পৰিচৰ্য্যা সভাৰ তালিকা
জানুৱাৰী ১৩ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ৬৯
১০ মি: স্থানীয় ঘোষণাসমূহ। আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ পৰা নিৰ্বাচিত ঘোষণাসমূহ। ৪ পৃষ্ঠাত দিয়া পৰামৰ্শৰ অনুসাৰে পৃথকে দুটা উপস্থাপন প্ৰস্তুত কৰি প্ৰদৰ্শন কৰক যে কেনেকৈ জানুৱাৰী ১ প্ৰহৰীবুৰুজ (আলোচনী বিতৰণ সম্পৰ্কে দিয়া প্ৰথমটো উপস্থাপন প্ৰস্তুত কৰি প্ৰদৰ্শন কৰক) আৰু জানুৱাৰী ২২ সচেতন! বিতৰণ কৰক। প্ৰত্যেকখন আলোচনীৰ বাবে যদিও পৃথকে উপস্থাপন দিয়া হৈছে তথাপিও সেই দুখন আলোচনী একেলগে গৃহস্থক দিয়ক।
১৫ মি: বিনা বাক্যই জয়ী হোৱা। ভাষণ আৰু শ্ৰোতাসকলৰ সৈতে আলোচনা। উত্তম খ্ৰীষ্টান আচৰণে শক্তিশালীৰূপে সাক্ষী দিয়ে। উত্তম আচৰণ বজাই ৰখাৰ বাবে পূৰ্বতে সত্যক বিশ্বাস নকৰা কিছুমান বিবাহিত সঙ্গীয়ে যিহোৱাৰ সেৱা কৰিবলৈ আগবাঢ়ি আহিছে। (১ পিত. ৩:১, ২) এই সম্পৰ্কে থকা অনুভৱসমূহৰ বাবে জানুৱাৰী ১, ১৯৯৯ চনৰ প্ৰহৰীবুৰুজ, ৪ পৃষ্ঠা; অক্টোবৰ ১, ১৯৯৫ চনৰ প্ৰহৰীবুৰুজ, ১০-১১ পৃষ্ঠা; আৰু ১৯৯৫ চনৰ বাৰ্ষিক পুস্তক, ৪৬ পৃষ্ঠাত চাওক। এই ক্ষেত্ৰত বাইবেলৰ পৰামৰ্শসমূহ অনুকৰণ কৰি সুফল পোৱা দুটা বা তিনিটা মন্তব্য দিবলৈ প্ৰকাশকসকলক আগতীয়াকৈ প্ৰস্তুত কৰক।
২০ মি: “সমৰ্পিত প্ৰতিজ্ঞাৰ অনুসাৰে জীৱন-যাপন কৰা।”a ৩ অনুচ্ছেদটো আলোচনা কৰাৰ পিছত এজন ডেকা ব্যক্তি বা তাতকৈ কম বয়সীয়া ব্যক্তিৰ সাক্ষাতকাৰ গ্ৰহণ কৰক। তেওঁক এইদৰে সোধক যে তেওঁ বাপ্তিষ্মা লোৱাৰ পিছৰে পৰা কেনে পৰীক্ষা বা প্ৰলোভনজনক পৰিস্থিতিৰ সম্মুখীন হʼবলগীয়া হৈছে? কিহে তেওঁক বা তাইক পৰিস্থিতিটোৰ সৈতে সফলতাৰে সম্মুখীন হʼবলৈ সহায় কৰিলে? নিজৰ জীৱনক যিহোৱালৈ সমৰ্পিত কৰি তেওঁ বা তাই কেনেকৈ লাভবান হৈছে?
গীত ২২ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
জানুৱাৰী ২০ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ৪৪
৮ মি: স্থানীয় ঘোষণাসমূহ। হিচাপ-লেখ ৰিপৰ্ট।
১৫ মি: আপুনি নিতৌ শাস্ত্ৰীয় পদ বিবেচনা কৰেনে? ভাষণ আৰু শ্ৰোতাসকলৰ সৈতে আলোচনা। সকলোকে প্ৰতিদিন শাস্ত্ৰবচনৰ পৰীক্ষা কৰক—২০০৩ চন, নামৰ পুস্তিকাখন উত্তমভাৱে ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰক। ৩-৪ পৃষ্ঠাত দিয়া ভূমিকাৰ মন্তব্যবোৰক আলোচনা কৰক। কেনেকৈ পৰিয়ালত শাস্ত্ৰীয় পদৰ আলোচনা কৰিব পাৰে সেই বিষয়ে পৰামৰ্শ আগবঢ়াওক। নিতৌ শাস্ত্ৰীয় পদ বিবেচনা কৰি লাভবান হোৱাৰ বিষয়ে বৰ্ণনা কৰিবলৈ শাস্ত্ৰীয় পদৰ পৰা দুটা বা তিনিটা উদাহৰণ দাঙি ধৰক আৰু অহা মাহৰ তালিকাত দিয়া মন্তব্যবোৰক আলোচনা কৰক। এটা চমু প্ৰদৰ্শন কৰি দেখুউৱাক যে স্বামী আৰু স্ত্ৰীয়ে একেলগে আজিৰ শাস্ত্ৰীয় পদ বিবেচনা কৰে আৰু দুয়োজনে মন্তব্য দিয়ে।
২২ মি: “আনক শুদ্ধ ভাষা শিকাওক।”b ৬ অনুচ্ছেদটো আলোচনা কৰা পিছত এজন অনুভৱী প্ৰচাৰকৰ দ্বাৰা প্ৰদৰ্শন কৰি দেখুউৱাক যে কেনেকৈ গৃহস্থৰ দুৱাৰদলিত বাইবেল অধ্যয়ন কৰিব পাৰে, পুনৰ সাক্ষাৎ কৰাৰ সময়ত জানুৱাৰী ২০০২ চনৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ অন্তপত্ৰখনৰ ৪ পৃষ্ঠাত দিয়া যিকোনো এটা উপস্থাপন ব্যৱহাৰ কৰক। তদুপৰি বিচাৰে ব্ৰচাৰখনৰ এটা অনুচ্ছেদ আলোচনা কৰাটোও সন্মিলিত কৰক। প্ৰকাশকজনে সমাপ্তিত গৃহস্থজনক এটা প্ৰশ্ন সোধে আৰু তাৰ উত্তৰ তেওঁ পিছৰ সাক্ষাতৰ সময়ত দিব বুলি কয়। সকলোকে বিবেচনা কৰিবলৈ উৎসাহিত কৰক যে তেওঁলোকে হয়তো পুনৰ সাক্ষাৎ কৰা আগ্ৰহীলোকৰ সৈতে এইধৰণে বাইবেল অধ্যয়ন আৰম্ভ কৰিব পাৰে।
গীত ৬৮ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
জানুৱাৰী ২৭ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ৯২
১০ মি: স্থানীয় ঘোষণাসমূহ। সকলো প্ৰকাশকক তেওঁলোকৰ পৰিচৰ্য্যা কাৰ্য্যৰ ৰিপৰ্ট দিবলৈ সোঁৱৰাই দিয়ক। আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ পৰা নিৰ্বাচিত ঘোষণাসমূহ। ৪ পৃষ্ঠাত দিয়া পৰামৰ্শৰ অনুসাৰে পৃথকে দুটা উপস্থাপন প্ৰস্তুত কৰি প্ৰদৰ্শন কৰক যে কেনেকৈ জানুৱাৰী ১ প্ৰহৰীবুৰুজ (আলোচনী বিতৰণ সম্পৰ্কে দিয়া তৃতীয়টো উপস্থাপন প্ৰস্তুত কৰি প্ৰদৰ্শন কৰক) আৰু ফেব্ৰুৱাৰী ৮ সচেতন! বিতৰণ কৰক। প্ৰত্যেকটো উপস্থাপনত প্ৰকাশকে আলোচনী লোৱা আৰু আলোচনী নোলোৱা গৃহস্থক বাইবেলখনৰ বিষয়ে আপুনি অধিক জানিবলৈ বিচাৰেনে? নামৰ ট্ৰেক্টখন দিয়ে। চমুকৈ বৰ্ণনা কৰি কওক যে ট্ৰেক্ট দিয়াসকলক পুনৰ সাক্ষাৎ কৰাৰ সময়ত কেনেকৈ আলোচনী দিব পাৰে।—নবেম্বৰ ২০০১ চনৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ ৪ পৃ., ১০ অনু. চাওক।
৩৫ মি: “‘উৎসাহী ৰাজ্যৰ প্ৰচাৰকসকল,’ জিলা অধিৱেশনৰ পৰা সম্পূণকৈ লাভৱান হোৱা।” এই ভাগটো প্ৰহৰীবুৰুজ অধ্যয়ন পৰিচালকে পৰিচালনা কৰে। এক মিনিট সময় বিষয়টোৰ পাতনি দি, লেখটোত দিয়া প্ৰশ্নসমূহৰ সৈতে জিলা অধিৱেশনৰ কাৰ্য্যক্ৰমৰ বিষয়ে শ্ৰোতাসকলৰ সৈতে আলোচনা কৰে। আপোনাৰ সময়ক সাৱধানে বিভক্ত কৰক। মুখ্য বিষয়বোৰৰ চমু মন্তব্য দি শ্ৰোতাসকলক সোঁৱৰাই দিয়ক। যদি উপযুক্ত হয় তেনেহʼলে শ্ৰোতাসকলক সোধক যে তেওঁলোকে শিকা বিষয়বোৰক ব্যৱহাৰ কৰি কেনে লাভবান হৈছে।
গীত ১৯৪ সমাপ্তিৰ প্ৰাৰ্থনা।
ফেব্ৰুৱাৰী ৩ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ৯
৫ মি: স্থানীয় ঘোষণাসমূহ।
১০ মি: স্থানীয় আৱশ্যকতাসমূহ।
১২ মি: তেওঁলোকৰ বিশ্বাসক অনুকৰণ কৰক। এনে এজন প্ৰাচীনৰ সাক্ষাতকাৰ গ্ৰহণ কৰক যিজনে ধৈৰ্য্যশীল আৰু বিশ্বাসী হৈ বহু বছৰৰ পৰা যিহোৱাক সেৱা কৰি আহিছে। (ইব্ৰী ১৩:৭) তেওঁক এইদৰে প্ৰশ্ন কৰক, তেওঁ কেনেকৈ সত্যৰ বিষয়ে শিকিলে? তেওঁ সত্যৰ পক্ষ লওঁতে কেনে বাধাসমূহ অতিক্ৰম কৰিবলগীয়া হৈছিল? কেনে আধ্যাত্মিক ব্যৱস্থাই বা উৎসাহে তেওঁক উন্নতি কৰিবলৈ সহায় কৰিলে? তেওঁ কেনেকৈ মণ্ডীলৰ প্ৰাচীন হʼবলৈ পাৰিলে? (১ তীম. ৩:১) মণ্ডলী, চাকৰি আৰু পৰিয়ালৰ দায়িত্বৰ মাজত ভাৰসাম্য বজাই ৰাখিবলৈ তেওঁক কিহে সহায় কৰিলে? (১ তীম. ৫:৮) মণ্ডলীত আন সকলক সহায় কৰাৰ এই বিশেষাধিকাৰৰ প্ৰতি তেওঁ কেনে অনুভৱ কৰিছে?
১৮ মি: “এনে এক কাৰ্য্য কৰিবলৈ নম্ৰতা হোৱা আৱশ্যক।”c ৩ অনুচ্ছেদটো আলোচনা কৰা সময়ত শ্ৰোতাসকলক তেওঁলোকৰ পৰামৰ্শ দিবলৈ আমন্ত্ৰণ কৰক যে প্ৰচাৰ কাৰ্য্যত যেতিয়া কোনোৱে ঠাট্টা বা অভদ্ৰ, তৰ্ক-বিতৰ্ক অথবা ক্ৰোধীত হৈ ব্যৱহাৰ কৰে তেতিয়া কেনেদৰে প্ৰতিক্ৰিয়া দেখুৱা আৱশ্যক। যেতিয়া ৪ অনুচ্ছেদ আলোচনা কৰা হয় তেতিয়া ইনচাইট্ খণ্ড ১, ১১৬০ পৃষ্ঠা, ৩ অনুচ্ছেদত দিয়া মন্তব্যবোৰ সন্মিলিত কৰক।
গীত ১৩৩ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
[Footnotes]
a এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।
b এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।
c এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।