ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
লগ আউট
লগ ইন
ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
আদৰণি জনাইছোঁ।
যিহোৱাৰ সাক্ষীসকলে ছপা কৰা প্ৰকাশনবোৰ বিভিন্ন ভাষাত চাবলৈ ব্যৱহাৰ কৰা ই এক অনুসন্ধানৰ সঁজুলি।
প্ৰকাশন ডাউনল’ড কৰিবলৈ অনুগ্ৰহ কৰি jw.org যাব পাৰে।
  • আজি

মঙ্গলবাৰ, ২ ছেপ্টেম্বৰ

পবিত্ৰ শক্তিয়ে . . . সকলো কথা আনকি ঈশ্বৰৰ গভীৰ কথাবোৰো অনুসন্ধান কৰে।—১ কৰি. ২:১০.

যদি আপুনি এখন ডাঙৰ মণ্ডলীত আছে আৰু আপোনাৰ অনুভৱ হৈছে যে বহু বাৰ উত্তৰ দিবলৈ হাত উঠোৱাৰ পাছতো আপুনি সুযোগ পোৱা নাই। তেনেহʼলে আপোনাৰ মনলৈ হয়তো এইদৰে প্ৰশ্ন আহে, ‘হাত উঠাই কি লাভ? কিন্তু এইদৰে নাভাবিব। প্ৰতিটো সভাৰ বাবে বহুতো উত্তৰ তৈয়াৰী কৰক। যদি আপুনি আলোচনাৰ আৰম্ভণিতে উত্তৰ দিবলৈ সুযোগ নাপায়, তেনেহʼলে আলোচনা চলি থকাৰ সময়ত আপুনি উত্তৰ দিবলৈ বহুতো সুযোগ পাব পাৰে। প্ৰহৰীদুৰ্গ অধ্যয়নৰ সময়ত চিন্তা কৰক যে প্ৰতিটো অনুচ্ছেদ লেখৰ বিষয়ৰ লগত কেনেকৈ জড়িত হৈ আছে, এইদৰে আপুনি বহুতো ভাল ভাল উত্তৰ তৈয়াৰী কৰিব পাৰিব, যাৰ পৰা ভাই-ভনীসকলে উৎসাহিত হʼব। ইয়াৰ উপৰিও আপুনি সেই অনুচ্ছেদবোৰৰ উত্তৰ তৈয়াৰী কৰিব পাৰে, যʼত বাইবেলৰ গভীৰ কথাবোৰ বুজোৱা হৈছে। কাৰণ সেইবোৰ বুজি পোৱা ইমান সহজ নহয় আৰু কম ভাই-ভনীয়েহে তাৰ উত্তৰ দিবলৈ হাত উঠাব পাৰে। কিন্তু আপুনি যদি এবাৰো সুযোগ নাপায়, তেনেহʼলে আপুনি কি কৰিব পাৰে? আপুনি ভাগ আগবঢ়োৱা ভাইজনক আগতীয়াকৈ কৈ থʼব পাৰে যে আপুনি কোনটো প্ৰশ্নৰ উত্তৰ দিব বিচাৰে। w২৩.০৪ ২১-২২ ¶৯-১০

দৈনিক বাইবেল পাঠৰ ওপৰত ধ্যান দিয়ক-২০২৫

বুধবাৰ, ৩ ছেপ্টেম্বৰ

যোচেফে যিহোৱাৰ স্বৰ্গদূতে যি কৈছিল, ঠিক সেইদৰেই কৰিলে। তেওঁ নিজৰ পত্নীক ঘৰলৈ লৈ আহিলে। —মথি ১:২৪.

যোচেফে যিহোৱাই দিয়া নিৰ্দেশনা লগে লগে পালন কৰিলে। সেইবাবে, তেওঁ এজন ভাল স্বামী হʼব পাৰিলে। বাইবেলত এনে তিনিটা ঘটনাৰ বিষয়ে উল্লেখ আছে, যেতিয়া যিহোৱাই পৰিয়ালৰ বিষয়ে তেওঁক নিৰ্দেশনা দিছিল। যদিও সেই নিৰ্দেশনাবোৰ পালন কৰিবলৈ যোচেফক বহুতো ডাঙৰ ডাঙৰ সাল-সলনি কৰাৰ প্ৰয়োজন আছিল, তথাপি তেওঁ প্ৰতিবাৰে যিহোৱাৰ নিৰ্দেশনা মানিলে। (মথি ১:২০; ২:১৩-১৫, ১৯-২১) যিহোৱাৰ পৰামৰ্শ মানি যোচেফে মৰিয়মক সুৰক্ষা দিব পাৰিলে, তাইক সহযোগ কৰিব পাৰিলে আৰু তাইৰ প্ৰয়োজনীয়তাবোৰ পূৰ কৰিব পাৰিলে। চিন্তা কৰকচোন, যেতিয়া মৰিয়মে দেখিলে যে যোচেফে কেনেকৈ যিহোৱাৰ নিৰ্দেশনাবোৰ মানি আছে, তেতিয়া মৰিয়মে হয়তো কেনেকৈ তেওঁক আৰু বেছিকৈ প্ৰেম আৰু সন্মান কৰিবলৈ ধৰিলে! স্বামীসকল, আপোনালোকেও পৰিয়ালৰ চোৱা-চিতা কৰাৰ ক্ষেত্ৰত বাইবেলৰ পৰামৰ্শ মানি যোচেফৰ নিচিনা হʼব পাৰে। এনে কৰিবলৈ হয়তো আপোনাক ডাঙৰ ডাঙৰ সাল-সলনি কৰিবলগীয়া হʼব পাৰে। কিন্তু এনে কৰাৰ যোগেদি আপুনি নিজৰ পত্নীক প্ৰেম কৰে বুলি দেখুৱাব পাৰে। এইদৰে আপোনালোকৰ সম্পৰ্ক আৰু মজবুত হʼব। বনুআটু দেশত থকা এগৰাকী ভনীৰ বিয়া হোৱা ২০ বছৰতকৈ বেছি হʼল। তেওঁ এইদৰে কৈছে, “যেতিয়া মোৰ স্বামীয়ে এয়া জানিবলৈ চেষ্টা কৰে যে কোনো এটা বিষয়ত যিহোৱাই কি পৰামৰ্শ দিছে আৰু তাক পালন কৰে, তেতিয়া মই তেওঁক আৰু বেছিকৈ সন্মান কৰিবলৈ ধৰোঁ। মোৰ বিশ্বাস আছে যে তেওঁ যি নিৰ্ণয় লʼব, সেয়া সঠিক হʼব আৰু মই কোনো কথাৰ বাবে চিন্তিত নহওঁ।”w২৩.০৫ ২১ ¶৫

দৈনিক বাইবেল পাঠৰ ওপৰত ধ্যান দিয়ক-২০২৫

বৃহস্পতিবাৰ, ৪ ছেপ্টেম্বৰ

এক ৰাজপথ তৈয়াৰ কৰা হব; সেয়ে পবিত্ৰ আলি বুলি প্ৰখ্যাত হব।—যিচ. ৩৫:৮.

যিসকল যিহূদী নিজৰ দেশলৈ উভতি গৈছিল, তেওঁলোকক ঈশ্বৰৰ “পবিত্ৰ প্ৰজা” হোৱাৰ প্ৰয়োজন আছিল। (দ্বিতী. ৭:৬) কিন্তু ইয়াৰ অৰ্থ এয়া নাছিল যে তেওঁলোকে এতিয়া যিহোৱাক আনন্দিত কৰিবলৈ কোনো পৰিৱৰ্তন কৰাৰ প্ৰয়োজন নাছিল। বাবিলত থকা বেছিভাগ যিহূদীৰ জন্ম তাতেই হৈছিল আৰু এনে লাগিছিল যেন তেওঁলোকে বাবিলত থকা লোকসকলৰ নিচিনা ভাবিছিল আৰু আচাৰ-ব্যৱহাৰ কৰিছিল। আৰম্ভণিতে যিহূদীসকলে ইস্ৰায়েললৈ উভতি যোৱাৰ বহু বছৰৰ পাছত যেতিয়া ৰাজ্যপাল নহিমিয়াই আহি দেখিলে যে ইস্ৰায়েলত জন্ম হোৱা লʼৰা-ছোৱালীবিলাকে যিহূদী ভাষা কʼব নাজানে, তেতিয়া তেওঁক বহুত দুখ লাগিল। (দ্বিতী. ৬:৬, ৭; নহি. ১৩:২৩, ২৪) ঈশ্বৰৰ বাক্যৰ বেছিভাগ অংশই ইব্ৰী ভাষাত লিখা আছিল। কিন্তু এই লʼৰা-ছোৱালীবিলাকে ইব্ৰী ভাষা বুজিয়েই পোৱা নাছিল। গতিকে তেওঁলোকে যিহোৱাক প্ৰেম কৰিবলৈ আৰু তেওঁৰ উপাসনা কৰাৰ বিষয়ে কেনেকৈ জানিব পাৰিলেহেঁতেন? (ইজ্ৰা ১০:৩, ৪৪) এই উদাহৰণৰ পৰা জানিব পাৰি যে ইস্ৰায়েললৈ উভতি অহা যিহূদীসকলে নিজৰ জীৱনত ডাঙৰ ডাঙৰ বহুতো সাল-সলনি কৰাৰ প্ৰয়োজন আছিল। ইস্ৰায়েলত থাকি এই সাল-সলনি কৰা তেওঁলোকৰ বাবে সহজ আছিল, যʼত লাহে লাহে যিহোৱাৰ শুদ্ধ উপাসনা আকৌ আৰম্ভ হʼবলৈ ধৰিছিল।—নহি. ৮:৮, ৯. w২৩.০৫ ১৫ ¶৬-৭

দৈনিক বাইবেল পাঠৰ ওপৰত ধ্যান দিয়ক-২০২৫
আদৰণি জনাইছোঁ।
যিহোৱাৰ সাক্ষীসকলে ছপা কৰা প্ৰকাশনবোৰ বিভিন্ন ভাষাত চাবলৈ ব্যৱহাৰ কৰা ই এক অনুসন্ধানৰ সঁজুলি।
প্ৰকাশন ডাউনল’ড কৰিবলৈ অনুগ্ৰহ কৰি jw.org যাব পাৰে।
  • অসমীয়া
  • আনলৈ পঠিয়াওক
  • সুবিধা সমূহ
  • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
  • ব্যৱহাৰৰ চৰ্ত
  • গোপনীয়তাৰ চৰ্ত
  • গোপনীয়তা চেটিং
  • JW.ORG
  • লগ ইন
আনলৈ পঠিয়াওক