ছেপ্টেম্বৰ—আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা
ছেপ্টেম্বৰ ৪-১০
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | যিহিষ্কেল ৪২-৪৫
“শুদ্ধ উপাসনাৰ পুনৰস্থাপন!”
(যিহিষ্কেল ৪৩:১০-১২) হে মনুষ্য-সন্তান, ইস্ৰায়েল-বংশই নিজ অপৰাধৰ কাৰণে লাজ পাবৰ নিমিত্তে তুমি তেওঁবিলাকক গৃহটি দেখুউৱা; আৰু সুন্দৰকৈ গঁথা গৃহটি তেওঁবিলাকে জোখক। ১১ আৰু তেওঁবিলাকে কৰা আটাই কাৰ্য্যৰ নিমিত্তে যদি তেওঁবিলাক লজ্জিত হয়, তেন্তে তেওঁবিলাকে গৃহটিৰ সমুদায় আকৃতি আৰু তাৰ আটাই নিয়ম প্ৰণালী ৰক্ষা কৰি সেই মতে যেন কাৰ্য্য কৰে, এই অভিপ্ৰায়ে গৃহটিৰ আকাৰ, তাৰ গঠন, ভিতৰলৈ বাহিৰলৈ অহা-যোৱা কৰা তাৰ বাটবোৰ, তাৰ সকলো প্ৰকাৰ আকাৰ, সকলো নিয়ম-প্ৰণালী, সকলো প্ৰকাৰ আকাৰ, আৰু তাৰ আটাই ব্যৱস্থা তেওঁবিলাকক জনোৱা, আৰু তেওঁবিলাকৰ আগতে লিখা। ১২ এয়ে গৃহটিৰ ব্যৱস্থা, পৰ্ব্বতখনৰ টিঙত তাৰ সমুদায় সীমা চাৰিওফালে পবিত্ৰ হব। চোৱা, গৃহটিৰ ব্যৱস্থা এয়ে।
w৯৯-E ৩/১ ৮ ¶৩
ঈশ্বৰৰ মন্দিৰৰ ওপৰত ‘মনোযোগ কৰক!’
যিহিষ্কেল কিতাপৰ নটা অধ্যায়ত বিতংভাৱে বৰ্ণনা কৰা দৰ্শনে বন্দী অৱস্থাত থকা যিহুদীসকলক এক প্ৰতিজ্ঞাৰ ওপৰত বিশ্বাস দৃঢ় কৰিবলৈ সহায় কৰিছিল। শুদ্ধ উপাসনাৰ পুনৰস্থাপন কৰা হʼব! এই প্ৰতিজ্ঞা কৰা সময়ৰপৰা বৰ্তমানলৈকে, এই দৰ্শনে যিহোৱা ঈশ্বৰক প্ৰেম কৰা লোকসকলক উৎসাহিত কৰি আহিছে। কেনেকৈ বাৰু? বন্দী ইস্ৰায়েলীসকলৰ বাবে, যিহিষ্কেলে দেখা মন্দিৰৰ দৰ্শনৰ অৰ্থ কি আছিল, তাৰ বিষয়ে আহক আমি অলপ সময় চালি-জাৰি চাওঁ। ইয়াত চাৰিটা বিষয় জড়িত আছে: মন্দিৰ, পুৰোহিত, অধিপতি, ভূমি।
it-২-E ১০৮২ ¶২
মন্দিৰ
যিহিষ্কেলে দেখা মন্দিৰৰ দৰ্শন। যিৰূচালেম আৰু চলোমনৰ মন্দিৰ ধ্বংস হোৱাৰ ১৪ বছৰৰ পাছত খ্ৰীষ্টপূৰ্ব ৫৯৩ ভৱিষ্যতবক্তা যিহিষ্কেলে দৰ্শনৰ যোগেদি এক অতিশয় ওখ পৰ্ব্বতত, যিহোৱা ঈশ্বৰৰ মহান মন্দিৰ দেখাৰ সুযোগ পায়। (যিহি ৪০:১, ২) বন্দী অৱস্থাত থকা যিহুদীসকলে যাতে লাজ অনুভৱ কৰি অনুতাপ কৰে আৰু বিশ্বাসী যিহুদীসকলে সান্ত্বনা লাভ কৰে, তাৰ বাবে যিহিষ্কেলে যি যি দেখিছিল, সেই সকলোবোৰ “ইস্ৰায়েল-বংশক” কʼবলৈ নিৰ্দেশনা দিয়া হৈছিল। (যিহি ৪০:৪; ৪৩:১০, ১১) এই দৰ্শনত প্ৰতিটো বস্তুৰ সঠিক জোখ-মাখ দিয়া হৈছে। যি বস্তুৰে ইয়াৰ মাপ লোৱা হৈছিল, সেয়া হৈছে “নল” (ইয়াৰ দৈৰ্ঘ্যতা ৩·১১ মি.; ১০.২ ফুট) আৰু “হাত” (হাতৰ দৈৰ্ঘ্যতা ৫১.৮ ছে.মি.; ২০.৪ ইঞ্চি)। (যিহি ৪০:৫, ফু.) দৰ্শনত ইমান বিতংভাৱে জোখ-মাখ দিয়াৰ বিষয়টোৰ বাবে কিছুমান লোকে বিশ্বাস কৰিছিল যে সম্ভৱতঃ এই হিচাপৰ অনুসৰি বন্দী অৱস্থাৰপৰা জৰুব্বাবিলে উভতি অহাৰ পাছত মন্দিৰ নিৰ্ম্মাণ কৰিছিল। কিন্তু ইয়াৰ বিষয়ে কোনো সঠিক প্ৰমাণ দেখিবলৈ পোৱা নাযায়।
(যিহিষ্কেল ৪৪:২৩) আৰু তেওঁবিলাকে মোৰ প্ৰজাবিলাকক পবিত্ৰ আৰু সাধাৰণৰ মাজত প্ৰভেদ শিকাব, শুচি আৰু অশুচিৰ মাজত বিভিন্ন কৰিবলৈ শিকাব।
(যিহিষ্কেল ৪৫:১৬) দেশৰ সকলো প্ৰজাই ইস্ৰায়েলৰ অধিপতিজনক সেই উপহাৰ দিব।
w৯৯-E ৩/১ ১০ ¶১০
ঈশ্বৰৰ মন্দিৰৰ ওপৰত ‘মনোযোগ কৰক!’
বন্দী অৱস্থাত থকা লোকসকলক এই দৰ্শনে হয়তো বহুত উৎসাহিত কৰিছিল। তেওঁলোকক আশ্বাস দিয়া হৈছিল যে ইস্ৰায়েল দেশত প্ৰতিটো পৰিয়ালে উত্তৰাধিকাৰীৰূপে ভূমি লাভ কৰিব। (মীখা ৪:৪ লগত তুলনা কৰক।) শুদ্ধ উপাসনা পুনৰ ইয়াৰ মানদণ্ড অনুসৰি দৃঢ় কৰা হʼব আৰু প্ৰতিজনে কেৱল যিহোৱা ঈশ্বৰকহে উপাসনা কৰিব। ধ্যান দিয়ক যে পুৰোহিতসকলৰ দৰে অধিপতিসকলেও, লোকসকলে উপহাৰ হিচাপে আগবঢ়োৱা ভূমিত বাস কৰিব। (যিহিষ্কেল ৪৫:১৬) ইয়াৰ অৰ্থ হৈছে পুনৰস্থাপন হোৱা লোকসকলে নেতৃত্ব লোৱাৰ বাবে ঈশ্বৰে নিযুক্ত কৰা লোকসকলক সহায় আগবঢ়োৱাৰ প্ৰয়োজন আছিল। তেওঁলোকে নেতৃত্ব লোৱা লোকসকলৰ উপদেশ পালন কৰাৰ যোগেদি সহায় কৰিব লাগিছিল। এই দেশ সংগঠন, সহযোগিতা আৰু সুৰক্ষাৰ বাবে এক দৰ্শন আছিল।
আধ্যাত্মিক ৰত্ন বিচাৰক
(যিহিষ্কেল ৪৩:৮, ৯) তেওঁবিলাকে মোৰ দুৱাৰডলিৰ ওচৰত তেওঁবিলাকৰ দুৱাৰডলি, আৰু মোৰ দুৱাৰ-খুঁটাৰ ওচৰত তেওঁবিলাকৰ দুৱাৰ-খুঁটা দি, মোৰ আৰু তেওঁবিলাকৰ মাজত কেৱল এটা দেৱাল ৰাখি অশুচি নকৰিব। তেওঁবিলাকে কৰা তেওঁবিলাকৰ ঘিণলগীয়া কাৰ্য্যেৰে তেওঁবিলাকে মোৰ পবিত্ৰ নাম অশুচি কৰিলে; এই নিমিত্তে মই ক্ৰোধত তেওঁবিলাকক নষ্ট কৰিলোঁ। ৯ এতিয়া তেওঁবিলাকৰ বেশ্যাকৰ্ম্ম, আৰু তেওঁবিলাকৰ ৰজাবিলাকৰ মৰা শৱ তেওঁবিলাকে মোৰ পৰা দূৰ কৰক; তাতে মই তেওঁবিলাকৰ মাজত চিৰকাললৈকে বাস কৰিম।
it-২-E ৪৬৭ ¶৪
নাম
ইস্ৰায়েলীসকলে যেতিয়া যিহোৱা ঈশ্বৰৰ ধাৰ্ম্মিক মানদণ্ডবোৰৰ অনুসৰি জীৱন অতিবাহিত নকৰিলে, তেতিয়া তেওঁলোকে এক প্ৰকাৰে যিহোৱা ঈশ্বৰৰ নামক অসন্মান কৰা হৈছিল। কিয়নো ইস্ৰায়েলীসকলৰ লগত যিহোৱা ঈশ্বৰৰ নাম জড়িত আছিল। (যিহি ৪৩:৮; আমো ২:৭) যিহেতু ইস্ৰায়েলী লোকসকলে ঈশ্বৰক বিশ্বাসঘাত কৰিছিল, সেইবাবে ঈশ্বৰে তেওঁলোকক শাস্তি দিবলগীয়া হয়। তেওঁলোকে বিশ্বাসঘাতকতা কৰাৰ বাবে আন আন ৰাষ্ট্ৰয়ো ঈশ্বৰৰ নামক ঠাট্টা কৰাৰ সুযোগ পাইছিল। (গীত ৭৪:১০, ১৮; যিচ ৫২:৫ লগত তুলনা কৰক।) এই ৰাষ্ট্ৰবোৰে ভাবিছিল যে যিহোৱা ঈশ্বৰে নিজৰ লোকসকলক ৰক্ষা কৰিব নোৱাৰে আৰু সেইবাবে তেওঁলোকৰ ওপৰত সমস্যা আহিছে। প্ৰকৃততে যিহোৱা ঈশ্বৰে ইস্ৰায়েলীসকলক শাস্তি দিছে বুলি তেওঁলোকে বুজিব নোৱাৰিলে। নিজৰ নামৰ ওপৰত অহা এই কলংক নাইকিয়া কৰিবলৈ যিহোৱা ঈশ্বৰে পদক্ষেপ লয় আৰু বাকী থকা ইস্ৰায়েলীসকলক তেওঁলোকৰ দেশলৈ পুনৰ লৈ আহে।—যিহি ৩৬:২২-২৪.
(যিহিষ্কেল ৪৫:৯, ১০) প্ৰভু যিহোৱাই এই কথা কৈছে, হে ইস্ৰায়েলৰ অধিপতিবিলাক, তোমালোকৰ পক্ষে যথেষ্ট হল; তোমালোকে অত্যাচাৰ আৰু লুট দূৰ কৰা, বিচাৰ আৰু ন্যায় সিদ্ধ কৰা; প্ৰভু যিহোৱাই কৈছে, তোমালোকে মোৰ প্ৰজাবিলাকক খেদাই দিবলৈ ক্ষান্ত হোৱা। ১০ তোমালোকৰ ন্যায় পাল্লা, ন্যায় ঐফা, আৰু ন্যায় বৎ হব লাগে।
it-২-E ১৪০
ন্যায়
যিসকলে যিহোৱা ঈশ্বৰৰ অনুমোদন লাভ কৰিব বিচাৰে, তেওঁলোকে ঈশ্বৰৰ ন্যায়ৰ মানদণ্ডৰ বিষয়ে জ্ঞান আহৰণ কৰা আৰু সেই অনুসৰি জীৱন অতিবাহিত কৰাটো তেওঁ বিচাৰে। (যিচ ১:১৭, ১৮; ১০:১, ২; যিৰি ৭:৫-৭; ২১:১২; ২২:৩, ৪; যিহি ৪৫:৯, ১০; আমো ৫:১৫; মীখা ৩:৯-১২; ৬:৪; জখ ৭:৯-১২)
বাইবেল পাঠ
(যিহি ৪৪:১-৯) পাছে তেওঁ ধৰ্ম্মধামৰ পূবফালে মুখ কৰা বাহিৰ বাট-চৰাটোলৈ মোক ওলোটাই নিলে, সেয়ে বন্ধ আছিল। ২ পাছে যিহোৱাই মোক কলে, এই বাট-চৰাটো বন্ধ থাকিব, মেলা নাযাব, আৰু এই পোনে কোনো লোক নোসোমাব; কিয়নো ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই পোনে প্ৰবেশ কৰিলে; এই হেতুকে ই বন্ধ থাকিব। ৩ অধিপতিজনৰ বিষয়ে হলে, কেৱল তেওঁহে যিহোৱাৰ আগত আহাৰ কৰিবৰ অৰ্থে তাত বহিব; তেওঁ বাট-চৰাটোৰ বাৰাণ্ডাৰ বাটেদি সোমাব, আৰু সেই একে বাটেদিয়েই বাহিৰ ওলাব। ৪ পাছে তেওঁ উত্তৰ বাট-চৰাটোৰ বাটেদি মোক গৃহটিৰ আগলৈ নিলে, আৰু মই চাই দেখিলোঁ, যিহোৱাৰ গৌৰৱে যিহোৱাৰ গৃহটি পৰিপূৰ্ণ কৰিলে; তাতে মই উবুৰি হৈ পৰিলোঁ। ৫ পাছে যিহোৱাই মোক কলে, হে মনুষ্য-সন্তান, যিহোৱাৰ গৃহটিৰ সকলো নিয়ম-প্ৰণালী আৰু তাৰ আটাই ব্যৱস্থাৰ বিষয়ে মই তোমাক যি যি কম, তুমি সেই সকলোলৈ মনোযোগ কৰা, চকু দিয়া, কাণ দিয়া আৰু ধৰ্ম্মধামৰ বাহিৰলৈ যোৱা প্ৰত্যেক বাটলৈ আৰু গৃহটি প্ৰবেশস্থানলৈ ভালকৈ মন দি চোৱা। ৬ আৰু তুমি বিদ্ৰোহী ইস্ৰায়েল-বংশক কবা, প্ৰভু যিহোৱাই এই কথা কৈছে, ৭ হে ইস্ৰায়েল-বংশ, তোমালোকে মোৰ আহাৰ, অৰ্থাৎ তেল আৰু তেজ উৎসৰ্গ কৰা সময়ত, মোৰ গৃহটি অপবিত্ৰ কৰিবৰ নিমিত্তে মোৰ ধৰ্ম্মধামত ভৰি দিবলৈ অচুন্নৎ হৃদয়ৰ আৰু অচুন্নৎ মাংসৰ বিজাতীয়বোৰক মোৰ ধৰ্ম্মধামলৈ যে আনিলা, তোমালোকৰ আটাই ঘিণলগীয়া কাৰ্য্যৰ মাজত সেইটোৱেই তোমালোকৰ পক্ষে যথেষ্ট হওক; তোমালোকৰ আটাই ঘিণলগীয়া কাৰ্য্যৰ বাহিৰেও তোমালোকে মোৰ নিয়মটি ভাঙিলা। ৮ আৰু তোমালোকে মোৰ পবিত্ৰ বস্তুবিষয়ক ৰক্ষণীয় ৰক্ষা কৰা নাই; কিন্তু তোমালোকে মোৰ ধৰ্ম্মধামত মোৰ ৰক্ষণীয় ৰক্ষা কৰিবলৈ ইচ্ছামতে ৰক্ষক পাতিলা। ৯ প্ৰভু যিহোৱাই এই কথা কৈছে, ইস্ৰায়েলৰ সন্তানবিলাকৰ মাজত থকা বিজাতীয়বোৰৰ অচুন্নৎ হৃদয়ৰ আৰু অচুন্নৎ মাংসৰ কোনো বিজাতীয় মোৰ ধৰ্ম্মধামত নোসোমাব।
ছেপ্টেম্বৰ ১১-১৭
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | যিহিষ্কেল ৪৬-৪৮
“পুনৰস্থাপন হোৱা ইস্ৰায়েলীসকলে আশীৰ্ব্বাদ লাভ কৰিব”
(যিহিষ্কেল ৪৭:১) পাছে তেওঁ মোক গৃহটিৰ দুৱাৰ মুখলৈ ওলোটাই নিলে; আৰু চোৱা, গৃহটিৰ দুৱাৰডলিৰ তলৰ পৰা জলসমুহ ওলাই পূব দিশলৈ বৈ গৈছিল কিয়নো গৃহটিৰ আগ ফাল পূবদিশে আছিল; আৰু বেদিটোৰ দক্ষিণে গৃহটিৰ সোঁ কাষৰ তলৰ পৰা সেই জলসমূহ নামি গৈছিল।
(যিহিষ্কেল ৪৭:৭-১২) মই উলটিলত, চোৱা নদীখনৰ পাৰত ইপাৰে সিপাৰে অনেক অনেক গছ আছে। ৮ পাছে তেওঁ মোক কলে, এই জলসমূহ পূব অঞ্চললৈ ওলাই গৈছে; এয়ে অৰাবাৰ মাজেদি নামি যাব, তাৰ পাছত সমুদ্ৰলৈ যাব; এই জলসমূহ সমুদ্ৰত সোমালে তাৰ পানী উত্তম হৈ যাব। ৯ আৰু এই মহানদীখন যোৱা সকলো ঠাইৰ অসংখ্য জীৱজন্তু জীব; আৰু বহুসংখ্যক মাছ হব; কিয়নো এই জলসমূহ সমুদ্ৰলৈ গলে তাৰ জলসমূহ উত্তম হৈ যাব; আৰু নদীখন যোৱা সকলো ঠাইৰ সকলো প্ৰাণী জীব। ১০ তাৰ পাৰত মাছমৰীয়াবিলাক থিয় হব, আৰু অয়িন-গদীৰ পৰা অয়িন-ইগ্লয়িমলৈকে জাল মেলি দিয়া ঠাই হব; সিহঁতৰ মাছ মহাসমুদ্ৰৰ মাছৰ নিচিনাকৈ নানা বিধৰ অসংখ্য মাছ হব। ১১ কিন্তু তাৰ বোকা ঠাই আৰু দলদলনিবোৰ উত্তম নহব; সেইবোৰ লোণীয়া ঠাই হব। ১২ আৰু নদীখনৰ কাষত, তাৰ পাৰত ইফালে সিফালে সকলো বিধৰ খোৱা গুটিৰ গছ হব, সেইবোৰৰ পাত জঁয় নপৰিব আৰু গুটি নুঢুকাব; জলসমূহ ধৰ্ম্মধামৰ পৰা ওলোৱাৰ কাৰণে সেইবোৰত মাহে মাহে নতুন নতুন গুটি ধৰিব; আৰু সেইবোৰৰ গুটি আহাৰৰ নিমিত্তে, আৰু সেইবোৰৰ পাত সুস্থ কৰিবৰ নিমিত্তে হব।
w৯৯-E ৩/১ ১০ ¶১১-১২
ঈশ্বৰৰ মন্দিৰৰ ওপৰত ‘মনোযোগ কৰক!’
যিহোৱা ঈশ্বৰে তেওঁলোকৰ দেশৰ ওপৰত আশীৰ্ব্বাদ কৰিবনে? এই প্ৰশ্নৰ উত্তৰ দৰ্শনৰ যোগেদি দিয়া ভৱিষ্যতবাণীৰপৰা পোৱা যায়। ইয়াত বৰ্ণনা কৰা দৃশ্য সঁচাকৈ মনোৰম। মন্দিৰৰপৰা জলসমূহ বৈ গৈছে আৰু যাওঁতে যাওঁতে ইয়াৰ আকাৰ বহল হʼবলৈ ধৰিছে। এই জলসমূহ সমুদ্ৰত পৰোতে পৰোতে ইয়াৰ আকাৰ মহানদীলৈ পৰিণত হয়। এই নদীৰ বাবে সাগৰ পুনৰ সজীৱ হৈ উঠে আৰু ইয়াৰ পাৰে পাৰে মাছমৰীয়াসকলৰ ব্যৱসায় গঢ়ি উঠে। নদীৰ দাঁতিত গোটেই বছৰ ধৰি ফল-মূল উৎপন্ন হোৱা গছ-গছনিৰে ভৰি আছে। এই গছবোৰৰ পাত আৰু ফলবোৰ লোকসকলৰ খোৱা-বোৱাৰ বাবে কামত আহে। এই গছৰ পাতৰপৰা বিভিন্ন ধৰণৰ ৰোগ সুস্থ কৰিব পাৰি।—যিহিষ্কেল ৪৭:১-১২.
