ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ১/০৩ পৃষ্ঠা ১
  • সমৰ্পিত প্ৰতিজ্ঞাৰ অনুসাৰে জীৱন-যাপন কৰা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • সমৰ্পিত প্ৰতিজ্ঞাৰ অনুসাৰে জীৱন-যাপন কৰা
  • ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • একেৰাহে স্থিৰ হৃদয়েৰে যিহোৱাৰ সেৱা কৰক
    ২০০২ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • আপুনি যিহোৱালৈ কৰা সমৰ্পণৰ অনুসাৰে জীৱন-যাপন কৰিছেনে?
    ২০০১ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • বাপ্তিষ্মা আৰু ঈশ্বৰৰ লগত আপোনাৰ সম্পৰ্ক
    বাইবেলে প্ৰকৃততে কি শিকায়?
  • চিৰকাললৈ ঈশ্বৰক সেৱা কৰিবলৈ আপোনাৰ লক্ষ্য হওঁক
    জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায়
আৰু চাওক
২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ১/০৩ পৃষ্ঠা ১

সমৰ্পিত প্ৰতিজ্ঞাৰ অনুসাৰে জীৱন-যাপন কৰা

১ বহু সময়ৰ আগেয়ে বা অলপতে লোৱাই নহওক কিয়, আপুনি বাপ্তিষ্মা লোৱা সেই বিশেষ দিনটোৰ বিষয়ে কেতিয়াও পাহৰি যোৱা উচিত নহয়। আমি বাপ্তিষ্মা লোৱাটোৱে যিহোৱাৰ প্ৰতি কৰা আমাৰ সমৰ্পণৰ শেষ নহয়, বৰঞ্চ ই হৈছে চিৰকলীয়া বা ওৰে জীৱনটো কৰা সেৱা। (১ যোহ. ২:⁠১৭) সমৰ্পিত প্ৰতিজ্ঞা অনুসাৰে জীৱন-যাপন কৰাত আৰু কি সন্মিলিত আছে?

২ যীচুৰ আৰ্হিক অনুকৰণ কৰক: বাপ্তিষ্মা লোৱাৰ পিছত যীচুৱে “ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰ” কৰা “কাৰ্য্য আৰম্ভ” কৰিলে। (লূক ৪:⁠৪৩; ৩:⁠২৩) ঠিক সেইদৰে বাপ্তিষ্মাৰ যোগেদি নিজকে যিহোৱালৈ সমৰ্পণ কৰাৰ দ্বাৰা আমিও শুভবাৰ্ত্তা প্ৰচাৰ কৰা প্ৰতিষ্ঠিত সেৱক হৈ পৰিলোঁ। যদিও জীৱনৰ আৱশ্যকতাসমূহ পূৰণ কৰিবলৈ বহু সময় অতিবাহিত কৰিব লগা হয় তথাপিও আমাৰ প্ৰমুখ কাৰ্য্য হৈছে খ্ৰীষ্টান পৰিচৰ্য্যা। (মথি ৬:⁠৩৩) পাঁচনি পৌলৰ দৰে সমৰ্পিত সেৱকসকলে নিজলৈ সা-সম্পত্তি আৰু মৰ্য্যদা আহৰণ কৰাৰ পৰিৱৰ্তে ঈশ্বৰৰ দ্বাৰা ‘তেওঁলোকৰ পৰিচৰ্য্যা-পদৰ গৌৰৱান্বিত’ হোৱাটো বিচাৰে। (ৰোমী. ১১:⁠১৩) এই বিশেষাধিকাৰৰ দ্বাৰা যিহোৱাৰ সেৱা আৰু তেওঁক গৌৰৱ কৰিবলৈ পাই আপুনি কৃতজ্ঞ নহয়নে বাৰু?

৩ যীচুৰ দৰে আমিও “চয়তানক প্ৰতিৰোধ” কৰা আৱশ্যক। (যাকো. ৪:⁠৭) যিদৰে যীচুৰ বাপ্তিষ্মাৰ পিছত চয়তানে তেওঁক প্ৰলোভিত কৰিবলৈ বিচাৰিছিল ঠিক তেনেদৰে সি যিহোৱাৰ সমৰ্পিত সেৱকসকলকো কৰিবলৈ চেষ্টা কৰে। (লূক ৪:⁠১-​১৩) চয়তানৰ জগতত থকাৰ বাবে আমি নিজকে আত্মানুশাসন, মন আৰু হৃদয়ক প্ৰদূষিত কৰা সকলো বস্তুৰ পৰা আঁতৰি থকা উচিত। (হিতো. ৪:⁠২৩; মথি ৫:⁠২৯, ৩০) খ্ৰীষ্টানসকলক পৰামৰ্শ দিয়া হৈছে যে তেওঁলোকে ‘যিহোৱাৰ মেজ আৰু ভূত-পিশাচৰ মেজ এই উভয়ৰে ভাগী হʼব নোৱাৰে।’ (১ কৰি. ১০:⁠২১) ইয়াৰ অৰ্থ হৈছে আমি হানিকাৰক মনোৰঞ্জন, কুসঙ্গতি আৰু ইন্টাৰনেটৰ বিপদৰ পৰা নিজকে আঁতৰাই ৰখা উচিত। ইয়াৰ উপৰিও আমি ধৰ্মত্যাগী বিষয়বস্তুৰ পৰাও বিৰত থকা সন্মিলিত আছে। এনেধৰণৰ বিষয়বস্তু আৰু চয়তানৰ আন কুকল্পনাবোৰৰ পৰা হোৱা সাৱধানতাই আমাক সমৰ্পিত প্ৰতিজ্ঞাৰ অনুসাৰে জীৱন-যাপন কৰাত সহায় কৰিব।

৪ ঈশ্বৰৰ প্ৰবন্ধবোৰক সম্পূৰ্ণকৈ ব্যৱহাৰ কৰা: সমৰ্পিত প্ৰতিজ্ঞা অনুসাৰে জীৱন-যাপন কৰিবলৈ যিহোৱাই তেওঁৰ বাক্য আৰু খ্ৰীষ্টান মণ্ডলীৰ যোগেদি আমালৈ সহায় আগবঢ়াইছে। এতেকে বাইবেল পাঠ আৰু যিহোৱালৈ প্ৰাৰ্থনা কৰাটো দৈনন্দিন জীৱনৰ এটা অংশ কৰি লওক। (যিহো. ১:⁠৮; ১ থিচ. ৫:⁠১৭) মণ্ডলীৰ সভাসমূহৰ পৰা আনন্দ লাভ কৰক। (গীত. ১২২:⁠১) যিহোৱালৈ ভয় ৰাখোঁতা আৰু তেঁওৰ আজ্ঞা পালন কৰোঁতাসকলৰ সৈতে সঙ্গতি কৰক।​—⁠গীত. ১১৯:⁠৬৩.

৫ ঈশ্বৰৰ সহায়ৰ দ্বাৰা আপুনি সমৰ্পিত প্ৰতিজ্ঞা অনুসাৰে জীৱন-যাপন আৰু চিৰকালৰ বাবে আনন্দিত হৈ যিহোৱাৰ সেৱাত লাগি থাকিব পাৰিব।​—⁠গীত. ২২:⁠২৬, ২৭; ফিলি. ৪:⁠১৩.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক