এনে এক কাৰ্য্য কৰিবলৈ নম্ৰতা হোৱা আৱশ্যক
১ ঈশ্বৰৰ বাক্যই আমাক “নম্ৰ মনৰ লোক . . . ; অপকাৰৰ সলনি অপকাৰ . . . বৰং আশীৰ্ব্বাদ” কৰিবলৈ উদগাইছে। (১ পিত. ৩:৮, ৯) এই পৰামৰ্শটো অৱশ্যেই প্ৰচাৰ কাৰ্য্যৰ বাবে প্ৰযোজ্য হয়। বাস্তৱতে খ্ৰীষ্টান পৰিচৰ্য্যাই আমাৰ নম্ৰতা গুণক পৰীক্ষা কৰিব পাৰে।
২ নম্ৰতা হৈছে এনে এটা গুণ যি আমাক বিৰক্তিকৰ পৰিস্থিতিবোৰতো ধৈৰ্য্য ধৰিবলৈ সহায় কৰে। প্ৰচাৰ কাৰ্য্যত লগ পোৱা অচিনাকি ব্যক্তিসকলৰ কিছুমানে যে আমাৰ সৈতে কঠোৰ ব্যৱহাৰ কৰিব তাক আমি নজনা নহয়। তেনে অৱস্থাৰ স্বত্ত্বেও প্ৰচাৰ কাৰ্য্য কৰিবলৈ আমাক নম্ৰতাৰ আৱশ্যক। উদাহৰণস্বৰূপে, দুগৰাকী অগ্ৰগামী ভনীয়ে দুই বছৰ ধৰি এনে এখন জটিল এলেকাত কাৰ্য্য কৰিছিল যʼত ঘৰে ঘৰে কৰা প্ৰচাৰ কাৰ্য্যৰ বাৰ্ত্তা শুনিবলৈ কোনেও আগ্ৰহী হোৱা নাছিল। কিন্তু তেওঁলোকে নিৰুৎসাহিত নহৈ একেৰাহে কাৰ্য্য কৰি থাকিল আৰু ফলস্বৰূপে বৰ্তমান সময়ত সেই এলেকাত দুখন মণ্ডলী আছে।
৩ অশিষ্টাচাৰ আচৰণ কৰা ব্যক্তিৰ সৈতে সফলতাৰে সম্মুখীন হোৱা: যেতিয়া লোকসকলে অশিষ্টাচাৰ আচৰণ কৰে তেতিয়া নম্ৰতাই যীচুৰ আৰ্হিক অনুকৰণ কৰিবলৈ সহায় কৰিব। (১ পিত. ২:২১-২৩) এবাৰ ঘৰে ঘৰে কৰা প্ৰচাৰ কাৰ্য্যত এগৰাকী ভনীক এগৰাকী স্ত্ৰী আৰু তাইৰ স্বামী উভয়ে গালি-শপনি পাৰি তেওঁলোকৰ ঘৰৰ পৰা ওলাই যাবলে কʼলে। ভনীগৰাকীয়ে মাত্ৰ হাঁহি মাৰি আন এটা সময়ত কথা-বতৰা হʼবলৈ আশা প্ৰকাশ কৰে। তেওঁলোকে ভনীগৰাকীৰ এনে ব্যৱহাৰ দেখি ইমানেই প্ৰভাৱিত হয় যে পিছৰ বাৰত তেওঁলোকে আন এগৰাকী ভনীয়ে কোৱা বাৰ্ত্তাক শুনে আৰু ৰাজ্যগৃহত উপস্থিত হোৱা আমন্ত্ৰণ স্বীকাৰ কৰে। তাত তেওঁলোকক দেখা পাই যে যি গৰাকী ভনীক তেওঁলোকে প্ৰথমে গালি-শপনি দিছিল তাই তেওঁলোকক অভিবাদন জনালে আৰু পিছলৈ তাই আগন্তুক সাক্ষী দিলে। ঠিক সেইদৰে আমিও অশিষ্টাচাৰ আচৰণ কৰা ব্যক্তিসকলৰ প্ৰতি ‘নম্ৰতা আৰু গভীৰ আদৰেৰে’ ব্যৱহাৰ কৰি তেওঁলোকৰ প্ৰতিৰোধ কৰা মনোবৃত্তিক সলনি কৰিব পাৰোঁ।—১ পিত. ৩:১৫; হিতো. ২৫:১৫.
৪ অভিমান কৰাৰ পৰা আঁতৰি থাকক: বাইবেলৰ পৰা লাভ কৰা জ্ঞানে আমাক আন লোকৰ প্ৰতি তুচ্ছ বা আওকাণ নকৰিবলৈ সহায় কৰে। (যোহ. ৭:৪৯) তদুপৰি ঈশ্বৰৰ বাক্যই আমাক ‘কাৰো নিন্দা নকৰিবলৈ’ পৰামৰ্শ দিছে। (তীত ৩:২) যদি আমি যীচুৰ দৰে কোমল চিত্তৰ লোক হওঁ তেন্তে আনে আমাৰ দ্বাৰা সতেজতা অনুভৱ কৰিব। (মথি ১১:২৮, ২৯) নম্ৰতাৰে দিয়া উত্তৰে আমাৰ বাৰ্ত্তাৰ প্ৰতি লোকসকলক আকৰ্ষিত কৰি তুলে।
৫ দৰাচলতে নম্ৰতাই আমাক অনুভূতিহীন হোৱা লোকসকলৰ এলেকাত কাৰ্য্য কৰিবলৈ সহায় কৰে। ই তেনে ব্যক্তিসকলৰ হৃদয়ত কোমল ভাৱনা উৎপন্ন আৰু ঈশ্বৰৰ ৰাজ্যৰ বাৰ্ত্তাৰ প্ৰতি তেওঁলোকক আকৰ্ষিত কৰে। সকলোতকৈ মন কৰিবলগীয়া বিষয় এই যে ই “নম্ৰবিলাকক অনুগ্ৰহ দান” কৰা যিহোৱাৰ মন আনন্দিত কৰে।—১ পিত. ৫:৫.