ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • ijwbq প্ৰৱন্ধ ১২৫
  • ঈশ্বৰৰ কেইটা নাম আছে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঈশ্বৰৰ কেইটা নাম আছে?
  • পবিত্ৰ শাত্ৰৰ লগত জড়িত থকা প্ৰশ্নবোৰৰ উত্তৰ
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • পবিত্ৰ শাস্ত্ৰ বাইবেলে উত্তৰ দিয়ে
  • ঈশ্বৰৰ নাম কি হয়?
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (জনধাৰণ)—২০১৯
  • সত্য ঈশ্বৰ কোন?
    জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায়
  • ঈশ্বৰৰ নাম—ইয়াৰ ব্যৱহাৰ আৰু অৰ্থ
    বাইবেলে প্ৰকৃততে কি শিকায়?
  • ঈশ্বৰ কোন?
    ২০০২ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
আৰু চাওক
পবিত্ৰ শাত্ৰৰ লগত জড়িত থকা প্ৰশ্নবোৰৰ উত্তৰ
ijwbq প্ৰৱন্ধ ১২৫
এজন ব্যক্তিয়ে বাইবেল পঢ়িছে

ঈশ্বৰৰ কেইটা নাম আছে?

পবিত্ৰ শাস্ত্ৰ বাইবেলে উত্তৰ দিয়ে

ঈশ্বৰৰ কেৱল এটা নাম আছে। এই নাম হীব্ৰু ভাষাত এইদৰে লিখা হয়: יהוה সাধাৰণতে অসমীয়াত ইয়াৰ অনুবাদ “যিহোৱা” বুলি কৰা হৈছে।a ঈশ্বৰে নিজৰ ভৱিষ্যতবক্তা যিচয়াৰ যোগেদি এইদৰে কৈছিল, “মই যিহোৱা, এয়েই মোৰ নাম।” (যিচয়া ৪২:৮) বাইবেলৰ প্ৰাচীন হস্তলিপিবোৰত এই নাম প্ৰায় ৭,০০০ বাৰ উল্লেখ আছে, অৰ্থাৎ ঈশ্বৰৰ বাবে যিমান উপাধি ব্যৱহাৰ কৰা হৈছে, তাতকৈ বেছি বাৰ ঈশ্বৰৰ নাম ব্যৱহাৰ কৰা হৈছে। ইয়াৰ উপৰিও, বাইবেলত যিমান লোকসকলৰ নাম উল্লেখ আছে, তাতকৈ বেছি “যিহোৱাৰ” নাম উল্লেখ আছে।b

যিহোৱাৰ আৰু বেলেগ নাম আছেনে?

যদিও বাইবেলে কয় যে ঈশ্বৰৰ কেৱল এটা নাম আছে, তথাপি ঈশ্বৰৰ বাবে বহুতো উপাধি ব্যৱহাৰ কৰা হৈছে। ইয়াৰ কিছুমান উদাহৰণ তলত উল্লেখ কৰা হৈছে। এয়াও উল্লেখ কৰা হৈছে যে প্ৰতিটো উপাধিৰপৰা কেনেকৈ যিহোৱাৰ ব্যক্তিত্বৰ বিষয়ে জানিব পাৰি।

উপাধি

পদ

অৰ্থ

বৃদ্ধজনা

দানিয়েল ৭:৯, ১৩, ২২

যিহোৱাৰ কোনো আৰম্ভণি নাই। তেওঁ অনাদি কালৰেপৰা আছে। কোনো প্ৰাণী বা বস্তু সৃষ্টি কৰাৰ আগৰেপৰাই তেওঁ অস্তিত্বত আছে।—গীতমালা ৯০:২.

