পৰিচৰ্য্যা সভাৰ তালিকা
অক্টোবৰ ১০ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ১৭
১০ মি: স্থানীয় ঘোষণাসমূহ। আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ পৰা নিৰ্ব্বাচিত ঘোষণাসমূহ। (যদি আপোনাৰ এলেকাৰ বাবে উপযুক্ত হয়) ৮ পৃষ্ঠাত দিয়া পৰামৰ্শবোৰ ব্যৱহাৰ কৰি কেনেকৈ অক্টোবৰ ১ প্ৰহৰীবুৰুজ আৰু অক্টোবৰ ২২ সচেতন! আলোচনী দিব পাৰে, সেই বিষয়ে প্ৰদৰ্শন কৰক। প্ৰত্যেকটো উপস্থাপনত উত্তম বিষয়বোৰ আলোকপাত কৰক। তদুপৰি স্থানীয় এলেকাত থকা লোকসকলক আকৰ্ষিত কৰা আন আনুষঙ্গিক লেখবোৰ দেখুৱাউক।
১৫ মি: আপোনাৰ পাঠ কৰা অভ্যাস আছেনে? পৰিচৰ্য্যা স্কুল কিতাপৰ ২১-২৬ পৃষ্ঠাৰ ওপৰত আধাৰিত কৰি শ্ৰোতাসকলৰ সৈতে আলোচনা কৰক। আমাৰ পাঠ কৰাৰ কাৰ্য্যক্ৰমত কি কি অন্তৰ্ভুক্ত কৰিব পাৰি? (২১ পৃ. বক্স) আমি প্ৰবন্ধ কৰা প্ৰকাশনবোৰ পঢ়াটো কিয় গুৰুত্বপূৰ্ণ? (২৩ পৃষ্ঠা ২ অনুচ্ছেদ) পাঠ কৰাৰ উত্তম কাৰ্য্যক্ৰম বজাই ৰাখাৰ গুৰুত্বপূৰ্ণ কাৰণটো কি? (২৬ পৃষ্ঠা ৩-৪ অনুচ্ছেদ) প্ৰহৰীবুৰুজ আৰু সচেতন! আলোচনীবোৰ পঢ়িবলৈ আপুনি সময় উলিয়াইনে? তাৰ পৰা আপুনি কেনেকৈ লাভৱান হʼব পাৰে?
২০ মি: “সাহেৰে একেৰাহে ঈশ্বৰৰ বাক্য ঘোষণা কৰা।” a কেনেবোৰ পৰিস্থিতিত সাহসী হৈ সাক্ষী দিয়া আৱশ্যক আছিল, সেই বিষয়ে কʼবলৈ শ্ৰোতাসকলক আমন্ত্ৰণ কৰক। তেওঁলোকক তেনে সাক্ষী দিবলৈ কিহে সহায় কৰিলে?
গীত ৭৮ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
অক্টোবৰ ১৭ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ৩৬
১০ মি: স্থানীয় ঘোষণাসমূহ। ছেপ্টেম্বৰ ২০০৫ চনৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ অন্তপত্ৰখনত দিয়া তৃতীয় ভাগটোৰ পৰা এটা বা দুটা বিষয় পুনৰ আলোচনা কৰি বাইবেল অধ্যয়নত কেনেকৈ কাৰ্য্যকাৰীৰূপে শাস্ত্ৰীয় পদবোৰ ব্যৱহাৰ কৰিব পাৰে, সেই বিষয়ে উল্লেখ কৰক।
১৫ মি: ইন্টাৰনেটৰ যোগেদি অহা বিপদবোৰৰ পৰা আঁতৰি থাকক। এজন প্ৰাচীনে ডিচেম্বৰ ৮, ২০০৪ চনৰ সচেতন! ১৮-২১ পৃষ্ঠাৰ ওপৰত আধাৰিত কৰি এটা ভাষণ দিয়ে।
২০ মি: “দয়ালু হৈ ব্যক্তিগত আগ্ৰহকতা প্ৰকাশ কৰক।” b আমি প্ৰচাৰ কাৰ্য্যত কেনেকৈ আনৰ প্ৰতি দয়ালু হোৱাৰ প্ৰমাণ দিব পাৰোঁ, সেই বিষয়ে কʼবলৈ শ্ৰোতাসকলক আমন্ত্ৰণ কৰক। আমি প্ৰচাৰ কৰা লোকসকলক আন ক্ষেত্ৰবোৰত ব্যক্তিগত আগ্ৰহকতা দেখুৱাৰ বিষয়ে ভৱিষ্যতে আমাৰ ৰাজ্য পৰিচৰ্য্যাʼত আলোচনা কৰাক হʼব।
গীত ২ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
অক্টোবৰ ২৪ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ৬৮
১০ মি: স্থানীয় ঘোষণাসমূহ। হিচাপ-লেখ ৰিপোৰ্ট আৰু দান-বৰঙণি পঠোৱাৰ বিনিময়ত শাখা কাৰ্য্যালয়ৰ পৰা লাভ কৰা প্ৰাপ্তি স্বীকাৰ পত্ৰখন পঢ়ক। জানুৱাৰী ২০০৫ চনৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাʼত দিয়া অন্তপত্ৰখনৰ পৰা আপোনাৰ এলেকাত প্ৰযোজ্য হোৱা এটা উপযুক্ত উপস্থাপনত নবেম্বৰ মাহত বিতৰণ কৰিবলগীয়া সাহিত্য আগবঢ়াই প্ৰদৰ্শন কৰি দেখুৱাউক।—জানুৱাৰী ২০০৫ চন আমাৰ ৰাজ্য পৰিচৰ্য্যা, ৮ পৃষ্ঠা, ৫ অনুচ্ছেদ চাওক।
১৫ মি: স্থানীয় আৱশ্যকতাসমূহ।
২০ মি: আমাৰ সাজ-পোছাক পৰিধানত ঈশ্বৰীয় স্তৰসমূহ প্ৰকাশ কৰা। আগষ্ট ১, ২০০২ চন প্ৰহৰীবুৰুজ ১৬-১৮ পৃষ্ঠাৰ (w02-AE ৮/১) ওপৰত আধাৰিত কৰি, এজন প্ৰাচীনে শ্ৰোতাসকলৰ সৈতে আলোচনা কৰে। আমাৰ আদৰ্শমূলক সাজ-পোছাক পৰিধানে কেনেকৈ এক উত্তম সাক্ষী দিয়ে, সেই বিষয়ে মন্তব্য দিবলৈ শ্ৰোতাসকলক আমন্ত্ৰণ কৰক।
গীত ১৫৩ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
অক্টোবৰ ৩১ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ২০৯
১০ মি: স্থানীয় ঘোষণাসমূহ। সকলো প্ৰচাৰকক অক্টোবৰ মাহৰ পৰিচৰ্য্যা কাৰ্য্যৰ ৰিপোৰ্ট দিবলৈ সোঁৱৰাই দিয়ক। আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ পৰা নিৰ্ব্বাচিত ঘোষণাসমূহ। (যদি আপোনাৰ এলেকাৰ বাবে উপযুক্ত হয়) ৮ পৃষ্ঠাত দিয়া পৰামৰ্শবোৰ ব্যৱহাৰ কৰি কেনেকৈ নবেম্বৰ ১ প্ৰহৰীবুৰুজ আৰু নবেম্বৰ ৮ সচেতন! আলোচনী দিব পাৰে, সেই বিষয়ে প্ৰদৰ্শন কৰক। এটা উপস্থাপনত পুনৰ সাক্ষাতৰ বাবে “অহা সংখ্যাত” নামৰ বক্সটোৰ প্ৰতি ব্যক্তিজনক মনোযোগ দিবলৈ কওক।—অক্টোবৰ ১৯৯৮ চনৰ আমাৰ ৰাজ্য পৰিচৰ্য্যা, ৮ পৃষ্ঠা ৭-৮ অনুচ্ছেদ চাওক।
১৫ মি: আলোচনী প্ৰবাহৰ দ্বাৰা লোকসকলৰ আগ্ৰহকতা বিকশিত কৰক। মে’ ২০০৫ চনৰ আমাৰ ৰাজ্য পৰিচৰ্য্য, ৮ পৃষ্ঠা ব্যৱহাৰ কৰি শ্ৰোতাসকলৰ সৈতে ভাষণ আৰু আলোচনা কৰক। আমি কেনেকৈ আলোচনী প্ৰবাহ আৰম্ভ কৰিব পাৰোঁ? (১ অনুচ্ছেদ) আমি ধাৰাবাহিকৰূপে শাস্ত্ৰৰ পৰা আলোচনা কৰিবলৈ কেনেকৈ প্ৰস্তুত হʼব পাৰোঁ? (৩ অনুচ্ছেদ) আমি কেৱল শাস্ত্ৰীয় পদ পঢ়াটোৱেই কিয় যথেষ্ট নহয়? (৪ অনুচ্ছেদ) এটা আলোচনা প্ৰবাহ কেনেকৈ বাইবেল অধ্যয়নলৈ পৰিণত কৰিব পাৰি? (৫ অনুচ্ছেদ) কোনোবা এজনৰ সৈতে কৰা আলোচনী প্ৰবাহত এজন প্ৰকাশকে কেনেকৈ শাস্ত্ৰীয় পদৰ পৰা আলোচনা কৰে, সেই বিষয়ে এটা উপস্থাপন প্ৰস্তুত কৰক।
২০ মি: যুৱক-যুৱতীসকল যদিও দৃঢ়মনৰ কিন্তু সন্মানীয়। ছেপ্টেম্বৰ ১৫, ২০০২ চন প্ৰহৰীবুৰুজ, ২৩-২৪ পৃষ্ঠা। স্কুলত সম্মুখীন হোৱা প্ৰত্যাহ্বানবোৰত সফলতা পাবলৈ কিহে সহায় কৰিলে, সেই বিষয়ে কʼবলৈ আগতীয়াকৈ এজন বা দুজন যুৱা ব্যক্তিক কৈ থওক।
গীত ২২২ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
নবেম্বৰ ৭ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ৩৯
৫ মি: স্থানীয় ঘোষণাসমূহ।
২০ মি: সভাৰ প্ৰতি মনোযোগ বৃদ্ধি কৰা। ছেপ্টেম্বৰ ১৫, ২০০২ চনৰ প্ৰহৰীবুৰুজ, ২৬-২৭ পৃষ্ঠা, ১১-১৪ অনুচ্ছেদ (w02-AE ৯/১) ওপৰত আধাৰিত কৰি শ্ৰোতাসকলৰ সৈতে এটা ভাষণ আৰু আলোচনাৰূপে প্ৰস্তুত কৰক। তাত দিয়া পৰামৰ্শবোৰক পুনৰ আলোচনা কৰক আৰু কিহে মণ্ডলীৰ সভাৰ পৰা লাভৱান হʼবলৈ সহায় কৰিলে, সেই বিষয়ে মন্তব্য দিবলৈ শ্ৰোতাসকলক আমন্ত্ৰণ কৰক।
২০ মি: “আনৰ সৈতে যুক্তিযুক্ততাৰে কথোপকথন কৰাৰ দক্ষতাক উন্নত কৰক।” c কেনেকৈ স্থানীয় এলেকাত থকা বিভিন্ন পৃষ্ঠভূমিৰ লোকৰ সৈতে যুক্তিসঙ্গতভাৱে কথোপকথন কৰিলে, সেই বিষয়ে মন্তব্য দিবলৈ বাছনি কৰা প্ৰকাশকসকলক আমন্ত্ৰণ কৰক।
গীত ৫০ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
[Footnotes]
a এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।
b এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।
c এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।