এপ্ৰিল—জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা
এপ্ৰিল ২-৮
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | মথি ২৬
“নিস্তাৰ-পৰ্ব্ব আৰু স্মৰণীয় দিন—সাদৃশ্য আৰু পাৰ্থক্য”
(মথি ২৬:১৭-২০) পাছে খমিৰ নোহোৱা পিঠাৰ পৰ্ব্বৰ প্ৰথম দিনা, শিষ্যবিলাকে যীচুৰ ওচৰলৈ আহি সুধিলে, নিস্তাৰ-পৰ্ব্বৰ ভোজ খাবলৈ আপোনাৰ নিমিত্তে আমি কʼত যুগুত কৰাটো আপোনাৰ ইচ্ছা? ১৮ তাতে তেওঁ কলে, নগৰলৈ গৈ অমুকক কোৱাগৈ, গুৰুৱে কৈছে, মোৰ কাল ওচৰ হৈছেহি; মোৰ শিষ্যবিলাকে সৈতে মই তোমাৰ ঘৰত নিস্তাৰ-পৰ্ব্বৰ ভোজ পালন কৰিম। ১৯ তেতিয়া শিষ্যবিলাকে যীচুৱে আদেশ দিয়াৰ দৰেই কৰি, নিস্তাৰ-পৰ্ব্বৰ ভোজ যুগুত কৰিলেগৈ। ২০ পাছে সন্ধ্যা হলত, তেওঁ তেওঁৰ বাৰ জন শিষ্যে সৈতে ভোজনত বহিছিল।
nwtsty ভিডিঅ’
নিস্তাৰ-পৰ্ব্বৰ ভোজ
নিস্তাৰ-পৰ্ব্বৰ বাবে ব্যৱহাৰ হোৱা প্ৰয়োজনীয় বস্তুবোৰ হৈছে: (১) জুইৰ তাপত সেকা মেৰ পোৱালী (জন্তুটোৰ কোনো হাড় ভঙাৰ প্ৰয়োজন নাছিল), (২) খমিৰ নিদিয়া পিঠা, (৩) পাচলি। (যাত্ৰা ১২:৫, ৮; গণ ৯:১১) মিচনা নামৰ কিতাপখনৰ অনুসৰি পাচলি বুলি কʼলে, লেটুচ (এবিধ কেঁচাই খোৱা শাক), চিকʼৰি, পেপাৰৱৰ্ট, এনডিভ বা ডেণ্ডিলাইন আদিক বুজায়। ইয়ে ইস্ৰায়েলী লোকসকলক মিচৰৰ দাসত্বত থকাৰ সময়ছোৱাক চিত্ৰিত কৰে। খমিৰ নিদিয়া পিঠাক যীচুৱে নিজৰ সিদ্ধ শৰীৰক চিত্ৰিত কৰিবলৈ ব্যৱহাৰ কৰিছিল। (মথি ২৬:২৬) পাঁচনি পৌলে যীচুক “আমাৰ নিস্তাৰ-পৰ্ব্বৰ মেৰ পোৱালি” বুলি বৰ্ণনা কৰিছিল। (১কৰি ৫:৭) (৪) দ্ৰাক্ষাৰস—প্ৰথম শতিকালৈকে নিস্তাৰ-পৰ্ব্বৰ ভোজত দ্ৰাক্ষাৰস ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰা হৈছিল। যীচুৱে নিজৰ তেজক চিত্ৰিত কৰিবলৈ দ্ৰাক্ষাৰস ব্যৱহাৰ কৰিছিল আৰু এই তেজ পাছলৈ বলিদানৰূপে আগবঢ়োৱা হৈছিল।—মথি ২৬:২৭, ২৮.
(মথি ২৬:২৬) পাছে তেওঁলোকে ভোজন কৰোঁতে, যীচুৱে পিঠা লৈ, আশীৰ্ব্বাদ কৰি, ভাঙি, শিষ্যবিলাকক দি কলে, লোৱা, খোৱা; এয়ে মোৰ শৰীৰ।
মথি ২৬:২৬ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা
অৰ্থ: গ্ৰীক ভাষাৰ এষ্টিন (আক্ষৰিক অৰ্থ “হয়”) শব্দটোৰ অৰ্থ হৈছে “চিহ্ন; প্ৰতীক; প্ৰতিৰূপ; চিত্ৰিত”। পাঁচনিসকলে এষ্টিন শব্দটোৰ অৰ্থ ভালদৰে বুজি পাইছিল। কিয়নো সেই সময়ত যীচুৰ সিদ্ধ শৰীৰ পাঁচনিসকলৰ সন্মুখত আছিল আৰু খাবলগীয়া খমিৰ নিদিয়া পিঠাও তেওঁলোকৰ সন্মুখত আছিল। সেইবাবে, পিঠাই যীচুৰ হাড়-মঙহৰ শৰীৰ নাছিল। মন কৰিবলগীয়া কথা যে সেই একেই গ্ৰীক শব্দটো মথি ১২:৭ পদত উল্লেখ কৰা হৈছে আৰু বহুতো বাইবেলত এই শব্দটোক “অৰ্থ” বুলি অনুবাদ কৰা হৈছে।
(মথি ২৬:২৭, ২৮) পাছে তেওঁ পান-পাত্ৰকো লৈ স্তুতি কৰি, তেওঁলোকক দি কলে, ইয়াক তোমালোক সকলোৱে পান কৰা; ২৮ কিয়নো মোৰ যি তেজ, অৰ্থাৎ নিয়মৰ তেজ, পাপ-মোচনৰ নিমিত্তে অনেকৰ কাৰণে উলিওৱা হৈছে, সেয়ে এই।
মথি ২৬:২৮ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা
নিয়মৰ তেজ: যীচুৰ বলিদানৰ যোগেদি যিহোৱা ঈশ্বৰ আৰু অভিষিক্ত খ্ৰীষ্টানসকলৰ মাজত নতুন নিয়ম স্থাপন কৰা হৈছিল। (ইব্ৰী ৮:১০) মোচিয়ে চীনয় পৰ্ব্বতত মধ্যস্থতাকাৰী হিচাপে যিহোৱা ঈশ্বৰ আৰু ইস্ৰায়েলীসকলৰ মাজত নিয়ম স্থাপন কৰাৰ সময়ত যি শব্দ ব্যৱহাৰ কৰিছিল, সেই একেই শব্দ যীচুৱেও ইয়াত ব্যৱহাৰ কৰিছে। (যাত্ৰা ২৪:৮; ইব্ৰী ৯:১৯-২১) ভতৰা গৰু আৰু ছাগলীৰ তেজে যিদৰে যিহোৱা ঈশ্বৰ আৰু ইস্ৰায়েলীসকলৰ মাজত এক নিয়ম আছে বুলি প্ৰমাণ কৰে, ঠিক সেইদৰে যীচুৰ তেজে যিহোৱা ঈশ্বৰ আৰু আধ্যাত্মিক ইস্ৰায়েলীসকলৰ মাজত কৰা নতুন নিয়মক কাৰ্য্যকৰী কৰে। এই নিয়ম ৩৩ খ্ৰীষ্টাব্দৰ পেন্টাকোষ্টৰ সময়ৰপৰা কাৰ্য্যকৰী হয়।—ইব্ৰী ৯:১৪, ১৫.
আধ্যাত্মিক ৰত্ন বিচাৰক
(মথি ২৬:১৭) পাছে খমিৰ নোহোৱা পিঠাৰ পৰ্ব্বৰ প্ৰথম দিনা, শিষ্যবিলাকে যীচুৰ ওচৰলৈ আহি সুধিলে, নিস্তাৰ-পৰ্ব্বৰ ভোজ খাবলৈ আপোনাৰ নিমিত্তে আমি কʼত যুগুত কৰাটো আপোনাৰ ইচ্ছা?
মথি ২৬:১৭ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা
খমিৰ নোহোৱা পিঠাৰ পৰ্ব্বৰ প্ৰথম দিনা: নিস্তাৰ-পৰ্ব্বৰ (নিচান ১৪) পাছদিনাখন, খমিৰ নোহোৱা পিঠাৰ পৰ্ব্ব নিচান ১৫ তাৰিখে আৰম্ভ হৈছিল আৰু এই পৰ্ব্ব সাত দিনলৈকে পালন কৰা হৈছিল। (অতিৰিক্ত লেখ B১৫ চাওক।) কিন্তু যীচুৰ সময়ত নিস্তাৰ-পৰ্ব্ব আৰু খমিৰ নোহোৱা পিঠাৰ পৰ্ব্ব ইমানেই ওতপ্ৰোতভাৱে জড়িত হৈ পৰিছিল যে গোটেই আঠোটা দিনকে কেতিয়াবা কেতিয়াবা “খমিৰ নোহোৱা পিঠাৰ পৰ্ব্ব” বুলিও কোৱা হৈছিল। (লূক ২২:১) এই ক্ষেত্ৰত, “প্ৰথম দিনা” বুলি কওঁতে “এদিন আগত” বুলিও অনুবাদ কৰিব পাৰি। (যোহ ১:১৫, ৩০ পদৰ লগত তুলনা কৰক। ইয়াত ‘প্ৰথম দিনাৰ’ বাবে যি গ্ৰীক শব্দ [প্ৰʼটচ্] ব্যৱহাৰ কৰা হৈছে, তাৰ অনুবাদ “আগ” বুলি কৰা হৈছে। এই পদবোৰত এইদৰে বৰ্ণনা আছে: “তেওঁ মোতকৈ আগ [প্ৰʼটচ্] হল।”) সেইবাবে, মূল গ্ৰীক শাস্ত্ৰপদ আৰু যিহুদীসকলৰ পৰম্পৰা অনুসৰি যীচুৰ শিষ্যসকলে তেওঁক এই প্ৰশ্ন নিচান মাহৰ ১৩ তাৰিখে সুধিছিল। সেইদিনটোৰ দিনৰ ভাগত যীচুৰ শিষ্যসকলে নিস্তাৰ-পৰ্ব্বৰ প্ৰস্তুতি কৰিছিল আৰু তাৰ পাছত “সন্ধ্যা হলত” অৰ্থাৎ নিচান ১৪ তাৰিখৰ আৰম্ভণিত নিস্তাৰ-পৰ্ব্ব পালন কৰিছিল।—মাৰ্ক ১৪:১৬, ১৭.
(মথি ২৬:৩৯) পাছে তেওঁ অলপ আগুৱাই গৈ উবুৰি হৈ পৰি, প্ৰাৰ্থনা কৰি কলে, হে মোৰ পিতৃ, যদি হব পাৰে, তেন্তে এই পান-পাত্ৰ মোৰ পৰা দূৰ হওক; তথাপি মোৰ ইচ্ছাৰ দৰে নহয়, তোমাৰ ইচ্ছাৰ দৰেই হওক।
মথি ২৬:৩৯ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা
এই পান-পাত্ৰ মোৰ পৰা দূৰ হওক: বাইবেলত “পান-পাত্ৰ” শব্দটো প্ৰায়ে লাক্ষণিক ৰূপত ব্যৱহাৰ কৰা হৈছে আৰু ইয়ে ঈশ্বৰৰ উদ্দেশ্য বা এজন ব্যক্তিৰ “নিৰ্ধাৰিত ভাগক” চিত্ৰিত কৰে। (মথি ২০:২২ পদৰ ওপৰত অধ্যয়নৰ টোকা চাওক।) নিঃসন্দেহ, যীচুৱে এই বিষয়ে চিন্তিত হৈ পৰিছিল যে ঈশ্বৰক নিন্দা কৰা আৰু ঈশ্বৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰা বুলি মিছা অভিযোগেৰে, তেওঁৰ মৃত্যু হোৱাৰ বাবে ঈশ্বৰৰ নাম কলংকিত হʼব। সেইবাবে, যীচুৱে এই “পান-পাত্ৰ” মোৰপৰা দূৰ হওক বুলি কৈছিল।
বাইবেল পাঠ