আলফা আৰু ওমিগা

প্ৰকাশিত বাক্য ২১:৬; ২২:১৩

এই শব্দবোৰৰ অৰ্থ হৈছে, “আদি আৰু অন্ত” বা “প্ৰথম আৰু শেষ।” ইয়ে প্ৰমাণ কৰে যে যিহোৱাৰ আগতে কোনো সৰ্বশক্তিমান ঈশ্বৰ নাছিল আৰু তেওঁৰ পাছতো কোনো নহʼব। (যিচয়া ৪৩:১০) আলফা আৰু ওমিগা গ্ৰীক বৰ্ণমালাৰ প্ৰথম আৰু শেষৰ আখৰ হয়।

আল্লা

(নাই)

“আল্লা” আৰবী ভাষাৰ শব্দ। কিন্তু এয়া কোনো নাম নহয়, কেৱল উপাধিহে আৰু ইয়াৰ অৰ্থ হৈছে, “ঈশ্বৰ।” বাইবেলৰ আৰবী আৰু আন ভাষাৰ অনুবাদত “ঈশ্বৰ” শব্দটো “আল্লা” বুলি অনুবাদ কৰা হৈছে।

পৰম-ধন্য ঈশ্বৰ

১ তীমথিয় ১:১১

তেওঁ আনন্দিত ঈশ্বৰ হয়।—গীতমালা ১০৪:৩১.

ঈশ্বৰৰো ঈশ্বৰ

দ্বিতীয় বিবৰণ ১০:১৭

যিবোৰ ‘মূৰ্ত্তিক’ উপাসনা কৰা হয়, তাৰ তুলনাত যিহোৱা সকলোতকৈ মহান ঈশ্বৰ। (যিচয়া ২:৮) সেইবাবে, এই শব্দৰ অনুবাদ এইদৰেও কৰা হৈছে: “সকলো ঈশ্বৰতকৈ মহান ঈশ্বৰ।”—নিউ ৱৰ্ল্ড ট্ৰানচলেশ্ব্যান্‌

ত্ৰাণকৰ্ত্তা

যিচয়া ৪৫:২১

তেওঁ বিপদ বা বিনাশৰপৰা ৰক্ষা কৰে।

কুমাৰ

যিচয়া ৬৪:৮

প্ৰতিজন মানুহ আৰু ৰাষ্ট্ৰৰ ওপৰত তেওঁৰ অধিকাৰ আছে, যিদৰে মাটিৰ ওপৰত কুমাৰৰ অধিকাৰ থাকে।—ৰোমীয়া ৯:২০, ২১.

শিলা

গীতমালা ১৮:২, ৪৬

তেওঁত আশ্ৰয় লʼলে সুৰক্ষা লাভ কৰোঁ আৰু তেৱেঁই মানুহক ৰক্ষা কৰিব পাৰে।

ৰক্ষক

গীতমালা ২৩:১

নিজৰ উপাসকসকলৰ চোৱা-চিতা কৰে।

মুক্তিদাতা

যিচয়া ৪১:১৪

তেওঁ যীচু খ্ৰীষ্টৰ মুক্তিপণস্বৰূপ বলিদানৰ মূল্যেৰে মানুহক পুনৰ কিনি লʼলে অৰ্থাৎ পাপ আৰু মৃত্যুৰ কবলৰপৰা মুক্ত কৰিলে।—যোহন ৩:১৬.

উদ্যোগী

যাত্ৰাপুস্তক ৩৪:১৪

তেওঁৰ বাহিৰে আন কাৰোবাক উপাসনা কৰাটো তেওঁ সহ্য নকৰে। এই শব্দৰ অনুবাদ এইদৰেও কৰা হৈছে: “কেৱল তেওঁকেই ভক্তি কৰাটো বিচাৰে বুলি তেওঁ জনাজাত” আৰু “তেওঁৰ সমান হʼব বিচৰা লোকসকলক তেওঁ সহ্য নকৰে।”—নিউ ৱৰ্ল্ড ট্ৰানচলেশ্ব্যান্‌ ফুটনোট।

পবিত্ৰ জনা

হিতোপদেশ ৯:১০

পবিত্ৰতাত (বা নৈতিক শুদ্ধতা) তেওঁ সকলোতকৈ প্ৰথম।

সৰ্ব্বোপৰি

গীতমালা ৪৭:২

তেওঁৰ পদ সকলোতকৈ উচ্চ।

ঈশ্বৰ

আদিপুস্তক ১:১

যাক উপাসনা কৰা উচিত আৰু শক্তিশালী ঈশ্বৰ। ‘ঈশ্বৰৰ’ হীব্ৰু শব্দ এলʼহীম এক বহুবচন শব্দ হয়। এই শব্দই যিহোৱাৰ মহিমা, গৌৰৱ বা শ্ৰেষ্ঠতাক প্ৰকাশ কৰে।

