জুন মাহৰ বাবে পৰিচৰ্য্যা সভা
জুন ৭ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ৪৫
১০ মি: স্থানীয় ঘোষণাসমূহ। আমাৰ ৰাজ্য পৰিচৰ্য্যা-ৰ পৰা নিৰ্বাচিত ঘোষণাসমূহ। ঈশ্বৰ-শাসিত বাৰ্তা।
১৫ মি.: “আমি যিহোৱাৰ দ্বাৰা শিক্ষিত।” এক মিনিটতকৈ কম সময়ৰ ভিতৰত পৰিচয় দি বাখ্যা কৰক আৰু প্ৰশ্ন আৰু উত্তৰৰ দ্বাৰা আলোচনা কৰক। শ্ৰোতাসকলক আমন্ত্ৰণ কৰি সোধক যে তেওঁলোকে ঈশ্বৰ-শাসিত পৰিচৰ্য্যা স্কুল, অগ্ৰগামী সেৱা স্কুল, ৰাজ্য পৰিচৰ্য্যা স্কুল আৰু আন-আন স্কুলসমূহৰ পৰা কিদৰে লাভৱান হৈছে। গুৰুত্ব দি বুজাই দিয়ক যে যিহোৱাৰ লোকসকলে অধিক কাৰ্য্যকাৰীৰূপে পৰিচৰ্য্যা কাৰ্য্য কৰিবলৈ ইয়াৰ দ্বাৰা কেনেকৈ সহায় প্ৰাপ্ত কৰে।
২০ মি.: “আপুনি সময়ক উত্তমৰূপে ব্যৱহাৰ কৰক।” মণ্ডলীৰ পুস্তক অধ্যয়ন পৰিচালক আৰু যিমান সময়লৈকে সম্ভৱ হয় সিমান সময়লৈকে প্ৰচাৰ কাৰ্য্যত সময় অতিবাহিত কৰাত অভিজ্ঞতা থকা এজন বা দুজন অনুভৱী প্ৰকাশকৰ সৈতে আলোচনা। তেওঁলোকে কাৰ্য্যকাৰী তালিকা আৰু ব্যক্তিৰ প্ৰতি থকা আৱশ্যকতা কিমান যে গুৰুত্বপূৰ্ণ তাৰ বিষয়ে বৰ্ণনা কৰে। তেওঁলোকে কয় যে তেওঁলোকে পলমকৈ প্ৰচাৰ কাৰ্য্য কৰা, সঠিকৈ আচঁনি নবনোৱা বা প্ৰচাৰ কাৰ্য্যত আন প্ৰচাৰক সৈতে অধিক কথা-বতৰাত সময় অপব্যয় কৰাৰ পৰা কেনেকৈ বিৰত থাকে। স্থানীয় পৰিস্থিতিৰ সম্পৰ্কে বিবেচনা কৰক আৰু কেনেকৈ সময়ক উত্তমৰূপে ব্যৱহাৰ কৰিব পাৰে তাৰ সম্পৰ্কে কিছু কাৰ্য্যকাৰী উপদেশ দিয়ক।
গীত ৪৮ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
জুন ১৪ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ৬৩
১০ মি: স্থানীয় ঘোষণাসমূহ। লেখ ৰিপৰ্ট।
১৫ মি: স্থানীয় আৱশ্যকসমূহ।
২০ মি: “আপুনি উদ্দেশ্যপূৰ্ণ সহায় আগবঢ়াব পাৰেনে?” এজন প্ৰাচীনে শ্ৰোতাসকলৰ সৈতে আলোচনা কৰে। অক্টোবৰ ৮, ১৯৯৫ সজাগ হোৱা! (ইংৰাজী), ৮-৯ পৃষ্ঠাৰ পৰা একজনক পিতৃ বা মাতৃৰ বাবে কিছু পৰামৰ্শ আগবঢ়াওঁক। মণ্ডলীৰ আন ভাই-ভনীৰ পৰা পোৱা প্ৰেমময় সহায়ৰ প্ৰতি থকা তেওঁলোকৰ উপলব্ধিৰ সম্পৰ্কে কবলৈ তেওঁলোকৰ কিছুমানক আমন্ত্ৰণ কৰক।
