সোমবাৰ, ১ ছেপ্টেম্বৰ
স্বৰ্গৰ পৰা অহা কৰুণা ৰাতিপুৱাৰ পোহৰৰ দৰে হʼব।—লূক ১:৭৮.
যিহোৱাই যীচুক মানুহৰ সকলো সমস্যা দূৰ কৰাৰ শক্তি দিছে। যীচুৱে যি চমৎকাৰ কৰিলে, তাৰ পৰা গম পোৱা যায় যে তেওঁ এনে সমস্যাবোৰো দূৰ কৰিব পাৰে, যিবোৰ মানুহে কেতিয়াও দূৰ কৰিব নোৱাৰে। তেওঁৰ ওচৰত ইমানেই শক্তি আছে যে তেওঁ বেমাৰ আৰু মৃত্যুক একেবাৰে নাইকিয়া কৰিব পাৰে। আনকি সকলো সমস্যাৰ মূল কাৰণ পাপকো সম্পূৰ্ণৰূপে নাইকিয়া কৰিব পাৰে। (মথি ৯:১-৬; ৰোম. ৫:১২, ১৮, ১৯) যীচুৱে চমৎকাৰ কৰি দেখুৱালে যে তেওঁ ‘সকলো ধৰণৰ’ বেমাৰ দূৰ কৰিব পাৰে আৰু মৃত্যু হোৱা লোকসকলক পুনৰুত্থান কৰিব পাৰে অৰ্থাৎ আকৌ জীয়াই তুলিব পাৰে। (মথি ৪:২৩; যোহ. ১১:৪৩, ৪৪) তেওঁৰ ওচৰত ধুমুহা বতাহকো শান্ত কৰাৰ শক্তি আছে আৰু তেওঁৰ ওচৰত দুষ্ট স্বৰ্গদূতবিলাকেও টিকিব নোৱাৰে। (মাৰ্ক ৪:৩৭-৩৯; লূক ৮:২) যিহোৱাই নিজৰ পুত্ৰ যীচু খ্ৰীষ্টক ইমান কাম কৰিবলৈ শক্তি দিয়া দেখি আমি বৰ উৎসাহিত হওঁ। আমি বিশ্বাস ৰাখিব পাৰোঁ যে ঈশ্বৰে নিজৰ ৰাজ্যত যি আশীৰ্বাদ দিয়াৰ প্ৰতিজ্ঞা কৰিছে, সেয়া আমি নিশ্চয় পাম। পৃথিৱীত থকাৰ সময়ত যীচুৱে যি চমৎকাৰ কৰিছিল, তাৰ পৰা গম পোৱা যায় যে ভৱিষ্যতেও তেওঁ এজন ৰজা হিচাপে আৰু বহুতো ডাঙৰ ডাঙৰ কাম কৰিব। w২৩.০৪ ৩-৪ ¶৫-৭
মঙ্গলবাৰ, ২ ছেপ্টেম্বৰ
পবিত্ৰ শক্তিয়ে . . . সকলো কথা আনকি ঈশ্বৰৰ গভীৰ কথাবোৰো অনুসন্ধান কৰে।—১ কৰি. ২:১০.
যদি আপুনি এখন ডাঙৰ মণ্ডলীত আছে আৰু আপোনাৰ অনুভৱ হৈছে যে বহু বাৰ উত্তৰ দিবলৈ হাত উঠোৱাৰ পাছতো আপুনি সুযোগ পোৱা নাই। তেনেহʼলে আপোনাৰ মনলৈ হয়তো এইদৰে প্ৰশ্ন আহে, ‘হাত উঠাই কি লাভ? কিন্তু এইদৰে নাভাবিব। প্ৰতিটো সভাৰ বাবে বহুতো উত্তৰ তৈয়াৰী কৰক। যদি আপুনি আলোচনাৰ আৰম্ভণিতে উত্তৰ দিবলৈ সুযোগ নাপায়, তেনেহʼলে আলোচনা চলি থকাৰ সময়ত আপুনি উত্তৰ দিবলৈ বহুতো সুযোগ পাব পাৰে। প্ৰহৰীদুৰ্গ অধ্যয়নৰ সময়ত চিন্তা কৰক যে প্ৰতিটো অনুচ্ছেদ লেখৰ বিষয়ৰ লগত কেনেকৈ জড়িত হৈ আছে, এইদৰে আপুনি বহুতো ভাল ভাল উত্তৰ তৈয়াৰী কৰিব পাৰিব, যাৰ পৰা ভাই-ভনীসকলে উৎসাহিত হʼব। ইয়াৰ উপৰিও আপুনি সেই অনুচ্ছেদবোৰৰ উত্তৰ তৈয়াৰী কৰিব পাৰে, যʼত বাইবেলৰ গভীৰ কথাবোৰ বুজোৱা হৈছে। কাৰণ সেইবোৰ বুজি পোৱা ইমান সহজ নহয় আৰু কম ভাই-ভনীয়েহে তাৰ উত্তৰ দিবলৈ হাত উঠাব পাৰে। কিন্তু আপুনি যদি এবাৰো সুযোগ নাপায়, তেনেহʼলে আপুনি কি কৰিব পাৰে? আপুনি ভাগ আগবঢ়োৱা ভাইজনক আগতীয়াকৈ কৈ থʼব পাৰে যে আপুনি কোনটো প্ৰশ্নৰ উত্তৰ দিব বিচাৰে। w২৩.০৪ ২১-২২ ¶৯-১০
বুধবাৰ, ৩ ছেপ্টেম্বৰ
যোচেফে যিহোৱাৰ স্বৰ্গদূতে যি কৈছিল, ঠিক সেইদৰেই কৰিলে। তেওঁ নিজৰ পত্নীক ঘৰলৈ লৈ আহিলে। —মথি ১:২৪.
যোচেফে যিহোৱাই দিয়া নিৰ্দেশনা লগে লগে পালন কৰিলে। সেইবাবে, তেওঁ এজন ভাল স্বামী হʼব পাৰিলে। বাইবেলত এনে তিনিটা ঘটনাৰ বিষয়ে উল্লেখ আছে, যেতিয়া যিহোৱাই পৰিয়ালৰ বিষয়ে তেওঁক নিৰ্দেশনা দিছিল। যদিও সেই নিৰ্দেশনাবোৰ পালন কৰিবলৈ যোচেফক বহুতো ডাঙৰ ডাঙৰ সাল-সলনি কৰাৰ প্ৰয়োজন আছিল, তথাপি তেওঁ প্ৰতিবাৰে যিহোৱাৰ নিৰ্দেশনা মানিলে। (মথি ১:২০; ২:১৩-১৫, ১৯-২১) যিহোৱাৰ পৰামৰ্শ মানি যোচেফে মৰিয়মক সুৰক্ষা দিব পাৰিলে, তাইক সহযোগ কৰিব পাৰিলে আৰু তাইৰ প্ৰয়োজনীয়তাবোৰ পূৰ কৰিব পাৰিলে। চিন্তা কৰকচোন, যেতিয়া মৰিয়মে দেখিলে যে যোচেফে কেনেকৈ যিহোৱাৰ নিৰ্দেশনাবোৰ মানি আছে, তেতিয়া মৰিয়মে হয়তো কেনেকৈ তেওঁক আৰু বেছিকৈ প্ৰেম আৰু সন্মান কৰিবলৈ ধৰিলে! স্বামীসকল, আপোনালোকেও পৰিয়ালৰ চোৱা-চিতা কৰাৰ ক্ষেত্ৰত বাইবেলৰ পৰামৰ্শ মানি যোচেফৰ নিচিনা হʼব পাৰে। এনে কৰিবলৈ হয়তো আপোনাক ডাঙৰ ডাঙৰ সাল-সলনি কৰিবলগীয়া হʼব পাৰে। কিন্তু এনে কৰাৰ যোগেদি আপুনি নিজৰ পত্নীক প্ৰেম কৰে বুলি দেখুৱাব পাৰে। এইদৰে আপোনালোকৰ সম্পৰ্ক আৰু মজবুত হʼব। বনুআটু দেশত থকা এগৰাকী ভনীৰ বিয়া হোৱা ২০ বছৰতকৈ বেছি হʼল। তেওঁ এইদৰে কৈছে, “যেতিয়া মোৰ স্বামীয়ে এয়া জানিবলৈ চেষ্টা কৰে যে কোনো এটা বিষয়ত যিহোৱাই কি পৰামৰ্শ দিছে আৰু তাক পালন কৰে, তেতিয়া মই তেওঁক আৰু বেছিকৈ সন্মান কৰিবলৈ ধৰোঁ। মোৰ বিশ্বাস আছে যে তেওঁ যি নিৰ্ণয় লʼব, সেয়া সঠিক হʼব আৰু মই কোনো কথাৰ বাবে চিন্তিত নহওঁ।”w২৩.০৫ ২১ ¶৫