পিতৃ

মথি ৬:৯

জীৱন দিওঁতা।

প্ৰভু

গীতমালা ১৩৫:৫

মালিক বা স্বামী। ইয়াৰ হীব্ৰু শব্দ হৈছে, অধʼন আৰু অধʼনিম।

প্ৰাৰ্থনা শুনোতা জনা

গীতমালা ৬৫:২

যিসকলে বিশ্বাসেৰে তেওঁলৈ প্ৰাৰ্থনা কৰে, তেওঁলোকৰ প্ৰাৰ্থনা তেওঁ নিজেই শুনে।

শিক্ষক

যিচয়া ৩০:২০, ২১

তেওঁ আমাক লাভৰ বাবে শিক্ষা দিয়ে আৰু পথ দেখুৱায়।—যিচয়া ৪৮:১৭, ১৮.

সৃষ্টিকৰ্ত্তা

গীতমালা ১৪৯:২

তেওঁ সকলোকে সৃষ্টি কৰিছে আৰু অস্তিত্বত আনিছে।—প্ৰকাশিত বাক্য ৪:১১.

মই যি আছোঁ, সেয়েই আছোঁ

যাত্ৰাপুস্তক ৩:১৪

নিজৰ উদ্দেশ্য পূৰ কৰিবলৈ তেওঁ যি বিচাৰে, সেয়েই হʼব পাৰে। এই বাক্যৰ অনুবাদ এইদৰেও কৰা হৈছে, “মই যি বিচাৰোঁ, সেয়াই হʼব পাৰোঁ।” (নিউ ৱৰ্ল্ড ট্ৰানচলেশ্ব্যান্‌) এই বৰ্ণনাৰপৰা পৰৱৰ্তী পদত দিয়া যিহোৱাৰ নামৰ অৰ্থ বুজিব পাৰি।—যাত্ৰাপুস্তক ৩:১৫.

চিৰস্থায়ী ৰজা

প্ৰকাশিত বাক্য ১৫:৩

তেওঁৰ শাসনৰ কোনো আৰম্ভণি আৰু শেষ নাই।

সৰ্ব্বোপৰি জনা

দানিয়েল ৭:১৮, ২৭

সকলোতকৈ ডাঙৰ ৰজা।

সৰ্ব্বশক্তিমান

আদিপুস্তক ১৭:১

তেওঁৰ ওচৰত অসীম শক্তি আছে। হীব্ৰু ভাষাৰ এলছাদ্দায় শব্দটো বাইবেলত “সৰ্ব্বশক্তিমান ঈশ্বৰ” বুলি অনুবাদ কৰা হৈছে আৰু এই শব্দটো সাতবাৰ উল্লেখ আছে।

বিশ্বব্ৰহ্মাণ্ডৰ মালিক

আদিপুস্তক ১৫:২, NW

তেওঁৰ ওচৰত সকলোতকৈ বেছি অধিকাৰ আছে। ইয়াৰ হীব্ৰু শব্দ হৈছে, অধʼনাই।

সৃষ্টিকৰ্ত্তা

উপদেশক ১২:৭

তেওঁ সকলোকে সৃষ্টি কৰিছে আৰু অস্তিত্বত আনিছে।

বাহিনীবিলাকৰ প্ৰভু

ৰোমীয়া ৯:২৯

তেওঁৰ অধীনত স্বৰ্গদূতৰ এক বিশাল সেনা-বাহিনী আছে। এই উপাধিৰ অনুবাদ এইদৰেও কৰিব পাৰি: “বাহিনীবিলাকৰ যিহোৱা।”—যিচয়া ১:৯.

হীব্ৰু শাস্ত্ৰত ঠাইৰ নাম

বাইবেলত দিয়া কিছুমান ঠাইৰ নামৰ লগত ঈশ্বৰৰ নাম জড়িত আছে। কিন্তু এই নামবোৰ ঈশ্বৰৰ বেলেগ নাম নহয়।

ঠাইৰ নাম

পদ

অৰ্থ

যিহোৱা যিৰি

আদিপুস্তক ২২:১৩, ১৪

“যিহোৱাই যোগাব।”

যিহোৱা-নিচ্চী

যাত্ৰাপুস্তক ১৭:১৫

“যিহোৱা মোৰ ধ্বজা।” যিহোৱাৰ লোকসকলে সুৰক্ষা আৰু সহায়ৰ বাবে তেওঁৰ ওপৰত ভৰসা কৰে।—যাত্ৰাপুস্তক ১৭:১৩-১৬.

যিহোৱা-চালোম

বিচাৰকৰ্ত্তাবিলাক ৬:২৩, ২৪

“যিহোৱাৰ শান্তি।”

যিহোৱা-চামাহ

যিহিষ্কেল ৪৮:৩৫

“যিহোৱা সৌ তাত আছে।”

ঈশ্বৰৰ নাম জনা আৰু ব্যৱহাৰ কৰাৰ কাৰণ

  • ঈশ্বৰৰ বাবে নিজৰ নাম যিহোৱা ইমানেই গুৰুত্বপূৰ্ণ যে তেওঁ এই নাম বাইবেলত হাজাৰ হাজাৰ বাৰ উল্লেখ কৰিছে।—মলাখী ১:১১.

  • ঈশ্বৰৰ পুত্ৰ যীচুৱে বাৰে বাৰে ঈশ্বৰৰ নামৰ গুৰুত্বতাৰ ওপৰত জোৰ দিছিল। উদাহৰণস্বৰূপে, তেওঁ যিহোৱাক প্ৰাৰ্থনাত এইদৰে কৈছিল, “তোমাৰ নাম পূজনীয় [পবিত্ৰ] হওক।”—মথি ৬:৯; যোহন ১৭:৬.

  • ঈশ্বৰৰ নাম যিহোৱা বুলি জনা আৰু ব্যৱহাৰ কৰাটো তেওঁৰ লগত বন্ধুত্ব কৰাৰ প্ৰথম পদক্ষেপ। (গীতমালা ৯:১০; মলাখী ৩:১৬) যেতিয়া লোকসকলে যিহোৱাৰ লগত বন্ধুত্ব কৰে, তেতিয়া তেওঁলোকে এই প্ৰতিজ্ঞা পূৰ হোৱা দেখিবলৈ পায়: “সি মোত আসক্ত হোৱাত মই তাক উদ্ধাৰ কৰিম; সি মোৰ নাম জনাৰ কাৰণে মই তাক ওখ ঠাইত স্থাপন কৰিম।”—গীতমালা ৯১:১৪.

  • বাইবেলে এই কথা স্বীকাৰ কৰে যে “আকাশত বা পৃথিবীতো ঈশ্বৰ-নামধাৰীবিলাক যদিও আছে, (সেই দৰে অনেক ঈশ্বৰ আৰু অনেক প্ৰভু আছে।)” (১ কৰিন্থীয়া ৮:৫, ৬) কিন্তু বাইবেলত স্পষ্টকৈ উল্লেখ আছে যে কেৱল এজনেই সত্য ঈশ্বৰ আছে আৰু তেওঁৰ নাম হৈছে যিহোৱা।—গীতমালা ৮৩:১৮.

a কিছুমান ইব্ৰী বিদ্বানে ঈশ্বৰৰ নামৰ বাবে “ইয়াওৱে” ব্যৱহাৰ কৰিবলৈ ভাল পায়।

b ঈশ্বৰৰ নামৰ সংক্ষিপ্ত ৰূপ “যাঃ” বাইবেলত প্ৰায় চাৰি বাৰ উল্লেখ আছে। এই ৰূপ “হাল্লিলূয়া” শব্দটো ব্যৱহাৰ হয়, যাৰ অৰ্থ হৈছে “যাঃৰ প্ৰশংসা কৰক।”—প্ৰকাশিত বাক্য ১৯:১; হিন্দী ভাষাৰ পবিত্ৰ বাইবেল (O.V.)।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক