ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
লগ আউট
লগ ইন
ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
আদৰণি জনাইছোঁ।
যিহোৱাৰ সাক্ষীসকলে ছপা কৰা প্ৰকাশনবোৰ বিভিন্ন ভাষাত চাবলৈ ব্যৱহাৰ কৰা ই এক অনুসন্ধানৰ সঁজুলি।
প্ৰকাশন ডাউনল’ড কৰিবলৈ অনুগ্ৰহ কৰি jw.org যাব পাৰে।
  • আজি

শুক্ৰবাৰ, ১২ ছেপ্টেম্বৰ

এই জগতৰ দৃশ্য সলনি হৈ আছে।—১ কৰি. ৭:৩১.

সাল-সলনি কৰিবলৈ সাজু থাকক। আমি নিজকে সুধিব পাৰোঁ, ‘লোকসকলে মোৰ বিষয়ে কি ভাবে? মই দয়া দেখুৱা ব্যক্তি হওঁনে? মই ঢাল খাবলৈ বা সাল-সলনি কৰিবলৈ সাজু থাকোঁনে? বা তেওঁলোকে মোক কঠোৰ বা একেটা কথাতে লাগি থকা লোক বুলি ভাবে? বা মই আনৰ কথা শুনিবলৈ সাজু থাকোঁ আৰু প্ৰয়োজন হʼলে তেওঁলোকৰ কথা মানি লওঁ?’ যিমানেই আমি আনক দয়া দেখুৱাওঁ আৰু সাল-সলনি কৰিবলৈ সাজু থাকোঁ, সিমানেই আমি যিহোৱা আৰু যীচুৰ দৰে হ’ম। পৰিস্থিতি সলনি হ’লে আমাৰ বাবে সাল-সলনি কৰাটো প্ৰয়োজন হৈ পৰে। কিছুমান সাল-সলনিৰ বাবে আমাৰ ওচৰত এনে সমস্যাবোৰ আহিব পাৰে যাৰ বিষয়ে আমি হয়তো ভবাও নাই। হয়তো হঠাতে আমাৰ স্বাস্থ্য বেয়া হʼব পাৰে বা আৰ্থিক বা ৰাজনৈতিক সাল-সলনিৰ বাবে হয়তো হঠাতে আমাৰ জীৱন সলনি হʼব পাৰে। (উপ. ৯:১১) হয়তো যিহোৱাৰ সংগঠনত আমাক যি দায়িত্ব দিয়া হৈছে, তাত কিছুমান সাল-সলনি হʼব পাৰে। যদি আমি তলত কোৱা চাৰিটা পদক্ষেপ লওঁ, তেনেহʼলে আমি সহজতে নতুন পৰিস্থিতিৰ লগত নিজকে খাপ খোৱাব পাৰিম। (১) পৰিস্থিতি সলনি হʼল বুলি মানি লওক, (২) আগলৈ চাওক, (৩) ভাল কথাবোৰলৈ মন দিয়ক আৰু (৪) আনৰ বাবে কিবা কৰক। w২৩.০৭ ২২ ¶৭-৮

দৈনিক বাইবেল পাঠৰ ওপৰত ধ্যান দিয়ক-২০২৫

শনিবাৰ, ১৩ ছেপ্টেম্বৰ

তুমি [ঈশ্বৰৰ কাৰণে] অতি প্ৰিয়।—দানি. ৯:২৩.

ডেকা কালত ভৱিষ্যতবক্তা দানিয়েলক যিৰূচালেমৰ পৰা বহু দূৰ বাবিললৈ বন্দী কৰি লৈ অনা হৈছিল। যেতিয়া বাবিলৰ অধিকাৰীসকলে তেওঁৰ বাহ্যিক ৰূপ চালে আৰু দেখিলে যে তেওঁত কোনো “ঘুণ” অৰ্থাৎ খুঁত নাই, তেওঁ দেখিবলৈ “সুন্দৰ” আৰু সমাজত ভাল নাম থকা পৰিয়ালৰ হয়, তেতিয়া তেওঁলোকে দানিয়েলক বহুত ভাল পালে। (১ চমূ. ১৬:৭) সেইবাবে, তেওঁলোকে ভাবিলে যে তেওঁলোকে দানিয়েলক শিক্ষা দিব যাতে তেওঁ আগলৈ গৈ ৰাজভৱনত কাম কৰিব পাৰে। (দানি. ১:৩, ৪, ৬) যিহোৱাও দানিয়েলক প্ৰেম কৰিছিল। যিহোৱাই চালে যে তেওঁ অন্তৰৰ পৰা কেনে ব্যক্তি হয়। যিহোৱাই দানিয়েলৰ বিষয়ে কৈছিল যে তেওঁ নোহ আৰু ইয়োবৰ দৰে ভাল মানুহ হয়। নোহ আৰু ইয়োবে বহু বছৰ ধৰি বিশ্বাসেৰে যিহোৱাৰ সেৱা কৰিছিল আৰু তেওঁৰ দৃষ্টিত এটা ভাল নাম অৰ্জন কৰিছিল। কিন্তু আপুনি জানেনে যিহোৱাই যেতিয়া দানিয়েলৰ বিষয়ে এই কথা কৈছিল, তেতিয়া তেওঁ হয়তো মাত্ৰ ১৯-২০ বছৰৰ আছিল। (আদি. ৫:৩২; ৬:৯, ১০; ইয়ো. ৪২:১৬, ১৭; যিহি. ১৪:১৪) দানিয়েল বহু বছৰলৈকে জীয়াই থাকিল আৰু তেওঁৰ জীৱনত বহুতো সমস্যা আহিল। কিন্তু যিহোৱাই তেওঁক কেতিয়াও এৰি নিদিলে আৰু সদায় তেওঁক প্ৰেম কৰি থাকিল।—দানি. ১০:১১, ১৯. w২৩.০৮ ২ ¶১-২

দৈনিক বাইবেল পাঠৰ ওপৰত ধ্যান দিয়ক-২০২৫

দেওবাৰ, ১৪ ছেপ্টেম্বৰ

বহল, দীঘল, ওখ আৰু দ ভালদৰে জানিবলৈ চেষ্টা কৰক।—ইফি. ৩:১৮.

যদি আপুনি এখন ঘৰ কিনিব বিচাৰিছে। তেনেহʼলে আপুনি নিজে গৈ ঘৰখনৰ সকলো ভালদৰে চাব। ঠিক সেইদৰে যেতিয়া আমি বাইবেল পঢ়োঁ আৰু অধ্যয়ন কৰোঁ, তেতিয়াও আমি এইদৰে কৰিব পাৰোঁ। যদি আপুনি খৰ-খেদাকৈ ইয়াক পঢ়ে, তেনেহ’লে আপুনি ইয়াৰ কিছুমান কথাহে গ’ম পাব অৰ্থাৎ ‘ঈশ্বৰৰ বচনসমূহৰ আদিকথাহে।’ (ইব্ৰী ৫:১২) আমি এইদৰে কৰিব নিবিচাৰোঁ। আমি এই বিল্ডিঙৰ ভিতৰলৈ যাব বিচাৰোঁ, অৰ্থাৎ ইয়াৰ সৰু সৰু কথাও ভালদৰে বুজিব বিচাৰোঁ। এনেদৰে কৰিবলৈ প্ৰথমে আমি চিন্তা কৰিব লাগিব যে আমি কি কি সত্যতাৰ ওপৰত বিশ্বাস কৰোঁ আৰু সেইবোৰ ভালদৰে বুজিব লাগিব। তাৰ পাছত আমি সেইবোৰ কিয় বিশ্বাস কৰোঁ এয়া জানিবলৈ চেষ্টা কৰিব লাগিব। ইয়াৰ উপৰিও বাইবেলৰ বেলেগ বেলেগ অংশ এটাই আনটোৰ লগত কেনেকৈ জড়িত হৈ আছে তাক জানিবলৈ চেষ্টা কৰিব লাগিব।ঈশ্বৰৰ বাক্যক আৰু ভালদৰে বুজিবলৈ আমাক ইয়াত লিখা গভীৰ কথাবোৰ আৰু সত্যতাবোৰক জনা উচিত। পাঁচনি পৌলে খ্ৰীষ্টান ভাই-ভনীসকলক ঈশ্বৰৰ বাক্য ভালদৰে অধ্যয়ন কৰিবলৈ অনুৰোধ কৰিছিল যাতে তেওঁলোকে ইয়াৰ দীঘল, বহল, দ আৰু ওখৰ বিষয়ে ভালদৰে বুজিব পাৰে। এইদৰে কৰাৰ যোগেদি তেওঁলোকে নিজৰ বিশ্বাস ‘শিপা ধৰাই আৰু বলৱন্ত হৈ’ বিশ্বাসত টিকি থাকিব পাৰিলেহেতেঁন। (ইফি. ৩:১৪-১৯) আমিও এইদৰে কৰা উচিত। w২৩.১০ ১৮-১৯ ¶১-৩

দৈনিক বাইবেল পাঠৰ ওপৰত ধ্যান দিয়ক-২০২৫
আদৰণি জনাইছোঁ।
যিহোৱাৰ সাক্ষীসকলে ছপা কৰা প্ৰকাশনবোৰ বিভিন্ন ভাষাত চাবলৈ ব্যৱহাৰ কৰা ই এক অনুসন্ধানৰ সঁজুলি।
প্ৰকাশন ডাউনল’ড কৰিবলৈ অনুগ্ৰহ কৰি jw.org যাব পাৰে।
  • অসমীয়া
  • আনলৈ পঠিয়াওক
  • সুবিধা সমূহ
  • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
  • ব্যৱহাৰৰ চৰ্ত
  • গোপনীয়তাৰ চৰ্ত
  • গোপনীয়তা চেটিং
  • JW.ORG
  • লগ ইন
আনলৈ পঠিয়াওক