ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
লগ আউট
লগ ইন
ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
আদৰণি জনাইছোঁ।
যিহোৱাৰ সাক্ষীসকলে ছপা কৰা প্ৰকাশনবোৰ বিভিন্ন ভাষাত চাবলৈ ব্যৱহাৰ কৰা ই এক অনুসন্ধানৰ সঁজুলি।
প্ৰকাশন ডাউনল’ড কৰিবলৈ অনুগ্ৰহ কৰি jw.org যাব পাৰে।
  • আজি

শুক্ৰবাৰ, ২৬ ছেপ্টেম্বৰ

ৰাতিপুৱা . . . যীচুৱে উঠি বাহিৰলৈ গʼল আৰু এখন নিৰ্জন ঠাইলৈ গৈ প্ৰাৰ্থনা কৰিবলৈ ধৰিলে। —মাৰ্ক ১:৩৫.

প্ৰাৰ্থনাৰ ক্ষেত্ৰত যীচুৱে নিজৰ শিষ্যসকলৰ বাবে এক ভাল উদাহৰণ ৰাখিলে। পৃথিৱীত থাকোঁতে তেওঁ বাৰে বাৰে যিহোৱালৈ প্ৰাৰ্থনা কৰিছিল। তেওঁ প্ৰায়ে ব্যস্ত থাকিছিল আৰু লোকসকলে তেওঁৰ আশে-পাশে আছিল, সেইবাবে তেওঁ কেতিয়া প্ৰাৰ্থনা কৰিব এই বিষয়ে তেওঁ আগতীয়াকৈ ভাবিছিল। (মাৰ্ক ৬:৩১, ৪৫, ৪৬) তেওঁ ৰাতিপুৱা সোনকালে উঠিছিল যাতে প্ৰাৰ্থনাত যিহোৱাৰ লগত কথা পাতিব পাৰে। এবাৰ যেতিয়া তেওঁ গুৰুত্বপূৰ্ণ নিৰ্ণয় লʼবলগীয়া আছিল, তেতিয়া তেওঁ গোটেই ৰাতি যিহোৱালৈ প্ৰাৰ্থনা কৰিলে। (লূক ৬:১২, ১৩) মৃত্যুৰ আগনিশা যীচুৱে বহু বাৰ প্ৰাৰ্থনা কৰিলে, কিয়নো পৃথিৱীত যিহোৱাই তেওঁক যি দায়িত্ব দিছিল, সেয়া পূৰ কৰিবলগীয়া আছিল। (মথি ২৬:৩৯, ৪২, ৪৪) যীচুৰ পৰা আমি শিকিব পাৰোঁ যে ব্যস্ত থাকিলেও আমি প্ৰাৰ্থনা কৰাৰ বাবে সময় উলিওৱা উচিত। তেওঁৰ দৰে আমিও ৰাতিপুৱা সোনকালে বা ৰাতি প্ৰাৰ্থনা কৰিবলৈ সময় নিৰ্ধাৰিত কৰিব পাৰোঁ। এইদৰে কৰি আমি দেখুৱাম যে যিহোৱাই প্ৰাৰ্থনা কৰাৰ যি সুযোগ দিছে, তাক আমি কৃতজ্ঞতা দেখুৱাইছোঁ। w২৩.০৫ ৩ ¶৪-৫

দৈনিক বাইবেল পাঠৰ ওপৰত ধ্যান দিয়ক-২০২৫

শনিবাৰ, ২৭ ছেপ্টেম্বৰ

আমাক দিয়া পবিত্ৰ আত্মাৰ দ্বাৰাই আমাৰ হৃদয়ত ঈশ্বৰৰ প্ৰেম বাকি দিয়া হৈছে।—ৰোম. ৫:৫.

