নবেম্বৰ—জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা
নবেম্বৰ ৬-১২
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | আমোচ ১-৯
“যিহোৱাক বিচাৰি জীয়াই থাকা”
(আমোচ ৫:৪) কাৰণ যিহোৱাই ইস্ৰায়েল-বংশক এই কথা কৈছে, তোমালোকে মোক বিচাৰ কৰি জীয়াই থাকা।
(আমোচ ৫:৬) যিহোৱাক বিচাৰি জীয়াই থাকা; নহলে তেওঁ যোচেফ-বংশত অগ্নিৰ দৰে লাগি তাক গ্ৰাস কৰিব, আৰু তাক নুমাব পৰা বৈৎ-এলত কোনো নহব।
হৃদয় পৰীক্ষা কৰোঁতা যিহোৱা ঈশ্বৰক অন্বেষণ কৰক
সেই সময়ত বাস কৰা এজন ইস্ৰায়েল ব্যক্তিৰ বাবে ধাৰ্ম্মিকতাৰ পথত চলি থকাটো কোনো সহজ কথা নাছিল। সেইদৰে বৰ্তমান ডেকা বা বয়সস্থ খ্ৰীষ্টান ব্যক্তিৰ বাবেও ধাৰ্ম্মিকতাৰ পথত চলি থকাটো সিমানেই কষ্টসাধক। তথাপিও আমি জানো যে ঈশ্বৰৰ প্ৰেম আৰু তেওঁক সন্তুষ্ট কৰা ইচ্ছাই কিছুমান খ্ৰীষ্টানক সত্য উপাসনাত লাগি থাকিবলৈ সহায় কৰিলে। ফলস্বৰূপে, যিহোৱাই তেওঁলোকলৈ যি আমন্ত্ৰণ দিছিল, তাৰ বিষয়ে আমোচ ৫:৪ পদত এইদৰে কৈছে: “তোমালোকে মোক বিচাৰ কৰি জীয়াই থাকা।” সেইদৰে বৰ্তমান যিসকলে ঈশ্বৰৰ বিষয়ে যথাৰ্থ জ্ঞান লৈ তাৰ অনুসাৰে চলিবলৈ প্ৰচেষ্টা কৰিছে, তেওঁলোককো তেওঁ দয়া দেখুৱাইছে। ধাৰ্ম্মিকতাৰ পথত চলাটো যদিও এজন ব্যক্তিৰ বাবে কষ্টকৰ, তথাপিও তেনে প্ৰচেষ্টা কৰাৰ পৰিণাম হৈছে উত্তম ফলাফল অৰ্থাৎ অনন্তকলীয়া জীৱন।—যোহন ১৭:৩.
(আমোচ ৫:১৪, ১৫) তোমালোকে জীয়াই থাকিবৰ নিমিত্তে বেয়া নিবিচাৰি ভালহে বিচাৰা; তাতে, তোমালোকে কোৱাৰ দৰে বাহিনীবিলাকৰ ঈশ্বৰ যিহোৱা তোমালোকৰ লগত থাকিব। ১৫ তোমালোকে বেয়াক ঘিণ কৰা, ভালক ভাল পোৱা, আৰু নগৰৰ দুৱাৰত সুবিচাৰ স্থাপন কৰা; কিজানি বাহিনীবিলাকৰ ঈশ্বৰ যিহোৱাই যোচেফৰ অৱশিষ্ট ভাগলৈ দয়ালু হব পাৰে।
jd-E ৯০-৯১ ¶১৬-১৭
যিহোৱাৰ উচ্চ মানদণ্ড অনুসৰি তেওঁৰ সেৱা কৰক
প্ৰথম মানৱ আদমে ভাল আৰু বেয়াৰ বিষয়ে ভুল নিৰ্ণয় কৰি মুৰ্খতাৰ কাম কৰিছিল। আমি বুদ্ধিমতাৰে নিৰ্ণয় কৰিমনে? আমোচে আমাক এই বিষয়টো গভীৰভাৱে লʼবলৈ পৰামৰ্শ দিছে: “বেয়াক ঘিণ কৰা, ভালক ভাল পোৱা।” (আমোচ ৫:১৫) উইলিয়াম ৰেনী হৰ্পাৰ ছিকাগো বিশ্ববিদ্যালয়ৰ অধ্যক্ষ আছিল। তেওঁ এই পদৰ বিষয়ে কৈছিল, “ভাল আৰু বেয়াৰ বিষয়ে [আমোচৰ] মানদণ্ড ইয়াওৱে ইচ্ছাৰ অনুসৰি আছিল।” ই এক গুৰুত্বপূৰ্ণ বিষয়, যি আমি ১২ জন ভৱিষ্যতবক্তাৰপৰা শিকিব পাৰোঁ। ভাল আৰু বেয়াৰ বিষয়ে থকা যিহোৱাৰ মানদণ্ড আমি গ্ৰহণ কৰিবলৈ ইচ্ছা কৰোঁনে? যিহোৱাৰ উচ্চ মানদণ্ডবোৰ পবিত্ৰ শাস্ত্ৰ বাইবেলত উল্লেখ কৰা হৈছে আৰু ইয়াৰ বিষয়ে পৰিপক্ক খ্ৰীষ্টান অৰ্থাৎ ‘বিশ্বাসী বুদ্ধিমান দাসে’ বিতংভাৱে বৰ্ণনা কৰিছে।—মথি ২৪:৪৫-৪৭.
যদি আমি বেয়াক ঘিণ কৰোঁ, তেনেহʼলে যিহোৱাই ঘিণ কৰা বিষয়বোৰৰপৰা আঁতৰি থাকিবলৈ সক্ষম হʼম। উদাহৰণস্বৰূপে, এজন ব্যক্তিয়ে হয়তো জানে যে ইণ্টাৰনেটত অশ্লীল ছবি চোৱাটো বিপদজনক হʼব পাৰে আৰু সেইবাবে তেওঁ সেইবোৰ উপভোগ কৰাৰপৰা আঁতৰি থাকে। কিন্তু মন কৰিবলগীয়া কথা যে তেওঁৰ ‘আন্তৰিক পুৰুষে’ অশ্লীল ছবিবোৰৰ বিষয়ে কেনে অনুভৱ কৰে? তেওঁ এই ছবিবোৰক হৃদয়ৰপৰা ঘিণ কৰেনে? (ইফিচীয়া ৩:১৬) আমোচ ৫:১৫ পদত দিয়া পৰামৰ্শ পালন কৰিলে, বেয়া বিষয়বোৰ ঘিণ কৰিবলৈ তেওঁৰ বাবে সহজ হʼব।
আধ্যাত্মিক ৰত্ন বিচাৰক
(আমোচ ২:১২) কিন্তু তোমালোকে সেই নাচৰীয়াবিলাকক দ্ৰাক্ষাৰস পান কৰালা, আৰু ভাববাণী প্ৰচাৰ কৰিবলৈ সেই ভাববাদীবিলাকক নিষেধ কৰিলা।
w০৭-E ১০/১ ১৪ ¶৮
যোৱেল আৰু আমোচ কিতাপৰপৰা সাৰাংশ
২:১২. অগ্ৰগামী সেৱক, ট্ৰেভেলিং অভাৰচিয়াৰ, মিছনাৰী আৰু বেথেল পৰিয়ালৰ সদস্যসকলে যিহোৱাৰ সেৱাত কঠিন পৰিশ্ৰম কৰে। আমি তেওঁলোকক নিজৰ সেৱা ত্যাগ কৰি, আন লোকসকলৰ দৰে জীৱন অতিবাহিত কৰিবলৈ কোৱাৰ যোগেদি তেওঁলোকক নিৰুৎসাহ কৰা উচিত নহয়। ইয়াৰ পৰিৱৰ্তে, আমি তেওঁলোকে কৰি থকা ভাল কামৰ বাবে উৎসাহিত কৰা উচিত।
(আমোচ ৮:১, ২) প্ৰভু যিহোৱাই মোক এইদৰে দেখুৱালে, চোৱা, এপাচি পকা গুটি। আৰু তেওঁ কলে, হে আমোচ, তুমি কি দেখিছা? ২ তাতে মই কলোঁ, এপাচি পকা গুটি। তেতিয়া যিহোৱাই মোক কলে, মোৰ প্ৰজা ইস্ৰায়েল লোকবিলাকৰ অন্ত উপস্থিত, মই তেওঁবিলাকক আৰু ক্ষমা নকৰিম।
w০৭-E ১০/১ ১৪ ¶৬
যোৱেল আৰু আমোচ কিতাপৰপৰা সাৰাংশ
৮:১, ২—‘এপাচি পকা গুটিয়ে’ কি চিত্ৰিত কৰে? ইয়ে যিহোৱাৰ বিচাৰৰ দিন ওচৰ চপাক চিত্ৰিত কৰে। পকা শস্য বছৰৰ শেষৰ সময়ছোৱাত চপোৱা হয়। যেতিয়া আমোচক যিহোৱা ঈশ্বৰে ‘এপাচি পকা গুটি’ দেখুৱাইছিল, তেতিয়া তেওঁ বুজাব বিচাৰিছিল যে ইস্ৰায়েল জাতিৰ শেষ সময়ছোৱা ওচৰ চাপিছে। সেইবাবে, যিহোৱাই আমোচক এইদৰে কৈছিল: “মোৰ প্ৰজা ইস্ৰায়েল লোকবিলাকৰ অন্ত উপস্থিত, মই তেওঁবিলাকক আৰু ক্ষমা নকৰিম।”
বাইবেল পাঠ
(আমোচ ৪:১-১৩) চমৰিয়া পৰ্ব্বতত বাস কৰা, দুখীয়াক অত্যাচাৰ কৰা, দীনহীনক চূৰ্ণ কৰা, আৰু “আনা, আমি পান কৰোহঁক,” এই বুলি নিজ নিজ স্বামীক কোৱা হে বাচানীয়া গাইবোৰ, তোমালোকে এই বাক্য শুনা। ২ প্ৰভু যিহোৱাই নিজ পবিত্ৰতাৰ শপত খাই কৈছে, চোৱা, যি দিনা লোকে হাঁকোটাৰে তোমালোকক আৰু বৰশীৰে তোমালোকৰ অৱশিষ্ট ভাগক নিব সেই দিন তোমালোকলৈ আহিছে। ৩ আৰু তোমালোক প্ৰতিজনীয়ে পোনে পোনে গড়ৰ ভঙাইদি ওলাই যাবা; আৰু যিহোৱাই কৈছে, তোমালোকক হৰ্মোনত পেলোৱা হব। ৪ তোমালোকে বৈৎ-এললৈ গৈ অপৰাধ কৰা, গিল্গললৈ গৈ অপৰাধ বৃদ্ধি কৰা, আৰু প্ৰতি ৰাতিপুৱা তোমালোকৰ বলি, আৰু তিন দিনে তিন দিনে তোমালোকৰ দহ ভাগৰ এভাগ আনা। ৫ তোমালোকে ধন্যবাদৰ অৰ্থে খমিৰ দিয়া বস্তুৰ কিছু দাহ কৰা, আৰু ইচ্ছামতে দিয়া উপহাৰৰ বিষয়ে প্ৰচাৰ আৰু ঘোষণা কৰা; কিয়নো, হে ইস্ৰায়েলৰ সন্তানবিলাক, প্ৰভু যিহোৱাই কৈছে, তোমালোকে এইদৰে কৰিবলৈ ভাল পোৱা। ৬ মই তোমালোকৰ সকলো নগৰত দাঁতৰ নিৰ্ম্মলতাও দিলোঁ, আৰু তোমালোকৰ সকলো ঠাইত অন্নৰ অভাৱ কৰিলোঁ; তথাপি, যিহোৱাই কৈছে, তোমালোকে মোলৈ ঘূৰা নাই। ৭ শস্য দাবলৈ তিনি মাহ থাকোঁতেই মই তোমালোকৰ পৰা বৰষুণো আটক কৰিলোঁ; মই এখন নগৰত বৰষালোঁ; আনখনত নবৰ্ষালোঁ; এডোখৰ ভূমিত বৰষুণ দিয়া হল, আৰু বৰষুণ নিদিয়া ভূমিডোখৰ শুকাই গল। ৮ তাতে দুই তিনিখন নগৰৰ মানুহ এখন নগৰলৈ পানী খাবৰ নিমিত্তে ঢলংপলং কৰি গল, কিন্তু তৃপ্ত নহল; তথাপি যিহোৱাই কৈছে, তোমালোকে মোলৈ ঘূৰা নাই। ৯ মই তোমালোকৰ শস্য ককৰ্ত্তনীয়া আৰু ৰঙামূৰীয়া পেলাই তোমালোকক আঘাত কৰিলোঁ; তোমালোকৰ উদ্যানসমূহ, দ্ৰাক্ষাবাৰীবোৰ, ডিমৰু আৰু জিত গছবোৰ কুটি খোৱা ফৰিঙে খালে; তথাপি, যিহোৱাই কৈছে, তোমালোকে মোলৈ ঘূৰা নাই। ১০ মই মিচৰৰ নিচিনাকৈ তোমালোকৰ মাজলৈ মহামাৰী পঠালোঁ, তোমালোকৰ ডেকাবিলাকক তৰোৱালৰ দ্বাৰাই বধ কৰিলোঁ, তোমালোকৰ ঘোঁৰাবোৰ লৈ গলোঁ, আৰু তোমালোকৰ ছাউনিৰ পৰা দুৰ্গন্ধ উলিয়াই তোমালোকৰ নাকত সুমুৱালোঁ; তথাপি যিহোৱাই কৈছে, তোমালোকে মোলৈ ঘূৰা নাই। ১১ ঈশ্বৰে চদোম আৰু ঘমোৰাত উৎপাত কৰাদি মই তোমালোকৰ মাজত উৎপাত কৰিলোঁ, তোমালোক জুইৰ পৰা উলিওৱা আধা পোৰা কাঠ যেন হলা; তথাপি, যিহোৱাই কৈছে, তোমালোকে মোলৈ ঘূৰা নাই। ১২ হে ইস্ৰায়েল, এই কাৰণে মই তোমালৈ এইদৰে ব্যৱহাৰ কৰিম; আৰু মই তোমালৈ এইদৰে ব্যৱহাৰ কৰিম দেখি, হে ইস্ৰায়েল, তুমি তোমাৰ ঈশ্বৰৰ লগত সাক্ষাৎ কৰিবলৈ যুগুত হোৱা। ১৩ কাৰণ চোৱা, যি জনাই পৰ্ব্বতবোৰ নিৰ্ম্মাণ কৰিলে, বায়ু সৃষ্টি কৰিলে, আৰু মানুহৰ আগত তাৰ ভাব প্ৰকাশ কৰে, যি জনাই ৰাতিপুৱা ডাৱৰ কৰে আৰু পৃথিবীৰ উচ্চস্থানবোৰত অহা-যোৱা কৰে, তেওঁৰ নাম বাহিনীবিলাকৰ ঈশ্বৰ যিহোৱা।
নবেম্বৰ ১৩-১৯
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | ওবদিয়া ১–যোনা ৪
“নিজৰ ভুলৰপৰা শিকক”
(যোনা ৩:১-৩) পাছে দ্বিতীয়বাৰ যোনালৈ যিহোৱাৰ বাক্য আহিল, বোলে, ২ তুমি উঠি সেই মহানগৰ নীনবিলৈ গৈ, যি কথা মই তোমাক প্ৰচাৰ কৰিবলৈ কম, তাক সিহঁতৰ আগত প্ৰচাৰ কৰা। ৩ তেতিয়া যোনা উঠি যিহোৱাৰ বাক্য অনুসাৰে নীনবিলৈ গল। নীনবি অতিশয় বৃহৎ, তিনদিনীয়া বাটৰ নগৰ।
Ia-E ১১৪ ¶২২-২৩
তেওঁ নিজৰ ভুলৰপৰা শিক্ষা পালে
যোনাৰ বিষয়ে কি কʼব পাৰি? তেওঁ যিহোৱাৰ আজ্ঞা পালন কৰি কৃতজ্ঞতা দেখুৱাবলৈ শিকিলেনে? তেওঁ শিকিলে। তিনি দিন আৰু তিনি ৰাতিৰ পাছত মাছটোৱে যোনাক “বামত উকুলিয়াই দিলে।” (যোনা ২:১০) আনকি বামলৈ যোৱাৰ বাবে যোনাক সাঁতুৰিব লগা নহʼল। কিন্তু এইটো সঁচা যে সমুদ্ৰৰ তীৰৰপৰা তেওঁক হয়তো পথ বিচাৰিব লগা হৈছিল। যিহোৱাৰ প্ৰতি কৃতজ্ঞতা দেখুৱাবলৈ যোনাই পুনৰ সুযোগ পালে। যোনা ৩:১, ২ পদত এইদৰে উল্লেখ আছে: “দ্বিতীয়বাৰ যোনালৈ যিহোৱাৰ বাক্য আহিল, বোলে, তুমি উঠি সেই মহানগৰ নীনবিলৈ গৈ, যি কথা মই তোমাক প্ৰচাৰ কৰিবলৈ কম, তাক সিহঁতৰ আগত প্ৰচাৰ কৰা।” এইবাৰ যোনাই কি কৰিলে?
এইবাৰ যোনাৰ মনত কোনো দ্বিধা নাছিল। শাস্ত্ৰই স্পষ্টৰূপে বৰ্ণনা কৰিছে যে “যোনা উঠি যিহোৱাৰ বাক্য অনুসাৰে নীনবিলৈ গল।” (যোনা ৩:৩) যোনাই ঈশ্বৰৰ আজ্ঞা পালন কৰিলে। তেওঁ নিশ্চয় নিজৰ ভুলৰপৰা শিক্ষা লাভ কৰিলে। এই ক্ষেত্ৰত আমিও যোনাৰ বিশ্বাসকক অনুকৰণ কৰা উচিত। আমি সকলোৱে পাপী হোৱাৰ বাবে ভুল কৰোঁ। (ৰোম. ৩:২৩) কিন্তু আমি ইয়াৰ বাবে আশাহীন হৈ পৰোঁ, নে আমি আমাৰ ভুলৰপৰা শিক্ষা লাভ কৰোঁ? যিহোৱাৰ আজ্ঞা পালন কৰি আমি তেওঁৰ সেৱা কৰিবলৈ ঘূৰি আহোঁনে?
আধ্যাত্মিক ৰত্ন বিচাৰক
(ওবদিয়া ১০) কিন্তু তোমাৰ ভাই যাকোবলৈ কৰা অত্যাচাৰৰ নিমিত্তে লাজে তোমাক ঢাকিব, আৰু তুমি চিৰকাললৈকে উচ্ছন্ন হবা।
w০৭-E ১১/১ ১৩ ¶৫
ওবদিয়া, যোনা আৰু মীখা কিতাপৰপৰা সাৰাংশ
১০—ইদোমক কেনেকৈ “চিৰকাললৈকে উচ্ছন্ন” কৰা হৈছিল? ভৱিষ্যতবাণীত বৰ্ণনা কৰা অনুসৰি ইদোম ৰাষ্ট্ৰ, ইয়াৰ চৰকাৰ আৰু লোকসকলেৰে সৈতে বিনাশ হৈছিল। বাবিলৰ ৰজা নাবনিডাচে খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতিকাৰ মাজভাগত ইদোমৰ ওপৰত জয়লাভ কৰিছিল। ইয়াৰ পাছত খ্ৰীষ্টপূৰ্ব চতুৰ্থ শতিকাৰ সময়ছোৱাত নাবতীয়াসকলে ইদোমৰ ঠাইবোৰ অধিকাৰ কৰি লʼলে। সেইবাবে ইদোমৰ লোকসকলে বাধ্য হৈ যিহূদাৰ দক্ষিণ ভাগত গেনেব নামৰ ঠাইত থাকিবলৈ লʼলে, যি পাছলৈ ইদোমীয়া নামেৰে জনাজাত হৈ পৰিল। ৭০ খ্ৰীষ্টাব্দত যেতিয়া ৰোমানসকলে যিৰূচালেমক ধ্বংস কৰিছিল, তেতিয়া ইদোম লোকসকলৰ অস্তিত্ব নাইকিয়া হৈ পৰিল।
(ওবদিয়া ১২) তোমাৰ ভায়েৰাৰ দিনা, তাৰ বিষম দুৰ্দ্দশাৰ দিনা তুমি তালৈ সন্তুষ্ট মনেৰে নাচাবা, আৰু যিহূদাৰ সন্তানবিলাকৰ বিনাশৰ দিনা তেওঁবিলাকৰ ওপৰত আনন্দ নকৰিবা, বা দুখৰ দিনা গৰ্ব্বেৰে কথা নকবা।
jd-E ১১২ ¶৪-৫
ঈশ্বৰে বিচৰা অনুসৰি লোকসকলৰ লগত ব্যৱহাৰ কৰক
ইস্ৰায়েল ৰাষ্ট্ৰৰ ওচৰত থকা ইদোমক যিহোৱা ঈশ্বৰে যেনেকৈ ত্যাগ কৰিলে, তাৰপৰা আমি শিক্ষা লাভ কৰিব পাৰোঁ। তেওঁ এইদৰে কৈছিল: “তোমাৰ ভায়েৰাৰ দিনা, তাৰ বিষম দুৰ্দ্দশাৰ দিনা তুমি তালৈ সন্তুষ্ট মনেৰে নাচাবা, আৰু যিহূদাৰ সন্তানবিলাকৰ বিনাশৰ দিনা তেওঁবিলাকৰ ওপৰত আনন্দ নকৰিবা, বা দুখৰ দিনা গৰ্ব্বেৰে কথা নকবা।” (ওবদিয়া ১২) তূৰীয়া লোকসকলে হয়তো বেহা-বেপাৰৰ ক্ষেত্ৰত ইস্ৰায়েলীসকলৰ “ভায়েৰাৰ” দৰে আছিল। কিন্তু ইদোমৰ লোকসকল, ইস্ৰায়েলীসকলৰ প্ৰকৃত “ভাই” আছিল। কিয়নো তেওঁলোক যাকোবৰ ভাই, এচৌৰ বংশধৰ আছিল। যিহোৱা ঈশ্বৰেও ইদোমৰ লোকসকলক ইস্ৰায়েলীসকলৰ “ভাই” বুলি কৈছিল। (দ্বিতীয় বিবৰণ ২:১-৪) যেতিয়া যিহূদীসকলে বাবিলৰ দাসত্বৰ অধীনত হৈছিল, তেতিয়া ইদোমৰ লোকসকলে আনন্দিত হোৱাটো কিমান যে দুখৰ বিষয় আছিল!—যিহিষ্কেল ২৫:১২-১৪.
ইয়াৰপৰা বুজিব পৰা যায় যে ইদোমৰ লোকসকলে তেওঁলোকৰ যিহূদী ভাইসকলৰ লগত যিদৰে ব্যৱহাৰ কৰিছিল, তাক ঈশ্বৰে ভাল পোৱা নাছিল। আমি নিজকে এইদৰে সুধিব পাৰোঁ: ‘মই ভাইসকলৰ লগত যিদৰে ব্যৱহাৰ কৰোঁ, তাক দেখি ঈশ্বৰে কেনে অনুভৱ কৰে?’ উদাহৰণস্বৰূপে, যেতিয়া কোনো এজন ভাইয়ে আমাক আঘাত কৰে অথবা আপোনাৰ কোনো সম্বন্ধীয় লোকৰ লগত কিবা সমস্যা হয়, তেতিয়া আমি কেনে দৃষ্টিৰে চাওঁ আৰু তেওঁৰ লগত কেনে ব্যৱহাৰ কৰোঁ? যদি আপোনাৰ ওচৰত সঁচাকৈ “কোনো জনৰ বিৰুদ্ধে কোন জনৰ দোষ দিবৰ কাৰণ থাকে,” তেতিয়াও আপুনি তেওঁক ক্ষমা কৰিবনে? (কলচীয়া ৩:১৩; যিহূচোৱা ২২: ৯-৩০; মথি ৫:২৩, ২৪) যদি আপুনি মনত আখেজ পুহি ৰাখে, তেনেহʼলে সেই ভাইজনৰ প্ৰতি আপোনাৰ ব্যৱহাৰ সলনি হʼব। আপুনি হয়তো এইদৰে দেখুৱাব যে আপোনালোকৰ মাজত একোৱেই হোৱা নাই। কিন্তু আপুনি হয়তো তেওঁৰ লগত কথা-বতৰা হʼবলৈ সংকোচ কৰে বা আনৰ ওচৰত তেওঁৰ বিষয়ে অভিযোগ কৰে। যদি পাছলৈ সেই ভাইজনে কিবা ভুল কৰে আৰু মণ্ডলীৰ প্ৰাচীনসকলে তেওঁক শুধৰণি কৰাৰ বাবে পৰামৰ্শ আগবঢ়ায়, তেতিয়া আপুনি ইদোমৰ লোকসকলৰ দৰে ব্যৱহাৰ কৰিব নেকি? (গালাতীয়া ৬:১) আপুনি এই ভাইজনৰ পৰিস্থিতি দেখি আনন্দিত হʼব নেকি? এই পৰিস্থিতিত ঈশ্বৰে আপোনাৰপৰা কি আশা কৰিব পাৰে?
বাইবেল পাঠ
(যোনা ৩:১-১০) পাছে দ্বিতীয়বাৰ যোনালৈ যিহোৱাৰ বাক্য আহিল, বোলে, ২ তুমি উঠি সেই মহানগৰ নীনবিলৈ গৈ, যি কথা মই তোমাক প্ৰচাৰ কৰিবলৈ কম, তাক সিহঁতৰ আগত প্ৰচাৰ কৰা। ৩ তেতিয়া যোনা উঠি যিহোৱাৰ বাক্য অনুসাৰে নীনবিলৈ গল। নীনবি অতিশয় বৃহৎ, তিনদিনীয়া বাটৰ নগৰ। ৪ পাছে যোনাই নগৰত সোমাই, নীনবি চল্লিশ দিনৰ মূৰত নষ্ট হব, এই বুলি প্ৰচাৰ কৰি কৰি এদিনৰ বাট গল। ৫ তাতে নীনবিৰ মানুহবিলাকে ঈশ্বৰত বিশ্বাস কৰি উপবাস ঘোষণা কৰিলে, আৰু ডাঙৰৰ পৰা সৰুলৈকে সকলোৱে চট কাপোৰ পিন্ধিলে। ৬ আৰু সেই বাৰ্ত্তা নীনবিৰ ৰজাৰ কাণত পৰিলত, তেওঁ সিংহাসনৰ পৰা উঠি, গাৰ পৰা ৰাজবস্ত্ৰ সোলোকাই চট কাপোৰ পিন্ধি ছাইত বহিল। ৭ আৰু নীনবিৰ সকলোতে ৰজাৰ আৰু তেওঁৰ মন্ত্ৰীবিলাকৰ আজ্ঞাত এই কথা প্ৰচাৰ কৰা হল, যে, মানুহ কি পশুৱে, আৰু গৰুৰ জাক কি মেৰৰ জাকে কোনো বস্তুৰ আস্বাদ নলওক; সিহঁতে আহাৰ কি পানী নাখাওক; ৮ কিন্তু মানুহ আৰু পশু সকলোৱে গাত চট কাপোৰ লওক, আৰু ঈশ্বৰৰ আগত উচ্চ স্বৰেৰে কাতৰোক্তি কৰক, এনে কি, সিহঁত প্ৰত্যেকে নিজ নিজ মন্দ পথৰ পৰা ঘূৰক। ৯ কোনে জানে? ঈশ্বৰে ঘূৰি মন পালটাব পাৰে, আৰু আমি বিনষ্ট নহবৰ নিমিত্তে তেওঁৰ প্ৰচণ্ড ক্ৰোধৰ পৰা ক্ষান্ত হব পাৰে। ১০ তেতিয়া ঈশ্বৰে সিহঁতক নিজ নিজ মন্দ পথৰ পৰা ঘূৰা দেখি, সিহঁতলৈ তেওঁ মনস্থ কৰা অমঙ্গলৰ পৰা মন পালটালে, তাক নকৰিলে।
নবেম্বৰ ২০-২৬
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | মীখা ১-৭
(মীখা ৬:৬, ৭) মই কি লৈ যিহোৱাৰ আগলৈ যাম, আৰু সৰ্ব্বোপৰি ঈশ্বৰক প্ৰণাম কৰিম? মই হোম-বলি স্বৰূপে এবছৰীয়া দামুৰি লৈ তেওঁৰ আগলৈ যাম নে? ৭ হাজাৰ হাজাৰ ভেড়া, বা অযুত অযুত তেলৰ সুঁতাত যিহোৱা সন্তুষ্ট হব নে? মোৰ অপৰাধৰ নিমিত্তে মোৰ প্ৰথমে জন্মা পুত্ৰক, মোৰ পাপৰ কাৰণে মোৰ ঔৰসৰ ফল দান কৰিম নে?
w০৮-E ৫/১৫ ৬ ¶২০
আনৰ প্ৰতি কেনে ব্যৱহাৰ কৰা উচিত?
যিহোৱাৰ দৃষ্টিত ভাইসকলৰ লগত থকা আমাৰ সম্পৰ্ক সত্য উপাসনাৰ এক ভাগ হয়। প্ৰাচীন সময়ত যিসকলে নিজৰ ভাইৰ লগত ভালদৰে ব্যৱহাৰ কৰা নাছিল, তেওঁলোকে আগবঢ়োৱা জীৱ-জন্তুৰ বলিদান যিহোৱাৰ দৃষ্টিত কোনো মূল্য নাছিল। (মীখা ৬:৬-৮) সেইবাবে, যীচু খ্ৰীষ্টই নিজৰ শিষ্যসকলক “বেগাই মিল” হʼবলৈ উৎসাহিত কৰিছে। (মথি ৫:২৫) পাঁচনি পৌলেও ইয়াৰ বিষয়ে এইদৰে উৎসাহিত কৰিছে: “তোমালোকে ক্ৰুদ্ধ হৈ পাপ নকৰিবা; বেলি মাৰ নৌ যাওঁতেই তোমালোকৰ কোপ শান্ত হওক; আৰু চয়তানক ঠাই নিদিবা।” (ইফি. ৪:২৬, ২৭) খং উঠাৰ উচিত কাৰণ থাকিলেও, আমি ক্ৰুদ্ধ হোৱা আৰু চয়তানক সুযোগ দিয়াৰ পৰিৱৰ্তে কোনো পলম নকৰাকৈ বিষয়টো সমাধান কৰা উচিত।—লূক ১৭:৩, ৪.
(মীখা ৬:৮) হে মনুষ্য, যি ভাল, তাক তেওঁ তোমাক দেখুৱালে; আৰু ন্যায় কাৰ্য্য কৰাৰ, দয়া ভাল পোৱাৰ, আৰু নম্ৰভাৱে নিজ ঈশ্বৰে সৈতে চলাৰ বাহিৰে যিহোৱাই তোমাৰ পৰা আৰু কি বিচাৰে?
w১২-E ১১/১ ২২ ¶৪-৭
“যিহোৱাই তোমাৰ পৰা আৰু কি বিচাৰে?”
‘ন্যায় কাৰ্য্য কৰা।’ এখন কিতাপৰ অনুসৰি, “ন্যায়ৰ” বাবে যি হীব্ৰু শব্দ ব্যৱহাৰ কৰা হৈছে তাৰ অৰ্থ হৈছে, “সমাজত উচিত আৰু ভাল সম্পৰ্ক বজাই ৰখা।” যিহোৱা ঈশ্বৰে বিচাৰে যে তেওঁৰ মানদণ্ড অনুসৰি যি সঠিক আৰু উচিত, সেই অনুসৰি আনৰ লগত ব্যৱহাৰ কৰা। আমি আনৰ লগত ব্যৱহাৰ কৰাৰ সময়ত যেতিয়া নিৰপেক্ষতা বজাই ৰাখোঁ, যি উচিত তাক কৰোঁ আৰু নম্ৰতাৰে ব্যৱহাৰ কৰোঁ, তেতিয়া আমি ন্যায় কাৰ্য্য কৰাৰ দৰে হয়। (লেবীয়া পুস্তক ১৯:১৫; যিচয়া ১:১৭; ইব্ৰী ১৩:১৮) যদি আমি আনৰ লগত ন্যায়েৰে কাৰ্য্য কৰোঁ, তেনেহʼলে তেওঁলোকেও আমাৰ লগত ন্যায়েৰে কাৰ্য্য কৰিবলৈ প্ৰেৰণা পাব।—মথি ৭:১২.
‘দয়া ভাল পোৱা।’ আমি কেৱল দয়া দেখুৱাটো ঈশ্বৰে নিবিচাৰে, কিন্তু দয়াক প্ৰেম কৰাটো বিচাৰে। “দয়াৰ” বাবে যি হীব্ৰু শব্দ (কচদ) অনুবাদ কৰা হৈছে, তাৰ অৰ্থ “দয়া ভাল পোৱা” বা “বিশ্বস্ত প্ৰেম” হʼব পাৰে। বাইবেলৰ এজন বিদ্ধানে এইদৰে বৰ্ণনা কৰিছে: “[কচদ] শব্দৰ বাবে প্ৰেম, কৃপা আৰু দয়া অনুবাদ কৰা হয়। ই কেৱল এটা গুণক নুবুজায়, কিন্তু এই সকলো গুণক একেলগে বুজায়।” যদি আমি দয়াক ভাল পাওঁ, তেনেহʼলে আমি আনন্দেৰে এইবোৰ প্ৰকাশ কৰিম আৰু সহায়ৰ প্ৰয়োজন হোৱা লোকসকলক সহায় কৰিবলৈ সদায় সাজু থাকিম। যদি আমি এনে কৰোঁ, তেনেহʼলে আমি সেই আনন্দ লাভ কৰিবলৈ সক্ষম হʼম, যি আনক কিবা দিয়াৰ যোগেদি পোৱা যায়।—পাঁচনিৰ কৰ্ম্ম ২০:৩৫.
‘নম্ৰভাৱে নিজ ঈশ্বৰে সৈতে চলা।’ বাইবেলত উল্লেখ কৰা ‘চলা’ শব্দৰ অৰ্থ হৈছে “কোনো কাম সঠিকভাৱে কৰা।” ঈশ্বৰৰ সৈতে চলাৰ অৰ্থ হৈছে বাইবেলত বৰ্ণনা কৰা আজ্ঞা অনুসৰি আমি জীৱন অতিবাহিত কৰা। এনেদৰে জীৱন অতিবাহিত কৰিবলৈ আমি “নম্ৰ” বা বিনয়ী হোৱা উচিত। কিয় বাৰু? যদি বিনয়ী হওঁ, তেনেহʼলে আমি নিজকে আনতকৈ বৰ বুলি নাভাবিম আৰু আমাৰ যে এটা সীমা আছে, তাক স্বীকাৰ কৰিম। “নম্ৰভাৱে নিজ ঈশ্বৰে সৈতে চলাৰ” অৰ্থ হৈছে তেওঁ আমাৰপৰা কি বিচাৰে আৰু আমি কি কৰিব পাৰোঁ, তাৰ বিষয়ে সঠিক দৃষ্টিভংগী ৰখা।
আনন্দৰ বিষয় যে আমি যিমান কৰিব পাৰোঁ, তাতকৈ বেছি যিহোৱা ঈশ্বৰে আশা নকৰে। আমি যেতিয়া তেওঁৰ সেৱা কৰিবলৈ অপ্ৰাণ চেষ্টা কৰোঁ, তেতিয়া যিহোৱা ঈশ্বৰ আনন্দিত হয়। (কলচীয়া ৩:২৪) আমি কিমান কৰিব পাৰোঁ, তাৰ বিষয়ে তেওঁ ভালদৰে জানে। (গীতমালা ১০৩:১৪) যেতিয়া আমি নম্ৰ হওঁ আৰু সকলো কাৰ্য্য কৰিব নোৱাৰোঁ বুলি স্বীকাৰ কৰোঁ, তেতিয়া আমি ঈশ্বৰৰ লগত চলিবলৈ আনন্দিত হʼম। তেনেহʼলে আহক আমি ঈশ্বৰৰ সৈতে চলিবলৈ শিকোঁ। এনে কৰাৰ যোগেদি আমি ঈশ্বৰৰপৰা আশীৰ্ব্বাদ লাভ কৰিবলৈ সক্ষম হʼম।—হিতোপদেশ ১০:২২.
আধ্যাত্মিক ৰত্ন বিচাৰক
(মীখা ২:১২) হে যাকোব, মই নিশ্চয়ে তোমাৰ সকলো লোককে গোটাম; মই নিশ্চয়ে ইস্ৰায়েলৰ অৱশিষ্ট ভাগক গোটাম; গঁৰালত থকা মেৰবোৰৰ নিচিনাকৈ, আৰু চৰণীয়া পথাৰৰ মাজত থকা এজাক ভেড়াৰ নিচিনাকৈ মই তেওঁবিলাকক একেলগ কৰিম; মানুহ অধিক হোৱাৰ কাৰণে তেওঁবিলাকে কোঢ়াল কৰিব।
w০৭-E ১১/১ ১৫ ¶৬
ওবদিয়া, যোনা আৰু মীখা কিতাপৰপৰা সাৰাংশ
২:১২—‘ইস্ৰায়েলৰ অৱশিষ্ট ভাগক গোটোৱা’ এই ভৱিষ্যতবাণী কেনেকৈ পূৰ হৈছিল? যিহুদীসকলে বাবিলৰ দাসত্বৰপৰা নিজৰ মাতৃভূমিলৈ উভতি অহাৰ সময়ত অৰ্থাৎ খ্ৰীষ্টপূৰ্ব ৫৩৭ এই ভৱিষ্যতবাণী প্ৰথমবাৰৰ বাবে পূৰ হৈছিল। বৰ্তমান সময়ত এই ভৱিষ্যতবাণী, “ঈশ্বৰৰ ইস্ৰায়েলৰ” ওপৰত পূৰ হোৱা দেখিবলৈ পোৱা যায়। (গালাতীয়া ৬:১৬) ১৯১৯ চনৰপৰা অভিষিক্ত খ্ৰীষ্টানসকলক “গঁৰালত থকা মেৰবোৰৰ নিচিনাকৈ” একত্ৰিত কৰা হৈছে। ১৯৩৫ চনৰপৰা তেওঁলোকৰ লগত “কোঢ়াল” কৰি থকা “গণিব নোৱাৰা এক বৰ লোকসমূহ” একত্ৰিত হৈছে। (প্ৰকাশিত বাক্য ৭:৯; যোহন ১০:১৬) তেওঁলোকে একেলগে উৎসাহেৰে সত্য উপাসনাক সমৰ্থন কৰিছে।
(মীখা ৭:৭) কিন্তু মই হলে, যিহোৱালৈ অপেক্ষা কৰিম, মোৰ ত্ৰাণকৰ্ত্তা ঈশ্বৰলৈ বাট চাম; মোৰ ঈশ্বৰে মোলৈ কাণ দিব।
যিহোৱাই আমাৰ পৰা আৰু কি বিচাৰে?
যিহোৱাৰ পৰা পোৱা আশীৰ্ব্বাদে আমাক মীখাৰ দৰে মনোবৃত্তি ৰখাত প্ৰেৰিত কৰে। সেয়েহে মীখাই এইদৰে কৈছিল: “মই হলে, যিহোৱালৈ অপেক্ষা কৰিম, মোৰ ত্ৰাণকৰ্ত্তা ঈশ্বৰলৈ বাট চাম।” (মীখা ৭:৭) এই বাক্যশাৰী আমি নম্ৰভাৱে ঈশ্বৰৰ সৈতে চলি থকাৰ সৈতে কেনেকৈ সম্পৰ্ক আছে? অপেক্ষা বা ধৈৰ্য্যশীল হোৱা মনোবৃত্তিয়ে আমাক যিহোৱাৰ সেই মহাদিন এতিয়ালৈকে আহি পোৱা নাই বুলি নিৰুৎসাহিত হৈ পৰাৰ পৰা বিৰত ৰাখিব। (হিতোপেদেশ ১৩:১২) বাস্তৱতে আমি সকলোৱে বহু সময়ৰ পৰা এই দুষ্টতাপূৰ্ণ জগতখন ধ্বংস হোৱালৈ অপেক্ষা কৰি আছোঁ। যিহেতু প্ৰত্যেক সপ্তাহে হাজাৰ হাজাৰ লোকে যিহোৱাৰ সৈতে চলিবলৈ কেৱল এইমাত্ৰ আৰম্ভ কৰিছে। এই বিষয়টো মনত ৰখাৰ দ্বাৰা আমি অপেক্ষা কৰিবলৈ এটা হেতু লাভ কৰোঁ। এই সংক্ৰান্তত দীৰ্ঘ সময় ধৰি সত্যত থকা এজন সাক্ষী ভায়ে এইদৰে কয়: “মই ৫৫ বছৰতকৈ অধিক সময় প্ৰচাৰ কাৰ্য্যত অতিবাহিত কৰি নিশ্চিত হʼব পাৰিলোঁ যে যিহোৱাত অপেক্ষা কৰি মই একো হেৰুৱা নাই। ইয়াৰ বিপৰীতে মই হৃদয় বিদাৰিত অভিজ্ঞতাৰ সন্মুখীন হোৱা বহুতকে শান্ত্বনা প্ৰদান কৰিলোঁ।” আপুনিও তেনে অভিজ্ঞতাৰ সন্মুখীন হৈছেনে?
বাইবেল পাঠ
(মীখা ৪:১-১০) কিন্তু অন্তিম কালত এই ৰূপ ঘটিব যে, যিহোৱাৰ গৃহৰ পৰ্ব্বতখন পৰ্ব্বতবোৰতকৈয়ো ওখত স্থাপন কৰা হব, আৰু গিৰিবোৰতকৈয়ো ওখ কৰা হব; তাতে জাতিবোৰে সোঁত বোৱাৰ দৰে তালৈ বৈ যাব। ২ অনেক জাতিয়ে ওলাই কব, বʼলা, আমি যিহোৱাৰ পৰ্ব্বতখনলৈ, যাকোবৰ ঈশ্বৰৰ গৃহটিলৈ উঠি যাওহঁক; তেওঁ আমাক নিজ পথৰ বিষয়ে শিক্ষা দিব, তাতে আমি তেওঁৰ পথত গমন কৰিম।” কিয়নো চিয়োনৰ পৰা ব্যৱস্থা আৰু যিৰূচালেমৰ পৰা যিহোৱাৰ বাক্য ওলাব। ৩ তেওঁ জাতিবোৰৰ মাজত সোধ কৰিব, আৰু দূৰত থকা বলৱন্ত জাতিবোৰৰ নিমিত্তে বিচাৰ নিষ্পত্তি কৰিব; তাতে সিহঁতে নিজ নিজ তৰোৱাল ভাঙি নাঙলৰ ফাল গঢ়াব, আৰু নিজ নিজ বৰছা ভাঙি কলম দিয়া কটাৰী গঢ়াই লব। এক জাতিয়ে আন জাতিৰ বিৰুদ্ধে তৰোৱাল নাদাঙিব, সিহঁতে যুদ্ধবিদ্যা আৰু নিশিকিব। ৪ কিন্তু প্ৰতিজনে নিজ নিজ দ্ৰাক্ষালতাৰ আৰু ডিমৰু গছৰ তলত বহিব, আৰু কোনেও সিহঁতক ভয় নলগাব; কিয়নো বাহিনীবিলাকৰ যিহোৱাই নিজ মুখেৰে এই কথা কলে। ৫ যদিও আটাই জাতিয়ে নিজ নিজ দেৱতাৰ নামেৰে চলে, তথাপি আমি হলে যুগে যুগে চিৰকাললৈকে আমাৰ ঈশ্বৰ যিহোৱাৰ নামেৰেহে চলিম। ৬ যিহোৱাই কৈছে, সেই দিনা মই লেঙেৰীজনীক গোটাম, খেদাই দিয়া আৰু মই দুখ দিয়া জনীক একে লগ কৰিম; ৭ আৰু মই লেঙেৰীজনীক এক অবশিষ্ট ভাগ কৰি ৰাখিম, দূৰীকৃত জনীক এক বলী জাতি কৰিম; আৰু যিহোৱাই তেতিয়াৰ পৰা চিৰকাললৈকে চিয়োন পৰ্ব্বতত তেওঁবিলাকৰ ওপৰত ৰাজত্ব কৰিব। ৮ আৰু হে ভেড়াৰ জাকৰ দুৰ্গ, হে চিয়োন-জীয়াৰীৰ পৰ্ব্বত, তোমালৈ ৰাজ্য আহিব, এনে কি, আগৰ প্ৰভুত্ব, যিৰূচালেম-জীয়াৰীৰ ৰাজ্য আহিব। ৯ তেন্তে তুমি কিয় বৰকৈ কান্দিছা? প্ৰসৱকাৰিণী তিৰোতাৰ দৰে তোমাক যে ধৰিছে, তোমাৰ মাজত ৰজা নাই নে? তোমাৰ মন্ত্ৰী বিনষ্ট হল নে? ১০ হে চিয়োন-জীয়াৰী, প্ৰসৱকাৰিণী তিৰোতাৰ দৰে বেদনাপ্ৰাপ্ত হৈ উপজাবলৈ বল দিয়া; কিয়নো তুমি এতিয়া নগৰৰ পৰা ওলাই পথাৰত থাকিব লাগিব, আৰু বাবিললৈকে যাব লাগিব; সেই ঠাইতেই তুমি উদ্ধাৰ পাবা, সেই ঠাইতেই যিহোৱাই তোমাৰ শত্ৰুৰ হাতৰ পৰা তোমাক উদ্ধাৰ কৰিব।
নবেম্বৰ ২৭–ডিচেম্বৰ ৩
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | নহূম ১–হবক্কুক ৩
“আধ্যাত্মিকভাৱে সজাগ আৰু সক্ৰিয় হৈ থাকক”
(হবক্কুক ২:১-৪) মোৰ প্ৰহৰীস্থানত মই থিয় হম, আৰু ওখ ঘৰৰ ওপৰত থাকিম, আৰু তেওঁ মোক কি কব, আৰু মোৰ নিবেদনৰ বিষয়ে মই কি উত্তৰ দিম, তাক চাই বুজিম। ২ তাতে যিহোৱাই উত্তৰ দি মোক কলে, এই দৰ্শনৰ কথা লিখি থোৱা, এনে স্পষ্টকৈ ফলিত কাটা, যেন পাঠকে খৰকৈ পঢ়িব পাৰে। ৩ কিয়নো দৰ্শনে এতিয়াও নিৰূপিত সময়লৈ বাট চাই আছে, আৰু সিদ্ধ হবলৈ আকাঙ্ক্ষা কৰিছে, সেয়ে মিছা নহব; সেয়ে পলম হলেও, তালৈ অপেক্ষা কৰা; কাৰণ সেয়ে অৱশ্যে ঘটিব, উচিত সময়তকৈ দেৰি নহব। ৪ চোৱা, অহঙ্কাৰী লোকৰ মন সৰল নহয়, কিন্তু ধাৰ্ম্মিক লোক নিজ বিশ্বাসৰ দ্বাৰাই জীয়াই থাকিব।
w০৭-E ১১/১৫ ১০ ¶৩-৫
নহূম, হবক্কুক আৰু চফনিয়া কিতাপৰপৰা সাৰাংশ
২:১. হবক্কুকৰ দৰে আমিও আধ্যাত্মিকভাৱে সজাগ আৰু সক্ৰিয় হৈ থকা উচিত। যদি কোনোবাই আমাক শুধৰণি কৰে, তেনেহʼলে আমি তাক গ্ৰহণ কৰি নিজৰ চিন্তাধাৰা সাল-সলনি কৰিবলৈ সাজু থকা উচিত।
২:৩; ৩:১৬. আমি বিশ্বাসেৰে যিহোৱাৰ বিচাৰৰ দিনলৈ অপেক্ষা কৰি থকাৰ সময়ত, আমি কেতিয়াও গুৰুত্বপূৰ্ণ বিষয়বোৰ পাহৰি যোৱা উচিত নহয়।
২:৪. আহিবলগীয়া যিহোৱাৰ বিচাৰৰ দিনত উদ্ধাৰ পাবলৈ আমি বিশ্বাসেৰে ধৈৰ্য্য ধৰি থকা উচিত।—ইব্ৰী ১০:৩৬-৩৮.
আধ্যাত্মিক ৰত্ন বিচাৰক
(নহূম ১:৮) কিন্তু প্লাবন কৰোঁতা ধল পানীৰ দ্বাৰাই তেওঁ সেই নগৰৰ ঠাই সম্পূৰ্ণকৈ অন্ত কৰিব, আৰু নিজৰ শত্ৰুবোৰক আন্ধাৰলৈ খেদিব।
(নহূম ২:৬) নদীবোৰৰ দুৱাৰ মুকলি হৈ গল, ৰাজগৃহ পানীত লীন হৈ গল।
w০৭-E ১১/১৫ ৯ ¶২
নহূম, হবক্কুক আৰু চফনিয়া কিতাপৰপৰা সাৰাংশ
নহূম ২:৬—“নদীবোৰৰ দুৱাৰ” কি হয়, যিবোৰ মুকলি কৰা হৈছিল? হিদ্দেকল নদীৰ পানীয়ে নীনবিৰ দেৱালবোৰ ভাঙি দুৱাৰ মুকলি কৰাক চিত্ৰিত কৰিছে। খ্ৰীষ্টপূৰ্ব ৬৩২-ত যেতিয়া বাবিল আৰু মাদীয়াৰ সৈন্য-বাহিনীয়ে নীনবিৰ ওপৰত আক্ৰমণ কৰিবলৈ আহিছিল, তেতিয়া নীনবিৰ লোকসকলে কোনো ভয় কৰা নাছিল। নগৰত থকা ওখ দেৱালবোৰৰ বাবে তেওঁলোকে নিজকে সুৰক্ষিত বুলি ভাবিছিল। কিন্তু ধাৰাসাৰে অহা বৰষুণৰ বাবে হিদ্দেকল নদীৰ পানী চাৰিওফালে উপচি পৰিছিল। বুৰজ্ঞীবিদ দাইঅʼদৰাচৰ অনুসৰি “নগৰৰ দেৱালখনৰ বেছ কিছু অংশ ভাঙি পৰিল আৰু নগৰৰ এটা অংশ পানীত ডুব গʼল।” এইদৰে নদীৰ দুৱাৰ মুকলি কৰা হৈছিল আৰু ভৱিষ্যতবাণীত বৰ্ণনা কৰা অনুসৰি শুকান খেৰত জুই লাগিলে যেনেকৈ কম সময়ৰ ভিতৰতে সকলো ভষ্ম হয়, তেনেকৈ নীনবি নগৰখন সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছিল।—নহূম ১:৮-১০.
(হবক্কুক ৩:১৭-১৯) কিয়নো, যদিও ডিমৰু গছ নুফুলিব, বা দ্ৰাক্ষালতাত গুটি নালাগিব, যদিও জিতবৃক্ষৰ ফল নধৰিব, আৰু পথাৰবোৰে শস্য উৎপন্ন নকৰিব, যদিও গঁৰালৰ পৰা ভেড়াৰ জাকক উচ্ছন্ন কৰা হব, আৰু গোহালিত গৰু জাক নহব, ১৮ তথাপি মই যিহোৱাত আনন্দ কৰিম, মোৰ ত্ৰাণকৰ্ত্তা ঈশ্বৰত উল্লাস কৰিম। ১৯ প্ৰভু যিহোৱায়েই মোৰ শক্তি; তেওঁ মোৰ ভৰি হৰিণীৰ ঠেং যেন কৰিছে, মোৰ ওখ ঠাইবোৰেদি মোক গমন কৰাব।
w০৭-E ১১/১৫ ১০ ¶১০
নহূম, হবক্কুক আৰু চফনিয়া কিতাপৰপৰা সাৰাংশ
৩:১৭-১৯. হৰমাগিদোনৰ আগত আৰু হৰমাগোদনৰ সময়ছোৱাত আমাৰ ওপৰত বহুতো সমস্যা আহিব পাৰে। কিন্তু যদি আমি আনন্দেৰে যিহোৱা ঈশ্বৰৰ সেৱা কৰি থাকোঁ, তেনেহʼলে আমি ভৰসা কৰিব পাৰোঁ যে এই সমস্যাবোৰ সন্মুখীন হʼবলৈ তেওঁ আমাক “শক্তি” দিব।
বাইবেল পাঠ
(হবক্কুক ২:১৫–৩:৬) যি জনে নিজৰ চুবুৰীয়াৰ বিবস্ত্ৰতা দেখিবৰ নিমিত্তে তাক পান কৰায়, পান-পাত্ৰত বিহ দি তাক মতলীয়া কৰে, সেই জনৰ সন্তাপ হব। ১৬ তুমি গৌৰৱৰ সলনি লাজেৰে পৰিপূৰ্ণ; তুমিও পান কৰা, আৰু অচুন্নৎ এজনৰ নিচিনা হোৱা; যিহোৱাৰ সোঁ হাতত থকা পান-পাত্ৰ তোমালৈ ঘূৰি আহিব, আৰু তোমাৰ গৌৰৱৰ ওপৰত বৰ অপমান হব। ১৭ কাৰণ লিবানোনলৈ কৰা অত্যাচাৰে তোমাক ঢাকিব, আৰু পশুবোৰৰ সংহাৰে তোমাৰ ত্ৰাস জন্মাব; মানুহৰ ৰক্তপাতৰ কাৰণে, আৰু দেশ, নগৰবোৰ, আৰু সেইবোৰৰ আটাই নিবাসীবিলাকলৈ কৰা অত্যাচাৰৰ নিমিত্তেই এয়ে ঘটিব। ১৮ কটা-প্ৰতিমাই কি উপকাৰ কৰে, যে, নিৰ্ম্মাণকাৰীয়ে তাক কাটে ? সাঁচত ঢলা প্ৰতিমাই আৰু মিছা গুৰুৱে কি উপকাৰ কৰে, যে, নিৰ্ম্মানকাৰীয়ে নিজৰ নিৰ্ম্মিত বস্তুত বিশ্বাস কৰি অবাক মূৰ্ত্তি নিৰ্ম্মাণ কৰে? ১৯ যি জনে সাৰ পোৱা বুলি কাঠডোখৰক, আৰু উঠা বুলি অবাক শিলটোক কয়, তাৰ সন্তাপ হব; সেয়ে জানো শিক্ষা দিব? চোৱা, তাত সোণ আৰু ৰূপ পতোৱা হৈছে, তাৰ ভিতৰত নিশ্বাস-বায়ুৰ লেশো নাই। ২০ কিন্তু যিহোৱা নিজৰ পবিত্ৰ মন্দিৰত আছে; সমুদায় পৃথিবী তেওঁৰ আগত নিজম দি থাকক।
৩ হবক্কুক ভাববাদীৰ প্ৰাৰ্থনা। চিগিয়োনোৎ সুৰত গাব লগীয়া। ২ হে যিহোৱা, মই তোমাৰ বিষয়ৰ বাৰ্ত্তা শুনি ভয় পাইছোঁ, হে যিহোৱা, বছৰবোৰৰ মাজত তোমাৰ কাৰ্য্য পুনৰ্জীৱিত কৰা, বছৰবোৰৰ মাজত তাক জনোৱা; ক্ৰোধৰ কালত কৰুণা সোৱৰণ কৰা। ৩ ঈশ্বৰ তৈমনৰ পৰা আহিছে, পবিত্ৰ জনা পাৰণ পৰ্ব্বতৰ পৰা আগমন কৰিছে; তেওঁৰ প্ৰভাৱে আকাশ-মণ্ডল ঢাকিছে, আৰু পৃথিবী তেওঁৰ প্ৰশংসাৰে পৰিপূৰ্ণ। ৪ তেওঁৰ উজ্জ্বলতা সূৰ্য্যৰ নিচিনা, তেওঁৰ কাষৰ পৰা ৰশ্মি ওলাইছে; সেয়ে তেওঁৰ পৰাক্ৰম লুকুৱা ঠাই। ৫ তেওঁৰ আগে আগে মহামাৰী চলিছে, আৰু তেওঁৰ খোজৰ পৰা বজ্ৰপাত হৈছে। ৬ তেওঁ থিয় হৈ পৃথিবী লৰাইছে, তেওঁ দৃষ্টি কৰি জাতিবিলাকক কম্পমান কৰিছে; আৰু চিৰকলীয়া পৰ্ব্বতবোৰ ছিন্ন-ভিন্ন হৈছে, আদি কালৰ গিৰিবোৰ বহি গৈছে; আগৰ কালৰ পৰা এয়েই তেওঁৰ গতি।