আপুনি মাত্ৰ বহিঃৰূপতে দৃষ্টি কৰেনে?
১ যেনেকৈ আমি প্ৰথমবাৰৰ বাবে আমাৰ ৰাজহুৱা প্ৰচাৰ কাৰ্য্যত অংশ গ্ৰহণ কৰোঁ, হয়তো আমি কিছুমান লোকক শুভবাৰ্ত্তাৰ বিষয়ে কবলৈ কুন্ঠাবোধ কৰোঁ। উদাহৰণস্বৰূপে, যদি দেখিবলৈ কোনো ভয়ানক চেহেৰা থকা ব্যক্তিয়ে আপোনাৰ ওপৰত সন্দেহজনকভাৱে চকু ৰাখে যেতিয়া আপুনি তেওঁৰ চুবুৰীয়াৰ ওচৰলৈ যায় যিজনে সত্যৰ প্ৰতি আগ্ৰহী, তেতিয়া আপুনি কেনে প্ৰতিক্ৰিয়া দেখুৱাব? এজনী অগ্ৰগামী ভনীৰো সেই একেইদৰে অনুভৱ হৈছিল, ভনীজনীয়ে সেই ব্যক্তিজনক সাক্ষাৎ কৰি কথা পাতিবলৈ থিৰাং কৰিলে। সেই ব্যক্তিজনে ভনীজনীক কৰ্কশভাৱে অভ্যৰ্থনা জনায়। কিন্তু, আচৰিতভাৱে তেওঁ বাইবেলৰ বাৰ্ত্তাক গ্ৰহণ কৰে আৰু কিছু আগ্ৰহী হৈ বাইবেল অধ্যয়নৰ কৰিবলৈ মান্তি হয়। ভনীজনীয়ে বহিঃৰূপত দৃষ্টি নকৰাৰ ফলস্বৰূপে সেই ব্যক্তি আৰু তেওঁৰ পত্নীৰ বাবে সত্য শিকিবলৈ দুৱাৰ মুকলি হʼল।
২ আন এজনী ভনীয়ে বহিঃৰূপত দৃষ্টি কৰি প্ৰথমতে এজন দীঘল চুলি থকা যুৱকক দেখি ভয় খাইছিল, কিন্তু যেতিয়াই তেওঁ ভনীজনীয়ে কাম কৰা দোকানলৈ আহে তাই চমুকৈ তেওঁক সাক্ষী দিয়াৰ চেষ্টাত লাগি থাকে। তাইৰ এই চেষ্টাই ভাল ফল উৎপন্ন কৰে আৰু সেই যুৱকজন বৰ্তমান বাপ্তিস্মা প্ৰাপ্ত প্ৰচাৰক। আমাৰ বাৰ্ত্তা গ্ৰহণ নকৰিব বুলি আনৰ প্ৰতি থকা আমাৰ দৃষ্টিভঙ্গীত তৎক্ষণাত উপনীত নহবলৈ কিহে আমাক বাধা দিব?
৩ যীচুৰ উদাহৰণক অনুকৰণ কৰক: নিজৰ জীৱন সকলোৰ বাবে দিব লাগিব বুলি যীচুৱে জানিছিল। যিহেতু তেওঁ আনৰ বহিঃৰূপত দৃষ্টি কৰি তেওঁৰ কাৰ্য্যক স্থগিত কৰা নাছিল। তেওঁ অনুভৱ কৰিছিল যে যদিও সেইসকলে নৈতিকভাৱে অপৰাধী, তথাপি তেওঁলোকক যদি সঠিক সহায় আৰু উদ্গণি দিয়া হয় তেওঁলোকে মন পৰিৱৰ্ত্তন কৰিব পাৰে। (মথি ৯:৯-১৩) তেওঁ ধনী আৰু দুখীয়াক একেই সমানে সহায় কৰিবলৈ চেষ্টা কৰিছিল। (মথি ১১:৫; মাৰ্ক ১০:১৭-২২) আমি চকু বন্ধ কৰি আমাৰ প্ৰচাৰ কাৰ্য্য লগ পোৱা ব্যক্তিসকলক তেওঁলোকৰ বহিঃৰূপত দৃষ্টি কৰি বিচাৰ কৰা উচিত নহয়, তেওঁলোকে হয়তো ভাল হৃদয়ৰ হব পাৰে। (মথি ৭:১; যোহ. ৭:২৪) এই সংক্ৰান্তত কিহে আমাক যীচুৰ অতুলনীয় উদাহৰণক অনুকৰণ কৰিবলৈ সহায় কৰিব পাৰে?
৪ আমাৰ বাইবেল অধ্যয়নৰ দ্বাৰা আমি জানিব পাৰিছোঁ যে ঈশ্বৰৰ বাক্যই যি কোনো এজনৰ চিন্তাধাৰা, আচাৰ-ব্যৱহাৰ আৰু ব্যক্তিত্বক সলনি কৰিব পাৰে। (ইফি. ৪:২২-২৪; ইব্ৰী ৪:১২) সেইবাবে আমি সঠিক মনোবৃত্তি ৰখা উচিত আৰু যিজনে সকলো মানৱৰ হৃদয় পঢ়িব পাৰে সেই যিহোৱাৰ হাতত সকলো এৰি দিয়া আৱশ্যক।—১ চমূ. ১৬:৭; পাঁচ. ১০:৩৪, ৩৫.
৫ কোনো স্বাৰ্থ নাৰাখি আৰু বহিঃৰূপত দৃষ্টি নকৰি সকলো প্ৰকাৰৰ লোকক শুভবাৰ্ত্তা প্ৰচাৰ কৰি, আমি এই অন্তিম দিনত মহান চপোৱা কাৰ্য্যত ভাগ লব পাৰোঁ।—১ তীম. ২:৩, ৪.