বুধবাৰ, ১৭ ছেপ্টেম্বৰ
যিবিলাকৰ অধৰ্ম্মম ক্ষমা কৰা হল, আৰু যিবিলাকৰ পাপ ঢকা হল, তেওঁবিলাক ধন্য।—ৰোম. ৪:৭.
যি কোনোৱে ঈশ্বৰৰ ওপৰত বিশ্বাস কৰে, ঈশ্বৰে তেওঁলোকৰ পাপ ঢাকি দিয়ে। তেওঁ তেওঁলোকৰ পাপ সম্পূৰ্ণৰূপে ক্ষমা কৰে আৰু সেইবোৰৰ পুনৰ হিচাপ নলয়। (গীত ৩২:১, ২) এইদৰে তেওঁলোকৰ বিশ্বাসৰ বাবে ঈশ্বৰে তেওঁলোকক নিৰ্দোষী আৰু ভাল ব্যক্তি বুলি ভাবে। যিহোৱা ঈশ্বৰে অব্ৰাহাম, দায়ূদ আৰু আন বিশ্বাসী সেৱকসকলক ভাল ব্যক্তি বুলি কʼলে। কিন্তু তেওঁলোকেও অসিদ্ধ আছিল আৰু তেওঁলোকৰ পৰাও ভুল হৈছিল। তথাপিও তেওঁলোকৰ বিশ্বাসৰ বাবে ঈশ্বৰে তেওঁলোকক ভাল ব্যক্তি বা নিৰ্দোষী বুলি গণ্য কৰিলে। বিশেষকৈ, সেই লোকসকলৰ তুলনাত যিসকলে তেওঁৰ ওপৰত বিশ্বাস কৰা নাছিল। (ইফি. ২:১২) পাঁচনি পৌলে ৰোমীয়া নামৰ নিজৰ চিঠিখনত বুজালে যে যিসকলে ঈশ্বৰৰ ওপৰত বিশ্বাস কৰে, তেওঁলোকে ঈশ্বৰৰ বন্ধু হʼব পাৰে। অব্ৰাহাম আৰু দায়ূদেও ঈশ্বৰৰ বন্ধু হʼব পাৰিলে। কাৰণ তেওঁলোকে ঈশ্বৰৰ ওপৰত বিশ্বাস কৰিছিল। ঠিক সেইদৰে, আজি আমিও যদি ঈশ্বৰৰ ওপৰত বিশ্বাস কৰোঁ, তেনেহʼলে আমি তেওঁৰ বন্ধু হʼব পাৰিম। w২৩.১২ ৩ ¶৬-৭
বৃহস্পতিবাৰ, ১৮ ছেপ্টেম্বৰ
তেওঁৰেই দ্বাৰাই সদায় ঈশ্বৰৰ উদ্দেশে স্তৱৰূপ যজ্ঞ, অৰ্থাৎ তেওঁৰ নাম স্বীকাৰকাৰী ওঁঠৰ ফল উৎসৰ্গ কৰোঁহঁক।—ইব্ৰী ১৩:১৫.
আজি সকলো খ্ৰীষ্টানৰ ওচৰত যিহোৱাক বলিদান দিয়াৰ এটা বিশেষ সুযোগ আছে। আমি ঈশ্বৰৰ ৰাজ্যত কামত নিজৰ সময় আৰু সঁজুলি ব্যৱহাৰ কৰিব পাৰোঁ আৰু বহুত পৰিশ্ৰম কৰিব পাৰোঁ। যেতিয়া আমি যিহোৱাক আটাইতকৈ উত্তম বলিদান দিওঁ, তেতিয়া আমি দেখুৱাওঁ যে আমি তেওঁৰ উপাসনা কৰিবলৈ যি বিশেষ সুযোগ পাইছোঁ, তাৰ প্ৰতি আমি বহুত কৃতজ্ঞ। পাঁচনি পৌলে উপাসনাৰ লগত জড়িত এনে কিছুমান কামৰ বিষয়ে কৈছিল, যিবোৰ কৰাটো আমাৰ সকলোৰে বাবে অতি গুৰুত্বপূৰ্ণ। (ইব্ৰী ১০:২২-২৫) যেনে, যিহোৱালৈ প্ৰাৰ্থনা কৰা, নিজৰ আশাৰ বিষয়ে সকলোৰে আগত ঘোষণা কৰা, মণ্ডলীৰ সভাবোৰত গোট খোৱা আৰু ‘দিন যিমান ওচৰ হোৱা দেখোঁ, সিমান অধিককৈ পৰস্পৰক উদগোৱা।’ এই সকলো কাম কৰাটো অতি গুৰুত্বপূৰ্ণ। সেইবাবে, প্ৰকাশিত বাক্য কিতাপৰ শেষত যিহোৱাৰ এজন স্বৰ্গদূতে দুবাৰ এই কথা কৈছিল ‘ঈশ্বৰক প্ৰণিপাত কৰা।’ (প্ৰকা. ১৯:১০; ২২:৯) গতিকে যিহোৱাৰ মহান লাক্ষণিক মন্দিৰৰ বিষয়ে যিবোৰ কথা শিকিলোঁ, সেইবোৰ কেতিয়াও নাপাহৰোঁ আৰু আমি আমাৰ মহান ঈশ্বৰ যিহোৱাৰ উপাসনা কৰাৰ যি বিশেষ সুযোগ পাইছোঁ সেয়াও নাপাহৰোঁ। w২৩.১০ ২৯ ¶১৭-১৮
শুক্ৰবাৰ, ১৯ ছেপ্টেম্বৰ
পৰস্পৰে প্ৰেম কৰোঁহঁক।—১ যোহ. ৪:৭.
‘আমি পৰস্পৰক প্ৰেম’ কৰাটো সকলোৱে বিচাৰোঁ। কিন্তু যীচুৱে যি কৈছিল, সেয়াও আমি মনত ৰখা উচিত। তেওঁ এবাৰ এইদৰে কৈছিল, “বহুতো লোকৰ প্ৰেম ঠাণ্ডা হৈ পৰিব।” (মথি ২৪:১২) যীচুৱে কোৱাৰ অৰ্থ এয়া নাছিল যে তেওঁৰ শিষ্যসকলৰ প্ৰেম ঠাণ্ডা হʼব। কিন্তু আজি আমি জগতত এইদৰে হোৱাটো দেখিবলৈ পাইছোঁ। লোকসকলৰ প্ৰেম শেষ হʼবলৈ ধৰিছে। সেইবাবে, আমিও সাৱধান হোৱা উচিত যাতে আমি তেওঁলোকৰ দৰ নহওঁ। সেইবাবে, আহক আমি এই গুৰুত্বপূৰ্ণ প্ৰশ্নৰ ওপৰত মন কৰোঁ: আমি নিজৰ ভাই-ভনীসকলক কিমান প্ৰেম কৰোঁ বুলি কেনেকৈ জানিব পাৰোঁ? আমি ভাই-ভনীসকলক কিমান প্ৰেম কৰোঁ, এয়া জনাৰ এটা ভাল উপায় হৈছে কিছুমান পৰিস্থিতিত আমি ভাই-ভনীসকলৰ লগত কেনে ব্যৱহাৰ কৰোঁ, তালৈ ধ্যান দিয়া। (২ কৰি. ৮:৮) এনে এটা পৰিস্থিতিৰ বিষয়ে পাঁচনি পিতৰে কৈছিল। তেওঁ এইদৰে কৈছিল, “বিশেষকৈ তোমালোকৰ মাজত পৰস্পৰে আগ্ৰহযুক্ত প্ৰেম ৰাখা; কিয়নো প্ৰেমে পাপসমূহ ঢাকে।” (১ পিত. ৪:৮) ইয়াৰ অৰ্থ হৈছে যেতিয়া ভাই-ভনীসকলৰ পৰা কিবা ভুল হয় বা তেওঁলোকে এনে কিছুমান কথা কয় অথবা কাম কৰে, যাৰ বাবে আমাক বহুত দুখ লাগে, তেতিয়া আমি কেনে প্ৰতিক্ৰিয়া দেখুৱাও তাৰ পৰা জানিব পাৰি যে আমি তেওঁলোকক কিমান প্ৰেম কৰোঁ। w২৩.১১ ১০-১১ ¶১২-১৩