ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • ijwfq প্ৰৱন্ধ ৩৮
  • যিহোৱাৰ সাক্ষীসকলে পৰিয়াল ভাঙে নে গঠন কৰে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যিহোৱাৰ সাক্ষীসকলে পৰিয়াল ভাঙে নে গঠন কৰে?
  • যিহোৱাৰ সাক্ষীসকলৰ বিষয়ে সঘনাই সোধা প্ৰশ্ন
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • যিহোৱাৰ সাক্ষীসকলে কেনেকৈ পৰিয়ালক দৃঢ় কৰে?
  • বিবাহৰ সংগী যিহোৱাৰ সাক্ষী হʼলে কি সমস্যা আহিব পাৰে?
  • যিহোৱাৰ সাক্ষীসকলে কেৱল নিজৰ ধৰ্মৰ মাজতে বিয়া কৰা উচিত বুলি কিয় ভাবে?
  • বিবাহ—ঈশ্বৰৰপৰা এক উপহাৰ
    “ঈশ্বৰৰ প্ৰেমত নিজক ৰাখা”
  • বিবাহৰ বাবে সঙ্গী বাছনি কৰাৰ ঈশ্বৰীয় মাৰ্গদৰ্শন
    ২০০১ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
যিহোৱাৰ সাক্ষীসকলৰ বিষয়ে সঘনাই সোধা প্ৰশ্ন
ijwfq প্ৰৱন্ধ ৩৮
এহাল দম্পতীয়ে নিজৰ সন্তানক তেওঁৰ ককা-আইতাৰ ওচৰলৈ লৈ আনিছে

যিহোৱাৰ সাক্ষীসকলে পৰিয়াল ভাঙে নে গঠন কৰে?

যিহোৱাৰ সাক্ষী হিচাপে আমি নিজৰ লগতে আনৰ পৰিয়াল দৃঢ় কৰিবলৈ চেষ্টা কৰোঁ। পৰিয়াল ব্যৱস্থাৰ আৰম্ভণি কৰোঁতা যিহোৱা ঈশ্বৰক আমি সন্মান কৰোঁ। (আদিপুস্তক ২:২১-২৪; ইফিচীয়া ৩:১৪, ১৫) যিহোৱা ঈশ্বৰে নিজৰ বাইবেলত বহুতো পৰামৰ্শ দিছে। সেই পৰামৰ্শবোৰ পালন কৰি আজি বহুতোলোকে নিজৰ পৰিয়াল দৃঢ় আৰু আনন্দপূৰ্ণ কৰি তুলিব পাৰিছে।

যিহোৱাৰ সাক্ষীসকলে কেনেকৈ পৰিয়ালক দৃঢ় কৰে?

আমি বাইবেলৰ পৰামৰ্শ পালন কৰিবলৈ অপ্ৰাণ চেষ্টা কৰোঁ। কিয়নো এইদৰে কৰি আমি এজন ভাল স্বামী, স্ত্ৰী আৰু পিতৃ-মাতৃ হʼব পাৰোঁ। (হিতোপদেশ ৩১:১০-৩১; ইফিচীয়া ৫:২২–৬:৪; ১ তীমথিয় ৫:৮) আনকি একেটা পৰিয়ালত বেলেগ বেলেগ ধৰ্ম পালন কৰা সদস্যসকলকো বাইবেলৰ প্ৰজ্ঞাই সহায় কৰে। (১ পিতৰ ৩:১, ২) যিহোৱাৰ সাক্ষী নোহোৱা এনে কিছুমান লোকৰ মন্তব্য জানক, যিসকলৰ সংগী যিহোৱাৰ সাক্ষী হয়:

  • “বিয়া হোৱা ছবছৰলৈকে আমাৰ মাজত হাই-কাজিয়া হৈছিল আৰু আমাৰ চিন্তাধাৰাও মিল খোৱা নাছিল। কিন্তু মোৰ পত্নী ইভেটিয়ে যিহোৱাৰ সাক্ষী হোৱাৰ পাছত আগতকৈ বেছি মৰমিয়াল আৰু ধৈৰ্য্যশীল হৈ পৰে। সেইবাবে, আমাৰ বিবাহৰ সম্পৰ্ক আগতকৈ বেছি দৃঢ় হʼল।”—ক্লাউইন, ব্ৰাজিল।

  • “যেতিয়া মোৰ স্বামী চানছাই যিহোৱাৰ সাক্ষীসকলৰ লগত অধ্যয়ন কৰিবলৈ আৰম্ভ কৰিছিল, তেতিয়া মোক ভাল লগা নাছিল। কাৰণ মই ভাবিছিলোঁ যে যিহোৱাৰ সাক্ষীসকলে পৰিয়াল ভাঙে। কিন্তু পাছত মই অনুভৱ কৰিলোঁ যে বাইবেলে আমাৰ বিবাহ বন্ধনক দৃঢ় কৰি তুলিছে।”—এগনেছ, জাম্বিয়া।

আমাৰ প্ৰচাৰ এলেকাত দেখিবলৈ পাইছোঁ যে লোকসকলে বাইবেলৰ প্ৰজ্ঞা ব্যৱহাৰ কৰি এই বিষয়বোৰত কেনেকৈ সহায় লাভ কৰিছে:

  • বুদ্ধিমতাৰে বিবাহ সংগী বাছনি কৰাৰ ক্ষেত্ৰত

  • বিবাহৰ প্ৰথম বছৰ আনন্দেৰে অতিবাহিত কৰাৰ ক্ষেত্ৰত

  • শহু-শাহুৰ লগত ভাল সম্পৰ্ক বজাই ৰখাৰ ক্ষেত্ৰত

  • টকা-পইচা ভালদৰে ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত

  • তৰ্ক-বিতৰ্ক কৰাৰপৰা কেনেকৈ আঁতৰি থাকিব পাৰি

  • কেনেকৈ ক্ষমা কৰিব পাৰি

  • লʼৰা-ছোৱালীক প্ৰশিক্ষণ দিয়াৰ ক্ষেত্ৰত

বিবাহৰ সংগী যিহোৱাৰ সাক্ষী হʼলে কি সমস্যা আহিব পাৰে?

এয়া সঁচা যে কেতিয়াবা কেতিয়াবা বিবাহ সংগীৰ মাজত সমস্যা আহে। উদাহৰণস্বৰূপে, ১৯৯৮ চনত চʼফ্ৰেছ নামৰ ৰিচাৰ্চ কোম্পানিয়ে অনুসন্ধান কৰি পায় যে প্ৰায় ২০ টা বিবাহিত পৰিয়ালৰ ভিতৰত এটা বিবাহিত পৰিয়ালত কেৱল এজন সংগীয়ে সাক্ষী হোৱাৰ বাবে গভীৰ সমস্যাই দেখা দিয়ে।

যীচুৱে ভৱিষ্যতবাণী কৰিছিল যে যিসকলে তেওঁৰ শিক্ষা পালন কৰিব, তেওঁলোকৰ পৰিয়ালে বিভিন্ন সমস্যাৰ সন্মুখীন হʼব। (মথি ১০:৩২-৩৬) ইতিহাসবিদ উইল ডুৰাণ্টে মন্তব্য দিছিল যে ৰোমান সাম্ৰাজ্যৰ সময়ত “খ্ৰীষ্টানসকলে পৰিয়াল ভাঙে বুলি তেওলোকৰ ওপৰত দোষাৰোপ কৰা হৈছিল।”a বৰ্তমান সময়তো যিহোৱাৰ সাক্ষীসকলৰ ওপৰত একেই দোষাৰোপ কৰা হয়। তেনেহʼলে ইয়াৰ অৰ্থ এয়া নেকি যে যিহোৱাৰ সাক্ষীসকলে পৰিয়ালত সমস্যাৰ সৃষ্টি কৰে?

ইউৰোপীয় মানৱ অধিকাৰ ন্যায়ালয়

সাক্ষীসকলে পৰিয়াল ভাঙে, এই অভিযোগ বিচাৰ কৰাৰ সময়ত ইউৰোপীয় মানৱ অধিকাৰ ন্যায়ালয়ে এটা মন্তব্য দিছিল। সাক্ষী নোহোৱা পৰিয়ালৰ সদস্যসকলে “সাক্ষী হোৱা সদস্যক নিজৰ ধৰ্মীয় বিশ্বাসৰ অনুসৰি কাম কৰিবলৈ আৰু নিজৰ বিশ্বাসৰ বিষয়ে আনক জনাবলৈ বাধা দিয়ে।” এই ন্যায়ালয়ে এয়াও কৈছিল যে “যি পৰিয়ালৰ সদস্যসকলৰ ধৰ্ম বেলেগ বেলেগ, তেওঁলোকৰ মাজত এই সমস্যাই দেখা দিয়ে। আনকি যিহোৱাৰ সাক্ষীসকলৰো এই সমস্যা হয়।”b যেতিয়া যিহোৱাৰ সাক্ষীসকলে এনেধৰণৰ ধৰ্মীয় সমস্যাৰ সন্মুখীন হয়, তেতিয়া তেওঁলোকে বাইবেলৰ এই পৰামৰ্শ পালন কৰে: “অপকাৰৰ সলনি কাৰো অপকাৰ নকৰিবা। . . . যদি হব পাৰে, তেন্তে তোমালোকৰ সাধ্য অনুসাৰে সকলো মানুহে সৈতে মিলেৰে থাকিবা।”—ৰোমীয়া ১২:১৭, ১৮.

যিহোৱাৰ সাক্ষীসকলে কেৱল নিজৰ ধৰ্মৰ মাজতে বিয়া কৰা উচিত বুলি কিয় ভাবে?

বিবাহৰ ক্ষেত্ৰত যিহোৱাৰ সাক্ষীসকলে বাইবেলৰ নিৰ্দেশনা পালন কৰে। তেওঁলোকে “কেৱল প্ৰভুত” অৰ্থাৎ একে ধৰ্ম পালন কৰা লোকসকলৰ লগত বিয়া কৰে। (১ কৰিন্থীয়া ৭:৩৯) এই আজ্ঞা বাইবেলৰ অনুসৰি সঠিক আৰু ব্যৱহাৰিক। উদাহৰণস্বৰূপে, ২০১০ চনৰ বিবাহ আৰু পৰিয়ালৰ বাবে পত্ৰিকাত (ইংৰাজী) এইদৰে কোৱা হৈছিল, “পৰিয়ালৰ স্বামী-স্ত্ৰীয়ে একেই ধৰ্ম, একেই বিশ্বাস আৰু একেই পৰম্পৰা পালন কৰিলে, তেওঁলোকৰ সম্পৰ্ক দৃঢ় হয়।”c

যিহোৱাৰ সাক্ষীসকলে লোকসকলক এইদৰে কেতিয়াও নকয় যে তেওঁলোকে বিশ্বাসী নোহোৱা সংগীসকলক এৰি দিব লাগে। বাইবেলত এইদৰে উল্লেখ আছে, “কোনো ভাইৰ খ্ৰীষ্টত বিশ্বাস নকৰা ভাৰ্য্যা থাকিলে, যদি স্বামীয়ে সৈতে থাকিবলৈ তেওঁ সন্মত হয়, তেন্তে স্বামীয়ে তেওঁক ত্যাগ নকৰক; আৰু কোনো তিৰোতাৰ বিশ্বাস নকৰা স্বামী থাকিলে, যদি তেৱেঁ সৈতে থাকিবলৈ সন্মত হয় তেন্তে তেওঁ সেই স্বামীক ত্যাগ নকৰক।” (১ কৰিন্থীয়া ৭:১২, ১৩) যিহোৱাৰ সাক্ষীসকলে এই আজ্ঞা পালন কৰে।

a কৈচৰ আৰু খ্ৰীষ্টান (ইংৰাজী), পৃষ্ঠা ৬৪৭ চাওক।

b মস্কোৰ যিহোৱাৰ সাক্ষী আৰু আন লোকসকলৰ বিৰুদ্ধে ৰাচিয়াৰ (ইংৰাজী) ন্যায় বিচাৰ, ২৬-২৭ পৃষ্ঠা, অনু. ১১১ চাওক।

c বিবাহ আৰু পৰিয়ালৰ বাবে পত্ৰিকা (ইংৰাজী), খণ্ড ৭২, নং ৪, (আগষ্ট ২০১০), ৯৬৩ পৃষ্ঠা চাওক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক