ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ১/৯৯ পৃষ্ঠা ২
  • জানুৱাৰী মাহৰ বাবে পৰিচৰ্য্যা সভা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • জানুৱাৰী মাহৰ বাবে পৰিচৰ্য্যা সভা
  • ১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • উপশীৰ্ষক
  • জানুৱাৰী ১১ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
  • জানুৱাৰী ১৮ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
  • জানুৱাৰী ২৫ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ১/৯৯ পৃষ্ঠা ২

জানুৱাৰী মাহৰ বাবে পৰিচৰ্য্যা সভা

জানুৱাৰী ৪ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ৩৬

১০ মি: স্থানীয় ঘোষণাসমূহ। আমাৰ ৰাজ্য পৰিচৰ্য্যা-ৰ পৰা নিৰ্ব্বাচিত ঘোষণাসমূহ। যদি জানুৱাৰী ১ তাৰিখৰ পৰা সভাবোৰৰ সময় পৰিবৰ্তন কৰা হয় তেনেহʼলে সকলোকে হেন্ডবিল প্ৰয়োগ কৰিবলৈ কওঁক যʼত সভাবোৰৰ নতুন সময়ৰ বিষয়ে উল্লেখ থাকে।

১৫ মি: “পুৰণি কিতাপবোৰ সঠিকৰূপে ব্যৱহাৰ কৰক।” প্ৰশ্ন আৰু উত্তৰ। মণ্ডলীত থকা পুৰণি কিতাপবোৰৰ বিষয়ে উল্লেখ কৰক। সেই কিতাপবোৰত কি কি মুখ্য বিষয় আছে আৰু সেইবোৰক কেনেকৈ প্ৰস্তুত কৰিব পাৰি তাৰ বিষয়ে কওঁক। জানুৱাৰী মাহত ক্ষেত্ৰ পৰিচৰ্য্যাত আৰু যি ঠাইতে লোকবিলাকক লগ পোৱা যায় এইবোৰক ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰক। ইয়াৰ বাবে এটা চমু প্ৰদৰ্শন দেখুৱাওঁক।

২০ মি: নিজৰ শৰীৰৰ বাবে তেজৰ পৰা বিৰত থাকিবলৈ এটা আইনসঙ্গত অধিকাৰ বনাওঁক। (পাঁচ. ১৫:২৮, ২৯) এজন যোগ্য প্ৰাচীনৰ দ্বাৰা অগ্ৰিম চিকিৎসীয় নিৰ্দেশ-পত্ৰ/মুক্তি পত্ৰৰ যথাৰ্থ মূল্যৰ বিষয়ে ভাষণ। এই সভাৰ পিছত বাপ্তিষ্মা প্ৰাপ্ত সাক্ষীসকলক নতুন পত্ৰ দিয়া যাব আৰু যিসকলৰ বাপ্তিষ্মা নোলোৱা সৰু লৰা-ছোৱালী আছে, তেওঁলোকৰ বাবে চিনাক্ত-প্ৰত্ৰ দিয়া যাব। সেই পত্ৰত আজি ৰাতি ভৰ্ত্তি কৰিব নালাগে। এই পত্ৰবোৰ ঘৰলৈ গৈ ভৰ্ত্তি কৰিব লাগে কিন্তু তাত চহী নকৰিব। পৰৱৰ্তী পুস্তক অধ্যয়নৰ শেষত পুস্তক অধ্যয়ন লোৱা ভাইজনৰ নিৰীক্ষণত সকলো পত্ৰত সাক্ষীৰ সন্মুখত চহী কৰা আৰু তাৰিখ দিয়া উচিত। চহী কৰাৰ আগতে পত্ৰখনত সকলোবোৰ সঠিকভাৱে ভৰ্ত্তি হোৱাটো নিশ্চিত কৰা প্ৰয়োজন। সাক্ষীৰূপে চহী কৰা সকলে, পত্ৰ-ধাৰকে প্ৰমাণপত্ৰত চহী কৰাৰ সময়ত লক্ষ্য কৰা উচিত। বাপ্তিষ্মা নোলোৱা প্ৰকাশকে নিজৰ আৰু নিজৰ লৰা-ছোৱালীৰ বাবে পত্ৰত যি লিখা আছে সেইবোৰ অলপ সাল-সলনি কৰি পৰিস্থিতি আৰু বিশ্বাসৰ অনুসৰি নিজৰ বাবে এখন নিৰ্দেশাত্মক পত্ৰ লিখিব পাৰে। পুস্তক অধ্যয়নৰ পৰিচালক সকলে নিজৰ সমূহত থকা সকলো লোকৰ এখন সূচীপত্ৰ তৈয়াৰ কৰি চোৱা উচিত যাতে তেওঁলোকৰ সমূহৰ সকলো লোকে অগ্ৰিম চিকিৎসীয় নিৰ্দেশ-পত্ৰ/মুক্তি পত্ৰৰ বাবে আৱশ্যকীয় সহায় পায়।

গীত ৬১ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

জানুৱাৰী ১১ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ৮৮

১০ মি: স্থানীয় ঘোষণাসমূহ। লেখ ৰিপৰ্ট।

২০ মি: “যিহোৱাৰ পথত চলিবলৈ—আমাৰ সঙ্কল্প।” এক ভাষণ। মণ্ডলীৰ সপ্তাহৰ পাচঁখন সভাত নিয়মীয়াকৈ উপস্থিত হবলৈ সকলোকে উৎসাহিত কৰক।

১৫ মি: “সহন কৰি থাকা।” পৰিয়ালৰ সদস্যসকলৰ মাজত আলোচনা। তেওঁলোকৰ পৰিচৰ্য্যাত আৰু সহনশীল হোৱাৰ প্ৰণালীবোৰৰ বিষয়ে পুনৰ আলোচলা কৰক। জুন ১৫, ১৯৯৫, প্ৰহৰীদূৰ্গ, (ইংৰাজী) ১২ পৃষ্ঠাৰ পৰা কিছুমান যুক্তিসঙ্গত মন্তব্য সন্মিলিত কৰক।

গীত ১৩৫ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

জানুৱাৰী ১৮ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ১৬৯

৫ মি: স্থানীয় ঘোষণাসমূহ।

১০ মি: স্থানীয় আৱশ্যকতাবোৰ।

১৫ মি: “পৰিচালনা কৰা ওভাৰচিয়াৰসকল—মণ্ডলীত পুস্তক অধ্যয়নৰ পৰিচালকসকল।” ভাল উদাহৰণ ৰখা এজন মণ্ডলীত পুস্তক অধ্যয়নৰ পৰিচালকৰ দ্বাৰা ভাষণ যিজনে নিজৰ দায়িত্ববোৰক বিশ্লেষণ কৰে। তেওঁক কোৱাৰ আৱশ্যক যে কেনেকৈ তেওঁৰ কাৰ্য্যই মণ্ডলীৰ আধ্যাত্মিক সাহাৰ্য্য আৰু উন্নতিৰ বাবে সহায়ক হয়। আমাৰ পৰিচৰ্য্যা সম্পূৰ্ণ কৰিবলৈ সংগঠিত (ইংৰাজী) কিতাপখনৰ ৪৩-৫, ৭৪-৬ পৃষ্ঠাৰ মুখ্য মন্তব্যক সন্মিলিত কৰক।

১৫ মি: গুৰুত্বপূৰ্ণ বিষয়বোৰক প্ৰাথমিকতা দিয়ক! এজন প্ৰাচীনৰ দ্বাৰা শ্ৰোতাসকলৰ লগত আলোচনা। এই বিষয়বস্তু ১৯৯৮ চনৰ, ছেপ্তম্বৰ ১, প্ৰহৰীদূৰ্গ, (ইংৰাজী) ১৯-২১ পৃষ্ঠাৰ পাঠৰ পৰা লোৱা হৈছে।

গীত ১৯৭ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

জানুৱাৰী ২৫ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ২০১

১০ মি: স্থানীয় ঘোষণাসমূহ।

১৫ মি: “অগ্ৰগামীসকলৰ বাবে প্ৰয়োজনীয় ঘন্টাৰ পৰিবৰ্তন।” প্ৰাচীনৰ দ্বাৰা ভাষণ। মণ্ডলীত অগ্ৰগামীসকলৰ প্ৰশংসা কৰক আৰু মাৰ্চ, এপ্ৰিল আৰু মে’ মাহত প্ৰচাৰ কাৰ্য্যত অধিকৰূপে ভাগ লোৱাৰ বিষয়ে মনত ৰাখি অধিক প্ৰকাশকসকলক সহযোগী আৰু নিয়মিত অগ্ৰগামী সেৱা কৰিবলৈ উৎসাহিত কৰক। আমাৰ ৰাজ্যৰ পৰিচৰ্য্যা-ৰ ফেব্ৰুৱাৰী ১৯৯৭ আৰু জুলাই ১৯৯৮ চনৰ অন্তপত্ৰৰ (ইংৰাজী) কিছুমান বিষয় সন্মিলিত কৰক।

২০ মি: আপুনি প্ৰতিদিনে শাস্ত্ৰবচনৰ পৰীক্ষা কৰে নে? ভাষণ আৰু শ্ৰোতাসকলৰ সৈতে আলোচনা। প্ৰত্যেক বছৰতে সংস্থায়ে শাস্ত্ৰবচনৰ পৰীক্ষা কৰক পুস্তিকাখন উপলব্ধ কৰে। আপুনি ব্যক্তিগতভাৱে বা পৰিয়ালৰ সৈতে মিলিত হৈ এই পুস্তিকাখনৰ আলোচনা কৰিছেনে? আমি কিয় প্ৰত্যেক দিনে শাস্ত্ৰ পাঠ আলোচনা কৰা উচিত, ইয়াৰ লাভজনক কাৰণবোৰ বৰ্ণনা কৰক। প্ৰতিদিন শাস্ত্ৰবচনৰ পৰীক্ষা কৰক—১৯৯৯ চনৰ ৩-৪ পৃষ্ঠাত দিয়া বিষয়টো উপৰত আলোচনা কৰক। কিছুমান প্ৰচাৰকক কবলৈ কওঁক যে তেওঁ আৰু তেওঁৰ পৰিয়ালে প্ৰতিদিনৰ পাঠ পৰীক্ষা কৰিবলৈ আৰু বিশ্বাসেৰে মন্তব্য দিবলৈ কি বিশেষ প্ৰচেষ্টা কৰে।

গীত ২২৫ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক