ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ১/৯৯ পৃষ্ঠা ১
  • “সহন কৰি থাকা”

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • “সহন কৰি থাকা”
  • ১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • সদায় ধৈৰ্য্যেৰে কাম কৰক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
  • “তোমাৰ হাত কোঁচাই নাৰাখিবা”
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২০
১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ১/৯৯ পৃষ্ঠা ১

“সহন কৰি থাকা”

১ যেনেকৈ চয়তানৰ পুৰণি ব্যৱস্থাৰ শেষ সময় ওচৰ চাপি আহিছে আৰু এইকাৰণে আমাৰ বাবে অতি আৱশ্যক হৈ পৰিছে ‘সহন কৰি থাকি’ উদ্ধাৰৰ বাবে যিহোৱালৈ অপেক্ষা কৰা। বিশেষকৈ, এই শেষৰ সময়ত দুষ্ট শত্ৰু শক্তিবোৰৰ দৃঢ় সঙ্কল্প হৈছে আমাৰ মনোযোগ যিহোৱাৰ সাৰ্ব্বভৌমত্বৰ পৰা আতঁৰাই আমাক ব্যক্তিগত কাৰ্য্যবোৰত লিপ্ত ৰখা। এইবোৰৰ দ্বাৰাই ৰাজ্য প্ৰচাৰ কাৰ্য্যত লাহে-লাহে দুৰ্বল হবলৈ বা ত্যাগ কৰিবলৈ চয়তানে আমাক ছলনা কৰিব পাৰে। (যাকো. ৫:৭, ৮; মথি ২৪:১৩, ১৪) কি কি ক্ষেত্ৰত আমি সহনশীলতাৰ এই আৱশ্যকীয় গুণবোৰক প্ৰদৰ্শন কৰিব পাৰোঁ?

২ শান্ত স্বভাৱ হোৱাৰ দ্বাৰা: যেতিয়া আমি প্ৰচাৰ কাৰ্য্যত নিৰুৎসাহ হওঁ বা বিৰোধিতাৰ সন্মুখীন হওঁ, শান্ত স্বভাৱে আমাক প্ৰচাৰ কাৰ্য্যত লাগি থাকিবলৈ সহায় কৰিব। যদি আমি লগ পোৱা লোকসকল কঠোৰ বা নিষ্ঠুৰ হয়, তেনেহʼলে আমি সহজতে ভয় নকৰিম বা তেওঁলোকৰ সেই স্বভাৱৰ বাবে অসন্তুষ্ট নহম। (১ পিত. ২:২৩) এই আত্মবলে আমাক প্ৰচাৰ কাৰ্য্যত সেই লোকসকলৰ বিষয়ে বিৰুদ্ধাত্মক মন্তব্য দিয়াৰ পৰা বাধা দিব পাৰে যিসকলে আমাৰ কাৰ্য্যত আগ্ৰহ নেদেখুৱাই বা আক্ৰোশ হয়। কিয়নো আমি জানো যে এইবোৰ মন্তব্যই প্ৰচাৰ কাৰ্য্যত মাত্ৰ আমাকে নহয় কিন্তু আমাৰ সৈতে কাৰ্য্য কৰা লোকসকলকো নিৰাশ কৰিব।

৩ সহন কৰাত দৃঢ়তা হোৱাৰ দ্বাৰা: পৰিচৰ্য্যা কাৰ্য্যত প্ৰথম বাৰ ভাল আলোচনা কৰাৰ পিছত যেতিয়া দ্বিতীয় বাৰ সেই আগ্ৰহ দেখুৱা ব্যক্তিজনক ঘৰত পোৱা নাযায় তেতিয়া আমাৰ সহনশীলতাৰ পৰীক্ষা হব পাৰে। সেই একেদৰে এই ক্ষেত্ৰতো সত্য, যদি আমি যিজন ব্যক্তিক বাইবেল অধ্যয়ন কৰি আছো, সেইজনে উন্নতি কৰাত বা সত্যত দৃঢ় হবলৈ বহুত পলম কৰে। তথাপি সহনশীল হোৱাৰ দ্বাৰা ভাল ফল উৎপন্ন হয়। (গালা. ৬:৯) এজনী ভনীয়ে, এগৰাকী মহিলাৰ সৈতে বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে বহু বাৰ পুনৰ সাক্ষাত কৰে। প্ৰথম পাচোঁটা সাক্ষাতত, মহিলাগৰাকীয়ে নিজকে অন্য বিষয়বোৰত ব্যস্ত ৰাখে। ষষ্ঠ বাৰত, মাত্ৰ সেই মহিলাগৰাকীৰ বাবে ভনীজনীয়ে বিজুলি-ঢেৰকণি ভৰা ধুমুহাত তিতি-বুৰি তাইৰ ঘৰত পাই দেখে যে ঘৰত কোনো নাই। যিকি নহওঁক, মহিলাগৰাকীক আকৌ এবাৰ সুযোগ দিয়াৰ বাবে দৃঢ় সঙ্কল্প হোৱা ভনীজনীয়ে আৰু এবাৰ তাইক সাক্ষাত কৰে আৰু এই সিদ্ধান্তত উপনীত হয় যে মহিলাগৰাকীয়ে অধ্যয়নৰ বাবে ইচ্ছুক। তাৰপাছত সেই বিদ্যাৰ্থী গৰাকীয়ে দৃঢ়তাৰে উন্নতি কৰে আৰু অতি কম সময়ৰ ভিতৰত তাইৰ জীৱন যিহোৱালৈ সমৰ্পিত কৰে।

৪ আমি জানো যে যিহোৱাৰ দিন অহাত পলম নহব। সেইবাবে আমি এই কথা মনত ৰাখি তেওঁৰ কাৰ্য্যকাৰী হোৱা দিনৰ বাবে অপেক্ষা কৰিম যে যিহোৱাৰ সহনশীলতাই ভাল ফল উৎপন্ন কৰিব। (হব. ২:৩; ২ পিত. ৩:৯-১৫) যিহোৱাই কৰাৰ দৰে আমিও সহনশীল হোৱা উচিত আৰু প্ৰচাৰ কাৰ্য্যক কেতিয়াও ত্যাগ দিব নালাগে। আপোনাৰ কঠোৰ পৰিশ্ৰমৰ পুৰস্কাৰ পাবলৈ “বিশ্বাস আৰু চিৰসহিষ্ণুতাৰ” সৈতে যিহোৱালৈ অপেক্ষা কৰক।—ইব্ৰী ৬:১০-১২.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক