচলনীকীয়া ৪:৯, ১০ পদত লিখা আছে, ‘কিয়নো তোমালোকে নিজে পৰস্পৰে প্ৰেম কৰিবলৈ ঈশ্বৰৰ শিক্ষিত লোক; হে ভাইবিলাক, তোমালোক আৰু অধিককৈ উপচি পৰা।’ এই পদবোৰত লিখা কথাবোৰ সেই খ্ৰীষ্টানসকলক কোৱা হৈছিল, যিসকলে আগৰে পৰা ধৈৰ্য্য ধৰি আছিল আৰু যিসকলৰ অন্তৰত আনৰ প্ৰতি প্ৰেম আৰু কৰুণা আছিল। তথাপি তেওঁলোকক এই গুণবোৰ বঢ়াই থকাৰ প্ৰয়োজন আছিল। আমাকো এইদৰে কৰাৰ প্ৰয়োজন আছে। গতিকে মন কৰক যে প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলে এই গুণবোৰ কেনেকৈ দেখুৱালে আৰু আপুনি তেওঁলোকৰ নিচিনা কেনেকৈ হʼব পাৰে। এইদৰে আপুনি মহাক্লেশৰ বাবে সাজু হʼব পাৰিব। আজি আপুনি ধৈৰ্য্য ধৰিবলৈ শিকিলে মহাক্লেশৰ সময়ত সমস্যাবোৰ সাহসেৰে সন্মুখীন হʼব পাৰিব। w২৩.০৭ ৩ ¶৪, ৮
দেওবাৰ, ৬ জুলাই
এক ৰাজপথ তৈয়াৰ কৰা হব; সেয়ে পবিত্ৰ আলি।—যিচ. ৩৫:৮.
আমি অভিষিক্ত খ্ৰীষ্টানেই হওক বা ‘অন্য মেৰৰ’ লোক, আমাক সকলোকে এই ‘পবিত্ৰ আলিত’ গৈ থকাৰ প্ৰয়োজন। এই পথত গৈ থাকিলে আজি আমি সকলোৱে যিহোৱাৰ উপাসনা কৰিব পাৰোঁ আৰু ভৱিষ্যতে যেতিয়া এই পৃথিৱীত ঈশ্বৰৰ ৰাজ্য আৰম্ভ হʼব, তেতিয়া আমি সকলোৱে বহুতো আশীৰ্বাদ লাভ কৰিম। (যোহ. ১০:১৬) ১৯১৯ চনৰ পৰা লাখ লাখ পুৰুষ, মহিলা আৰু লʼৰা-ছোৱালীয়ে মহা-বাবিল অৰ্থাৎ গোটেই পৃথিৱীত বিয়পি থকা মিছা ধৰ্মক এৰি এই বাটত গৈ আছে। যিসকল যিহূদী বাবিল এৰি দিছিল, তেওঁলোকে যাতে ৰাস্তাত কোনো বাধা নাপায়, তাৰ প্ৰতি যিহোৱাই বহুত ধ্যান দিছিল। (যিচ. ৫৭:১৪) আজি যিহোৱাই ‘পবিত্ৰ আলিৰ’ পৰা সকলো বাধা কেনেকৈ দূৰ কৰিছে? ১৯১৯ চনৰ বহু শতিকাৰ আগতে এনে বহুতো লোক জীয়াই আছিল, যিসকলে ঈশ্বৰক সন্মান আৰু প্ৰেম কৰিছিল। যিহোৱাই তেওঁলোকৰ যোগেদি মহা-বাবিলৰ পৰা ওলাই যোৱাৰ পথ তৈয়াৰ কৰিলে। (যিচয়া ৪০:৩ পদৰ লগত তুলনা কৰক।) তেওঁলোকে এই পথ তৈয়াৰ কৰিবলৈ বহুত পৰিশ্ৰম কৰিলে। সেইবাবে, আগলৈ গৈ কিছুমান নম্ৰ মনৰ লোকসকলে মহা-বাবিল এৰি যিহোৱাৰ লোকসকলৰ লগত শুদ্ধ উপাসনা কৰিব পাৰিলে। w২৩.০৫ ১৫-১৬ ¶৮-৯
সোমবাৰ, ৭ জুলাই
আনন্দেৰে যিহোৱাৰ সেৱা কৰা; গানেৰে সৈতে তেওঁৰ আগত উপস্থিত হোৱা। —গীত. ১০০:২.
আমি আনন্দেৰে আৰু নিজৰ ইচ্ছাৰে যিহোৱাৰ সেৱা কৰাটো তেওঁ বিচাৰে। (২ কৰি. ৯:৭) যেতিয়া নিজৰ লক্ষ্যত উপনীত হ’বলৈ আমাৰ মন নাযায়, তেতিয়া আমি পৰিশ্ৰম কৰা উচিত হ’বনে? পাঁচনি পৌলৰ উদাহৰণলৈ মন কৰক, তেওঁ এইদৰে কৈছিল, “মই নিজ শৰীৰকে ঘুচিয়াই বশ কৰি ৰাখিছোঁ।” (১ কৰি. ৯:২৫-২৭) ইয়াৰ অৰ্থ হৈছে যেতিয়া সঠিক কাম কৰিবলৈ পৌলৰ মন নগৈছিল, তেতিয়াও তেওঁ জোৰ-জবৰদস্তি কৰি সেই কাম কৰিছিল। যিহোৱাই পৌলৰ সেৱা গ্ৰহন কৰিলেনে? নিশ্চয় কৰিলে। যিহোৱাই পৌলৰ পৰিশ্ৰমৰ বাবে তেওঁক পুৰস্কাৰো দিলে। (২ তীম. ৪:৭, ৮) যদি আমি নিজৰ লক্ষ্যত উপনীত হ’বলৈ পৌলৰ দৰে পৰিশ্ৰম কৰোঁ, তেনেহ’লে যিহোৱাই আনন্দিত হ’ব। তেওঁ জানে যে কোনো এটা কাম আমাক সদায় কৰিবলৈ ভাল নালাগিব পাৰে। কিন্তু আমি যিহোৱাক প্ৰেম কৰাৰ বাবে সেই কামটো কৰোঁ। সেইবাবে, তেওঁ আমাৰ পৰা আনন্দিত হয়। যিহোৱাই যেনেকৈ পৌলক আশীৰ্বাদ দিলে, ঠিক সেইদৰে তেওঁ আমাৰ পৰিশ্ৰমতো আশীৰ্বাদ দিব। (গীত. ১২৬:৫) যেতিয়া আমি চাম যে যিহোৱাই আমাৰ পৰিশ্ৰমত আশীৰ্বাদ দি আছে, তেতিয়া আমাৰ ইচ্ছা আৰু দৃঢ় হৈ পৰিব। w২৩.০৫ ২৯ ¶৯-১০
মঙ্গলবাৰ, ৮ জুলাই
প্ৰভুৰ দিন আহিব।—১ থিচ. ৫:২.
যিহোৱাৰ দিনত যিসকল লোক ৰক্ষা নপৰিব তেওঁলোকৰ তুলনা পাঁচনি পৌলে টোপনি যোৱা লোকৰ লগত কৰিছে। তেওঁলোকে সময়ৰ বিষয়ে আৰু আশে-পাশে কি হৈ আছে গম নাপায়। সেইবাবে, কিবা বিশেষ ঘটনা ঘটিলে তেওঁলোকে একো গম নাপায় আৰু একো কৰিবও নোৱাৰে। আজি বেছিভাগ লোক যেন টোপনিত আছে। (ৰোম. ১১:৮) জগতত হৈ থকা ঘটনাবোৰ দেখিও তেওঁলোকৰ অনুভৱ নহয় যে আমি “শেষ-কালত” জীয়াই আছোঁ আৰু অতি সোনকালে মহাক্লেশ আৰম্ভ হʼব। (২ পিত. ৩:৩, ৪) কিন্তু আমি জানোঁ যে সময় অতিবাহিত হোৱাৰ লগে লগে বাইবেলত দিয়া পৰামৰ্শ পালন কৰা আৰু পৰ দি থকা অতি প্ৰয়োজন। (১ থিচ. ৫:৬, ৭) আমি কিয় শান্ত হৈ থকা আৰু অলপ সময় ৰৈ চিন্তা কৰা উচিত? সকলো ধৰণৰ ৰাজনৈতিক বা সামাজিক বিষয়বোৰত যাতে আমি নিৰপেক্ষ হৈ থাকিব পাৰোঁ। কিন্তু যিহোৱাৰ দিন কাষ চাপি অহাৰ লগে লগে এই বিষয়বোৰত কাৰোবাৰ পক্ষ লʼবলৈ বেছিকৈ হেঁচা আহিব পাৰে। সেই সময়ত আমি কি কৰিম বুলি ভাবি ভয় কৰাৰ প্ৰয়োজন নাই। কিয়নো ঈশ্বৰৰ পবিত্ৰ শক্তিৰ সহায়ত আমাৰ মন শান্ত হৈ থাকিব আৰু আমি ভালদৰে চিন্তা কৰিব পাৰিম আৰু সঠিক নিৰ্ণয় লʼব পাৰিম।—লূক ১২:১১, ১২. w২৩.০৬ ১০ ¶৬-৭
বুধবাৰ, ৯ জুলাই
হে প্ৰভু যিহোৱা . . . অনুগ্ৰহ কৰি মোক সোঁৱৰণ কৰা, হে ঈশ্বৰ, এইবাৰ মাথোন মোক বলৱান কৰা। —বিচা. ১৬:২৮.
চিমচোনৰ বিষয়ে শুনিলে আপোনাৰ মনলৈ কি কথা আহে? হয়তো আপুনি ভাবে যে তেওঁ বহুত শক্তিশালী আছিল। সঁচাকৈ, চিমচোন বহুত শক্তিশালী আছিল। কিন্তু তেওঁ এটা ভুল কৰিলে আৰু তেওঁ ইয়াৰ পৰিণামো ভুগিবলগীয়া হ’ল। তথাপিও যিহোৱাই এই কথাৰ ওপৰত ধ্যান দিলে যে চিমচোন গোটেই জীৱন তেওঁৰ বাবে বহুতো কাম কৰিলে আৰু সকলো সময়তে তেওঁৰ ওপৰত বিশ্বাস দেখুৱালে। সেইবাবে, বাইবেলত যিহোৱাই চিমচোনৰ বিষয়ে লিখালে যাতে আমি তেওঁৰ পৰা শিকিব পাৰোঁ। যিহোৱাই নিজৰ মনোনীত ইস্ৰায়েলী লোকসকলক সহায় কৰিবলৈ চিমচোনৰ যোগেদি বহুতো ডাঙৰ ডাঙৰ কাম কৰালে। চিমচোনৰ মৃত্যুৰ বহু বছৰৰ পাছত যেতিয়া যিহোৱাই পাঁচনি পৌলৰ জৰিয়তে এনে বহুতো বিশ্বাসী লোকৰ বিষয়ে লিখালে যিসকলৰ দৃঢ় বিশ্বাস আছিল, তেতিয়া যিহোৱাই চিমচোনৰ নামো লিখালে। (ইব্ৰী ১১:৩২-৩৪) চিমচোনৰ উদাহৰণৰ পৰা আজি আমি সাহস লাভ কৰিব পাৰোঁ। তেওঁ কঠিন পৰিস্থিতিতো যিহোৱাৰ ওপৰত ভৰসা কৰিলে। আমি কেনেকৈ চিমচোনৰ পৰা সাহস পাব পাৰোঁ আৰু বহুতো কথা শিকিব পাৰোঁ। w২৩.০৯ ২ ¶১-২
বৃহস্পতিবাৰ, ১০ জুলাই
ঈশ্বৰলৈ নিবেদন কৰা।—ফিলি. ৪:৬.
ধৈৰ্য্য ধৰিবলৈ হʼলে আমি বাৰে বাৰে যিহোৱালৈ প্ৰাৰ্থনা কৰা আৰু নিজৰ সকলো চিন্তাৰ বিষয়ে তেওঁক জনোৱাটো অতি প্ৰয়োজন। (১ থিচ. ৫:১৭) হয়তো এতিয়া আপুনি কোনো ডাঙৰ সমস্যাৰ সন্মুখীন হোৱা নাই। কিন্তু যেতিয়া আপুনি চিন্তিত হয় বা আপুনি কি কৰিব লাগে বুজি নাপাই, তেতিয়াও আপুনি যিহোৱাক পথ দেখুৱাবলৈ কয়নে? আজি আপুনি প্ৰতিদিনৰ সৰু সৰু সমস্যাৰ বাবে যিহোৱাৰ পৰা সহায় বিচাৰিলে আগলৈ গৈ যেতিয়া আপুনি ডাঙৰ ডাঙৰ সমস্যাৰ সন্মুখীন হʼব, তেতিয়া আপুনি যিহোৱাৰ পৰা সহায় বিচাৰিবলৈ সংকোচ নকৰিব। ইয়াৰ লগতে আপোনাৰ বিশ্বাস হʼব যে আপোনাক কেতিয়া আৰু কেনেকৈ সহায় কৰিব লাগে তাৰ বিষয়ে যিহোৱাই জানে। (গীত. ২৭:১, ৩) আজি আমি সমস্যাৰ সময়ত ধৈৰ্য্য ধৰিলে মহাক্লেশৰ সময়তো ধৈৰ্য্য ধৰিব পাৰিম। (ৰোম. ৫:৩) আমি এয়া কিয় কʼব পাৰোঁ? বহুতো ভাই-ভনীয়ে অনুভৱ কৰিলে যে যেতিয়া তেওঁলোকে কোনো সমস্যাৰ সময়ত ধৈৰ্য্য ধৰিলে আৰু যিহোৱাৰ বিশ্বাসী হৈ থাকিলে, তেতিয়া তেওঁলোকে আহিবলগীয়া সমস্যাবোৰ সন্মুখীন হʼবলৈ সহায় পালে। এইদৰে ধৈৰ্য্য ধৰাৰ বাবে তেওঁলোকৰ বিশ্বাস আৰু দৃঢ় হʼল যে যিহোৱাই তেওঁলোকক সহায় কৰিবলৈ সাজু হৈ থাকে। এই বিশ্বাসৰ বাবে পাছতো সমস্যাৰ সময়ত তেওঁলোকে ধৈৰ্য্য ধৰিব পাৰিলে।—যাকো. ১:২-৪. w২৩.০৭ ৩ ¶৭-৮
শুক্ৰবাৰ, ১১ জুলাই
মই . . . তোমালৈ অনুগ্ৰহ কৰিম। —আদি. ১৯:২১.
যিহোৱা নম্ৰ হয় আৰু তেওঁৰ অন্তৰত লোকসকলৰ প্ৰতি কৰুণা আছে। সেইবাবে, তেওঁ সঠিক চিন্তাধাৰা ৰাখি লোকসকলক দয়া দেখুৱায় আৰু সাল-সলনি কৰিবলৈ সাজু থাকে। এটা উদাহৰণলৈ মন কৰক যাৰ পৰা জানিব পাৰি যে যিহোৱা কিমান নম্ৰ হয়। তেওঁ চদোমৰ দুষ্ট লোকসকলক ধ্বংস কৰিবলৈ নিৰ্ণয় লৈছিল। তেওঁ নিজৰ স্বৰ্গদূত পঠিয়াই লোটক পাহাৰীয়া এলেকাত পলাই যাবলৈ নিৰ্দেশনা দিলে। কিন্তু লোটে তাত যাবলৈ ভয় কৰিছিল। সেইবাবে, তেওঁ আৰু তেওঁৰ পৰিয়ালে ওচৰৰ চোৱৰ নামৰ এখন সৰু নগৰত যাবলৈ অনুৰোধ কৰিলে। যিহোৱাই চোৱৰ নগৰখনো ধ্বংস কৰিম বুলি ভাবিছিল। সেইবাবে, তেওঁ লোটক কʼব পাৰিলেহেঁতেন যে তেওঁক যি কৰিবলৈ কোৱা হৈছে, সেইমতে কৰক। কিন্তু তেওঁ লোটক দয়া দেখুৱালে আৰু তেওঁৰ অনুৰোধ মানিলে। সেইবাবে, তেওঁ চোৱৰ নগৰখন ধ্বংস নকৰিলে। (আদি. ১৯:১৮-২২) বহু বছৰৰ পাছত যিহোৱাই নীনবিৰ লোকসকলক দয়া দেখুৱালে। কেনেকৈ বাৰু? তেওঁ ভৱিষ্যতবক্তা যোনাক এয়া ঘোষণা কৰিবলৈ পঠিয়ালে যে অতি সোনকালে তেওঁ সেই চহৰ আৰু তাত থকা দুষ্ট লোকসকলক ধ্বংস কৰিব। কিন্তু পাছত নীনবিৰ লোকসকলে অনুতাপ কৰিলে। সেইবাবে, যিহোৱাই তেওঁলোকক দয়া দেখুৱালে। তেওঁ নীনবি আৰু তাত থকা লোকসকলক ধ্বংস নকৰিলে।—যোনা ৩:১, ১০; ৪:১০, ১১. w২৩.০৭ ২১ ¶৫
শনিবাৰ, ১২ জুলাই
তেওঁক [যোৱাচ] বধ কৰিলে; . . . কিন্তু ৰজাবিলাকৰ মৈদামৰ ঠাইত মৈদাম দিয়া নহল।—২ বং. ২৪:২৫.
