ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwbr17 ডিচেম্বৰ পৃষ্ঠা ১-৭
  • ডিচেম্বৰ—জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ডিচেম্বৰ—জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা—২০১৭
  • উপশীৰ্ষক
  • ডিচেম্বৰ ৪-১০
  • ডিচেম্বৰ ১১-১৭
  • ডিচেম্বৰ ১৮-২৪
  • ডিচেম্বৰ ২৫-৩১
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা—২০১৭
mwbr17 ডিচেম্বৰ পৃষ্ঠা ১-৭

ডিচেম্বৰ—জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা

ডিচেম্বৰ ৪-১০

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | চফনিয়া ১–হগ্গয় ২

“যিহোৱাৰ ক্ৰোধৰ দিন উপস্থিত হোৱা আগেয়ে তেওঁক বিচাৰা”

(চফনিয়া ২:২, ৩) তোমালোক গোট খোৱা, একেলগ হোৱা। ৩ যিহোৱাৰ শাসন-প্ৰণালী পালন কৰোঁতা হে পৃথিবীৰ আটাই নম্ৰ লোকবিলাক, তেওঁক বিচাৰা, ধাৰ্ম্মিকতা বিচাৰা, নম্ৰতা বিচাৰা; কিজানি যিহোৱাৰ ক্ৰোধৰ দিনা তোমালোকে লুকাই থাকিবলৈ পাবা।

w০১ ২/১ ২৩ ¶৫-৭

যিহোৱাৰ ক্ৰোধৰ দিন উপস্থিত হোৱা আগেয়ে তেওঁক বিচাৰা

আপুনি হয়তো কʼব পাৰে: ‘মই নিজেই এজন বাপ্তিষ্মা প্ৰাপ্ত যিহোৱাৰ সাক্ষী হওঁ। মই এই তিনিটা আৱশ্যকতাক পূৰণ কৰা নাইনে বাৰু?’ আচলতে যিহোৱাক নিজকে সমৰ্পিত কৰি বাপ্তিষ্মা লোৱাটেই যথেষ্ট নহয়, ইয়াত আৰু বহুতো কাৰ্য্য জড়িত আছে। উদাহৰণস্বৰূপে প্ৰাচীন যিহূদীসকলেও সমৰ্পিত জাতি আছিল কিন্তু তেওঁলোকে ইয়াৰ অনুসাৰে কাৰ্য্য কৰাত বিফল হʼল। ফলস্বৰূপে তেওঁলোকে ঈশ্বৰৰ দণ্ডৰ পাত্ৰ হʼল। বৰ্তমান সময়ত ‘যিহোৱাক বিচাৰা’ অৰ্থ হৈছে তেওঁৰ পাৰ্থিৱ সংগঠনৰ সৈতে নিবিড়সম্পৰ্ক ৰাখি যিহোৱাৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক বজাই ৰখা। ইয়াৰ অৰ্থ এইটোও হৈছে বিষয়সমূহৰ ওপৰত যিহোৱাৰ দৃষ্টিভঙ্গীৰ বিষয়ে জানি তেওঁৰ সম্পৰ্কে অধিক ভালকৈ জনা। আমি যিহোৱাৰ বাক্যক মনোযোগেৰে অধ্যয়ন কৰি সেইবোৰৰ ওপৰত ধ্যান কৰা আৰু সেই পৰামৰ্শসমূহক নিজৰ জীৱনত পালন কৰাৰ দ্বাৰাই আমি যিহোৱাক বিচাৰোঁ। আমি যেনেকৈ প্ৰাৰ্থনাৰ দ্বাৰাই যিহোৱাৰ পথ-প্ৰদৰ্শন বিচাৰোঁ, তেওঁৰ পবিত্ৰ আত্মাই আমাৰ মাৰ্গ-দৰ্শন কৰে। আমি তেওঁত নিৰ্ভৰ কৰোঁ আৰু তেওঁক ‘আমি আমাৰ সকলো মন, সকলো প্ৰাণ, আৰু সকলো শক্তিৰে’ সেৱা কৰিবলৈ প্ৰেৰিত হওঁ।—দ্বিতীয় বিবৰণ ৬:৫; গালাতীয়া ৫:২২-২৫; ফিলিপীয়া ৪:৬, ৭; প্ৰকাশিত বাক্য ৪:১১.

চফনিয়া ২:৩ পদত উল্লেখ কৰা দ্বিতীয়টো আৱশ্যকতা হৈছে ‘ধাৰ্ম্মিকতাক বিচাৰা।’ আমাৰ বহুতে নিজৰ জীৱনত গুৰুত্বপূৰ্ণ সাল-সলনি কৰি খ্ৰীষ্টান বাপ্তিষ্মাৰ বাবে উপযুক্ত হৈছে, কিন্তু ইয়াৰ মানে এইটো নহয় যে তেওঁলোকে মাত্ৰ বাপ্তিষ্মা লোৱা লৈকেহে আধ্যাত্মিকত উন্নতি কৰিব। আচলতে তেওঁলোকে নিজৰ গোটেই জীৱনকাল যিহোৱাৰ নিয়ম প্ৰণালীৰ অনুসাৰে কাৰ্য্য কৰাটো অতি আৱশ্যক। কিন্তু দুখৰ বিষয় হৈছে আমাৰ বহুতে প্ৰথমতে সম্পূৰ্ণ উৎসাহেৰে কাৰ্য্য কৰিছিল যদিও পাছলৈ জগতৰ বিষয়বোৰত জড়িত হৈ পৰিছিল। এইটো সঁচা যে আমাৰ চাৰিওফালে থকা অনৈতিকতাৰ কাৰ্য্য, মিছা কোৱা আৰু আন পাপ কাৰ্য্যবোৰৰ বাবে ধাৰ্ম্মিকতাক বজাই ৰখাটো ইমান সহজ নহয়। তথাপিও আমি যিহোৱাৰ মন আনন্দিত কৰাৰ বাবে দৃঢ় পদক্ষেপ লৈ এই জগতৰ অভিলাষবোৰত বিজয়ী হʼব পাৰিম। সেই একেই কাৰণৰ বাবে যিহূদাৰ লোকসকলে তেওঁলোকৰ চুবুৰীয়া জাতিৰ অঈশ্বৰীয় কাৰ্য্যক অনুকৰণ কৰাৰ বাবে ঈশ্বৰৰ অনুগ্ৰহৰ পৰা বঞ্চিত হৈছিল। এতেকে আঁহক আমি এই জগতক অনুকৰণ কৰাৰ পৰিৱৰ্তে “ঈশ্বৰৰ অনুকাৰী” হৈ ঈশ্বৰৰ প্ৰতি ধাৰ্ম্মিকতা আৰু অনুগত্য বজাই ৰখাৰ বাবে “নতুন পুৰুষক” ধাৰণ কৰোঁহঁক।—ইফিচীয়া ৪:২৪; ৫:১.

চফনিয়া ২:৩ পদত উল্লেখ কৰা তৃতীয়টো বিষয় হৈছে যিহোৱাৰ ক্ৰোধৰ পৰা নিজকে লুকাবলৈ “নম্ৰতাক বিচাৰা” আৱশ্যক। প্ৰত্যেক দিনা আমি নম্ৰতা গুণ নথকা পুৰুষ, স্ত্ৰী, ডেকা, বুঢ়া ব্যক্তিসকলৰ সৈতে সঙ্গতি কৰোঁ। তেওঁলোকে নম্ৰতা গুণক এক ক্ৰটি হিচাপে দৃষ্টি কৰে। কোনো এজনৰ অধীন হোৱা কাৰ্য্যক, তেওঁলোকে এক মাৰাত্মক দুৰ্ব্বলতা বুলি মানে। তেওঁলোকে দাবী কৰা, স্বাৰ্থপৰ হোৱা, আৰু মাত্ৰ নিজৰ অভিমতক মান্যতা দিয়া কাৰ্য্যক ব্যক্তিগত “অধিকাৰ” আৰু তেনে কৰিলেহে সকলোবোৰ ক্ষেত্ৰত সুবিধা আদায় কৰিব পাৰি বুলি বিশ্বাস কৰে। তেনেধৰণৰ বেয়া গুণসমূহত আমাৰ মাজত দেখা দিয়াটো কিমান যে দুখৰ বিষয়! সেইবাবে ‘ধাৰ্ম্মিকতাক বিচাৰাৰ’ এইটোৱেই সেই সময়। কেনেকৈ আমি ধাৰ্ম্মিকতা বিচাৰিব পাৰোঁ? ইয়াৰ বাবে আমি যিহোৱাৰ অধীনস্থ স্বীকাৰ কৰা, তেওঁৰ অনুশাসনবোৰক নম্ৰতাৰে গ্ৰহণ কৰা আৰু তেওঁৰ ইচ্ছাবোৰক পালন কৰা আৱশ্যক।

আধ্যাত্মিক ৰত্ন বিচাৰক

(চফনিয়া ১:৮) যিহোৱাৰ সেই যজ্ঞৰ দিনা মই প্ৰধান লোকবিলাকক, ৰাজকোঁৱৰবিলাকক, আৰু বিদেশী সাজ পিন্ধা আটাইবোৰক দণ্ড দিম।

w০৭-E ১১/১৫ ১১ ¶৩

নহূম, হবক্কুক আৰু চফনিয়া কিতাপৰপৰা সাৰাংশ

১:৮. চফনিয়াৰ সময়ত কিছুমান লোকে ‘বিদেশীৰ সাজ পিন্ধাৰ’ যোগেদি চাৰিওফালে থকা জাতিবোৰক অনুকৰণ কৰিছিল। বৰ্তমান সময়ত যিহোৱাৰ উপাসকসকলে এনে কৰিবলৈ চেষ্টা কৰাটো কি যে এক মুৰ্খতাৰ কাম হʼব।

(হগ্গয় ২:৯) বাহিনীবিলাকৰ যিহোৱাই কৈছে, এই গৃহটিৰ পূৰ্ব্বৰ প্ৰতাপতকৈ তাৰ শেষৰ প্ৰতাপ অধিক হব, আৰু বাহিনীবিলাকৰ যিহোৱাই কৈছে, এই ঠাইতেই মই শান্তি দান কৰিম।

w০৭-E ১২/১ ৯ ¶৩

হগ্গয় আৰু জখৰিয়া কিতাপৰপৰা সাৰাংশ

২:৯—‘গৃহটিৰ পূৰ্ব্বৰ প্ৰতাপতকৈ তাৰ শেষৰ প্ৰতাপ’ কেনেকৈ অধিক আছিল? অন্ততঃ তিনিটা বিষয়ত জৰুব্বাবিল মন্দিৰৰ সৌন্দৰ্য্যতা চলোমনৰ মন্দিৰতকৈ বেছি আছিল। যেতিয়ালৈকে জৰুব্বাবিল মন্দিৰটো আছিল, তেতিয়ালৈকে তাত শিক্ষা দিয়া হৈছিল আৰু যিহোৱাৰ উপাসনা কৰিবলৈ লোকসকল একত্ৰিত হৈছিল। চলোমনৰ মন্দিৰটো খ্ৰীষ্টপূৰ্ব ১০২৭ পৰা ৬০৭ লৈকে অৰ্থাৎ ৪২০ বছৰ আছিল। খ্ৰীষ্টপূৰ্ব ৫১৫ জৰুব্বাবিলৰ মন্দিৰৰ নিৰ্ম্মাণ কাৰ্য্য সম্পূৰ্ণ হৈছিল আৰু ৭০ খ্ৰীষ্টাব্দত ইয়াৰ ধ্বংস হৈছিল। প্ৰায় ৫৮০ বছৰলৈকে “শেষৰ” মন্দিৰ ব্যৱহাৰ কৰা হৈছিল। ইয়াৰ উপৰিও, যীচু খ্ৰীষ্টই এই মন্দিৰত শিক্ষা দিছিল আৰু চলোমনৰ মন্দিৰতকৈ “শেষৰ” মন্দিৰত অধিক সংখ্যক লোকে ঈশ্বৰৰ উপাসনা কৰিবলৈ আহিছিল।—পাঁচনিৰ কৰ্ম্ম ২:১-১১.

বাইবেল পাঠ

(হগ্গয় ২:১-১৪) সপ্তম মাহৰ একৈশ দিনৰ দিনা হগ্গয় ভাববাদীৰ দ্বাৰাই যিহোৱাৰ বাক্য উপস্থিত হল, ২ বোলে, তুমি এতিয়া যিহূদাৰ শাসনকৰ্ত্তা চল্‌টীয়েলৰ পুত্ৰ জৰুব্বাবিলক, যিহোচাদকৰ পুত্ৰ যিহোচূৱা প্ৰধান পুৰোহিতক, আৰু লোকবিলাকৰ অৱশিষ্ট ভাগক এই কথা কোৱা, ৩ এই গৃহটি পূৰ্ব্বৰ প্ৰতাপৰ অৱস্থাত দেখা তোমালোকৰ মাজত কোন অৱশিষ্ট আছে? আৰু এতিয়া তোমালোকে ইয়াক কেনে দেখিছা? তোমালোকৰ দৃষ্টিত এয়ে একো নোহোৱা যেন নালাগে নে? ৪ কিন্তু, যিহোৱাই কৈছে, হে জৰুব্বাবিল, তুমি বলৱান হোৱা; যিহোচাদকৰ পুত্ৰ হে যিহোচূৱা প্ৰধান পুৰোহিত, তুমি বলৱান হোৱা; আৰু যিহোৱাই কৈছে, হে দেশৰ আটাই লোকবিলাক তোমালোক বলৱান হোৱা, আৰু কাৰ্য্য কৰা; কিয়নো, বাহিনীবিলাকৰ যিহোৱাই কৈছে, ৫ তোমালোক মিচৰৰ পৰা ওলাই অহা কালত তোমালোকৰ লগত মই স্থিৰ কৰা নিয়মৰ দৰে মই তোমালোকৰ লগত আছোঁ, আৰু মোৰ আত্মাই তোমালোকৰ মাজত অৱস্থিতি কৰিছে; তোমালোকে ভয় নকৰিবা। ৬ কাৰণ বাহিনীবিলাকৰ যিহোৱাই এই কথা কৈছে, অলপৰ পাছতে মই আৰু এবাৰ আকাশ-মণ্ডল আৰু পৃথিবীক, সমুদ্ৰ আৰু শুকান ভূমিক লৰাম; মই আটাই জাতিক কঁপাম; ৭ আৰু আটাই জাতিৰ বাঞ্চনীয় বস্তু আহিব; বাহিনীবিলাকৰ যিহোৱাই কৈছে, মই এই গৃহটি গৌৰৱেৰে পৰিপূৰ্ণ কৰিম। ৮ বাহিনীবিলাকৰ যিহোৱাই কৈছে, ৰূপ মোৰেই, সোণো মোৰেই। ৯ বাহিনীবিলাকৰ যিহোৱাই কৈছে, এই গৃহটিৰ পূৰ্ব্বৰ প্ৰতাপতকৈ তাৰ শেষৰ প্ৰতাপ অধিক হব, আৰু বাহিনীবিলাকৰ যিহোৱাই কৈছে, এই ঠাইতেই মই শান্তি দান কৰিম। ১০ দাৰিয়াবচৰ ৰাজত্বৰ দ্বিতীয় বছৰৰ নৱম মাহৰ চৌবিশ দিনৰ দিনা হগ্গয় ভাববাদীৰ দ্বাৰাই যিহোৱাৰ বাক্য উপস্থিত হল, ১১ বোলে, বাহিনীবিলাকৰ যিহোৱাই এই কথা কৈছে, তুমি এতিয়া পুৰোহিতবিলাকক ব্যৱস্থাৰ বিষয়ে সোধা। ১২ কোনোৱে যদি নিজৰ কাপোৰৰ আঁচলত পবিত্ৰ মাংস বান্ধি লৈ যায়, আৰু পিঠা, বা সিজোৱা ডাইল, বা দ্ৰাক্ষাৰস, বা তেল কি আন কোনো খোৱা বস্তুত তাৰ সেই আঁচল লাগে, তেন্তে সেয়ে পবিত্ৰ হব নে? তাতে পুৰোহিতবিলাকে কলে, নহব। ১৩ তেতিয়া হগ্গয়ে কলে, মৰা শৱ চুই অশুচি হোৱা কোনো মানুহে যদি সেইবোৰৰ মাজৰ কোনো বস্তু চুৱে, তেন্তে সেয়ে অশুচি হব নে? পুৰোহিতবিলাকে উত্তৰ দি কলে, সেয়ে অশুচি হব। ১৪ তেতিয়া হগ্গয়ে উত্তৰ দি কলে, যিহোৱাই কৈছে, মোৰ আগত এই লোকবিলাক আৰু এই জাতি কেনেকুৱা, আৰু সিহঁতৰ হাতৰ সকলো কাৰ্য্যও তেনেকুৱা, আৰু সৌ তাত সিহঁতে যি উৎসৰ্গ কৰে, সিও অশুচি।

ডিচেম্বৰ ১১-১৭

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | জখৰিয়া ১-৮

“‘এজন যিহূদী লোকৰ কাপোৰৰ আঁচল ধৰিব’”

(জখৰিয়া ৮:২০-২২) বাহিনীবিলাকৰ যিহোৱাই এই কথা কৈছে, ইও হব, যে, নানা জাতি আৰু অনেক নগৰৰ নিবাসীবিলাক আহিব। ২১ আৰু এখন নগৰৰ নিবাসীবিলাকে আন এখন নগৰলৈ গৈ কব, বʼলা, যিহোৱাৰ অনুগ্ৰহ প্ৰাৰ্থনা কৰিবলৈ, আৰু বাহিনীবিলাকৰ যিহোৱাক বিচাৰিবলৈ আমি বেগাই যাওহঁক; মইও যাম। ২২ হয়, অনেক দেশৰ লোক আৰু পৰাক্ৰমী জাতিবিলাকে যিৰূচালেমত বাহিনীবিলাকৰ যিহোৱাক বিচাৰিবলৈ আৰু যিহোৱাৰ অনুগ্ৰহ প্ৰাৰ্থনা কৰিবলৈ আহিব।

w১৪-E ১১/১৫ ২৭ ¶১৪

‘এতিয়া তোমালোক ঈশ্বৰৰ প্ৰজা’

দুজন ভৱিষ্যতবক্তাই ভৱিষ্যতবাণী কৰিছিল যে শেষ কালৰ এই সময়ছোৱাত বহুতোলোকে যিহোৱাৰ উপাসনা কৰিবলৈ তেওঁৰ লোকসকলৰ লগত ওলাই আহিব। ভৱিষ্যতবক্তা যিচয়াই এইদৰে বৰ্ণনা কৰিছে: “অনেক জাতিয়ে ওলাই কব, “বʼলা, আমি যিহোৱাৰ পৰ্ব্বতটিলৈ, যাকোবৰ ঈশ্বৰৰ গৃহটিলৈ উঠি যাওহঁক; তেওঁ আমাক নিজ পথৰ বিষয়ে শিক্ষা দিব; তাতে আমি তেওঁৰ পথত গমন কৰিম।” কিয়নো চিয়োনৰ পৰা ব্যৱস্থা আৰু যিৰূচালেমৰ পৰা যিহোৱাৰ বাক্য ওলাব।” (যিচ. ২:২, ৩) ঠিক সেইদৰে, ভৱিষ্যতবক্তা জখৰিয়াই ভৱিষ্যতবাণী কৰিছিল যে “অনেক দেশৰ লোক আৰু পৰাক্ৰমী জাতিবিলাকে যিৰূচালেমত বাহিনীবিলাকৰ যিহোৱাক বিচাৰিবলৈ আৰু যিহোৱাৰ অনুগ্ৰহ প্ৰাৰ্থনা কৰিবলৈ আহিব।” জখৰিয়াই তেওঁলোকৰ বিষয়ে এইদৰে বৰ্ণনা কৰিছিল: “জাতিবিলাকৰ মাজৰ আটাই ভাষা কব পৰা দহ জন লোকে এজন যিহুদী লোকৰ কাপোৰৰ আঁচল ধৰি কব, আমি তোমালোকৰ লগত যাম; কিয়নো আমি শুনিছোঁ, ঈশ্বৰ তোমালোকৰ লগত আছে।”—জখ. ৮:২০-২৩.

(জখৰিয়া ৮:২৩) বাহিনীবিলাকৰ যিহোৱাই এই কথা কৈছে, সেই দিনা জাতিবিলাকৰ মাজৰ আটাই ভাষা কব পৰা দহ জন লোকে এজন যিহূদী লোকৰ কাপোৰৰ আঁচল ধৰি কব, আমি তোমালোকৰ লগত যাম; কিয়নো আমি শুনিছোঁ, ঈশ্বৰ তোমালোকৰ লগত আছে।

w১৬.০১-E ২৩ ¶৪

‘আমি তোমালোকৰ লগত যাব বিচাৰোঁ’

যদি বৰ্তমান সময়ত আধ্যাত্মিক ইস্ৰায়েলীসকলৰ নাম জনাটো সম্ভৱ নহয়, তেনেহʼলে অন্য মেৰৰ সদস্যসকলে কেনেকৈ তেওঁলোকৰ লগত ‘যাব’? জখৰিয়াই কৰা ভৱিষ্যতবাণীলৈ ধ্যান দিয়ক। তেওঁ দহজন লাক্ষণিক ব্যক্তিৰ বিষয়ে বৰ্ণনা কৰিছিল। তেওঁ উল্লেখ কৰিছিল যে এজন লোকে “এজন যিহূদী লোকৰ কাপোৰৰ আঁচল ধৰি কব, আমি তোমালোকৰ লগত যাম; কিয়নো আমি শুনিছোঁ, ঈশ্বৰ তোমালোকৰ লগত আছে।” যদিও ইয়াত এজন যিহূদীৰ বিষয়ে উল্লেখ আছে, কিন্তু ইয়াত ব্যৱহাৰ কৰা “তোমালোকৰ” শব্দটোৱে এজনতকৈ বেছি লোকক বুজাইছে। এই আধ্যাত্মিক যিহূদীজন কেৱল এজন ব্যক্তি নহয়, কিন্তু ই এক সমূহক চিত্ৰিত কৰে। সেইবাবে, আধ্যাত্মিক যিহূদীসকলৰ লগত যোৱাৰ বাবে প্ৰতিজন যিহূদীক চিনাক্ত কৰাৰ প্ৰয়োজন নাই। কিন্তু এক সমূহ হিচাপে এই লোকসকলক চিনাক্ত কৰি আমি তেওঁলোকক সহায় কৰা উচিত। আমি এজন ব্যক্তিক অনুকৰণ কৰিবলৈ শাস্ত্ৰই আমাক উৎসাহিত নকৰে। কিয়নো আমাৰ এজনেই আচাৰ্য্য অৰ্থাৎ গুৰু আছে আৰু তেওঁ হৈছে যীচু খ্ৰীষ্ট।—মথি ২৩:১০.

w০৯-E ২/১৫ ২৭ ¶১৪

“মেৰ পোৱালি যʼলৈকে যায়, তেওঁবিলাকো তেওঁৰ পাছে পাছে তালৈকে যায়”

যীচু খ্ৰীষ্টৰ অনুসৰি, যিসকল লোকে তেওঁৰ শিষ্যসকলক সহায় কৰে, তেওঁলোকে যীচু খ্ৰীষ্টক সহায় কৰা যেন হয়। (মথি ২৫:৪০ পঢ়ক।) পৃথিৱীৰ বাবে আশা থকা লোকসকলে কেনেকৈ যীচুৰ অভিষিক্ত লোকসকলক সহায় কৰিব পাৰে? এটা প্ৰধান উপায় হৈছে ৰাজ্যৰ শুভবাৰ্ত্তা ঘোষণা কৰাৰ যোগেদি। (মথি ২৪:১৪; যোহন ১৪:১২) সময় অতিবাহিত হোৱাৰ লগে লগে এই পৃথিৱীত অভিষিক্ত লোকসকলৰ সংখ্যা কমি আহিছে, কিন্তু অন্য মেৰৰ লোকসকলৰ সংখ্যা দিনক দিনে বাঢ়িবলৈ ধৰিছে। এই পৃথিৱীৰ বাবে আশা থকা লোকসকলে যেতিয়া ঘোষণা কাৰ্য্যত অংশগ্ৰহণ কৰে আৰু কিছুমানে পূৰ্ণ-সময়ৰ সেৱা কৰে, তেতিয়া তেওঁলোকে অভিষিক্ত লোকসকলক শিষ্য বনোৱা কাৰ্য্যত সহায় আগবঢ়ায়। (মথি ২৮:১৯, ২০) আমি বিভিন্ন উপায়েৰে দান-বৰঙণি দিয়াৰ যোগেদিও ঘোষণা কাৰ্য্যক সহায় সহযোগিতা আগবঢ়াব পাৰোঁ।

আধ্যাত্মিক ৰত্ন বিচাৰক

(জখৰিয়া ৫:৬-১১) তেতিয়া মই সুধিলোঁ, সেইটো কি? তাতে তেওঁ কলে, সেইটো ঐফা-পাত্ৰ ওলাইছে। তেওঁ আৰু কলে, সেইটোৱেই গোটেই দেশৰ মানুহবিলাকৰ এক উপমাস্বৰূপ, ৭ (আৰু ঘূৰণীয়া এডোখৰ সীহ তোলা হল;) আৰু এইজনী ঐফা-পাত্ৰৰ ভিতৰত বহি থকা তিৰোতা। ৮ তেওঁ আকৌ মোক কলে, এয়ে দুষ্টতা; এই বুলি তেওঁ তাইক ঐফা-পাত্ৰৰ ভিতৰলৈ হেঁচা মাৰি দিলে, আৰু তাৰ মুখত সেই সীহৰ দগাটো দিলে। ৯ তেতিয়া মই চকু তুলি চাই দেখিলোঁ, যে, দুজনী তিৰোতা ওলাই আহিল, আৰু সিহঁতৰ ডেউকাত বায়ু আছিল; বৰ-টোকোলাৰ ডেউকাৰ নিচিনা সিহঁতৰ ডেউকা আছিল; সিহঁতে পৃথিবী আৰু আকাশৰ মাজেদি ঐফা-পাত্ৰটো লৈ গল। ১০ তেতিয়া মোৰে সৈতে কথা হোৱা দূতজনক মই সুধিলোঁ, সিহঁতে ঐফা-পাত্ৰটো লৈ কʼলৈ গৈছে? ১১ তাতে তেওঁ মোক কলে, চিনাৰ দেশত তাইৰ নিমিত্তে এটা ঘৰ সাজিবলৈ গৈছে; তাক সজা হলে, তাইক তাইৰ নিজৰ ঠাইত স্থাপন কৰা হব।

w১৭.১০-E ২৫ ¶১৮

জখৰিয়াৰ দৰ্শনে আপোনাক কেনেকৈ প্ৰভাৱিত কৰে?

শুদ্ধ উপাসনা বজাই ৰখাৰ দায়িত্ব যিহূদীসকলৰ হয় বুলি এই দৰ্শনে তেওঁলোকক সোঁৱৰাই দিছিল। দুষ্ট কাৰ্য্যবোৰক যিহোৱাৰ লোকসকলৰ মাজত সহন কৰা নহʼব। যিহোৱাৰ শুদ্ধ সংগঠনৰ যোগেদি আমি সুৰক্ষা আৰু যত্ন লাভ কৰিছোঁ। সেইবাবে, ইয়াৰ শুদ্ধতা বজাই ৰখাৰ দায়িত্ব আমাৰ হয়। আমি আমাৰ “ঘৰ” শুদ্ধ কৰি ৰাখিবলৈ আগবাঢ়ি আহিম নে? আমাৰ আধ্যাত্মিক প্ৰমোদবনত কোনোধৰণৰ দুষ্টতাৰ স্থান নাই।

(জখৰিয়া ৬:১) পুনৰায় মই চকু তুলি চাই দেখিলো, দুই পৰ্ব্বতৰ মাজৰ পৰা চাৰিখন ৰথ ওলাই আহিল। সেই পৰ্ব্বত পিতলৰ পৰ্ব্বত।

w১৭.১০-E ২৭-২৮ ¶৭-৮

ৰথ আৰু কিৰীটিয়ে আপোনাক ৰক্ষা কৰিব

বাইবেলত বৰ্ণনা কৰা পৰ্ব্বতবোৰে ৰাজ্য বা চৰকাৰবোৰক চিত্ৰিত কৰে। জখৰিয়াই দৰ্শনত দেখা পৰ্ব্বতবোৰ, দানিয়েলে বৰ্ণনা কৰা দুটা পৰ্ব্বতৰ লগত মিল আছে। এখন পৰ্ব্বতে যিহোৱা ঈশ্বৰৰ সাৰ্বভৌমত্ব আৰু স্থায়ী শাসনক চিত্ৰিত কৰে। দ্বিতীয় পৰ্ব্বতখনে মচীহৰ ৰাজ্যক চিত্ৰিত কৰে আৰু ইয়াৰ ৰজা হৈছে যীচু খ্ৰীষ্ট। (দানি. ২:৩৫, ৪৫) ১৯১৪ চনৰ বসন্ত কালত যীচু খ্ৰীষ্ট ৰজা হৈছিল। তেতিয়াৰেপৰা এই দুয়োটা পৰ্ব্বতে একেলগে মিলি পৃথিৱীৰ বাবে থকা ঈশ্বৰৰ উদ্দেশ্য পূৰ কৰাত এক বিশেষ ভূমিকা পালন কৰিছে।

পৰ্ব্বতবোৰ কিয় পিতলেৰে তৈয়াৰ কৰা আছিল? সোণৰ দৰে পিতলো হৈছে এক মূল্যৱান ধাতু। যিহোৱা ঈশ্বৰে এই ধাতুৰে যজ্ঞবেদি আৰু পাছলৈ যিৰূচালেম মন্দিৰ নিৰ্ম্মাণ কৰিবলৈ নিৰ্দ্দেশনা দিছিল। (যাত্ৰা. ২৭:১-৩; ১ ৰাজা. ৭:১৩-১৬) দৰ্শনত দেখা দুখন লাক্ষণিক পৰ্ব্বতে যিহোৱা ঈশ্বৰৰ সাৰ্বভৌমত্ব আৰু মচীহৰ ৰাজ্যৰ সৰ্বোত্তম শাসনক বুজায়। এই শাসনৰপৰা সকলো মানুহে সুৰক্ষা আৰু আশীৰ্ব্বাদ লাভ কৰিব।

বাইবেল পাঠ

(জখৰিয়া ৮:১৪-২৩) কিয়নো বাহিনীবিলাকৰ যিহোৱাই এই কথা কৈছে, তোমালোকৰ পূৰ্ব্ব-পুৰুষবিলাকে মোৰ ক্ৰোধ তোলা সময়ত মই যেনেকৈ তোমালোকৰ অমঙ্গল কৰিবলৈ সঙ্কল্প কৰিছিলোঁ, আৰু মই মন পালটোৱা নাছিলোঁ, ১৫ ইয়াক বাহিনীবিলাকৰ যিহোৱাই কৈছে, তেনেকৈ আকৌ আজি-কালি যিৰূচালেমৰ আৰু যিহূদা-বংশৰ মঙ্গল কৰিবলৈ সংকল্প কৰিছোঁ; তোমালোকে ভয় নকৰিবা। ১৬ তোমালোকে কৰিব লগীয়া কাৰ্য্য এইবোৰ; প্ৰতিজনে নিজ নিজ ওচৰ-চুবুৰীয়াৰ আগত সত্য কথা কোৱা, তোমালোকৰ নগৰৰ দূৱাৰত যথাৰ্থ আৰু শান্তিজনক বিচাৰ সিদ্ধ কৰা। ১৭ তোমালোকে কোনেও নিজ মনত নিজ ওচৰ-চুবুৰীয়াৰ অহিতে কুকল্পনা নকৰিবা, আৰু মিছা শপত ভাল নাপাবা; কিয়নো, যিহোৱাই কৈছে, এই আটাইবোৰ মই ঘিণ কৰোঁ। ১৮ পাছে বাহিনীবিলাকৰ যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, ১৯ বোলে, বাহিনীবিলাকৰ যিহোৱাই এই কথা কৈছে, চতুৰ্থ, পঞ্চম, সপ্তম, আৰু দশম মাহৰ উপবাস যিহূদা-বংশৰ নিমিত্তে আনন্দ ও উল্লাসৰ বিষয়, আৰু সন্তোষজনক উৎসৱ হব; এই হেতুকে তোমালোকে সত্য আৰু শান্তিক ভাল পোৱা। ২০ বাহিনীবিলাকৰ যিহোৱাই এই কথা কৈছে, ইও হব, যে, নানা জাতি আৰু অনেক নগৰৰ নিবাসীবিলাক আহিব। ২১ আৰু এখন নগৰৰ নিবাসীবিলাকে আন এখন নগৰলৈ গৈ কব, বʼলা, যিহোৱাৰ অনুগ্ৰহ প্ৰাৰ্থনা কৰিবলৈ, আৰু বাহিনীবিলাকৰ যিহোৱাক বিচাৰিবলৈ আমি বেগাই যাওহঁক; মইও যাম। ২২ হয়, অনেক দেশৰ লোক আৰু পৰাক্ৰমী জাতিবিলাকে যিৰূচালেমত বাহিনীবিলাকৰ যিহোৱাক বিচাৰিবলৈ আৰু যিহোৱাৰ অনুগ্ৰহ প্ৰাৰ্থনা কৰিবলৈ আহিব। ২৩ বাহিনীবিলাকৰ যিহোৱাই এই কথা কৈছে, সেই দিনা জাতিবিলাকৰ মাজৰ আটাই ভাষা কব পৰা দহ জন লোকে এজন যিহূদী লোকৰ কাপোৰৰ আঁচল ধৰি কব, আমি তোমালোকৰ লগত যাম; কিয়নো আমি শুনিছোঁ, ঈশ্বৰ তোমালোকৰ লগত আছে।

ডিচেম্বৰ ১৮-২৪

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | জখৰিয়া ৯-১৪

“‘পৰ্ব্বত দুখনৰ সেই উপত্যকাত’ থাকক”

(জখৰিয়া ১৪:৩, ৪) তেতিয়া যিহোৱা ওলাই, যুজৰ দিনা যুজ কৰা নিচিনাকৈ সেই জাতিবিলাকৰ অহিতে যুজ কৰিব। ৪ আৰু সেই দিনা পূবফালে যিৰূচালেমৰ সন্মুখত থকা জৈতুন পৰ্ব্বতৰ ওপৰত তেওঁৰ চৰণ স্থিতি হব; আৰু জৈতুন পৰ্ব্বত মাজতে পূব আৰু পশ্চিম ফাললৈ ফাটিব, আৰু বৰ ডাঙৰ উপত্যকা হৈ যাব; পৰ্ব্বতৰ এফাল উত্তৰ দিশে, আৰু আনফাল দক্ষিণদিশে হুঁহকি যাব।

w১৩-E ২/১৫ ১৯ ¶১০

যিহোৱাৰ উপত্যকাত থাকি সুৰক্ষা লাভ কৰক

যেতিয়া লাক্ষণিক পৰ্ব্বতখন ফাটে, তেতিয়া আধা উত্তৰফালে আৰু আধা দক্ষিণফালে দুভাগ হৈ যায় আৰু যিহোৱাৰ দুখন ভৰি দুটা পৰ্ব্বতৰ ওপৰত স্থিৰে থাকে। এনে হোৱাৰ বাবে যিহোৱা ঈশ্বৰৰ ভৰিৰ তলত এখন ‘বৰ ডাঙৰ উপত্যকাৰ’ সৃষ্টি হয়। এই লাক্ষণিক উপত্যকাই যিহোৱা ঈশ্বৰৰ সুৰক্ষাক চিত্ৰিত কৰে। যিহোৱাৰ সাৰ্বভৌমত্ব আৰু মচীহৰ ৰাজ্যৰ অধীনত থাকি ঈশ্বৰৰ লোকসকলে সুৰক্ষা লাভ কৰিব পাৰিব। যিহোৱা ঈশ্বৰে নিশ্চিত কৰে যে তেওঁৰ শুদ্ধ উপাসনা কেতিয়াও অন্ত নপৰে। এই পৰ্ব্বত দুখন কেতিয়া ভাগ হয়? পৰজাতিৰ সময় অন্ত হোৱা কালত অৰ্থাৎ ১৯১৪ চনত যেতিয়া মচীহৰ ৰাজ্য স্থাপন হয়, তেতিয়া পৰ্ব্বত দুখন ভাগ হয়। সত্য উপাসকসকলে লাক্ষণিক উপত্যকালৈ কেতিয়া পলাবলৈ আৰম্ভ কৰে?

(জখৰিয়া ১৪:৫) তাতে তোমালোক মোৰ পৰ্ব্বত দুখনৰ উপত্যকাইদি পলাবা; কিয়নো পৰ্ব্বত দুখনৰ সেই উপত্যকা আচললৈকে বিস্তৃত হব। এনে কি, যিহূদাৰ ৰজা উজ্জিয়াৰ ৰাজত্বৰ সময়ত ভূমিকম্প হওঁতে যেনেকৈ তোমালোক পলাইছিলা, তেনেকৈ পলাবা; আৰু মোৰ ঈশ্বৰ যিহোৱা আহিব, তোমাৰে সৈতে সকলো পবিত্ৰ লোক আহিব।

w১৩-E ২/১৫ ২০ ¶১৩

যিহোৱাৰ উপত্যকাত থাকি সুৰক্ষা লাভ কৰক

যদি আমি যিহোৱা ঈশ্বৰৰ আজ্ঞা পালন কৰোঁ আৰু সত্যত দৃঢ় হৈ থাকোঁ, তেনেহʼলে তেওঁ আৰু তেওঁৰ পুত্ৰ যীচু খ্ৰীষ্টই আমাক সহায় কৰিব। কোনো ব্যক্তিয়ে বা শক্তিয়ে আমাক যিহোৱা ঈশ্বৰৰ ‘হাতৰপৰা কাঢ়ি’ নিবলৈ তেওঁ সুযোগ নিদিব। (যোহন ১০:২৮, ২৯) যিহোৱা ঈশ্বৰে আমাক সহায় কৰিবলৈ সাজু থাকে। সেইবাবে, আমি তেওঁৰ আজ্ঞাবোৰ পালন কৰি তেওঁৰ সাৰ্বভৌমত্ব আৰু মচীহৰ ৰাজ্যৰ অধীনত থকা উচিত। উপত্যকাৰ সুৰক্ষাত থকাটো আমাৰ বাবে অতি প্ৰয়োজন। কিয়নো আহিবলগীয়া মহা-ক্লেশৰ সময়ত সত্য উপাসকসকলে ইয়াত সুৰক্ষা পাব।

(জখৰিয়া ১৪:৬, ৭) আৰু সেই দিনা পোহৰ নহব; জ্যোতিবোৰ ম্লান হৈ যাব। ৭ কিন্তু সেয়ে যিহোৱাই জনা অনুপম দিন হব, সেয়ে দিনো নহয় ৰাতিও নহয়; কিন্তু সন্ধ্যা সময়ত পোহৰ হব।

(জখৰিয়া ১৪:১২) যিৰূচালেমৰ বিৰুদ্ধে যুজ কৰা আটাই জাতিক যিহোৱাই এই আঘাতেৰে আঘাত কৰিব; ভৰিৰ ওপৰত ভৰ দি থিয় হৈ থাকোঁতে সিহঁতৰ মাংস ক্ষয় পাব, চকুৰ গাঁতত সিহঁতৰ চকু ক্ষয় পাব, আৰু সিহঁতৰ মুখত সিহঁতৰ জিবা ক্ষয় পাব।

(জখৰিয়া ১৪:১৫) আৰু সেই ছাউনিবোৰত থকা ঘোঁৰা, খছৰ, গাধ, আদি সকলো পশুৰ আঘাত, সেই আঘাতৰ নিচিনাই হব।

w১৩-E ২/১৫ ২০ ¶১৫

যিহোৱাৰ উপত্যকাত থাকি সুৰক্ষা লাভ কৰক

ঈশ্বৰৰ বিচাৰৰ দিনত ‘ডাঙৰ উপত্যকাৰ’ সুৰক্ষাৰ বাহিৰত থকা লোকসকলৰ কি হʼব? তেওঁলোকৰ ওপৰত “পোহৰ” নাথাকিব অৰ্থাৎ ঈশ্বৰৰ অনুমোদন তেওঁলোকৰ ওপৰত নাথাকিব। ‘ঘোঁৰা, খছৰ, গাধ আদি সকলো পশু’ ৰাষ্ট্ৰবিলাকৰ লগত থকা অস্ত্ৰ-শস্ত্ৰক চিত্ৰিত কৰে। যিহোৱাৰ বিচাৰৰ দিনত অস্ত্ৰ-শস্ত্ৰবোৰৰ কোনো কাম নাথাকিব। যিহোৱা ঈশ্বৰে সঁচাকৈ মহামাৰীৰে শত্ৰুবিলাকক “আঘাত” কৰিব নে নকৰে, সেয়া কʼব নোৱাৰি। কিন্তু এইটো সঁচা যে তেওঁলোকে একো কৰিব নোৱাৰিব। সেই দিনত “সিহঁতৰ চকু . . . আৰু সিহঁতৰ মুখত সিহঁতৰ জিবা ক্ষয় হব।” অৰ্থাৎ সিহঁতে আমাৰ কোনো অপকাৰ কৰিব নোৱাৰে আৰু যিহোৱাৰ বিৰুদ্ধে কোনো কথা কʼব নোৱাৰিব। (জখ. ১৪: ৬, ৭, ১২, ১৫) বহুতোলোক চয়তানৰ পক্ষ হʼব, কিন্তু পৃথিৱীত এনে কোনো ঠাই নাথাকিব, যʼত চয়তানৰ লোকবিলাকে ঈশ্বৰৰ বিনাশৰপৰা সাৰিব পাৰিব। (প্ৰকা. ১৯:১৯-২১) “সেই দিনা পৃথিবীৰ ইমূৰৰ পৰা সিমূৰলৈ যিহোৱাৰ হত লোক হব।”—যিৰি. ২৫:৩২, ৩৩.

আধ্যাত্মিক ৰত্ন বিচাৰক

(জখৰিয়া ১২:৩) সেই দিনা মই যিৰূচালেমক সকলো জাতিৰ পক্ষে, তুলিবলৈ কষ্টকৰ শিলস্বৰূপ কৰিম; যিবিলাকে তাক তুলিব, সেই আটাইবিলাকৰ বৰকৈ ঘা লাগিব, আৰু পৃথিবীৰ আটাই জাতিয়ে তাৰ অহিতে গোট খাব।

w০৭-E ১২/১৫ ২২-২৩ ¶৯-১০

তোমাৰ বিৰুদ্ধে গঢ়া কোনো অস্ত্ৰ সাৰ্থক নহʼব

বিভিন্ন ৰাষ্ট্ৰই সত্য খ্ৰীষ্টানসকলক কিয় বিৰোধিতা কৰে, তাৰ বিষয়ে জখৰিয়াই কৰা ভৱিষ্যতবাণীত দেখিবলৈ পোৱা যায়। আহক আমি জখৰিয়া ১২:৩ পদত কি উল্লেখ আছে, তালৈ ধ্যান দিওঁ: “সেই দিনা মই যিৰূচালেমক সকলো জাতিৰ পক্ষে, তুলিবলৈ কষ্টকৰ শিলস্বৰূপ কৰিম।” ভৱিষ্যতবাণীত বৰ্ণনা কৰা যিৰূচালেমে কিহক চিত্ৰিত কৰে? জখৰিয়াৰ ভৱিষ্যতবাণীত বৰ্ণনা কৰা যিৰূচালেম, ‘স্বৰ্গীয় যিৰূচালেমক’ চিত্ৰিত কৰে আৰু ইয়াৰ বাবে অভিষিক্ত খ্ৰীষ্টানসকলক নিমন্ত্ৰণ কৰা হৈছে। (ইব্ৰী ১২:২২) বৰ্তমান সময়ত মচীহৰ ৰাজ্যৰ বাবে আশা থকা কেৱল কিছু সংখ্যক লোকেহে পৃথিৱীত জীয়াই আছে। তেওঁলোকৰ সহযোগী হৈ অন্য ‘মেৰসকলে’ আন লোকসকলক ঈশ্বৰৰ ৰাজ্যৰ প্ৰজা হʼবলৈ শিক্ষা দিয়ে। (যোহন ১০:১৬; প্ৰকাশিত বাক্য ১১:১৫) বিভিন্ন ৰাষ্ট্ৰই এই নিমন্ত্ৰণৰ প্ৰতি কেনেধৰণৰ প্ৰতিক্ৰিয়া দেখুৱাইছে? বৰ্তমান সময়ত যিহোৱা ঈশ্বৰে সত্য উপাসকসকলক কেনেধৰণৰ সহায় আগবঢ়াইছে? আহক আমি জখৰিয়া ১২ অধ্যায় পুনৰ পৰীক্ষা কৰি ইয়াৰ অৰ্থ বিচাৰি উলিয়াওঁ। এনে কৰাৰ যোগেদি আমি আশ্বাস লাভ কৰিব পাৰোঁ যে ঈশ্বৰৰ অভিষিক্ত লোকসকল আৰু তেওঁলোকৰ সহযোগীসকলৰ বিৰুদ্ধে গঢ়া কোনো অস্ত্ৰ সাৰ্থক নহʼব।

জখৰিয়া ১২:৩ পদে দেখুৱায় যে জাতিবিলাকৰ “ঘা” লাগিব। ই কেনেকৈ সম্ভৱ হʼব? ঈশ্বৰে আজ্ঞা দিছে যে ৰাজ্যৰ শুভবাৰ্ত্তা ঘোষণা কৰা অতি আৱশ্যক। যিহোৱাৰ সাক্ষীসকলে ঘোষণা কাৰ্য্যক গুৰুত্বসহকাৰে লয়, কিন্তু মানৱজাতিৰ একমাত্ৰ আশা হিচাপে ৰাজ্যৰ শুভবাৰ্ত্তা জাতিবিলাকৰ দৃষ্টিত “কষ্টকৰ শিলস্বৰূপ” হৈ পৰিছে। ঘোষণা কাৰ্য্য বন্ধ কৰিবলৈ তেওঁলোকে ৰাজ্যৰ প্ৰচাৰকসকলক বাধা দিবলৈ চেষ্টা কৰে। এনে কৰাৰ দ্বাৰা জাতিবিলাকে নিজকে “বৰকৈ ঘা” কৰি লৈছে। অপমানিতভাৱে বিফল হোৱাৰ যোগেদি তেওঁলোকৰ ভাল নামো কলংকিত হৈছে। এই ব্যৱস্থাৰ অন্ত হোৱাৰ আগতে সত্য উপাসকসকলক মচীহৰ ৰাজ্যৰ “অনন্ত শুভবাৰ্ত্তা” ঘোষণা কৰাৰপৰা তেওঁলোকক কোনেও বাধা দিব নোৱাৰে। (প্ৰকাশিত বাক্য ১৪:৬) যিহোৱাৰ লোকসকলক তাড়না কৰা দেখি আফ্ৰিকা দেশৰ এজন জেলৰ প্ৰহৰীয়ে এইদৰে কʼব বিচাৰিছিল: ‘তোমালোকে এই লোকসকলক শাস্তি দি নিজৰ সময় নষ্ট কৰিছা। তেওঁলোকে কেতিয়াও আপোচ নকৰে। তেওঁলোকৰ সংখ্যা কেৱল বাঢ়ি গৈ থাকে।’

(জখৰিয়া ১২:৭) দায়ূদ বংশৰ আৰু যিৰূচালেম-নিবাসীবিলাকৰ শ্ৰী যিহূদাতকৈ বৰ বুলি বিবেচিত নহবৰ নিমিত্তে, যিহোৱাই যিহূদাৰ তম্বুবোৰ প্ৰথমে ৰক্ষা কৰিব।

w০৭-E ১২/১৫ ২৫ ¶১৩

তোমাৰ বিৰুদ্ধে গঢ়া কোনো অস্ত্ৰ সাৰ্থক নহʼব

জখৰিয়া ১২:৭, ৮ পঢ়ক। প্ৰাচীন ইস্ৰায়েলীসকলৰ তম্বুৰ এক বিশেষ বৈশিষ্য আছিল। কেতিয়াবা কেতিয়াবা ভেৰাৰখীয়া আৰু খেতিয়কসকলে এই তম্বুবোৰ ব্যৱহাৰ কৰিছিল। যদি কোনো শত্ৰুৱে যিৰূচালেমক আক্ৰমণ কৰিবলৈ আহে, তেনেহʼলে এই লোকসকলক প্ৰথমে আক্ৰমণ কৰাৰ সম্ভাৱনা আছিল। সেইবাবে, তেওঁলোকক সুৰক্ষা দিয়াৰ প্ৰয়োজন আছিল। ইয়াত বৰ্ণনা কৰা ‘যিহূদাৰ তম্বুবোৰে’ এই পৃথিৱীৰ বাকী থকা অভিষিক্ত লোকসকলক চিত্ৰিত কৰে। বৰ্তমান সময়ত তেওঁলোক কʼবলৈ গʼলে কোনো সুৰক্ষিত নগৰত নাই, কিন্তু মুকলি স্থানত আছে। তেওঁলোকে তাত নিৰ্ভয়ে মচীহৰ ৰাজ্যৰ লগত জড়িত থকা বিষয়বোৰক সুৰক্ষা দি আহিছে। চয়তানৰ প্ৰধান লক্ষ্য হৈছে এইবোৰৰ ওপৰত আক্ৰমণ কৰা আৰু সেইবাবে, বাহিনীবিলাকৰ ঈশ্বৰ যিহোৱাই “যিহূদাৰ তম্বুবোৰ প্ৰথমে ৰক্ষা কৰিব।”

বাইবেল পাঠ

(জখৰিয়া ১২:১-১৪) ইস্ৰায়েলৰ বিষয়ে যিহোৱাৰ ভাৰবাক্য। আকাশমণ্ডল বিস্তাৰ কৰোঁতা, পৃথিবীৰ ভিত্তিমূল স্থাপন কৰোঁতা, আৰু মনুষ্যৰ অন্তৰত আত্মা গঠন কৰোঁতা যিহোৱাই এইদৰে কৈছে, ২ চোৱা, মই যিৰূচালেমক চাৰিওফালে থকা আটাই জাতিৰ নিমিত্তে ঢলংপলং কৰাওঁতা পান-পাত্ৰস্বৰূপ কৰিম, আৰু যিৰূচালেমক অৱৰোধ কৰা সময়ত এয়ে যিহূদালৈকো ঘটিব। ৩ সেই দিনা মই যিৰূচালেমক সকলো জাতিৰ পক্ষে তুলিবলৈ কষ্টকৰ শিলস্বৰূপ কৰিম; যিবিলাকে তাক তুলিব, সেই আটাইবিলাকৰ বৰকৈ ঘা লাগিব, আৰু পৃথিবীৰ আটাই জাতিয়ে তাৰ অহিতে গোট খাব। ৪ যিহোৱাই কৈছে, সেই দিনা মই আঘাত কৰি প্ৰত্যেক ঘোঁৰাক ভয় লগাম, তাত উঠা জনক বলীয়া কৰিম; মই যিহূদা-বংশলৈ মোৰ চকু মুকলি কৰিম, কিন্তু জাতিবিলাকৰ প্ৰত্যেক ঘোঁৰাক আঘাত কৰি কণা কৰিম। ৫ আৰু যিহূদাৰ প্ৰধানবিলাকে নিজ নিজ মনতে কব, যিৰূচালেম-নিবাসীবিলাক তেওঁবিলাকৰ ঈশ্বৰ বাহিনীবিলাকৰ যিহোৱাৰ সহায়ত মোৰ বল। ৬ সেই দিনা মই যিহূদাৰ প্ৰধানবিলাকক খৰিৰ মাজত থকা জুই ধৰা পাত্ৰ, আৰু ডাঙৰিবোৰৰ মাজত জ্বলাই থোৱা আৰিয়াৰ নিচিনা কৰিম; তেওঁবিলাকে সোঁ আৰু বাওফালে চাৰিওকাষে আটাই জাতিক গ্ৰাস কৰিব, আৰু যিৰূচালেমে পুনৰাই নিজ ঠাই যিৰূচালেমতেই বাস কৰিব। ৭ দায়ূদ বংশৰ আৰু যিৰূচালেম-নিবাসীবিলাকৰ শ্ৰী যিহূদাতকৈ বৰ বুলি বিবেচিত নহবৰ নিমিত্তে, যিহোৱাই যিহূদাৰ তম্বুবোৰ প্ৰথমে ৰক্ষা কৰিব। ৮ সেই দিনা যিহোৱা যিৰূচালেম-নিবাসীবিলাকৰ ঢালস্বৰূপ হব, আৰু তেওঁবিলাকৰ মাজৰ দুৰ্ব্বল লোক সেই দিনা দায়ূদৰ সদৃশ হব, আৰু দায়ূদৰ বংশ ঈশ্বৰৰ সদৃশ, তেওঁবিলাকৰ আগে আগে যোৱা যিহোৱাৰ দূতৰেই সদৃশ হব। ৯ আৰু সেই দিনা যিৰূচালেমৰ বিৰুদ্ধে অহা আটাই জাতিক মই নষ্ট কৰিবলৈ মন কৰিম। ১০ আৰু দায়ূদ-বংশৰ ও যিৰূচালেম-নিবাসীবিলাকৰ ওপৰত মই অনুগ্ৰহ আৰু মিনতিৰ আত্মা বাকি দিম; তাতে তেওঁবিলাকে বিন্ধা যি মই, মোলৈ তেওঁবিলাকে চাব, আৰু একেটি পুত্ৰৰ নিমিত্তে বিলাপ কৰা নিচিনাকৈ তেওঁবিলাকে তেওঁৰ নিমিত্তে বিলাপ কৰিব, আৰু প্ৰথমে জন্মা পুত্ৰৰ বিয়োগত মানুহে বেজাৰ পোৱাৰ দৰে তেওঁবিলাকে তেওঁৰ নিমিত্তে মনত বেজাৰ পাব। ১১ মগিদ্দোন সমথলৰ হদদৰিন্মোণত কৰা বিলাপৰ নিচিনাকৈ যিৰূচালেমত সেই দিনা মহাবিলাপ হব। ১২ দেশীয় প্ৰত্যেক গোষ্ঠীয়ে বেলেগে বেলেগে বিলাপ কৰিব; দায়ূদ-বংশৰ গোষ্ঠীয়ে বেলেগে, আৰু তেওঁবিলাকৰ তিৰোতাবিলাকে বেলেগে; নাথন-বংশৰ গোষ্ঠীয়ে বেলেগে, আৰু তেওঁবিলাকৰ তিৰোতাবিলাকে বেলেগে; ১৩ লেবী-বংশৰ গোষ্ঠীয়ে বেলেগে আৰু তেওঁবিলাকৰ তিৰোতাবিলাকে বেলেগে; চিমিয়ীৰ গোষ্ঠীয়ে বেলেগে, আৰু তেওঁবিলাকৰ তিৰোতাবিলাকে বেলেগে; ১৪ অৱশিষ্ট আটাই গোষ্ঠীৰ মাজত এক এক গোষ্ঠীয়ে বেলেগে আৰু তেওঁবিলাকৰ তিৰোতাবিলাকে বেলেগে বেলেগে বিলাপ কৰিব।

ডিচেম্বৰ ২৫-৩১

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | মলাখী ১-৪

“আপোনাৰ বিবাহৰ বন্ধনে যিহোৱাক আনন্দিত কৰেনে?”

(মলাখী ২:১৩, ১৪) আৰু তোমালোকে আকৌ ইয়াকো কৰিছা, যে, তোমালোকে চকু-লোৰে, ক্ৰন্দনেৰে, আৰু হুমুনিয়াহেৰে যিহোৱাৰ যজ্ঞ-বেদি ঢাকিছা; এই নিমিত্তে তেওঁ উপহাৰলৈ আৰু দৃষ্টি নকৰে, বা প্ৰসন্ন হৈ তোমালোকৰ হাতৰ পৰা তাক গ্ৰহণ নকৰে। ১৪ তথাপি তোমালোকে কৈছা, ইয়াৰ কাৰণ কি? তাৰ কাৰণ এই, তোমাৰ সঙ্গিনী, তোমাৰ বিবাহ-বন্ধনৰ ভাৰ্য্যা হোৱাতো যি তিৰোতালৈ তুমি বিশ্বাস-ঘাতকতা কৰিলা, তোমাৰ যৌৱনকালৰ সেই ভাৰ্য্যা আৰু তোমাৰ মাজত যিহোৱা সাক্ষী আছে।

jd-E ১২৫-১২৬ ¶৪-৫

ঈশ্বৰক আনন্দিত হোৱাকৈ পৰিয়ালৰ দায়িত্ব পালন কৰক

খ্ৰীষ্টপূৰ্ব পঞ্চম শতিকাৰ সময়ছোৱাত মলাখী ভাববাদীৰ দিনত, যিহূদীসকলৰ মাজত বিবাহ-বিচ্ছেদ কৰাটো এক সাধাৰণ বিষয় হৈ পৰিছিল। মলাখীয়ে তেওঁলোকক এইদৰে কৈছিল: “তোমাৰ সঙ্গিনী, তোমাৰ বিবাহ-বন্ধনৰ ভাৰ্য্যা হোৱাতো যি তিৰোতালৈ তুমি বিশ্বাস-ঘাতকতা কৰিলা, তোমাৰ যৌৱনকালৰ সেই ভাৰ্য্যা আৰু তোমাৰ মাজত যিহোৱা সাক্ষী আছে।” স্বামীসকলে নিজৰ পত্নীক বিশ্বাস-ঘাতকতা কৰাৰ বাবে তেওঁলোকৰ “চকু-লোৰে, ক্ৰন্দনেৰে আৰু হুমুনিয়াহেৰে” যিহোৱাৰ যজ্ঞ-বেদি ঢাক খাইছে। ভ্ৰষ্টাচাৰী পুৰোহিতসকলেও এনে ঘৃণনীয় কাৰ্য্যৰ বাবে কোনো ব্যৱস্থা হাতত লোৱা নাছিল।—মলাখী ২:১৩, ১৪.

মলাখীৰ সময়ত বিবাহৰ বন্ধনৰ বিষয়ে এনে নিন্দনীয় কাৰ্য্যক যিহোৱা ঈশ্বৰে কেনে দৃষ্টিৰে চাইছিল? মলাখীয়ে এইদৰে বৰ্ণনা কৰিছে: “ইস্ৰায়েলৰ যিহোৱাই কৈছে, মই ভাৰ্য্যা-ত্যাগ ঘিণ কৰোঁ।” বিবাহৰ বিষয়ে থকা যিহোৱা ঈশ্বৰৰ এই মানদণ্ড সলনি হোৱা নাই আৰু শাস্ত্ৰই বৰ্ণনা কৰে যে তেওঁৰ “পৰিবৰ্ত্তন নাই।” (মলাখী ২:১৬; ৩:৬) আপুনি যিহোৱা ঈশ্বৰৰ দৃষ্টিভংগী লক্ষ্য কৰিছেনে? যিহোৱা ঈশ্বৰে আৰম্ভণিতে বিবাহ-বিচ্ছেদৰ বিৰুদ্ধে পদক্ষেপ লৈছিল। (আদিপুস্তক ২:১৮, ২৪) মলাখীৰ সময়তো যিহোৱা ঈশ্বৰে বিবাহ-বিচ্ছেদৰ বিষয়ে তেওঁৰ দৃষ্টিভংগী প্ৰকাশ কৰে আৰু বৰ্তমান সময়তো তেওঁ সেই একেই দৃষ্টিভংগী ৰাখে। কিছুমান লোকে নিজৰ সংগীৰ লগত সন্তুষ্ট নোহোৱাৰ বাবে বিবাহ-বিচ্ছেদ কৰিবলৈ নিৰ্ণয় লয়। তেওঁলোকৰ হৃদয়ত যিয়েই কপটতা নাথাকক কিয়, কিন্তু যিহোৱা ঈশ্বৰে প্ৰকৃত কথাটো বুজিব পাৰে। (যিৰিমিয়া ১৭:৯, ১০) কোনো এজন ব্যক্তিয়ে হয়তো যুক্তি দেখুৱাব পাৰে, কিন্তু বিবাহ-বিচ্ছেদৰ আঁৰত থকা প্ৰতাৰণা বা যিকোনো কুকল্পনাৰ বিষয়ে যিহোৱা ঈশ্বৰে ভালদৰে জানে। কিয়নো “কোনো সৃষ্ট বস্তু তেওঁৰ দৃষ্টিৰ অগোচৰ নহয়; যি জনাৰ আগত আমি হিচাব দিব লগা হওঁ, তেওঁৰ চকুৰ আগত সকলোৱেই উদং আৰু মুকলি।”—ইব্ৰী ৪:১৩.

(মলাখী ২:১৫, ১৬) আত্মাৰ অৱশিষ্ট ভাগ তেওঁৰ থকাতো তেওঁ এজনকেই সৃষ্টি কৰা নাছিল নে? কিয় এজনকেই সৃষ্টি কৰিলে? তেওঁ ঈশ্বৰীয় বংশ বিচাৰিছিল; এই কাৰণে তোমালোকে নিজ নিজ আত্মাৰ বিষয়ে সাৱধান হোৱা, আৰু কোনেও নিজৰ যৌৱন কালৰ ভাৰ্য্যালৈ বিশ্বাস-ঘাতকতা নকৰিবা; ১৬ কিয়নো ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই কৈছে, মই ভাৰ্য্যা-ত্যাগ ঘিণ কৰোঁ, আৰু বাহিনীবিলাকৰ যিহোৱাই কৈছে, যি জনে অত্যাচাৰেৰে নিজ বস্ত্ৰ ঢাকে, তাক মই ঘিণ কৰোঁ; এই কাৰণে, তোমালোকে বিশ্বাস-ঘাতকতা নকৰিবৰ নিমিত্তে নিজ নিজ আত্মাৰ বিষয়ে সাৱধান হোৱা।

w০২ ৫/১ ১৭ ¶১৯

যিহোৱাই বিশ্বাস-ঘাতক কৰা কাৰ্য্যক ঘিণ কৰে

ইয়াৰ বিপৰীতে সঠিক মন্তব্য দি ভৱিষ্যতবক্তা মলাখীয়ে কৈছিল যে কিছুমান পুৰুষে নিজ ভাৰ্য্যাৰ সৈতে বিশ্বাস-ঘাতকতাৰে আচৰণ কৰা নাছিল। তেওঁলোকে ‘ঈশ্বৰৰ পবিত্ৰ আত্মাৰ বিষয়ে সাৱধান আছিল।’ (১৫ অধ্যায়) আনন্দৰ বিষয় এই যে আজিৰ সময়ত ঈশ্বৰৰ সংগঠনত এনেবোৰ ব্যক্তিৰে ভৰি আছে যিসকলে ‘নিজৰ ভাৰ্য্যাবিলাকক সমাদৰ কৰে।’ (১ পিতৰ ৩:৭) তেওঁলোকে নিজৰ ভাৰ্য্যাক শাৰীৰিক বা মৌখিকৰূপে দুৰ্ব্যৱহাৰ নকৰে, তেওঁলোকে যৌন সম্বন্ধীয় বিষয়টো নিজৰ ভাৰ্য্যাক অসন্মান নকৰে আৰু আন আন স্ত্ৰীৰ সৈতে ৰঙ্গীয়াল হৈ বা তেওঁলোকে কোনো কামোত্তেজক সাহিত্য অথবা ছবি চাই নিজৰ ভাৰ্য্যাক অপমান নকৰে। তদুপৰি, এই সংগঠনত তেনে বহুতো বিশ্বাসী পত্নী আছে যিসকলে একনিষ্ঠাৰে ঈশ্বৰৰ ব্যৱস্থাসমূহক পালন কৰিছে। সেই সকলো পুৰুষ আৰু স্ত্ৰীয়ে জানে যে ঈশ্বৰে যি ঘিণ কৰে আৰু তেওঁলোকে ঈশ্বৰৰ ইচ্ছাৰ অনুসাৰে বিবেচনা কৰি কাৰ্য্য কৰে। আমি তেওঁলোকৰ দৰে একেৰাহে চলি ‘শাসক হিচাপে ঈশ্বৰৰ আজ্ঞা মানি’ তেওঁৰ পবিত্ৰ আত্মাৰ দ্বাৰা আশীৰ্ব্বাদ লাভ কৰিম।—পাঁচনিৰ কৰ্ম্ম ৫:২৯.

আধ্যাত্মিক ৰত্ন বিচাৰক

(মলাখী ১:১০) তোমালোকে মোৰ যজ্ঞ-বেদিৰ ওপৰত বৃথাই জুই নজ্বলাবৰ নিমিত্তে, দুৱাৰ বন্ধ কৰিবলৈ তোমালোকৰ মাজত এজন থকা হলে কেনে ভাল আছিল! বাহিনীবিলাকৰ যিহোৱাই কৈছে, মই তোমালোকত একো সন্তোষ নাপাওঁ; আৰু তোমালোকৰ হাতৰ পৰা মই কোনো বলি গ্ৰহণ নকৰো।

w০৭-E ১২/১৫ ২৭ ¶১

মলাখী কিতাপৰপৰা সাৰাংশ

১:১০. মলাখীৰ সময়ত লুভীয়া পুৰোহিতসকলে দুৱাৰ বন্ধ কৰা বা বেদিত জুই জ্বলোৱা আদি সাধাৰণ কামৰ বাবে টকা-পইচা বিচাৰিছিল। যিহোৱা ঈশ্বৰে এনেধৰণৰ সেৱাত সন্তুষ্ট হোৱা নাছিল। গতিকে, আমি কোনো স্বাৰ্থৰ বাবে ঘোষণা কাৰ্য্যত ভাগ লোৱা আৰু যিহোৱা ঈশ্বৰক উপসনা কৰা উচিত নহয়। ঈশ্বৰ আৰু চুবুৰীয়াৰ প্ৰতি থকা প্ৰেমে আমাক এনেধৰণৰ কাৰ্য্য কৰিবলৈ উৎসাহিত কৰে।—মথি ২২:৩৭-৩৯; ২ কৰিন্থীয়া ১১:৭.

(মলাখী ৩:১) চোৱা, মই নিজ দূতক পঠাম, আৰু তেওঁ মোৰ আগে আগে বাট যুগুত কৰিব; আৰু যি প্ৰভুক তোমালোকে বিচাৰিছা, তেওঁ অকস্মাতে নিজ মন্দিৰলৈ আহিব; বাহিনীবিলাকৰ যিহোৱাই কৈছে, যি জনাত তোমালোক সন্তুষ্ট, চোৱা, নিয়মটিৰ সেই দূত আহিব।

w১৩-E ৭/১৫ ১০-১১ ¶৫-৬

“চোৱা, জগতৰ শেষলৈকে মই সদায় তোমালোকৰ সঙ্গে সঙ্গে আছোঁ”

যীচুৱে ধান আৰু বিনৈ বনৰ দৃষ্টান্ত দিয়াৰ বহু শতিকাৰ আগতে যিহোৱা ঈশ্বৰে ভৱিষ্যতবক্তা মলাখীক এনে কিছুমান ভৱিষ্যতবাণী কৰিবলৈ অনুপ্ৰাণিত কৰিছিল, যাৰ বিষয়ে যীচুৱে এই দৃষ্টান্তত উল্লেখ কৰিছে। (মলাখী ৩:১-৪ পঢ়ক।) মলাখী কিতাপত উল্লেখ কৰা সেই দূতজন হৈছে যোহন বাপ্তাইজক আৰু তেওঁ ‘বাট যুগুত’ কৰিছিল। (মথি ১১:১০, ১১) ২৯ খ্ৰীষ্টাব্দত যেতিয়া তেওঁ আহিছিল, তেতিয়া ইস্ৰায়েলীসকলৰ বিচাৰৰ সময় ওচৰ চাপিছিল। দ্বিতীয়জন বাৰ্তাবাহক হৈছে যীচু খ্ৰীষ্ট। তেওঁ যিৰূচালেম মন্দিৰ দুবাৰকৈ পৰিষ্কাৰ কৰিছিল। প্ৰথমবাৰ হৈছে সেৱকীয়া কাৰ্য্য আৰম্ভ কৰাৰ সময়ত আৰু দ্বিতীয়বাৰ হৈছে সেৱকীয়া কাৰ্য্যৰ শেষৰ সময়ছোৱাত। (মথি ২১:১২, ১৩; যোহন ২:১৪-১৭) ইয়াৰ অৰ্থ হৈছে যীচুৱে মন্দিৰ পৰিষ্কাৰ কৰাৰ কাম কেৱল কিছু সময়ৰ বাবে কৰিছিল।

মলাখীৰ ভৱিষ্যতবাণী কেনেকৈ বৃহৎ আকাৰে পূৰ হৈছে? ১৯১৪ চনৰ বহু বছৰ আগতে, ভাই চাৰ্লচ্‌ তাজ্‌ ৰাচেল আৰু তেওঁৰ সহযোগীসকলে যোহন বাপ্তাইজকৰ দৰে কাম কৰিছিল। তেওঁ বাইবেলৰ সত্যতাক পুনৰ প্ৰতিষ্ঠা কৰাৰ কামত জড়িত আছিল। যীচুৰ মুক্তিপণৰ অৰ্থ কি, নৰকৰ মিছা শিক্ষা আৰু পৰজাতিবিলাকৰ অন্ত হোৱাৰ সময়ৰ বিষয়ে বাইবেল বিদ্যাৰ্থীসকলে শিক্ষা দিছিল। সেইসময়ত, বহুতো গোটে যীচুৰ শিষ্য হয় বুলি দাবী কৰিছিল। কিন্তু, এক গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ পোৱাৰ প্ৰয়োজন আছিল: এই গোটসমূহৰ ভিতৰত ধানৰ দৰে গোটটো কোন হয়? এই প্ৰশ্নৰ উত্তৰৰ বাবে যীচুৱে ১৯১৪ চনত আধ্যাত্মিক মন্দিৰ পৰীক্ষা কৰিবলৈ আৰম্ভ কৰে। সেই পৰীক্ষা কৰাৰ আৰু শুদ্ধ কৰাৰ বাবে এক সময়ৰ প্ৰয়োজন আছিল। সেই সময়ছোৱা হৈছে ১৯১৪ চনৰপৰা ১৯১৯ চনলৈকে।

বাইবেল পাঠ

(মলাখী ১:১-১০) মলাখীৰ দ্বাৰাই ইস্ৰায়েললৈ কোওৱা যিহোৱাৰ ভাৰবাক্য। ২ যিহোৱাই কৈছে, মই তোমালোকক প্ৰেম কৰিলোঁ; তথাপি তোমালোকে কৈছা, তুমি কিহত আমাক প্ৰেম কৰিলা? যিহোৱাই কৈছে, এচৌ জানো যাকোবৰ ককায়েক নাছিল? ৩ তথাপি মই যাকোবক প্ৰেম কৰিলো; কিন্তু মই এচৌক ঘিণ কৰিলোঁ, তাৰ পৰ্ব্বতবোৰ উচ্ছন্ন ঠাই কৰিলোঁ, আৰু তাৰ আধিপত্য অৰণ্যৰ শিয়ালবোৰক দিলোঁ। ৪ ইদোমে কৈছে, যদিও আমি গুড়ি হৈছোঁ, তথাপি আমি ধ্বংসস্থানবোৰ পুনৰায় সাজিম; এই কাৰণে বাহিনীবিলাকৰ যিহোৱাই এই কথা কৈছে, সিহঁতে সাজিব, কিন্তু মই ভাঙি পেলাম; তাতে, সিহঁত দুষ্টতাৰ অঞ্চল, আৰু যিহোৱাই সদায় ক্ৰোধ কৰা জাতি বুলি প্ৰখ্যাত হব। ৫ আৰু তোমালোকৰ চকুৱে তাক দেখিব, আৰু তোমালোকে কবা, যিহোৱা ইস্ৰায়েলৰ সীমাৰ বাহিৰেও গৌৰৱান্বিত। ৬ পুত্ৰই পিতৃক, আৰু বন্দীয়ে প্ৰভুক সমাদৰ কৰে; পাছে যদি মই পিতৃ হওঁ, তেন্তে মোৰ সমাদৰ কʼতা? আৰু যদি মই প্ৰভু হওঁ, তেন্তে মোলৈ ভয় কʼতা? মোৰ নাম হেয়জ্ঞান কৰোঁতা হে পুৰোহিতবিলাক, তোমালোককেই বাহিনীবিলাকৰ যিহোৱাই এই কথা কৈছে; কিন্তু তোমালোকে কৈছা, আমি কিহত তোমাৰ নাম হেয়জ্ঞান কৰিলোঁ? ৭ তোমালোকে মোৰ যজ্ঞ বেদিৰ ওপৰত অশুচি আহাৰ উৎসৰ্গ কৰিছা; তথাপি তোমালোকে কৈছা, আমি কিহত তোমাক অশুচি কৰিলোঁ? যিহোৱাৰ মেজ তুচ্ছ, এনে কথা কোৱাতেই। ৮ আৰু যেতিয়া তোমালোকে বলিদানৰ অৰ্থে অন্ধ পশু উৎসৰ্গ কৰা, সেইটো বেয়া নহয়! আৰু যেতিয়া তোমালোকে খোৰা আৰু ৰুগীয়া পশু উৎসৰ্গ কৰা, সেইটো বেয়া নহয়! তোমাৰ দেশাধিপতিৰ আগত তাক উপহাৰস্বৰূপে দিয়াচোন; বাহিনীবিলাকৰ যিহোৱাই কৈছে, তেওঁ তোমালৈ প্ৰসন্ন হব নে? বা তোমাকে গ্ৰাহ্য কৰিব নে? ৯ মই এতিয়া মিনতি কৰো, ঈশ্বৰ আমালৈ দয়ালু হবৰ নিমিত্তে তেওঁৰ অনুগ্ৰহ প্ৰাৰ্থনা কৰা; তোমালোকৰ হাতৰ দ্বাৰায়েই সেই কাৰ্য্য হৈছে; বাহিনীবিলাৰ যিহোৱাই কৈছে, তেওঁ তোমালোকৰ কোনো জনক গ্ৰহণ কৰিব নে? ১০ তোমালোকে মোৰ যজ্ঞ-বেদিৰ ওপৰত বৃথাই জুই নজ্বলাবৰ নিমিত্তে, দুৱাৰ বন্ধ কৰিবলৈ তোমালোকৰ মাজত এজন থকা হলে কেনে ভাল আছিল! বাহিনীবিলাকৰ যিহোৱাই কৈছে, মই তোমালোকত একো সন্তোষ নাপাওঁ; আৰু তোমালোকৰ হাতৰ পৰা মই কোনো বলি গ্ৰহণ নকৰো।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক