অক্টোবৰ—জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা
অক্টোবৰ ২-৮
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | দানিয়েল ৭-৯
“মচীহৰ উপস্থিতিৰ বিষয়ে দানিয়েলে কৰা ভৱিষ্যতবাণী”
(দানিয়েল ৯:২৪) অধৰ্ম্ম শেষ কৰিবলৈ, পাপ অন্ত কৰিবলৈ, অপৰাধ মোচন কৰিবলৈ, চিৰকলীয়া ধাৰ্ম্মিকতা উপস্থিত কৰিবলৈ, দৰ্শন আৰু ভাববাণী মোহৰ মাৰিবলৈ, আৰু মহাপবিত্ৰস্থান অভিষেক কৰিবলৈ তোমাৰ জাতিৰ আৰু তোমাৰ পবিত্ৰ নগৰৰ নিমিত্তে সত্তৰ সপ্তাহ নিৰূপিত হল।
it-২-E ৯০২ ¶২
সত্তৰ সপ্তাহ
অপৰাধ আৰু পাপ মোচন কৰা হয়। যীচুক মৃত্যুৰ যোগেদি উচ্ছন্ন কৰা হৈছিল। পুনৰুত্থানৰ পাছত তেওঁ স্বৰ্গত উপস্থিত হৈছিল আৰু ইয়াৰ ফলত, ‘পাপ অন্ত কৰিবলৈ, অপৰাধ মোচন কৰিবলৈ’ আৰু পাপৰ প্ৰায়শ্চিত্ত কৰিবলৈ সক্ষম হৈছিল। (দানি ৯:২৪) মোচিৰ নিয়ম ব্যৱস্থাৰ যোগেদি যিহুদীসকল যে পাপী হয়, সেয়া উদঙাই দিয়া হৈছিল, তেওঁলোকক দোষী সাব্যস্ত কৰা হৈছিল আৰু নিয়ম উলংঘন কৰাৰ বাবে তেওঁলোক অভিশপ্ত হৈছিল। মোচিৰ ব্যৱস্থাৰ দ্বাৰা প্ৰকাশ পায় যে মানৱজাতিৰ ওপৰত পাপে “ৰাজত্ব” কৰে, কিন্তু খ্ৰীষ্টৰ যোগেদি ঈশ্বৰৰ দয়া আৰু অনুগ্ৰহ প্ৰকাশ পায়। (ৰোম ৫:২০) মচীহৰ বলিদানৰ যোগেদি অনুতাপ কৰা লোকসকলৰ পাপ ক্ষমা কৰা হয় আৰু তেওঁলোকক শাস্তিৰপৰা ৰেহাই দিয়া হয়।
(দানিয়েল ৯:২৫) এই হেতুকে তুমি ইয়াক জ্ঞাত হোৱা আৰু বুজি লোৱা, যে, যিৰূচালেমক পুনঃস্থাপন আৰু নিৰ্ম্মাণ কৰিবৰ আজ্ঞা প্ৰকাশিত হোৱাৰে পৰা, এজন অভিষিক্ত অধিপতিলৈ সাত সপ্তাহ; আৰু বাষষ্টি সপ্তাহত সঙ্কটৰ কালতো তাৰ চক আৰু খাৱৈয়ে সৈতে তাক পুনৰায় নিৰ্ম্মাণ কৰা হব।
it-২-E ৯০০ ¶৭
সত্তৰ সপ্তাহ
ঊনসত্তৰ সপ্তাহৰ পাছত মচীহ উপস্থিত হয়। ‘বাষষ্টি সপ্তাহ’ (দানি ৯:২৫) সত্তৰ সপ্তাহৰে এক ভাগ হয় আৰু ইয়াৰ বিষয়ে শাস্ত্ৰপদত সাত সপ্তাহৰ পাছত উল্লেখ কৰা হৈছে। বাষষ্টি সপ্তাহৰ আৰম্ভণি “সাত সপ্তাহ” শেষ হোৱাৰ পাছত হয়। ইয়াৰ অৰ্থ হৈছে যিৰূচালেমক পুনঃস্থাপন কৰিবলৈ ‘আজ্ঞা প্ৰকাশিত হোৱাৰে পৰা, এজন অভিষিক্ত অধিপতি’ অহালৈকে, সাত আৰু ‘বাষষ্টি সপ্তাহ’ অতিবাহিত হʼব, অৰ্থাৎ মুঠ ঊনসত্তৰ সপ্তাহ হʼব। এই ঊনসত্তৰ সপ্তাহ খ্ৰীষ্টপূৰ্ব ৪৫৫ আৰম্ভ হয় আৰু ২৯ খ্ৰীষ্টাব্দত সমাপ্ত হয়। ইয়াৰ মাজৰ সময়ছোৱা আছিল ৪৮৩ বছৰ। ওপৰত উল্লেখ কৰাৰ দৰে ২৯ খ্ৰীষ্টাব্দৰ শৰৎ কালত যীচু খ্ৰীষ্টই পানীত বাপ্তিষ্মা লয়, পবিত্ৰ আত্মাৰ যোগেদি তেওঁক অভিষিক্ত কৰা হয় আৰু “এজন অভিষিক্ত” হিচাপে তেওঁ সেৱা কাৰ্য্য আৰম্ভ কৰে।—লূক ৩:১, ২, ২১, ২২.
(দানিয়েল ৯:২৬, ২৭ক) সেই বাষষ্টি সপ্তাহৰ শেষত এজন অভিষিক্ত লোকক উচ্ছন্ন কৰা হব, আৰু তেওঁৰ সম্বন্ধীয়া কোনো নাথাকিব; আৰু আহিব লগা অধিপতিৰ প্ৰজাবিলাকে নগৰখন আৰু ধৰ্ম্মধাম বিনষ্ট কৰিব; জলপ্লাবনৰ দ্বাৰাই সেই জনৰ শেষ হব, আৰু শেষলৈকে ৰণ হব; ধ্বংস নিৰূপিত হৈছে। ২৭ এক সপ্তাহলৈকে সেইজনে অনেকৰ লগত এটি দৃঢ় নিয়ম কৰিব, আৰু সেই সপ্তাহৰ আধা কালত বলিদান আৰু নৈবেদ্য স্থগিত কৰিব।
it-২-E ৯০১ ¶২
সত্তৰ সপ্তাহ
সপ্তাহৰ আধা কালত “উচ্ছন্ন কৰা” হয়। গাব্ৰিয়েলে দানিয়েলক আগলৈ এইদৰে কৈছিল: “বাষষ্টি সপ্তাহৰ শেষত এজন অভিষিক্ত লোকক উচ্ছন্ন কৰা হব, আৰু তেওঁৰ সম্বন্ধীয়া কোনো নাথাকিব।” (দানি ৯:২৬) এই ঘটনা ‘সাত আৰু বাষষ্টি সপ্তাহ’ শেষ হোৱাৰ কিছু সময়ৰ পাছত ঘটিছিল। প্ৰকৃততে, চাৰে তিনি বছৰৰ পাছত যীচুক উচ্ছন্ন কৰা হৈছিল অৰ্থাৎ মানৱজাতিৰ বাবে তেওঁ মুক্তিপণৰূপী বলিদানেৰে যাতনা-স্তম্ভত মৃত্যুবৰণ কৰিছিল। (যিচ ৫৩:৮) বাইবেলত লিখিত থকা ঘটনাবোৰে প্ৰমাণ কৰে যে আৰম্ভণিৰ আধা ‘সপ্তাহ’ যীচুৱে ঘোষণা কাৰ্য্যত অতিবাহিত কৰিছিল। এবাৰ যীচুৱে এজোপা ডিমৰু গছৰ উদাহৰণ দিছিল আৰু এই গছৰ তুলনা তেওঁ যিহুদী ৰাষ্ট্ৰৰ লগত কৰিছিল। তেওঁ এই দৃষ্টান্ত হয়তো ৩২ খ্ৰীষ্টাব্দৰ শৰৎ কালৰ সময়ছোৱাত দিছিল। (মথি ১৭:১৫-২০; ২১:১৮, ১৯, ৪৩ লগত তুলনা কৰক।) যীচুৱে উদাহৰণ দিয়া ডিমৰু গছজোপাত “তিনি বছৰ” ধৰি কোনো ফল ধৰা নাছিল। সেইবাবে, বাৰীচোৱাই দ্ৰাক্ষাবাৰীৰ গৰাকীক এইদৰে কয়: “হে প্ৰভু এই বছৰো থাকিবলৈ দিয়ক; ইয়াৰ চাৰিওফালে খানি সাৰ দিওঁ; পাছে যদি গুটি ধৰে, তেন্তে ভালেই; নহলে, ইয়াক কটাই পেলোৱাব।” (লূক ১৩:৬-৯) ইয়াত যীচুৱে তিনি বছৰ ধৰি তেওঁৰ বাক্যলৈ কাণ নিদিয়া যিহুদীসকলক ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে ঘোষণা কৰা সময়ছোৱাক হয়তো বৰ্ণনা কৰিছে। তেওঁ ঘোষণা কাৰ্য্য কৰি থকা প্ৰায় তিনি বছৰ হৈছিল আৰু চতুৰ্থ বছৰতো তেওঁ এই কাম কৰিলেহেঁতেন।
it-২-E ৯০১ ¶৫
সত্তৰ সপ্তাহ
‘সপ্তাহৰ আধা কাল’ সাত বছৰৰ মাজ ভাগত হʼব অৰ্থাৎ চাৰে তিনি বছৰৰ পাছত। ২৯ খ্ৰীষ্টাব্দৰ শৰৎ কালত সত্তৰ সপ্তাহ আৰম্ভ হয়। এই ২৯ খ্ৰীষ্টাব্দতে যীচুৰ বাপ্তিষ্মা হয় আৰু তেওঁ মচীহ বা খ্ৰীষ্ট হিচাপে অভিষিক্ত হয়। সেই সপ্তাহৰ আধা কাল (চাৰে তিনি বছৰ), ৩৩ খ্ৰীষ্টাব্দৰ বসন্ত কাললৈকে বা সেই বছৰৰ নিস্তাৰ পৰ্ব্বৰ (নিচান ১৪) সময়লৈকে আছিল। গ্ৰিগোৰীয়ান কেলেণ্ডাৰৰ অনুসৰি সেই দিনটো হয়তো ৩৩ খ্ৰীষ্টাব্দৰ এপ্ৰিল মাহৰ ১ তাৰিখত হয়। (প্ৰভুৰ সন্ধ্যা ভোজ [উদ্যাপনৰ সময়] চাওক।) পাঁচনি পৌলে কৈছিল যে যীচুৱে ‘ঈশ্বৰৰ ইচ্ছা পালন কৰিবলৈ আহিছিল’ আৰু সেয়া হৈছে ‘দ্বিতীয়টো থিৰ কৰিবৰ কাৰণে, প্ৰথমটো [বিধানৰ অনুসৰি বলিদান আৰু উৎসৰ্গ] গুচাই পেলোৱা।’ যীচুৱে নিজৰ শৰীৰ বলিদান কৰাৰ যোগেদি এই কাৰ্য্য সম্পন্ন কৰে।—ইব্ৰী ১০:১-১০.