আমি যোৱাচৰ পৰা কি শিকিব পাৰোঁ? যোৱাচ এনে এজোপা গছৰ দৰে আছিল, যাৰ শিপাবোৰ মজবুত নাছিল আৰু যাক সহায়ৰ প্ৰয়োজন আছিল। যিহোয়াদা ৰজা যোৱাচৰ সহায়কৰ্তাৰ দৰে আছিল। যেতিয়া তেওঁ সহায় নাপালে অৰ্থাৎ যিহোয়াদাৰ মৃত্যু হʼল আৰু যেতিয়া ধুমুহা বতাহ আহিল অৰ্থাৎ অধ্যক্ষসকলে তেওঁক ফুচলাবলৈ চেষ্টা কৰিলে, তেতিয়া তেওঁ তেওঁলোকৰ কথাত ভুল গʼল। তেওঁ মিছা উপাসনা কৰিব ধৰিলে আৰু যিহোৱাৰ বিশ্বাসী হৈ নাথাকিল। ইয়াৰ পৰা আমি এটা কথা শিকিব পাৰোঁ। আমাৰ পৰিয়ালৰ লোক বা মণ্ডলীৰ ভাই-ভনীসকলে যিহোৱালৈ ভয় ৰাখে বুলি আমিও তেওঁলৈ ভয় ৰখা উচিত নহয়। ইয়াৰ পৰিৱৰ্তে আমি নিজে ঈশ্বৰৰ লগত নিজৰ সম্পৰ্ক মজবুত কৰা উচিত আৰু তেওঁলৈ ভয় ৰখা উচিত। যেতিয়া আমি ঈশ্বৰৰ বাক্য অধ্যয়ন কৰিম, তাৰ ওপৰত মনন কৰিম আৰু প্ৰাৰ্থনা কৰিম, তেতিয়াহে আমি এইদৰে কৰিব পাৰিম। (যিৰি. ১৭:৭, ৮; কল. ২:৬, ৭) যিহোৱাই আমাৰ পৰা বেছিকৈ আশা নকৰে। তেওঁ আমাৰ পৰা কি বিচাৰে তাৰ মূল কথা উপদেশক ১২:১৩ পদত উল্লেখ আছে। তাত এইদৰে লিখা আছে, “ঈশ্বৰলৈ ভয় ৰাখা, আৰু তেওঁৰ আজ্ঞাবিলাক পালন কৰা; কিয়নো এয়েই মানুহৰ সকলো কৰ্তব্য কৰ্ম্ম।” যদি আমি যিহোৱালৈ ভয় ৰাখোঁ, তেনেহʼলে আগলৈ গৈ যিয়ে সমস্যা নাহক কিয় আমি বিশ্বাসী হৈ থাকিব পাৰিম আৰু যিহোৱাৰ লগত থকা আমাৰ বন্ধুত্বৰ মাজত কোনো বাধা আহিবলৈ নিদিম। w২৩.০৬ ১৯ ¶১৭-১৯
দেওবাৰ, ১৩ জুলাই
চোৱা, মই সকলোকে নতুন কৰোঁ।—প্ৰকা. ২১:৫.
ঈশ্বৰে যি গেৰেন্টি দিছে তাৰ আৰম্ভণি এই শব্দবোৰৰ পৰা হৈছে, “সিংহাসনৰ ওপৰত বহা জনাই কলে।” (প্ৰকা. ২১:৫ক) প্ৰকাশিত বাক্য কিতাপত এনে তিনিটা ঘটনাৰ বিষয়ে উল্লেখ আছে, যʼত যিহোৱাই নিজেই কথা পাতিছিল আৰু তাৰে মাজৰ এইটো এটা হয়। এই গেৰেন্টি কোনো শক্তিশালী স্বৰ্গদূত বা স্বৰ্গলৈ যোৱাৰ পাছত যীচুৱে দিয়া নাই, যিহোৱাই নিজেই দিছে। ইয়াৰ পৰা আমি আগত কোৱা কথাৰ ওপৰত বিশ্বাস কৰাৰ প্ৰমাণ পাওঁ। কিয় বাৰু? কাৰণ যিহোৱাই কেতিয়াও ‘মিছা কথা নকয়।’ (তীত ১:২) গতিকে প্ৰকাশিত বাক্য ২১:৫, ৬ পদত লিখা কথাবোৰ সঁচাকৈ ভৰসাৰ যোগ্য। “চোৱা” শব্দটোৰ প্ৰতি মন কৰক। (প্ৰকা. ২১:৫) ইয়াত যি গ্ৰীক শব্দৰ অনুবাদ “চোৱা” বুলি কৰা হৈছে, এই শব্দটো প্ৰকাশিত বাক্য কিতাপত বহু বাৰ উল্লেখ কৰা হৈছে। গতিকে “চোৱা” শব্দটো কোৱাৰ পাছত ঈশ্বৰে কি কʼলে? তেওঁ কʼলে, “মই সকলোকে নতুন কৰোঁ।” ঈশ্বৰৰ এই প্ৰতিজ্ঞা ভৱিষ্যতে পূৰ হʼব কিন্তু তেওঁ এনেদৰে কৈছে যেন এইবোৰ এতিয়াই পূৰ হৈ আছে। তেওঁ এইদৰে কোৱাটো সঠিকো হয়, কাৰণ তেওঁ জানে যে এই প্ৰতিজ্ঞা তেওঁ নিশ্চয় পূৰ কৰিব। সেইবাবে তেওঁ এইদৰে কোৱা নাই, “মই সকলোবোৰ নতুনকৈ বনাম” ইয়াৰ পৰিৱৰ্তে তেওঁ এইদৰে কৈছে, “মই সকলোকে নতুন কৰোঁ।”—যিচ. ৪৬:১০. w২৩.১১ ৩-৪ ¶৭
সোমবাৰ, ১৪ জুলাই
তেওঁ বাহিৰলৈ ওলাই গৈ হোক-হোকাই কান্দিবলৈ ধৰিলে।—মথি ২৬:৭৫.
পাঁচনি পিতৰৰ পৰা বহুতো ভুল হʼল। তাৰে মাজৰ কিছুমান ভুলৰ ওপৰত মন কৰক। যেতিয়া যীচুৱে বুজাইছিল যে বাইবেলৰ ভৱিষ্যতবাণী অনুসৰি তেওঁ কিমান যাতনা ভুগিব আৰু তেওঁক মাৰি পেলোৱা হʼব, তেতিয়া পিতৰে যীচুৰ লগত এইদৰে নহওক বুলি কৈছিল। (মাৰ্ক ৮:৩১-৩৩) আন পাঁচনিসকলৰ লগতে পিতৰেও তেওঁলোকৰ মাজত ডাঙৰ কোন হয় এই বিষয়ে তৰ্ক কৰিছিল। (মাৰ্ক ৯:৩৩, ৩৪) যীচুৰ মৃত্যুৰ আগদিনাখন ৰাতি পিতৰে এজন ব্যক্তিক আক্ৰমণ কৰিলে আৰু তেওঁৰ কাণ কাটিলে। (যোহ. ১৮:১০) সেই ৰাতি পিতৰে ভয় খোৱাৰ বাবে নিজৰ বন্ধু যীচুক তিনিবাৰ চিনি নাপাওঁ বুলি কʼলে। (মাৰ্ক ১৪:৬৬-৭২) ইয়াৰ বাবে পিতৰে পাছত বহুত দুখ অনুভৱ কৰিলে আৰু কান্দিবলৈ ধৰিলে। পিতৰ বহুত দুখত আছিল কিন্তু সেই সময়ত যীচুৱে তেওঁক এৰি দিয়া নাছিল। যীচুৱে আকৌ জীৱিত হোৱাৰ পাছত পিতৰক লগ কৰিলে আৰু তেওঁ যীচুক কিমান প্ৰেম কৰে এয়া প্ৰমাণ কৰিবলৈ সুযোগ দিলে। যীচুৱে পিতৰক নম্ৰ হৈ এজন মেৰৰখীয়াৰ দৰে তেওঁৰ মেৰবোৰৰ চোৱা-চিতা কৰিবলৈ কʼলে। (যোহ. ২১:১৫-১৭) পিতৰে এই দায়িত্ব গ্ৰহণ কৰিলে। তেওঁ পেন্টাকোষ্টৰ দিনাখন যিৰূচালেমত আছিল আৰু যিসকল লোকক পবিত্ৰ শক্তিৰে প্ৰথম বাৰ অভিষেক কৰা হৈছিল, তেওঁলোকৰ মাজত পিতৰো আছিল। w২৩.০৯ ২২ ¶৬-৭
মঙ্গলবাৰ, ১৫ জুলাই
মোৰ মেৰবিলাক প্ৰতিপালন কৰা। —যোহ. ২১:১৬.
পাঁচনি পিতৰো এজন প্ৰাচীন আছিল আৰু তেওঁ আন প্ৰাচীনসকলক আগ্ৰহ কৰিছিল, “ঈশ্বৰৰ যি জাক আছে, তাক প্ৰতিপালন কৰা।” (১ পিত. ৫:১-৪) যদি আপুনি এজন প্ৰাচীন হয়, তেনেহʼলে আমি জানোঁ যে আপুনিও ভাই-ভনীসকলক প্ৰেম কৰে আৰু মেৰ ৰখীয়াৰ দৰে তেওঁলোকৰ চোৱা-চিতা কৰে। কিন্তু আপোনাক হয়তো কেতিয়াবা এইদৰে লাগিব পাৰে আপোনাৰ ওচৰত কৰিবলগীয়া বহুত কাম আছে আৰু আপুনি ভাগৰি পৰিছে যে আপুনি আৰু এই দায়িত্ব পালন কৰিব নোৱাৰে, এনে সময়ত আপুনি কি কৰিব পাৰে? আপোনাৰ মনলৈ যিয়েই চিন্তা নাহক কিয় তাৰ বিষয়ে যিহোৱাক জনাওক। পিতৰে এইদৰে লিখিছে, “কোনোৱে যদি সেৱা-শুশ্ৰূষা কৰে, তেন্তে ঈশ্বৰে দিয়া শক্তিৰ দৰে কৰক।” (১ পিত. ৪:১১) হয়তো আপোনাৰ ভাই-ভনীয়ে এনে কিছুমান সমস্যাৰে যুঁজি আছে, যাক এই পৃথিৱীত সম্পূৰ্ণৰূপে সমাধান কৰাটো সম্ভৱ নহয়। কিন্তু মনত ৰাখক আপুনি যিমান ভাই-ভনীসকলৰ কাৰণে কৰি আছে, তাতকৈ বেছি ‘প্ৰধান ৰখীয়া’ যীচু খ্ৰীষ্টই তেওঁলোকৰ বাবে কৰিব পাৰে। যীচুৱে তেওঁলোকক আজিও সহায় কৰি আছে আৰু আহিবলগীয়া সময়তো সহায় কৰিব। এয়াও মনত ৰাখক, প্ৰাচীনসকলে ভাই-ভনীসকলক প্ৰেম কৰা, ৰখীয়াৰ দৰে তেওঁলোকৰ চোৱা-চিতা কৰা আৰু জাকৰ বাবে এটা উত্তম উদাহৰণ ৰখাটোৱে যিহোৱাই বিচাৰে। w২৩.০৯ ২৯-৩০ ¶১৩-১৪
বুধবাৰ, ১৬ জুলাই
যিহোৱাই জানে যে বুদ্ধিমান লোকসকলৰ যুক্তি ব্যৰ্থ।—১ কৰি. ৩:২০.
জগতৰ লোকসকলৰ চিন্তাধাৰাৰ পৰা আঁতৰি থাকক। আমি জগতৰ লোকসকলৰ দৰে চিন্তা কৰিলে যিহোৱাৰ পৰা আঁতৰি যাব পাৰোঁ আৰু তেওঁৰ মানদণ্ডৰ ওপৰত ধ্যান নিদিবও পাৰোঁ। (১ কৰি. ৩:১৯) “জগতৰ জ্ঞান” অৰ্থাৎ জগতৰ লোকৰ চিন্তাধাৰা হৈছে নিজৰ ইচ্ছা পূৰ কৰা আৰু ঈশ্বৰৰ কথা নুশুনা। অতীতত পৰ্গাম আৰু থুয়াতীৰাৰ লোকসকলৰো এনেধৰণৰে চিন্তাধাৰা আছিল। তাত চাৰিওফালে মূৰ্তিপূজা আৰু অনৈতিক কাম হৈ আছিল। কিছুমান খ্ৰীষ্টানৰ ওপৰতো এই চিন্তাধাৰাই প্ৰভাৱ পেলাইছিল আৰু তেওঁলোকে অনৈতিক কামবোৰ সহন কৰিছিল। সেইবাবে, যীচুৱে সেই মণ্ডলীবোৰক কঠোৰ পৰামৰ্শ দিছিল। (প্ৰকা. ২:১৪, ২০) আজি আমাৰ ওপৰতো জগতৰ চিন্তাধাৰা ৰাখিবলৈ হেঁচা আহে। হয়তো আমাৰ পৰিয়াল বা চিনাকি লোকসকলে আমাক কʼব পাৰে যে আমি অলপ বেছিকৈ কৰিছোঁ, অলপমানতো চলে। যেনে, তেওঁলোকে হয়তো এইদৰে কʼব পাৰে, ‘নিজৰ ইচ্ছা পূৰ কৰাত কি ভুল আছে? আজি জগতখন কিমান আগুৱাই গৈছে আৰু তুমি এতিয়াও বাইবেলৰ মতেই চলি আছা!’ কেতিয়াবা কেতিয়াবা আমাক হয়তো লাগিব পাৰে যে যিহোৱাই যি নিয়ম দিছে, তাৰ পৰা আমি কি কৰিব লাগে আৰু কি কৰিব নালাগে বুজি পোৱা নাই। এনে পৰিস্থিতিত হয়তো ‘যি লিখা আছে, তাক অতিক্ৰম’ কৰা বা কিছুমান নিয়ম বনোৱাৰ কথা আমি ভাবিব পাৰোঁ।—১ কৰি. ৪:৬. w২৩.০৭ ১৬ ¶১০-১১
বৃহস্পতিবাৰ, ১৭ জুলাই
বন্ধুৱে সকলো সময়তে ভাল পায়; কিন্তু ভায়েক দুৰ্দ্দশাৰ নিমিত্তে জন্ম পায়।—হিতো. ১৭:১৭.
যীচুৰ মাতৃ মৰিয়মক সাহসৰ প্ৰয়োজন আছিল। কিয়নো মৰিয়মৰ বিয়া হোৱা নাছিল আৰু তাই গৰ্ভৱতী হ’বলগীয়া আছিল। সন্তানক ডাঙৰ-দীঘল কৰাৰ তাইৰ কোনো অভিজ্ঞতা নাছিল। কিন্তু তাই এনে এটি সন্তানক ডাঙৰ-দীঘল কৰিবলগীয়া আছিল যি আগলৈ গৈ মচীহ হ’লহেঁতেন। এতিয়ালৈ তাই কোনো পুৰুষৰ লগত সম্বন্ধ ৰখা নাছিল, তথাপিও মাতৃ হ’বলগীয়া আছিল। তাই নিজৰ হ’বলগীয়া স্বামী যোচেফক এই সকলো কথা কেনেকৈ বুজালেহেঁতেন? (লূক ১:২৬-৩৩) মৰিয়মে কেনেকৈ সাহস পালে? তাই আনৰ পৰা সহায় ল’লে। যেনে, তাই গাব্ৰিয়েল স্বৰ্গদূতক ইয়াৰ বিষয়ে আৰু বেছিকৈ কথা জনাবলৈ ক’লে। (লূক ১:৩৪) ইয়াৰ কিছু সময়ৰ পাছত তাই দীঘলীয়া যাত্ৰা কৰি যিহুদাৰ ‘পৰ্বতীয়া এলেকাত’ থকা নিজৰ সম্বন্ধীয়া এলীচাবেতক লগ কৰিবলৈ গ’ল। এলীচাবেতে মৰিয়মৰ প্ৰশংসা কৰিলে আৰু যিহোৱাৰ প্ৰেৰণাৰে মৰিয়মৰ হ’বলগীয়া সন্তানটিৰ বিষয়ে এটা ভৱিষ্যবাণী কৰিলে। (লূক ১:৩৯-৪৫) তেতিয়া মৰিয়মে ক’লে যে যিহোৱাই “নিজৰ বাহুবলৰ দ্বাৰাই পৰাক্ৰমী কৰ্ম্ম কৰিলে।” (লূক ১:৪৬-৫১) গাব্ৰিয়েল স্বৰ্গদূত আৰু এলীচেবাৰ জৰিয়তে যিহোৱাই মৰিয়মক সাহস দিলে। w২৩.১০ ১৪-১৫ ¶১০-১২
শুক্ৰবাৰ, ১৮ জুলাই
নিজ পিতৃ ঈশ্বৰৰ উদ্দেশে পুৰোহিত কৰিলে।—প্ৰকা. ১:৬.
যীচুৰ কিছুমান শিষ্যক পবিত্ৰ শক্তিৰে অভিষেক কৰা হৈছে আৰু যিহোৱাৰ লগত তেওঁলোকৰ এটা বিশেষ সম্পৰ্ক আছে। এই ১,৪৪,০০০ জনে স্বৰ্গত যীচুৰ লগত পুৰোহিত হিচাপে সেৱা কৰিব। (প্ৰকা. ১৪:১) যেতিয়া তেওঁলোকে পৃথিৱীতে থাকে, তেতিয়াই ঈশ্বৰে তেওঁলোকক পবিত্ৰ শক্তিৰে অভিষেক কৰি নিজৰ পুত্ৰ হিচাপে তুলি লয়। তম্বুৰ পবিত্ৰস্থানে ঈশ্বৰৰ লগত থকা তেওঁলোকৰ এই বিশেষ সম্পৰ্কক চিত্ৰিত কৰে। (ৰোম. ৮:১৫-১৭) তম্বুৰ অতি পবিত্ৰস্থানে স্বৰ্গক চিত্ৰিত কৰে, যʼত যিহোৱা নিবাস কৰে। পবিত্ৰস্থান আৰু অতি পবিত্ৰস্থানৰ মাজত যি পৰ্দা আছিল, সেয়া যীচুৰ মানৱীয় শৰীৰক চিত্ৰিত কৰে, যাক লৈ তেওঁ স্বৰ্গলৈ যাব নোৱাৰিলেহেঁতেন আৰু লাক্ষণিক মন্দিৰত সেৱা কৰিব নোৱাৰিলেহেঁতেন। যেতিয়া যীচুৱে নিজৰ শৰীৰ লোকসকলৰ বাবে বলিদান দিলে, তেতিয়া তেওঁ সকলো অভিষিক্ত খ্ৰীষ্টানসকলৰ বাবে স্বৰ্গলৈ যোৱাৰ বাট মুকলি কৰিলে। তেওঁলোকেও স্বৰ্গত নিজৰ পুৰস্কাৰ পাবলৈ মানৱীয় শৰীৰ ত্যাগ কৰিব লাগিব।—ইব্ৰী ১০:১৯, ২০; ১ কৰি. ১৫:৫০. w২৩.১০ ২৮ ¶১৩
শনিবাৰ, ১৯ জুলাই
গিদিয়োন . . . এই সকলোৰে বৃত্তান্ত কবলৈ গলে, সময় নোজোৰে।—ইব্ৰী ১১:৩২.
ইফ্ৰমীয়া লোকসকলে যেতিয়া গিদিয়োনক কাজিয়া কৰিছিল আৰু তেওঁৰ ভুলবোৰৰ বিষয়ে কৈছিল, তেতিয়া তেওঁ খং কৰাৰ পৰিৱৰ্তে শান্ত হৈ আছিল। (বিচা. ৮:১-৩) গিদিয়োনে তেওঁলোকৰ কথা মনোযোগেৰে শুনিছিল আৰু মৰমেৰে তেওঁলোকক উত্তৰ দিছিল। এইদৰে কৰাৰ বাবে তেওঁলোকৰ খং শান্ত হʼল। গিদিয়োনৰ ব্যৱহাৰৰ পৰা জানিব পাৰি যে তেওঁ কিমান নম্ৰ আছিল। প্ৰাচীনসকলেও গিদিয়োনৰ দৰে হʼব পাৰে। তেওঁলোকৰ ভুলৰ বিষয়ে কোনোবাই কোৱাৰ সময়ত প্ৰাচীনসকলে তেওঁলোকৰ কথা মনোযোগেৰে শুনিব পাৰে আৰু নম্ৰতাৰে উত্তৰ দিব পাৰে। (যাকো. ৩:১৩) এইদৰে কৰিলে মণ্ডলীত শান্তি বজাই ৰাখিব পাৰিব। গিদিয়োনে মিদিয়নীয়াবিলাকক পৰাজয় কৰিবলৈ সহায় কৰাৰ বাবে ইস্ৰায়েলীসকলে যেতিয়া তেওঁক প্ৰশংসা কৰিলে, তেতিয়া তেওঁ ইয়াৰ সকলো মহিমা যিহোৱাক দিলে। (বিচা. ৮:২২, ২৩) আজি প্ৰাচীনসকলে গিদিয়োনৰ দৰে কেনেকৈ হʼব পাৰে? তেওঁলোকে যি কৰে তাৰ সকলো মহিমা যিহোৱাক দিব পাৰে। (১ কৰি. ৪:৬, ৭) যেনে, এজন প্ৰাচীনে যদি ভালদৰে শিকায় আৰু ইয়াৰ বাবে তেওঁক প্ৰশংসা কৰা হয়, তেনেহʼলে তেওঁ কʼব পাৰে যে তেওঁ যি শিকালে, সেয়া ঈশ্বৰৰ বাক্যৰ পৰা আছিল বা আমি সকলোৱে যিহোৱাৰ সংগঠনৰ পৰাই শিকোঁ। মাজে সময়ে প্ৰাচীনসকলে চিন্তা কৰিব পাৰে যে তেওঁলোকে যিদৰে শিকায়, তাৰ পৰা লোকসকলে যিহোৱাৰ পৰিৱৰ্তে তেওঁৰ ফালে বেছি ধ্যান দিয়া নাইতো। w২৩.০৬ ৪ ¶৭-৮
দেওবাৰ, ২০ জুলাই
মোৰ কল্পনা আৰু তোমালোকৰ কল্পনা একে নহয়।—যিচ. ৫৫:৮.
হয়তো আমি কোনো কথাৰ বাবে যিহোৱালৈ প্ৰাৰ্থনা কৰিছোঁ কিন্তু এতিয়ালৈকে সেইমতে হোৱা নাই। এনে পৰিস্থিতিত আমি নিজকে তিনিটা প্ৰশ্ন সুধিব পাৰোঁ, প্ৰথমটো হৈছে,‘মই সঠিক কথাৰ বাবে প্ৰাৰ্থনা কৰিছোঁ নে?’ আমাৰ বাবে কি ভাল আমি জানোঁ বুলি বহু বাৰ আমাক লাগিব পাৰে। কিন্তু আগলৈ গৈ তাৰ পৰা হয়তো লাভ নহʼবও পাৰে। হয়তো কোনো এটা সমস্যা আমি বিচৰা অনুসৰি সমাধান কৰিবলৈ যিহোৱালৈ প্ৰাৰ্থনা কৰিব পাৰোঁ। কিন্তু যিহোৱাই হয়তো ইয়াতকৈ ভাল উপায় ভাবি থৈছে। আনকি আমি যি কথাৰ বাবে যিহোৱালৈ প্ৰাৰ্থনা কৰিছোঁ, সেয়া তেওঁৰ ইচ্ছাৰ অনুসৰি নহʼবও পাৰে। (১ যোহ. ৫:১৪) সেই মা-দেউতাকৰ বিষয়ে মন কৰোঁ, যিসকলে নিজৰ সন্তান যাতে যিহোৱাৰ সেৱা কৰি থাকিব পাৰে, তাৰ বাবে প্ৰাৰ্থনা কৰিছিল। এনেধৰণৰ প্ৰাৰ্থনা কৰাটো ভুল নহয় কিন্তু যিহোৱাই কাকো নিজৰ সেৱা কৰিবলৈ জোৰ-জবৰদস্তি নকৰে। আমি আৰু আমাৰ সন্তানে নিজ ইচ্ছাৰে তেওঁৰ সেৱা কৰাটো যিহোৱাই বিচাৰে। (দ্বিতী. ১০:১২, ১৩; ৩০:১৯, ২০) গতিকে সেই পিতৃ-মাতৃয়ে নিজৰ সন্তানৰ হৃদয়ত সত্যৰ বীজ সিঁচিবলৈ সহায় বিচাৰি যিহোৱালৈ প্ৰাৰ্থনা কৰিব পাৰে যাতে সেই সন্তানে যিহোৱাক প্ৰেম কৰে আৰু তেওঁৰ বন্ধু হʼব পাৰে।—হিতো. ২২:৬; ইফি. ৬:৪. w২৩.১১ ২১ ¶৫; ২৩ ¶১২
সোমবাৰ, ২১ জুলাই
পৰস্পৰক শান্ত্বনা দিবা।—১ থিচ. ৪:১৮.
শান্ত্বনা দিয়া প্ৰেম দেখুৱাৰ এটা উত্তম উপায় হয়। আমি এয়া কিয় কʼব পাৰোঁ? এখন কিতাপত বাইবেলৰ এই পদৰ বিষয়ে এনেদৰে বৰ্ণনা কৰা হৈছে: ইয়াত যি শব্দৰ অনুবাদ “শান্ত্বনা দিবা” বুলি কৰা হৈছে, তাৰ অৰ্থ হৈছে, “এনে এজন ব্যক্তিৰ ওচৰত থিয় হোৱা আৰু তেওঁক উৎসাহিত কৰা, যিজনে বহুত কঠিন পৰিস্থিতিৰ মাজেৰে পাৰ হৈ আছে।” সেইবাবে, যেতিয়া আমি বহুত নিৰাশ হৈ পৰা কোনো ভাই বা ভনীক শান্ত্বনা দিওঁ, তেতিয়া এনে হয় যেন আমি তেওঁলৈ সহায়ৰ হাত আগবঢ়াইছোঁ যাতে তেওঁ আকৌ থিয় হৈ জীৱনৰ পথত চলিব পাৰে। প্ৰতিবাৰে যেতিয়া আমি নিৰাশাত একেবাৰে ভাঙি পৰা কোনো ভাই বা ভনীৰ দুখ অনুভৱ কৰোঁ, তেতিয়া আমি তেওঁক প্ৰেম দেখুৱাৰ দৰে হয়। (২ কৰি. ৭:৬, ৭, ১৩) কাৰোবাক শান্ত্বনা দিয়াৰ আগতে আমাৰ অন্তৰত তেওঁৰ প্ৰতি কৰুণা থকাটো অতি প্ৰয়োজন। কিয় বাৰু? কিয়নো যিজন ব্যক্তিয়ে কাৰোবাক দুখত থকা দেখি দুখ অনুভৱ কৰে বা তেওঁৰ অন্তৰত কৰুণা জাগি উঠে, সেইজন ব্যক্তিয়েই তেওঁক সহায় কৰিবলৈ বা শান্ত্বনা দিবলৈ আগবাঢ়ি আহে। ইয়াৰ অৰ্থ হৈছে যেতিয়া আমি আমাৰ ভাই-ভনীসকল কেনে সমস্যাৰ মাজেৰে পাৰ হৈ আছে অনুভৱ কৰিম বা তেওঁলোকৰ বাবে অন্তৰত কৰুণা জাগিব, তেতিয়াহে আমি তেওঁলোকক শান্ত্বনা দিব পাৰিম। পৌলে যিহোৱাৰ বিষয়ে এইদৰে লিখিছিল, যিহোৱা “কৰুণাময় পিতৃ, আৰু সকলো শান্ত্বনাৰ ঈশ্বৰ।”—২ কৰি. ১:৩. w২৩.১১ ৯-১০ ¶৮-১০
মঙ্গলবাৰ, ২২ জুলাই
দুখ-কষ্ট ভুগিও আনন্দ কৰোঁ। —ৰোম. ৫:৩.
সকলো খ্ৰীষ্টানে কিবা নহয় কিবা দুখ-কষ্ট সহিব লাগিব। পাঁচনি পৌলেও এই কথা জানিছিল, সেইবাবে তেওঁ থিচলনীকীয়াৰ ভাই-ভনীসকলক এইদৰে লিখিছিল, “আমালৈ ক্লেশ ঘটিব বুলি আগেয়ে আমি তোমালোকৰ লগত থাকোঁতেই কৈছিলোঁ; পাছে সেই দৰেই ঘটিল।” (১ থিচ. ৩:৪) তেওঁ কৰিন্থীয়াৰ ভাই-ভনীসকলকো এইদৰে লিখিছিল, “হে ভাইবিলাক, . . . আমালৈ যি ক্লেশ ঘটিছিল, তাৰ বিষয়ে তোমালোকে নজনাকৈ থকা আমাৰ ইচ্ছা নাই; সেই ক্লেশত অধিক পৰিমাণে শক্তিৰ অতিৰিক্তৰূপে এনে ভাৰগ্ৰস্থ হলোঁ যে, আমাৰ জীৱনৰো আশা নাছিল।” (২ কৰি. ১:৮; ১১:২৩-২৭) আজি সকলো খ্ৰীষ্টানে এয়া স্বীকাৰ কৰা উচিত যে তেওঁলোকে কিবা নহয় কিবা সমস্যাৰ মাজেদি পাৰ হʼব লাগিব। (২ তীম. ৩:১২) আপুনি যীচুৰ ওপৰত বিশ্বাস কৰাৰ বাবে আপোনাৰ বন্ধু বা সমন্ধীয় লোকসকলে আপোনাৰ লগত বেয়া ব্যৱহাৰ কৰিছে। অথবা আপুনি সদায় বিশ্বাসী হৈ থাকিব বিচাৰে, সেইবাবে আপোনাৰ কামৰ ঠাইত লোকসকলে হয়তো সমস্যা সৃষ্টি কৰিছে। (ইব্ৰী ১৩:১৮) অথবা আপোনাৰ আশাৰ বিষয়ে আনক কোৱাৰ বাবে চৰকাৰী অধিকাৰীসকলে আপোনাক বিৰোধ কৰিছে। কিন্তু পৌলে কৈছিল যে আমি যিয়েই দুখ-কষ্টৰ সন্মুখীন নহওঁ কিয়, আমি আনন্দত থকা উচিত। w২৩.১২ ১০-১১ ¶৯-১০
বুধবাৰ, ২৩ জুলাই
তহঁতে . . . মোক দুৰ্গন্ধ যেন কৰি ব্যাকুল কৰিলিহঁক। —আদি. ৩৪:৩০.
যাকোবে বহুতো সমস্যা সন্মুখীন হʼবলগীয়া হʼল। যাকোবৰ দুজন লʼৰা চিমিয়োন আৰু লেবীয়ে নিজৰ পৰিয়ালৰ সন্মান নাইকিয়া কৰিলে আৰু যিহোৱাৰ নাম বদনাম কৰিলে। ইয়াৰ উপৰিও যাকোবে তেওঁৰ মৰমৰ পত্নী ৰাহেলক তেওঁলোকৰ দ্বিতীয় সন্তানক জন্ম দিয়াৰ সময়ত মৃত্যুত হেৰুৱালে। এটা ডাঙৰ আকাল হোৱাৰ বাবে যাকোবৰ ইচ্ছা নথকাৰ সত্ত্বেও বৃদ্ধ বয়সত তেওঁক মিচৰলৈ গৈ তাতে থাকিবলগীয়া হʼল। (আদি. ৩৫:১৬-১৯; ৩৭:২৮; ৪৫:৯-১১, ২৮) ইমানবোৰ সমস্যা সন্মুখীন হোৱাৰ সত্ত্বেও যাকোবে যিহোৱা আৰু তেওঁৰ প্ৰতিজ্ঞাৰ ওপৰত বিশ্বাস কৰি থাকিল আৰু যিহোৱাইয়ো সকলো সময়তে তেওঁক সহায় কৰিলে। যেনে, যিহোৱাই তেওঁৰ সম্পত্তি বঢ়ালে। চিন্তা কৰকচোন, যেতিয়া যাকোবে ইমান বছৰৰ পাছত যোচেফক আকৌ লগ পালে, তেতিয়া তেওঁ যিহোৱাৰ প্ৰতি কিমান কৃতজ্ঞ হʼল। যিহোৱাৰ লগত যাকোবৰ এটা ভাল সম্পৰ্ক আছিল। সেইবাবে, তেওঁ ইমানবোৰ সমস্যা সাহসেৰে সন্মুখীন হʼব পাৰিলে। (আদি. ৩০:৪৩; ৩২:৯, ১০; ৪৬:২৮-৩০) যিহোৱাৰ লগত ভাল সম্পৰ্ক থাকিলে আমিও হঠাতে অহা সমস্যাবোৰ সাহসেৰে সন্মুখীন হʼব পাৰিম। w২৩.০৪ ১৫ ¶৬-৭
বৃহস্পতিবাৰ, ২৪ জুলাই
যিহোৱা মোৰ ৰক্ষক; মোৰ অভাৱ নহব।—গীত. ২৩:১.
গীতমালা ২৩-ত দায়ূদে কৈছিল যে যিহোৱাই তেওঁক প্ৰেম কৰে আৰু তেওঁৰ বিষয়ে চিন্তা কৰে বুলি দায়ূদৰ সম্পূৰ্ণ বিশ্বাস আছে। দায়ূদ আৰু যিহোৱাৰ মাজৰ সম্পৰ্ক কিমান গভীৰ হয় তাক দেখুৱাবলৈ দায়ূদে যিহোৱাক ৰখীয়া বুলি কʼলে। যিহোৱাই দেখুৱা পথত চলি দায়ূদে সুৰক্ষিত অনুভৱ কৰিছিল। তেওঁ সম্পূৰ্ণৰূপে যিহোৱাৰ ওপৰত নিৰ্ভৰ কৰিছিল। তেওঁ জানিছিল যে যিহোৱাই গোটেই জীৱন তেওঁক প্ৰকৃত প্ৰেম কৰি থাকিব। দায়ূদৰ কিয় ইমান বিশ্বাস আছিল? যিহোৱাই দায়ূদৰ যত্ন লৈ আছে বুলি তেওঁ অনুভৱ কৰিছিল। কিয়নো যিহোৱাই সদায় তেওঁৰ সকলো প্ৰয়োজনীয়তা পূৰ কৰিছিল। দায়ূদে এয়াও জানিছিল যে যিহোৱা তেওঁৰ বন্ধু হয় আৰু যিহোৱা তেওঁৰ পৰা আনন্দিত আছে। সেইবাবে, তেওঁৰ সম্পূৰ্ণ ভৰসা আছিল যে আগলৈ গৈ তেওঁৰ লগত যিয়েই নহওক কিয়, যিহোৱাই তেওঁক চম্ভালিব। দায়ূদে জানিছিল যে যিহোৱাই তেওঁক ইমানেই প্ৰেম কৰে যে সদায় তেওঁৰ যত্ন লʼব। সেইবাবে, ইমান চিন্তা থকাৰ সত্ত্বেও তেওঁ আনন্দিত থাকিব পাৰিলে।—গীত. ১৬:১১. w২৪.০১ ২৯ ¶১২-১৩
শুক্ৰবাৰ, ২৫ জুলাই
জগতৰ ব্যৱস্থাৰ শেষ সময়লৈকে মই সদায় তোমালোকৰ লগত থাকিম।—মথি ২৮:২০.
দ্বিতীয় বিশ্ব যুদ্ধৰ পাছত যিহোৱাৰ লোকসকলে বহুতো দেশত শান্তিৰে আৰু কোনো বাধা নোহোৱাকৈ প্ৰচাৰ কৰিব পাৰিছে। ঈশ্বৰৰ সেৱকসকলে গোটেই পৃথিৱীত লোকসকলক শুভবাৰ্তা প্ৰচাৰ কৰি আছে আৰু বহুতো লোকে যিহোৱাৰ বিষয়ে জানিব পাৰিছে। প্ৰশাসন গোষ্ঠীৰ ভাইসকলে সদায় এয়া জানিবলৈ চেষ্টা কৰে যে যীচুৱে তেওঁলোকৰ পৰা কি বিচাৰে আৰু তেওঁলোকে যিহোৱা আৰু যীচুৰ চিন্তাধাৰা অনুসৰি ভাই-ভনীসকলক নিৰ্দেশনা দিব বিচাৰে। তেওঁলোকে এই নিৰ্দেশনাবোৰ চাৰ্কিট ওভাৰচিয়াৰ আৰু প্ৰাচীনসকলৰ জৰিয়তে মণ্ডলীবোৰত দিয়ে। অভিষিক্ত প্ৰাচীন আৰু মণ্ডলীৰ আন সকলো প্ৰাচীন খ্ৰীষ্টৰ “সোঁ হাতত” আছে। (প্ৰকা. ২:১) যিদৰে মোচি, যিহোচূৱা আৰু পাঁচনিসকলৰ পৰা কেতিয়াবা কেতিয়াবা ভুল হৈছিল, ঠিক সেইদৰে প্ৰাচীনসকলৰ পৰাও ভুল হয়, কিয়নো তেওঁলোক অসিদ্ধ। (গণ. ২০:১২; যিহো. ৯:১৪, ১৫; ৰোম. ৩:২৩) তথাপি খ্ৰীষ্টই বুদ্ধিমতাৰে বিশ্বাসী আৰু বুদ্ধিমান দাস আৰু প্ৰাচীনসকলক নিৰ্দেশনা দি আছে তাৰ প্ৰমাণ স্পষ্টকৈ দেখিবলৈ পোৱা যায়। সেইবাবে, প্ৰাচীনসকলৰ পৰা পোৱা নিৰ্দেশনাবোৰৰ ওপৰত আমি সম্পূৰ্ণৰূপে ভৰসা কৰিব পাৰোঁ, যিসকলৰ জৰিয়তে আজি খ্ৰীষ্টই নিজৰ লোকসকলৰ নেতৃত্ব লৈ আছে। w২৪.০২ ২৩-২৪ ¶১৩-১৪
শনিবাৰ, ২৬ জুলাই
ঈশ্বৰৰ প্ৰিয় লʼৰা-ছোৱালীৰ দৰে তেওঁৰ উদাহৰণত চলা। —ইফি. ৫:১.
আজি আমি কেনেকৈ যিহোৱাৰ মন আনন্দিত কৰিব পাৰোঁ? আমি যিহোৱাৰ বিষয়ে লোকসকলৰ লগত এনেদৰে কথা পাতিব পাৰোঁ, যাৰ পৰা প্ৰমাণ হয় যে আমি তেওঁক বহুত প্ৰেম কৰোঁ আৰু সম্পূৰ্ণ হৃদয়েৰে তেওঁৰ প্ৰতি কৃতজ্ঞ আছোঁ। প্ৰচাৰ কৰাৰ সময়ত লোকসকলে যাতে যিহোৱাৰ বিষয়ে জানিব পাৰে, তেওঁক প্ৰেম কৰে আৰু তেওঁৰ ফালে আকৰ্ষিত হৈ আহে, তাৰ বাবে চেষ্টা কৰোঁ। (যাকো. ৪:৮) বাইবেলৰ পৰা যিহোৱাৰ গুণবোৰৰ বিষয়ে জনাবলৈও আমাক বহুত ভাল লাগে। যেনে: তেওঁৰ প্ৰেম, ন্যায়, বুদ্ধি, শক্তি আৰু এনেধৰণৰ আন গুণবোৰৰ বিষয়ে। এইদৰে আমি যিহোৱাৰ নাম প্ৰশংসা কৰোঁ। ইয়াৰ উপৰিও যেতিয়া আমি যিহোৱাৰ দৰে হʼবলৈ চেষ্টা কৰোঁ, তেতিয়াও তেওঁৰ নাম প্ৰশংসা কৰোঁ আৰু তেওঁৰ মন আনন্দিত কৰোঁ। যেতিয়া আমি এইদৰে কৰোঁ, তেতিয়া কিছুমান লোকে হয়তো এই কথাৰ ওপৰত ধ্যান দিব যে আমি জগতৰ লোকসকলৰ পৰা কিমান বেলেগ। (মথি ৫:১৪-১৬) দৈনন্দিন কামবোৰ কৰাৰ সময়ত যেতিয়া আমি এনেধৰণৰ লোকসকলক লগ পাওঁ, তেতিয়া আমি জগতৰ লোকসকলৰ দৰে কিয় নহয়, তাৰ বিষয়ে তেওঁলোকক জনাবলৈ সুযোগ পাওঁ। সেইবাবে, ভাল মন থকা লোকসকলে যিহোৱাৰ ফালে আকৰ্ষিত হৈ আহে। এই সকলো উপায়েৰে যেতিয়া আমি যিহোৱাৰ প্ৰশংসা কৰোঁ, তেতিয়া তেওঁৰ মন আনন্দিত হয়।—১ তীম. ২:৩, ৪. w২৪.০২ ১০ ¶৭
দেওবাৰ, ২৭ জুলাই
আপত্তিকাৰীবিলাকক অনুযোগ . . . উপদেশৰ অনুৰূপ বিশ্বাসযোগ্য বাক্যত আসক্ত হব লাগে।—তীত ১:৯.
পৰিপক্ক হʼবলৈ আপুনি কিছুমান দক্ষতা শিকা উচিত যিবোৰ আপোনাৰ কামত আহিব। ইয়াৰ পৰা আপুনি মণ্ডলীৰ কিছুমান দায়িত্ব চম্ভালিব পাৰিব, আপুনি চাকৰি পাব পাৰে, যাৰ বাবে আপুনি নিজৰ আৰু নিজৰ পৰিয়ালৰ প্ৰয়োজনীয়তাবোৰ পূৰ কৰিব পাৰিব আৰু আনৰ লগত আপোনাৰ সম্পৰ্ক ভাল হৈ থাকিব। উদাহৰণস্বৰূপে ভালদৰে পঢ়া-লিখা কৰিবলৈ শিকক। বাইবেলত কোৱা হৈছে যে যিজন ব্যক্তিয়ে প্ৰতিদিনে ঈশ্বৰৰ বাক্য পঢ়ে আৰু মনন কৰে, তেওঁলোকে আনন্দত থাকে আৰু নিজৰ সকলো কামত সফল হয়। (গীত. ১:১-৩) গতিকে, প্ৰতিদিনে বাইবেল পঢ়ক। এইদৰে আপুনি যিহোৱাৰ চিন্তাধাৰা জানিব পাৰিব। যিহোৱাৰ চিন্তাধাৰাৰ বিষয়ে জানিলে আপুনি বুজি পাব যে বাইবেলৰ সিদ্ধান্ত কেনেকৈ পালন কৰিব পাৰে আৰু কেনেকৈ ভাল নিৰ্ণয় লʼব পাৰে। (হিতো. ১:২, ৩) মণ্ডলীত এনে ভাইসকলৰ প্ৰয়োজন হয়, যিসকলে সকলোকে বাইবেলৰ পৰা শিকাব পাৰে আৰু ভাল ভাল পৰামৰ্শ দিব পাৰে। যদি আপুনি ভালদৰে পঢ়া-লিখা কৰিবলৈ শিকে, তেনেহʼলে আপুনি ভালদৰে ভাষণ তৈয়াৰী কৰিব পাৰিব আৰু এনে উত্তৰ দিব পাৰিব, যাৰ পৰা ভাই-ভনীসকলৰ বিশ্বাস মজবুত হʼব আৰু তেওঁলোকে কিছুমান কথা শিকিব পাৰিব। ইয়াৰ উপৰিও আপুনি যি নোটচ্ লʼব, তাৰ পৰা অকল আপোনাৰে লাভ নহʼব, আপুনি আনকো উৎসাহিত কৰিব পাৰিব। w২৩.১২ ২৬-২৭ ¶৯-১১
সোমবাৰ, ২৮ জুলাই
জগতত থকা জনতকৈ তোমালোকত থকা জনাই মহান।—১ যোহ. ৪:৪.
যেতিয়া আপোনাক ভয় লাগে, তেতিয়া চিন্তা কৰক যে আগলৈ গৈ যিহোৱাই কি কি কৰিব। তেওঁ চয়তানক একেবাৰে ধ্বংস কৰিব। এই বিষয়ে ২০১৪ চনৰ আঞ্চলিক অধিৱেশনৰ এটা প্ৰদৰ্শনত দেখুৱা হৈছিল। সেই প্ৰদৰ্শনত এজন পিতৃয়ে নিজৰ পৰিয়ালৰ লগত আলোচনা কৰিছিল যে ২ তীমথিয় ৩:১-৫ পদত প্ৰমোদবনৰ বিষয়ে কোৱা হʼলে তাত হয়তো এইদৰে লিখা হʼলহেঁতেন, “কিন্তু নতুন পৃথিৱীত আনন্দময় পৰিস্থিতি হʼব, কিয়নো সেই কালত মানুহবিলাকে সকলোকে প্ৰেম কৰিব, ধন লুভীয়া নহʼব, দৰ্পী নহʼব, অহংকাৰী নহʼব, নিন্দক নহʼব, পিতৃ-মাতৃক মানিব, উপকাৰ মানিব, পৱিত্ৰ, স্নেহৱান, সকলো কথাতে সন্মত হʼব, আনৰ ভালৰ বিষয়ে কʼব, ইন্দ্ৰিয় দমন কৰিব, কোমল স্বভাৱী হʼব, সাধুক প্ৰেম কৰিব, বিশ্বাসী, আনক সন্মান কৰিব, দয়ালু, ঈশ্বৰ প্ৰিয়, ভক্তিৰ কাম কৰিব, এনে মানুহৰ লগত থাকিবা।” নতুন পৃথিৱীত আমাৰ জীৱন কেনেকুৱা হʼব, তাৰ বিষয়ে আপুনি নিজৰ পৰিয়াল বা ভাই-ভনীসকলৰ লগত আলোচনা কৰে নে? w২৪.০১ ৬ ¶১৩-১৪
মঙ্গলবাৰ, ২৯ জুলাই
তোমাক মই গ্ৰহণ কৰিলোঁ। —লূক ৩:২২.
যিহোৱাই নিজৰ সকলো সেৱকক গ্ৰহণ কৰে, এয়া জানি আমি সঁচাকৈ বহুত শান্ত্বনা লাভ কৰোঁ। বাইবেলত লিখা আছে, “যিহোৱাই নিজ প্ৰজাবিলাকত সন্তোষ পায়।” (গীত. ১৪৯:৪) কিন্তু কেতিয়াবা কেতিয়াবা আমি বহুত নিৰাশ হৈ যাব পাৰোঁ আৰু ভাবিব পাৰোঁ যে ‘যিহোৱাই মোৰ পৰা আনন্দিত আছে নে?’ প্ৰাচীন সময়ত যিহোৱাৰ বহুতো বিশ্বাসী সেৱকৰ মনতো এনেধৰণৰ ভাৱনা আহিছিল। (১ চমূ. ১:৬-১০; ইয়ো. ২৯:২, ৪, ৬; গীত. ৫১:১১) বাইবেলৰ পৰা স্পষ্টকৈ জানিব পাৰি যে অসিদ্ধ লোকসকলেও যিহোৱাৰ অনুমোদন পাব পাৰে অৰ্থাৎ তেওঁক আনন্দিত কৰিব পাৰে। কিন্তু আমি এয়া কেনেকৈ কৰিব পাৰোঁ? আমি যীচু খ্ৰীষ্টৰ ওপৰত বিশ্বাস কৰিব লাগিব আৰু বাপ্তিষ্মা লʼব লাগিব। (যোহ. ৩:১৬) বাপ্তিষ্মা লোৱাৰ যোগেদি আমি দেখুৱাওঁ যে আমি নিজৰ পাপবোৰ অনুতাপ কৰিলোঁ আৰু ঈশ্বৰক প্ৰতিজ্ঞা কৰিলোঁ যে আমি তেওঁৰ ইচ্ছা পূৰ কৰিম। (পাঁচ. ২:৩৮; ৩:১৯) এইদৰে কৰাৰ যোগেদি আমি যিহোৱাৰ বন্ধু হʼবলৈ চেষ্টা কৰোঁ আৰু ইয়াৰ পৰা যিহোৱা বহুত আনন্দিত হয়। যদি আমি সমৰ্পণৰ প্ৰতিজ্ঞা পূৰ কৰিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰোঁ, তেনেহʼলে যিহোৱাই আমাৰ পৰা আনন্দিত হʼব আৰু আমাক নিজৰ বন্ধু বুলি কʼব।—গীত. ২৫:১৪. w২৪.০৩ ২৬ ¶১-২
বুধবাৰ, ৩০ জুলাই
আমি যিহকে দেখিলোঁ, শুনিলোঁ, তাকে নকৈ থাকিব নোৱাৰোঁ। —পাঁচ. ৪:২০.
চৰকাৰী অধিকাৰীসকলে যদি প্ৰচাৰ কাম কৰিবলৈ মানা কৰে, তেনেহʼলে প্ৰথম শতিকাৰ শিষ্যসকলৰ দৰে আমি প্ৰচাৰ কৰি থাকিম। আমি সম্পূৰ্ণ ভৰসা ৰাখিব পাৰোঁ যে যিহোৱাই আমাক তেওঁৰ সেৱা ভালদৰে কৰিবলৈ সহায় কৰিব। গতিকে সাহসেৰে সমস্যাৰ সন্মুখীন হʼবলৈ যিহোৱাৰ পৰা সহায় বিচাৰক। আমাৰ মাজৰ বহুতো লোকে বেমাৰত ভুগি আছে বা আন কিবা সমস্যাৰ বাবে নিৰাশাত আছে। হয়তো আমাৰ কোনো আপোনজনাৰ মৃত্যু হৈছে, পৰিয়ালত কিবা সমস্যা হৈছে, বিৰোধ কৰা হৈছে বা আমি আন কিবা সমস্যাৰ সন্মুখীন হৈছোঁ। ইয়াৰ লগতে মহামাৰী আৰু যুদ্ধৰ কাৰণে এই সমস্যাবোৰ সন্মুখীন হʼবলৈ কঠিন হৈছে। সেইবাবে, হৃদয় খুলি যিহোৱালৈ প্ৰাৰ্থনা কৰক। উদাহৰণস্বৰূপে, যেনেকৈ আমি নিজৰ বন্ধুক মনৰ সকলো কথা জনাওঁ, ঠিক সেইদৰে যিহোৱাক জনাওক যে আপুনি কেনে অনুভৱ কৰিছে। আপুনি সম্পূৰ্ণ ভৰসা ৰাখিব পাৰে যে যিহোৱাই আপোনাৰ সহায়ৰ বাবে “কাৰ্য্য” কৰিব। (গীত. ৩৭:৩, ৫) প্ৰাৰ্থনাত লাগি থাকিলে আমি ‘ক্লেশৰ সময়ত’ ধৈৰ্য্য ধৰিব পাৰোঁ। (২ কৰি. ১:৪) যিহোৱাই জানে যে তেওঁৰ সেৱকসকলে কেনে পৰিস্থিতিৰ সন্মুখীন হৈছে আৰু তেওঁ “সিবিলাকৰ কাতৰোক্তি শুনি সিবিলাকক ত্ৰাণ কৰিব।”—গীত. ১৪৫:১৮, ১৯. w২৩.০৫ ৫-৬ ¶১২-১৫
বৃহস্পতিবাৰ, ৩১ জুলাই
চালি-জাৰি চাই নিশ্চিত কৰি থাকা যে প্ৰভুৱে কি বিষয়বোৰ গ্ৰহণ কৰে।—ইফি. ৫:১০.
যেতিয়া আমি গুৰুত্বপূৰ্ণ নিৰ্ণয় লʼবলগীয়া হয়, তেতিয়া এয়া জানিবলৈ চেষ্টা কৰা উচিত যে সেই বিষয়ত যিহোৱাৰ ইচ্ছা কি আৰু সেই অনুসৰি কাম কৰা উচিত। (ইফি. ৫:১৭) এনে পৰিস্থিতিত যেতিয়া আমি বাইবেলৰ সিদ্ধান্তবোৰ জানিবলৈ চেষ্টা কৰোঁ, তেতিয়া আমি সেই বিষয়ত যিহোৱাৰ চিন্তাধাৰা জানিব পাৰোঁ। তাৰ পাছত আমি সেই সিদ্ধান্তৰ অনুসৰি সঠিক নিৰ্ণয় লʼব পাৰোঁ। চয়তান বহুত দুষ্ট হয়, সি সদায় চেষ্টা কৰি থাকে যে আমি জগতৰ কামত ইমানেই ব্যস্ত হৈ যাওঁ যে যিহোৱাৰ সেৱাৰ বাবে আমাৰ ওচৰত সময়ে নাথাকে। (১ যোহ. ৫:১৯) সেইবাবে, হয়তো এজন খ্ৰীষ্টানে টকা-পইচা গোটাবলৈ, পঢ়া-শুনা কৰিবলৈ আৰু কেৰিয়াৰ বনাবলৈ ইমানেই ব্যস্ত হৈ যায় যে তেওঁ যিহোৱাৰ সেৱা ভালদৰে কৰিব নোৱাৰে। যদি এজন খ্ৰীষ্টানৰ লগত এইদৰে হয়, তেনেহʼলে ইয়াৰ অৰ্থ হৈছে যে জগতৰ চিন্তাধাৰাই তেওঁৰ ওপৰত প্ৰভাৱ পেলাইছে। টকা-পইচা গোটোৱা আৰু পঢ়া-শুনা কৰাটো কোনো ভুল নহয়, কিন্তু আমি কেতিয়াও এই কামবোৰক নিজৰ জীৱনত প্ৰথম স্থান দিয়া উচিত নহয়। w২৪.০৩ ২৪ ¶১৬-১৭