গীত ৫৩ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
জুন ২১ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ৭২
১০ মি: স্থানীয় ঘোষণাসমূহ। যদি মণ্ডলীত যুৱক-যুৱতীসকলে কৰা প্ৰশ্নৰ বা ডেকা অৱস্থা নামৰ পুস্তক উপলব্ধ আছে, কওঁক যে যেতিয়া ইয়াৰ বাবে স্কুলসমূহত আলোচনা হব তেতিয়া কেনেকৈ এই পুস্তকবিলাকক পৰিচৰ্য্যা কাৰ্য্যত ব্যৱহাৰ কৰিব পাৰে।
১৭ মি: ভিডিও আৰু নাটকৰ অডিও কেছেটসমূহক উত্তমৰূপে ব্যৱহাৰ কৰক। সংস্থাই প্ৰকাশ কৰা ৭ খন ভিডিও কেছেট আৰু ৯ খন নাটকৰ অডিও কেছেটক উত্তমৰূপে ব্যৱহাৰ কৰিব পাৰিনে? আপুনি আৰু আপোনাৰ পৰিয়ালে প্ৰত্যেকখন কেছেট শুনিলেনে বা চালেনে? কিছুমান কেছেটৰ নাম পুনৰ উল্লেখ কৰি কওঁক যে সেইবিলাকৰ দ্বাৰা বাইবেল পাঠ কৰোঁতে, আধ্যাত্মিকত দৃঢ় হবলৈ আৰু সত্যৰ প্ৰতি উত্তম সাক্ষী দিবলৈ কেনেকৈ আৰু অধিক উন্নত কৰিব পাৰি। চমুকৈ দুটা বা তিনিটা অডিও কেছেট বজাই শুনাওঁক। শ্ৰোতাসকলক প্ৰশ্ন কৰক যে বিষেশকৈ কোনখন ভিডিও বা অডিও কেছেটে তেওঁলোকৰ পৰিয়াল বা নতুনকৈ অহা ব্যক্তিসকলক সংগঠনলৈ নিৰ্দ্দে শিত কৰিবলৈ উৎসাহিত কৰে। কিছুমান ভাল ফল প্ৰাপ্ত কৰা অভিজ্ঞতাসমূহৰ সম্পৰ্কে কওঁক। (১৯৯৯ চনৰ বছেৰেকীয়া কিতাপ, (ইংৰাজী) ৫১-৫২ পৃষ্ঠা চাওঁক।) সকলোকে ভিডিও আৰু নাটকৰ অডিও কেছেটবোৰক সঠিকৰূপে ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰক।
১৮ মি: “আপুনি মাত্ৰ বহিঃৰূপতে দৃষ্টি কৰেনে?” বিষয়টোৰ ওপৰত ভাষণ আৰু শ্ৰোতাসকলৰ সৈতে আলোচনা। সেই কাৰণসমূহত জোৰ দিয়ক যে যিসকলক আমি সাক্ষাৎ কৰোঁ সেই লোকসকলৰ প্ৰতি কোনো অভিমত দিয়াটো কিয় উচিত নহয়। যিহোৱাই যোনাক শিকোৱা পাঠৰ সম্পৰ্কে এক চমু বিৱৰণ দিয়ক, যিজনে লোকসকলৰ বাবে ভূলভাৱে অভিমত দিছিল আৰু অযোগ্য বুলি দৃষ্টি কৰিছিল। (আগষ্ট ১৫, ১৯৯৭ চনৰ প্ৰহৰীদূৰ্গ, ২১-২২ পৃষ্ঠা, ১৭-১৯ অনুচ্ছেদ চাওঁক।) প্ৰচাৰ এলেকাত ভিন্ন-ভিন্ন ব্যক্তিসকলৰ সৈতে বাধা সন্মূখীন হোৱা, সেইসকলৰ প্ৰতি কেনেকৈ সঠিক মনোবৃত্তি বজাই ৰাখে আৰু কেনেকৈ যিহোৱালৈ ন্যায় কৰিবলৈ এৰি দিয়ে তাৰ বাবে মন্তব্য দিবলৈ শ্ৰোতাসকলক আমন্ত্ৰণ জনাওঁক।
গীত ৭৭ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
জুন ২৮ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ৮৫
১২ মি: স্থানীয় ঘোষণাসমূহ। সকলোকে জুন মাহৰ প্ৰচাৰ কাৰ্য্যৰ ৰিপৰ্ট দিবলৈ স্মৰণ কৰাই দিয়ক। জুলাই মাহত সাহিত্য বিতৰণৰ সম্পৰ্কে পুনৰ উল্লেখ কৰক। যি ব্ৰচাৰ স্থানীয়ৰূপে উপলব্ধ আছে সেইবিলাকক প্ৰদৰ্শন কৰক আৰু ইয়াক বিতৰণ কৰোঁতে কবলগীয়া এটা বা দুটা বিষয়ক দাঙি ধৰক। ভালকৈ তৈয়াৰ কৰা এটা প্ৰদৰ্শন প্ৰস্তুত কৰক।
১৩ মি: যিহোৱাই তেওঁৰ লোকসকলৰ ওপৰত অত্যাচাৰ কৰিবলৈ কিয় অনুমতি দিছে? এজন প্ৰাচীনে যিহোৱাৰ সাক্ষী—ঈশ্বৰৰ ৰাজ্যৰ ঘোষণাকাৰী (ইংৰাজী), ৬৭৬-৬৭৭ পৃষ্ঠাত আধাৰিত এটা ভাষণ প্ৰস্তুত কৰক। যিদৰে যীচুৱে কৈছিল “সকলো জাতিৰ ঘৃণাৰ পাত্ৰ হবা।” (মথি ২৪:৯) সেইদৰে আমি হয়তো পৰিচৰ্য্যা কাৰ্য্যত সত্যত নথকা আমাৰ সমন্ধীয় লোকসকল বা সঙ্গী কৰ্ম্মচাৰী বা সহপাঠীসকলৰ বিৰোধৰ সন্মূখীন হব পাৰোঁ। বক্তাই যথাৰ্থভাৱে বৰ্ণনা কৰে যে যিহোৱাই কিয় এইধৰণৰ অত্যাচাৰ বা বিৰোধিতাৰ অনুমতি দিছে আৰু আমাৰ সহনশীলতাই কেনেকৈ আমাৰ বাবে আশীৰ্ব্বাদ কঢ়িয়াই আনিব।
২০ মি: যʼত লোকসমূহক পোৱা যায় সেই ঠাইলৈ যাওঁক! ১৯৯৭ চনৰ বছেৰেকীয়া কিতাপ, (ইংৰাজী) ৪২-৪৮ পৃষ্ঠাৰ ওপৰত আধাৰিত এক ভাষণ। যিহেতু আমি একেৰাহে ঘৰে-ঘৰে কৰা প্ৰচাৰ কাৰ্য্যত ভাগ লোৱা উচিত, আমি আগ্ৰহেৰে যিকোনো সময়ত বা যিকোনো স্থানত অনিয়মিত সাক্ষীৰ বাবে সুযোগ বিচাৰিম। এই সংক্ৰান্তত বছেৰেকীয়া কিতাপ-ত থকা অভিজ্ঞতাসমূহ দেখুৱাওঁক যে বাচ, ৰাস্তা, সমূদ্ৰৰ দাঁতি, গাড়ী ৰখোৱা স্থান, ট্ৰাক ৰখোৱা স্থানত, টেলিফোন আৰু চিঠি লিখাৰ দ্বাৰা আন ভাই-ভনীয়ে কেনেকৈ সফলৰূপে সাক্ষী দিয়া কাৰ্য্য কৰিছে। যদি অতিৰিক্ত সময় থাকে, শ্ৰোতাসকলক তেওঁলোকৰ নিজ অনুভৱ বিষয়ে কবলৈ আমন্ত্ৰণ কৰক। সকলোকে প্ৰত্যেক সুযোগত যʼত লোকসমূহক পোৱা যায় তাত সাক্ষী দিয়া কাৰ্য্য কৰি লাভ প্ৰাপ্ত কৰিবলৈ উৎসাহিত কৰক।
গীত ৭৫ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।