ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • lff পাঠ ৩৩
  • ঈশ্বৰৰ ৰাজ্যই কি কৰিব?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঈশ্বৰৰ ৰাজ্যই কি কৰিব?
  • দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • গভীৰভাৱে ধ্যান কৰক
  • আমি কি শিকিলোঁ
  • বেছিকৈ জানক
  • ঈশ্বৰৰ ৰাজ্য কি হয়?
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
  • ঈশ্বৰৰ ৰাজ্য কি হয়?
    বাইবেলে প্ৰকৃততে কি শিকায়?
  • ঈশ্বৰৰ ৰাজ্য কি হয়?
    বাইবেলে আমাক কি শিকায়?
  • ঈশ্বৰৰ ৰাজ্যই কি কৰিব?
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (জনধাৰণ)—২০২০
আৰু চাওক
দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
lff পাঠ ৩৩
পাঠ ৩৩. লোকসকলে পৃথিৱীৰ প্ৰমোদবনত বাস কৰিছে।

পাঠ ৩৩

ঈশ্বৰৰ ৰাজ্যই কি কৰিব?

ছপা সংস্কৰণ
ছপা সংস্কৰণ
ছপা সংস্কৰণ

ঈশ্বৰৰ ৰাজ্যই স্বৰ্গত শাসন কৰিবলৈ আৰম্ভ কৰিলে আৰু অতি সোনকালে এই পৃথিৱীতো শাসন কৰিব। এই ৰাজ্যই পৃথিৱীৰ বেয়া পৰিস্থিতি ভাল কৰিব আৰু ইয়াত লোকসকলে বহুতো আশীৰ্বাদ লাভ কৰিব। এই ৰাজ্যই আৰু কি কি কৰিব, আহক এই বিষয়ে আলোচনা কৰোঁ।

১. ঈশ্বৰৰ ৰাজ্যই এই পৃথিৱীত শান্তি আৰু ন্যায় কেনেকৈ স্থাপন কৰিব?

ঈশ্বৰৰ ৰাজ্যৰ ৰজা যীচুৱে হৰমাগিদোনৰ যুদ্ধত দুষ্ট লোক আৰু মানুহৰ চৰকাৰক শেষ কৰিব। (প্ৰকাশিত বাক্য ১৬:১৪, ১৬) সেইসময়ত বাইবেলৰ এই প্ৰতিজ্ঞা পূৰ হʼব, “অলপতে দুষ্ট লোক নাইকিয়া হব।” (গীতমালা ৩৭:১০) এইদৰে যীচুৱে ঈশ্বৰৰ ৰাজ্যৰ যোগেদি গোটেই পৃথিৱীত শান্তি আৰু ন্যায় স্থাপন কৰিব।—যিচয়া ১১:৪ পঢ়ক।

২. ঈশ্বৰৰ ৰাজ্যই পৃথিৱীত শাসন কৰাৰ সময়ত আমাৰ জীৱন কেনেকুৱা হʼব?

ঈশ্বৰৰ ৰাজ্যত “ধাৰ্ম্মিকবিলাক পৃথিবীৰ অধিকাৰী হব, আৰু তাত সৰ্ব্বতিকাললৈকে বাস কৰিব।” (গীতমালা ৩৭:২৯) কল্পনা কৰক, গোটেই পৃথিৱীত কেৱল ভাল লোকসকল থাকিব। তেওঁলোকে যিহোৱা আৰু এজনে-আনজনক প্ৰেম কৰিব। কোনেও বেমাৰ নহʼব আৰু সকলোৱে সদায় দিনৰ বাবে জীয়াই থাকিব। সেইসময়ৰ পৰিস্থিতি কিমান যে ভাল হʼব!

৩. দুষ্ট লোকসকলক শেষ কৰাৰ পাছত ঈশ্বৰৰ ৰাজ্যই কি কৰিব?

দুষ্ট লোকসকলক শেষ কৰাৰ পাছত যীচুৱে ১,০০০ বছৰলৈকে শাসন কৰিব। সেইসময়ছোৱাত যীচু আৰু তেওঁৰ লগত শাসন কৰা ১,৪৪,০০০ জন লোকে মানুহক সিদ্ধ হʼবলৈ সহায় কৰিব। হাজাৰ বছৰৰ শেষলৈকে এই পৃথিৱীখন সুন্দৰ বাগিচালৈ পৰিৱৰ্তন হʼব। তাত সকলোৱে একেলগে মিলি আনন্দত থাকিব, কিয়নো তেওঁলোকে যিহোৱাৰ আজ্ঞা মানি চলিব। তাৰ পাছত যীচুৱে নিজৰ পিতৃ যিহোৱাক শাসনভাৰ গতাই দিব। সেইসময়ত যিহোৱাৰ নাম পবিত্ৰ কৰা হʼব আৰু এইদৰে আগতে কেতিয়াও হোৱা নাই। (মথি ৬:৯, ১০) ঈশ্বৰৰ ৰাজ্যই প্ৰমাণ কৰিব যে যিহোৱা এজন ভাল ৰজা হয় আৰু তেওঁ নিজৰ লোকসকলৰ যত্ন লয়। তাৰ পাছত যিহোৱাই চয়তান, দুষ্ট স্বৰ্গদূত আৰু তেওঁৰ শাসনক অস্বীকাৰ কৰা লোকসকলক ধ্বংস কৰিব। (প্ৰকাশিত বাক্য ২০:৭-১০) ঈশ্বৰৰ ৰাজ্যত পোৱা আশীৰ্বাদবোৰ সদায় দিনৰ বাবে থাকিব।

গভীৰভাৱে ধ্যান কৰক

বাইবেলত উল্লেখ কৰা প্ৰতিজ্ঞাবোৰ ঈশ্বৰে নিজৰ ৰাজ্যৰ যোগেদি পূৰ কৰিব বুলি আমি কিয় ভৰসা কৰিব পাৰোঁ? আহক এই বিষয়ে আলোচনা কৰোঁ।

৪. ঈশ্বৰৰ ৰাজ্যই মানুহৰ শাসনক শেষ কৰিব

মানুহে ‘এজনে আন জনৰ ওপৰত অপকাৰলৈ ক্ষমতা পায়।’ (উপদেশক ৮:৯) যিহোৱাই নিজৰ ৰাজ্যৰ যোগেদি মানুহৰ শাসন আৰু তেওঁলোকৰ বাবে হোৱা সকলো দুখ-কষ্ট নাইকিয়া কৰিব।

দানিয়েল ২:৪৪ আৰু ২ থিচলনীকীয়া ১:৬-৮ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

  • যিহোৱা আৰু যীচুৱে মানুহৰ চৰকাৰ আৰু তেওঁলোকক সমৰ্থন কৰা লোকসকলক কি কৰিব?

  • এতিয়ালৈকে আপুনি যিহোৱা আৰু যীচুৰ বিষয়ে বহুতো কথা শিকিলে। এই কথা মনত ৰাখি আপুনি কিয় বিশ্বাস কৰে যে তেওঁলোকে যি কৰিব, সেয়া ভাল হʼব?

যীচুৱে স্বৰ্গৰপৰা সুন্দৰ পৃথিৱীখনত শাসন কৰি আছে।

৫. যীচুৰ দৰে ভাল ৰজা আৰু কোনো নাই

ঈশ্বৰৰ ৰাজ্যৰ ৰজা যীচুৱে নিজৰ প্ৰজাৰ কাৰণে বহুতো ভাল কাম কৰিব আৰু পৃথিৱীত থকাৰ সময়ত তেওঁ ইয়াৰ প্ৰমাণ দিলে। তেওঁ কৰা কামৰপৰা বুজিব পাৰি যে তেওঁ লোকসকলৰ বিষয়ে চিন্তা কৰে আৰু লোকসকলৰ বাবে ভাল কাম কৰিবলৈ যিহোৱাই তেওঁক শক্তি দিছে। এই বিষয়ে জানিবলৈ ভিডিঅʼখন চাওক।

ভিডিঅʼ: ঈশ্বৰৰ ৰাজ্যই কি কৰিব, যীচুৱে তাৰ আভাস দিলে (১:১৩)

পৃথিৱীত থকাৰ সময়ত যীচুৱে যি কৰিলে, তাৰপৰা বুজিব পাৰি যে ঈশ্বৰৰ ৰাজ্যই কি কৰিব। তলত কিছুমান প্ৰতিজ্ঞাৰ বিষয়ে উল্লেখ আছে, যিবোৰ ঈশ্বৰৰ ৰাজ্যত পূৰ হʼব। আপুনি কোনটো প্ৰতিজ্ঞা পূৰ হোৱালৈ আগ্ৰহেৰে বাট চাই আছে? প্ৰতিটো প্ৰতিজ্ঞাৰ লগত দিয়া পদবোৰ পঢ়ক।

পৃথিৱীত থকাৰ সময়ত যীচুৱে কি কৰিলে?

স্বৰ্গৰপৰা যীচুৱে কি কৰিব?

  • তেওঁ প্ৰাকৃতিক দুৰ্যোগবোৰ নিজৰ নিয়ন্ত্ৰণ ৰাখিছিল।—মাৰ্ক ৪:৩৬-৪১.

  • পৰিৱেশৰ যি ক্ষতি হৈছে, সেয়া তেওঁ ভাল কৰিব।—যিচয়া ৩৫:১, ২.

  • তেওঁ আচৰিত কৰ্ম কৰি হাজাৰ হাজাৰ লোকক আহাৰ খুৱাইছিল।—মথি ১৪:১৭-২১.

  • তেওঁ পৃথিৱীৰপৰা দৰিদ্ৰতা নাইকিয়া কৰিব।—গীতমালা ৭২:১৬.

  • তেওঁ বহুতো বেমাৰী লোকক সুস্থ কৰিলে।—লূক ১৮:৩৫-৪৩.

  • তেওঁ বেমাৰ নাইকিয়া কৰিব আৰু সকলোৱে সুস্থ হৈ থাকিব।—যিচয়া ৩৩:২৪.

  • তেওঁ মৃত লোকসকলক জীয়াই তুলিলে।—লূক ৮:৪৯-৫৫.

  • তেওঁ মৃত্যুক নাইকিয়া কৰিব আৰু মৃত লোকসকলক জীয়াই তুলিব।—প্ৰকাশিত বাক্য ২১:৩, ৪.

৬. ঈশ্বৰৰ ৰাজ্যই মানুহক ভাল ভৱিষ্যৎ দিব

আৰম্ভণিতে যিহোৱাই মানুহৰ বাবে যি যি কৰিব বিচাৰিছিল, সেয়া তেওঁ ঈশ্বৰৰ ৰাজ্যত পূৰ কৰিব। পৃথিৱীখন সুন্দৰ বাগিচালৈ পৰিৱৰ্তন হʼব আৰু মানুহে তাত সদায় জীয়াই থাকিব। যিহোৱাই নিজৰ উদ্দেশ্য পূৰ কৰিবলৈ নিজৰ পুত্ৰৰ যোগেদি কি কৰি আছে, ইয়াৰ বিষয়ে জানিবলৈ ভিডিঅʼখন চাওক।

ভিডিঅʼ: সুন্দৰ ভৱিষ্যতৰ এক আভাস (৪:৩৮)

গীতমালা ১৪৫:১৬ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • যিহোৱাই সকলোৰে ইচ্ছা পূৰ কৰিব, এয়া জানি আপুনি কেনে অনুভৱ কৰে?

কিছুমান লোকে কয়: “যদি আমি সকলোৱে মিলি চেষ্টা কৰোঁ, তেনেহʼলে পৃথিৱীৰ সমস্যাবোৰ সমাধান কৰিব পাৰিম।”

  • মানুহৰ চৰকাৰে শেষ কৰিব নোৱাৰা কি কি সমস্যা ঈশ্বৰৰ ৰাজ্যই শেষ কৰিব?

আমি কি শিকিলোঁ

যিহোৱাই নিজৰ ৰাজ্যৰ যোগেদি নিজৰ উদ্দেশ্য পূৰ কৰিব। সেই ৰাজ্যত গোটেই পৃথিৱীখন সুন্দৰ বাগিচালৈ পৰিৱৰ্তন হʼব। তাত কেৱল নম্ৰ লোকসকলে বাস কৰিব আৰু তেওঁলোকে সদায় যিহোৱাৰ উপাসনা কৰিব।

আপুনি কেনেকৈ উত্তৰ দিব?

  • ঈশ্বৰৰ ৰাজ্যই যিহোৱাৰ নাম কেনেকৈ পবিত্ৰ কৰিব?

  • ঈশ্বৰৰ ৰাজ্যই বাইবেলত উল্লেখ কৰা সকলো প্ৰতিজ্ঞা পূৰ কৰিব বুলি আমি কিয় বিশ্বাস কৰিব পাৰোঁ?

  • ঈশ্বৰৰ ৰাজ্যত কোনটো প্ৰতিজ্ঞা পূৰ হোৱালৈ আপুনি আগ্ৰহেৰে বাট চাই আছে?

লক্ষ্য

বেছিকৈ জানক

হৰমাগিদোন কি হয়, আহক চাওঁ।

“হৰমাগিদোন কি হয়?” (ৱেবছাইটত দিয়া লেখ)

যীচুৱে কোৱা ‘মহা-সংকটৰʼ সময়ত কি কি হʼব, আহক তাৰ বিষয়ে চাওঁ।—মথি ২৪:২১.

“মহা-সংকট কি হয়?” (ৱেবছাইটত দিয়া লেখ)

নিজৰ পৰিয়ালৰ লগত একেলগে মিলি কেনেকৈ নতুন পৃথিৱীৰ কল্পনা কৰিব পাৰি, আহক ভিডিঅʼখনত চাওঁ।

নিজকে নতুন পৃথিৱীত চাওক (১:৫০)

“মই কিছুমান প্ৰশ্নক লৈ চিন্তিত আছিলোঁ,” এই জীৱন কাহিনীত এনে এজন ব্যক্তিৰ বিষয়ে পঢ়ক, যিজনে নিজৰ দেশৰ চৰকাৰ সলনি কৰিব বিচাৰিছিল। অৱশেষত তেওঁ বিচাৰি থকা প্ৰশ্নবোৰৰ উত্তৰ পালে।

“পবিত্ৰ শাস্ত্ৰই জীৱন পৰিৱৰ্তন কৰে” (প্ৰহৰীদুৰ্গ লেখ)

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক