দয়ালু হৈ ব্যক্তিগত আগ্ৰহকতা প্ৰকাশ কৰক
১ যিহোৱাৰ সাক্ষীসকলৰ প্ৰতি বিদ্বেষপূৰ্ণ মনোভাৱ ৰাখা এগৰাকী স্ত্ৰীয়ে যিহোৱাৰ সাক্ষী ভনীৰ সৈতে হোৱা সাক্ষাতকাৰৰ বিষয়ে এইদৰে কৈছে: “আমাৰ মাজত কি কথাবতৰা হৈছিল, সেই বিষয়ে মোৰ একো মনত নাই। কিন্তু এটা কথা মোৰ মনত আছে যে, ভনীগৰাকী দয়ালুপূৰ্ণ, উদাৰ আৰু নম্ৰ মনৰ আছিল। সেইবাবে মই ভনীগৰাকীয়ে ব্যক্তিগতভাৱে দেখুৱা আগ্ৰহকতাক উপলব্ধি কৰিব পাৰিছিলোঁ।” এনে ধৰণৰ মন্তব্যই আমি প্ৰচাৰ কৰাৰ সময়ত আগ্ৰহী ব্যক্তিসকলৰ প্ৰতি দেখুৱা আগ্ৰহকতাৰ প্ৰয়োজনীয়তাৰ সম্পৰ্কে আলোকপাত কৰে।—ফিলি. ২:৪.
২ প্ৰেম হৈছে দয়ালু: আমি দয়ালু হৈ আনক প্ৰেম দেখুৱাব পাৰোঁ। (১ কৰি. ১৩:৪) এজন দয়ালু ব্যক্তিয়ে আনৰ হিতৰ বাবে কাৰ্য্য আৰু সহায় আগবঢ়াই তেওঁলোকৰ প্ৰতি থকা গভীৰ আগ্ৰহকতা প্ৰকাশ কৰে। সেয়েহে প্ৰচাৰ কাৰ্য্য হৈছে আনলৈ কৰা এক দয়ালুপূৰ্ণ কাৰ্য্য। কিন্তু লোকসকলৰ প্ৰতি থকা আমাৰ আগ্ৰহকতাই সাধাৰণভাৱে কৰা প্ৰচাৰ কাৰ্য্যতকৈ অধিক প্ৰেম প্ৰকাশ কৰিব। লোকসকলৰ সৈতে কৰা আমাৰ আচাৰ-ব্যৱহাৰ অৰ্থাৎ বন্ধুত্বভাৱ, উত্তম আচৰণ, কথাবতৰা শুনা বা কোৱাৰ ধৰণ, আনক যিদৰে দৃষ্টি কৰোঁ, এই সকলোৱে আমি কিমান গভীৰভাৱে লোকসকলৰ প্ৰতি যত্ন লওঁ, সেই বিষয়ে প্ৰকাশ কৰে।—মথি ৮:২, ৩.
৩ লোকসকলৰ প্ৰতি থকা আমাৰ প্ৰেমময় চিন্তাধাৰাই তেওঁলোকলৈ ব্যৱহাৰিক সহায় আগবঢ়াবলৈও প্ৰেৰিত কৰিব। ঘৰে-ঘৰে প্ৰচাৰ কৰি থকাৰ সময়ত এজন অগ্ৰগামী ভাইক যিহোৱাৰ সাক্ষী বুলি চিনি পাই এগৰাকী বয়সীয়াল বিধৱা মহিলাই শীঘ্ৰেই তেওঁক যাবলৈ কʼলে, কিয়নো ভাইজনে দুৱাৰৰ কলিং বেল বজোৱাৰ সময়ত মহিলাগৰাকীয়ে জখলাত উঠি ৰান্ধনি ঘৰৰ ভিতৰত বেয়া হোৱা এটা বাল্ব সলনি কৰিবলৈ চেষ্টা কৰি আছিল। তেনেতে ভাইজনে তপৰাই কʼলে যে, “আপুনি তেনেদৰে অকলে বাল্বটো সলনি কৰিবলৈ চেষ্টা কৰাটো নিৰাপদ নহয়।” মহিলাগৰাকীয়ে ভাইজনক সহায় কৰিবলৈ কলে আৰু ভায়জনে বাল্বটো সলনি কৰাৰ পিছত গুচি গʼল। মহিলাগৰাকীৰ পুতেকে যেতিয়া ঘৰলৈ মাকক দেখা কৰিবলৈ আহে, তেতিয়া মহিলাগৰাকীয়ে সেই সকলো কৈছিল। মাকৰ কথা শুনি পুতেকে প্ৰভাৱিত হয় আৰু সেই ভাইজনক বিচাৰি পোৱাত তেওঁক ধন্যবাদ জনায়। ইয়ে এক উত্তম কথোপকথনৰ সুযোগ মুকলি কৰিলে আৰু এটা বাইবেল অধ্যয়ন আৰম্ভ হʼল।
৪ আমি দয়ালু হৈ, লোকসকলক ঈশ্বৰৰ ৰাজ্যৰ বাৰ্ত্তাৰ বিষয়ে প্ৰচাৰ কৰি যিহোৱা ঈশ্বৰৰ প্ৰেম প্ৰকাশ কৰিব পাৰোঁ। এতেকে আঁহক আমি সদায়ে “আমি নিজক ঈশ্বৰৰ পৰিচাৰক বুলি” দয়াৰে প্ৰকাশ কৰোঁহঁক।—২ কৰি. ৬:৪, ৬.