এই প্ৰতিজ্ঞাৰ বাবে বন্দী অৱস্থাত থকা যিহুদীসকলে আগতে কৰা ভৱিষ্যতবাণীবোৰ পূৰ হʼব বুলি আশ্বাস লাভ কৰিছিল, যিবোৰ তেওঁলোকে হৃদয়ত সযত্নে ৰাখিছিল। এই ভৱিষ্যতবাণীত বৰ্ণনা কৰা হৈছিল যে ইস্ৰায়েল ৰাষ্ট্ৰখনৰ পুনৰস্থাপন কৰা হʼব। যিহোৱা ঈশ্বৰৰ দ্বাৰা অনুপ্ৰাণিত হৈ বহুতো ভৱিষ্যতবক্তাই পুনৰস্থাপন কৰা ইস্ৰায়েলী লোকসকলে আনন্দ আৰু সুখ-শান্তিৰ জীৱন উপভোগ কৰিব বুলি বৰ্ণনা কৰিছিল। এই ভৱিষ্যতবক্তাসকলে বাৰে বাৰে ভৱিষ্যতবাণীত বৰ্ণনা কৰিছিল যে নিৰ্জন হৈ থকা অঞ্চলবোৰ পুনৰ সজীৱ হৈ উঠিব। (যিচয়া ৩৫:১, ৬, ৭; ৫১:৩; যিহিষ্কেল ৩৬:৩৫; ৩৭:১-১৪) সেইবাবে, লোকসকলে বিশ্বাস কৰিব পাৰিছিল যে পুনৰ নিৰ্ম্মাণ কৰা মন্দিৰৰপৰা জলসমূহ বৈ যোৱাৰ দৰে, যিহোৱা ঈশ্বৰৰপৰা জীৱন দিওঁতা আশীৰ্ব্বাদবোৰ আহিব। ফলস্বৰূপে, এই আশীৰ্ব্বাদবোৰৰ বাবে আধ্যাত্মিকভাৱে মৃত অৱস্থাত থকা জাতিয়ে পুনৰ জীৱন লাভ কৰিব। সেই জাতিৰ আধ্যাত্মিক বিষয়বোৰত ভাল উদাহৰণ ৰখা পুৰুষসকলে আশীৰ্ব্বাদ লাভ কৰিব আৰু তেওঁলোকে নিৰ্জন হৈ পৰি থকা দেশখন পুনৰস্থাপন কৰাৰ কামত নেতৃত্ব দিব। ভৱিষ্যতবক্তা যিচয়াই তেওঁলোকক “ধৰ্ম্মগছ” বুলি বৰ্ণনা কৰিছে আৰু তেওঁ আগলৈ এইদৰে লিখিছে যে “আগৰ কালৰে পৰা উচ্ছন্ন হৈ থকা ঠাইবোৰ পুনৰায় স্থাপন কৰিব।”—যিচয়া ৬১:৩, ৪.
(যিহিষ্কেল ৪৭:১৩, ১৪) প্ৰভু যিহোৱাই এই কথা কৈছে, যি সীমাৰ ভিতৰত তোমালোকে ইস্ৰায়েলৰ বাৰ ফৈদ অনুসাৰে আধিপত্যৰ নিমিত্তে দেশ ভাগ বাঁটিবা, সেই সীমা এই; যোচেফে দুভাগ পাব। ১৪ আৰু মই তোমালোকৰ পূৰ্ব্ব-পুৰুষবিলাকক দিবলৈ যি দেশৰ বিষয়ে হাত দাঙি শপত কৰিছিলোঁ, সেই দেশ তোমালোকে সমানে আধিপত্যস্বৰূপে লবা; সেই দেশ আধিপত্যস্বৰূপে তোমালোকৰ হব।
w৯৯-E ৩/১ ১০ ¶১০
ঈশ্বৰৰ মন্দিৰৰ ওপৰত ‘মনোযোগ কৰক!’
বন্দী অৱস্থাত থকা লোকসকলক এই দৰ্শনে হয়তো বহুত উৎসাহিত কৰিছিল। তেওঁলোকক আশ্বাস দিয়া হৈছিল যে ইস্ৰায়েল দেশত প্ৰতিটো পৰিয়ালে উত্তৰাধিকাৰীৰূপে ভূমি লাভ কৰিব। (মীখা ৪:৪ লগত তুলনা কৰক।) শুদ্ধ উপাসনা পুনৰ ইয়াৰ মানদণ্ড অনুসৰি দৃঢ় কৰা হʼব আৰু প্ৰতিজনে কেৱল যিহোৱা ঈশ্বৰকহে উপাসনা কৰিব। ধ্যান দিয়ক যে পুৰোহিতসকলৰ দৰে অধিপতিসকলেও, লোকসকলে উপহাৰ হিচাপে আগবঢ়োৱা ভূমিত বাস কৰিব। (যিহিষ্কেল ৪৫:১৬) ইয়াৰ অৰ্থ হৈছে পুনৰস্থাপন হোৱা লোকসকলে নেতৃত্ব লোৱাৰ বাবে ঈশ্বৰে নিযুক্ত কৰা লোকসকলক সহায় আগবঢ়োৱাৰ প্ৰয়োজন আছিল। তেওঁলোকে নেতৃত্ব লোৱা লোকসকলৰ উপদেশ পালন কৰাৰ যোগেদি সহায় কৰিব লাগিছিল। এই দেশ সংগঠন, সহযোগিতা আৰু সুৰক্ষাৰ বাবে এক দৰ্শন আছিল।
(যিহিষ্কেল ৪৮:৯, ১০) যিহোৱাৰ উদ্দেশে তোমালোকে দিব লগা উপহাৰ-ভূমি পঁচিশ হাজাৰ হাত দীঘল, আৰু দহ হাজাৰ হাত বহল হব। ১০ আৰু সেই পবিত্ৰ উপহাৰ-ভূমি পুৰোহিতবিলাকৰ নিমিত্তে হব। সেয়ে উত্তৰ ফালে পঁচিশ হাজাৰ হাত দীঘল, পশ্চিমফালে দহ হাজাৰ হাত বহল, পূব ফালে দহ হাজাৰ হাত বহল, আৰু দক্ষিণ ফালে পঁচিশ হাজাৰ হাত দীঘল হব; তাৰ মাজ ঠাইত যিহোৱাৰ ধৰ্ম্মধাম থাকিব।
আধ্যাত্মিক ৰত্ন বিচাৰক
(যিহিষ্কেল ৪৭:১) পাছে তেওঁ মোক গৃহটিৰ দুৱাৰ মুখলৈ ওলোটাই নিলে; আৰু চোৱা, গৃহটিৰ দুৱাৰডলিৰ তলৰ পৰা জলসমূহ ওলাই পূব দিশলৈ বৈ গৈছিল কিয়নো গৃহটিৰ আগ ফাল পূবদিশে আছিল; আৰু বেদিটোৰ দক্ষিণে গৃহটিৰ সোঁ কাষৰ তলৰ পৰা সেই জলসমূহ নামি গৈছিল।
(যিহিষ্কেল ৪৭:৮) পাছে তেওঁ মোক কলে, এই জলসমূহ পূব অঞ্চললৈ ওলাই গৈছে; এয়ে অৰাবাৰ মাজেদি নামি যাব, তাৰ পাছত সমুদ্ৰলৈ যাব; এই জলসমূহ সমুদ্ৰত সোমালে তাৰ পানী উত্তম হৈ যাব।
(যিহিষ্কেল ৪৮:৩০) আৰু নগৰখনৰ চাৰিওফালৰ সীমা এইবোৰ। উত্তৰ ফালে চাৰি হাজাৰ পাঁচ শ হাত। আৰু
(যিহিষ্কেল ৪৮:৩২-৩৪) আৰু পূব ফালে চাৰি হাজাৰ পাঁচ শ হাত, আৰু তিনিখন দুৱাৰ, যোচেফৰ এখন, বিন্যামীনৰ এখন, আৰু দানৰ এখন। ৩৩ আৰু দক্ষিণ ফালে চাৰি হাজাৰ পাঁচ শ হাত, তিনিখন দুৱাৰ, চিমিয়োনৰ এখন, ইচাখৰৰ এখন, আৰু জবূলূনৰ এখন। ৩৪ আৰু পশ্চিম ফালে চাৰি হাজাৰ পাঁচ শ হাত, আৰু তাৰ তিনিখন দুৱাৰ, গাদৰ এখন, আচেৰৰ এখন, আৰু নপ্তালীৰ এখন।
w৯৯-E ৩/১ ১১ ¶১৪
ঈশ্বৰৰ মন্দিৰৰ ওপৰত ‘মনোযোগ কৰক!’
এইবোৰ ঘটনা ঘটাৰ পাছত যিহিষ্কেলৰ দৰ্শন সম্পূৰ্ণ হʼল নেকি? নহয়, সম্পূৰ্ণ হোৱা নাছিল। এই দৰ্শনত বৰ্ণনা কৰা ভৱিষ্যতবাণীবোৰ আৰু বৃহৎ আকাৰত পূৰ হʼবলগীয়া আছিল। সেয়া কেনেকৈ? আহক আমি ইয়াৰ বিষয়ে চালি-জাৰি চাওঁ। যিহিষ্কেলে দৰ্শনত যি মন্দিৰ দেখিছিল, সেয়া বাস্তৱত নিৰ্ম্মাণ কৰা অসম্ভৱ আছিল। এইটো সঁচা যে যিহুদীসকলে এই দৰ্শনক গভীৰভাৱে লৈছিল আৰু কম বেছি পৰিমাণে তেওঁলোকে দৰ্শনৰ অনুসৰি মন্দিৰ নিৰ্ম্মাণ কৰিছিল। কিন্তু দৰ্শনত বৰ্ণনা কৰা মন্দিৰৰ বাবে, আগৰ মন্দিৰটো থকা মোৰিয়া পৰ্ব্বতৰ ঠাইখিনিও কম হʼলহেঁতেন। ইয়াৰ উপৰিও, যিহিষ্কেলে দৰ্শনত দেখা মন্দিৰটো নগৰৰ ভিতৰত নাছিল, কিন্তু কিছু দূৰত এক বেলেগ ভূমিত আছিল। আনহাতে, আগৰ মন্দিৰ থকা ঠাইখিনিতে যিৰূচালেমৰ দ্বিতীয় মন্দিৰটো নিৰ্ম্মাণ কৰা হৈছিল। (ইজ্ৰা ১:১, ২) মন কৰিবলগীয়া কথা যে যিৰূচালেমৰ মন্দিৰৰপৰা কোনো নদী বৈ যোৱা নাছিল। প্ৰাচীন সময়ৰ ইস্ৰায়েলীসকলে যিহিষ্কেলৰ ভৱিষ্যতবাণী কেৱল সামান্য পৰিমাণে পূৰ হোৱা দেখিবলৈ পাইছিল। সেইবাবে কʼব পাৰি যে এই দৰ্শন বৃহৎ আকাৰত আৰু আধ্যাত্মিকভাৱে পূৰ হʼবলগীয়া আছিল।
(যিহিষ্কেল ৪৭:৬) তেওঁ মোক কলে, হে মনুষ্য-সন্তান, তুমি ইয়াক দখিছা নে? এই বুলি তেওঁ মোক পুনৰায় নদীখনৰ দাঁতিলৈ লৈ গল।
it-২-E ১০০১
মনুষ্য-সন্তান
এই শব্দটো হীব্ৰু শাস্ত্ৰপদত সকলোতকৈ বেছি বাৰ যিহিষ্কেলৰ কিতাপত পোৱা যায়। এই কিতাপত ঈশ্বৰে ৯০-তকৈ বেছি বাৰ ভৱিষ্যতবক্তা যিহিষ্কেলক “মনুষ্য-সন্তান” বুলি সম্বোধন কৰিছে। (যিহি ২:১, ৩, ৬, ৮) এই উপাধিৰপৰা বুজোৱা হৈছিল যে ভৱিষ্যতবক্তাজন এই জগতৰে এজন সাধাৰণ লোক। ইয়াৰপৰা বুজিব পাৰি যে ভৱিষ্যতবক্তা আৰু সৰ্ব্বশক্তিমান ঈশ্বৰৰ মাজত কিমান পাৰ্থক্য আছে। তেওঁ কেৱল ঈশ্বৰৰপৰা বাৰ্ত্তা প্ৰেৰণ কৰোঁতা এজন লোক হয়। এই একে উপাধি দানিয়েল ৮:১৭ পদত দানিয়েলৰ বাবেও ব্যৱহাৰ কৰা হৈছিল।
বাইবেল পাঠ
(যিহিষ্কেল ৪৮:১৩-২২) আৰু লেবীয়াবিলাকে পুৰোহিতবিলাকৰ সীমাৰ সম্মুখত দীঘলে পঁচিশ হাজাৰ হাত আৰু বহলে দহ হাজাৰ হাত এডোখৰ ভূমি পাব; তাৰ গোটেই দৈৰ্ঘ্য পঁচিশ হাজাৰ হাত, আৰু প্ৰস্থ দহ হাজাৰ হাত। ১৪ তেওঁবিলাকে ইয়াৰ অলপো নেবেচিব, ইয়াৰ অলপো সলনি নকৰিব, নাইবা দেশৰ প্ৰথম ফল হস্তান্তৰ নকৰিব; কিয়নো এয়ে যিহোৱাৰ উদ্দেশে পবিত্ৰ। ১৫ আৰু পঁচিশ হাজাৰ হাতৰ সম্মুখৰ বহলৰ বাকী পাঁচ হাজাৰ হাত সাধাৰণ হব; সেয়ে নগৰখন, বসতিস্থান, আৰু চাৰিওফালৰ মুকলি ঠাইৰ নিমিত্তে হব; নগৰখন তাৰ মাজ ঠাইত হব। ১৬ তাৰ পৰিমাণ এইবোৰ; উত্তৰ ফাল চাৰি হাজাৰ পাঁচ শ হাত, দক্ষিণ ফাল চাৰি হাজাৰ পাঁচ শ হাত, পূব ফাল চাৰি হাজাৰ পাঁচ শ হাত, আৰু পশ্চিম ফাল চাৰি হাজাৰ পাঁচ শ হাত; ১৭ আৰু নগৰখনৰ চাৰিওফালে মুকলি ঠাই থাকিব; উত্তৰদিশে দুশ পঞ্চাশ হাত, দক্ষিণদিশে দুশ পঞ্চাশ হাত, পূবদিশে দুশ পঞ্চাশ হাত, আৰু পশ্চিমদিশে দুশ পঞ্চাশ হাত। ১৮ আৰু পবিত্ৰ উপহাৰ-ভূমিৰ সম্মূখৰ দীঘলৰ বাকী ভাগ পূবদিশে দহ হাজাৰ হাত আৰু পশ্চিমদিশে দহ হাজাৰ হাত হব, আৰু এয়ে পবিত্ৰ উপহাৰ-ভূমিৰ আগত হব; আৰু তাৰ উৎপন্ন শস্য নগৰখনত কাম কৰোঁতা লোকবিলাকৰ আহাৰৰ নিমিত্তে হব। ১৯ আৰু ইস্ৰায়েলৰ আটাই ফৈদৰ মাজৰ যি লোকবিলাকে নগৰখনত কাম কৰে, তেওঁবিলাকে তাক চহাব। ২০ গোটেই উপহাৰ-ভূমি দীঘলে পঁচিশ হাজাৰ হাত আৰু বহলে পঁচিশ হাজাৰ হাত হব; তোমালোকে নগৰখনৰ অধিকৃত অংশই সৈতে সেই পবিত্ৰ উপহাৰ-ভূমি চাৰি-চুকীয়া কৰি উৎসৰ্গ কৰিবা। ২১ পবিত্ৰ উপহাৰ-ভূমিৰ আৰু নগৰখনৰ অধিকৃত অংশৰ ইফালৰ সিফালৰ অৱশিষ্ট ভাগ অধিপতিজনৰ নিমিত্তে হব; পূব সীমাৰ ফালে উপহাৰ-ভূমিৰ পঁচিশ হাজাৰ হাতৰ সম্মুখৰ, আৰু পশ্চিমদিশে পশ্চিম সীমাৰ ফালে পঁচিশ হাজাৰ হাতৰ সম্মুখৰ অংশবোৰৰ কাষৰ ভাগ অধিপতিজনৰ নিমিত্তে হব; আৰু পবিত্ৰ উপহাৰ-ভূমি ও গৃহটিৰ ধৰ্ম্মধাম তাৰ মাজ ঠাইত হব। ২২ অধিপতিজনৰ অংশৰ মাজ ঠাইত থকা যি ভাগ লেবীয়াবিলাকৰ অধিকৃত অংশৰ আৰু নগৰখনৰ অধিকৃত অংশৰ বাহিৰে যিহূদা আৰু বিন্যামীনৰ সীমাৰ মাজত হব, সেয়ে অধিপতিজনৰ হব।
ছেপ্টেম্বৰ ১৮-২৪
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | দানিয়েল ১-৩
“যিহোৱা ঈশ্বৰৰ বিশ্বাসী হৈ থাকক আৰু আশীৰ্ব্বাদ লাভ কৰক”
(দানিয়েল ৩:১৬-২০) তেতিয়া চদ্ৰক, মৈচক, আৰু অবেদ্-নগোৱে, ৰজাক উত্তৰ দি কলে, হে নবূখদ্নেচৰ, আপোনাক এই কথাৰ উত্তৰ দিয়া আমাৰ অপ্ৰয়োজন। ১৭ আমি যি জনাৰ সেৱা কৰোঁ, আমাৰ সেই ঈশ্বৰ প্ৰজ্বলিত অগ্নিকুণ্ডৰ পৰা আমাক উদ্ধাৰ কৰিবলৈ সমৰ্থ, আৰু হে মহাৰাজ, আপোনাৰ হাতৰ পৰা তেওঁ আমাক উদ্ধাৰ কৰিলেও কৰিব পাৰে; ১৮ যদি নকৰেও, তথাপি, হে মহাৰাজ, আপুনি জানিব, যে, আমি আপোনাৰ দেৱতাবোৰক সেৱা নকৰিম, আপুনি স্থাপন কৰা সোণৰ মূৰ্ত্তিক পূজা নকৰিম। ১৯ তেতিয়া নবুখদ্নেচৰে ক্ৰোধেৰে পৰিপূৰ্ণ হৈ চদ্ৰক, মৈচক, আৰু অবেদ-নগোৰ অহিতে মুখ বিকটাই অগ্নিকুণ্ড নিয়মিত পৰিমাণতকৈ সাত গুণ প্ৰজ্বলিত কৰিবলৈ আজ্ঞা দিলে। ২০ আৰু তেওঁ তেওঁৰ সৈন্যৰ মাজৰ কেতবিলাক বলী মানুহক চদ্ৰক, মৈচক, আৰু অবেদ্-নগোক বান্ধি প্ৰজ্বলিত অগ্নিকুণ্ডত পেলাবলৈ আজ্ঞা দিলে।
w১৫-E ৭/১৫ ২৫ ¶১৫-১৬
ঈশ্বৰৰ ৰাজ্যৰ প্ৰতি বিশ্বাসী হৈ থাকক
আমি যিহোৱা ঈশ্বৰৰ সেৱা শুদ্ধ বিবেকেৰে কৰিব বিচাৰোঁ। সেইবাবে কেতিয়াবা কেতিয়াবা হয়তো আমি আমাৰ সহকৰ্ম্মী, সহপাঠী, ওচৰ-চুবুৰীয়া বা সম্বন্ধীয় লোকসকলৰপৰা পৃথকে থকা যেন লাগিব পাৰে। (১ পিত. ২:১৯) আমিও আনৰপৰা যে পৃথক, সেয়া লোকসকলে দেখিব লাগিব। আমি পৃথকে থকাৰ বাবে যদি লোকসকলে আমাক ঘৃণা কৰে, তেনেহʼলে আমি আচৰিত হোৱাটো উচিত নহয়। কিয়নো এই বিষয়ে যীচু খ্ৰীষ্টই আমাক বহু আগতেই সতৰ্ক কৰিছিল। মনত ৰাখিব যে আমাক বিৰোধ কৰা বেছি ভাগ লোকেই ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে নাজানে। সেইবাবে, তেওঁলোকে বুজি নাপায় যে আমাৰ বাবে মানৱীয় চৰকাৰৰ প্ৰতি বিশ্বাসী হৈ থকাতকৈ, ঈশ্বৰৰ ৰাজ্যৰ প্ৰতি বিশ্বাসী হৈ থকাটো কিমান প্ৰয়োজন।
ঈশ্বৰৰ প্ৰতি বিশ্বাসী হৈ থকাৰ বাবে লোকসকলে আমাৰ লগত যিয়ে ব্যৱহাৰ নকৰক কিয়, আমি তেওঁৰ আজ্ঞাবোৰ পালন কৰা উচিত। (দানি. ৩:১৬-১৮) মানুহৰ প্ৰতি থকা ভয়ে বিভিন্ন বয়সৰ লোকসকলক প্ৰভাৱিত কৰিব পাৰে। বিশেষকৈ কিশোৰ-কিশোৰীসকলৰ বাবে আনৰপৰা নিজকে পৃথকে ৰখাটো কঠিন হʼব পাৰে। যদি আপোনাৰ লʼৰা-ছোৱালীয়ে পতাকা চালামী অথবা ৰাষ্ট্ৰীয় সমাৰোহত ভাগ লোৱা আদি বিষয়বোৰৰ সন্মুখীন হৈছে, তেনেহʼলে তেওঁলোকক সহায় আগবঢ়াওক। পাৰিবাৰিক উপাসনাৰ সময়ত আপুনি লʼৰা-ছোৱালীক এই বিষয়ে যিহোৱাৰ দৃষ্টিভংগী কি তাৰ বিষয়ে জনাওক, যাতে তেওঁলোকে সাহসেৰে এই প্ৰত্যাহ্বানবোৰৰ সন্মুখীন হʼব পাৰে। নিজৰ বিশ্বাস আনৰ আগত স্পষ্টৰূপে আৰু সন্মানেৰে কেনেকৈ প্ৰকাশ কৰিব পাৰি, তাৰ বিষয়ে শিকাওক। (ৰোম. ১:১৬) যদি প্ৰয়োজন হয়, তেনেহʼলে স্কুলৰ শিক্ষকৰ লগত ইয়াৰ বিষয়ে কথা পাতক আৰু আমাৰ বিশ্বাসৰ বিষয়ে বৰ্ণনা কৰক।
(দানিয়েল ৩:২৬-২৯) তেতিয়া নবূখদ্নেচৰে সেই প্ৰজ্বলিত অগ্নিকুণ্ডৰ দুৱাৰৰ ওচৰলৈ গৈ কলে, হে সৰ্ব্বোপৰি ঈশ্বৰৰ দাস চদ্ৰক, মৈচক, আৰু অবেদ্-নগো, ওলাই আহাঁ; তাতে চদ্ৰক, মৈচক আৰু অবেদ্-নগো অগ্নিৰ মাজৰ পৰা ওলাই আহিল। ২৭ পাছে ক্ষিতিপাল, প্ৰতিনিধি, দেশাধ্যক্ষ, আৰু ৰাজমন্ত্ৰীবিলাকে গোট খাই সেই তিনি জন লোকক চাই দেখিলে, যে, অগ্নিয়ে তেওঁবিলাকৰ শৰীৰ একো কৰিব পৰা নাই, তেওঁবিলাকৰ মূৰৰ চুলিও অকণকে পোৰা নাই, বস্ত্ৰও বিকৃত হোৱা নাই, আৰু গাত অগ্নিৰ গন্ধও নাই। ২৮ তেতিয়া নবূখদ্নেচৰে এই কথা কলে, চদ্ৰক, মৈচক, আৰু অবেদ-নগোৰ যি জনা ঈশ্বৰে নিজৰ দূত পঠাই তেওঁৰ দাসবিলাকক ৰক্ষা কৰিলে, তেওঁ ধন্য; তেওঁবিলাকে তেওঁত বিশ্বাস কৰি ৰাজাজ্ঞা লঙ্ঘন কৰিলে আৰু নিজৰ ঈশ্বৰৰ বাহিৰে আন দেৱতাক যেন সেৱাপূজা কৰিব লগীয়া নহয়, এই নিমিত্তে নিজ নিজ শৰীৰ সমৰ্পণ কৰিলে। ২৯ এতেকে মই এই আজ্ঞা দিছোঁ যে, সকলো জাতিৰ, দেশৰ, আৰু ভাষাৰ যি লোকবিলাকে চদ্ৰক, মৈচক, আৰু অবেদ-নগোৰ ঈশ্বৰৰ অহিতে কোনো ভ্ৰান্তিৰ কথা কব, সিহঁতক ডোখৰ-ডোখৰকৈ কটা যাব, আৰু সিহঁতৰ ঘৰ গোবৰৰ দʼম যেন কৰা হব; কিয়নো এইদৰে উদ্ধাৰ কৰিব পৰা আন কোনো দেৱতা নাই।
w১৩-E ১/১৫ ১০ ¶১৩
সাহসী হওক—যিহোৱা ঈশ্বৰ আপোনাৰ লগত আছে!
খ্ৰীষ্টপূৰ্ব সপ্তম শতিকাত, যিহোৱা ঈশ্বৰৰ তিনিজন ইব্ৰী দাসে এই কথাৰ প্ৰমাণ কৰিলে যে যদি বিশ্বাস আৰু সাহসেৰে কাৰ্য্য কৰা হয়, তেনেহʼলে ঈশ্বৰৰ আশীৰ্ব্বাদ লাভ কৰিব পাৰি। ৰজা নবূখদ্নেচৰে দেশৰ গণ্যমান্য ব্যক্তিসকলক এক বিশেষ স্থানত একত্ৰিত হʼবলৈ আৰু তেওঁলোকক সোণৰ এটা ডাঙৰ মূৰ্ত্তিক প্ৰণিপাত কৰিবলৈ আদেশ জাৰি কৰে। যদি কোনোবাই এই আজ্ঞা পালন নকৰে, তেনেহʼলে তেওঁক জ্বলি থকা অগ্নিকুণ্ডত পেলাই দিয়া হʼব। তিনিজন ইব্ৰী ডেকাই সন্মানেৰে নবূখদ্নেচৰক এইদৰে কয়: “আমি যি জনাৰ সেৱা কৰোঁ, আমাৰ সেই ঈশ্বৰ প্ৰজ্বলিত অগ্নিকুণ্ডৰ পৰা আমাক উদ্ধাৰ কৰিবলৈ সমৰ্থ, আৰু হে মহাৰাজ, আপোনাৰ হাতৰ পৰা তেওঁ আমাক উদ্ধাৰ কৰিলেও কৰিব পাৰে; যদি নকৰিলেও, তথাপি, হে মহাৰাজ, আপুনি জানিব, যে, আমি আপোনাৰ দেৱতাবোৰক সেৱা নকৰিম, আপুনি স্থাপন কৰা সোণৰ মূৰ্ত্তিক পূজা নকৰিম।” (দানি. ৩:১৬-১৮) সেই তিনিজন ইব্ৰী ডেকাক অগ্নিকুণ্ডত পেলাই দিয়া হয়। কিন্তু দানিয়েল ৩:১৯-৩০ পদে বৰ্ণনা কৰে যে ঈশ্বৰে তেওঁলোকক আচৰিতভাৱে উদ্ধাৰ কৰিছিল। বৰ্তমান সময়ত হয়তো আমাক জ্বলি থকা অগ্নিকুণ্ডত পেলোৱা নহয়, কিন্তু কিবা নহয় কিবা প্ৰকাৰে আমিও পৰীক্ষাৰ সন্মুখীন হওঁ। যদি আমি বিশ্বাস আৰু সাহসেৰে নিষ্ঠা বজাই ৰাখোঁ, তেনেহʼলে আমি বিশ্বাস কৰিব পাৰোঁ যে যিহোৱা ঈশ্বৰে আমাক নিশ্চয় আশীৰ্ব্বাদ কৰিব।
আধ্যাত্মিক ৰত্ন বিচাৰক
(দানিয়েল ১:৫) ৰজাই আৰু নিৰূপণ কৰিলে, যে, তেওঁৰ উত্তম খাদ্যদ্ৰব্যৰ পৰা আৰু তেওঁ পান কৰা দ্ৰাক্ষাৰসৰ পৰা দিনে দিনে তেওঁবিলাকক ভাগ দিব, আৰু তেওঁবিলাকক তিনি বছৰলৈকে প্ৰতিপালন কৰি তিনি বছৰৰ শেষত ৰজাৰ আগত থিয় কৰাব।
(দানিয়েল ১:৮) কিন্তু দানিয়েলে, ৰজাৰ উত্তম খাদ্যদ্ৰব্যেৰে আৰু তেওঁ পান কৰা দ্ৰাক্ষাৰসেৰে যেন নিজকে অশুচি কৰা নহয়, তাৰ নিমিত্তে বৰ চিন্তা কৰি আছিল; এই হেতুকে নিজকে যেন অশুচি কৰা নহয়, এনে অনুমতি পাবলৈ নপুংসকবিলাকৰ অধ্যক্ষৰ আগত তেওঁ নিবেদন কৰিলে।
it-২-E ৩৮২
মৈচক
সম্ভৱতঃ তিনিটা কাৰণৰ বাবে তেওঁলোকে ৰজা ঘৰৰপৰা আগবঢ়োৱা উত্তম আহাৰক “অশুচি” বুলি কৈছিল: (১) বাবিল দেশৰ লোকসকলে এনে জীৱ-জন্তুৰ মাংস ভক্ষণ কৰিছিল, যিবোৰ জীৱ-জন্তুক মোচিৰ নিয়ম অনুসৰি অশুচি বুলি বৰ্ণনা কৰা হৈছিল। (২) তেওঁলোকে জীৱ-জন্তুৰ শৰীৰৰপৰা তেজ ভালদৰে উলিয়াই পেলোৱা নাছিল আৰু হয়তো কিছুমান জীৱ-জন্তু তেওঁলোকে টেটু চেপি বধ কৰিছিল। (৩) যিহোৱা ঈশ্বৰক উপাসনা নকৰা লোকসকলে জীৱ-জন্তুৰ বলি দেৱতাৰ আগত দিছিল আৰু পাছত সেই জন্তুৰ মাংস তেওঁলোকে আহাৰ হিচাপে গ্ৰহণ কৰিছিল। সেইবাবে, এনে মাংস খোৱাটো কোনো দেৱতাক উপাসনা কৰা বুলি গণ্য কৰিছিল।—দানি ১:৮; ১কৰি ১০:১৮-২০, ২৮ লগত তুলনা কৰক।
(দানিয়েল ২:৪৪) আৰু সেই ৰজাবিলাকৰ কালত স্বৰ্গৰ ঈশ্বৰে এক ৰাজ্য স্থাপন কৰিব; সেয়ে কেতিয়াও বিনষ্ট নহব, আৰু সেই ৰাজ্যৰ ভাৰ আন জাতিৰ হাতত দিয়া নহব; কিন্তু সেয়ে সেই আটাই ৰাজ্য ভাঙি সংহাৰ কৰি নিজে চিৰকাললৈকে থাকিব।
w১২-E ৬/১৫ ১৭, বক্স
‘সেই আটাই ৰাজ্যত’ কোন জড়িত আছে?
দানিয়েল ২:৪৪ পদৰ ভৱিষ্যতবাণীয়ে বৰ্ণনা কৰিছে যে ঈশ্বৰৰ ৰাজ্যই “আটাই ৰাজ্য ভাঙি সংহাৰ কৰি নিজে চিৰকাললৈকে থাকিব।” এই ভৱিষ্যবাণীত কেৱল মূৰ্ত্তিটোৰ বেলেগ বেলেগ অংশক চিত্ৰিত কৰা ৰাজ্যবোৰৰ বিষয়ে বৰ্ণনা কৰা হৈছে।
তেনেহʼলে বাকী ৰাজ্য অৰ্থাৎ মানৱীয় চৰকাৰবোৰৰ বিষয়ে কি কʼব পাৰি? এই বিষয়ে প্ৰকাশিত বাক্য কিতাপৰপৰা আৰু বেছিকৈ জানিব পাৰি। ইয়াত বৰ্ণনা কৰা হৈছে যে ‘সেই মহা-দিনৰ যুদ্ধলৈ গোটেই জগতৰ ৰজা সকলে’ “সৰ্ব্বশক্তিমান ঈশ্বৰৰ” বিৰুদ্ধে থিয় দিব। (প্ৰকা. ১৬:১৪; ১৯:১৯-২১) গতিকে, আমি এই মীমাংসাত আহিব পাৰোঁ যে হৰমাগিদোনৰ যুদ্ধত কেৱল মূৰ্ত্তিটোক চিত্ৰিত কৰা ৰাজ্যবোৰৰ বিনাশ হʼব এনে নহয়, কিন্তু পৃথিৱীৰ সকলো মানৱীয় চৰকাৰৰ ধ্বংস হʼব।
w০১-E ১০/১৫ ৬ ¶৪
সুখী জগত কেনেকৈ সম্ভৱ হʼব
ইয়াৰ উত্তৰ দানিয়েল ২:৪৪ পদত পোৱা যায়: “সেই ৰজাবিলাকৰ [বৰ্তমান জগতৰ শেষ অৱস্থাত শাসন কৰা] কালত স্বৰ্গৰ ঈশ্বৰে এক ৰাজ্য স্থাপন কৰিব; সেয়ে কেতিয়াও বিনষ্ট নহব, আৰু সেই ৰাজ্যৰ ভাৰ আন জাতিৰ হাতত দিয়া নহব; কিন্তু সেয়ে [মানুহে বনোৱা] সেই আটাই ৰাজ্য ভাঙি সংহাৰ কৰি নিজে চিৰকাললৈকে থাকিব।” ঈশ্বৰৰ ৰাজ্যই মানৱ চৰকাৰক কিয় “সংহাৰ” কৰিব? কিয়নো এই চৰকাৰবোৰে ঈশ্বৰৰ পৰিৱৰ্তে নিজে শাসন কৰিবলৈ আঁকোৰগোজ মনোভাৱ দেখুৱায়। এনে মনোভাৱ চয়তানে এদন বাগিচাত দেখুৱাইছিল। চয়তানৰ এনে মনোবৃত্তি ৰখা লোকসকলে কেৱল আনৰ হানি কৰে এনে নহয়, কিন্তু তেওঁলোকে সৰ্ব্বশক্তিমান সৃষ্টিকৰ্ত্তাৰ বিৰুদ্ধে সংঘৰ্ষ কৰিবলৈ থিয় দিয়ে। (গীতমালা ২:৬-১২; প্ৰকাশিত বাক্য ১৬:১৪, ১৬) সেইবাবে, আমি নিজকে সোধা অতি প্ৰয়োজন যে ‘মই যিহোৱা ঈশ্বৰৰ শাসনক সমৰ্থন কৰোঁ, নে ইয়াৰ বিৰোধ কৰোঁ?’
বাইবেল পাঠ
(দানিয়েল ২:৩১-৪৩) হে মহাৰাজ, আপুনি চাই এটা বৃহৎ মূৰ্ত্তি দেখিছিল; সেই মূৰ্ত্তি বৰ ডাঙৰ আৰু অতিশয় উজ্বল; সেয়ে আপোনাৰ আগত থিয় হৈছিল, আৰু দেখিবলৈ ভয়ানক আছিল। ৩২ সেই মূৰ্ত্তিটোৰ মূৰ শুদ্ধ সোণৰ, বুকু আৰু বাহু ৰূপৰ, পেট আৰু কৰঙন পিতলৰ, ৩৩ ভৰি লোহাৰ, আৰু ভৰিৰ পতা কিছু লোহা আৰু কিছু মাটিৰ আছিল। ৩৪ আপুনি চাই থাকোঁতেই শেষত এটা শিল বিনাহাতে কাটি উলিওৱা হল, আৰু সেই শিলে মূৰ্ত্তিটোৰ ভৰিৰ লোহা আৰু মাটিৰ পতা দুখনত খুন্দা মাৰি তাক গুড়ি কৰিলে। ৩৫ তাতে সেই লোহা, মাটি, পিতল, ৰূপ, আৰু সোণ একেবাৰে গুড়ি হৈ ঘামকালৰ মৰণা মৰা খলাৰ ঘুলাৰ নিচিনা হল; আৰু বতাহে সেইবোৰ এনেকৈ উড়ুৱাই লৈ গল, যে, কʼতো সেইবোৰৰ উদ্দেশ পোৱা নগল; কিন্তু যি শিল্টোৱে মূৰ্ত্তিটোক খুন্দা মাৰিছিল, সেয়ে বৃহৎ পৰ্ব্বত হৈ গোটেই পৃথিবী জুৰিলে। সপোন্টো এয়ে। ৩৬ এতিয়া আমি মহাৰাজৰ আগত ফলিতা কওঁ। ৩৭ হে মহাৰাজ, আপুনি ৰাজাধিৰাজ; স্বৰ্গৰ ঈশ্বৰে আপোনাক ৰাজ্য, ঐশ্বৰ্য্য, পৰাক্ৰম, আৰু সন্মান দিলে; ৩৮ আৰু যি যি ঠাইত মনুষ্যৰ সন্তানবিলাক, হাবিৰ জন্তুবোৰ, আৰু আকাশৰ পক্ষীবোৰে বাস কৰে, সেই সেই ঠাইত তেওঁ সেইবোৰক আপোনাৰ হাতত সমৰ্পণ কৰিলে, আৰু সকলোৰে ওপৰত আপোনাক অধিপতি পাতিলে। আপুনিয়েই সেই সোণৰ মূৰ। ৩৯ আপোনাৰ পাছত আপোনাতকৈ নৰম আন এক ৰাজ্য উঠিব, তাৰ পাছত পিতলৰূপ আন এক তৃতীয় ৰাজ্য উঠিব, সেয়ে গোটেই পৃথিবীৰ ওপৰত শাসন কৰিব। ৪০ আৰু চতুৰ্থ ৰাজ্য লোহাৰ দৰে দৃঢ় হব; লোহাই যেনেকৈ সকলো বস্তু ডোখৰ ডোখৰ কৰি গুড়ি কৰে, সকলোকে ভাঙোতা লোহাৰ দৰে, ঠিক সেইদৰে এই ৰাজ্যই সেই সকলোকে ভাঙি গুড়ি কৰিব। ৪১ আৰু আপুনি দেখিছিল, ভৰিৰ পতা আৰু ভৰিৰ আঙুলিবোৰ কিছু কুমাৰ-মাটিৰ আৰু কিছু লোহাৰ; তাৰ দ্বাৰাই জানিব লাগে, যে, চতুৰ্থ ৰাজ্য বিভক্ত হব; কিন্তু সেই ৰাজ্যত লোহাৰ শক্তি থাকিব, কিয়নো আপুনি কুমাৰ-মাটি মিহলি থকা লোহা দেখিছিল। ৪২ আৰু ভৰিৰ আঙুলিবোৰ যে কিছু লোহাৰ আৰু কিছু মাটিৰ আছিল, তাৰ দ্বাৰাই জানিব লাগে, যে, ৰাজ্য এভাগ দৃঢ়, আৰু এভাগ সহজে ভাঙি পৰা হব। ৪৩ আৰু আপুনি যে কুমাৰ-মাটিৰে মিহলি হোৱা লোহা দেখিছিল, তাৰ দ্বাৰাই জানিব লাগে, যে, সেই ৰাজ্যৰ লোকবিলাকৰ মাজত পৰস্পৰৰ বিবাহৰ সম্বন্ধ থাকিব; কিন্তু যেনেকৈ লোহা মাটিৰ লগত লাগি নাথাকে, তেনেকৈ তেওঁবিলাক পৰস্পৰে লাগি নাথাকিব।
ছেপ্টেম্বৰ ২৫–অক্টোবৰ ১
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | দানিয়েল ৪-৬
“আপুনি একেৰাহে যিহোৱাৰ সেৱা কৰি আছেনে?”
(দানিয়েল ৬:৭-১০) হে মহাৰাজ, ৰাজ্যৰ প্ৰধান বিষয়া, প্ৰতিনিধি, ক্ষিতিপাল, ৰাজমন্ত্ৰী, আৰু দেশাধ্যক্ষবিলাকে মন্ত্ৰণা কৰি; এই ৰাজাজ্ঞা স্থাপন কৰা আৰু দৃঢ় নিষেধ কৰা উচিত দেখিছে, যে, যি কোনো মানুহে ত্ৰিশ দিনৰ ভিতৰত, হে মহাৰাজ, আপোনাৰ বাহিৰে আন কোনো দেৱতা বা মানুহৰ আগত প্ৰাৰ্থনা কৰিব, তাক সিংহৰ গাঁতত পেলোৱা যাব। ৮ এতিয়া মহাৰাজে এই নিষেধ-আজ্ঞা স্থাপন কৰক, আৰু মাদীয়া ও পাৰসীকবিলাকৰ অলৰ ব্যৱস্থা অনুসাৰে সলনি কৰিব নোৱাৰাকৈ এই লিখা পত্ৰত চহি দিয়ক। ৯ এতেকে দাৰিয়াবচ ৰজাই, সেই লিখা আজ্ঞা আৰু নিষেধ-পত্ৰত চহি দিলে। ১০ পত্ৰখনত চহি দিয়া কথা দানিয়েলে জানি নিজৰ ঘৰলৈ গল; (সেই সময়ত তেওঁৰ ওপৰ-কোঁঠালিৰ যি খিড়িকী দুৱাৰবোৰ যিৰূচালেমৰ ফালে আছিল, সেইবোৰ মেলা আছিল) আৰু তেওঁ আগেয়ে কৰা নিচিনাকৈ দিনটোৰ ভিতৰত তিনিবাৰ আঁঠু পাৰি নিজ ঈশ্বৰৰ আগত প্ৰাৰ্থনা আৰু তেওঁৰ স্তুতিগান কৰিলে।
w১০-E ১১/১৫ ৬ ¶১৬
কিশোৰ-কিশোৰীসকল—ঈশ্বৰৰ বাক্যৰ অনুসৰি চলক
আপুনি অকলে থকাৰ সময়তো কিয় যিহোৱা ঈশ্বৰৰ আজ্ঞা পালন কৰা উচিত? মনত ৰাখক: আপুনি অকলে থকাৰ সময়ত যি কৰে, তাৰ যোগেদি যিহোৱা ঈশ্বৰক আঘাত দিব পাৰে বা তেওঁক আনন্দিত কৰিব পাৰে। (আদি. ৬:৫, ৬; হিতো. ২৭:১১) যিহোৱা ঈশ্বৰে আপোনাৰ বিষয়ে “চিন্তা কৰে।” সেইবাবে আপুনি যি কৰে, তাৰ প্ৰভাৱ যিহোৱা ঈশ্বৰৰ ওপৰতো পৰে। (১ পিত. ৫:৭) আপুনি যিহোৱা ঈশ্বৰৰ বাক্য শুনি, তাৰপৰা উপকৃত হোৱাটো তেওঁ বিচাৰে। (যিচ. ৪৮:১৭, ১৮) প্ৰাচীন ইস্ৰায়েলৰ কিছুমান লোকে যেতিয়া তেওঁৰ বাক্য শুনা নাছিল, তেতিয়া তেওঁলোকে যিহোৱা ঈশ্বৰৰ মনত আঘাত দিছিল। (গীত. ৭৮:৪০, ৪১) আনহাতে, দানিয়েলৰ প্ৰতি যিহোৱা ঈশ্বৰৰ গভীৰ প্ৰেম আছিল আৰু এজন স্বৰ্গদূতে তেওঁক “হে প্ৰিয় পুৰুষ” বুলি সম্বোধন কৰিছিল। (দানি. ১০:১১) কিয় বাৰু? কিয়নো দানিয়েলে কেৱল লোকসকলৰ আগত ঈশ্বৰৰ বিশ্বাসী হৈ আছিল এনে নহয়, কিন্তু তেওঁ অকলে থকাৰ সময়তো যিহোৱা ঈশ্বৰৰ বিশ্বাসী হৈ আছিল।—দানিয়েল ৬:১০ পঢ়ক।
w০৬-E ১১/১ ২৪ ¶১২
আপুনি পবিত্ৰ বস্তুবোৰৰ প্ৰতি যিহোৱাৰ দৃষ্টিভংগী ৰাখেনে?
এইটো কোনো আচৰিত কথা নহয় যে খ্ৰীষ্টান মণ্ডলীত থকা অভিষিক্তজনা আৰু তেওঁলোকৰ সংগীসকলৰ জীৱনৰ লগত জড়িত থকা বহুতো বিষয় পবিত্ৰ বুলি গণ্য কৰা হয়। যিহোৱা ঈশ্বৰৰ লগত থকা আমাৰ সম্পৰ্কও পবিত্ৰ বুলি গণ্য কৰা হয়। (১ বংশাৱলি ২৮:৯; গীতমালা ৩৬:৭) এই সম্পৰ্ক ইমানেই মূল্যৱান যে আমি কোনো বস্তু বা মানুহক যিহোৱা আৰু আমাৰ মাজত আহিবলৈ সুযোগ দিয়া উচিত নহয়। (২ বংশাৱলি ১৫:২; যাকোব ৪:৭, ৮) যিহোৱা ঈশ্বৰৰ লগত সম্পৰ্ক বজাই ৰখাত প্ৰাৰ্থনাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ভৱিষ্যতবক্তা দানিয়েলে প্ৰতিদিনে যিহোৱা ঈশ্বৰলৈ প্ৰাৰ্থনা কৰিছিল। তেওঁৰ বাবে প্ৰাৰ্থনা ইমানেই পবিত্ৰ আছিল যে নিজৰ জীৱন বিপদত পেলায়ো তেওঁ এনে কৰিবলৈ এৰি দিয়া নাছিল। (দানিয়েল ৬:৭-১১) ‘পবিত্ৰ লোকবিলাকৰ [বা অভিষিক্ত খ্ৰীষ্টানসকলৰ] প্ৰাৰ্থনা’ মন্দিৰত উপাসনাৰ বাবে ব্যৱহাৰ কৰা সুগন্ধি ধূপৰ লগত তুলনা কৰা হৈছে। (প্ৰকাশিত বাক্য ৫:৮; ৮:৩, ৪; লেবীয়া পুস্তক ১৬:১২, ১৩) এই তুলনাই দেখুৱাই যে প্ৰাৰ্থনা কিমান মূল্যৱান। গোটেই বিশ্বৰ সৃষ্টিকৰ্ত্তা, সৰ্ব্বশক্তিমান ঈশ্বৰৰ লগত কথা-বতৰা হোৱাটো আমাৰ বাবে কি যে এক সন্মানৰ বিষয়! সেইবাবে, আমি আমাৰ জীৱনত প্ৰাৰ্থনাক পবিত্ৰ বিষয় বুলি গণ্য কৰোঁ।
(দানিয়েল ৬:১৬) তেতিয়া ৰজাৰ আজ্ঞাৰে দানিয়েলক নি সিংহৰ গাঁতত পেলোৱা হল। ৰজাই দানিয়েলক কলে, তুমি সদায় যি জনাৰ সেৱা কৰা, তোমাৰ সেই ঈশ্বৰে তোমাক ৰক্ষা কৰিব।
(দানিয়েল ৬:২০) তেওঁ গাঁতলৈ গৈ দানিয়েলৰ ওচৰ পালত শোক-ধ্বনিৰে দানিয়েলক মাতিলে; ৰজাই দানিয়েলক কলে, হে জীৱন্ত ঈশ্বৰৰ দাস দানিয়েল, তুমি সদায় যি জনাৰ সেৱা কৰা, তোমাৰ সেই ঈশ্বৰে সিংহবোৰৰ পৰা তোমাক ৰক্ষা কৰিব পাৰিলে নে?
w০৩-E ৯/১৫ ১৫ ¶২
“নিৰন্তৰে” কিয় প্ৰাৰ্থনা কৰা উচিত?
যিহোৱা ঈশ্বৰৰ দৃষ্টিত দানিয়েল কেনে ব্যক্তি আছিল? যেতিয়া স্বৰ্গদূত গাব্ৰিয়েলে দানিয়েলে কৰা এটা প্ৰাৰ্থনাৰ উত্তৰ দিবলৈ আহিছিল, তেতিয়া তেওঁ দানিয়েলক “হে প্ৰিয় পুৰুষ” বুলি সম্বোধন কৰিছিল। (দানিয়েল ৯:২০-২৩) যিহিষ্কেলৰ ভৱিষ্যতবাণীত যিহোৱা ঈশ্বৰে দানিয়েলক ধাৰ্ম্মিক ব্যক্তি বুলি উল্লেখ কৰিছে। (যিহিষ্কেল ১৪:১৪, ২০) দানিয়েলে বছৰ বছৰ ধৰি যিহোৱা ঈশ্বৰলৈ প্ৰাৰ্থনা কৰাৰ বাবে, তেওঁৰ আৰু যিহোৱাৰ লগত থকা সম্পৰ্ক দৃঢ় হৈ পৰিছিল। আনকি ৰজা দাৰিয়াবচেও দানিয়েল আৰু যিহোৱা ঈশ্বৰৰ মাজত থকা মধুৰ সম্পৰ্কৰ বিষয়ে স্বীকাৰ কৰিছিল।—দানিয়েল ৬:১৬.
(দানিয়েল ৬:২২, ২৩) মোৰ ঈশ্বৰে তেওঁৰ দূত পঠাই সিংহবোৰৰ মুখ বন্ধ কৰিলে, আৰু সিহঁতে মোক দুখ দিয়া নাই; কিয়নো তেওঁ মোক নিৰ্দ্দোষী পালে; আৰু হে মহাৰাজ, আপোনাৰ সাক্ষাতেও মই কোনো দোষ কৰা নাই। ২৩ তেতিয়া ৰজাই অতিশয় আনন্দিত হৈ দানিয়েলক গাঁতৰ পৰা তুলিবলৈ আজ্ঞা কৰিলে। তাতে, দানিয়েলক গাতৰ পৰা তোলা হলত, তেওঁৰ গাত কোনো প্ৰকাৰ দুখ পোৱাৰ চিন দেখা নগল; কাৰণ নিজ ঈশ্বৰত তেওঁৰ বিশ্বাস আছিল।
w১০-E ২/১৫ ১৮ ¶১৫
“আত্মা আৰু কন্যাই কয়, আহাঁ!”
দানিয়েলে গোটেই ৰাতি সিংহৰ গাঁতত আছিল। ৰাতিপুৱা হোৱাৰ লগে লগে ৰজা নিজেই গাঁতৰ ওচৰলৈ গৈ দানিয়েলক চিঞৰি মাতিছিল: “হে জীৱন্ত ঈশ্বৰৰ দাস দানিয়েল, তুমি সদায় যি জনাৰ সেৱা কৰা, তোমাৰ সেই ঈশ্বৰে সিংহবোৰৰ পৰা তোমাক ৰক্ষা কৰিব পাৰিলে নে?” দানিয়েলে লগে লগে উত্তৰ দিয়ে: “মহাৰাজ চিৰজীবী হওক। মোৰ ঈশ্বৰে তেওঁৰ দূত পঠাই সিংহবোৰৰ মুখ বন্ধ কৰিলে, আৰু সিহঁতে মোক দুখ দিয়া নাই; কিয়নো তেওঁ মোক নিৰ্দ্দোষী পালে; আৰু হে মহাৰাজ, আপোনাৰ সাক্ষাতেও মই কোনো দোষ কৰা নাই।” দানিয়েলে “সদায়” সেৱা কৰাৰ বাবে যিহোৱা ঈশ্বৰে তেওঁক আশীৰ্ব্বাদ কৰিছিল।—দানি. ৬:১৯-২২.
আধ্যাত্মিক ৰত্ন বিচাৰক
(দানিয়েল ৪:১০, ১১) শয়ন কৰা সময়ত মোৰ মানসিক দৰ্শন এই, মই চাই দেখিলো, যে পৃথিবীৰ মাজত এজোপা গছ উৎপন্ন হল, সি অতিশয় ওখ। ১১ সেই গছ বাঢ়ি অতি শকত হল, আৰু ওখই আকাশ ঢুকি পোৱা হল, আৰু পৃথিবীৰ অন্তৰ পৰা দেখা গল।
(দানিয়েল ৪:২০-২২) আপুনি দেখা যি গছ বাঢ়ি শকত হল, ওখই আকাশ ঢুকি পোৱা হল, আৰু পৃথিবীৰ সকলো ঠাইৰ পৰা তাক দেখা গল, ২১ যাৰ পাত সুন্দৰ আৰু যাৰ গুটি অধিক আছিল, যিহত সকলোৰে নিমিত্তে খোৱা বস্তু আছিল, যাৰ তলত বনৰীয়া জন্তুবোৰ বাস কৰিছিল, আৰু যাৰ ডালবোৰত আকাশৰ পক্ষীবোৰে বাহ লৈছিল, হে মহাৰাজ, সেই গছজোপা আপুনিয়েই। ২২ আপুনি বাঢ়ি বলৱান হৈছে, কিয়নো আপোনাৰ মহিমা বাঢ়ি আকাশ ঢুকি পোৱা হল; আৰু আপোনাৰ ৰাজত্ব পৃথিবীৰ অন্তলৈকে হল।
w০৭-E ৯/১ ১৮ ¶৫
দানিয়েল কিতাপৰপৰা সাৰাংশ
৪:১০, ১১, ২০-২২—নবূখদ্নেচৰে সপোনত দেখা অতিশয় ওখ আৰু শকত গছজোপাই কি চিত্ৰিত কৰে? এই অতিশয় ওখ আৰু শকত গছজোপাই প্ৰথমতে নবূখদ্নেচৰৰ শাসনক চিত্ৰিত কৰিছিল। কিন্তু সেই শাসন “পৃথিবীৰ অন্তলৈকে” বিস্তৃত আছিল। সেইবাবে, গছজোপাই এক মহান শাসনকো চিত্ৰিত কৰে। দানিয়েল ৪:১৭ পদে দেখুৱাই যে মানুহৰ ওপৰত ‘সৰ্ব্বোপৰিজনাৰ’ শাসনৰ লগত এই সপোনটো ওতপ্ৰোতভাৱে জড়িত আছে। সেইবাবে এই গছজোপাই বিশেষকৈ পৃথিৱীৰ ওপৰত সৰ্ব্বোপৰিজনাৰ শাসনক চিত্ৰিত কৰে। গতিকে, কʼব পাৰি যে সপোনত দেখা অতিশয় ওখ আৰু শকত গছজোপাই দুজন ব্যক্তিৰ শাসনক চিত্ৰিত কৰে—এটা হৈছে নবূখদ্নেচৰৰ শাসন আৰু আনটো হৈছে যিহোৱা ঈশ্বৰৰ শাসন।
(দানিয়েল ৫:১৭) তেতিয়া দানিয়েলে ৰজাৰ আগত উত্তৰ দি কলে, আপোনাৰ বঁটা আপোনালৈ থাকক, আৰু আপোনাৰ পুৰস্কাৰ অন্যক দিয়ক, তথাপি মই মহাৰাজৰ আগত এই লিখা কথা পাঠ কৰিম, আৰু ইয়াৰ অৰ্থ মহাৰাজক বুজাম।
(দানিয়েল ৫:২৯) তেতিয়া বেল্চচৰৰ আজ্ঞাত, দানিয়েলক বেঙেনা বৰণীয়া বস্ত্ৰ পিন্ধোৱা হল, তেওঁৰ ডিঙিত সোণৰ হাৰ দিয়া হল, আৰু তেওঁ যে ৰাজ্যৰ তৃতীয় শ্ৰেণীৰ বিষয়া হব, তাক ঘোষণা কৰা হল।
w৮৮-E ১০/১ ৩০ ¶৩-৫
পাঠকসকলৰ প্ৰশ্ন
যেতিয়া দানিয়েল নামৰ এজন ইব্ৰী ডেকাক ৰজাৰ ওচৰলৈ অনা হৈছিল, তেতিয়া ৰজাই আগবঢ়োৱা পুৰস্কাৰৰ বিষয়ে পুনৰ দুহাৰি এইদৰে কয় যে তেওঁক বেঙেনা বৰণীয়া পোছাক পৰিধান কৰা হʼব, ডিঙিত সোণৰ হাৰ পিন্ধোৱা হʼব আৰু ৰাজ্যৰ তৃতীয় শ্ৰেণীৰ বিষয়া পতা হʼব। ভৱিষ্যতবক্তা দানিয়েলে ৰজাক সন্মানেৰে এইদৰে উত্তৰ দিয়ে: “আপোনাৰ বঁটা আপোনালৈ থাকক, আৰু আপোনাৰ পুৰস্কাৰ অন্যক দিয়ক, তথাপি মই মহাৰাজৰ আগত এই লিখা কথা পাঠ কৰিম, আৰু ইয়াৰ অৰ্থ মহাৰাজক বুজাম।”—দানিয়েল ৫:১৭.
সপোনৰ ভাঙনি কৰিবলৈ দানিয়েলক কোনো মূল্য বা ভেটি লোৱাৰ প্ৰয়োজন নাছিল। ৰজাই নিজৰ উপহাৰ নিজৰ ওচৰতে ৰাখিব পাৰিলেহেঁতেন বা আনক দিব পাৰিলেহেঁতেন। দানিয়েলে কোনো উপহাৰ পোৱাৰ বাবে সপোনৰ ভাঙনি কৰিব এনে নহয়, কিন্তু যিহোৱা ঈশ্বৰে এনে কৰিবলৈ শক্তি দিয়াৰ বাবেহে তেওঁ এইদৰে কৰিব। যিহোৱা ঈশ্বৰে অতি সোনকালে বাবিল নগৰৰ ওপৰত দণ্ড আনিবলৈ থিৰাং কৰিছে।
দানিয়েল ৫:২৯ পদত বৰ্ণনা কৰা হৈছে যে দানিয়েলে শব্দবোৰ পঢ়ে আৰু তাৰ অৰ্থ ভাঙনি কৰে। তেতিয়া ৰজাই দানিয়েলক উপহাৰ দিবলৈ আজ্ঞা কৰে। দানিয়েলে নিজেই সেই পোছাক পৰিধান নকৰে আৰু সোণৰ হাৰডালো নিপিন্ধে। এই সকলোবোৰ ৰজা বেল্চচৰৰ আদেশত দানিয়েলক পিন্ধোৱা হয়। কিন্তু এই কথা দানিয়েল ৫:১৭ পদৰ বৰ্ণনাৰ লগত কোনো বিৰোধ নহয়। কিয়নো দানিয়েলে স্পষ্ট কৰি দিছিল যে সপোন ভাঙনি কৰাৰ আঁৰত তেওঁৰ কোনো স্বাৰ্থ জড়িত নাই।
dp-E ১০৯ ¶২২
চাৰিটা শব্দই জগতৰ পৰিৱৰ্তন আনে
এইদৰে চাৰিটা শব্দৰ ৰহস্য প্ৰকাশ কৰা হʼল। শক্তিশালী বাবিল, মাদিয়া-পাৰস্যৰ সৈন্য-বাহিনীৰ হাতত পৰাজয় হʼবলগীয়া আছিল। এই বিষয়ে শুনি ৰজা বেল্চচৰে হয়তো আচৰিত হৈছিল, কিন্তু তেওঁ নিজৰ প্ৰতিজ্ঞা পূৰ কৰিছিল। দানিয়েলক বেঙেনা বৰণীয়া পোছাক পৰিধান কৰাবলৈ, ডিঙিত সোণৰ হাৰ পিন্ধাবলৈ আৰু ৰাজ্যৰ তৃতীয় শ্ৰেণীৰ বিষয়াৰ বাবে ঘোষণা কৰিবলৈ, ৰজাই নিজৰ সেৱকসকলক আদেশ দিছিল। (দানিয়েল ৫:২৯) দানিয়েলে এইবোৰ গ্ৰহণ কৰাৰ বাবে অস্বীকাৰ নকৰিলে। কিয়নো তেওঁ জানিছিল যে যি সন্মান তেওঁক দিয়া হৈছে, তাৰপৰা যিহোৱা ঈশ্বৰৰ নাম গৌৰৱান্বিত হʼব। বেল্চচৰে হয়তো ভাবিছিল যে যিহোৱা ঈশ্বৰৰ ভৱিষ্যতবক্তাক এইদৰে সন্মান কৰাৰ বাবে হয়তো যিহোৱা ঈশ্বৰৰ ক্ৰোধ ক্ষান্ত হʼব। যদি ৰজাৰ মনলৈ এনে ভাব আহিছিল, কিন্তু তেতিয়ালৈকে বহু পলম হৈ গৈছিল।
বাইবেল পাঠ
(দানিয়েল ৪:২৯-৩৭) বাৰ মাহৰ শেষত বাবিলৰ ৰাজগৃহৰ চালত তেওঁ অহা-যোৱা কৰিছিল, এনে সময়ত ৰজাই মাত লগাই কলে, ৩০ মই মোৰ বলৰ প্ৰভাৱত, আৰু মোৰ ৰাজশ্ৰীৰ দ্বাৰাই সন্মান পাবৰ অৰ্থে ৰাজধানীৰ নিমিত্তে সজা এইখন জানো মহাবাবিল নহয়? ৩১ ৰজাই এই কথা কৈ থাকোঁতেই, এই আকাশীবাণী হল, যে নবূখদ্নেচৰ ৰজা, তোমাৰ বিষয়ে আজ্ঞা দিয়া হল; তোমাৰ পৰা তোমাৰ ৰাজত্ব গল। ৩২ মনুষ্যবিলাকৰ ৰাজ্যত যে সৰ্ব্বোপৰিজনাই শাসন কৰে, আৰু যাকে তাক দিবলৈ ইচ্ছা কৰে, তাকে তাক দিয়ে, তুমি ইয়াক নজনালৈকে মনুষ্যসমাজৰ পৰা দূৰীকৃত হৈ পথাৰৰ পশুবোৰৰ লগত বাস কৰিবা, গৰুৰ নিচিনাকৈ তোমাক ঘাঁহ খুউৱা হব, আৰু তোমাৰ ওপৰত সাত কাল যাব। ৩৩ সেই মুহূৰ্ত্ততে নবূখদ্নেচৰত সেই কথা ফলিয়ালে; তেওঁ মনুষ্যসমাজৰ পৰা দূৰীকৃত হৈ গৰুৰ নিচিনাকৈ ঘাঁহ খালে, আৰু তেওঁৰ শৰীৰ আকাশৰ নিয়ৰত তিতিল; এই অৱস্থাত থাকোঁতে তেওঁৰ নোম কুৰৰ পক্ষীৰ পাখিৰ নিচিনাকৈ, আৰু তেওঁৰ নখ চৰাইৰ নখৰ নিচিনাকৈ বাঢ়িল। ৩৪ পাছে সেই কালৰ শেষত মই নবূখদ্নেচৰে স্বৰ্গলৈ দৃষ্টি কৰিলত, মোৰ জ্ঞান মোলৈ উলটি আহিল; তাতে মই সৰ্ব্বোপৰিজনাৰ ধন্যবাদ কৰিলোঁ; আৰু অনন্ত কাললৈকে জীয়াই থকা জনাৰ প্ৰশংসা আৰু তেওঁৰ সমাদৰ কৰিলোঁ; কিয়নো তেওঁ ৰাজশাসন চিৰকলীয়া ৰাজশাসন, আৰু তেওঁৰ ৰাজ্য পুৰুষানুক্ৰমে থাকে। ৩৫ আৰু তেওঁৰ সাক্ষাতে আটাই পৃথিবী-নিবাসী একো নোহোৱাৰ নিচিনা গণিত হৈছে; তেওঁ স্বৰ্গৰ বাহিনীবিলাকৰ আৰু পৃথিবী-নিবাসীবিলাকৰ মাজত নিজ ইচ্ছা অনুসাৰে কাৰ্য্য কৰে; তেওঁৰ হাত ৰাখিব পৰা, নাইবা, তুমি কি কৰিছা বুলি তেওঁক কব পৰা কোনো নাই। ৩৬ সেই সময়তে মোৰ জ্ঞান মোলৈ উলটি আহিল, আৰু মোৰ ৰাজ্যৰ গৌৰৱৰ অৰ্থে মোৰ ৰাজশ্ৰী আৰু মোৰ শোভা মোলৈ ঘূৰি আহিল; মোৰ মন্ত্ৰী আৰু মহৎ লোকবিলাকে মোৰ লগত সাক্ষাৎ কৰিবলৈ বিচাৰিলে; মই মোৰ ৰাজ্যত পুনৰায় স্থাপিত হলোঁ, আৰু মোৰ মহিমা অতিশয় অধিকৰূপে বাঢ়িল। ৩৭ এতিয়া মই নবূখদ্নেচৰে সেই স্বৰ্গৰ ৰজাৰ প্ৰশংসা, গুণ-কীৰ্ত্তন আৰু তেওঁক সমাদৰ কৰিছোঁ; কিয়নো তেওঁৰ সকলো কাৰ্য্য সত্য, আৰু তেওঁৰ পথবোৰ ন্যায়, আৰু গৰ্ব্ব-আচৰণ কৰোঁতাবোৰক খৰ্ব্ব কৰিবলৈ তেওঁৰ ক্ষমতা আছে।