শনিবাৰ, ২৭ ছেপ্টেম্বৰ
আমাক দিয়া পবিত্ৰ আত্মাৰ দ্বাৰাই আমাৰ হৃদয়ত ঈশ্বৰৰ প্ৰেম বাকি দিয়া হৈছে।—ৰোম. ৫:৫.
এই শব্দৰ ওপৰত মন কৰক ঈশ্বৰৰ প্ৰেম তেওঁলোকৰ হৃদয়ত “বাকি দিয়া হৈছে।” এখন শব্দকোষত এই শব্দৰ অৰ্থ এইদৰে কোৱা হৈছে: যিহোৱাই তেওঁলোকক ইমানেই প্ৰেম কৰে যে তেওঁলোকৰ হৃদয়ত যেন প্ৰেমৰ সোঁত বাকি দিয়া হৈছে। অভিষিক্ত খ্ৰীষ্টানসকলে জানে যে ঈশ্বৰে তেওঁলোকক ‘প্ৰেম’ কৰে। (যিহূ. ১) যোহনে এইদৰে লিখিছিল, “চোৱা, আমি যেন ঈশ্বৰৰ সন্তান বুলি বিখ্যাত হওঁ, ইয়াতে পিতৃয়ে আমাক কেনে প্ৰকাৰ প্ৰেম দান কৰিলে।” (১ যোহ. ৩:১) ইয়াৰ পৰা জানিব পাৰি যে অভিষিক্ত খ্ৰীষ্টানসকলে ঈশ্বৰৰ প্ৰেমৰ প্ৰতি কেনে অনুভৱ কৰে। কিন্তু যিহোৱাই কেৱল অভিষিক্ত খ্ৰীষ্টানসকলকে প্ৰেম কৰে নে? নহয়, তেওঁ আমাক সকলোকে প্ৰেম কৰে বুলি দেখুৱাইছে। আমাৰ বাবে যিহোৱাৰ প্ৰেমৰ আটাইতকৈ ডাঙৰ প্ৰমাণ কি? মুক্তিৰ মূল্যৰ বলিদান। প্ৰেমৰ ইয়াতকৈ ডাঙৰ প্ৰমাণ আৰু কিবা হʼব পাৰে নে?—যোহ. ৩:১৬; ৰোম. ৫:৮. w২৪.০১ ২৮ ¶৯-১০
দেওবাৰ, ২৮ ছেপ্টেম্বৰ
সেই দিনা, মই প্ৰাৰ্থনা কৰা কালত মোৰ শত্ৰুবোৰ বিমুখ হব; ঈশ্বৰ যে মোৰ ফলীয়া, তাক মই জানিছো।—গীত. ৫৬:৯.
দায়ূদে নিজৰ ভয় কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰিলে, তাৰ বিষয়ে এই পদত এটা উপায়ৰ বিষয়ে কোৱা হৈছে। যেতিয়া তেওঁৰ জীৱন বিপদত আছিল, তেতিয়া যিহোৱাই আগলৈ কি কি কৰিব তাৰ বিষয়ে তেওঁ মনন কৰিলে। দায়ূদে জানিছিল যে যিহোৱাই সঠিক সময়ত তেওঁক নিশ্চয় বচাব। কিয়নো, তেওঁ চৌলৰ পাছত ইস্ৰায়েলৰ ৰজা হʼব বুলি যিহোৱাই তেওঁক কৈছিল। (১ চমূ. ১৬:১, ১৩) দায়ূদৰ সম্পূৰ্ণ বিশ্বাস আছিল যে যিহোৱাই যি কৈছে, সেয়া নিশ্চয় পূৰ হʼব। যিহোৱাই আপোনাৰ বাবে কি প্ৰতিজ্ঞা কৰিছে? আমি এয়া আশা নকৰোঁ যে তেওঁ আমাৰ ওপৰত একো সমস্যা আহিবলৈ নিদিব, কিন্তু তেওঁ প্ৰতিজ্ঞা কৰিছে যে নতুন পৃথিৱীত তেওঁ আমাৰ সকলো সমস্যা শেষ কৰিব। এনে কোনো সমস্যা নাই, যাক যিহোৱাই শেষ কৰিব নোৱাৰে। (যিচ. ২৫:৭-৯) যিহোৱাৰ ওচৰত ইমানেই শক্তি আছে যে তেওঁ আমাক সম্পূৰ্ণৰূপে স্বাস্থ্যৱান কৰিব পাৰে আৰু আমাৰ অন্তৰত লগা আঘাত ঠিক কৰিব পাৰে। সেই সময়ত কোনেও আমাক বিৰোধ নকৰিব। আনকি যিসকলৰ মৃত্যু হৈছে, তেওঁলোককো যিহোৱাই আকৌ জীয়াই তুলিব।—১ যোহ. ৪:৪. w২৪.০১ ৬ ¶১২-১৩
সোমবাৰ, ২৯ ছেপ্টেম্বৰ
যাৰ অপৰাধ ক্ষমা কৰা হয়, যাৰ পাপ ঢকা হয়, সেই জন ধন্য। —গীত. ৩২:১.
নিজৰ সমৰ্পণ আৰু বাপ্তিষ্মাৰ বিষয়ে চিন্তা কৰক। আপুনি যিহোৱাৰ পক্ষ লʼব বিচাৰিছিল, সেইবাবে এই পদক্ষেপ লʼলে। চিন্তা কৰক, সেই সময়ত কি কথাৰ বাবে আপোনাৰ বিশ্বাস হʼল যে আপুনি যি শিকি আছে, সেয়া সত্য হয়। আপুনি যিহোৱাৰ বিষয়ে সঠিক জ্ঞান লʼলে, তেওঁৰ বিষয়ে শিকিলে আৰু তেওঁক সন্মান কৰিবলৈ ধৰিলে। আপুনি তেওঁক নিজৰ পিতৃৰ দৰে প্ৰেম কৰিবলৈ ধৰিলে। তেওঁৰ ওপৰত আপোনাৰ বিশ্বাস বাঢ়িবলৈ ধৰিলে আৰু আপুনি যি ভুল কাম কৰিছিল, তাৰ বাবে অনুতাপ কৰিলে। আপুনি যিহোৱাই ঘিণ কৰা কামবোৰ এৰিলে আৰু তেওঁ ভাল পোৱা কামবোৰ কৰিবলৈ ধৰিলে। পাছত যেতিয়া আপোনাৰ অনুভৱ হʼল যে যিহোৱাই আপোনাক ক্ষমা কৰিলে, তেতিয়া আপুনি বৰ শান্ত্বনা পালে। (গীত. ৩২: ২) আপুনি সভাবোৰত যাবলৈ ধৰিলে আৰু বাইবেলৰ পৰা শিকা কথাবোৰ আনকো জনাবলৈ ধৰিলে। পাছত আপুনি নিজৰ জীৱন ঈশ্বৰলৈ সমৰ্পণ কৰিলে আৰু বাপ্তিষ্মা লʼলে। এতিয়া আপুনি অনন্ত জীৱনলৈ লৈ যোৱা পথত চলি আছে আৰু সদায় এই পথত চলি থাকিবলৈ থিৰাং কৰিছে। (মথি ৭:১৩, ১৪) আমি সকলোৱে থিৰ আৰু অলৰ হৈ থাকিম আৰু যিকোনো পৰিস্থিতিতে যিহোৱাৰ আজ্ঞা মানিম আৰু তেওঁৰ উপাসনা কৰিম। w২৩.০৭ ১৭ ¶১৪; ১৯ ¶১৯