ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • bh অধ্যায় ৪ পৃষ্ঠা ৩৭-৪৬
  • যীচু খ্ৰীষ্ট কোন হয়?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যীচু খ্ৰীষ্ট কোন হয়?
  • বাইবেলে প্ৰকৃততে কি শিকায়?
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • প্ৰতিজ্ঞা কৰা মচীহ
  • যীচু কʼৰপৰা আহিছিল?
  • যীচু কেনেধৰণৰ ব্যক্তি আছিল?
  • অন্তলৈকে বিশ্বাসী হৈ থাকিল
  • যীচু খ্ৰীষ্ট কোন হয়?
    বাইবেলে আমাক কি শিকায়?
  • যীচু কোন হয়?
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
  • যীচু খ্ৰীষ্ট—ঈশ্বৰৰ জ্ঞানৰ চাবি
    জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায়
  • মচীহৰ উপস্থিতি
    বাইবেল ইয়াত আপোনাৰ বাবে ভাল খবৰ আছে।
আৰু চাওক
বাইবেলে প্ৰকৃততে কি শিকায়?
bh অধ্যায় ৪ পৃষ্ঠা ৩৭-৪৬

চাৰি অধ্যায়

যীচু খ্ৰীষ্ট কোন হয়?

  • যীচুৰ মুখ্য ভূমিকা কি?

  • তেওঁ কʼৰপৰা আহিছিল?

  • তেওঁ কেনেধৰণৰ ব্যক্তি আছিল?

১, ২. (ক) আপুনি এজন প্ৰসিদ্ধ ব্যক্তিৰ মাত্ৰ নাম জানিলেই তেওঁৰ বিষয়ে ভালকৈ জনাটো বুজায়নে? (খ) যীচুৰ বিষয়ে কি কি মতামত দেখিবলৈ পোৱা যায়?

এই পৃথিৱীত বহুতো প্ৰসিদ্ধ লোক আছে। ইয়াৰে কিছুমান লোক নিজ সম্প্ৰদায়ৰ মাজত, নিজ চহৰত, নিজ দেশত বা গোটেই বিশ্বজুৰি জনাজাত। এজন প্ৰসিদ্ধ ব্যক্তিৰ মাত্ৰ নাম জানিলেই আমি তেওঁক ভালকৈ জানোঁ বুলি কʼব নোৱাৰোঁ। এজন ব্যক্তিৰ নাম জনাৰ অৰ্থ এইটো নহয় যে তেওঁৰ পৃষ্ঠভূমি তথা তেওঁৰ বিষয়ে সম্পূৰ্ণকৈ জনা।

২ প্ৰায় ২,০০০ বছৰৰ আগতেই এই পৃথিৱীত যীচু খ্ৰীষ্টৰ জন্ম হৈছিল আৰু আজিও প্ৰায়ভাগ লোকে তেওঁৰ বিষয়ে কিবা নহয় কিবা জানে। কিন্তু প্ৰকৃততে যীচু কোন আছিল, তাক বহুতোলোকে সঠিকভাৱে নাজানে। কিছুমানে কʼব বিচাৰে যে তেওঁ এজন নম্ৰ ব্যক্তি আছিল আৰু আন কিছুমানে কʼব বিচাৰে যে তেওঁ এজন ভৱিষ্যতবক্তা আছিল। বহুতোলোকে বিশ্বাস কৰে যে তেওঁ এজন ঈশ্বৰ হয় আৰু তেওঁক উপাসনা কৰা উচিত। কিন্তু প্ৰকৃততে আমি তেওঁক উপাসনা কৰা উচিতনে?

৩. আপুনি যিহোৱা ঈশ্বৰ আৰু যীচু খ্ৰীষ্টৰ বিষয়ে সঠিকভাৱে জনাটো কিয় প্ৰয়োজন?

৩ আপুনি যীচুৰ বিষয়ে সঠিকভাৱে জনাটো অতি প্ৰয়োজন। কিয় বাৰু? বাইবেলে ইয়াৰ বিষয়ে বৰ্ণনা কৰিছে: “একমাত্ৰ সত্য ঈশ্বৰ যি তুমি, তোমাক আৰু তুমি পঠোৱা যীচু খ্ৰীষ্টক জনা, এয়েই অনন্ত জীৱন।” (যোহন ১৭:৩) যিহোৱা ঈশ্বৰ আৰু যীচু খ্ৰীষ্টক জনাৰ যোগেদিহে আহিবলগীয়া প্ৰমোদবনত আমাৰ বাবে অনন্ত জীৱনৰ পথ মুকলি হʼব। (যোহন ১৪:৬) ইয়াৰ উপৰিও আমি কেনেকৈ আমাৰ জীৱন অতিবাহিত কৰিব লাগে আৰু আনৰ লগত কেনে ব্যৱহাৰ কৰা উচিত, তাৰ বিষয়ে যীচুৱে আমাৰ বাবে এক উত্তম আৰ্হি দেখুৱাই গৈছে। (যোহন ১৩:৩৪, ৩৫) আমি এই কিতাপৰ প্ৰথম অধ্যায়ত ঈশ্বৰৰ সত্যতাৰ বিষয়ে শিকিলোঁ। যীচুৰ বিষয়ে বাইবেলে প্ৰকৃততে কি শিক্ষা দিয়ে তাৰ বিষয়ে আমি এতিয়া শিকিবলৈ পাম।

প্ৰতিজ্ঞা কৰা মচীহ

৪. “মচীহ” আৰু “খ্ৰীষ্ট” এই দুয়োটা শব্দৰ অৰ্থ কি?

৪ যীচুৰ জন্মৰ বহু বছৰৰ পূৰ্ব্বে বাইবেলত বৰ্ণনা কৰা হৈছিল যে ঈশ্বৰে মচীহক বা খ্ৰীষ্টক পঠিয়াব। হীব্ৰু ভাষাত “মচীহ” আৰু গ্ৰীক ভাষাত “খ্ৰীষ্ট” এই দুয়োটা শব্দৰ অৰ্থ হৈছে, “অভিষিক্ত জনা।” এই শব্দবোৰৰপৰা অনুমান কৰিব পাৰি যে ভবিষ্যতবাণীত উল্লেখ কৰা অভিষিক্ত জনাক, অভিষেক কৰা হʼব অৰ্থাৎ এক বিশেষ কাম বা পদৰ বাবে তেওঁক নিযুক্ত কৰা হʼব। ঈশ্বৰে কৰা প্ৰতিজ্ঞাবোৰ পূৰ হোৱাৰ বাবে, এই অভিষিক্ত জনাৰ ভূমিকাৰ বিষয়ে আমি পাছৰ অধ্যায়বোৰত আলোচনা কৰিম। ইয়াৰ লগতে, যীচুৱে আমাৰ বাবে কি আশীৰ্ব্বাদ কঢ়িয়াই আনিব তাৰ বিষয়েও আমি শিকিবলৈ পাম। যীচুৰ জন্মৰ আগতে বহুতোলোকে নিশ্চয় জানিব বিচাৰিছিল যে ‘এই অভিষিক্ত জনানো কোন হʼব?’

৫. পাঁচনিসকলে যীচুৰ বিষয়ে কি বিশ্বাস কৰিছিল?

৫ ভৱিষ্যতবাণীত উল্লেখ কৰা অনুসৰি, যীচুৱেই যে অভিষিক্ত জনা হয় তাৰ বিষয়ে প্ৰথম শতিকাৰ তেওঁৰ পাঁচনিসকলে সম্পূৰ্ণভাৱে বিশ্বাস কৰিছিল। (যোহন ১:৪১) সেইবাবে যীচুৰ এজন পাঁচনি, চিমোন পিতৰে এইদৰে কৈছিল: “আপুনি সেই অভিষিক্ত জনা।” (মথি ১৬:১৬) যীচুৱেই যে মচীহ হয়, ইয়াৰ বিষয়ে তেওঁৰ পাঁচনিসকলে কেনেকৈ বিশ্বাস কৰিছিল আৰু আমি কেনেকৈ বিশ্বাস কৰিব পাৰিম?

৬. মচীহক চিনাক্ত কৰিবলৈ যিহোৱা ঈশ্বৰে বিশ্বাসী লোকসকলক কেনেকৈ সহায় কৰিছিল, তাক বৰ্ণনা কৰক।

৬ যীচুৰ জন্মৰ আগতে, বহুতো ভৱিষ্যতবক্তাই প্ৰতিজ্ঞা কৰা মচীহৰ বিষয়ে উল্লেখ কৰিছিল আৰু ইয়াৰপৰা আমি তেওঁক চিনাক্ত কৰিব পাৰোঁ। ইয়াক বুজিবলৈ আহক আমি এটা উদাহৰণলৈ লক্ষ্য কৰোঁ: কল্পনা কৰক যে কেতিয়াও নেদেখা এজন ব্যক্তিক যদি আপোনাক যাত্ৰীৰে ঠাহ খাই থকা এখন বাছষ্টেন্ড বা ৰেল ষ্টেছনৰপৰা আনিবলৈ কোৱা হয়, তেনেহʼলে আপুনি তেওঁক কেনেকৈ চিনাক্ত কৰিব? যদি সেই ব্যক্তিজনৰ চেহেৰা বা গঠন প্ৰণালী আদিৰ বিষয়ে কিছু বিৱৰণ দিয়া নহয়, তেন্তে তেওঁক বিচাৰি পাবলৈ আপোনাক সহজ হʼবনে? ঠিক সেইদৰে, যিহোৱাই মচীহক চিনাক্ত কৰিবলৈ, তেওঁৰ ভৱিষ্যতবক্তাসকলৰ দ্বাৰা বৰ্ণনা কৰিছে। মচীহে কি কি কাম কৰিব আৰু তেওঁ কেনেধৰণৰ যাতনা ভোগ কৰিব, এই বিষয়ে বিতংভাৱে যিহোৱা ঈশ্বৰে বৰ্ণনা কৰিছে। এনে বহুতো ভৱিষ্যতবাণীৰ পূৰ্ণতাই ঈশ্বৰৰ বিশ্বাসী লোকসকলক মচীহক চিনাক্ত কৰিবলৈ সহজ কৰি তুলিলে।

৭. যীচুত কি দুটা ভৱিষ্যতবাণী পূৰ হৈছিল?

৭ মচীহৰ বিষয়ে কৰা দুটা ভৱিষ্যতবাণীলৈ লক্ষ্য কৰক। প্ৰথমটো হৈছে, মীখা নামৰ ভৱিষ্যতবক্তাজনে ৭০০ বছৰৰ পূৰ্ব্বে ভৱিষ্যতবাণী কৰিছিল যে প্ৰতিজ্ঞা কৰা মচীহ যিহূদা দেশৰ বৈৎলেহেম নামৰ এখন সৰু নগৰত জন্ম গ্ৰহণ কৰিব। (মীখা ৫:২) প্ৰকৃততে যীচুৰ জন্ম কʼত হৈছিল বাৰু? ভৱিষ্যতবাণীত উল্লেখ কৰা অনুসৰি যীচুৰ জন্ম বৈৎলেহেম নামৰ নগৰত হৈছিল। (মথি ২:১, ৩-৯) দ্বিতীয় ভৱিষ্যতবাণীটো দানিয়েল ৯:২৫ পদত পোৱা যায়। বহু শতিকাৰ আগতে উল্লেখ কৰা হৈছিল যে মচীহ ২৯ খ্ৰীষ্টাব্দত উপস্থিত হʼব আৰু ঠিক সেইদৰে ২৯ খ্ৰীষ্টাব্দত মচীহ উপস্থিত হৈছিল।a এই দুটা ভৱিষ্যতবাণীৰ লগতে আৰু আন বহুতো ভৱিষ্যতবাণীয়ে প্ৰমাণ কৰে যে যীচুৱেই হৈছে প্ৰতিজ্ঞা কৰা মচীহ।

যীচুৰ বাতমাৰ সময়ত ঈশ্বৰৰ আত্মা কপৌৰ নিচিনা আহি যীচু যে মচীহ হয়, তাক চিনাক্ত কৰিছ

বাপ্তিষ্মাৰ সময়ত যীচু, মচীহ বা খ্ৰীষ্ট হʼল

৮, ৯. যীচুৰ বাপ্তিষ্মাৰ সময়ত কিহে প্ৰমাণ কৰিলে যে তেওঁৱেই প্ৰতিজ্ঞা কৰা মচীহ?

৮ যীচুৱে যেতিয়া ২৯ খ্ৰীষ্টাব্দৰ শেষৰফালে যোহনৰ ওচৰত বাপ্তিষ্মা লʼবলৈ আহিছিল, সেই সময়ত তেওঁৱেই যে মচীহ হয় তাৰ আৰু এটা প্ৰমাণ পোৱা গʼল। মচীহক চিনাক্ত কৰিবলৈ যিহোৱা ঈশ্বৰে যোহনক এটা চিন দিছিল। যীচুৰ বাপ্তিষ্মাৰ সময়ত যোহনে সেই চিন যীচুত পূৰ্ণ হোৱা দেখিছিল। সেই সময়ত প্ৰকৃততে কি ঘটিছিল তাক বাইবেলে এইদৰে বৰ্ণনা কৰিছে: “আকাশৰ পৰা আত্মাক কপৌৰ নিচিনা নামি, তেওঁৰ ওপৰত থকা দেখিলোঁ। মই তেওঁক নিচিনিলোঁ; কিন্তু যি জনাই পানীত বাপ্তাইজ কৰিবলৈ মোক পঠালে, সেই জনাই মোক কৈছিল, তুমি যি জনৰেই ওপৰত আত্মাক নামি থকা দেখিবা, পবিত্ৰ আত্মাত বাপ্তাইজ কৰোঁতা তেৱেঁই। আৰু মই তাকে দেখি, এওঁ যে ঈশ্বৰৰ পুত্ৰ হয়, তাৰ সাক্ষ্য দিলোঁ।” (যোহন ১:৩২-৩৪; মথি ৩:১৬, ১৭) এই ঘটনা দেখি আৰু শুনি যোহনৰ সম্পূৰ্ণ বিশ্বাস হʼল যে ঈশ্বৰে পঠোৱা অভিষিক্ত জনা যীচুৱেই হয়। বাপ্তিষ্মাৰ সময়ত যেতিয়া যীচুৰ ওপৰত পবিত্ৰ আত্মা বা সক্ৰিয় শক্তি দিয়া হʼল, তেতিয়াই যীচু মচীহ বা খ্ৰীষ্ট হʼল। ইয়াৰ অৰ্থ হৈছে তেওঁক ৰজা আৰু অধিনায়ক হিচাপে নিযুক্ত কৰা হʼব।—যিচয়া ৫৫:৪.

৯ যীচু খ্ৰীষ্টত পূৰ হোৱা বাইবেলৰ ভৱিষ্যতবাণীবোৰে আৰু যিহোৱাই নিজে দিয়া সাক্ষ্যদানে প্ৰমাণ কৰে যে যীচুৱেই হৈছে প্ৰতিজ্ঞা কৰা মচীহ। ইয়াৰ উপৰিও বাইবেলে যীচু খ্ৰীষ্টৰ বিষয়ে আৰু দুটা বিষয়ৰ ওপৰত উত্তৰ দিয়ে। তেওঁ কʼৰপৰা আহিছিল আৰু তেওঁ কেনেধৰণৰ ব্যক্তি আছিল?

যীচু কʼৰপৰা আহিছিল?

১০. বাইবেলৰ অনুসৰি যীচুৱে এই পৃথিৱীলৈ অহাৰ পূৰ্ব্বে কʼত আছিল?

১০ বাইবেলে উল্লেখ কৰিছে যে যীচু এই পৃথিৱীলৈ অহাৰ পূৰ্ব্বে স্বৰ্গত আছিল। মীখা নামৰ ভৱিষ্যতবক্তাজনে ভৱিষ্যতবাণী কৰিছিল যে মচীহে বৈৎলেহেমত জন্ম গ্ৰহণ কৰিব আৰু তেওঁ “পূৰ্ব্বকালৰ পৰা” অস্তিত্বত আছে। (মীখা ৫:২) যীচুৱে নিজেও উল্লেখ কৰিছিল যে তেওঁ পৃথিৱীলৈ অহাৰ আগতে স্বৰ্গত আছিল। (যোহন ৩:১৩; ৬:৩৮, ৬২ পঢ়ক; ১৭:৪, ৫) স্বৰ্গত তেওঁ আত্মিক প্ৰাণীৰূপে আছিল আৰু যিহোৱাৰ লগত তেওঁৰ ঘণিষ্ঠ সম্পৰ্ক আছিল।

১১. যীচু খ্ৰীষ্ট যিহোৱাৰ অতি প্ৰিয় পুত্ৰ বুলি বাইবেলে কেনেকৈ বৰ্ণনা কৰিছে?

১১ যীচু খ্ৰীষ্ট হৈছে যিহোৱা ঈশ্বৰৰ অতি প্ৰিয় পুত্ৰ। কিয় বাৰু? বাইবেলত তেওঁক, “সৃষ্টিৰ প্ৰথমজাত” বুলি কোৱা হৈছে, কিয়নো তেওঁ ঈশ্বৰৰ প্ৰথম সৃষ্টি।b (কলচীয়া ১:১৫) আন এক কাৰণৰ বাবেও এই পুত্ৰ যিহোৱাৰ অতি মৰমৰ আৰু সেয়া হৈছে যীচু তেওঁৰ ‘একমাত্ৰ পুত্ৰ।’ (যোহন ৩:১৬) ইয়াৰ অৰ্থ হৈছে, যিহোৱাই তেওঁক পোনপটীয়াকৈ সৃষ্টি কৰিছিল আৰু অন্য বস্তুবোৰ সৃষ্টি কৰাৰ সময়ত যীচু তেওঁৰ লগত আছিল। (কলচীয়া ১:১৬) ইয়াৰ উপৰিও যীচুক “বাক্য” বুলিও কোৱা হয়। (যোহন ১:১৪) ইয়াৰ অৰ্থ হৈছে যে তেওঁ যিহোৱাৰ বাৰ্ত্তাবাহক হিচাপে কাম কৰে আৰু পিতৃৰ বাৰ্ত্তা তথা নিৰ্দ্দেশনাবোৰ মানৱ আৰু স্বৰ্গদূতবিলাকলৈ কঢ়িয়াই নিয়ে।

১২. যীচু, ঈশ্বৰৰ সমতুল্য নহয় বুলি আমি কেনেকৈ বৰ্ণনা কৰিম?

১২ যীচু, যিহোৱা ঈশ্বৰৰ সমতুল্য বুলি কিছুমান লোকে বিশ্বাস কৰে। প্ৰকৃততে ই সত্যনে? বাইবেলে এইদৰে কেতিয়াও শিকোৱা নাই। আমি ১১ অনুচ্ছেদত লক্ষ্য কৰিছিলোঁ যে পুত্ৰক সৃষ্টি কৰা হৈছিল। ইয়াৰপৰা বুজিব পাৰি যে যীচুৰ আৰম্ভণি আছে কিন্তু যিহোৱা ঈশ্বৰৰ কোনো আৰম্ভণি বা অন্ত নাই। (গীতমালা ৯০:২) মন কৰিবলগীয়া বিষয় যে এই পুত্ৰই নিজেও পিতৃৰ সমতুল্য হʼবলৈ কেতিয়াও চেষ্টা কৰা নাই। বাইবেলে স্পষ্টৰূপে বৰ্ণনা কৰিছে যে পুত্ৰতকৈ পিতৃ মহান। (যোহন ১৪:২৮ পঢ়ক; ১ কৰিন্থীয়া ১১:৩) যিহোৱা হৈছে একমাত্ৰ “সৰ্ব্বশক্তিমান ঈশ্বৰ” আৰু সেইবাবে তেওঁৰ সমতুল্য কোনো নাই।c—আদিপুস্তক ১৭:১.

১৩. যীচুক “অদৃশ্য ঈশ্বৰৰ প্ৰতিমূৰ্ত্তি” বুলি বাইবেলে কিয় উল্লেখ কৰিছে?

১৩ আকাশ আৰু পৃথিৱী সৃষ্টি কৰাৰ আগতে যিহোৱা ঈশ্বৰ আৰু তেওঁৰ প্ৰথমজাত পুত্ৰই কোটি কোটি বছৰ ধৰি একেলগে আছিল। একেলগে থকাৰ বাবে তেওঁলোকৰ মাজত এক গভীৰ সম্পৰ্ক গঢ়ি উঠিছিল। (যোহন ৩:৩৫; ১৪:৩১) যিহোৱাৰ এই প্ৰিয় পুত্ৰ, পিতৃৰ দৰে হুবহু আছিল। সেইবাবে, বাইবেলত যীচুক “অদৃশ্য ঈশ্বৰৰ প্ৰতিমূৰ্ত্তি” বুলি উল্লেখ কৰিছে। (কলচীয়া ১:১৫) এজন ব্যক্তিৰ বহুতো গুণ নিজ পিতৃৰ লগত মিল থকাৰ দৰে, ঈশ্বৰৰ এই পুত্ৰয়েও পিতৃৰ গুণ আৰু তেওঁৰ ব্যক্তিত্বক প্ৰতিফলিত কৰে।

১৪. যিহোৱাৰ একমাত্ৰ পুত্ৰই কেনেকৈ মানৱৰূপে জন্ম গ্ৰহণ কৰিছিল?

১৪ যিহোৱাৰ এই একমাত্ৰ পুত্ৰই স্বৰ্গৰপৰা স্ব-ইচ্ছাৰে মানৱৰূপে পৃথিৱীলৈ আহিল। আপুনি হয়তো আচৰিত হʼব পাৰে যে ‘এক আত্মিক প্ৰাণীয়ে আকৌ কেনেকৈ স্বৰ্গৰপৰা মানৱৰূপে জন্ম লʼব?’ ইয়াক সম্ভৱ কৰি তুলিবলৈ ঈশ্বৰে এক আচৰিত কাৰ্য্য কৰিলে। যিহোৱা ঈশ্বৰে তেওঁৰ পুত্ৰৰ জীৱন, মৰিয়ম নামৰ এগৰাকী কুমাৰীৰ গৰ্ভত স্থানান্তৰ কৰিলে। এইখিনিতে মন কৰিবলগীয়া কথা যে ইয়াত কোনো মানৱীয় পিতৃৰ হাত নাছিল। সঁচাকৈ মৰিয়মে এটা সিদ্ধ পুত্ৰ সন্তানৰ জন্ম দিছিল আৰু তেওঁৰ নাম যীচু ৰখা হʼল।—লূক ১:৩০-৩৫.

যীচু কেনেধৰণৰ ব্যক্তি আছিল?

যীচু খীষ্টই লোকসকলক এখন ঘৰত ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে ঘোষণা কৰিছ

১৫. যীচুৰ বিষয়ে জানিলে আমি যিহোৱা ঈশ্বৰৰ বিষয়ে ভালকৈ জানিব পাৰিম বুলি কিয় কʼব পাৰোঁ?

১৫ এই পৃথিৱীত থাকোঁতে যীচুৱে যি কাৰ্য্য কৰিছিল আৰু কৈছিল তাৰপৰা আমি তেওঁৰ বিষয়ে বহুতো কথা জানিব পাৰোঁ। যীচুৰ যোগেদি আমি যিহোৱা ঈশ্বৰৰ বিষয়েও ভালদৰে জানিব পাৰিম। কেনেকৈ বাৰু? যেনেকৈ আমি আগতে শিকিলোঁ যে যীচু খ্ৰীষ্ট হৈছে তেওঁৰ পিতৃৰ প্ৰতিবিম্ব। সেইবাবে যীচুৱে তেওঁৰ এজন পাঁচনিক এইদৰে কৈছিল: “যি জনে মোক দেখিলে, তেওঁ মোৰ পিতৃকেই দেখিলে।” (যোহন ১৪:৯) মথি, মাৰ্ক, লূক আৰু যোহন এই চাৰিখন কিতাপক শুভবাৰ্ত্তাৰ কিতাপ বুলি কোৱা হয়। এই শুভবাৰ্ত্তাৰ কিতাপকেইখনত যীচু খ্ৰীষ্টৰ জীৱনী, তেওঁৰ কাম-কাজ আৰু তেওঁৰ ব্যক্তিত্বৰ বিষয়ে বৰ্ণনা আছে।

১৬. যীচুৰ বাৰ্ত্তাৰ মুখ্য বিষয় কি আছিল আৰু এই শিক্ষাবোৰ কাৰ আছিল?

১৬ যীচু এজন “গুৰু” বা শিক্ষক হিচাপেও বিখ্যাত আছিল। (যোহন ১:৩৮; ১৩:১৩) যীচুৱে লোকসকলক কি শিক্ষা দিছিল বাৰু? যীচুৰ বাৰ্ত্তাৰ মুখ্য বিষয় আছিল ঈশ্বৰৰ “ৰাজ্যৰ শুভবাৰ্ত্তা।” সেই ৰাজ্য হৈছে আহিবলগীয়া ঈশ্বৰৰ ৰাজ্য বা স্বৰ্গীয় চৰকাৰ যিয়ে গোটেই মানৱ জাতিক শাসন কৰিব আৰু ইয়াৰ অধীনত থকা লোকসকলৰ বাবে আশীৰ্ব্বাদ আনিব। (মথি ৪:২৩) যীচুৱে দিয়া এই শিক্ষাবোৰ প্ৰকৃততে কাৰ আছিল বাৰু? ইয়াৰ উত্তৰত যীচুৱে কৈছিল: “এই উপদেশ মোৰ নিজৰ নহয়, মোক পঠোৱা জনাৰহে,” অৰ্থাৎ পিতৃ যিহোৱাৰ পৰা হয়। (যোহন ৭:১৬) ৰাজ্যৰ এই শুভবাৰ্ত্তা সকলোৱে শুনাটো যে পিতৃৰ ইচ্ছা হয়, তাক যীচুৱে ভালদৰে জানিছিল। ঈশ্বৰৰ ৰাজ্য আৰু এই ৰাজ্যই মানৱ জাতিৰ বাবে কি কৰিব, তাৰ বিষয়ে আমি ৮ অধ্যায়ত বেছিকৈ শিকিবলৈ পাম।

যীচুৱে মাছমৰীয়াসকলক ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে ঘোষণা কৰিছ

১৭. যীচুৱে তেওঁৰ শিক্ষাবোৰ কʼত কʼত দিছিল আৰু এই কামৰ বাবে তেওঁ কিয় ইমান পৰিশ্ৰম কৰিছিল?

১৭ প্ৰধানকৈ যীচুৱে এই শিক্ষাবোৰ কʼত কʼত দিছিল? ঘৰত, হাট-বজাৰত, গাঁৱত আৰু নগৰবোৰত—এক কথাত কʼবলৈ গʼলে যʼতেই মানুহক লগ পাইছিল, তাতেই তেওঁ শিক্ষা দিছিল। লোকসকলে তেওঁৰ ওচৰলৈ আহি শিক্ষা লোৱাটো যীচুৱে কেতিয়াও আশা কৰা নাছিল, বৰঞ্চ তেওঁ লোকসকলক শিক্ষা দিবলৈ তেওঁলোকৰ ওচৰলৈহে গৈছিল। (মাৰ্ক ৬:৫৬; লূক ১৯:৫, ৬) যীচুৱে প্ৰচাৰ আৰু শিক্ষা দিয়া কামত কঠিন পৰিশ্ৰম কৰি নিজৰ সকলো সময় কিয় অতিবাহিত কৰিছিল? কাৰণ, যীচুৰ বাবে এয়াই আছিল ঈশ্বৰৰ ইচ্ছা। যীচুৱে সদায় ঈশ্বৰৰ ইচ্ছা অনুসৰি কাম কৰিছিল। (যোহন ৮:২৮, ২৯) যীচুৱে লোকসকলক প্ৰচাৰ কৰাৰ আন এক কাৰণো আছিল। লোকসকলে জুম বান্ধি তেওঁক লগ পাবলৈ অহাৰ সময়ত, তেওঁলোকৰ অৱস্থা দেখি যীচুৰ বেয়া লাগিছিল আৰু তেওঁলোকলৈ দয়া উপজিছিল। (মথি ৯:৩৫, ৩৬ পঢ়ক।) ধৰ্ম্মীয় নেতাসকলে এই লোকসকলক ঈশ্বৰৰ বিষয়ে সত্যতা আৰু তেওঁৰ উদ্দেশ্যৰ বিষয়ে জনোৱাৰ পৰিৱৰ্তে তেওঁলোকক অৱহেলা কৰিছিল। এই ৰাজ্যৰ বাৰ্ত্তা যে লোকসকলৰ বাবে অতি প্ৰয়োজন, তাক যীচুৱে ভালদৰে জানিছিল।

১৮. যীচুৰ কোনটো গুণে আপোনাক আকৰ্ষিত কৰিছে?

১৮ যীচু এজন নম্ৰ হৃদয় আৰু দয়ালু ব্যক্তি আছিল। এই গুণবোৰৰ বাবে বহুতোলোকে তেওঁৰ ওচৰলৈ সহজে কাষ চাপি আহিছিল। আনকি কণ কণ লʼৰা-ছোৱালীয়েও তেওঁৰ কাষলৈ আহিবলৈ ভয় নকৰিছিল। (মাৰ্ক ১০:১৩-১৬) তেওঁ পক্ষপাতী নাছিল। তেওঁ দুৰ্নীতি আৰু অন্যায়ৰ প্ৰতি ঘৃণা কৰিছিল। (মথি ২১:১২, ১৩) সেই সময়ত তিৰোতাসকলক তুচ্ছ বুলি গণ্য কৰা হৈছিল আৰু তেওঁলোকৰ বাবে সমাজত কোনো অধিকাৰ নাছিল। কিন্তু যীচুৱে তেওঁলোকক মৰ্য্যদা আৰু সন্মান দিছিল। (যোহন ৪:৯, ২৭) যীচু সঁচাকৈ এজন নম্ৰ ব্যক্তি আছিল। এবাৰ যীচুৱে সাধাৰণতে ঘৰৰ কোনোবা দাস বা চাকৰে কৰা এনে এটা কাম কৰিছিল। আপুনি জানেনে সেই কাম কি আছিল? যীচুৱে গুৰু হৈও পাঁচনিসকলৰ ভৰি ধুৱাই দিছিল আৰু ইয়াৰ দ্বাৰা তেওঁ এক নম্ৰতাৰ উদাহৰণ ৰাখিলে।

যীচুৱে লোকসকলক পৰ্শ কৰিছ আৰু বেমাৰ সুথ কৰিছ

যীচুৱে যʼতেই লোকসকলক লগ পাইছিল তাতেই তেওঁ প্ৰচাৰ কৰিছিল

১৯. যীচুৰ কি উদাহৰণৰপৰা কʼব পাৰি যে তেওঁ আনৰ প্ৰয়োজনীয়তাৰ প্ৰতি ধ্যান দিছিল?

১৯ যীচুৱে আন লোকসকলৰ প্ৰয়োজনীয়তাৰ প্ৰতিও ধ্যান দিছিল। ঈশ্বৰৰ আত্মাৰ সহায়ত যীচুৱে আচৰিত কাৰ্য্য কৰাৰ সময়ত এই গুণটো পৰিলক্ষিত হৈছিল। (মথি ১৪:১৪) এই ঘটনালৈ লক্ষ্য কৰক। এবাৰ কুষ্ঠৰোগী এজনে তেওঁক কৈছিল, “আপুনি যদি ইচ্ছা কৰে, তেন্তে মোক শুচি কৰিব পাৰে।” যীচুৱে ব্যক্তিগতভাৱে এই মানুহজনৰ দুখ আৰু যাতনা অনুভৱ কৰিছিল আৰু তেওঁৰ এই অৱস্থা দেখি তেওঁলৈ দয়া উপজিছিল। যীচুৱে নিজ হাতেৰে কুষ্ঠৰোগীজনক চুই এইদৰে কৈছিল, “মই ইচ্ছা কৰিছোঁ; শুচি হোৱা।” আৰু কুষ্ঠৰোগীজন তেতিয়াই শুচি হʼল। (মাৰ্ক ১:৪০-৪২) আপুনি সেই কুষ্ঠৰোগীজনৰ আনন্দৰ বিষয়ে কল্পনা কৰিব পাৰেনে?

অন্তলৈকে বিশ্বাসী হৈ থাকিল

২০, ২১. ঈশ্বৰৰ প্ৰতি বিশ্বাসী হৈ থাকিবলৈ যীচুৱে কি আৰ্হি দেখুৱালে?

২০ যিহোৱাৰ প্ৰতি আজ্ঞাকাৰী হৈ যীচুৱে এক উত্তম আৰ্হি দেখুৱালে। সকলো পৰিস্থিতি তথা বিৰোধিতা আৰু দুখ-কষ্টৰ মাজতো তেওঁ সদায় স্বৰ্গীয় পিতৃৰ প্ৰতি বিশ্বাসী হৈ থাকিল। চয়তানৰ সকলো পৰীক্ষাত যীচুৱে দৃঢ়ভাৱে সফলতা লাভ কৰিছিল। (মথি ৪:১-১১) এনে এক সময় আহিছিল যেতিয়া তেওঁৰ নিজৰ পৰিয়ালৰ লোকসকলেও তেওঁক বিশ্বাস কৰা নাছিল আৰু তেওঁক “বাতুল” বা বলিয়া বুলি কৈছিল। (মাৰ্ক ৩:২১) মন কৰিবলগীয়া কথা যে যীচুৱে কেতিয়াও এনে বিষয়বোৰলৈ গুৰুত্ব দিয়া নাছিল কিন্তু তাৰ পৰিৱৰ্তে ঈশ্বৰৰ কামত ব্যস্ত আছিল। লোকসকলে অপমান আৰু তিৰস্কাৰ কৰাৰ সত্ত্বেও তেওঁ সদায় আত্মসংযম বজাই ৰাখিছিল আৰু কেতিয়াও এই লোকসকলক ক্ষতি কৰিবলৈ চেষ্টা কৰা নাছিল।—১ পিতৰ ২:২১-২৩.

২১ শত্ৰুসকলে যীচুক নিষ্ঠুৰ আৰু নিৰ্দয়তাৰে হত্যা কৰিলে কিন্তু তেওঁ মৃত্যুলৈকে বিশ্বাসী হৈ থাকিল। (ফিলিপীয়া ২:৮ পঢ়ক।) লক্ষ্য কৰক যে তেওঁ জীৱনৰ অন্তিম সময়ছোৱাত কেনে যাতনাৰ সন্মুখীন হʼবলগীয়া হৈছিল। তেওঁক আটক কৰা হʼল, মিছা সাক্ষীসকলৰ দ্বাৰা অভিযুক্ত কৰা হʼল, ভ্ৰষ্টাচাৰী বিচাৰকে তেওঁক দোষী সাব্যস্ত কৰিলে, ক্ৰুদ্ধ জনতাই তেওঁক ঠাট্টা কৰিলে আৰু সৈনিকসকলে তেওঁক বিভিন্ন ধৰণে শাস্তি দিলে। এই সকলোৰে অন্তত তেওঁক এডাল কাঠত আৰি দিয়া হʼল আৰু শেষ নিশ্বাস ত্যাগ কৰাৰ আগমুহূৰ্ত্তত তেওঁ চিঞৰি কৈছিল: “সিদ্ধ হল।” (যোহন ১৯:৩০; পাঁচনিৰ কৰ্ম্ম ৫:৩০) মৃত্যুৰ পাছত তৃতীয় দিনাখন যিহোৱাই যীচুক আত্মিকৰূপে পুনৰ জীৱিত কৰিলে আৰু চল্লিশ দিনৰ পাছত যীচু স্বৰ্গলৈ ওভতি গʼল। (১ পিতৰ ৩:১৮) স্বৰ্গত তেওঁ ‘ঈশ্বৰৰ সোঁফালে বহিল’ আৰু ৰাজ্যৰ অধিকাৰৰ বাবে অপেক্ষা কৰি থাকিল।—ইব্ৰী ১০:১২, ১৩.

২২. মৃত্যুলৈকে বিশ্বাসী হৈ থাকি যীচুৱে কি সম্পন্ন কৰিলে?

২২ যীচুৱে মৃত্যুলৈকে বিশ্বাসী হৈ থাকি কি সম্পন্ন কৰিলে? যিহোৱাৰ প্ৰকৃত উদ্দেশ্যৰ লগত মিল ৰাখি যীচুৰ মৃত্যুৱে আহিবলগীয়া নতুন পৃথিৱীত আমাৰ বাবে অনন্ত জীৱনৰ পথ মুকলি কৰিলে। যীচুৰ মৃত্যুৱে ইয়াক কেনেকৈ সম্ভৱ কৰি তুলিব, ইয়াৰ বিষয়ে পৰৱৰ্তী অধ্যায়ত আলোচনা কৰা হʼব।

a দানিয়েলে কৰা ভৱিষ্যতবাণী কেনেকৈ যীচুত পূৰ্ণ হৈছে, তাক বুজিবলৈ “দানিয়েলৰ ভৱিষ্যতবাণীত মচীহৰ আগমনৰ বিষয়ে কেনেকৈ বৰ্ণনা কৰা হৈছে” নামৰ অতিৰিক্ত লেখত চাওক।

b বাইবেলত যিহোৱাক পিতৃ বুলি সম্বোধন কৰা হৈছে, কিয়নো তেওঁ আমাৰ সৃষ্টিকৰ্ত্তা। (যিচয়া ৬৪:৮) যীচুক ঈশ্বৰে নিজে সৃষ্টি কৰিছে আৰু সেইবাবে তেওঁক ঈশ্বৰৰ পুত্ৰ বুলি কোৱা হয়। ঠিক সেইদৰে, অন্য স্বৰ্গদূত আৰু আদমকো ঈশ্বৰৰ পুত্ৰ বুলি কোৱা হয়।—ইয়োব ১:৬; লূক ৩:৩৮.

c প্ৰথমজাত পুত্ৰ যে ঈশ্বৰৰ সমতুল্য নহয়, তাৰ অধিক প্ৰমাণৰ বাবে “পিতা, পুত্ৰ আৰু পবিত্ৰ আত্মাৰ বিষয়ে সত্যতা” নামৰ অতিৰিক্ত লেখত চাওক।

বাইবেলে কি শিকায়

  • বাইবেলৰ ভৱিষ্যতবাণীৰ পূৰ্ণতা আৰু ঈশ্বৰে নিজে দিয়া সাক্ষ্যদানে প্ৰমাণ কৰে যে যীচুৱেই হৈছে মচীহ বা খ্ৰীষ্ট।—মথি ১৬:১৬.

  • যীচুৱে পৃথিৱীত মানৱৰূপে জন্ম গ্ৰহণ কৰাৰ আগতে স্বৰ্গত আত্মিক প্ৰাণীৰূপে আছিল।—যোহন ৩:১৩.

  • যীচু এজন শিক্ষক তথা নম্ৰ হৃদয়ৰ ব্যক্তি আছিল আৰু ঈশ্বৰলৈ বিশ্বাসী হৈ থাকি তেওঁ এক সিদ্ধ আৰ্হি ৰাখিলে।—মথি ৯:৩৫, ৩৬.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক