ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
লগ আউট
লগ ইন
ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
আদৰণি জনাইছোঁ।
যিহোৱাৰ সাক্ষীসকলে ছপা কৰা প্ৰকাশনবোৰ বিভিন্ন ভাষাত চাবলৈ ব্যৱহাৰ কৰা ই এক অনুসন্ধানৰ সঁজুলি।
প্ৰকাশন ডাউনল’ড কৰিবলৈ অনুগ্ৰহ কৰি jw.org যাব পাৰে।
  • আজি

দেওবাৰ, ২৮ ছেপ্টেম্বৰ

সেই দিনা, মই প্ৰাৰ্থনা কৰা কালত মোৰ শত্ৰুবোৰ বিমুখ হব; ঈশ্বৰ যে মোৰ ফলীয়া, তাক মই জানিছো।—গীত. ৫৬:৯.

দায়ূদে নিজৰ ভয় কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰিলে, তাৰ বিষয়ে এই পদত এটা উপায়ৰ বিষয়ে কোৱা হৈছে। যেতিয়া তেওঁৰ জীৱন বিপদত আছিল, তেতিয়া যিহোৱাই আগলৈ কি কি কৰিব তাৰ বিষয়ে তেওঁ মনন কৰিলে। দায়ূদে জানিছিল যে যিহোৱাই সঠিক সময়ত তেওঁক নিশ্চয় বচাব। কিয়নো, তেওঁ চৌলৰ পাছত ইস্ৰায়েলৰ ৰজা হʼব বুলি যিহোৱাই তেওঁক কৈছিল। (১ চমূ. ১৬:১, ১৩) দায়ূদৰ সম্পূৰ্ণ বিশ্বাস আছিল যে যিহোৱাই যি কৈছে, সেয়া নিশ্চয় পূৰ হʼব। যিহোৱাই আপোনাৰ বাবে কি প্ৰতিজ্ঞা কৰিছে? আমি এয়া আশা নকৰোঁ যে তেওঁ আমাৰ ওপৰত একো সমস্যা আহিবলৈ নিদিব, কিন্তু তেওঁ প্ৰতিজ্ঞা কৰিছে যে নতুন পৃথিৱীত তেওঁ আমাৰ সকলো সমস্যা শেষ কৰিব। এনে কোনো সমস্যা নাই, যাক যিহোৱাই শেষ কৰিব নোৱাৰে। (যিচ. ২৫:৭-৯) যিহোৱাৰ ওচৰত ইমানেই শক্তি আছে যে তেওঁ আমাক সম্পূৰ্ণৰূপে স্বাস্থ্যৱান কৰিব পাৰে আৰু আমাৰ অন্তৰত লগা আঘাত ঠিক কৰিব পাৰে। সেই সময়ত কোনেও আমাক বিৰোধ নকৰিব। আনকি যিসকলৰ মৃত্যু হৈছে, তেওঁলোককো যিহোৱাই আকৌ জীয়াই তুলিব।—১ যোহ. ৪:৪. w২৪.০১ ৬ ¶১২-১৩

দৈনিক বাইবেল পাঠৰ ওপৰত ধ্যান দিয়ক-২০২৫

সোমবাৰ, ২৯ ছেপ্টেম্বৰ

যাৰ অপৰাধ ক্ষমা কৰা হয়, যাৰ পাপ ঢকা হয়, সেই জন ধন্য। —গীত. ৩২:১.

নিজৰ সমৰ্পণ আৰু বাপ্তিষ্মাৰ বিষয়ে চিন্তা কৰক। আপুনি যিহোৱাৰ পক্ষ লʼব বিচাৰিছিল, সেইবাবে এই পদক্ষেপ লʼলে। চিন্তা কৰক, সেই সময়ত কি কথাৰ বাবে আপোনাৰ বিশ্বাস হʼল যে আপুনি যি শিকি আছে, সেয়া সত্য হয়। আপুনি যিহোৱাৰ বিষয়ে সঠিক জ্ঞান লʼলে, তেওঁৰ বিষয়ে শিকিলে আৰু তেওঁক সন্মান কৰিবলৈ ধৰিলে। আপুনি তেওঁক নিজৰ পিতৃৰ দৰে প্ৰেম কৰিবলৈ ধৰিলে। তেওঁৰ ওপৰত আপোনাৰ বিশ্বাস বাঢ়িবলৈ ধৰিলে আৰু আপুনি যি ভুল কাম কৰিছিল, তাৰ বাবে অনুতাপ কৰিলে। আপুনি যিহোৱাই ঘিণ কৰা কামবোৰ এৰিলে আৰু তেওঁ ভাল পোৱা কামবোৰ কৰিবলৈ ধৰিলে। পাছত যেতিয়া আপোনাৰ অনুভৱ হʼল যে যিহোৱাই আপোনাক ক্ষমা কৰিলে, তেতিয়া আপুনি বৰ শান্ত্বনা পালে। (গীত. ৩২: ২) আপুনি সভাবোৰত যাবলৈ ধৰিলে আৰু বাইবেলৰ পৰা শিকা কথাবোৰ আনকো জনাবলৈ ধৰিলে। পাছত আপুনি নিজৰ জীৱন ঈশ্বৰলৈ সমৰ্পণ কৰিলে আৰু বাপ্তিষ্মা লʼলে। এতিয়া আপুনি অনন্ত জীৱনলৈ লৈ যোৱা পথত চলি আছে আৰু সদায় এই পথত চলি থাকিবলৈ থিৰাং কৰিছে। (মথি ৭:১৩, ১৪) আমি সকলোৱে থিৰ আৰু অলৰ হৈ থাকিম আৰু যিকোনো পৰিস্থিতিতে যিহোৱাৰ আজ্ঞা মানিম আৰু তেওঁৰ উপাসনা কৰিম। w২৩.০৭ ১৭ ¶১৪; ১৯ ¶১৯

দৈনিক বাইবেল পাঠৰ ওপৰত ধ্যান দিয়ক-২০২৫

মঙ্গলবাৰ, ৩০ ছেপ্টেম্বৰ

ঈশ্বৰ বিশ্বাসী; তেওঁ তোমালোকলৈ শক্তিৰ অতিৰিক্ত পৰীক্ষা ঘটিবলৈ নিদিব; কিন্তু যাতে তোমালোকে সহিব পাৰিব, তাৰ কাৰণে পৰীক্ষাই সৈতে সাৰিবৰ উপায়ো কৰিব। —১ কৰি. ১০:১৩.

যদি আপুনি সমৰ্পণৰ সময়ত কৰা প্ৰাৰ্থনাৰ বিষয়ে ভাবিব, তেনেহʼলে প্ৰলোভিত হʼলেও আপুনি যিহোৱাৰ বিশ্বাসী হৈ থাকিব পাৰিব। যেনে, আপুনি কোনো বিবাহিত ব্যক্তিৰ লগত ফ্লাৰ্টিং নকৰিব, কিয়নো আপুনি আগতেই যিহোৱাক প্ৰতিজ্ঞা কৰিছে যে যিকোনো পৰিস্থিতিত আপুনি তেওঁৰ বিশ্বাসী হৈ থাকিব। যদি আপুনি এইদৰে কৰে, তেনেহʼলে বেয়া ইচ্ছাবোৰ আপোনাৰ মনলৈ আহিলেও আপুনি তাক মনৰ পৰা উলিয়াব পাৰিব আৰু আপোনাৰ মনে আপোনাক কেতিয়াও দোষ নিদিব। এইদৰে আপুনি ‘দুষ্টবোৰৰ বাটৰ’ পৰা “বিমুখ” হʼব। (হিতো. ৪:১৪, ১৫) আপুনি যীচুৰ উদাহৰণ মনত ৰাখিব, যিজনে যিকোনো পৰিস্থিতিত নিজৰ পিতৃৰ মন আনন্দিত কৰিব বিচাৰিছিল। আপুনি এনে সকলো কাম কৰিবলৈ মানা কৰিব, যিয়ে আপোনাক যিহোৱাৰ ইচ্ছা পূৰ কৰাত বাধা দিব পাৰে। (মথি ৪:১০; যোহ. ৮:২৯) যেতিয়া আপোনাক প্ৰলোভিত কৰা হয় বা আপোনাৰ ওপৰত কিবা সমস্যা আহে, তেতিয়া আপুনি এয়া দেখুৱাৰ সুযোগ পাব যে আপুনি যিকোনো পৰিস্থিতিত যীচুৰ ‘পিছে পিছে চলিব’ বিচাৰে। w২৪.০৩ ৯-১০ ¶৮-১০

দৈনিক বাইবেল পাঠৰ ওপৰত ধ্যান দিয়ক-২০২৫
আদৰণি জনাইছোঁ।
যিহোৱাৰ সাক্ষীসকলে ছপা কৰা প্ৰকাশনবোৰ বিভিন্ন ভাষাত চাবলৈ ব্যৱহাৰ কৰা ই এক অনুসন্ধানৰ সঁজুলি।
প্ৰকাশন ডাউনল’ড কৰিবলৈ অনুগ্ৰহ কৰি jw.org যাব পাৰে।
  • অসমীয়া
  • আনলৈ পঠিয়াওক
  • সুবিধা সমূহ
  • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
  • ব্যৱহাৰৰ চৰ্ত
  • গোপনীয়তাৰ চৰ্ত
  • গোপনীয়তা চেটিং
  • JW.ORG
  • লগ ইন
আনলৈ পঠিয়াওক