এই শব্দৰ ওপৰত মন কৰক ঈশ্বৰৰ প্ৰেম তেওঁলোকৰ হৃদয়ত “বাকি দিয়া হৈছে।” এখন শব্দকোষত এই শব্দৰ অৰ্থ এইদৰে কোৱা হৈছে: যিহোৱাই তেওঁলোকক ইমানেই প্ৰেম কৰে যে তেওঁলোকৰ হৃদয়ত যেন প্ৰেমৰ সোঁত বাকি দিয়া হৈছে। অভিষিক্ত খ্ৰীষ্টানসকলে জানে যে ঈশ্বৰে তেওঁলোকক ‘প্ৰেম’ কৰে। (যিহূ. ১) যোহনে এইদৰে লিখিছিল, “চোৱা, আমি যেন ঈশ্বৰৰ সন্তান বুলি বিখ্যাত হওঁ, ইয়াতে পিতৃয়ে আমাক কেনে প্ৰকাৰ প্ৰেম দান কৰিলে।” (১ যোহ. ৩:১) ইয়াৰ পৰা জানিব পাৰি যে অভিষিক্ত খ্ৰীষ্টানসকলে ঈশ্বৰৰ প্ৰেমৰ প্ৰতি কেনে অনুভৱ কৰে। কিন্তু যিহোৱাই কেৱল অভিষিক্ত খ্ৰীষ্টানসকলকে প্ৰেম কৰে নে? নহয়, তেওঁ আমাক সকলোকে প্ৰেম কৰে বুলি দেখুৱাইছে। আমাৰ বাবে যিহোৱাৰ প্ৰেমৰ আটাইতকৈ ডাঙৰ প্ৰমাণ কি? মুক্তিৰ মূল্যৰ বলিদান। প্ৰেমৰ ইয়াতকৈ ডাঙৰ প্ৰমাণ আৰু কিবা হʼব পাৰে নে?—যোহ. ৩:১৬; ৰোম. ৫:৮. w২৪.০১ ২৮ ¶৯-১০

দৈনিক বাইবেল পাঠৰ ওপৰত ধ্যান দিয়ক-২০২৫

দেওবাৰ, ২৮ ছেপ্টেম্বৰ

সেই দিনা, মই প্ৰাৰ্থনা কৰা কালত মোৰ শত্ৰুবোৰ বিমুখ হব; ঈশ্বৰ যে মোৰ ফলীয়া, তাক মই জানিছো।—গীত. ৫৬:৯.

দায়ূদে নিজৰ ভয় কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰিলে, তাৰ বিষয়ে এই পদত এটা উপায়ৰ বিষয়ে কোৱা হৈছে। যেতিয়া তেওঁৰ জীৱন বিপদত আছিল, তেতিয়া যিহোৱাই আগলৈ কি কি কৰিব তাৰ বিষয়ে তেওঁ মনন কৰিলে। দায়ূদে জানিছিল যে যিহোৱাই সঠিক সময়ত তেওঁক নিশ্চয় বচাব। কিয়নো, তেওঁ চৌলৰ পাছত ইস্ৰায়েলৰ ৰজা হʼব বুলি যিহোৱাই তেওঁক কৈছিল। (১ চমূ. ১৬:১, ১৩) দায়ূদৰ সম্পূৰ্ণ বিশ্বাস আছিল যে যিহোৱাই যি কৈছে, সেয়া নিশ্চয় পূৰ হʼব। যিহোৱাই আপোনাৰ বাবে কি প্ৰতিজ্ঞা কৰিছে? আমি এয়া আশা নকৰোঁ যে তেওঁ আমাৰ ওপৰত একো সমস্যা আহিবলৈ নিদিব, কিন্তু তেওঁ প্ৰতিজ্ঞা কৰিছে যে নতুন পৃথিৱীত তেওঁ আমাৰ সকলো সমস্যা শেষ কৰিব। এনে কোনো সমস্যা নাই, যাক যিহোৱাই শেষ কৰিব নোৱাৰে। (যিচ. ২৫:৭-৯) যিহোৱাৰ ওচৰত ইমানেই শক্তি আছে যে তেওঁ আমাক সম্পূৰ্ণৰূপে স্বাস্থ্যৱান কৰিব পাৰে আৰু আমাৰ অন্তৰত লগা আঘাত ঠিক কৰিব পাৰে। সেই সময়ত কোনেও আমাক বিৰোধ নকৰিব। আনকি যিসকলৰ মৃত্যু হৈছে, তেওঁলোককো যিহোৱাই আকৌ জীয়াই তুলিব।—১ যোহ. ৪:৪. w২৪.০১ ৬ ¶১২-১৩

দৈনিক বাইবেল পাঠৰ ওপৰত ধ্যান দিয়ক-২০২৫
আদৰণি জনাইছোঁ।
যিহোৱাৰ সাক্ষীসকলে ছপা কৰা প্ৰকাশনবোৰ বিভিন্ন ভাষাত চাবলৈ ব্যৱহাৰ কৰা ই এক অনুসন্ধানৰ সঁজুলি।
প্ৰকাশন ডাউনল’ড কৰিবলৈ অনুগ্ৰহ কৰি jw.org যাব পাৰে।
  • অসমীয়া
  • আনলৈ পঠিয়াওক
  • সুবিধা সমূহ
  • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
  • ব্যৱহাৰৰ চৰ্ত
  • গোপনীয়তাৰ চৰ্ত
  • গোপনীয়তা চেটিং
  • JW.ORG
  • লগ ইন
আনলৈ পঠিয়াওক