ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ১/৯৯ পৃষ্ঠা ৩
  • অগ্ৰগামীসকলৰ বাবে প্ৰয়োজনীয় ঘন্টাৰ পৰিবৰ্তন

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • অগ্ৰগামীসকলৰ বাবে প্ৰয়োজনীয় ঘন্টাৰ পৰিবৰ্তন
  • ১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • অগ্ৰগামী সেৱা—আমাৰ সময়ক বুদ্ধিমানৰূপে প্ৰয়োগ কৰা কাৰ্য্য!
    ১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • অগ্ৰগামী সেৱাৰ বাবে আপোনাৰ কাৰণে দুৱাৰ মুকলি হৈ আছেনে?
    ১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • ঈশ্বৰ-শাসিত বাৰ্তা
    ১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • অগ্ৰগামী সেৱাৰ পৰা পোৱা লাভসমূহ
    ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ১/৯৯ পৃষ্ঠা ৩

অগ্ৰগামীসকলৰ বাবে প্ৰয়োজনীয় ঘন্টাৰ পৰিবৰ্তন

১ মণ্ডলীত পৰিশ্ৰম কৰা নিয়মিত আৰু সহযোগী অগ্ৰগামীসকলক আমি সকলোৱে প্ৰশংসা কৰা উচিত। যিবিলাক ঠাই সীমিত আৰু যʼত নিয়মিত ৰূপে বহুবাৰ প্ৰচাৰ হৈ গৈছে, তাতো অগ্ৰগামীসকলে উৎসাহী হৈ কৰা ৰাজ্য-সেৱাৰ বাবে ভাল উদাহৰণ ৰাখিছে। তেওঁলোকে প্ৰকাশকসকলক সেই লোকসকলক বিচাৰি উলিয়াবলৈ নিজকে ব্যস্ত ৰাখিবলৈ উৎসাহিত কৰে যিসকলে “শুনি আনন্দ” পায়।—পাঁচ. ১৩:৪৮.

২ অগ্ৰগামীসকলে সন্মুখীন হোৱা সমস্যাবোৰৰ বিষয়ে সংস্থাই মনোযোগ দিলে, বিশেষকৈ অংশকালিক চাকৰিৰ বাবে যাতে তেওঁলোকে ব্যক্তিগত আৱশ্যকতাবোৰ উপযুক্তৰূপে পূৰ্ণ কৰিবলৈ সহায় পাই আৰু পূৰ্ণ-সময়ৰ সেৱাত লাগি থাকে। বহুতো দেশত বৰ্তমান অৰ্থনৈতিক অৱস্থা বেয়া হোৱাৰ বাবে অন্য লোকসকলৰ আন্তৰিক ইচ্ছা থকাৰ স্বত্তেও অগ্ৰগামী সেৱাত প্ৰবেশ কৰাত বাধাৰ সন্মুখীন হয়। কিছু মাহৰ আগত, এইবোৰ আৰু অন্য কাৰণসমূহ ভালদৰে বিবেচনা কৰা হৈছে।

৩ সেই আৱশ্যকীয় কথাবোৰ মনত ৰাখি সংস্থায়ে নিয়মিত আৰু সহযোগী অগ্ৰগামী, এই দুয়োৰে বাবে প্ৰয়োজনীয় ঘন্টাক হ্ৰাস কৰিলে। ১৯৯৯ চনৰ, বছৰৰ আৰম্ভণি পৰা নিয়মিত অগ্ৰগামীসকলে প্ৰত্যেক মাহত ৭০ ঘন্টা বা গোটেই বছৰত সৰ্ব্বমূঠ ৮৪০ ঘন্টা দিব। সহযোগী অগ্ৰগামীয়ে প্ৰত্যেক মাহত ৫০ ঘন্টা দিব। বিশেষ অগ্ৰগামী আৰু মিচনেৰীসকলৰ আৱশ্যকীয় ঘন্টাৰ কোনো পৰিবৰ্তন কৰা নহব, কিয়নো তেওঁলোকৰ ভৌতিক আৱশ্যকতাবোৰ সংস্থাই চোৱা-চিতা কৰে। সেইবাবে তেওঁলোকে প্ৰচাৰ আৰু শিষ্য বনোৱা কাৰ্য্যক ভালদৰে মনোযোগ দিব পাৰে।

৪ এইটো আশা কৰা হৈছে যে প্ৰয়োজনীয় ঘন্টাৰ পৰিবৰ্তনে অধিক অগ্ৰগামীসকলে নিজৰ সেৱাৰ অমূল্য বিশেষ অধিকাৰক ত্যাগ নকৰিবলৈ সহায় কৰিব। অন্য প্ৰকাশকসকলকো নিয়মিত আৰু সহযোগী অগ্ৰগামী কাৰ্য্য কৰিবলৈ সুযোগ পোৱা উচিত। এইটো মণ্ডলীৰ প্ৰত্যেকজনৰ বাবে কিমান যে মহান আশীৰ্ব্বাদ প্ৰমাণিত হব!

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক