ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwbr18 ফেব্ৰুৱাৰী পৃষ্ঠা ১-১০
  • ফেব্ৰুৱাৰী—জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ফেব্ৰুৱাৰী—জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা—২০১৮
  • উপশীৰ্ষক
  • ফেব্ৰুৱাৰী ৫-১১
  • ফেব্ৰুৱাৰী ১২-১৮
  • ফেব্ৰুৱাৰী ১৯-২৫
  • ফেব্ৰুৱাৰী ২৬–মাৰ্চ ৪
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা—২০১৮
mwbr18 ফেব্ৰুৱাৰী পৃষ্ঠা ১-১০

ফেব্ৰুৱাৰী—জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা

ফেব্ৰুৱাৰী ৫-১১

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | মথি ১২-১৩

“ধান আৰু বিনৈ বনৰ গুটিৰ দৃষ্টান্ত”

(মথি ১৩:২৪-২৬) তেওঁ আৰু এটা দৃষ্টান্ত দি তেওঁবিলাকক কলে, নিজৰ পথাৰত ভাল কঠীয়া সিচা কোনো এজন মানুহৰ লগত স্বৰ্গৰাজ্যৰ তুলনা দিয়া হয়। ২৫ কিন্তু মানুবিলাক টোপনিত থাকোঁতে, তেওঁৰ শত্ৰু আহি, ধানৰ মাজত বিনৈ বনৰ গুটি সিচি গুচি গল। ২৬ পাছে যেতিয়া সেই ধান গছ বাঢ়ি থোৰ ওলাল, তেতিয়া বিনৈ বনেও দেখা দিলে।

w১৩ ৭/১৫ ৯-১০ ¶২-৩

“চোৱা, . . . মই সদায় তোমালোকৰ সঙ্গে সঙ্গে আছোঁ”

দৃষ্টান্তত বৰ্ণনা কৰা খেতিয়কজনৰ পথাৰৰ ঘটনাই স্পষ্ট কৰে যে যীচুৱে কেনেকৈ আৰু কেতিয়া মানৱজাতিৰ মাজৰপৰা সকলো অভিষিক্ত খ্ৰীষ্টানক তেওঁৰ ৰাজ্যত শাসন কৰিবলৈ একত্ৰিত কৰিব। পেন্টাকোষ্ট ৩৩ খ্ৰীষ্টাব্দত সিচা কাৰ্য্য আৰম্ভ হয়। যেতিয়া শেষ-কালত জীয়াই থকা অভিষিক্ত খ্ৰীষ্টানসকলক অন্তিম ছাব মৰা যাব আৰু তেওঁলোকক স্বৰ্গলৈ লৈ যোৱা হʼব, তেতিয়া একত্ৰিত কৰা কাৰ্য্য সম্পূৰ্ণ হʼব। (মথি ২৪:৩১; প্ৰকা. ৭:১-৪) যিদৰে ওখ পাহাৰৰ ওপৰত থিয় হৈ চাৰিওফালে থকা দৃশ্য দেখা পোৱা যায়, সেইদৰে এই দৃষ্টান্তই যোৱা ২,০০০ বছৰৰ মাজৰ ঘটনাবোৰৰ সম্পূৰ্ণ দৃশ্য তুলি ধৰে। এতিয়া প্ৰশ্ন হʼব পাৰে যে ৰাজ্যৰ লগত জড়িত থকা ঘটনাবোৰৰ সম্বন্ধে আমি কি ভাবোঁ? যীচুৱে দিয়া এই দৃষ্টান্তই কঠীয়া সিচা, বঢ়া আৰু শস্য চপোৱাৰ বিষয়ে বৰ্ণনা কৰিছে। এই লেখত বিশেষকৈ শস্য চপোৱাৰ বিষয়ে আলোচনা কৰা হʼব।

যীচুৰ সুৰক্ষাত

দ্বিতীয় শতিকাৰ আৰম্ভণিত “বিনৈ বনেও দেখা” দিয়ে অৰ্থাৎ নিজকে খ্ৰীষ্টান বুলি দাবী কৰা লোকসকল লাহে লাহে স্পষ্ট হʼবলৈ ধৰে। (মথি ১৩:২৬) চতুৰ্থ শতিকালৈকে বিনৈ সদৃশ লোকসকলৰ সংখ্যা অভিষিক্ত খ্ৰীষ্টানসকলতকৈ বহুগুণে বাঢ়ি যায়। আপোনালোকৰ নিশ্চয় মনত আছে যে দৃষ্টান্তত বৰ্ণনা কৰা অনুসৰি দাসসকলে বিনৈ বনবোৰ উঘালি পেলাবলৈ গৃহস্থৰপৰা অনুমতি বিচাৰিছিল। (মথি ১৩:২৮) কিন্তু গৃহস্থই কি উত্তৰ দিছিল?

(মথি ১৩:২৭-২৯) তাতে সেই গৃহস্থৰ দাসবিলাকে আহি তেওঁক কলে, মহাশয়, আপুনি জানো পথাৰত ভাল কঠীয়া সিচা নাই? তেন্তে বিনৈ বন কʼৰ পৰা হল? ২৮ তেওঁ সিহতক কলে, কোনোবা শত্ৰুৱে তাক কৰিলে। তাতে দাসবিলাকে তেওঁক কলে, তেন্তে আমি যেন গৈ বনবোৰ গোটাম, আপোনাৰ এনে ইচ্ছা আছে নে? ২৯ তেওঁ কলে, নহয় বনবোৰ গোটাওঁতে, কিজানি তহঁতে ধানকো তাৰ লগতে উভাল।

w১৩ ৭/১৫ ১০ ¶৪

“চোৱা, . . . মই সদায় তোমালোকৰ সঙ্গে সঙ্গে আছোঁ”

ধান আৰু বিনৈ বনৰ বিষয়ে বৰ্ণনা কৰোতে যীচুৱে এইদৰে কৈছিল: “শস্য দাবৰ সময়লৈকে দুয়োকো একে-লগে বাঢ়িবলৈ দে।” এই আজ্ঞাই বৰ্ণনা কৰে যে প্ৰথম শতিকাৰপৰা বৰ্তমান সময়লৈকে, সদায় কেইজনমান ধান সদৃশ অভিষিক্ত খ্ৰীষ্টান পৃথিৱীত জীয়াই আছে। যীচুৱে পাছলৈ নিজৰ শিষ্যসকলক কোৱা এই কথাই নিশ্চিত কৰি তোলে: “চোৱা, জগতৰ শেষলৈকে মই সদায় তোমালোকৰ সঙ্গে সঙ্গে আছোঁ।” (মথি ২৮:২০) গতিকে, যীচুৱে শেষলৈকে অভিষিক্ত খ্ৰীষ্টানসকলক সুৰক্ষা দি থাকিব। যিহেতু নিজকে খ্ৰীষ্টান বুলি দাবী কৰা লোকসকলৰ সংখ্যা অভিষিক্ত খ্ৰীষ্টানসকলতকৈও বেছি আছিল, সেইবাবে আমি সঠিকভাৱে নাজানো যে এই দীৰ্ঘ সময়ছোৱাত প্ৰকৃততে কোনসকল ধান সদৃশ খ্ৰীষ্টান আছিল। কিন্তু শস্য চপোৱাৰ কেইবাবছৰৰ আগতে ধান সদৃশ খ্ৰীষ্টানসকল কোন হয় সেয়া স্পষ্ট হৈ পৰিল। কেনেকৈ বাৰু?

(মথি ১৩:৩০) শস্য দাবৰ সময়লৈকে দুয়োকো একে-লগে বাঢ়িবলৈ দে। পাছে দাবৰ সময়ত মই ধান দোৱাবোৰক কম, প্ৰথমতে বিনৈ বনবোৰ গোটাই পুৰিবলৈ মুঠামুঠ কৰি বান্ধিবি; কিন্তু ধান মোৰ ভঁৰালত চপাই থবিহঁক।

w১৩ ৭/১৫ ১২ ¶১০-১২

“চোৱা, . . . মই সদায় তোমালোকৰ সঙ্গে সঙ্গে আছোঁ”

প্ৰথমতে, বিনৈ বনবোৰ গোটোৱা হয়। যীচুৱে এইদৰে কৈছিল: “দাবৰ সময়ত মই ধান দোৱাবোৰক কম, প্ৰথমতে বিনৈ বনবোৰ গোটাই পুৰিবলৈ মুঠামুঠ কৰি বান্ধিবি।” ১৯১৪ চনৰ পাছত স্বৰ্গদূতসকলে বিনৈ বন সদৃশ খ্ৰীষ্টানসকলক “গোটাই” আৰু ‘ৰাজ্যৰ সন্তানবিলাকক’ তেওঁলোকৰপৰা পৃথক কৰে।—মথি ১৩:৩০, ৩৮, ৪১.

গোটোৱা কাৰ্য্য আৰম্ভ হোৱাৰ লগে লগে দুয়োটা সমূহৰ মাজত থকা পাৰ্থক্য দেখিবলৈ পোৱা যায়। (প্ৰকা. ১৮:১, ৪) ১৯১৯ চনৰ শেষলৈকে এইটো স্পষ্ট হৈ পৰে যে মহা-বাবিলৰ পতন ঘটে। খ্ৰীষ্টান বুলি দাবী কৰা লোকসকলৰপৰা সত্য খ্ৰীষ্টানসকলক কিহে পৃথক কৰে? ঘোষণা কাৰ্য্যই! সংগঠনৰ দায়িত্বত থকা লোকসকলে ৰাজ্যৰ ঘোষণা কাৰ্য্য কৰাৰ ওপৰত জোৰ দিবলৈ আৰম্ভ কৰে। উদাহৰণস্বৰূপে, ১৯১৯ চনত প্ৰকাশিত হোৱা টু হোম দ্যা ৱৰ্ক ইজ্‌ এনট্ৰাষ্টেদ্‌ নামৰ পুস্তিকাখনে সকলো অভিষিক্ত খ্ৰীষ্টানক ঘৰে ঘৰে গৈ ঘোষণা কাৰ্য্য কৰিবলৈ উৎসাহিত কৰে। এই পুস্তিকাখনে আগলৈ এইদৰে বৰ্ণনা কৰে: “এই কাৰ্য্য সহজ নহয়, কিন্তু প্ৰভুৱে আমাক এই কাৰ্য্য কৰিবলৈ শক্তি দিব। ঘোষণা কাৰ্য্য কৰাটো আমাৰ বাবে এক সন্মানৰ বিষয়।” ঘোষণা কাৰ্য্য কৰাৰ বাবে যি আহ্বান জনোৱা হৈছিল, তাৰ কি পৰিণাম দেখিবলৈ পোৱা যায়? ১৯২২ চনৰ প্ৰহৰীবুৰুজ আলোচনীখনে বৰ্ণনা কৰে যে সেই সময়ৰপৰা বাইবেল বিদ্যাৰ্থীসকলে আৰু বেছিকৈ ঘোষণা কাৰ্য্য কৰিবলৈ আগবাঢ়ি আহে। অতি সোনকালে ঘৰে ঘৰে গৈ ঘোষণা কৰাটো সেই সময়ৰ সত্য খ্ৰীষ্টানসকলৰ এক চিন হৈ পৰে আৰু বৰ্তমান সময়ৰ সত্য খ্ৰীষ্টানসকলো সেই একেই চিনৰ দ্বাৰাই পৰিচিত।

দ্বিতীয়, ধান চপোৱা হয়। যীচুৱে স্বৰ্গদূতসকলক এইদৰে আজ্ঞা দিছিল: “ধান মোৰ ভঁৰালত চপাই থবিহঁক।” (মথি ১৩:৩০) ১৯১৯ চনৰপৰা অভিষিক্ত খ্ৰীষ্টানসকলক পুনৰস্থাপন কৰা মণ্ডলীবোৰত একত্ৰিত কৰা হৈছে। বৰ্তমান ৰীতি ব্যৱস্থাৰ শেষ সময়ত জীয়াই থকা অভিষিক্ত খ্ৰীষ্টানসকলে যেতিয়া স্বৰ্গৰপৰা শাসন কৰাৰ অধিকাৰ লাভ কৰিব, তেতিয়া তেওঁলোকক একত্ৰিত কৰা কাৰ্য্যৰ অন্ত ঘটিব।—দানি. ৭:১৮, ২২, ২৭.

আধ্যাত্মিক ৰত্ন বিচাৰক

(মথি ১২:২০) তেওঁ ন্যায়-বিচাৰ জয়ীৰূপে প্ৰচলিত নকৰেমানে, থেঁতেলা নল নাভাঙিব, ধোৱাই থকা শলিতাও নুনুমাব।

মথি ১২:২০ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা

ধোৱাই থকা শলিতা: সাধাৰণতে এখন ঘৰত মাটিৰে নিৰ্মিত চাকি ব্যৱহাৰ কৰা হৈছিল। এই চাকিত জৈতুন তেল ব্যৱহাৰ কৰা হৈছিল আৰু ইয়াৰ শলিতা শণসূতাৰে তৈয়াৰ কৰা হৈছিল। “ধোৱাই থকা শলিতা” বুজাবলৈ যি গ্ৰীক শব্দ ব্যৱহাৰ কৰা হৈছে, তাৰ অৰ্থ হয়তো এনে এডাল শলিতা, যি নুমাবলৈ লৈছে বা নুমাই গৈছে, কিন্তু তাৰপৰা এতিয়াও ধোৱা ওলাই আছে। যিচয়া ৪২:৩ পদত যীচুৰ কৰুণাৰ বিষয়ে ভৱিষ্যতবাণী কৰা হৈছে। এই ভৱিষ্যতবাণীৰ অনুসৰি তেওঁ দুখী-দৰিদ্ৰ আৰু সহায়হীন লোকসকলৰ হৃদয়ত থকা শেষ আশাক কেতিয়াও নুমাবলৈ নিদিব।

(মথি ১৩:২৫) কিন্তু মানুহবিলাক টোপনিত থাকোঁতে, তেওঁৰ শত্ৰু আহি, ধানৰ মাজত বিনৈ বনৰ গুটি সিচি গুচি গল।

w১৬.১০ ৩২

আপুনি জানেনে?

প্ৰাচীন সময়ত কোনো এজন ব্যক্তিৰ পথাৰত কঠীয়াৰ মাজত বিনৈ বনৰ গুটি সিচাটো সম্ভৱ আছিলনে?

মথি ১৩:২৪-২৬ পদত যীচুৱে এইদৰে বৰ্ণনা কৰিছে: “নিজৰ পথাৰত ভাল কঠীয়া সিচা কোনো এজন মানুহৰ লগত স্বৰ্গৰাজ্যৰ তুলনা দিয়া হয়। কিন্তু মানুহবিলাক টোপনিত থাকোঁতে, তেওঁৰ শত্ৰু আহি, ধানৰ মাজত বিনৈ বনৰ গুটি সিচি গুচি গল। পাছে যেতিয়া সেই ধান গছ বাঢ়ি থোৰ ওলাল, তেতিয়া বিনৈ বনেও দেখা দিলে।” বিভিন্ন লেখকে এই দৃষ্টান্তৰ সত্যতাৰ ওপৰত প্ৰশ্ন তোলে। কিন্তু প্ৰাচীন ৰোমান আইন সম্বন্ধীয় লিখনিবোৰে প্ৰমাণ কৰে যে এনে ঘটনা ঘটিছিল।

পথাৰত কঠীয়াৰ মাজত বিনৈ বনৰ গুটি সিচাৰ বিষয়ে বাইবেলৰ এখন শব্দকোষে এইদৰে বৰ্ণনা কৰে: “প্ৰতিশোধ লোৱাৰ মনেৰে বিনৈ বনৰ দৰে বিষাক্ত উদ্ভিদৰ গুটি পথাৰত সিচাটো ৰোমান আইন অনুসৰি এটা অপৰাধ আছিল। ইয়াৰ ওপৰত এটা আইন থকাটোৱে প্ৰমাণ কৰে যে এনে ঘটনাবোৰ প্ৰায়েই ঘটিছিল।” এলাচট্যাৰ কেৰ নামৰ এজন আইন বিশেষজ্ঞই বৰ্ণনা কৰে যে ৫৩৩ খ্ৰীষ্টাব্দত ৰোমান সম্ৰাট জাষ্টিনিয়েনে নিজৰ ডাইজেষ্ট অৰ্থাৎ ৰোমান আইন আৰু প্ৰাচীন সময়ৰ (প্ৰায় ১০০-২৫০ খ্ৰীষ্টাব্দ) আইনজীৱীসকলৰপৰা সংগ্ৰহ কৰা বাৰ্ত্তাবোৰৰ আধাৰত এখন আলোচনী প্ৰকাশ কৰে। এই আলোচনীখনৰ (ডাইজেষ্ট, ৯.২.২৭.১৪) অনুসৰি আলপিয়ান নামৰ এজন আইনজীৱীয়ে এটা মোকৰ্দমাৰ বিষয়ে বৰ্ণনা কৰে, যিটো দ্বিতীয় শতিকাৰ ৰোমান ৰাজনীতিবিদ চেল্চাচে পৰিচালনা কৰিছিল। এজন ব্যক্তিয়ে আন এজন ব্যক্তিৰ পথাৰত বিনৈ বনৰ গুটি সিচে, যাৰ পৰিণামস্বৰূপে শস্যবোৰ নষ্ট হৈ যায়। পথাৰৰ গৰাকী বা আধি লোৱা ব্যক্তিজনে যাতে ক্ষতিপূৰণ লাভ কৰিব পাৰে, তাৰ বাবে ডাইজেষ্ট আলোচনীখনত আইন সম্বন্ধীয় উপায়বোৰ উল্লেখ কৰা হৈছিল।

এনে দুষ্ট কাৰ্য্যবোৰ প্ৰাচীন ৰোমান সাম্ৰাজ্যত ঘটিছিল। ইয়াৰপৰা বুজা যায় যে যীচুৱে বৰ্ণনা কৰা দৃষ্টান্ত সত্য ঘটনাৰ ওপৰত আধাৰিত।

বাইবেল পাঠ

(মথি ১২:১-২১) সেই সময়ত যীচু বিশ্ৰাম-বাৰে শস্যক্ষেত্ৰৰ মাজেদি যাওঁতে, তেওঁৰ শিষ্যবিলাকৰ ভোক লাগিলত, থোক ছিঙি ছিঙি খাব ধৰিলে। ২ কিন্তু ফৰীচীবিলাকে তাকে দেখি তেওঁক কলে, চাওক, যি কৰ্ম্ম বিশ্ৰাম-বাৰে কৰিব নাপায়, তাক আপোনাৰ শিষ্যবিলাকে কৰিছে। ৩ তেতিয়া তেওঁ তেওঁলোকক কলে, দায়ূদ আৰু তেওঁৰ লগত থকা বিলাকৰ ভোক লাগিলত, ৪ কেনেকৈ, তেওঁ ঈশ্বৰৰ গৃহত সোমাই পুৰোহিতৰ বাহিৰে বিধিমতে খাব নোপোৱা দৰ্শন পিঠা খাই, তেওঁ আৰু তেওঁৰ লগত থকা বিলাকে যি কৰ্ম্ম কৰিলে, তাক তোমালোকে পঢ়া নাই নে? ৫ নতুবা পুৰোহিতসকলে বিশ্ৰাম-বাৰে ধৰ্ম্মধামত বিশ্ৰাম দিন উলঙ্ঘন কৰিও যে নিৰ্দ্দোষী হয়, তাক বিধান-শাস্ত্ৰত পঢ়া নাই নে? ৬ কিন্তু মই তোমালোকক কওঁ, ধৰ্ম্মধামতকৈয়ো মহান এজনা ইয়াত আছে। ৭ আৰু মই বলিদান নোখোজোঁ, দয়াহে খোজোঁ; তোমালোকে এই বচনৰ অৰ্থ জনা হলে, নিৰ্দ্দোষীবিলাকক দোষী নকৰিলাহেঁতেন। ৮ কিয়নো মানুহৰ পুত্ৰ বিশ্ৰাম-বাৰৰ অধিপতি। ৯ পাছে তেওঁ সেই ঠাইৰ পৰা গৈ তেওঁবিলাকৰ নাম-ঘৰত সোমাল। ১০ আৰু চোৱা, শুকান-হতীয়া এজন মানুহ আছিল। তেতিয়া যীচুক অপবাদ দিবৰ আশয়েৰে তেওঁবিলাকে তেওঁক সুধিলে, বিশ্ৰাম-বাৰে সুস্থ কৰিব পায় নে? ১১ তাতে তেওঁ তেওঁবিলাকক কলে, তোমালোকৰ মাজত কোনো মানুহৰ যদি এটা মেৰ থাকে, আৰু, সেই মেৰ বিশ্ৰাম-বাৰে গাঁতত পৰিলে, তেওঁ তাক ধৰি নুতুলিব, এনে কোন আছে? ১২ তেন্তে মেৰতকৈ মানুহ কিমান বহুমূলীয়া! এই হেতুকে, বিশ্ৰাম-বাৰে ভাল কৰ্ম্ম কৰিব পায়। ১৩ তেতিয়া তেওঁ সেই মানুহজনক কলে, তোমাৰ হাত মেলা। তাতে তেওঁ হাত মেলিলত, আনখনৰ নিচিনা সম্পূৰ্ণ সুস্থ হল। ১৪ কিন্তু ফৰীচীবিলাকে বাহিৰলৈ গৈ কেনেকৈ তেওঁক বিনষ্ট কৰিব পাৰে, তেওঁৰ বিৰুদ্ধে এনে মন্ত্ৰণা কৰিলে। ১৫ কিন্তু যীচুৱে তাকে জানি, তাৰ পৰা গুচি গল; তাতে অনেকে তেওঁৰ পাছে পাছে গল; আৰু তেওঁ তেওঁবিলাক সকলোকে সুস্থ কৰিলে; ১৬ আৰু তেওঁক প্ৰকাশ কৰিবলৈ তেওঁবিলাকক নিষেধ কৰিলে। ১৭ যিচয়া ভাববাদীৰ দ্বাৰাই যি বচন কোৱা হৈছিল, বোলে, ১৮ চোৱা, মোৰ যি সেৱকক মই মনোনীত কৰিলোঁ, মোৰ যি প্ৰিয় জনাত মোৰ মন পৰম সন্তুষ্ট হৈছে, তেওঁৰ ওপৰত মোৰ আত্মা থম; তাতে তেওঁ পৰজাতিবিলাকক ন্যায়বিচাৰৰ সম্বাদ দিব। ১৯ তেওঁ দ্বন্দ্ব হাই নকৰিব, আটাহ নাপাৰিব; আলিবাটত কোনেও তেওঁৰ মাত নুশুনিব। ২০ তেওঁ ন্যায়-বিচাৰ জয়ীৰূপে প্ৰচলিত নকৰেমানে, থেঁতেলা নল নাভাঙিব, ধোৱাই থকা শলিতাও নুনুমাব; ২১ আৰু তেওঁৰ নামত পৰজাতিবিলাকে ভাৰসা কৰিব। সেই বচন সিদ্ধ হবলৈ এইদৰে ঘটিল।

ফেব্ৰুৱাৰী ১২-১৮

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | মথি ১৪-১৫

“কেইজনমানৰ দ্বাৰা বহুতোলোকক আহাৰ খোৱায়”

(মথি ১৪:১৬, ১৭) কিন্তু যীচুৱে শিষ্যবিলাকক কলে, তেওঁবিলাক যাবৰ প্ৰয়োজন নাই; তোমালোকেই তেওঁবিলাকক খাবলৈ দিয়া। ১৭ তাতে শিষ্যবিলাকে তেওঁক কলে, আমাৰ ইয়াত কেৱল পাঁচোটা পিঠা আৰু দুটা মাছহে আছে।

w১৩ ৭/১৫ ১৫ ¶২

কেইজনমানৰ দ্বাৰা বহুতোলোকক আহাৰ খোৱায়

লোকসকলক দেখি যীচুৰ মনত তেওঁলোকৰ প্ৰতি মৰম উপজিছিল। সেইবাবে, তেওঁ বেমাৰীসকলক সুস্থ কৰিছিল আৰু তেওঁলোকক ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে বহুতো কথা শিকাইছিল। সময় পাৰ হোৱাৰ লগে লগে লোকসকলে ওচৰৰ গাঁৱলৈ গৈ যাতে কিবা কিনি খাব পাৰে, তাক কʼবলৈ শিষ্যসকলে যীচুক অনুৰোধ কৰিছিল। কিন্তু যীচুৱে শিষ্যসকলক এইদৰে কৈছিল “তোমালোকেই তেওঁবিলাকক খাবলৈ দিয়া।” যীচুৰ এই বাক্যই তেওঁলোকক আচৰিত কৰি তুলিছিল। যিহেতু তেওঁলোকৰ ওচৰত কেৱল পাচোঁটা পিঠা আৰু দুটা মাছহে আছিল।

(মথি ১৪:১৮, ১৯) তেওঁ কলে, তাকে মোৰ ইয়ালৈ আনা। ১৯ পাছে তেওঁ লোকসমূহক ঘাঁহৰ ওপৰত বহিবলৈ আজ্ঞা দিলে; আৰু সেই পাঁচোটা পিঠা আৰু দুটা মাছকে লৈ, স্বৰ্গলৈ চাই, আশীৰ্ব্বাদ কৰিলে; পাছে পিঠাখিনি ভাঙি শিষ্যবিলাকক দিলে, আৰু তেওঁলোকে লোকসমূহক দিলে।

w১৩ ৭/১৫ ১৫ ¶৩

কেইজনমানৰ দ্বাৰা বহুতোলোকক আহাৰ খোৱায়

লোকসকলৰ প্ৰতি যীচুৰ মৰম উপজিছিল আৰু সেইবাবে তেওঁ এক আচৰিত কৰ্ম্ম কৰিছিল। এই আচৰিত কৰ্ম্মৰ বিষয়ে প্ৰতিখন শুভবাৰ্ত্তাৰ কিতাপত উল্লেখ আছে। (মাৰ্ক ৬:৩৫-৪৪; লূক ৯:১০-১৭; যোহন ৬:১-১৩) ঘাঁহৰ ওপৰত পঞ্চাশ পঞ্চাশ আৰু এশ এশ কৰি, শাৰী শাৰীকৈ লোকসকলক বহাৰ বাবে কʼবলৈ যীচুৱে শিষ্যসকলক আজ্ঞা দিয়ে। প্ৰাৰ্থনা কৰাৰ পাছত তেওঁ পিঠাকেইখন ভাঙিবলৈ ধৰে আৰু মাছকেইটা টুকুৰা কৰিবলৈ ধৰে। তাৰ পাছত পিঠা আৰু মাছকেইটা নিজে পোনপটিয়াকৈ লোকসকলক দিয়াৰ পৰিৱৰ্তে, যীচুৱে সেইবোৰ ‘শিষ্যসকলক দিয়ে আৰু শিষ্যসকলে লোকসমূহৰ মাজত বিলাই দিয়ে।’ আচৰিতভাৱে সকলোৱে খাব পৰাকৈ যথেষ্ট পৰিমাণে আহাৰ আছিল! চিন্তা কৰকচোন: যীচুৱে কেইজনমান পাঁচনিৰ দ্বাৰা কেইবাহাজাৰ লোকক আহাৰ খোৱাইছিল।

(মথি ১৪:২০, ২১) তাতে সকলোৱে খাই তৃপ্ত হল; পাছে সেই ডোখৰা-ডুখৰিৰ অৱশেষখিনিৰে ভৰা বাৰটা পাচি তুলি ললে। ২১ লৰা-তিৰোতাত বাজে, সেই ভোজন কৰা মানুহ পাঁচ হাজাৰমান আছিল।

মথি ১৪:২১ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা

লʼৰা-তিৰোতাত বাজে: এই আচৰিত কৰ্ম্মৰ বিষয়ে বৰ্ণনা কৰোতে কেৱল লেখক মথিয়ে সৰু সৰু লʼৰা-ছোৱালী আৰু তিৰোতাসকলৰ বিষয়ে উল্লেখ কৰিছে। আচৰিতভাৱে ব্যৱস্থা কৰা এই আহাৰ খোৱা লোকসকলৰ সংখ্যা হয়তো ১৫,০০০ তকৈ বেছি আছিল।

w১৩ ৭/১৫ ১৫ ¶১

কেইজনমানৰ দ্বাৰা বহুতোলোকক আহাৰ খোৱায়

এই ঘটনাৰ বিষয়ে কল্পনা কৰক। (মথি ১৪:১৪-২১ পঢ়ক।) ৩২ খ্ৰীষ্টাব্দৰ নিস্তাৰ পৰ্ব্বৰ ঠিক আগমূহূৰ্ত্তৰ ঘটনা। গালীল সাগৰৰ পূব দিশৰ বৈৎ-চৈদা গাঁৱৰ ওচৰৰ এখন মুকলি ঠাইত প্ৰায় ৫০০০ মান পুৰুষৰ সৈতে বহুতো তিৰোতা আৰু লʼৰা-ছোৱালীয়ে যীচু আৰু তেওঁৰ শিষ্যসকলৰ লগত গোট খাইছে।

আধ্যাত্মিক ৰত্ন বিচাৰক

(মথি ১৫:৭-৯) হে কপটীয়াবিলাক, যিচয়াই তোমালোকৰ বিষয়ে ভালকৈয়ে ভাবোক্তি প্ৰচাৰ কৰিলে, বোলে, ৮ এই মানুহবিলাকে ওঁঠেৰে মোক সন্মান কৰে, কিন্তু তেওঁবিলাকৰ হৃদয় মোৰ পৰা দূৰৈত; থাকে আৰু মানুহৰ বিধিবোৰ উপদেশ বুলি শিকাই, তেওঁবিলাকে অনৰ্থকৰূপে মোক ভক্তি কৰে।

মথি ১৫:৭ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা

কপটীয়াবিলাক: হিপʼক্ৰিটচ্‌ শব্দৰ অৰ্থ গ্ৰীক (আৰু ৰোমান) ভাষাত নাটক কৰা এনে অভিনেতাসকলৰ বাবে ব্যৱহাৰ কৰা হৈছিল, যিসকলে সংলাপবোৰ ডাঙৰকৈ ওলোৱাৰ বাবে মুখা পিন্ধিছিল। পাছলৈ এই শব্দটো এনে মানুহৰ বাবে ব্যৱহাৰ হʼবলৈ ধৰিলে যিসকলে ভাও ধৰি নিজৰ প্ৰকৃত উদ্দেশ্য বা ব্যক্তিত্ব লুকুৱাই ৰাখে। ইয়াত যীচুৱে যিহূদী ধৰ্ম্মগুৰুসকলক “কপটীয়াবিলাক” বুলি সম্বোধন কৰিছে।—মথি ৬:৫, ১৬.

(মথি ১৫:২৬) কিন্তু তেওঁ উত্তৰ দি কলে, লʼৰাহঁতৰ খোৱা বস্তু লৈ, কুকুৰৰ আগত পেলাই দিয়া ভাল নহয়।

মথি ১৫:২৬ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা

লʼৰাহত . . . কুকুৰ: মোচিৰ নিয়ম অনুসৰি কুকুৰ অশুচি জন্তু আছিল। সেইবাবে, শাস্ত্ৰত প্ৰায়ে কুকুৰ শব্দটো তিৰস্কাৰ কৰা আদি বিষয়বোৰৰ বাবে ব্যৱহাৰ কৰা হৈছে। (লেবী ১১:২৭; মথি ৭:৬; ফিলি ৩:২; প্ৰকা ২২:১৫) কিন্তু মাৰ্ক (৭:২৭) আৰু মথিৰ কিতাপৰ মূল শাস্ত্ৰপদত উল্লেখ কৰা যীচুৰ এই বাক্যত কঠোৰ শব্দ ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে ‘পোৱালি কুকুৰ’ বা ‘ঘৰচীয়া কুকুৰ’ বুলি ব্যৱহাৰ কৰা হৈছে। ইয়াৰ অৰ্থ হʼব পাৰে যে যীচুৱে যিহূদী নোহোৱা লোকসকলৰ ঘৰত পোহা কোনো ঘৰচীয়া জন্তুক মৰমেৰে মতা এই শব্দ ব্যৱহাৰ কৰিছিল। ইস্ৰায়েলীসকলক সৰু ‘লʼৰা-ছোৱালীৰ’ লগত আৰু যিহূদী নোহোৱা লোকসকলক ‘পোৱালি কুকুৰৰ’ লগত তুলনা কৰি, যীচুৱে হয়তো কোন লোকসকলৰ ওপৰত প্ৰথমে ধ্যান দিয়া উচিত, তাৰ বিষয়ে বুজাব বিচাৰিছিল। যেতিয়া এখন ঘৰত সৰু লʼৰা-ছোৱালী আৰু কুকুৰ থাকে, তেতিয়া নিশ্চয় পিতৃ-মাতৃয়ে লʼৰা-ছোৱালীকহে প্ৰথমে খাবলৈ দিব।

বাইবেল পাঠ

(মথি ১৫:১-২০) তেতিয়া ফৰীচী আৰু অধ্যাপকসকলে যিৰূচালেমৰ পৰা যীচুৰ ওচৰলৈ আহি কলে, তোমাৰ শিষ্যবিলাকে বৃদ্ধসকলৰ পুৰুষে পুৰুষে চলি অহা বিধি কিয় উলঙ্ঘন কৰে? ২ কিয়নো তেওঁলোকে হাত নোধোৱাকৈ ভোজন কৰে। ৩ তাতে তেওঁ উত্তৰ দি তেওঁবিলাকক কলে, তোমালোকেও নিজৰ পুৰুষে পুৰুষে চলি অহা বিধিৰ কাৰণে, ঈশ্বৰৰ আজ্ঞা কিয় উলঙ্ঘন কৰিছা? ৪ কিয়নো ঈশ্বৰে কলে, তুমি পিতৃ-মাতৃক সন্মান কৰা; আৰু যি কোনোৱে পিতৃ বা মাতৃক কুবচন বোলে, সি নিশ্চয় মৰক। ৫ কিন্তু তোমালোকে কোৱা, যি কোনোৱে নিজৰ পিতৃ বা মাতৃক কয়, মোৰ পৰা যিহেৰে আপোনাৰ উপকাৰ হলহেঁতেন, তাক আগ কৰা হৈছে; ৬ তেওঁ নিজৰ পিতৃক কোনোমতে সন্মান নকৰিব। এইদৰে তোমালোকৰ পুৰুষে পুৰুষে চলি অহা বিধিৰ কাৰণে, ঈশ্বৰৰ বাক্য লোপ কৰিলাহঁক। ৭ হে কপটীয়াবিলাক, যিচয়াই তোমালোকৰ বিষয়ে ভালকৈয়ে ভাবোক্তি প্ৰচাৰ কৰিলে, বোলে, ৮ এই মানুহবিলাকে ওঁঠেৰে মোক সন্মান কৰে, কিন্তু তেওঁবিলাকৰ হৃদয় মোৰ পৰা দুৰৈত; থাকে ৯ আৰু মানুহৰ বিধিবোৰ উপদেশ বুলি শিকাই, তেওঁবিলাকে অনৰ্থকৰূপে মোক ভক্তি কৰে। ১০ তেতিয়া তেওঁ লোকসমূহক ওচৰলৈ মাতি, তেওঁবিলাকক কলে, তোমালোকে শুনা, আৰু বুজা। ১১ মুখত যি সোমায়, সেয়ে মানুহক অশুচি নকৰে; কিন্তু মুখৰ পৰা যি ওলায়, সেয়েহে মানুহক অশুচি কৰে। ১২ তেতিয়া শিষ্যবিলাকে আহি তেওঁক কলে, ফৰীচীবিলাকে এই কথা শুনি বিঘিনি পালে, ইয়াক আপুনি জানে নে? ১৩ তাতে তেওঁ উত্তৰ দি কলে, যি পুলি মোৰ স্বৰ্গীয় পিতৃয়ে ৰোৱা নাই, তাক উভলা যাব। ১৪ তেওঁবিলাকক এৰি দিয়া; তেওঁবিলাক অন্ধ পথদৰ্শক। অন্ধই অন্ধক বাট দেখুৱালে, দুয়ো খাৱৈত পৰিব। ১৫ তেতিয়া পিতৰে উত্তৰ দি তেওঁক কলে, এই দৃষ্টান্তটিৰ অৰ্থ আমাক বুজাই দিয়ক। ১৬ তেওঁ কলে, তোমালোকো এতিয়ালৈকে অবোধ হৈ আছা নে? ১৭ মুখত যি সোমায়, সেয়ে পেটৰ ভিতৰলৈ গৈ, শৌচৰ ঠাইত বাহিৰ হয়, ইয়াক তোমালোকে বুজা নাই নে? ১৮ কিন্তু মুখৰ পৰা যিবোৰ ওলায়, সেইবোৰ চিত্তৰ পৰাহে আহে; আৰু সেইবোৰেই মানুহক অশুচি কৰে। ১৯ কিয়নো চিত্তৰ পৰা কুচিন্তা, নৰবধ, পৰস্ত্ৰীগমন, ব্যভিচাৰ, চুৰি, মিছা সাক্ষ্য, নিন্দা, এইবোৰ ওলায়; ২০ এইবোৰেহে মানুহক অশুচি কৰে; কিন্তু নোধোৱা হাতেৰে ভোজন কৰাই মানুহক অশুচি নকৰে।

ফেব্ৰুৱাৰী ১৯-২৫

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | মথি ১৬-১৭

“আপোনাৰ চিন্তা-ভাৱনা কাৰ দৰে হয়?”

(মথি ১৬:২১, ২২) সেই সময়ৰে পৰা যীচুৱে তেওঁৰ শিষ্যবিলাকক দেখুৱাবলৈ ধৰিলে যে, তেওঁ যিৰূচালেমলৈ গৈ বৃদ্ধলোক, প্ৰধান পুৰোহিত আৰু অধ্যাপকসকলৰ পৰা অনেক দুখভোগ পাই, আৰু মৃত্যুভোগ কৰি তিন দিনৰ দিনা পুনৰায় উঠিব লাগিব। ২২ তেতিয়া পিতৰে তেওঁক এফলীয়াকৈ নি, অনুযোগ কৰিব ধৰিলে, বোলে, হে প্ৰভু, ঈশ্বৰে আপোনাক দয়া কৰক; সেয়ে আপোনালৈ কেতিয়াও নঘটিব।

w০৭ ৩/১ ১২ ¶১৭

স্বামীসকল—খ্ৰীষ্টৰ মুৰস্বৰূপ অধীনতাক স্বীকাৰ কৰক

আন এক সময়ত যীচুৱে তেওঁৰ পাঁচনিসকলক বৰ্ণনা কৰিছিল যে তেওঁ যিৰূচালেমলৈ যোৱাৰ প্ৰয়োজন আছে আৰু তাত তেওঁক “বৃদ্ধলোক, প্ৰধান পুৰোহিত আৰু অধ্যাপকসকলৰ পৰা অনেক দুখভোগ পাই, আৰু মৃত্যুভোগ কৰি তিন দিনৰ দিনা পুনৰায় উঠিব লাগিব।” সেই সময়ত পিতৰে যীচুক এফলীয়াকৈ নি এইদৰে কʼবলৈ ধৰিলে: “হে প্ৰভু, ঈশ্বৰে আপোনাক দয়া কৰক; সেয়ে আপোনালৈ কেতিয়াও নঘটিব।” ইয়াত কোনো সন্দেহ নাই যে পিতৰে আবেগিক হৈ পৰিছিল। এই ক্ষেত্ৰত পিতৰক শুধৰণি কৰাটো প্ৰয়োজন আছিল। সেইবাবে যীচুৱে তেওঁক এইদৰে কৈছিল: “মোৰ পাছলৈ গুচি যা, চয়তান; তই মোৰ বিঘিনিস্বৰূপ; তই ঈশ্বৰৰ কথা নাভাবি, মানুহৰ কথাহে ভাবিছ।”—মথি ১৬:২১-২৩.

(মথি ১৬:২৩) কিন্তু তেওঁ ঘূৰি পিতৰক কলে, মোৰ পাছলৈ গুচি যা, চয়তান; তই মোৰ বিঘিনিস্বৰূপ; তই ঈশ্বৰৰ কথা নাভাবি, মানুহৰ কথাহে ভাবিছ।

w১৫ ৫/১৫ ১৩ ¶১৬-১৭

সচেতন হওক—চয়তানে আপোনাক গ্ৰাস কৰিব বিচাৰে

যিহোৱা ঈশ্বৰৰ বিশ্বাসী লোকসকলকো চয়তানে ভুলাব পাৰে। উদাহৰণস্বৰূপে, যেতিয়া যীচুৱে পাঁচনিসকলক নিজৰ মৃত্যুৰ বিষয়ে কৈছিল, তেতিয়া তেওঁলোকৰ মাজত কি প্ৰতিক্ৰিয়া হৈছিল? নিঃসন্দেহ পাঁচনি পিতৰে ভাল মনোভাৱেৰে যীচুক এফলীয়াকৈ নি এইদৰে কৈছিল: “হে প্ৰভু, ঈশ্বৰে আপোনাক দয়া কৰক; সেয়ে আপোনালৈ কেতিয়াও নঘটিব।” কিন্তু যীচুৱে পিতৰক দৃঢ়তাৰে কৈছিল: “মোৰ পাছলৈ গুচি যা, চয়তান।” (মথি ১৬:২২, ২৩) যীচুৱে পিতৰক কিয় “চয়তান” বুলি কৈছিল? কিয়নো হʼবলগীয়া ঘটনাৰ বিষয়ে যীচুৱে আগতিয়াকৈ বুজিব পাৰিছিল। তেওঁ জানিছিল যে অতি সোনকালে তেওঁ মুক্তিপণস্বৰূপ বলিদানৰ যোগেদি চয়তানক মিছলীয়া বুলি প্ৰমাণ কৰিব। মানৱ ইতিহাসৰ সেই কঠিন পৰ্যায়ত যীচুৱে নিজকে “দয়া” দেখুৱাৰ উচিত সময় নাছিল। সজাগ হৈ থকাৰ এই গুৰুত্বপূৰ্ণ সময়ত যদি যীচুৱে অসতৰ্ক হোৱাহেঁতেন, তেনেহʼলে তেওঁ চয়তানক সুযোগ দিয়াৰ নিচিনা হʼলহেঁতেন।

আমি বৰ্তমান ৰীতি ব্যৱস্থাৰ শেষ-কালত জীয়াই আছোঁ আৰু আমাৰ বাবেও জীৱন অতিবাহিত কৰাটো কঠিন হৈ পৰিছে। এই জগতত নিজৰ বাবে এক স্থান তৈয়াৰ কৰি আমি নিজকে “দয়া” দেখুৱাটো চয়তানে বিচাৰে আৰু আমি যে শেষ-কালত জীয়াই আছোঁ, তাক পাহৰি যোৱাটোও চয়তানে বিচাৰে। আপুনি নিজৰ জীৱনত এনে হʼবলৈ কেতিয়াও নিদিব। অসতৰ্ক হোৱাৰ পৰিৱৰ্তে ‘পৰ দি থাকক।’ (মথি ২৪:৪২) বিনাশলৈ এতিয়াও সময় আছে বা বিনাশ কেতিয়াও নহয় বুলি চয়তানৰ এই ছলাহী কথাৰ ওপৰত কেতিয়াও বিশ্বাস নকৰিব।

(মথি ১৬:২৪) তেতিয়া যীচুৱে তেওঁৰ শিষ্যবিলাকক কলে, কোনোৱে যদি মোৰ পাছত আহিবলৈ ইচ্ছা কৰে, তেন্তে তেওঁ নিজকে দমন কৰক, আৰু নিজৰ ক্ৰুচ তুলি লৈ, মোৰ পাছে পাছে আহক।

w০৬ ৪/১ ২৩ ¶৯

‘যোৱা, সকলোকে শিষ্য কৰি বাপ্তাইজ কৰা’

যীচুৰ উদাহৰণ অনুকৰণ কৰি ঈশ্বৰৰ ইচ্ছা পূৰ কৰাৰ লগত আৰু কি কি জড়িত আছে? যীচুৱে নিজৰ শিষ্যসকলক এইদৰে কৈছিল: “কোনোৱে যদি মোৰ পাছত আহিবলৈ ইচ্ছা কৰে, তেন্তে তেওঁ নিজকে দমন কৰক, আৰু নিজৰ ক্ৰুচ তুলি লৈ, মোৰ পাছে পাছে আহক।” (মথি ১৬:২৪) ইয়াত যীচুৱে তিনিটা মূল বিষয় তুলি ধৰিছে আৰু আমি সকলোৱে এইবোৰ পালন কৰা উচিত। প্ৰথমটো হৈছে আমি নিজকে “দমন” কৰাৰ প্ৰয়োজন। ইয়াৰ অৰ্থ হৈছে আমি নিজৰ স্বাৰ্থ, বেয়া প্ৰবৃত্তিবোৰ ত্যাগ কৰি, যিহোৱা ঈশ্বৰৰ উপদেশ আৰু নিৰ্দেশনাবোৰ পালন কৰিব লাগিব। দ্বিতীয়টো হৈছে ‘নিজৰ ক্ৰুচ তোলা।’ যীচুৰ সময়ত ক্ৰুচ (যাতনাস্তম্ভ) যাতনা আৰু লজ্জাৰ প্ৰতীক আছিল। খ্ৰীষ্টান হিচাপে আমি শুভবাৰ্ত্তাৰ বাবে অহা যাতনাবোৰৰ সন্মুখীন হওঁ। (২ তীমথিয় ১:৮) যীচুক যেনেকৈ লোকসকলে যাতনা দিছিল, ঠিক সেইদৰে এই জগতৰ লোকসকলে আমাক হয়তো ঠাট্টা বা তিৰস্কাৰ কৰি ‘অপমান’ কৰিব পাৰে। কিন্তু আনন্দৰ বিষয় যে এইবোৰ সন্মুখীন হোৱাৰ যোগেদি আমি যিহোৱা ঈশ্বৰক আনন্দিত কৰোঁ। (ইব্ৰী ১২:২) তৃতীয়টো হৈছে আমি যীচুৰ “পাছে পাছে” যোৱা উচিত।—গীতমালা ৭৩:২৬; ১১৯:৪৪; ১৪৫:২.

আধ্যাত্মিক ৰত্ন বিচাৰক

(মথি ১৬:১৮) আৰু ময়ো তোমাক কওঁ যে, তুমি পিতৰ আৰু এই শিলৰ ওপৰত মই মোৰ মণ্ডলী স্থাপন কৰিম, আৰু নৰককুণ্ডৰ দ্বাৰে তাক পৰাজয় নকৰিব।

মথি ১৬:১৮ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা

তুমি পিতৰ আৰু এই শিলৰ ওপৰত: ব্যাকৰণৰ অনুসৰি গ্ৰীক শব্দ পেট্ৰʼচ্‌ এটা পুলিংগ শব্দ হয় আৰু ইয়াৰ অৰ্থ হৈছে “এটা শিল বা পাথৰ।” ইয়াত এক নাম (পিতৰ) হিচাপে ব্যৱহাৰ হৈছে আৰু এই নামটো যীচুৱে চিমোনক দিছিল। (যোহ ১:৪২) স্ত্ৰীলিংগ পেট্ৰা শব্দটো “পাথৰ” বুলি অনুবাদ কৰা হৈছে। ইয়াৰ অৰ্থ হয়তো শিলাস্তৰ, থিয় পাহাৰ বা শিলৰ গৰা, বা বহুতো পাথৰ হʼব পাৰে। এই গ্ৰীক শব্দটো মথি ৭:২৪, ২৫; ২৭:৬০; লূক ৬:৪৮; ৮:৬; ৰোম ৯:৩৩; ১কৰি ১০:৪; ১পিত ২:৮ পদবোৰত বৰ্ণনা আছে। নিঃসন্দেহ পিতৰে নিজকে সেই শিলা বুলি ভবা নাছিল, যাৰ ওপৰত যীচুৱে মণ্ডলী স্থাপন কৰিব। কিয়নো ১পিত ২:৪-৮ পদত পিতৰে নিজেই বৰ্ণনা কৰিছে যে যীচুৱেই হৈছে ভৱিষ্যতবাণীত উল্লেখ কৰা “চুকৰ এক প্ৰধান শিল।” ঠিক সেইদৰে, পাঁচনি পৌলেও যীচুক “ভিত্তিমূল” আৰু ‘আত্মিক শিল’ বুলি বৰ্ণনা কৰিছে। (১কৰি ৩:১১; ১০:৪) গতিকে আমি কʼব পাৰোঁ যে যীচুৱে যি কৈছিল তাৰ অৰ্থ হয়তো এইদৰে হʼব পাৰে: ‘তোমাক মই যাক পিতৰ বুলি মাতো, তাৰ অৰ্থ হৈছে এটা শিল। তুমিহে প্ৰকৃততে “এই শিলৰ” অৰ্থাৎ খ্ৰীষ্টৰ প্ৰকৃত পৰিচয় বুজিব পাৰিছা। এই শিলেই খ্ৰীষ্টান মণ্ডলীৰ ভিত্তিমূল হিচাপে কাৰ্য্য কৰিব।’

মণ্ডলী: ইক্লীজীয়া গ্ৰীক শব্দটো প্ৰথমবাৰৰ বাবে ইয়াত উল্লেখ কৰা হৈছে। ইক্লীজীয়া শব্দটো দুটা গ্ৰীক শব্দৰপৰা আহিছে। প্ৰথমটো হৈছে ইক্‌, যাৰ অৰ্থ হৈছে “বাহিৰ” আৰু দ্বিতীয়টো হৈছে কেলীঅ’। ইয়াৰ অৰ্থ হৈছে “নিমন্ত্ৰণ জনোৱা।” এই শব্দটোৱে লোকসকলৰ এটা সমূহক, এক বিশেষ উদ্দেশ্য বা কাৰ্য্যৰ বাবে নিমন্ত্ৰণ জনোৱা বা একত্ৰিত কৰাক চিত্ৰিত কৰে। (শব্দকোষত চাওক।) এই প্ৰসংগত যীচুৱে অভিষিক্ত খ্ৰীষ্টানসকলৰ দ্বাৰা গঠিত খ্ৰীষ্টান মণ্ডলী স্থাপনাৰ বিষয়ে ভৱিষ্যতবাণী কৰিছে। এই অভিষিক্ত খ্ৰীষ্টানসকল “জীৱনময় শিল” হিচাপে “এক আত্মিক ঘৰ হৈ” উঠিব। (১পিত ২:৪, ৫) ইক্লীজীয়া গ্ৰীক শব্দ আৰু “মণ্ডলী” শব্দটোৰ মূল হীব্ৰু শব্দ ছেপ্টুৱেজিন্ট্‌ শাস্ত্ৰত প্ৰায়ে সমাৰ্থক শব্দ হিচাপে ব্যৱহাৰ কৰা হৈছে। মণ্ডলী শব্দটো ঈশ্বৰৰ লোকসকলৰ বাবে প্ৰায়ে ব্যৱহাৰ কৰা হয়। (দ্বিতী ২৩:৩; ৩১:৩০) পাঁচনিৰ কৰ্ম্ম ৭:৩৮ পদত মিচৰৰপৰা বাহিৰ কৰি অনা ইস্ৰায়েলী লোকসকলক “মণ্ডলী” বুলি বৰ্ণনা কৰিছে। ঠিক সেইদৰে, খ্ৰীষ্টানসকলক “আন্ধাৰৰ পৰা . . . আমন্ত্ৰণ” কৰি আৰু “জগতৰ মাজৰ পৰা মনোনীত” কৰি ‘ঈশ্বৰৰ মণ্ডলী’ স্থাপন কৰা হৈছে।—১পিত ২:৯; যোহ ১৫:১৯; ১কৰি ১:২.

(মথি ১৬:১৯) মই তোমাক স্বৰ্গৰাজ্যৰ চাবিবোৰ দিম; তাতে তুমি পৃথিবীত যিহকে বন্ধ কৰা, সেয়ে স্বৰ্গতো বন্ধ হব; আৰু তুমি পৃথিবীত যিহকে মুকলি কৰা, সেয়ে স্বৰ্গতো মুকলি হব।

মথি ১৬:১৯ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা

স্বৰ্গৰাজ্যৰ চাবিবোৰ: বাইবেলত যিসকল লোকক আক্ষৰিক বা লাক্ষণিকভাৱে নিৰ্দিষ্ট কিছুমান চাবি দিয়া হৈছিল, সেই লোকসকলে কিছু পৰিমাণে অধিকাৰ লাভ কৰিছিল। (১বং ৯:২৬, ২৭; যিচ ২২:২০-২২) সেইবাবে, ‘চাবি’ শব্দটোৱে অধিকাৰ আৰু দায়িত্বক চিত্ৰিত কৰে। পিতৰক দিয়া এই চাবিটো তেওঁ যিহুদী (পাঁচ ২:২২-৪১), চমৰীয়া (পাঁচ ৮:১৪-১৭) আৰু যিহুদী নোহোৱা লোকসকলৰ (পাঁচ ১০:৩৪-৩৮) বাবে ব্যৱহাৰ কৰিছিল, যাতে তেওঁলোকে ঈশ্বৰৰ পবিত্ৰ আত্মা লাভ কৰি স্বৰ্গৰাজ্যত প্ৰৱেশ কৰিবলৈ সক্ষম হʼব পাৰে।

বাইবেল পাঠ

(মথি ১৬:১-২০) তেতিয়া ফৰীচী আৰু চদ্দূকীবিলাকে ওচৰলৈ আহি, তেওঁক পৰীক্ষা কৰি, আকাশৰ পৰা কোনো এটা চিন তেওঁবিলাকক দেখুৱাবলৈ নিবেদন কৰিলে। ২ কিন্তু তেওঁ উত্তৰ দি তেওঁবিলাকক কলে, সন্ধ্যা পৰত, তোমালোকে কোৱা, বতৰ ভাল; কিয়নো আকাশ ৰঙা হৈছে। ৩ আৰু ৰাতিপুৱা কোৱা, আজি বতৰ বেয়া; কিয়নো আকাশ ৰঙা হৈছে, আৰু মেঘাইছেও। তোমালোকে আকাশৰ ৰূপ প্ৰভেদ কৰিব জানা, কিন্তু কালৰ চিন নোৱাৰা। ৪ এই কালৰ দুষ্ট আৰু ব্যভিচাৰী মানুহে চিন বিচাৰে। কিন্তু যোনাৰ চিনৰ বাহিৰে সিহঁতক একো চিন দিয়া নহব। তেতিয়া তেওঁ তেওঁবিলাকক এৰি গুচি গল। ৫ পাছে সিপাৰলৈ যাওঁতে, শিষ্যবিলাকে পিঠা লবলৈ পাহিৰ গল। ৬ যীচুৱে তেওঁলোকক কলে, চাবা, তোমালোকে ফৰীচী আৰু চদ্দূকীবিলাকৰ খমৰিলৈ সাৱধান হবা। ৭ তাতে তেওঁলোকে ইজনে সিজনে কোৱা-মেলা কৰি কলে, অ! আমি পিঠা নললোঁ! ৮ কিন্তু যীচুৱে তাকে জানি কলে, হে অল্প-বিশ্বাসীবিলাক, তোমালোকৰ পিঠা নোহোৱা হেতুকে, ইজনে সিজনে কিয় এনে কোৱা-মেলা কৰিছাহঁক? ৯ তোমালোকে এতিয়ালৈকে বুজা নাই নে? তোমালোকৰ মনত পৰা নাই নে পাঁচ হাজাৰ পুৰুষৰ পাঁচোটা পিঠা আৰু তেতিয়া কেইটা পাচি তুলি লৈছিলা, ১০ আৰু চাৰি হাজাৰ পুৰুষৰ সাতোটা পিঠা আৰু তেতিয়া কেইটা পাচি তুলি লৈছিলা? ১১ মই পিঠাৰ বিষয়ে তোমালোকক কোৱা নাই, ইয়াক কিয় নুবুজা? কিন্তু ফৰীচী আৰু চদ্দূকীবিলাকৰ খমৰিলৈ সাৱধান হোৱা। ১২ তেতিয়া পিঠাৰ খমৰিলৈ নহয়, ফৰীচী আৰু চদ্দূকীবিলাকৰ উপদেশলৈহে তেওঁ সাৱধানে থাকিবলৈ দিলে, ইয়াকে তেওঁলোকে বুজিলে। ১৩ পাছে যীচুৱে কৈচৰিয়া-ফিলিপীৰ অঞ্চললৈ গৈ তেওঁৰ শিষ্যবিলাকক সুধিলে, বোলে, মানুহবিলাকে মানুহৰ পুত্ৰক কোন বুলি কয়? ১৪ তেওঁলোকে কলে, কোনোৱে যোহন বাপ্তাইজক, কোনোৱে এলিয়া, আন কোনোৱে যিৰিমিয়া, বা ভাববাদীসকলৰ এজন বুলি কয়। ১৫ তেওঁ তেওঁলোকক কলে, কিন্তু তোমানোকে নো মোক কোন বোলা? ১৬ তাতে চিমোন পিতৰে উত্তৰ দি কলে, আপুনি সেই অভিষিক্ত জনা, জীৱনময় ঈশ্বৰৰ পুত্ৰ। ১৭ তেতিয়া যীচুৱে উত্তৰ দি তেওঁক কলে, হে যোনাৰ পুতেক চিমোন, তুমি ধন্য; কিয়নো তেজ আৰু মাংসই ইয়াক তোমাৰ আগত প্ৰকাশ কৰা নাই, কিন্তু স্বৰ্গত থকা মোৰ পিতৃয়েহে প্ৰকাশ কৰিলে। ১৮ আৰু ময়ো তোমাক কওঁ যে, তুমি পিতৰ আৰু এই শিলৰ ওপৰত মই মোৰ মণ্ডলী স্থাপন কৰিম, আৰু নৰককুণ্ডৰ দ্বাৰে তাক পৰাজয় নকৰিব। ১৯ মই তোমাক স্বৰ্গৰাজ্যৰ চাবিবোৰ দিম; তাতে তুমি পৃথিবীত যিহকে বন্ধ কৰা, সেয়ে স্বৰ্গতো বন্ধ হব; আৰু তুমি পৃথিবীত যিহকে মুকলি কৰা, সেয়ে স্বৰ্গতো মুকলি হব। ২০ তেতিয়া, সেই অভিষিক্ত জনা তেওঁ বুলি কাকো নকবলৈ, তেওঁ শিষ্যবিলাকক আজ্ঞা দিলে।

ফেব্ৰুৱাৰী ২৬–মাৰ্চ ৪

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | মথি ১৮-১৯

“নিজক আৰু আনক বিঘিনি জন্মোৱাৰপৰা বিৰত থাকক”

(মথি ১৮:৬, ৭) কিন্তু যি কোনোৱে মোত বিশ্বাস কৰা এই সৰুবিলাকৰ মাজৰ এজনৰ বিঘিনি জন্মায়, তাতকৈ, তেওঁৰ ডিঙিত ডাঙৰ জাঁত আৰি, অগাধ সমুদ্ৰত তাক ডুবাই দিয়াই তালৈ ভাল। ৭ বিঘিনিৰ কাৰণে জগতৰ সন্তাপ। কিয়নো বিঘিনি অৱশ্যে হব; কিন্তু যি মানুহৰ দ্বাৰাই বিঘিনি হয়, তাৰ সন্তাপ হব।

মথি ১৮:৬, ৭ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা

এটা গাধৰ দ্বাৰা ঘূৰোৱা জাঁত: বা এটা “ডাঙৰ জাঁত।” ইয়াৰ আক্ষৰিক অৰ্থ হৈছে “গাধৰ জাঁত।” এনেধৰণৰ জাঁতৰ ব্যাস ৰেখা হৈছে প্ৰায় ১.২-১.৫ মি. (৪-৫ ফুট)। ই ইমানেই গধুৰ আছিল যে ইয়াক ঘূৰাবলৈ এটা গাধৰ প্ৰয়োজন হৈছিল।

বিঘিনি জন্মোৱাৰ কাৰণ: গ্ৰীক শব্দ স্কেন্দেলনৰ অৰ্থ হৈছে ‘বিঘিনি জন্মোৱাৰ কাৰণ’ আৰু ইয়াক এটা ফান্দ বুলি বুজোৱা হয়। কিছুমান লোকৰ অনুসৰি এইটো হৈছে ফান্দত টোপ লগাবলৈ ব্যৱহাৰ কৰা এটা কাঠী। ইয়াৰপৰা বুজিব পাৰি যে ই এনে এক ভয়ানক বস্তুক চিত্ৰিত কৰে, যাৰ দ্বাৰা কোনো এজন ব্যক্তিয়ে উজুতি খোৱা বা পৰি যোৱাৰ কাৰণ হʼব পাৰে। লাক্ষণিক অৰ্থত ইয়ে এনে কাৰ্য্য বা পৰিস্থিতিক দৰ্শাই, যিয়ে এজন ব্যক্তিক নৈতিক কাৰ্য্যৰপৰা বিচলিত হোৱা বা অসৎ কাৰ্য্য বা পাপ কাৰ্য্যত লিপ্ত হʼবলৈ পৰিচালিত কৰে। মথি ১৮:৮, ৯ পদত স্কেন্দেলিজ’ ক্ৰিয়া পদক “বিঘিনি জন্মায়” বুলি অনুবাদ কৰা হৈছে। ইয়াক “ফান্দ হৈ যোৱা; পাপ কৰাৰ বাবে” বুলিও অনুবাদ কৰিব পাৰি।

nwtsty ভিডিঅ’

জাঁত

সাধাৰণতে শস্য পিচিবলৈ আৰু জৈতুনৰপৰা তেল উলিয়াবলৈ জাঁত ব্যৱহাৰ কৰা হৈছিল। কিছুমান জাঁতৰ আকাৰ সৰু আছিল আৰু হাতেৰে সহজে ঘূৰাব পাৰিছিল। কিন্তু কিছুমান জাঁতৰ আকাৰ ইমানেই ডাঙৰ আছিল যে তাক ঘূৰাবলৈ এটা জন্তুৰ প্ৰয়োজন হৈছিল। এই আকাৰৰ জাঁত ঘূৰাবলৈ হয়তো পলেষ্টীয়াসকলে চিমচোনক বাধ্য কৰিছিল। (বিচাৰ ১৬:২১) জীৱ-জন্তুৰ দ্বাৰা পৰিচালিত জাঁতঘৰ কেৱল ইস্ৰায়েলত ব্যৱহাৰ হৈছিল এনে নহয়, কিন্তু ৰোমান সাম্ৰাজ্যৰ চুকে-কোনে বিভিন্ন ঠাইবোৰতো ইয়াৰ ব্যৱহাৰ হৈছিল।

জাঁতৰ ওপৰৰ আৰু তলৰ শিল

ছবিখনত দেখুৱাৰ দৰে এটা ডাঙৰ জাঁত ঘূৰাবলৈ গাধ বা আন ঘৰচীয়া জন্তুৰ প্ৰয়োজন হয়। এনে জাঁত শস্য পিচিবলৈ বা জৈতুনৰপৰা তেল উলিয়াবলৈ ব্যৱহাৰ কৰা হয়। এটা জাঁতৰ বাবে ব্যৱহাৰ কৰা ওপৰৰ শিলৰ ব্যাস ৰেখা প্ৰায় ১.৫ মি. (৫ ফুট) আৰু তলত এটা ডাঙৰ শিল ৰাখি ইয়াক ঘূৰোৱা হয়।

(মথি ১৮:৮, ৯) এতেকে তোমাৰ হাত বা ভৰিয়ে যদি তোমাৰ বিঘিনি জন্মায়, তেন্তে তাক কাটি তোমাৰ পৰা দলিয়াই পেলোৱা; দুহতীয়া বা দুভৰীয়া হৈ, অনন্ত জুইত পেলোৱা হোৱাতকৈ, কোঙা বা খোৰা হৈ, জীৱনত সোমোৱাই তোমাৰ ভাল। ৯ আৰু তোমাৰ চকুৱে যদি তোমাৰ বিঘিনি জন্মায়, তেন্তে তাকো কাঢ়ি, তোমাৰ পৰা দলিয়াই পেলোৱা; দুচকুৱা হৈ অগ্নিময় নৰকত পেলোৱা হোৱাতকৈ, এচকুৱা হৈ জীৱনত সোমোৱাই তোমাৰ ভাল।

মথি ১৮:৮ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা

গেহেনা: এই শব্দটো হীব্ৰু শব্দ গেহ্‌ হিন্নোমৰপৰা আহিছে আৰু ইয়াৰ অৰ্থ হৈছে “হিন্নোম উপত্যকা।” এই উপত্যকা, প্ৰাচীন যিৰূচালেমৰ দক্ষিণ-পশ্চিম ভাগত অৱস্থিত। (অতিৰিক্ত লেখ খ১২, “যিৰূচালেম আৰু তাৰ চাৰিওফালৰ এলেকা” মানচিত্ৰখন চাওক।) যীচুৱে পৃথিৱীত জীয়াই থকাৰ সময়ত এই উপত্যকাখন আৱৰ্জনা জ্বলোৱাৰ এক স্থান হৈ পৰিছিল। সেইবাবে, “গেহেনা” শব্দটো বিনাশৰ বাবে এক সঠিক শব্দ।

nwtsty শব্দকোষ

গেহেনা

প্ৰাচীন যিৰূচালেমৰ দক্ষিণ-পশ্চিম দিশত অৱস্থিত হিন্নোম উপত্যকাক গ্ৰীক ভাষাত গেহেনা বুলি কোৱা হয়। (যিৰি ৭:৩১) ভৱিষ্যবাণীত এই শব্দটোৱে এনে এখন ঠাইক চিত্ৰিত কৰে, যʼত মৃতদেহ পেলোৱা হʼব। (যিৰি ৭:৩২; ১৯:৬) ইয়াৰ কোনো প্ৰমাণ নাই যে জীৱিত মানুহ বা জীৱ-জন্তুক গেহেনাত জ্বলোৱা বা শাস্তি দিয়া হৈছিল। সেইবাবে, গেহেনা শব্দটোৱে কোনো এক অদৃশ্য স্থানক চিত্ৰিত নকৰে, যʼত মানুহৰ আত্মাক জুইত পুৰি অনন্তকাললৈ শাস্তি দিয়া হয়। ইয়াৰ পৰিৱৰ্তে, যীচু আৰু তেওঁৰ শিষ্যসকলে গেহেনা শব্দটো অনন্ত কালৰ শাস্তি অৰ্থাৎ ‘দ্বিতীয় মৃত্যুক’ বুজাবলৈ ব্যৱহাৰ কৰিছিল। দ্বিতীয় মৃত্যুৰ অৰ্থ হৈছে সম্পূৰ্ণ বিনাশ বা নষ্ট কৰা।—প্ৰকা ২০:১৪; মথি ৫:২২; ১০:২৮.

(মথি ১৮:১০) সাৱধান হোৱা; তোমালোকে এই সৰুবিলাকৰ মাজৰ এজনকো হেয়জ্ঞান নকৰিবা; কিয়নো মই তোমালোকক কওঁ, স্বৰ্গত সিহঁতৰ দূতবিলাকে, স্বৰ্গত থকা মোৰ পিতৃৰ মুখ সদায় দেখা পায়।

মথি ১৮:১০ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা

মোৰ পিতৃৰ মুখ সদায় দেখা পায়: বা “মোৰ পিতৃৰ কাষত থকাৰ অধিকাৰ আছে।” ঈশ্বৰৰ সন্মুখীন হোৱাৰ অধিকাৰ আত্মিক প্ৰাণীবিলাককহে দিয়া হৈছে। সেইবাবে, কেৱল তেওঁলোকেহে ঈশ্বৰৰ মুখ দেখা পায়।—যাত্ৰা ৩৩:২০.

w১১ ৪/১ ১৬

আত্মিক প্ৰাণীবিলাকে আমাক কেনেকৈ প্ৰভাৱিত কৰে

যীচুৱে স্পষ্ট কৰিছিল যে ঈশ্বৰৰ সেৱকসকলৰ আধ্যাত্মিক উন্নতিৰ চোৱা-চিতা কৰাৰ দায়িত্ব স্বৰ্গদূতসকলক দিয়া হৈছে। সেইবাবে, যীচুৱে নিজৰ পাঁচনিসকলক আনক বিঘিনি জন্মোৱাৰপৰা আঁতৰি থাকিবলৈ এইদৰে সতৰ্ক কৰিছল: “তোমালোকে এই সৰুবিলাকৰ মাজৰ এজনকো হেয়জ্ঞান নকৰিবা; কিয়নো মই তোমালোকক কওঁ, স্বৰ্গত সিহঁতৰ দূতবিলাকে, স্বৰ্গত থকা মোৰ পিতৃৰ মুখ সদায় দেখা পায়।” (মথি ১৮:১০) যীচুৱে কোৱা কথাষাৰৰ অৰ্থ এয়া নাছিল যে প্ৰতিজন শিষ্যৰ সুৰক্ষাৰ বাবে এজন স্বৰ্গদূতক নিযুক্ত কৰা হৈছে। কিন্তু যীচুৱে বুজাব বিচাৰিছিল যে যিসকল স্বৰ্গদূতে ঈশ্বৰৰ লগত একেলগে কাৰ্য্য কৰে, তেওঁলোকে খ্ৰীষ্টান মণ্ডলীৰ সদস্যসকলৰ প্ৰতি বিশেষ আগ্ৰহ দেখুৱায়।

আধ্যাত্মিক ৰত্ন বিচাৰক

(মথি ১৮:২১, ২২) তেতিয়া পিতৰে ওচৰলৈ আহি তেওঁক কলে, হে প্ৰভু, মোৰ ভায়ে মোৰ অহিতে কেইবাৰ অপৰাধ কৰিলে মই তেওঁক ক্ষমা কৰিম? সাতবাৰলৈকে নে? ২২ যীচুৱে তেওঁক কলে, সাতবাৰলৈকে বুলি মই তোমাক নকওঁ; কিন্তু সত্তৰ গুণ সাতবাৰলৈকে।

মথি ১৮:২২ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা

৭৭ বাৰ: আক্ষৰিক অৰ্থত সত্তৰ গুণ সাতবাৰ। এই গ্ৰীক বৰ্ণনাটো “৭০ আৰু ৭” (৭৭ বাৰ) বা “৭০ গুণ ৭” (৪৯০ বাৰ) হʼব পাৰে। সেই একেই শব্দ আদিপুস্তক ৪:২৪ পদত উল্লেখ আছে। গ্ৰীক চেপ্টুৱেজিন্ট্‌ত ইয়াক ‘৭৭ বাৰ’ বুলি অনুবাদ কৰা হৈছে। গতিকে ইয়ে “৭৭ বাৰ” বিষয়টোক সমৰ্থন কৰে। লোকসকলে ইয়াৰ অৰ্থ যিয়ে নুবুজক কিয়, সংখ্যা ৭-ৰ পুনৰাবৃত্তি কৰাৰ অৰ্থ হৈছে “অনিৰ্দিষ্ট” বা “সীমাহীন।” পিতৰে কোৱা ৭ সংখ্যাটো, ৭৭ বুলি কৈ যীচুৱে নিজৰ শিষ্যসকলক বুজাব বিচাৰিছিল যে ক্ষমা কৰাৰ কোনো সীমা বান্ধি দিয়া উচিত নহয়। ইয়াৰ বিপৰীতে, বাবিলীয় টালমুদত (Yoma ৮৬b) এইদৰে বৰ্ণনা কৰা আছে: “এজন ব্যক্তিয়ে কিবা ভুল কৰিলে, তেওঁক এবাৰ, দুবাৰ আৰু তিনিবাৰলৈকে ক্ষমা কৰা উচিত, কিন্তু চতুৰ্থ বাৰত তেওঁক ক্ষমা কৰা উচিত নহʼব।”

(মথি ১৯:৭) তেওঁবিলাকে তেওঁক সুধিলে, তেনেহলে ত্যাগ-পত্ৰ দি, ত্যাগ কৰিবলৈ মোচিয়ে কিয় আদেশ দিলে?

মথি ১৯:৭ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা

ত্যাগ-পত্ৰ: বা “বিবাহ-বিচ্ছেদৰ পত্ৰ।” বিবাহ-বিচ্ছেদৰ বাবে পৰিকল্পনা কৰা এজন ব্যক্তিয়ে আইন সম্বন্ধীয় নথি-পত্ৰ প্ৰস্তুত কৰা আৰু প্ৰাচীনসকলৰ লগত আলোচনা কৰাৰ প্ৰয়োজন আছিল। এই গভীৰ বিষয়টো পুনৰ চালি-জাৰি চাবলৈ আইনে ব্যক্তিজনক সময় দিছিল। এই নিয়মৰ উদ্দেশ্য আছিল যে এজন ব্যক্তিৰ বিবাহ-বিচ্ছেদৰ বাবে খৰ-ধৰকৈ লোৱা নিৰ্ণয়ক প্ৰতিৰোধ কৰা আৰু ব্যক্তিজনৰ পত্নীক ন্যায়িকভাৱে সুৰক্ষা প্ৰদান কৰা। (দ্বিতীয় ২৪:১) কিন্তু যীচুৰ সময়ত ধৰ্ম্মগুৰুসকলে বিবাহ-বিচ্ছেদ কৰাটো সহজ কৰি তুলিছিল। প্ৰথম শতিকাৰ বুৰঞ্জীবিদ যোচেফাচ নিজেই এজন বিবাহ-বিচ্ছেদ হোৱা ফৰীচী আছিল। তেওঁৰ অনুসৰি “যিকোনো কাৰণৰ বাবে (আৰু পুৰুষৰ মাজত এনেধৰণ বহুতো ঘটনা দেখিবলৈ পোৱা গৈছিল)” বিবাহ-বিচ্ছেদ কৰিব পাৰি।

nwtsty ভিডিঅ’

বিবাহ-বিচ্ছেদৰ পত্ৰ

বিবাহ-বিচ্ছেদৰ এই পত্ৰখন ৭১ বা ৭২ খ্ৰীষ্টব্দৰ হয় আৰু এইখন অৰামীয়া ভাষাত লিখা হৈছিল। এই পত্ৰখন যিহুদীয়া মৰুভূমিত থকা ৱাদি মুৰাব্বাট নামৰ এক শুকান নদীৰ বুকুৰ উত্তৰ দিশে পোৱা গৈছিল। ইয়াত বৰ্ণনা কৰা হৈছিল যে যিহুদী বিদ্ৰোহৰ ষষ্ঠ বছৰত নাকচনৰ পুত্ৰ যোচেফে, যোনাথনৰ জীয়েক মিৰিয়মক বিবাহ-বিচ্ছেদ কৰিছিল আৰু তাই মাচাদা চহৰত বাস কৰিছিল।

বাইবেল পাঠ

(মথি ১৮:১৮-৩৫) মই তোমালোকক স্বৰূপকৈ কওঁ, তোমালোকে পৃথিবীত যিহকে বন্ধ কৰা, সেয়ে স্বৰ্গতো বন্ধ হব; আৰু পৃথিবীত যিহকে মুকলি কৰা, সেয়ে স্বৰ্গতো মুকলি হব। ১৯ পুনৰায় মই তোমালোকক কওঁ, পৃথিবীত তোমালোকৰ দুজনৰ যদি প্ৰাৰ্থনীয় কোনো বিষয়ত এক-মন হয়, তেন্তে স্বৰ্গত থকা মোৰ পিতৃৰ দ্বাৰাই তেওঁলোকলৈ তাক সিদ্ধ কৰা হব। ২০ কিয়নো যি ঠাইত দুই বা তিনি জন মোৰ নামেৰে গোট খোৱা হয়, সেই ঠাইতে ময়ো তেওঁলোকৰ মাজত থাকোঁ। ২১ তেতিয়া পিতৰে ওচৰলৈ আহি তেওঁক কলে, হে প্ৰভু, মোৰ ভায়ে মোৰ অহিতে কেইবাৰ অপৰাধ কৰিলে মই তেওঁক ক্ষমা কৰিম? সাতবাৰলৈকে নে? ২২ যীচুৱে তেওঁক কলে, সাতবাৰলৈকে বুলি মই তোমাক নকওঁ; কিন্তু সত্তৰ গুণ সাতবাৰলৈকে। ২৩ এই নিমিত্তে, নিজৰ দাসবিলাকে সৈতে লেখ-বুজ কৰিব খোজা এজন ৰজাৰ লগত স্বৰ্গৰাজ্যৰ তুলনা দিয়া হয়। ২৪ ৰজাই লেখ-বুজ কৰিবলৈ ধৰিলত, দহ হাজাৰ গাগৰি ৰূপৰ ধৰুৱা এজনক তেওঁৰ আগলৈ অনা হল। ২৫ কিন্তু পৰিশোধ কৰিবলৈ তেওঁৰ উপায় নোহোৱাত, তেওঁক আৰু তেওঁৰ লʼৰা তিৰোতা আদি সৰ্ব্বস্ব বেচি, পৰিশোধ কৰিবলৈ তেওঁৰ প্ৰভুৱে আজ্ঞা দিলে। ২৬ তাতে সেই দাসে দণ্ডৱতে তেওঁক প্ৰণাম কৰি কলে, হে প্ৰভু, সহন কৰক, মই আটাইখিনি পৰিশোধ কৰিম। ২৭ তেতিয়া সেই দাসৰ প্ৰভুৰ মৰম লাগিলত, তেওঁ তেওঁক মুক্ত কৰিলে, আৰু তেওঁৰ ধাৰো ক্ষমা কৰিলে। ২৮ কিন্তু সেই দাসে বাহিৰলৈ গৈ, তেওঁৰ এশ আধলিৰ ধৰুৱা এজন সহদাসক পাই, তেওঁক ধৰি, ডিঙিত টেপা দি কলে, তই দিব লগীয়াখিনি দে। ২৯ তাতে তেওঁৰ সহদাসে দণ্ডৱতে কাবৌ কৰি কলে, সহন কৰক, মই আপোনাক পৰিশোধ কৰিম। ৩০ কিন্তু তেওঁ সন্মত নহৈ, দিব লগীয়াখিনি পৰিশোধ নকৰামানলৈকে, তেওঁক বন্দীশালত সুমুৱাই থলেগৈ। ৩১ তাতে তেওঁৰ সহদাসবিলাকে এই ঘটনা দেখি, অতিশয় দুঃখিত হৈ, তেওঁলোকৰ প্ৰভুৰ ওচৰলৈ গৈ, যি যি ঘটিল, সেই সকলোকে জনালে। ৩২ তেতিয়া তেওঁৰ প্ৰভুৱে তেওঁক ওচৰলৈ মতাই কলে, হেৰ দুষ্ট দাস, তই মোক কাবৌ কৰাত, মই তোৰ সেই সকলো ধাৰ ক্ষমা কৰিলোঁ। ৩৩ তেন্তে মই যেনেকৈ তোক দয়া কৰিছিলোঁ, তয়ো তেনেকৈ তোৰ সহদাসক দয়া কৰা উচিত নাছিল নে? ৩৪ তেতিয়া তেওঁৰ প্ৰভুৱে খং উঠি, দিব লগীয়া আটাইখিনি পৰিশোধ নকৰামানলৈকে, তেওঁক যাতনাকাৰীবিলাকৰ হাতত শোধাই দিলে। ৩৫ তোমালোক প্ৰতিজনে যদি নিজ নিজ ভায়েৰাক অন্তৰে সৈতে ক্ষমা নকৰা, তেন্তে মোৰ স্বৰ্গীয় পিতৃয়েও তোমালোকক সেইদৰে কৰিব।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক