শক্তিৰ বাবে যিহোৱাত ভাৰসা ৰাখক
১ বহুতো কাৰণৰ বাবে আমি যিহোৱাত ভাৰসা কৰা আৱশ্যক। কিয়নো “সকলো জাতিলৈ সাক্ষ্য হবলৈ” দিয়া শুভবাৰ্ত্তা প্ৰচাৰ কৰা নিযুক্তিটো হৈছে এক প্ৰত্যাহ্বানজনক কাৰ্য্য। (মথি ২৪:১৪) ইয়াৰ ওপৰিও এই কাৰ্য্যক সম্পন্ন কৰিবলৈ আমি আমাৰ অসিদ্ধ শৰীৰৰ সৈতে একেৰাহে যুঁজ কৰিবলগীয়া হয়। (ৰোমী. ৭:২১-২৩) তদুপৰি, “আমাৰ মালযুদ্ধ . . . এই অন্ধকাৰৰ জগতপতি [অমানৱীয় শক্তিৰ] . . . সৈতে হৈছে।” (ইফি. ৬:১১, ১২) ইয়াত কোনো সন্দেহ নাই যে আমাক সহায়ৰ আৱশ্যক। গতিকে আমি কেনেকৈ ঈশ্বৰৰ পৰা শক্তি লাভ কৰিব পাৰোঁ?
২ প্ৰাৰ্থনাৰ দ্বাৰা: যিসকলে যিহোৱাৰ শক্তিশালী শক্তি অৰ্থাৎ পবিত্ৰ আত্মা বিচাৰি নিবেদন কৰে, তেওঁ তেওঁলোকক বিনামূল্যেই সেই শক্তি প্ৰদান কৰে। (লূক ১১:১৩) আপুনি ঘৰে-ঘৰে, ৰাস্তা-ঘাটত বা টেলিফোনৰ দ্বাৰা সাক্ষী দিয়া কাৰ্য্য কৰিবলৈ কুণ্ঠাবোধ কৰেনে? আপুনি অনিয়মিতৰূপে সাক্ষী দিবলৈ প্ৰত্যয়হীন অনুভৱ কৰেনে? প্ৰচাৰ এলেকাবোৰত লোকসকলে ৰাজ্যৰ বাৰ্ত্তাৰ প্ৰতি সঠিক মনোবৃত্তি নেদেখুৱাৰ বাবে আপুনি নিৰুৎসাহিত হৈছেনে? যদি আপোনাক নিজৰ বিশ্বাস ত্যাগ দিবলৈ হেঁচা দিয়া হয়, তেনেহʼলে আপুনি অখণ্ডতা বজাই ৰাখিব পাৰিবনে? এই সকলোৰে বাবে আপুনি যিহোৱাত ভাৰসা ৰাখক। তেওঁৰ শক্তি লাভ কৰিবলৈ নিৰন্তৰে প্ৰাৰ্থনা কৰক।—ফিলি. ৪:১৩.
৩ ব্যক্তিগত অধ্যয়নৰ দ্বাৰা: যিদৰে আমি আহাৰ খাই পুনৰ শাৰীৰিক শক্তি লাভ কৰোঁ, ঠিক তেনেদৰে আমাক আধ্যাত্মিকৰূপে বলৱান হʼবলৈ নিয়মীয়াকৈ আধ্যাত্মিক আহাৰৰূপী ঈশ্বৰৰ বাক্য আৰু “বিশ্বাসী বুদ্ধিমান দাস” বৰ্গই প্ৰবন্ধ কৰা বাইবেল আধাৰিত আলোচনীসমূহ অধ্যয়ন কৰা আৱশ্যক। (মথি ৪:৪; মথি ২৪:৪৫) উদাহৰণস্বৰূপে, বহু বছৰ ধৰি চীন দেশত বাইবেল অবিহনে অকলশৰীয়াকৈ বন্দীশালত বন্দী হৈ থকা ষ্টেনলী জনচে সহন কৰিবলৈ শক্তি বিচাৰি যিহোৱালৈ নিবেদন কৰিছিল। তেওঁ এইদৰে কৈছিল: “নিসন্দেহ, আমি সৰ্ব্বপ্ৰথমে অধ্যয়ন কৰাৰ যোগেদিহে বিশ্বাসত দৃঢ় হৈ থাকিব পাৰোঁ। যদি অধ্যয়ন নকৰোঁ তেনেহʼলে আমি আন্তৰিক শক্তি লাভ কৰিব নোৱাৰোঁ।”
৪ সভাত উপস্থিত হোৱাৰ দ্বাৰা: প্ৰথম শতাব্দীত যিহূদা আৰু চীলে খ্ৰীষ্টান মণ্ডলীৰ সভাবোৰত “ভালেমান কথাৰে ভাইবিলাকক আশ্বাস দি সুস্থিৰ কৰিলে।” (পাঁচ. ১৫:৩২) ঠিক তেনেদৰে যিহোৱাৰ প্ৰতি আমাৰ বিশ্বাস গঢ়ি তুলা আৰু প্ৰচাৰ কাৰ্য্যত উৎসাহিত হৈ লাগি থাকিবলৈ মণ্ডলীৰ সভাবোৰক আমি মনোযোগেৰে শুনা আৱশ্যক। গতিকে মণ্ডলীৰ সভাসমূহত উপস্থিত হোৱাৰ যোগেদি আমি ‘ঈশ্বৰৰ ৰাজ্যৰ সহকাৰীসকলৰ’ পৰা নিয়মীয়াকৈ “শক্তিদায়ক সহায়” [NW] লাভ কৰিব পাৰিম।—কল. ৪:১১.
৫ “শেষ-কালত ভয়ঙ্কৰ সময় উপস্থিত” হোৱাৰ বাবে আমাক বিশেষৰূপে ঈশ্বৰৰ সহায়ৰ আৱশ্যক। (২ তীম. ৩:১) যিসকলে ইতিমধ্যেই যিহোৱাৰ পৰা শক্তি লাভ কৰি বলৱান হৈছে, আমি তেওঁলোকৰ বিষয়ে বিবেচনা কৰিবলৈ আমাক এইদৰে আশ্বাস দিয়া হৈছে: “তেওঁবিলাকে কুৰৰ পক্ষীৰ দৰে ডেউকাৰে ওপৰলৈ উৰিব, তেওঁবিলাকে লৰ মাৰি শ্ৰান্ত নহব, তেওঁবিলাকে গমন কৰি ভাগৰ নাপাব।”—যিচ. ৪০:৩১.