আধ্যাত্মিক ৰত্ন বিচাৰক
(দানিয়েল ৯:২৪) অধৰ্ম্ম শেষ কৰিবলৈ, পাপ অন্ত কৰিবলৈ, অপৰাধ মোচন কৰিবলৈ, চিৰকলীয়া ধাৰ্ম্মিকতা উপস্থিত কৰিবলৈ, দৰ্শন আৰু ভাববাণী মোহৰ মাৰিবলৈ, আৰু মহাপবিত্ৰস্থান অভিষেক কৰিবলৈ তোমাৰ জাতিৰ আৰু তোমাৰ পবিত্ৰ নগৰৰ নিমিত্তে সত্তৰ সপ্তাহ নিৰূপিত হল।
w০১-E ৫/১৫ ২৭
পাঠকসকলৰ প্ৰশ্ন
দানিয়েল ৯:২৪ পদত বৰ্ণনা কৰা ভৱিষ্যতবাণীৰ অনুসৰি “মহাপবিত্ৰস্থান” কেতিয়া অভিষেক কৰা হৈছিল?
দানিয়েল ৯:২৪-২৭ পদবোৰত ‘অভিষিক্ত অধিপতি’ অৰ্থাৎ খ্ৰীষ্টৰ উপস্থিতিৰ বিষয়ে ভৱিষ্যতবাণী কৰা হৈছে। “মহাপবিত্ৰস্থান” অভিষেক কৰা বিষয়টো যিৰূচালেম মন্দিৰৰ অতি পবিত্ৰ স্থানৰ বিষয়ে বৰ্ণনা কৰা নাই। ইয়াৰ পৰিৱৰ্তে, “মহাপবিত্ৰস্থান,” ঈশ্বৰৰ স্বৰ্গীয় নিবাসক চিত্ৰিত কৰে। এয়া হৈছে যিহোৱা ঈশ্বৰৰ আত্মিক মন্দিৰৰ পবিত্ৰ স্থান।—ইব্ৰী ৮:১-৫; ৯:২-১০, ২৩.
ঈশ্বৰৰ আত্মিক মন্দিৰে কেতিয়াৰপৰা কাৰ্য্য কৰিবলৈ আৰম্ভ কৰে? ইয়াৰ বিষয়ে জানিবলৈ ২৯ খ্ৰীষ্টাব্দত যীচুৱে বাপ্তিষ্মা লোৱাৰ সময়ত কি ঘটনা ঘটিছিল, তাৰ বিষয়ে বিবেচনা কৰক। গীতমালা ৪০:৬-৮ পদত বৰ্ণনা কৰা কথাবোৰ সেই সময়ৰপৰা যীচুৰ জীৱনত পূৰ হʼবলৈ ধৰিলে। পাঁচনি পৌলে বৰ্ণনা কৰা অনুসৰি পাছলৈ যীচুৱে এইদৰে প্ৰাৰ্থনা কৰে: “তুমি বলিদান আৰু নৈবেদ্যলৈ ইচ্ছা নকৰিলা, কিন্তু মোলৈ শৰীৰ যুগুত কৰিলা।” (ইব্ৰী ১০:৫) যীচুৱে জানিছিল যে যিৰূচালেম মন্দিৰত সদায় কালৰ বাবে জীৱ-জন্তুৰ বলিদান দি থকাটো ঈশ্বৰে “ইচ্ছা” কৰা নাই। ইয়াৰ পৰিৱৰ্তে, যিহোৱা ঈশ্বৰে যীচু খ্ৰীষ্টৰ সিদ্ধ শৰীৰ বলিদানৰ বাবে যুগুত কৰিছিল। নিজৰ আন্তৰিক ইচ্ছা প্ৰকাশ কৰি যীচুৱে এইদৰে কৈছিল: “চোৱা মই আহিলোঁ, (পুস্তকখনত মোৰ বিষয়ে এনে লিখা আছে,) হে ঈশ্বৰ, মই তোমাৰ ইচ্ছা পালন কৰিবলৈ আহিলোঁ।” (ইব্ৰী ১০:৭) ইয়াৰ প্ৰত্যুত্তৰত যিহোৱা ঈশ্বৰে কি কৈছিল? মথিৰ কিতাপে এইদৰে বৰ্ণনা কৰে: “পাছে যীচু বাপ্তাইজিত হৈ, তেতিয়াই পানীৰ পৰা উঠিল; আৰু চোৱা, স্বৰ্গৰ দুৱাৰ তেওঁলৈ মুকলি হল, আৰু ঈশ্বৰৰ আত্মাক কপৌৰ নিচিনা নামি আহি, নিজৰ ওপৰত পৰা দেখিলে। আৰু চোৱা, এওঁ মোৰ প্ৰিয় পুত্ৰ, এওঁত মই পৰম সন্তুষ্ট, এই আকাশী বাণী হল।”—মথি ৩:১৬, ১৭.
যীচুৰ বলিদানক গ্ৰহণ কৰি যিহোৱা ঈশ্বৰে দেখুৱায় যে যিৰূচালেমত থকা মন্দিৰৰ বেদিতকৈ আৰু এক মহান বেদি আছে। সেয়া হৈছে ঈশ্বৰৰ ‘ইচ্ছাৰ’ এক বেদি অৰ্থাৎ বলিদান হিচাপে যীচুৰ মানৱ জীৱনক গ্ৰহণ কৰাৰ এক ব্যৱস্থা। (ইব্ৰী ১০:১০) পবিত্ৰ আত্মাৰে যীচু খ্ৰীষ্টক অভিষিক্ত কৰাৰ অৰ্থ হৈছে যিহোৱা ঈশ্বৰে এতিয়া গোটেই আত্মিক মন্দিৰৰ ব্যৱস্থা আৰম্ভ কৰিছে। সেইবাবে, যীচুৰ বাপ্তিষ্মাৰ সময়ত, ঈশ্বৰৰ স্বৰ্গীয় নিবাসস্থানক অভিষেক কৰা হৈছিল অৰ্থাৎ ঈশ্বৰৰ স্বৰ্গীয় নিবাসস্থানক, মহান আত্মিক মন্দিৰৰ ব্যৱস্থাত “মহাপবিত্ৰস্থান” হিচাপে বেলেগে ৰখা হৈছিল।
(দানিয়েল ৯:২৭) “এক সপ্তাহলৈকে সেইজনে অনেকৰ লগত এটি দৃঢ় নিয়ম কৰিব, আৰু সেই সপ্তাহৰ আধা কালত বলিদান আৰু নৈবেদ্য স্থগিত কৰিব; পাছে ঘিণলগীয়া বস্তুৰ ডেউকাৰ ওপৰত ধ্বংসক থাকিব, আৰু নিৰূপিত উচ্ছন্নতালৈকে ধ্বংসকৰ ওপৰত ক্ৰোধৰূপ বৃষ্টি বৰ্ষোৱা হব।”
w০৭-E ৯/১ ২০ ¶৪
দানিয়েল কিতাপৰপৰা সাৰাংশ
৯:২৭—সত্তৰ সপ্তাহৰ অন্তলৈকে অথবা ৩৬ খ্ৰীষ্টাব্দলৈকে ‘অনেকৰ লগত দৃঢ়’ কৰিবলৈ কি নিয়ম বাহাল ৰখা হৈছিল? ৩৩ খ্ৰীষ্টাব্দত যীচু খ্ৰীষ্ট যাতনা-স্তম্ভত মৃত্যু হোৱাৰ পাছত নিয়ম ব্যৱস্থা আঁতৰ কৰা হৈছিল। কিন্তু অব্ৰাহামৰ লগত স্থাপন কৰা নিয়ম ৩৬ খ্ৰীষ্টাব্দলৈকে ইস্ৰায়েলীসকলক পালন কৰাৰ বাবে অনুমতি দিছিল। অব্ৰাহামৰ বংশধৰ হোৱাৰ বাবে যিহুদীসকলক যিহোৱা ঈশ্বৰে এই বিশেষ সুযোগ দিছিল। “ঈশ্বৰৰ ইস্ৰায়েলৰ” বাবে অব্ৰাহামৰ লগত স্থাপন কৰা নিয়ম বাহাল থাকিল।—গালাতীয়া ৩:৭-৯, ১৪-১৮, ২৯; ৬:১৬.
বাইবেল পাঠ
(দানিয়েল ৭:১-১০) বাবিলৰ ৰজা বেল্চচৰৰ ৰাজত্বৰ প্ৰথম বছৰত, দানিয়েলে শয়ন কৰা সময়ত সপোন আৰু মানসিক দৰ্শন পালে; তেতিয়া তেওঁ সেই সপোন লিখি তাৰ সাৰ কথা প্ৰকাশ কৰিলে। ২ দানিয়েলে কলে, বোলে, মই ৰাতি দৰ্শনত চাই দেখিলোঁ, যে, মহাসমুদ্ৰৰ ওপৰত আকাশৰ চাৰি বায়ু প্ৰচণ্ড বেগেৰে বলাইছে। ৩ আৰু সমুদ্ৰৰ পৰা চাইটা বৃহৎ জন্তু ওলাই আহিল; সিহঁতৰ আকাৰ বেলেগ বেলেগ আছিল। ৪ প্ৰথমটো সিংহৰ নিচিনা, আৰু কুৰৰ পক্ষীৰ ডেউকাৰ নিচিনা তাৰ ডেউকা আছিল; মই চাই থাকোঁতে থাকোঁতে, তাৰ সেই ডেউকা দুখন তাৰ পৰা এৰুউৱা হল; পাছে তাক মাটিৰ পৰা তুলি মানুহৰ নিচিনাকৈ ভৰিত ভৰ দিয়াই থিয় কৰোৱা হল; আৰু মানুহৰ হৃদয় তাক দিয়া গল। ৫ পাছে মই আৰু এটা জন্তু দেখিলোঁ, সেই দ্বিতীয় জন্তু ভালুকৰ নিচিনা, সি এফালৰ ভৰিৰে ভৰ দি উঠিল, তাৰ মুখৰ দাঁতৰ মাজত তিন ডাল কামীহাড় আছিল; আৰু তাৰ কোঁৱা গল, উঠ, অধিককৈ মঙহ খা। ৬ তাৰ পাছত মই চাই আৰু এটা জন্তু দেখিলোঁ, সি নাহৰফুটকী বাঘৰ নিচিনা; তাৰ পিঠিত চৰাইৰ ডেউকাৰ নিচিনা চাৰিখন ডেউকা আছিল, আৰু সেই জন্তুৰ চাইটা মূৰো আছিল; তাক ৰাজ্যভাৰ দিয়া হল। ৭ তাৰ পাছত মই ৰাতি দৰ্শনত চাই চতুৰ্থ এক জন্তু দেখিলোঁ; সি ভয়ঙ্কৰ, বলিষ্ঠ আৰু অতিশয় শক্তিমান; তাৰ লোহাৰ ডাঙৰ দাঁত আছিল; সি খালে, ডোখৰ ডোখৰ কৰিলে আৰু অৱশিষ্টবোৰ ভৰিৰে গচকিলে; আৰু পূৰ্ব্বৰ জন্তুবোৰতকৈ সি বেলেগ, আৰু তাৰ দহোটা শিং আছিল। ৮ মই সেই শিঙলৈ মন কৰি থাকোঁতেই, সেইবোৰৰ মাজত আৰু এটা সৰু শিং ওলাল, আৰু তাৰ সাক্ষাতে পূৰ্ব্বৰ শিংবোৰৰ তিনটা শিং উঘলা হল; সেই শিঙৰ মানুহৰ চকুৰ নিচিনা দুটা চকু, আৰু বৰ বৰ কথা কোৱা এখন মুখ আছিল। ৯ পাছে মই চাই থাকোঁতে থাকোঁতে দেখিলোঁ কেইখনমান আসন স্থাপন কৰা হল, আৰু অনাদি কালৰ বৃদ্ধজনা বহিল; তেওঁৰ বস্ত্ৰ হিমৰ নিচিনা বগা, আৰু চুলি ভেড়াৰ শুদ্ধ নোমৰ নিচিনা; তেওঁৰ সিংহাসন অগ্নিশিখা, আৰু চক্ৰবোৰ জ্বলন্ত জুই। ১০ তেওঁৰ সম্মুখৰ পৰা এখন অগ্নিৰ নৈ ওলাই বৈ গৈছিল; হাজাৰ হাজাৰে পৰিচৰ্য্যা কৰিছিল, আৰু অযুত অযুতে তেওঁৰ আগত থিয় হৈ আছিল; পাছে বিচাৰ সভা বহিল, আৰু পুথিবোৰ মেলা হল।
অক্টোবৰ ৯-১৫
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | দানিয়েল ১০-১২
“যিহোৱাই ভৱিষ্যতে হʼবলগীয়া ৰজাসকলৰ বিষয়ে বৰ্ণনা কৰিছে”
(দানিয়েল ১১:২) সেয়ে যি হওক, এতিয়া মই তোমাক সত্য কথা জনাওঁ। চোৱা, পাৰস্য দেশত আৰু তিনি জন ৰজা উৎপন্ন হব; পাছে চতুৰ্থ ৰজা সকলোতকৈ অধিক ধনৱান হব, আৰু তেওঁ নিজ ধন-সম্পত্তিৰে শক্তিমান হলে সকলোকে যাবন ৰাজ্যৰ বিৰুদ্ধে উচটাব।
dp-E ২১২-২১৩ ¶৫-৬
দুজন ৰজাৰ মাজত সংঘৰ্ষ
প্ৰথম তিনিজন ৰজা হৈছে কোৰচ মহান, কেম্বিছিছ দ্বিতীয় আৰু দাৰিয়াবচ প্ৰথম (সিচ-টাচ-পিচ)। যিহেতু বাৰডিয়াই (বা বাৰডিয়া বুলি দাবী কৰা গৌমাটা নামৰ এজন ব্যক্তি) কেৱল সাত মাহৰ বাবে শাসন কৰিছিল, সেইবাবে ভৱিষ্যতবাণীত তেওঁৰ কম সময়ৰ শাসন কালৰ বিষয়ে উল্লেখ কৰা নাই। খ্ৰীষ্টপূৰ্ব ৪৯০ তৃতীয়জন ৰজা দাৰিয়াবচ প্ৰথম, দ্বিতীয়বাৰৰ বাবে যাবন ৰাজ্য জয় কৰিবলৈ চেষ্টা কৰে। কিন্তু পাৰস্য দেশৰ লোকসকলে তেওঁলোকক মেৰাথন নামৰ ঠাইখনত পৰাজিত কৰে আৰু এছিয়া মাইনৰলৈ খেদি পঠিয়ায়। ৰজা দাৰিয়াবচে যাবনক পুনৰ আক্ৰমণ কৰাৰ বাবে সযত্নৰে পৰিকল্পনা কৰে। কিন্তু চাৰি বছৰৰ পাছত তেওঁৰ মৃত্যু হোৱাৰ বাবে তেওঁৰ পৰিকল্পনা সফল নহʼল। ৰজা দাৰিয়াবচৰ মৃত্যুৰ পাছত তেওঁৰ পুত্ৰ জেৰচ প্ৰথম, “চতুৰ্থ” ৰজা হয়। পিতৃয়ে কৰা পৰিকল্পনা এই পুত্ৰই পূৰ কৰাৰ দায়িত্ব আছিল। তেৱেঁই হৈছে ৰজা অহচ্বেৰোচ, যিয়ে ইষ্টেৰক বিয়া কৰিছিল।—ইষ্টেৰ ১:১; ২:১৫-১৭.
যাবন সাম্ৰাজ্য বেলেগ বেলেগ ৰাজ্যৰূপে বিভক্ত আছিল। জেৰচ প্ৰথম “সকলোবোৰ একত্ৰিত কৰি যাবন সাম্ৰাজ্যৰ বিৰুদ্ধে যুদ্ধ কৰে।” মাদিয়া আৰু পাৰস্য—বিজয়ী আৰু কূটনীতিবিদ (ইংৰাজী) নামৰ কিতাপখনে এইদৰে বৰ্ণনা কৰিছে যে “উচ্চাকাংক্ষী ৰাজকৰ্মচাৰীসকলক এই অভিযানত যোগ দিবলৈ উচটায়” আৰু “জেৰচে জল আৰু স্থলেৰে আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে।” খ্ৰীষ্টপূৰ্ব পঞ্চম শতিকাত হিৰʼদটাচ নামৰ এজন গ্ৰীক বুৰঞ্জীবিদে লিখিছিল যে “এনেধৰণৰ অভিযান আগতে আৰু কেতিয়াও হোৱা নাছিল।” তেওঁ বৰ্ণনা কৰা অনুসৰি সমুদ্ৰ পথেদি অহা সৈনিকসকলৰ “সংখ্যা আছিল ৫,১৭,৬১০ জন। পদাতিক সৈন্যৰ সংখ্যা আছিল ১৭,০০,০০০ জন। অশ্বাৰোহী সৈন্য আছিল ৮০,০০০ জন। ইয়াৰ উপৰিও উটত উঠি যুদ্ধ কৰা আৰবী লোক আৰু ৰথত উঠি যুদ্ধ কৰা লুবীয়াসকলৰ সংখ্যা মই ভাবোঁ ২০,০০০ জন আছিল। জল আৰু স্থলৰ সৈন্যসকলক যোগ কৰিলে মুঠ ২৩,১৭,৬১০ জন হʼব।”
(দানিয়েল ১১:৩) পাছে এজন পৰাক্ৰমী ৰজা উৎপন্ন হব; তেওঁ মহাশাসনেৰে শাসন কৰিব, আৰু নিজ ইচ্ছাৰে কাৰ্য্য কৰিব।
dp-E ২১৩ ¶৮
দুজন ৰজাৰ মাজত সংঘৰ্ষ
স্বৰ্গদূতে এইদৰে কৈছিল: “এজন পৰাক্ৰমী ৰজা উৎপন্ন হব; তেওঁ মহাশাসনেৰে শাসন কৰিব, আৰু নিজ ইচ্ছাৰে কাৰ্য্য কৰিব।” (দানিয়েল ১১:৩) ২০ বছৰীয়া আলেকজেণ্ডাৰে খ্ৰীষ্টপূৰ্ব ৩৩৬ মেচিদোনিয়াৰ ৰজা হিচাপে “থিয়” দিয়ে। তেওঁ আলেকজেণ্ডাৰ মহান নামেৰে “এজন পৰাক্ৰমী ৰজা” হয়। তেওঁ নিজৰ পিতৃ ফিলিপ দ্বিতীয়ৰ পৰিকল্পনা অনুসৰি মধ্য পাৰস্য সাম্ৰাজ্য অধিকাৰ কৰিছিল। তেওঁৰ ৪৭,০০০ জন সৈন্য ইউফ্ৰেটিছ আৰু টাইগ্ৰিছ নদী পাৰ কৰে, আৰু গগামিলা নামৰ ঠাইখনত দাৰিয়াবচ তৃতীয়ৰ ২,৫০,০০০ জন সৈনিকৰ লগত যুদ্ধ হয়। সেই যুদ্ধত দাৰিয়াবচৰ এই সেনা ছিন্ন-ভিন্ন হৈ পৰে। দাৰিয়াবচ পলাই যায়, কিন্তু তেওঁক হত্যা কৰা হয় আৰু লগে লগে পাৰস্য শাসন অন্ত পৰে। ইয়াৰ পাছত যাবন বিশ্বশক্তি হৈ পৰে আৰু আলেকজেণ্ডাৰে ‘মহাশাসনেৰে শাসন কৰিবলৈ আৰম্ভ কৰে আৰু নিজ ইচ্ছাৰে কাৰ্য্য কৰিবলৈ ধৰে।’
(দানিয়েল ১১:৪) তেওঁ উৎপন্ন হলে তেওঁৰ ৰাজ্য ভগ্ন হৈ আকাশৰ চাৰি বায়ুৰ দিশলৈ বিভক্ত হব; কিন্তু তেওঁৰ ৰাজ্য তেওঁৰ বংশৰ নিমিত্তে নহব, আৰু তেওঁ শাসন কৰা ৰাজ্য অনুসাৰে নহব; কিয়নো তেওঁৰ ৰাজ্য উঘালি তেওঁবিলাকক নিদি আনবিলাকক দিয়া হব।
dp-E ২১৪ ¶১১
দুজন ৰজাৰ মাজত সংঘৰ্ষ
আলেকজেণ্ডাৰৰ মৃত্যুৰ পাছত তেওঁৰ সাম্ৰাজ্য “আকাশৰ চাৰি বায়ুৰ দিশলৈ বিভক্ত হব।” তেওঁৰ সাম্ৰাজ্যৰ অংশবোৰৰ বাবে সেনাপতিসকলৰ মাজত বিবাদ হয়। এটা চকুৰে দেখা এণ্টিগনাচ প্ৰথম নামৰ সেনাপতিজনে আলেকজেণ্ডাৰৰ গোটেই সাম্ৰাজ্য নিজৰ অধীনত কৰিব বিচাৰিছিল। কিন্তু, ইপচুচৰ যুদ্ধত ফৰুগীয়া নামৰ ঠাইখনত তেওঁৰ মৃত্যু হয়। খ্ৰীষ্টপূৰ্ব ৩০১ আলেকজেণ্ডাৰৰ চাৰিজন সেনাপতিৰ মাজত এই বিশাল সাম্ৰাজ্য ভাগ হৈ যায়। কেচেন্দাৰে মেচিদোনিয়া আৰু যাবন ৰাজ্যৰ ওপৰত শাসন কৰে। লিচিমেচে এছিয়া মাইনৰ আৰু থ্ৰেছৰ ওপৰত অধিকাৰ সাব্যস্ত কৰে। চেলয়কেচ প্ৰথম নিকাটৰে মিচপতামিয়া আৰু চিৰিয়াৰ ওপৰত অধিকাৰ লাভ কৰে। টলেমী লেগুছে মিচৰ আৰু পেলেষ্টাইনৰ ওপৰত শাসন কৰিবলৈ ধৰে। ভৱিষ্যতবাণীত বৰ্ণনা কৰা অনুসৰি আলেকজেণ্ডাৰৰ বিশাল সাম্ৰাজ্য চাৰিটা ভাগত বিভক্ত হৈ পৰে।
আধ্যাত্মিক ৰত্ন বিচাৰক
(দানিয়েল ১২:৩) যিবিলাক জ্ঞানী, তেওঁবিলাক আকাশৰ দীপ্তিৰ নিচিনাকৈ, আৰু যিবিলাকে অনেকক ধাৰ্ম্মিক কৰে, তেওঁবিলাক তৰাবোৰৰ নিচিনাকৈ চিৰকাল জিলিকি থাকিব।
w১৩-E ৭/১৫ ১৩ ¶১৬, ফুটনোট
“চোৱা, জগতৰ শেষলৈকে মই সদায় তোমালোকৰ সঙ্গে সঙ্গে আছোঁ”
দানিয়েল ১২:৩ পদত এইদৰে বৰ্ণনা কৰা হৈছে, “যিবিলাক জ্ঞানী [অভিষিক্ত খ্ৰীষ্টান], তেওঁবিলাক আকাশৰ দীপ্তিৰ নিচিনাকৈ . . . জিলিকি থাকিব।” এই পৃথিৱীত জীয়াই থকা সময়ছোৱাত তেওঁলোকে প্ৰচাৰ কাৰ্য্যৰ যোগেদি নিজৰ দীপ্তি প্ৰকাশ কৰে। কিন্তু মথি ১৩:৪৩ পদে সেইসময়ৰ বিষয়ে আঙুলিয়াই দিয়ে যেতিয়া তেওঁলোকে স্বৰ্গীয় ৰাজ্যত সূৰ্য্যৰ নিচিনা হৈ দীপ্তি প্ৰকাশ কৰিব। আমি আগতে ভাবিছিলোঁ যে দুয়োটা শাস্ত্ৰপদে ঘোষণা কাৰ্য্যৰ বিষয়ে বৰ্ণনা কৰে।
(দানিয়েল ১২:১৩) কিন্তু তুমি শেষৰ অপেক্ষাৰে চলি থাকা; কিয়নো তুমি বিশ্ৰাম পাবা, আৰু কালৰ শেষত নিজ আধিপত্যত থিয় হবা।
dp-E ৩১৫ ¶১৮
যিহোৱা ঈশ্বৰে দানিয়েলক এক সুন্দৰ উপহাৰ দিবলৈ প্ৰতিজ্ঞা কৰে
মানৱজাতিৰ লগত কৰা এক সুন্দৰ প্ৰতিজ্ঞাৰে দানিয়েলৰ কিতাপৰ সমাপ্ত হয়। যিহোৱাৰ স্বৰ্গদূতে দানিয়েলক এইদৰে কয়: “তুমি বিশ্ৰাম পাবা, আৰু কালৰ শেষত নিজ আধিপত্যত থিয় হবা।” স্বৰ্গদূতজনে কি কʼব বিচাৰিছিল? ইয়াত বৰ্ণনা কৰা “বিশ্ৰাম” শব্দটোৱে দানিয়েলৰ মৃত্যুক চিত্ৰিত কৰে। কিছুসময়ৰ পাছত তেওঁ ‘থিয় হব,’ ইয়াৰ অৰ্থ হৈছে দানিয়েলৰ পুনৰুত্থান হʼব। কিছুমান বিদ্ধানে দাবী কৰে যে হীব্ৰু শাস্ত্ৰপদৰ দানিয়েল ১২ অধ্যায়ত প্ৰথমবাৰৰ বাবে পুনৰুত্থানৰ বিষয়ে স্পষ্টৰূপে বৰ্ণনা কৰা হৈছে। (দানিয়েল ১২:২) কিন্তু এয়া সঠিক নহয়। দানিয়েলে পুনৰুত্থানৰ আশাৰ বিষয়ে ভালদৰে পৰিচিত আছিল।
বাইবেল পাঠ
(দানিয়েল ১১:২৮-৩৯) তেওঁ অনেক ধন-সম্পত্তি লৈ নিজ দেশলৈ উলটি যাব, আৰু তেওঁৰ মন পবিত্ৰ নিয়মটিৰ অহিতে হব, আৰু তেওঁ নিজ ইচ্ছামতে কাৰ্য্য কৰি নিজ দেশলৈ উলটিব। ২৯ নিৰূপিত সময়ত তেওঁ পুনৰায় দক্ষিণ দেশত সোমাব; কিন্তু পূৰ্ব্বকালত যেনে হৈছিল, পাছৰ কালত তেনে নহব। ৩০ কিয়নো কিত্তীমৰ জাহাজবোৰ তেওঁৰ বিৰুদ্ধে আহিব; এই নিমিত্তে তেওঁ বেজাৰ পাই উলটি যাব, আৰু পবিত্ৰ নিয়মটিৰ বিৰুদ্ধে ক্ৰোধ কৰি ইচ্ছামতে কাৰ্য্য কৰিব; হয়, তেওঁ ঘূৰি আহি পবিত্ৰ নিয়মটি ত্যাগ কৰা লোকবিলাকে সৈতে মিল হব। ৩১ আৰু তেওঁৰ ওচৰৰ পৰা ত্ৰদল সৈন্যই উঠি গৈ ধৰ্ম্মধাম অৰ্থাৎ দুৰ্গ অশুচি কৰিব, আৰু নিত্য বলিদান গুচাই ধ্বংসকাৰী ঘিণলগীয়া বস্তু স্থাপন কৰিব। ৩২ আৰু খোচামতি বাক্যৰ দ্বাৰাই তেওঁ নিয়মলঙ্ঘনকাৰীবোৰক ভ্ৰষ্ট কৰিব; কিন্তু যি প্ৰজাবিলাকে নিজ ঈশ্বৰক জানে, তেওঁবিলাক বলৱন্ত হৈ কৃতকাৰ্য্য হব। ৩৩ আৰু মানুহবিলাকৰ মাজৰ জ্ঞানীবিলাকে অনেকক শিক্ষা দিব; তথাপি তেওঁবিলাকে কিছু সময়লৈ তৰোৱাল, অগ্নিশিখা, বন্দী-অৱস্থা আৰু লুটত পতিত হব। ৩৪ পতিত হোৱা সময়ত তেওঁবিলাকে অলপ সহায় পাব, কিন্তু অনেকে খোচামতি বাক্যেৰে তেওঁবিলাকৰ লগ লব। ৩৫ আৰু শেষৰ সময়লৈকে জ্ঞানীবিলাকক পৰীক্ষাসিদ্ধ, পবিত্ৰ, আৰু শুক্লা কৰা হবৰ নিমিত্তে, তেওঁবিলাকৰ মাজৰো কোনো কোনো পতিত হব; কিয়নো তেতিয়াও নিৰূপিত কাল উপস্থিত হবলৈ সময় থাকিব। ৩৬ তাৰ পাছত ৰজাই নিজ ইচ্ছামতে কাৰ্য্য কৰিব, আৰু আটাই দেৱতাবোৰত্কৈ নিজকে বৰ জ্ঞানী বুলি অহঙ্কাৰ কৰিব, আৰু ঈশ্বৰবিলাকৰো ঈশ্বৰৰ অহিতে বিস্ময়জনক কথা কব, আৰু ক্ৰোধ সিদ্ধ নোহোৱালৈকে ভাগ্যৱান হব; কিয়নো যি নিৰূপিত, তাকেই কৰা যাব। ৩৭ আৰু তেওঁ নিজ পূৰ্ব্ব-পুৰুষবিলাকৰ দেৱতাবোৰক নামানিব, আৰু তিৰোতা মানুহৰ প্ৰিয়া দেৱীক, নাইবা কোনো দেৱতাকো নামানিব; কিয়নো তেওঁ নিজকে সকলোত্কৈ বৰ বুলি জ্ঞান কৰিব। ৩৮ কিন্তু দুৰ্গ-দেৱতাৰ ঠাইত তেওঁ দুৰ্গ-দেৱতাক সন্মান কৰিব, নিজৰ পূৰ্ব্ব-পুৰুষবিলাকে নজনা দেৱতা এজনক সোণ, ৰূপ, মণি, আৰু মনোহৰ বস্তুৰে সন্মান কৰিব। ৩৯ আৰু তেওঁ বিজাতীয় দেৱতা এজনৰ সাহায্যত অতি দৃঢ় দুৰ্গবোৰৰ বিৰুদ্ধে কাৰ্য্য কৰিব; যিমান লোকে তেওঁৰ অধীনতা স্বীকাৰ কৰিব, সেই সকলোকে তেওঁ অতি সন্মান কৰিব, আৰু অনেকৰ ওপৰত ৰাজপদ দিব, আৰু বঁটাস্বৰূপে মাটি ভাগ কৰি দিব।
অক্টোবৰ ১৬-২২
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | হোচেয়া ১-৭
“যিহোৱা ঈশ্বৰ বিশ্বস্ত প্ৰেমত আনন্দিত হয়—আপুনিও হয়নে?”
(হোচেয়া ৬:৪, ৫) হে ইফ্ৰয়িম, মই তোমাক কি কৰিম? হে যিহূদা, তোমাক বা কি কৰিম? কিয়নো তোমালোকৰ প্ৰেম ৰাতিপুৱাৰ মেঘৰ নিচিনা, আৰু সোনকালে নাইকিয়া হোৱা নিয়ৰৰ নিচিনা। ৫ এই কাৰণে মই ভাববাদীৰ দ্বাৰাই তেওঁবিলাকক কাঠ চঁচাদি চঁচালোঁ, মোৰ মুখৰ বাক্যেৰে তেওঁবিলাকক বধ কৰিলোঁ, আৰু তোমালৈ কৰা দণ্ডাজ্ঞাবোৰ চক্মকীয়া বিজুলীৰ নিচিনা হব।
w১০-E ৮/১৫ ২৫ ¶১৮
“মৰমৰ শিক্ষা” আপোনাৰ জিবাত প্ৰকাশ হওক
যিহোৱা ঈশ্বৰৰ উপাসকসকলৰ লগত আচৰণ কৰোঁতে আমাৰ বিশ্বস্ত প্ৰেম দেখুৱা উচিত। আনকি কঠিন পৰিস্থিতিতো মৰমৰ শিক্ষা আমাৰ জিবাত প্ৰকাশ পোৱা উচিত। যেতিয়া ইস্ৰায়েলীসকলৰ প্ৰেম “সোনকালে নাইকিয়া হোৱা নিয়ৰৰ নিচিনা” হৈছিল, তেতিয়া যিহোৱা ঈশ্বৰ নিৰাশ হৈছিল। (হোচে. ৬:৪, ৬) আনহাতে, আমি যেতিয়া দৈনন্দিন জীৱনত বিশ্বস্ত প্ৰেম প্ৰকাশ কৰোঁ, তেতিয়া যিহোৱা ঈশ্বৰ আনন্দিত হয়। যিসকল লোকে তেওঁৰ এই আজ্ঞা পালন কৰে, যিহোৱা ঈশ্বৰে তেওঁলোকক কেনেকৈ আশীৰ্ব্বাদ কৰিছে, তাৰ বিষয়ে বিবেচনা কৰক।
(হোচেয়া ৬:৬) কিয়নো মই বলিদান বাঞ্ছা নকৰোঁ, দয়াহে বাঞ্ছা কৰোঁ, আৰু হোম-বলিতকৈ ঈশ্বৰবিষয়ক জ্ঞান অধিক বাঞ্ছা কৰোঁ।
w০৭-E ৯/১৫ ১৬ ¶৮
হোচেয়া কিতাপৰপৰা সাৰাংশ
৬:৬. যেতিয়া আমি বাৰে বাৰে পাপ কাৰ্য্যত জড়িত হওঁ, তেতিয়া ঈশ্বৰৰ প্ৰতি বিশ্বস্ত প্ৰেম কম আছে বুলি উনুকিয়াই দিয়ে। গতিকে ঈশ্বৰৰ সেৱাত আমি যিমানেই বলিদান আগনবঢ়াওঁ কিয়, ইয়ে সেই ঠাই পূৰ কৰিব নোৱাৰে।
w০৭-E ৬/১৫ ২৭ ¶৭
যিহোৱা ঈশ্বৰে আপোনাৰ আজ্ঞা পালনক মূল্যৱান বুলি গণ্য কৰে
এই বিষয়টো ভালদৰে বুজিবলৈ অতীতত কি হৈছিল, তাৰ বিষয়ে বিবেচনা কৰক। যিহোৱা ঈশ্বৰে তেওঁৰ লোকসকলক স্পষ্টৰূপে বৰ্ণনা কৰিছিল যে জীৱ-জন্তুৰ বলিদানতকৈ তেওঁৰ আজ্ঞা পালন কৰাটো গুৰুত্বপূৰ্ণ। (হিতোপদেশ ২১:৩, ২৭; হোচেয়া ৬:৬; মথি ১২:৭) যিহেতু যিহোৱা ঈশ্বৰে নিজেই বলিদান দিবলৈ লোকসকলক আজ্ঞা দিছিল, তেনেহʼলে তেওঁ এনেকৈ কোৱাৰ অৰ্থ কি? প্ৰকৃততে, যিজন ব্যক্তিয়ে বলিদান আগবঢ়াইছে, তেওঁৰ উদ্দেশ্য কি? তেওঁ যিহোৱা ঈশ্বৰক আনন্দিত কৰিবলৈ বলিদান আগবঢ়াইছে, নে কেৱল পৰম্পৰা হিচাপে পালন কৰিছে? যদি যিহোৱা ঈশ্বৰৰ এজন উপাসকে সঁচাকৈ তেওঁক আনন্দিত কৰিব বিচাৰে, তেনেহʼলে তেওঁ ঈশ্বৰৰ সকলো আজ্ঞা পালন কৰাৰ বাবে যত্ন কৰিব। জীৱ-জন্তুৰ বলিদান ঈশ্বৰৰ কোনো প্ৰয়োজন নাই, কিন্তু আমি আজ্ঞাবোৰ পালন কৰাৰ যোগেদি তেওঁক মূল্যৱান বস্তু দিয়া যেন হʼব।
আধ্যাত্মিক ৰত্ন বিচাৰক
(হোচেয়া ১:৭) কিন্তু যিহূদা-বংশক হলে, মই দয়া কৰিম, আৰু তেওঁবিলাকক ধনু, তৰোৱাল, যুদ্ধ, ঘোঁৰা, বা অশ্বাৰোহীৰ দ্বাৰাই উদ্ধাৰ নকৰি, তেওঁবিলাকৰ ঈশ্বৰ যিহোৱাৰ দ্বাৰাইহে উদ্ধাৰ কৰিম।
w০৭-E ৯/১৫ ১৪ ¶৭
হোচেয়া কিতাপৰপৰা সাৰাংশ
১:৭—যিহূদা বংশক কেতিয়া দয়া দেখুৱা হৈছিল আৰু তেওঁলোকক উদ্ধাৰ কৰা হৈছিল? এই ভৱিষ্যতবাণী খ্ৰীষ্টপূৰ্ব ৭৩২ ৰজা হিষ্কিয়াৰ সময়ত পূৰ হৈছিল। সেইসময়ত অচূৰীয়াসকলে যিৰূচালেমক ভয় দেখুৱাইছিল। যিহোৱা ঈশ্বৰে এজন স্বৰ্গদূতৰ দ্বাৰা একে ৰাতিতে ১,৮৫,০০০ শত্ৰু সৈন্যক সংহাৰ কৰিছিল। (২ ৰাজাৱলি ১৯:৩৪, ৩৫) যিহোৱা ঈশ্বৰে কোনো “ধনু, তৰোৱাল, যুদ্ধ, ঘোঁৰা, বা অশ্বাৰোহীৰ” দ্বাৰা যিহূদা বংশক উদ্ধাৰ কৰা নাছিল, কিন্তু কেৱল এজন স্বৰ্গদূতৰ দ্বাৰাহে তেওঁলোকক উদ্ধাৰ কৰিছিল।
(হোচেয়া ২:১৮) আৰু সেই দিনা মই তেওঁবিলাকৰ নিমিত্তে বনৰীয়া জন্তু, আকাশৰ চৰাই, আৰু মাটিত বগাই ফুৰা জন্তুবোৰে সৈতে এটি নিয়ম স্থাপন কৰিম; আৰু মই ধনু, তৰোৱাল, আৰু ৰণৰ সঁজুলি ভাঙি দেশৰ মাজৰ পৰা গুচাম, আৰু তেওঁবিলাকক নিৰ্ভয়ে শয়ন কৰাম।
w০৫-E ১১/১৫ ২০ ¶১৬
হোচেয়াৰ ভৱিষ্যতবাণীয়ে আমাক যিহোৱাৰ সৈতে চলিবলৈ সহায় কৰে
ঈশ্বৰে এই প্ৰতিজ্ঞাও পূৰ কৰে: “সেই দিনা মই তেওঁবিলাকৰ নিমিত্তে বনৰীয়া জন্তু, আকাশৰ চৰাই, আৰু মাটিত বগাই ফুৰা জন্তুবোৰে সৈতে এটি নিয়ম স্থাপন কৰিম; আৰু মই ধনু, তৰোৱাল, আৰু ৰণৰ সঁজুলি ভাঙি দেশৰ মাজৰ পৰা গুচাম, আৰু তেওঁবিলাকক নিৰ্ভয়ে শয়ন কৰাম।” (হোচেয়া ২:১৮) বাকী থকা যিহুদীসকলে বালিৰপৰা নিজৰ মাতৃভূমিলৈ উভতি আহে আৰু তেওঁলোকে কোনো জীৱ-জন্তুৰপৰা ভয় নকৰাকৈ বাস কৰিবলৈ ধৰে। এই ভৱিষ্যতবাণী ১৯১৯ খ্ৰীষ্টাব্দতো পূৰ হোৱা দেখিবলৈ পোৱা যায়। সেইসময়ত আধ্যাত্মিক ইস্ৰায়েলীসকলে মিছা ধৰ্ম্মৰ সাম্ৰাজ্য ‘মহা-বাবিলৰপৰা’ মুক্তি লাভ কৰে। তেওঁলোকে এতিয়া নিৰ্ভয়ে বাস কৰে আৰু এই পৃথিৱীত অনন্ত জীৱন জীয়াই থকাৰ বাবে আশা থকা সংগীসকলৰ সৈতে আধ্যাত্মিক প্ৰমোদবনত বাস কৰে। এই সত্য খ্ৰীষ্টানসকলৰ মাজত জীৱ-জন্তুৰ দৰে হিংস্ৰক স্বভাৱ দেখিবলৈ পোৱা নাযায়।—প্ৰকাশিত বাক্য ১৪:৮; যিচয়া ১১:৬-৯; গালাতীয়া ৬:১৬.
g০৫-E ৯/৮ ১২ ¶২
যেতিয়া গোটেই পৃথিৱীত শান্তি আৰু একতা দেখা দিব
এই পৃথিৱীত এক বেলেগ ধৰণৰ শান্তি আৰু একতা দেখা যাব। ঈশ্বৰে ইয়াৰ বাসিন্দাসকলক নিজৰ ঘৰ তথা এই পৃথিৱীৰ কেনেকৈ যত্ন লʼব লাগে, তাৰ বিষয়ে শিক্ষা দিব। হিংস্ৰক জন্তুবোৰৰ সৈতে যিহোৱা ঈশ্বৰে যেন “এটি নিয়ম স্থাপন” কৰিব আৰু তেওঁলোকক মানুহৰ অধীনত শান্তিৰে থাকিবলৈ ব্যৱস্থা কৰিব।—হোচেয়া ২:১৮; আদিপুস্তক ১:২৬-২৮; যিচয়া ১১:৬-৮.
বাইবেল পাঠ
(হোচেয়া ৭:১-১৬) যেতিয়া মই ইস্ৰায়েলক সুস্থ কৰিব খোজোঁ, তেতিয়া ইফ্ৰয়িমৰ অপৰাধ আৰু চমৰিয়াৰ দুষ্টতা প্ৰকাশ পায়; কিয়নো তেওঁবিলাকে প্ৰবঞ্চনা কৰে, ভিতৰত চোৰ সোমায়, আৰু বাহিৰত ডকাইতৰ দলে লুট কৰে। ২ আৰু মই যে তেওঁবিলাকৰ আটাই দুষ্টতা মনত ৰাখোঁ, তাক তেওঁবিলাকে মনত বিবেচনা নকৰে; এতিয়া তেওঁবিলাকৰ নিজ নিজ কাৰ্য্যবোৰে তেওঁবিলাকক বেৰি ধৰিছে, সেইবোৰ মোৰ চকুৰ আগত আছে। ৩ তেওঁবিলাকে নিজ নিজ দুষ্টতাৰে ৰজাক, আৰু নিজ নিজ মিছা কথাৰে প্ৰধান লোকবিলাকক আনন্দিত কৰে। ৪ তেওঁবিলাক আটাইবোৰ ব্যভিচাৰী, ৰুটীৱালাই তপত কৰা তন্দুৰস্বৰূপ; তেওঁ আটাগুড়ি খচাৰে পৰা ৰুটী নুফুলালৈকে জুই বঢ়াই দিবলৈ এৰে। ৫ আমাৰ ৰজাৰ উৎসৱৰ দিনা প্ৰধান লোকবিলাকে দ্ৰাক্ষাৰসৰ ৰাগীৰে নিজকে নৰিয়া কৰিলে; তেওঁ নিন্দকবোৰে সৈতে হাতত ধৰাধৰিকৈ গৈছিল। ৬ কিয়নো তেওঁবিলাকে খাপ দি থাকোঁতে নিজ নিজ মন তন্দুৰৰ নিচিনা কৰে; তেওঁবিলাকৰ ৰুটীৱালা ওৰে ৰাতি শুই থাকে, ৰাতিপুৱা সেই তন্দুৰ প্ৰচণ্ড অগ্নিৰ নিচিনাকৈ জ্বলে। ৭ তেওঁবিলাক আটাইবোৰ তন্দুৰৰ নিচিনা তপত, তেওঁবিলাকে তেওঁবিলাকৰ বিচাৰকৰ্ত্তাবিলাকক গ্ৰাস কৰে; তেওঁবিলাকৰ আটাই ৰজা পতিত হল; তেওঁবিলাকৰ মাজত মোৰ আগত প্ৰাৰ্থনা কৰোঁতা কোনো নাই। ৮ ইফ্ৰয়িম জাতিবিলাকে সৈতে মিহলি হল; ইফ্ৰয়িম লুটিয়াই নিদিয়া পিঠাৰ নিচিনা। ৯ বিদেশীবোৰে তাৰ বল গ্ৰাস কৰিলে, কিন্তু সি তাক নাজানে; নেকি, তাৰ মূৰৰ ঠায়ে ঠায়ে চুলি পকিছে, কিন্তু সি তাক নাজানে। ১০ আৰু ইস্ৰায়েলৰ গৌৰৱ-ভূমিয়ে তাৰ মুখৰ আগতে সাক্ষ্য দিছে; তথাপি এই সকলোতো তেওঁবিলাকে তেওঁবিলাকৰ ঈশ্বৰ যিহোৱালৈ ঘূৰা নাই, বা তেওঁক বিচৰা নাই। ১১ আৰু ইফ্ৰয়িম অজলা কপৌৰ নিচিনা, বুদ্ধি নাইকিয়া; তেওঁবিলাকে মিচৰক মাতে, অচূৰৰ ওচৰলৈ যায়। ১২ তেওঁবিলাক যোৱামাত্ৰকে মই তেওঁবিলাকৰ ওপৰত মোৰ জাল পেলাম, আকাশৰ চৰাইৰ নিচিনাকৈ মই তেওঁবিলাকক নমাম; তেওঁবিলাকৰ মণ্ডলীয়ে শুনাৰ দৰেই মই তেওঁবিলাকক শাস্তি দিম। ১৩ তেওঁবিলাকৰ সন্তাপ হব, কিয়নো তেওঁবিলাক মোৰ পৰা ভ্ৰমি ফুৰিছে; তেওঁবিলাকৰ বিনাশ হব, কিয়নো তেওঁবিলাকে মোৰ বিৰুদ্ধে সত্য-লঙ্ঘন কৰিলে; যদিও মই তেওঁবিলাকক মুক্ত কৰিব খুজিছোঁ, তথাপি তেওঁবিলাকে হলে মোৰ বিৰুদ্ধে মিছা কথা কৈছে। ১৪ তেওঁবিলাকে অন্তৰে সৈতে মোৰ আগত কাতৰোক্তি নকৰি নিজ নিজ শয্যাত হাহাকাৰ কৰে; তেওঁবিলাকে শস্য আৰু দ্ৰাক্ষাৰসৰ কাৰণে গোট খায়, মোৰ অহিতে বিদ্ৰোহ কৰে। ১৫ যদিও মই শিক্ষা দি তেওঁবিলাকৰ বাহু সবল কৰিলোঁ, তথাপি তেওঁবিলাকে হলে, মোৰ বিৰুদ্ধে কুকল্পনা কৰে। ১৬ তেওঁবিলাকে ঘূৰে, কিন্তু ওপৰত থকা জনালৈ নহয়; তেওঁবিলাক প্ৰবঞ্চক ধনুৰ নিচিনা; তেওঁবিলাকৰ অধিপতিবিলাক নিজ নিজ জিবাৰে কোৱা খঙৰ কথাৰ কাৰণে তৰোৱালৰ দ্বাৰাই পতিত হব; এয়ে মিচৰ দেশত তেওঁবিলাকৰ হাঁহিয়াতৰ কাৰণ হব।
অক্টোবৰ ২৩-২৯
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | হোচেয়া ৮-১৪
“যিহোৱা ঈশ্বৰক উত্তম বলিদান আগবঢ়াওক”
(হোচেয়া ১৪:২) তোমালোকে বাক্যৰূপ উপহাৰ লগত লৈ যিহোৱালৈ ঘূৰা; তেওঁক এই কথা কোৱা, তুমি আটাই অপৰাধ দূৰ কৰা, যি উত্তম, তাক গ্ৰহণ কৰা; তাতে আমি আমাৰ ওঁঠ ভতৰাস্বৰূপে উৎসৰ্গ কৰিম।
w০৭-E ৪/১ ২০ ¶২
এনে বলিদান আগবঢ়াওক যিয়ে যিহোৱা ঈশ্বৰক প্ৰশংসা কৰে
পবিত্ৰ শাস্ত্ৰ বাইবেলে উনুকিয়াই দিয়ে যে যিহোৱা ঈশ্বৰক প্ৰশংসা কৰাটো তেওঁক বলিদান আগবঢ়োৱাৰ দৰে হয়। ভৱিষ্যতবক্তা হোচেয়াই এইদৰে বৰ্ণনা কৰিছে: “আমাৰ ওঁঠ ভতৰাস্বৰূপে উৎসৰ্গ কৰিম।” ইয়াৰ অৰ্থ হৈছে আমাৰ ওঁঠেৰে কৰা প্ৰশংসাক যিহোৱা ঈশ্বৰে এক প্ৰকাৰৰ উত্তম বলিদান বুলি গণ্য কৰে। (হোচেয়া ১৪:২) পাঁচনি পৌলে খ্ৰীষ্টানসকলক এইদৰে উৎসাহিত কৰিছে: “সদায় ঈশ্বৰৰ উদ্দেশে স্তৱৰূপ যজ্ঞ, অৰ্থাৎ তেওঁৰ নাম স্বীকাৰকাৰী ওঁঠৰ ফল উৎসৰ্গ কৰোঁহঁক।” (ইব্ৰী ১৩:১৫) বৰ্তমান সময়ত যিহোৱাৰ সাক্ষীসকলে শুভবাৰ্ত্তা ঘোষণা কৰা আৰু শিষ্য বনোৱা কাৰ্য্যত ব্যস্ত হৈ আছে। (মথি ২৪:১৪; ২৮:১৯, ২০) তেওঁলোকে পৃথিৱীজুৰি দিনে-ৰাতিয়ে যিহোৱা ঈশ্বৰলৈ স্তুতিৰূপী বলিদান আগবঢ়াইছে।—প্ৰকাশিত বাক্য ৭:১৫.
(হোচেয়া ১৪:৪) মই তেওঁবিলাকৰ বিপথ-গমনস্বৰূপ ৰোগ সুস্থ কৰিম, মই এনেই তেওঁবিলাকক প্ৰেম কৰিম; কিয়নো মোৰ ক্ৰোধ তাৰ পৰা ঘূৰিল।
w১১-E ২/১৫ ১৬ ¶১৫
যিহোৱা ঈশ্বৰৰ অনুমোদনে অনন্ত জীৱনলৈ লৈ যায়
ইস্ৰায়েলীসকলে যিহোৱা ঈশ্বৰলৈ বলিদান কৰা জীৱ-জন্তুবোৰৰ ভিতৰত গৰুৰ মূল্য আটাইতকৈ বেছি আছিল। সেইবাবে, “আমাৰ ওঁঠ ভতৰাস্বৰূপে উৎসৰ্গ কৰিম” বুলি কওঁতে যিহোৱাৰ প্ৰশংসাৰ বাবে কোৱা আন্তৰিকভাৱে আৰু ভাবি-চিন্তি কৰা কথা-বতৰাক বুজায়। আমাৰ ওঁঠেৰে কৰা প্ৰশংসাক যিহোৱা ঈশ্বৰে কেনে দৃষ্টিভংগীৰে চায়? তেওঁ এইদৰে বৰ্ণনা কৰে: “মই এনেই তেওঁবিলাকক প্ৰেম কৰিম।” (হোচে. ১৪:৪) যিসকল লোকে এনে বলিদান আগবঢ়ায়, যিহোৱা ঈশ্বৰে তেওঁলোকৰ পাপ ক্ষমা কৰে, তেওঁৰ অনুমোদন দিয়ে আৰু নিজৰ বন্ধু হিচাপে গ্ৰহণ কৰে।
(হোচেয়া ১৪:৯) জ্ঞানৱানে এইবোৰ কথা বুজিব, বুদ্ধিমানে এইবোৰ কথা জানিব; কিয়নো যিহোৱাৰ সকলো পথ সৰল, আৰু ধাৰ্ম্মিকবিলাকে সেইবোৰত গমন কৰিব, কিন্তু অধাৰ্ম্মিকবিলাকে সেইবোৰৰ মাজত উজুটি খাই পৰিব।
jd-E ৮৭ ¶১১
যিহোৱাৰ উচ্চ মানদণ্ড অনুসৰি তেওঁৰ সেৱা কৰক
হোচেয়া ১৪:৯ পদে এক ধাৰ্ম্মিকতাৰ পথত চলাৰ ভাল দিশবোৰৰ ওপৰতো আমাৰ ধ্যান আকৰ্ষণ কৰে। ঈশ্বৰৰ মানদণ্ড অনুসৰি জীৱন অতিবাহিত কৰাৰ বাবে আশীৰ্ব্বাদ আৰু কল্যাণ লাভ কৰিব পাৰি। সৃষ্টিকৰ্ত্তা হোৱাৰ বাবে তেওঁ আমাৰ গঠন ভালদৰে জানে। তেওঁ আমাৰপৰা যি বিচাৰে, সেয়া আমাৰ ভালৰ বাবে হয়। যিহোৱা ঈশ্বৰ আৰু আমাৰ মাজত থকা সম্পৰ্কৰ বিষয়ে বৰ্ণনা কৰিবলৈ আমি হয়তো এখন গাড়ী আৰু ইয়াৰ নিৰ্ম্মাণকৰ্ত্তাৰ বিষয়ে চিন্তা কৰিব পাৰোঁ। গাড়ীখন কেনেকৈ তৈয়াৰী কৰা হৈছে, তাৰ বিষয়ে নিৰ্ম্মাণকৰ্ত্তাজনে ভালদৰে জানে। তেওঁ জানে যে ইঞ্জিনৰ তেল কেতিয়া সলনি কৰাৰ প্ৰয়োজন। যদি আপুনি যুক্তি কৰে যে গাড়ীখন এতিয়ালৈকেতো ভালেই চলি আছে আৰু নিৰ্ম্মাণকৰ্ত্তাৰ এই নিয়ম পালন কৰাৰ কোনো প্ৰয়োজন নাই, তেনেহʼলে কি হʼব পাৰে? অতি সোনকালে ইঞ্জিনটো বেয়া হʼব আৰু অচল হৈ পৰিব। সেই একেই কথা মানুহৰ ক্ষেত্ৰটো প্ৰযোজ্য। আমাৰ সৃষ্টিকৰ্ত্তাই আমাক কিছুমান আজ্ঞা দিছে। সেইবোৰ পালন কৰিলে আমাৰ লাভ হʼব। (যিচয়া ৪৮:১৭, ১৮) যদি আমি তেওঁৰ আজ্ঞাবোৰক মূল্যাংকন কৰোঁ, তেনেহʼলে ইয়ে আমাক তেওঁৰ মানদণ্ড অনুসৰি জীৱন অতিবাহিত কৰিবলৈ আৰু তেওঁৰ আজ্ঞাবোৰ পালন কৰিবলৈ সহায় কৰিব।—গীতমালা ১১২:১.
আধ্যাত্মিক ৰত্ন বিচাৰক
(হোচেয়া ১০:১২) তোমালোকে তোমালোকৰ নিমিত্তে ধাৰ্ম্মিকতাত কঠীয়া বোৱা, আৰু দয়া অনুসাৰে দোৱা, পতিত ভূমি চহোৱা; কিয়নো, যিহোৱাই আহি তোমালোকৰ ওপৰত ধাৰ্ম্মিকতাৰূপ বৃষ্টি নবৰ্ষোৱালৈকে, তেওঁক বিচাৰিবৰ সময় আছে।
w০৫-E ১১/১৫ ২৮ ¶৭
“যিহোৱাৰ সকলো পথ সৰল”
যদি আমি অকপট আৰু সৰলভাৱে যিহোৱা ঈশ্বৰক উপাসনা কৰোঁ, তেনেহʼলে আমি তেওঁৰ দয়া আৰু বিশ্বস্ত প্ৰেম দেখিবলৈ পাম। বিপথে যোৱা ইস্ৰায়েলীসকলক এইদৰে কৈছিল: “তোমালোকে তোমালোকৰ নিমিত্তে ধাৰ্ম্মিকতাত কঠীয়া বোৱা, আৰু দয়া অনুসাৰে দোৱা, পতিত ভূমি চহোৱা; কিয়নো, যিহোৱাই আহি তোমালোকৰ ওপৰত ধাৰ্ম্মিকতাৰূপ বৃষ্টি নবৰ্ষোৱালৈকে, তেওঁক বিচাৰিবৰ সময় আছে।”—হোচেয়া ১০:১২.
(হোচেয়া ১১:১) ইস্ৰায়েলৰ লৰা কালত মই তাক স্নেহ কৰিছিলোঁ, আৰু মিচৰৰ পৰা মোৰ পুত্ৰক মাতি আনিছিলোঁ।
w১১-E ৮/১৫ ১০ ¶১০
তেওঁলোকে মচীহৰ বাবে অপেক্ষা কৰিছিল
ইস্ৰায়েলীসকলৰ দৰে, মচীহকো মিচৰৰপৰা মাতি অনা হʼব। (হোচে. ১১:১) হেৰোদে হত্যা কৰিবলৈ আদেশ দিয়াৰ আগতে এজন স্বৰ্গদূতে যোচেফ, মৰিয়ম আৰু যীচুক মিচৰলৈ যাবলৈ আজ্ঞা দিছিল। তেওঁলোকে “হেৰোদৰ মৃত্যুলৈকে সেই ঠাইতে থাকিল; মিচৰ দেশৰ পৰা মই মোৰ পুত্ৰক মাতিলোঁ, এই যি বচন ভাববাদীৰ [হোচেয়া] দ্বাৰাই প্ৰভুৱে কোৱাইছিল, এই বচন সিদ্ধ হবলৈ এইদৰে ঘটিল।” (মথি ২:১৩-১৫) নিঃসন্দেহ, যীচুৰ জন্ম আৰু বাল্যকালৰ বিষয়ে কৰা ভৱিষ্যতবাণীৰ ওপৰত তেওঁৰ কোনো নিয়ন্ত্ৰণ নাছিল।
বাইবেল পাঠ
(হোচেয়া ৮:১-১৪) বজাবলৈ তোমাৰ মুখত শিঙা দিয়া। যিহোৱাৰ গৃহৰ বিৰুদ্ধে কুৰৰ পক্ষীৰ নিচিনাকৈ শত্ৰু আহিছে; কিয়নো লোকবিলাকে মোৰ নিয়মটি লঙ্ঘন কৰিলে, আৰু মোৰ ব্যৱস্থাৰ অহিতে অধৰ্ম্ম-আচৰণ কৰিলে। ২ তেওঁবিলাকে মোৰ আগত কাতৰোক্তি কৰি কব, হে মোৰ ঈশ্বৰ, আমি ইস্ৰায়েলে তোমাক জানো। ৩ যি উত্তম, ইস্ৰায়েলে তাক দলিয়াই পেলালে; শত্ৰুৱে তাৰ পাছে পাছে খেদি যাব। ৪ তেওঁবিলাকে মোৰ অনুমতি নোলোৱাকৈ ৰজা পাতিলে; তেওঁবিলাকে মই নজনাকৈ অধিপতি নিযুক্ত কৰিলে, উচ্ছন্ন হবলৈ তেওঁবিলাকে তেওঁবিলাকৰ সোণ আৰু ৰূপেৰে নিজৰ নিমিত্তে মূৰ্ত্তি সাজিলে। ৫ হে চমৰিয়া, তোমাৰ দামুৰিৰ মূৰ্ত্তি ঘিণলগীয়া; তেওঁবিলাকৰ বিৰুদ্ধে মোৰ ক্ৰোধ প্ৰজ্বলিত হল; তেওঁবিলাক নিৰ্দ্দোষী হবলৈ কিমান কাল লাগিব? ৬ কিয়নো ইস্ৰায়েলৰ পৰা সেইটোও হৈছে; শিল্পকৰে তাক সাজিলে, কিন্তু সি ঈশ্বৰ নহয়; স্বৰূপেই, চমৰিয়াৰ দামুৰিৰ মূৰ্ত্তিটো ডোখৰ ডোখৰকৈ ভঙা হব। ৭ কিয়নো তেওঁবিলাকে বায়ুৰূপ গুটি বৈছে, আৰু বাʼমৰলী বতাহৰূপ গুটি দাব; সেইবোৰৰ গোচা নধৰিব, বা চেঁইত চাউল নধৰিব, বা চাউল ধৰিলেও বিদেশীবোৰে তাক গ্ৰাস কৰিব। ৮ ইস্ৰায়েলক গ্ৰাস কৰা হল; সম্প্ৰতি তেওঁবিলাক জাতিবিলাকৰ মাজত, লোকে ভাল নোপোৱা এটি পাত্ৰৰ নিচিনা হল। ৯ কিয়নো তেওঁবিলাক অকলশৰীয়া বনৰীয়া গাধৰ নিচিনাকৈ অচূৰলৈ উঠি গল; ইফ্ৰয়িমে প্ৰেমকাৰীবোৰক বেচ দিলে। ১০ যদিও তেওঁবিলাকে জাতিবিলাকৰ মাজত লোকবিলাকক বেচ দিলে, তথাপি মই অলপতে তেওঁবিলাকক গোটাই লৈ যাম; তেওঁবিলাক ৰাজাধিৰাজৰ শাসনভাৰত তাকৰ হবলৈ ধৰিব। ১১ ইফ্ৰয়িমে পাপ কৰিবলৈ অনেক যজ্ঞবেদি সাজিলে; এই হেতুকে যজ্ঞ বেদিবোৰ তালৈ পাপজনক হল। ১২ যদিও মই তাৰ নিমিত্তে মোৰ ব্যৱস্থাৰ দহ হাজাৰ কথা লিখোঁ, তথাপি সেইবোৰ বিজাতীয় কথা বুলি গণ্য হব। ১৩ উপহাৰস্বৰূপে দিয়া মোৰ বলিবোৰৰ বিষয়ে হলে, তেওঁবিলাকে মাংস উৎসৰ্গ কৰি খায় হয়, কিন্তু যিহোৱাই তেওঁবিলাকক গ্ৰহণ নকৰে। তেওঁ এতিয়া তেওঁবিলাকৰ অপৰাধ সোঁৱৰণ কৰি তেওঁবিলাকৰ পাপৰ প্ৰতিফল দিব; তেওঁবিলাক পুনৰায় মিচৰলৈ যাব। ১৪ কিয়নো ইস্ৰায়েলে নিজ সৃষ্টিকৰ্ত্তাক পাহৰি ঠায়ে ঠায়ে ৰাজগৃহ সাজিলে, আৰু যিহূদাই গড়েৰে আবৃত নগৰৰ সংখ্যা বৃদ্ধি কৰিলে; কিন্তু মই তাৰ নগৰবোৰত জুই লগাম, আৰু সেয়ে তাৰ অট্টালিকাবোৰ গ্ৰাস কৰিব।
অক্টোবৰ ৩০–নবেম্বৰ ৫
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | যোৱেল ১-৩
“তোমালোকৰ পো-জীবিলাকে ভাববাণী প্ৰচাৰ কৰিব”
(যোৱেল ২:২৮, ২৯) তাৰ পাছতে মই গোটেই মনুষ্যজাতিৰ ওপৰত মোৰ আত্মা বাকি দিম; তাতে তোমালোকৰ পো-জীবিলাকে ভাববাণী প্ৰচাৰ কৰিব, তোমালোকৰ বৃদ্ধবিলাকে সপোন দেখিব, আৰু তোমালোকৰ যুবাবিলাকে দৰ্শন পাব। ২৯ আৰু সেই কালত মই বন্দী-বেটীবিলাকৰ ওপৰতো মোৰ আত্মা বাকি দিম।
“ঈশ্বৰৰ মহৎ কৰ্ম্মৰ” দ্বাৰা উৎসাহিত হোৱা
পবিত্ৰ আত্মা পোৱাৰ পিছত যিৰূচালেমত থকা শিষ্যসকলে কোনো পলম নকৰাকৈ আনৰ আগত পৰিত্ৰাণৰ শুভবাৰ্ত্তাৰ বিষয়ে প্ৰচাৰ কৰিছিল আৰু তেওঁলোকে পঞ্চাশ-দিনীয়া পৰ্ব্বত উপস্থিত হʼবলৈ অহা লোকসমূহৰ পৰাই ইয়াৰ আৰম্ভণি কৰিলে। তেওঁলোকৰ এই প্ৰচাৰ কাৰ্য্যৰ সম্পৰ্কে অষ্টম শতিকাৰ পূৰ্ব্বেই পথূৱেলৰ পুত্ৰ যোৱেলৰ দ্বাৰা ভৱিষ্যতবাণী কৰা হৈছিল। সেই ভৱিষ্যতবাণীত এইদৰে কোৱা হৈছিল: “মই গোটেই মনুষ্যজাতিৰ ওপৰত মোৰ আত্মা বাকি দিম; তাতে তোমালোকৰ পো-জীবিলাকে ভাববাণী প্ৰচাৰ কৰিব, তোমালোকৰ বৃদ্ধবিলাকে সপোন দেখিব, আৰু তোমালোকৰ যুবাবিলাকে দৰ্শন পাব। আৰু সেই কালত মই বন্দী-বেটীবিলাকৰ ওপৰতো মোৰ আত্মা বাকি দিম। . . . যিহোৱাৰ সেই মহৎ আৰু ভয়ানক দিন অহাৰ আগেয়ে।”—যোৱেল ১:১; ২:২৮, ২৯, ৩১; পাঁচনিৰ কৰ্ম্ম ২:১৭, ১৮, ২০.
সেই ভৱিষ্যতবাণীৰ অৰ্থ এইটো আছিল নে যে ঈশ্বৰে ৰজা দায়ূদ, যোৱেল আৰু দবোৰা আদিৰ দৰে পুৰুষ আৰু স্ত্ৰীক সেই ভৱিষ্যতবাণীক পূৰ্ণ কৰিবলৈ পুনৰাই জীয়াই তুলিব? নিশ্চয়ে নহয়। খ্ৰীষ্টান ‘পুতেক, জীয়েক, দাস আৰু দাসীসকলে’ এই অৰ্থত ভৱিষ্যতবাণী কৰিব, কিয়নো যিহোৱাৰ পবিত্ৰ আত্মাই তেওঁলোকক “ঈশ্বৰৰ মহৎ কৰ্ম্ম” অৰ্থাৎ অতীতত, বৰ্তমান আৰু ভৱিষ্যতে কৰা কাৰ্য্যৰ বিষয়ে প্ৰচাৰ কৰিবলৈ প্ৰেৰিত কৰা হʼব। গতিকে তেওঁলোকে সেই সৰ্ব্বোপৰিজনাৰ প্ৰবক্তা হিচাবে কাৰ্য্য কৰিবলগা আছিল। ইয়াৰ প্ৰতি লোকসমূহে কেনে প্ৰতিক্ৰিয়া দেখুৱাইছিল?—ইব্ৰী ১:১, ২.
jd-E ১৬৭ ¶৪
“তোমালোকে জাতিবিলাকৰ মাজত এই কথা ঘোষণা কৰা”
আন এক দিশৰপৰা এই বিষয়ে বিবেচনা কৰক। যিহোৱা ঈশ্বৰে ভৱিষ্যতবক্তা যোৱেলক এনে এক সময়ৰ বিষয়ে বৰ্ণনা কৰিছিল, যেতিয়া এক প্ৰকাৰে সকলো লোকে ভৱিষ্যতবাণী কৰিব। তেওঁ এইদৰে কৈছিল “মই গোটেই মনুষ্যজাতিৰ ওপৰত মোৰ আত্মা বাকি দিম; তাতে তোমালোকৰ পো-জীবিলাকে ভাববাণী প্ৰচাৰ কৰিব, তোমালোকৰ বৃদ্ধবিলাকে সপোন দেখিব, আৰু তোমালোকৰ যুবাবিলাকে দৰ্শন পাব।” (যোৱেল ২:২৮-৩২) ৩৩ খ্ৰীষ্টাব্দৰ পেন্টাকোষ্টৰ দিনত যিৰূচালেমৰ এটা ঘৰৰ ওপৰ-কোঁঠালিত গোট খোৱা লোকসকলে পবিত্ৰ আত্মা পোৱা ঘটনাৰ লগত পাঁচনি পিতৰে এই বৃতান্ত প্ৰয়োগ কৰে। তাৰ পাছত এই লোকসকলে প্ৰচাৰ কাৰ্য্যৰ যোগেদি “ঈশ্বৰৰ মহৎ কৰ্ম্ম” প্ৰকাশ কৰে। (পাঁচনিৰ কৰ্ম্ম ১:১২-১৪; ২:১-৪, ১১, ১৪-২১) এতিয়া বৰ্তমান সময়ৰ বিষয়ে বিবেচনা কৰক। কুৰি শতিকাৰ আৰম্ভণিৰপৰা যোৱেলৰ ভৱিষ্যতবাণী বৃহৎ আকাৰত পূৰ হোৱা দেখিবলৈ পোৱা যায়। অভিষিক্ত পুৰুষ আৰু মহিলা, ডেকা আৰু বয়সীয়া আদি সকলোৱে “ভাববাণী” কৰিবলৈ আৰম্ভ কৰে, অৰ্থাৎ “ঈশ্বৰৰ মহৎ কৰ্ম্মৰ” বিষয়ে লোকসকলক জনায়। এই কাৰ্য্যত সেই ৰাজ্যৰ বিষয়ে শুভবাৰ্ত্তা জনোৱাৰ বিষয়ো জড়িত আছে যি ইতিমধ্যে স্বৰ্গত স্থাপন হয়।
(যোৱেল ২:৩০-৩২) মই আকাশমণ্ডলত আৰু পৃথিবীত তেজ, অগ্নি, ধূঁৱাস্তম্ভ এইবোৰ অদ্ভুত লক্ষণ দেখুৱাম। ৩১ যিহোৱাৰ সেই মহৎ আৰু ভয়ানক দিন অহাৰ আগেয়ে সূৰ্য্য অন্ধকাৰত আৰু চন্দ্ৰ তেজত পৰিবৰ্ত্তন হব। ৩২ যেয়ে যিহোৱাৰ নাম লব, তেওঁ উদ্ধাৰ পাব; কিয়নো, যিহোৱাই কোৱাৰ দৰে, পৰিত্ৰাণ পোৱাবিলাক, আৰু ৰক্ষা পোৱাবিলাকৰ মাজৰ যিমান লোকক যিহোৱাই আহ্বান কৰিব, সেই সকলো চিয়োন পৰ্ব্বতত আৰু যিৰূচালেমত থাকিব।
w০৭-E ১০/১ ১৩ ¶২
যোৱেল আৰু আমোচ কিতাপৰপৰা সাৰাংশ
২:৩২—‘যিহোৱাৰ নাম লোৱাৰ’ অৰ্থ কি? ঈশ্বৰৰ নাম লোৱাৰ অৰ্থ হৈছে তেওঁৰ নাম জনা, তেওঁৰ নামক সন্মান কৰা আৰু যাৰ এই নাম হয় তেওঁৰ ওপৰত সম্পূৰ্ণ ভৰসা কৰা।—ৰোমীয়া ১০:১৩, ১৪.
আধ্যাত্মিক ৰত্ন বিচাৰক
(যোৱেল ২:১২, ১৩) কিয়নো যিহোৱাৰ দিন মহৎ, আৰু অতি ভয়ানক; কোনে তাক সহন কৰিব পাৰে? তথাপি, যিহোৱাই কৈছে, এতিয়াও তোমালোকে তোমালোকৰ সমস্ত মনেৰে লঘোন, ত্ৰুন্দন, আৰু শোকেৰে মোলৈ ঘূৰা। ১৩ আৰু তোমালোকে তোমালোকৰ বস্ত্ৰ নিছিৰি, মন্হে ছিৰি তোমালোকৰ ঈশ্বৰ যিহোৱালৈ ঘূৰা; কিয়নো তেওঁ কৃপাময় আৰু স্নেহময়, ক্ৰোধত ধীৰ আৰু দয়াত মহান্, আৰু অমঙ্গলৰ পৰা নিজকে ঘূৰাওঁতা।
w০৭-E ১০/১ ১৩ ¶৫
যোৱেল আৰু আমোচ কিতাপৰপৰা সাৰাংশ
২:১২, ১৩. হৃদয়ৰপৰা কৰা অনুতাপ হৈছে প্ৰকৃত অনুতাপ। প্ৰকৃত অনুতাপত জড়িত আছে বাহিৰৰ “বস্ত্ৰ নিছিৰি” ভিতৰৰ ‘মন্হে ছিৰা’ উচিত।
(যোৱেল ৩:১৪) দণ্ডাজ্ঞা-সিদ্ধিৰ উপত্যকাত লোক জুমে জুমে আছে; কিয়নো দণ্ডাজ্ঞা-সিদ্ধিৰ উপত্যকাত দণ্ড দিব লগা যিহোৱাৰ দিন ওচৰ।
w০৭-E ১০/১ ১৩ ¶৩
যোৱেল আৰু আমোচ কিতাপৰপৰা সাৰাংশ
৩:১৪—‘দণ্ডাজ্ঞা-সিদ্ধিৰ উপত্যকা’ কি হয়? ই হৈছে যিহোৱা ঈশ্বৰে বিচাৰ কৰা এক লাক্ষণিক স্থান। সেইসময়ত যিহূদাৰ ৰজা আছিল যিহোচাফট আৰু তেওঁৰ এই নামৰ অৰ্থ হৈছে “যিহোৱাৰ বিচাৰ।” তেওঁৰ সময়ত যিহোৱা ঈশ্বৰে যিহূদাৰ চাৰিওফালে থকা জাতিবিলাকৰ সৈন্য-বাহিনীক বিভ্ৰান্ত জন্মাই যিহূদীসকলক উদ্ধাৰ কৰে। সেইবাবে, সেই ঠাইখনক ‘যিহোচাফট উপত্যকা’ বুলিও কোৱা হয়। (যোৱেল ৩:২, ১২) বৰ্তমান সময়ত, ই হৈছে এক লাক্ষণিক স্থান, যʼত যিহোৱা ঈশ্বৰে দ্ৰাক্ষাৰসৰ পেৰা-শালত গচকাৰ দৰে জাতিবিলাকক গচকিব।—প্ৰকাশিত বাক্য ১৯:১৫.
বাইবেল পাঠ
(যোৱেল ২:২৮–৩:৮) তাৰ পাছতে মই গোটেই মনুষ্যজাতিৰ ওপৰত মোৰ আত্মা বাকি দিম; তাতে তোমালোকৰ পো-জীবিলাকে ভাববাণী প্ৰচাৰ কৰিব, তোমালোকৰ বৃদ্ধবিলাকে সপোন দেখিব, আৰু তোমালোকৰ যুবাবিলাকে দৰ্শন পাব। ২৯ আৰু সেই কালত মই বন্দী-বেটীবিলাকৰ ওপৰতো মোৰ আত্মা বাকি দিম। ৩০ মই আকাশমণ্ডলত আৰু পৃথিবীত তেজ, অগ্নি, ধূঁৱাস্তম্ভ এইবোৰ অদ্ভুত লক্ষণ দেখুৱাম। ৩১ যিহোৱাৰ সেই মহৎ আৰু ভয়ানক দিন অহাৰ আগেয়ে সূৰ্য্য অন্ধকাৰত আৰু চন্দ্ৰ তেজত পৰিবৰ্ত্তন হব। ৩২ যেয়ে যিহোৱাৰ নাম লব, তেওঁ উদ্ধাৰ পাব; কিয়নো, যিহোৱাই কোৱাৰ দৰে, পৰিত্ৰাণ পোৱাবিলাক, আৰু ৰক্ষা পোৱাবিলাকৰ মাজৰ যিমান লোকক যিহোৱাই আহ্বান কৰিব, সেই সকলো চিয়োন পৰ্ব্বতত আৰু যিৰূচালেমত থাকিব।
৩ কিয়নো চোৱা, সেইবোৰ দিনত আৰু সেই সময়ত, যেতিয়া মই যিহূদাৰ আৰু যিৰূচালেমৰ বন্দী-অৱস্থা পৰিবৰ্ত্তন কৰিম, ২ তেতিয়া মই আটাই জাতিক গোটাই যিহোচাফট [যিহোৱাৰ বিচাৰ] উপত্যকালৈ নমাই আনিম; আৰু মোৰ প্ৰজা ও আধিপত্য যি ইস্ৰায়েলক সিহঁতে জাতিবিলাকৰ মাজত ছিন্ন-ভিন্ন কৰিলে, আৰু মোৰ দেশ ভাগ বাঁটি ললে, মই সেই ইস্ৰায়েলৰ অৰ্থে তাত সিহঁতে সৈতে প্ৰতিবাদ কৰিম; ৩ সিহঁতে মোৰ প্ৰজাবিলাকৰ নিমিত্তে চিঠী-খেলালে, লৰা দি বেশ্যা ললে, আৰু পান কৰিবৰ অভিপ্ৰায়েৰে ছোৱালী দি দ্ৰাক্ষাৰস কিনিলে। ৪ আৰু হে তূৰ, চীদোন, আৰু পলেষ্টীয়াবিলাকৰ আটাই অঞ্চল, মোৰ আগত তোমালোক কি? তোমালোকে মোৰ ওপৰত প্ৰতিকাৰ সাধিব খুজিছা নে? যদি তোমালোকে মোৰ ওপৰত প্ৰতিকাৰ সাধা, তেন্তে মই বেগেৰে অতি শীঘ্ৰে, তোমালোকে সধা প্ৰতিকাৰৰ প্ৰতিফল তোমালোকৰ মূৰৰ ওপৰত দিম। ৫ কিয়নো তোমালোকে মোৰ ৰূপ আৰু সোণ নিলা, আৰু তোমালোকৰ মন্দিৰবোৰলৈ মোৰ উত্তম উত্তম মনোহৰ বস্তু লৈ গলা; ৬ তোমালোকে যিহূদাৰ আৰু যিৰূচালেমৰ সন্তানবিলাকক তেওঁবিলাকৰ সীমাৰ পৰা দূৰ কৰিবৰ নিমিত্তে যাবনৰ সন্তানবিলাকৰ গুৰিত তেওঁবিলাকক বেচিলা। ৭ কিন্তু চোৱা যি ঠাইত তোমালোকে তেওঁবিলাকক বেচিলা, সেই ঠাইৰ পৰা মই তেওঁবিলাকক সাৰ পোওৱাই উদ্ধাৰ কৰিম, আৰু তোমালোকে সধা প্ৰতিকাৰৰ প্ৰতিফল মই তোমালোকৰ মূৰৰ ওপৰত দিম। ৮ আৰু তেমোলোকৰ পো-জীবোৰক যিহূদাৰ সন্তানবিলাকৰ হাতত বেচিম, আৰু তেওঁবিলাকে সিহঁতক দূৰত থকা জাতি চিবায়ীয়া লোকবিলাকৰ গুৰিত বেচিব; কিয়নো যিহোৱাই ইয়াক কলে।