ৰাজ্যগৃহৰ লাইব্ৰেৰীবোৰৰ বাবে এক নতুন ব্যৱস্থা
বহু বছৰৰ পৰা বিশ্বব্যাপী মণ্ডলীবোৰে ৰাজ্যগৃহৰ লাইব্ৰেৰীৰ পৰা লাভবান হৈ আহিছে। সেই লাইব্ৰেৰীক পূৰ্ব্বেত ঈশ্বৰশাসিত সেৱা স্কুল লাইব্ৰেৰীৰ বুলি কোৱা হৈছিল। অতীতত প্ৰত্যেক মণ্ডলীৰ ওচৰত নিজাকৈ লাইব্ৰেৰী থাকিব লাগিছিল। বৰ্তমান সময়তো এটা ৰাজ্যগৃহক এটাতকৈ অধিক মণ্ডলীয়ে তেওঁলোকৰ সভাৰ বাবে ব্যৱহাৰ কৰে। সেই মণ্ডলীবিলাকৰ কিছুমান হয়তো ভিন্ন ভাষাৰ। গতিকে ৰাজ্যগৃহত প্ৰত্যেক ভাষা অনুসাৰে এটাকৈ লাইব্ৰেৰী হোৱা প্ৰয়োজন। তদুপৰি সেই লাইব্ৰেৰীবোৰ পৰিপাটি আৰু সকলো প্ৰকাশনসমূহ উপলব্ধ থকা আৱশ্যক। যিবোৰ ৰাজ্যগৃহত এটাতকৈ অধিক প্ৰেক্ষাগৃহ থাকে, তেনেহʼলে প্ৰত্যেকটো প্ৰেক্ষাগৃহত ভাষা অনুসাৰে লাইব্ৰেৰী থকা আৱশ্যক, যাতে সেই ভাষা কোৱা ভাই-ভনীসকলে তাৰ পৰা প্ৰকাশনসমূহ লʼব পাৰে।
এইটো আশা কৰা হৈছে যে এনে ব্যৱস্থাই খৰচ হ্ৰাস আৰু স্থান সংৰক্ষিত কৰিব। তদুপৰি দুটা বা তাতকৈ অধিক লাইব্ৰেৰীৰ পৰিৱৰ্তে এটা সংযুক্ত লাইব্ৰেৰী ৰখা হয় তেন্তে তাৰ উত্তম ফলাফল পাব পাৰি। এনে সংযুক্ত লাইব্ৰেৰীত থকা অতিৰিক্ত প্ৰকাশনসমূহক ভৱিষ্যতৰ বাবে আছুতীয়াকৈ সাঁচি ৰখা আৱশ্যক, যাতে সেইবোৰক নতুনকৈ ৰাজ্যগৃহ নিৰ্ম্মাণ কৰা লাইব্ৰেৰীত ব্যৱহাৰ কৰি পাৰি। যদি ৰাজ্যগৃহত কম্পিউটাৰৰ ব্যৱস্থা আছে, তেনেহʼলে কম্পেক্ট ডিক্সত উপলব্ধ থকা ৱাচ টাৱাৰ লাইব্ৰেৰী সহায়ক হিচাবে প্ৰমাণিত হʼব পাৰে।
প্ৰত্যেক ৰাজ্যগৃহৰ লাইব্ৰেৰীৰ চোৱা-চিতা কৰিবলৈ ঈশ্বৰশাসিত স্কুলৰ অধ্যক্ষক নিযুক্ত কৰিলে উত্তম হʼব। কিয়নো তেওঁ আৱশ্যকতাৰ অনুসাৰে আলোচনীবোৰ জমা কৰিব আৰু সেইবোৰ ৰাজ্যগৃহৰ সম্পত্তি হিচাবে চিহ্ন দি পৰিপাটিকৈ ৰাখিব। অন্ততঃ এবছৰৰ মূৰত তেওঁ লাইব্ৰেৰীৰ সকলোবোৰ কিতাপ ভাল অৱস্থাত আছে নে নাই তাৰ নিৰীক্ষণ কৰা উচিত। এই লাইব্ৰেৰীৰ পৰা কোনো এখন প্ৰকাশনো ঘৰলৈ নিয়া উচিত নহয়।
মণ্ডলীৰ সকলো সদস্যই ৰাজ্যগৃহৰ লাইব্ৰেৰীৰ প্ৰতি নিৰন্তৰে মূল্যাঙ্কন দেখুউৱা উচিত। গতিকে আঁহক আমি ব্যক্তিগতভাৱে এই লাইব্ৰেৰীক চোৱা-চিতা আৰু “ঈশ্বৰবিষয়ক জ্ঞান” পাবলৈ ব্যৱহাৰ কৰোঁহঁক।—হিতো. ২:৫.