শনিবাৰ, ১৩ ছেপ্টেম্বৰ
তুমি [ঈশ্বৰৰ কাৰণে] অতি প্ৰিয়।—দানি. ৯:২৩.
ডেকা কালত ভৱিষ্যতবক্তা দানিয়েলক যিৰূচালেমৰ পৰা বহু দূৰ বাবিললৈ বন্দী কৰি লৈ অনা হৈছিল। যেতিয়া বাবিলৰ অধিকাৰীসকলে তেওঁৰ বাহ্যিক ৰূপ চালে আৰু দেখিলে যে তেওঁত কোনো “ঘুণ” অৰ্থাৎ খুঁত নাই, তেওঁ দেখিবলৈ “সুন্দৰ” আৰু সমাজত ভাল নাম থকা পৰিয়ালৰ হয়, তেতিয়া তেওঁলোকে দানিয়েলক বহুত ভাল পালে। (১ চমূ. ১৬:৭) সেইবাবে, তেওঁলোকে ভাবিলে যে তেওঁলোকে দানিয়েলক শিক্ষা দিব যাতে তেওঁ আগলৈ গৈ ৰাজভৱনত কাম কৰিব পাৰে। (দানি. ১:৩, ৪, ৬) যিহোৱাও দানিয়েলক প্ৰেম কৰিছিল। যিহোৱাই চালে যে তেওঁ অন্তৰৰ পৰা কেনে ব্যক্তি হয়। যিহোৱাই দানিয়েলৰ বিষয়ে কৈছিল যে তেওঁ নোহ আৰু ইয়োবৰ দৰে ভাল মানুহ হয়। নোহ আৰু ইয়োবে বহু বছৰ ধৰি বিশ্বাসেৰে যিহোৱাৰ সেৱা কৰিছিল আৰু তেওঁৰ দৃষ্টিত এটা ভাল নাম অৰ্জন কৰিছিল। কিন্তু আপুনি জানেনে যিহোৱাই যেতিয়া দানিয়েলৰ বিষয়ে এই কথা কৈছিল, তেতিয়া তেওঁ হয়তো মাত্ৰ ১৯-২০ বছৰৰ আছিল। (আদি. ৫:৩২; ৬:৯, ১০; ইয়ো. ৪২:১৬, ১৭; যিহি. ১৪:১৪) দানিয়েল বহু বছৰলৈকে জীয়াই থাকিল আৰু তেওঁৰ জীৱনত বহুতো সমস্যা আহিল। কিন্তু যিহোৱাই তেওঁক কেতিয়াও এৰি নিদিলে আৰু সদায় তেওঁক প্ৰেম কৰি থাকিল।—দানি. ১০:১১, ১৯. w২৩.০৮ ২ ¶১-২
দেওবাৰ, ১৪ ছেপ্টেম্বৰ
বহল, দীঘল, ওখ আৰু দ ভালদৰে জানিবলৈ চেষ্টা কৰক।—ইফি. ৩:১৮.
যদি আপুনি এখন ঘৰ কিনিব বিচাৰিছে। তেনেহʼলে আপুনি নিজে গৈ ঘৰখনৰ সকলো ভালদৰে চাব। ঠিক সেইদৰে যেতিয়া আমি বাইবেল পঢ়োঁ আৰু অধ্যয়ন কৰোঁ, তেতিয়াও আমি এইদৰে কৰিব পাৰোঁ। যদি আপুনি খৰ-খেদাকৈ ইয়াক পঢ়ে, তেনেহ’লে আপুনি ইয়াৰ কিছুমান কথাহে গ’ম পাব অৰ্থাৎ ‘ঈশ্বৰৰ বচনসমূহৰ আদিকথাহে।’ (ইব্ৰী ৫:১২) আমি এইদৰে কৰিব নিবিচাৰোঁ। আমি এই বিল্ডিঙৰ ভিতৰলৈ যাব বিচাৰোঁ, অৰ্থাৎ ইয়াৰ সৰু সৰু কথাও ভালদৰে বুজিব বিচাৰোঁ। এনেদৰে কৰিবলৈ প্ৰথমে আমি চিন্তা কৰিব লাগিব যে আমি কি কি সত্যতাৰ ওপৰত বিশ্বাস কৰোঁ আৰু সেইবোৰ ভালদৰে বুজিব লাগিব। তাৰ পাছত আমি সেইবোৰ কিয় বিশ্বাস কৰোঁ এয়া জানিবলৈ চেষ্টা কৰিব লাগিব। ইয়াৰ উপৰিও বাইবেলৰ বেলেগ বেলেগ অংশ এটাই আনটোৰ লগত কেনেকৈ জড়িত হৈ আছে তাক জানিবলৈ চেষ্টা কৰিব লাগিব।ঈশ্বৰৰ বাক্যক আৰু ভালদৰে বুজিবলৈ আমাক ইয়াত লিখা গভীৰ কথাবোৰ আৰু সত্যতাবোৰক জনা উচিত। পাঁচনি পৌলে খ্ৰীষ্টান ভাই-ভনীসকলক ঈশ্বৰৰ বাক্য ভালদৰে অধ্যয়ন কৰিবলৈ অনুৰোধ কৰিছিল যাতে তেওঁলোকে ইয়াৰ দীঘল, বহল, দ আৰু ওখৰ বিষয়ে ভালদৰে বুজিব পাৰে। এইদৰে কৰাৰ যোগেদি তেওঁলোকে নিজৰ বিশ্বাস ‘শিপা ধৰাই আৰু বলৱন্ত হৈ’ বিশ্বাসত টিকি থাকিব পাৰিলেহেতেঁন। (ইফি. ৩:১৪-১৯) আমিও এইদৰে কৰা উচিত। w২৩.১০ ১৮-১৯ ¶১-৩
সোমবাৰ, ১৫ ছেপ্টেম্বৰ
হে ভাইবিলাক, যি ভাববাদীসকলে প্ৰভুৰ নামেৰে কথা কলে, তেওঁবিলাকক ক্লেশ-সহন আৰু ধৰিসহিষ্ণুতাৰ আৰ্হি বুলি মানিবা।—যাকো. ৫:১০.
বাইবেলত বহুতো লোকৰ উদাহৰণ দিয়া হৈছে যিসকলে ধৈৰ্য্যৰে কাম কৰিলে। গতিকে ব্যক্তিগত অধ্যয়নৰ সময়ছোৱাত এনে লোকসকলৰ বিষয়ে অনুসন্ধান কৰক আৰু তেওঁলোকৰ পৰা শিকক। যেনে, আপুনি দায়ূদৰ বিষয়ে অধ্যয়ন কৰিব পাৰে। সৰু থাকোঁতেই তেওঁক ৰজা হোৱাৰ বাবে অভিষিক্ত কৰা হৈছিল। কিন্তু ৰজা হ’বলৈ তেওঁ বহু বছৰ অপেক্ষা কৰিবলগীয়া হ’ল। চিমিয়োন আৰু হান্নাই মচীহক চাবলৈ বহু বছৰলৈকে অপেক্ষা কৰিলে আৰু এই সময়ছোৱাত বিশ্বাসী হৈ তেওঁলোকে যিহোৱাৰ সেৱা কৰি থাকিল। (লূক ২:২৫, ৩৬-৩৮) যেতিয়া আপুনি এই ঘটনাবোৰ পঢ়ে, তেতিয়া এই প্ৰশ্নবোৰৰ বিষয়ে চিন্তা কৰক: ‘এই ব্যক্তিজনে কিয় ধৈৰ্য্যৰে কাম কৰিব পাৰিলে? ধৈৰ্য্য ধৰাৰ বাবে তেওঁৰ কি লাভ হ’ল? মই তেওঁৰ দৰে কেনেকৈ হ’ব পাৰোঁ?’ আপুনি সেই লোকসকলৰ বিষয়েও পঢ়িব পাৰে, যিসকলে ধৈৰ্য্যৰে কাম কৰা নাছিল। (১ চমূ. ১৩:৮-১৪) তেওঁলোকৰ বিষয়ে অধ্যয়ন কৰাৰ সময়ত চিন্তা কৰক, ‘এই ব্যক্তিজনে কিয় ধৈৰ্য্যৰে কাম কৰিব নোৱাৰিলে? ইয়াৰ বাবে তেওঁৰ কি পৰিণাম হ’ল?‘ w২৩.০৮ ২৫ ¶১৫