বুধবাৰ, ৩ ছেপ্টেম্বৰ
যোচেফে যিহোৱাৰ স্বৰ্গদূতে যি কৈছিল, ঠিক সেইদৰেই কৰিলে। তেওঁ নিজৰ পত্নীক ঘৰলৈ লৈ আহিলে। —মথি ১:২৪.
যোচেফে যিহোৱাই দিয়া নিৰ্দেশনা লগে লগে পালন কৰিলে। সেইবাবে, তেওঁ এজন ভাল স্বামী হʼব পাৰিলে। বাইবেলত এনে তিনিটা ঘটনাৰ বিষয়ে উল্লেখ আছে, যেতিয়া যিহোৱাই পৰিয়ালৰ বিষয়ে তেওঁক নিৰ্দেশনা দিছিল। যদিও সেই নিৰ্দেশনাবোৰ পালন কৰিবলৈ যোচেফক বহুতো ডাঙৰ ডাঙৰ সাল-সলনি কৰাৰ প্ৰয়োজন আছিল, তথাপি তেওঁ প্ৰতিবাৰে যিহোৱাৰ নিৰ্দেশনা মানিলে। (মথি ১:২০; ২:১৩-১৫, ১৯-২১) যিহোৱাৰ পৰামৰ্শ মানি যোচেফে মৰিয়মক সুৰক্ষা দিব পাৰিলে, তাইক সহযোগ কৰিব পাৰিলে আৰু তাইৰ প্ৰয়োজনীয়তাবোৰ পূৰ কৰিব পাৰিলে। চিন্তা কৰকচোন, যেতিয়া মৰিয়মে দেখিলে যে যোচেফে কেনেকৈ যিহোৱাৰ নিৰ্দেশনাবোৰ মানি আছে, তেতিয়া মৰিয়মে হয়তো কেনেকৈ তেওঁক আৰু বেছিকৈ প্ৰেম আৰু সন্মান কৰিবলৈ ধৰিলে! স্বামীসকল, আপোনালোকেও পৰিয়ালৰ চোৱা-চিতা কৰাৰ ক্ষেত্ৰত বাইবেলৰ পৰামৰ্শ মানি যোচেফৰ নিচিনা হʼব পাৰে। এনে কৰিবলৈ হয়তো আপোনাক ডাঙৰ ডাঙৰ সাল-সলনি কৰিবলগীয়া হʼব পাৰে। কিন্তু এনে কৰাৰ যোগেদি আপুনি নিজৰ পত্নীক প্ৰেম কৰে বুলি দেখুৱাব পাৰে। এইদৰে আপোনালোকৰ সম্পৰ্ক আৰু মজবুত হʼব। বনুআটু দেশত থকা এগৰাকী ভনীৰ বিয়া হোৱা ২০ বছৰতকৈ বেছি হʼল। তেওঁ এইদৰে কৈছে, “যেতিয়া মোৰ স্বামীয়ে এয়া জানিবলৈ চেষ্টা কৰে যে কোনো এটা বিষয়ত যিহোৱাই কি পৰামৰ্শ দিছে আৰু তাক পালন কৰে, তেতিয়া মই তেওঁক আৰু বেছিকৈ সন্মান কৰিবলৈ ধৰোঁ। মোৰ বিশ্বাস আছে যে তেওঁ যি নিৰ্ণয় লʼব, সেয়া সঠিক হʼব আৰু মই কোনো কথাৰ বাবে চিন্তিত নহওঁ।”w২৩.০৫ ২১ ¶৫
বৃহস্পতিবাৰ, ৪ ছেপ্টেম্বৰ
এক ৰাজপথ তৈয়াৰ কৰা হব; সেয়ে পবিত্ৰ আলি বুলি প্ৰখ্যাত হব।—যিচ. ৩৫:৮.
যিসকল যিহূদী নিজৰ দেশলৈ উভতি গৈছিল, তেওঁলোকক ঈশ্বৰৰ “পবিত্ৰ প্ৰজা” হোৱাৰ প্ৰয়োজন আছিল। (দ্বিতী. ৭:৬) কিন্তু ইয়াৰ অৰ্থ এয়া নাছিল যে তেওঁলোকে এতিয়া যিহোৱাক আনন্দিত কৰিবলৈ কোনো পৰিৱৰ্তন কৰাৰ প্ৰয়োজন নাছিল। বাবিলত থকা বেছিভাগ যিহূদীৰ জন্ম তাতেই হৈছিল আৰু এনে লাগিছিল যেন তেওঁলোকে বাবিলত থকা লোকসকলৰ নিচিনা ভাবিছিল আৰু আচাৰ-ব্যৱহাৰ কৰিছিল। আৰম্ভণিতে যিহূদীসকলে ইস্ৰায়েললৈ উভতি যোৱাৰ বহু বছৰৰ পাছত যেতিয়া ৰাজ্যপাল নহিমিয়াই আহি দেখিলে যে ইস্ৰায়েলত জন্ম হোৱা লʼৰা-ছোৱালীবিলাকে যিহূদী ভাষা কʼব নাজানে, তেতিয়া তেওঁক বহুত দুখ লাগিল। (দ্বিতী. ৬:৬, ৭; নহি. ১৩:২৩, ২৪) ঈশ্বৰৰ বাক্যৰ বেছিভাগ অংশই ইব্ৰী ভাষাত লিখা আছিল। কিন্তু এই লʼৰা-ছোৱালীবিলাকে ইব্ৰী ভাষা বুজিয়েই পোৱা নাছিল। গতিকে তেওঁলোকে যিহোৱাক প্ৰেম কৰিবলৈ আৰু তেওঁৰ উপাসনা কৰাৰ বিষয়ে কেনেকৈ জানিব পাৰিলেহেঁতেন? (ইজ্ৰা ১০:৩, ৪৪) এই উদাহৰণৰ পৰা জানিব পাৰি যে ইস্ৰায়েললৈ উভতি অহা যিহূদীসকলে নিজৰ জীৱনত ডাঙৰ ডাঙৰ বহুতো সাল-সলনি কৰাৰ প্ৰয়োজন আছিল। ইস্ৰায়েলত থাকি এই সাল-সলনি কৰা তেওঁলোকৰ বাবে সহজ আছিল, যʼত লাহে লাহে যিহোৱাৰ শুদ্ধ উপাসনা আকৌ আৰম্ভ হʼবলৈ ধৰিছিল।—নহি. ৮:৮, ৯. w২৩.০৫ ১৫ ¶৬-৭
শুক্ৰবাৰ, ৫ ছেপ্টেম্বৰ
যিহোৱাই পৰিব লগীয়া সকলোকে ধৰি ৰাখে; দুৰৱস্থাত থকাবিলাকক তেওঁ সু-অৱস্থালৈ আনে।—গীত. ১৪৫:১৪.
নিজৰ লক্ষ্যত উপনীত হোৱাৰ আমাৰ যিমানেই ইচ্ছা নাথাকক কিয় বা আমি যিমানেই চেষ্টা নকৰোঁ কিয়, কিন্তু কিবা নহয় কিবা বাধা নিশ্চয় আহে। যেনে: হয়তো হঠাতে কিবা ‘আপদৰ কাল’ আহিব পাৰে, যাৰ বাবে আমাৰ ওচৰত নিজৰ লক্ষ্যত উপনীত হʼবলৈ সময়ে নাথাকিব। (উপ. ৯:১২) অথবা আমি এনে কিবা সমস্যাৰ সন্মুখীন হʼবলগীয়া হʼব পাৰে, আমি হয়তো নিৰাশ হৈ পৰিব পাৰোঁ আৰু আমাৰ সকলো শক্তি নাইকিয়া হʼব পাৰে। (হিতো. ২৪:১০) ইয়াৰ উপৰিও আমি অসিদ্ধ হয়। সেইবাবে, আমাৰ পৰা হয়তো কিবা ভুল হৈ যাব পাৰে, যাৰ বাবে আমি নিজৰ লক্ষ্যৰ পৰা আঁতৰি যাব পাৰোঁ। (ৰোম. ৭:২৩) অথবা আমি হয়তো ভাগৰি পৰোঁ। (মথি ২৬:৪৩) যদি আমাৰ ওচৰত এনে কিবা বাধা আহে, তেনেহʼলে আমি কি কৰিব পাৰোঁ? বাধা অহাৰ অৰ্থ এয়া নহয় যে আমি বিফল হʼলোঁ। বাইবেলত কোৱা হৈছে আমি বাৰে বাৰে পৰিব পাৰোঁ অৰ্থাৎ আমাৰ ওপৰত সমস্যা আহিব পাৰে। কিন্তু তাত এয়াও কোৱা হৈছে যে আমি আকৌ উঠিব পাৰোঁ।” সঁচাকৈ, বাধা অহাৰ সত্ত্বেও যেতিয়া আমি নিজৰ লক্ষ্যৰ ফালে আগুৱাই যাওঁ, তেতিয়া ইয়াৰ পৰা জানিব পাৰি যে আমি যিহোৱাক আনন্দিত কৰিব বিচাৰোঁ। চিন্তা কৰকচোন, আমাক পৰিশ্ৰম কৰা দেখি যিহোৱাই কিমান আনন্দিত হয়। w২৩.০৫ ৩০ ¶১৪-১৫