(মথি ২৬:১-১৯) যীচুৱে এই সকলো কথা কৈ এঁটালত, তেওঁৰ শিষ্যবিলাকক কলে, ২ দুদিনৰ পাছত নিস্তাৰ-পৰ্ব্ব হব, আৰু মানুহৰ পুত্ৰক ক্ৰুচত দিবলৈ শত্ৰুৰ হাতত শোধাই দিয়া হব বুলি তোমালোকে জানিছা। ৩ তেতিয়া প্ৰধান পুৰোহিত আৰু সমাজৰ বৃদ্ধসকলে, কায়াফা নামেৰে মহা-পুৰোহিতৰ চোতালত গোট খাই, যীচুক ছলেৰে ধৰি, বধ কৰিবলৈ আলচ কৰিলে; ৪ কিন্তু তেওঁলোকে কলে, পৰ্ব্বৰ সময়ত নহয়; ৫ পাছে জানো মানুহবিলাকৰ মাজত হুৰামুৰা লাগিব। ৬ পাছে যীচু বৈথনিয়া গাৱঁত চিমোন কুষ্ঠ ৰোগীৰ ঘৰত থকা সময়ত, এজনী তিৰোতাই, ৭ বহুমূলীয়া সুগন্ধি তেলেৰে ভৰা এটা ফটিকৰ টেমা লৈ, তেওঁৰ ওচৰলৈ আহি, তেওঁ ভোজনত বহি থাকোঁতে, তেওঁৰ মূৰত বাকি দিলে। ৮ কিন্তু শিষ্যবিলাকে তাকে দেখি কুপিত হৈ কলে, এনে হানি কিয়? ৯ কিয়নো ইয়াক ভালেমান ধনলৈ বেচি, দৰিদ্ৰবিলাকক দান কৰিব পাৰিলেহেঁতেন। ১০ কিন্তু যীচুৱে তাকে জানি তেওঁলোকক কলে, এই তিৰোতাক কেলেই দিগ দিছা? কাৰণ তেওঁ মোলৈ উত্তম কৰ্ম্ম কৰিলে। ১১ যিহেতু দৰিদ্ৰবিলাক তোমালোকৰ লগত সদায় আছে; কিন্তু মই তোমালোকৰ লগত সদায় নাথাকোঁ। ১২ কিয়নো তেওঁ এই সুগন্ধি তেল যে মোৰ শৰীৰত বাকি দিলে, মোক মৈদামত থবৰ অৰ্থেই তাকে কৰিলে। ১৩ মই তোমালোকক স্বৰূপকৈ কওঁ, গোটেই জগতৰ যি যি ঠাইতে এই শুভবাৰ্ত্তা ঘোষণা কৰা হব, সেই সেই ঠাইত, এই যি কৰ্ম্ম তেওঁ কৰিলে, তেওঁক সুঁৱৰিবলৈ, তাকো কোৱা হব। ১৪ তেতিয়া বাৰ জনৰ মাজৰ ইষ্কৰিয়োতীয়া যিহূদা নামেৰে এজনে প্ৰধান পুৰোহিতসকলৰ ওচৰলৈ গৈ কলে, ১৫ মই আপোনালোকৰ হাতত তেওঁক শোধাই দিলে, মোক কি দিবলৈ ইচ্ছা কৰে? তাতে তেওঁলোকে তেওঁক ডেৰ কুৰি ৰূপ লেখি দিলে। ১৬ আৰু তেতিয়াৰে পৰা, তেওঁ তেওঁক শোধাই দিবলৈ সুযোগ বিচাৰিলে। ১৭ পাছে খমিৰ নোহোৱা পিঠাৰ পৰ্ব্বৰ প্ৰথম দিনা, শিষ্যবিলাকে যীচুৰ ওচৰলৈ আহি সুধিলে, নিস্তাৰ-পৰ্ব্বৰ ভোজ খাবলৈ আপোনাৰ নিমিত্তে আমি কʼত যুগুত কৰাটো আপোনাৰ ইচ্ছা? ১৮ তাতে তেওঁ কলে, নগৰলৈ গৈ অমুকক কোৱাগৈ, গুৰুৱে কৈছে, মোৰ কাল ওচৰ হৈছেহি; মোৰ শিষ্যবিলাকে সৈতে মই তোমাৰ ঘৰত নিস্তাৰ-পৰ্ব্বৰ ভোজ পালন কৰিম। ১৯ তেতিয়া শিষ্যবিলাকে যীচুৱে আদেশ দিয়াৰ দৰেই কৰি, নিস্তাৰ-পৰ্ব্বৰ ভোজ যুগুত কৰিলেগৈ।
এপ্ৰিল ৯-১৫
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | মথি ২৭-২৮
“যোৱা আৰু শিষ্য বনোৱা—কিয়, কʼত আৰু কেনেকৈ?”
(মথি ২৮:১৮) তেতিয়া যীচুৱে ওচৰলৈ আহি তেওঁলোকক কলে, বোলে, স্বৰ্গত আৰু পৃথিবীত সকলো ক্ষমতা মোক দিয়া হল।
‘যোৱা আৰু সকলোকে শিষ্য বনোৱা’
খ্ৰীষ্টান মণ্ডলী আৰু ১৯১৪ চনৰপৰা নতুনকৈ স্থাপন হোৱা ঈশ্বৰৰ ৰাজ্যৰ ওপৰত অধিকাৰ চলাবলৈ যীচুক ক্ষমতা দিয়া হʼল। (কলচীয়া ১:১৩; প্ৰকাশিত বাক্য ১১:১৫) তেওঁ হৈছে প্ৰধান স্বৰ্গদূত আৰু কোটি কোটি স্বৰ্গদূতৰ নায়ক। (১ থিচলনীকীয়া ৪:১৬; ১ পিতৰ ৩:২২; প্ৰকাশিত বাক্য ১৯:১৪-১৬) ইয়াৰ উপৰিও, ধাৰ্ম্মিক মানদণ্ডবোৰৰ বিৰোধ কৰা “সকলো শাসন, ক্ষমতা আৰু পৰাক্ৰম” লোপ কৰিবলৈ তেওঁ স্বৰ্গীয় পিতৃৰপৰা অধিকাৰ লাভ কৰে। (১ কৰিন্থীয়া ১৫:২৪-২৬; ইফিচীয়া ১:২০-২৩) তেওঁক কেৱল জীৱিত লোকসকলৰ ওপৰতেই যে অধিকাৰ চলাবলৈ ক্ষমতা দিয়া হৈছে, এনে নহয়। বৰঞ্চ, “জীয়া আৰু মৰা দুয়োৰো বিচাৰকৰ্ত্তা হবলৈ” আৰু মৃতবিলাকক জীয়াই তুলিবলৈও ক্ষমতা দিয়া হৈছে। (পাঁচনিৰ কৰ্ম্ম ১০:৪২; যোহন ৫:২৬-২৮) নিঃসন্দেহ, অধিকাৰত থকা এনে এজন ব্যক্তিৰ আজ্ঞা পালন কৰাটো আমাৰ বাবে কিমান যে গুৰুত্বপূৰ্ণ বিষয়! গতিকে, আমি ‘শিষ্য বনোৱা’ এই আজ্ঞাক শ্ৰদ্ধাৰে আৰু আন্তৰিকতাৰে পালন কৰিব বিচাৰোঁ।
(মথি ২৮:১৯) এই হেতুকে তোমালোক যোৱা; আৰু সকলো জাতিকে শিষ্য কৰি, পিতৃ, পুত্ৰ, আৰু পবিত্ৰ আত্মাৰ নামেৰে তেওঁবিলাকক বাপ্তাইজ কৰা।
মথি ২৮:১৯ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা
শিষ্য কৰি: গ্ৰীক ভাষাৰ মাথেতিঅ’ শব্দটো “শিকোৱা” বুলি অনুবাদ কৰিব পাৰি আৰু শিকোৱাৰ উদ্দেশ্য হৈছে ছাত্ৰ বা শিষ্য বনোৱা। [মথি ১৩:৫২ পদৰ লগত তুলনা কৰক। ইয়াত এই গ্ৰীক শব্দটো “শিকোৱা (NW )” বুলি অনুবাদ কৰা হৈছে।] “বাপ্তাইজ কৰা” আৰু “শিকোৱা,” এই শব্দবোৰে আমাক বুজিবলৈ সহায় কৰে যে ‘শিষ্য বনোৱা’ কাৰ্য্যত কি কি জড়িত আছে।
সকলো জাতিকে: এই গ্ৰীক শব্দবোৰৰ আক্ষৰিক অৰ্থ অনুসৰি যীচুৰ শিষ্যসকলে “সকলো জাতিকে” শিক্ষা দিয়া উচিত। গ্ৰীক শব্দ বাপ্তাইজ কৰা বুলিলে কোনো ‘জাতিক’ নহয়, কিন্তু লোকসকলক বুজায়। সেইবাবে, ওচৰে-পাঁজৰে থকা পদবোৰৰপৰা স্পষ্টৰূপে বুজিব পাৰি যে এই শব্দবোৰে এটা জাতিৰ প্ৰতিজন ব্যক্তিক চিত্ৰিত কৰে। “সকলো জাতিকে” শিক্ষা দিয়া আজ্ঞাটো নতুন আছিল। শাস্ত্ৰপদে বৰ্ণনা কৰে যে যীচুৱে ঘোষণা কাৰ্য্য আৰম্ভ কৰাৰ আগতে, যিহূদী নোহোৱা লোকসকলে যেতিয়া যিহোৱা ঈশ্বৰৰ সেৱা কৰিবলৈ আহে, তেতিয়াহে তেওঁলোকক গ্ৰহণ কৰা হৈছিল। (১ৰাজা ৮:৪১-৪৩) এই আজ্ঞাৰ অনুসৰি যীচুৱে কেৱল যিহূদী লোকসকলক ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে ঘোষণা কৰিবলৈ কৈছিল, এনে নহয়, কিন্তু আন লোকসকলকো ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে ঘোষণা কৰিবলৈ আজ্ঞা দিছিল। এনে কৰাৰ যোগেদি যীচুৱে গোটেই পৃথিৱীতে শিষ্য বনোৱা কাৰ্য্যৰ বিষয়ে গুৰুত্ব আৰোপ কৰিছিল।—মথি ১০:১, ৫-৭; প্ৰকা ৭:৯; মথি ২৪:১৪ পদৰ ওপৰত অধ্যয়নৰ টোকা চাওক।
(মথি ২৮:২০) আৰু মই যি যি আদেশ তোমালোকক দিলোঁ, সেই সকলোকে পালন কৰিবলৈ তেওঁবিলাকক শিক্ষা দিয়া। আৰু চোৱা, জগতৰ শেষলৈকে মই সদায় তোমালোকৰ সঙ্গে সঙ্গে আছোঁ।
মথি ২৮:২০ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা
তেওঁবিলাকক শিক্ষা দিয়া: যি গ্ৰীক শব্দৰ অনুবাদ “শিক্ষা দিয়া” কৰা হৈছে, তাৰ অৰ্থ হৈছে নিৰ্দেশনা দিয়া, বৰ্ণনা কৰা, যুক্তিৰে প্ৰস্তুত কৰা আৰু প্ৰমাণ দিয়া। (মথি ৩:১; ৪:২৩ পদৰ ওপৰত অধ্যয়নৰ টোকা চাওক।) যীচুৱে দিয়া সকলো আজ্ঞা একেৰাহে পালন কৰিবলৈ শিষ্যসকলে শিক্ষা দিয়াৰ প্ৰয়োজন আছিল। ইয়াৰ উপৰিও, তেওঁলোকে শিকা বিষয়বোৰ আনক জনোৱা, তেওঁৰ শিক্ষা নিজৰ জীৱনত পালন কৰা আৰু তেওঁৰ উদাহৰণ অনুকৰণ কৰা উচিত।—যোহ ১৩:১৭; ইফি ৪:২১; ১পিত ২:২১.
আধ্যাত্মিক ৰত্ন বিচাৰক
(মথি ২৭:৫১) আৰু চোৱা, মন্দিৰৰ আঁৰকাপোৰ ওপৰৰ পৰা তললৈকে ফাটি দুছিটা হল; ভূমিকম্প হল; শিলবোৰো ফাটিল।
মথি ২৭:৫১ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা
আঁৰকাপোৰ: এই ধুনীয়া আঁৰকাপোৰখনে মন্দিৰৰ অতি পবিত্ৰ-স্থানক, পবিত্ৰ-স্থানৰপৰা পৃথক কৰিছিল। যিহূদীসকলৰ পৰম্পৰাই উনুকিয়াই দিয়ে যে এই গঠুৰ আঁৰকাপোৰখন প্ৰায় ১৮ মি. (৬০ ফুট) দীঘল, ৯ মি. (৩০ ফুট) বহল আৰু ৭.৪ ছে.মি. (২.৯ ইঞ্চি) ডাঠ আছিল। আঁৰকাপোৰখন দুছিটা কৰাৰ যোগেদি কেৱল যিহোৱা ঈশ্বৰে নিজৰ সন্তানৰ হত্যাকাৰীসকলৰ ওপৰত ক্ৰোধ প্ৰকাশ কৰিছিল এনে নহয়, কিন্তু লোকসকলে স্বৰ্গত প্ৰৱেশ কৰাটোও সম্ভৱ বুলি চিত্ৰিত কৰিছিল।—ইব্ৰী ১০:১৯, ২০; শব্দকোষ চাওক।
মন্দিৰ: ইয়াত গ্ৰীক ভাষাৰ নোৱাচ শব্দটোৱে পবিত্ৰ-স্থান আৰু অতি পবিত্ৰ-স্থান থকা অট্টালিকাটোক বুজায়।
(মথি ২৮:৭) আহাঁ, তেওঁ শয়ন কৰা ঠাই চোৱাহি। আৰু তোমালোকে বেগাই গৈ, তেওঁৰ শিষ্যবিলাকক এই কথা কোৱাগৈ যে, তেওঁ মৃতবিলাকৰ মাজৰ পৰা উঠিল; আৰু চোৱা, তোমালোকৰ আগেয়ে তেওঁ গালীললৈ গৈছে; তোমালোকে তাতে তেওঁক দৰ্শন পাবা; চোৱা, মই তোমালোকক কলোঁ।
মথি ২৮:৭ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা
তেওঁৰ শিষ্যবিলাকক এই কথা কোৱাগৈ যে, তেওঁ মৃতবিলাকৰ মাজৰ পৰা উঠিল: শিষ্যসকলৰ ভিতৰত এই তিৰোতাসকলক কেৱল যীচুৰ পুনৰুত্থানৰ বিষয়ে কোৱা হৈছিল এনে নহয়, কিন্তু তেওঁলোকক আন আন শিষ্যসকলকো ইয়াৰ বিষয়ে কʼবলৈ নিৰ্দেশনা দিয়া হৈছিল। (মথি ২৮:২, ৫, ৭) যিহূদী পৰম্পৰা অনুসৰি (যি শাস্ত্ৰৰ ওপৰত আধাৰিত নাছিল) তিৰোতাসকলক কোনো বিচাৰৰ বাবে সাক্ষী দিয়াৰ অনুমতি নাছিল। কিন্তু ইয়াৰ বিপৰীতে, যিহোৱা ঈশ্বৰৰ স্বৰ্গদূতসকলে তিৰোতাসকলক এই দায়িত্ব দিয়াৰ যোগেদি তেওঁলোকক সন্মান দেখুৱাইছিল।
বাইবেল পাঠ
(মথি ২৭:৩৮-৫৪) সেই সময়ত তেওঁৰ সোঁফালে এটা, বাওঁফালে এটা, এইদৰে দুটা ডকাইতক তেওঁৰ লগত ক্ৰুচত দিয়া হল। ৩৯ পাছে অহা-যোৱা কৰা বাটৰুৱাবোৰে মূৰ জোকাৰি জোকাৰি, নিন্দা কৰি কলে, ৪০ হেৰা মন্দিৰ নষ্ট কৰোঁতা, আৰু তিন দিনৰ ভিতৰত সাজোঁতা, নিজকে ৰক্ষা কৰা; তুমি যদি ঈশ্বৰৰ পুত্ৰ, তেন্তে ক্ৰুচৰ পৰা নামা। ৪১ সেই দৰে প্ৰধান পুৰোহিতসকলেও অধ্যাপক আৰু বৃদ্ধসকলে সৈতে বিদ্ৰূপ কৰি কলে, সি আনক ৰক্ষা কৰিলে, নিজকে ৰক্ষা কৰিব নোৱাৰে। ৪২ সি ইস্ৰায়েলৰ ৰজা; এতিয়া ক্ৰুচৰ পৰা নামকচোন; তেহে আমি তাত বিশ্বাস কৰিম। ৪৩ সি ঈশ্বৰত ভাৰসা কৰিছে; ঈশ্বৰে যদি তাক ভাল পায়, তেন্তে এতিয়া তাক নিস্তাৰ কৰকচোন; কিয়নো সি কৈছিল, মই ঈশ্বৰৰ পুত্ৰ। ৪৪ আৰু তেওঁৰ লগত ক্ৰুচত দিয়া সেই দুটা ডকাইতেও তেওঁক একে দৰে নিন্দা কৰিলে। ৪৫ পাছে বাৰ বজাৰ পৰা তিনি বজালৈকে, গোটেইখন দেশৰ ওপৰত আন্ধাৰ হল; ৪৬ আৰু তিনিমান বজাত যীচুৱে বৰ মাতেৰে ৰিঙিয়াই কলে, এলী, এলী, লামা চবক্তানী? অৰ্থাৎ, হে মোৰ ঈশ্বৰ, হে মোৰ ঈশ্বৰ, কিয় মোক পৰিত্যাগ কৰিলা? ৪৭ তাত থিয় হৈ থকাবিলাকৰ কোনো কোনোৱে ইয়াকে শুনি কলে, ই এলিয়াক মাতিছে। ৪৮ তেতিয়াই তেওঁলোকৰ মাজৰ এজনে লৰি গৈ, স্পঞ্জ এটা লৈ চিৰ্কাৰে পূৰ কৰি, তাক নলৰ আগত লগাই, তেওঁক পান কৰিবলৈ দিলে। ৪৯ কিন্তু আনবিলাকে কলে, এৰি দিয়া; এলিয়াই তাক ৰক্ষা কৰিবলৈ আহে নে নাহে, তাকে চাওঁহঁক। ৫০ পাছে যীচূৱে আকৌ বৰ মাতেৰে ৰিঙিয়াই, প্ৰাণত্যাগ কৰিলে। ৫১ আৰু চোৱা, মন্দিৰৰ আঁৰকাপোৰ ওপৰৰ পৰা তললৈকে ফাটি দুছিটা হল; ভূমিকম্প হল; শিলবোৰো ফাটিল; ৫২ আৰু মৈদামবোৰ মুকলি হলত, নিদ্ৰিত পবিত্ৰ লোকৰ অনেক শ তোলা হল; ৫৩ আৰু তেওঁৰ উত্থানৰ পাছত, তেওঁলোকে মৈদামৰ পৰা ওলাই, পবিত্ৰ নগৰলৈ গৈ, বহুতক দেখা দিলে। ৫৪ পাছে এশৰ সেনাপতিয়ে আৰু তেওঁৰ লগত যীচুক পহৰা দি থকাবিলাকে, এইদৰে ভূমিকম্প আদি কৰি হোৱা ঘটনা দেখি, বৰ ভয় পাই কলে, এওঁ স্বৰূপেই ঈশ্বৰৰ পুত্ৰ।
এপ্ৰিল ১৬-২২
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | মাৰ্ক ১-২
“তোমাৰ পাপ ক্ষমা হল”
(মাৰ্ক ২:৩-৫) তেতিয়া চাৰি জনে বৈ অনা এজন জঠৰ ৰোগীক মানুহবিলাকে তেওঁৰ ওচৰলৈ আনিলে। ৪ কিন্তু লোকসমূহৰ কাৰণে তেওঁৰ ওচৰলৈ তেওঁক চপাব নোৱাৰি, যি ঠাইত তেওঁ আছিল, তাৰ ওপৰৰ চাল গুচাই বাট কৰি, সেই পোনেদি জঠৰ ৰোগী শোৱা শয্যাখন নমালে। ৫ তাতে যীচুৱে তেওঁলোকৰ বিশ্বাস দেখি, সেই জঠৰ ৰোগীক কলে, বোপা তোমাৰ পাপ ক্ষমা হল।
jy ৬৭ ¶৩-৫
“তোমাৰ পাপ ক্ষমা হল”
যীচুৱে শিক্ষা দিয়াৰ সময়ত কোঠালিটো মানুহেৰে ভৰি আছিল। সেইসময়ত শয্যাৰে সৈতে এজন জঠৰ ৰোগীক চাৰিজন বন্ধুৱে যীচুৰ ওচৰলৈ সুস্থ কৰাৰ বাবে আনিছিল। কিন্তু মানুহৰ ভিৰৰ বাবে তেওঁলোকে জঠৰ ৰোগীজনক, যীচুৰ একেবাৰে “ওচৰলৈ” আনিব পৰা নাছিল। (মাৰ্ক ২:৪) কল্পনা কৰক যে ইয়াৰ বাবে তেওঁলোকে কিমান নিৰাশ হৈছিল! তাৰ পাছত তেওঁলোকে ঘৰৰ চালৰ ওপৰত উঠিছিল আৰু চাল গুচাই জঠৰ ৰোগীজনক শয্যাৰে সৈতে তলত নমাই দিছিল।
তেওঁলোকে এইদৰে কৰাৰ বাবে যীচুৱে খং কৰিছিল নেকি? যীচুৱে খং কৰা নাছিল। ইয়াৰ বিপৰীতে, তেওঁলোকৰ বিশ্বাস দেখি যীচু প্ৰভাৱিত হৈছিল আৰু তেওঁ জঠৰ ৰোগীজনক এইদৰে কৈছিল: “তোমাৰ পাপ ক্ষমা হল।” (মথি ৯:২) কিন্তু, প্ৰশ্ন হʼব পাৰে যে লোকসকলৰ পাপ ক্ষমা কৰাৰ অধিকাৰ যীচুৰ ওচৰত আছে নেকি? ধৰ্ম্মগুৰু আৰু ফৰীচীসকলে এইদৰে যুক্তি কৰে: “এওঁ ঈশ্বৰনিন্দা কৰিছে। এজনা অৰ্থাৎ ঈশ্বৰত বাজে কোনে পাপ ক্ষমা কৰিব পাৰে?”—মাৰ্ক ২:৭.
যীচুৱে ধৰ্ম্মগুৰু আৰু ফৰীচীসকলৰ মনৰ কথা বুজিব পাৰি তেওঁলোকক এইদৰে কৈছিল: “তোমালোকৰ অন্তৰত কিয় এনে আলোচনা কৰিছা? তোমাৰ পাপ ক্ষমা হল; নাইবা উঠা, তোমাৰ শয্যা তুলি লৈ যোৱা; এই দুটা কথাৰ মাজত জঠৰ ৰোগীক কোনটো কবলৈ উজু?” (মাৰ্ক ২:৮, ৯) নিঃসন্দেহ, যীচুৱে পাছলৈ যি বলিদান আগবঢ়াবলগীয়া আছিল, তাৰ আধাৰত তেওঁ লোকসকলৰ পাপ ক্ষমা কৰাৰ অধিকাৰ আছিল।
(মাৰ্ক ২:৬-১২) তেতিয়া তাত বহি থকা অধ্যাপকসকলৰ কোনো কোনোৱে মনতে আলোচনা কৰি কলে, এওঁ এনে কথা কিয় কৈছে? ৭ এওঁ ঈশ্বৰনিন্দা কৰিছে। এজনা অৰ্থাৎ ঈশ্বৰত বাজে কোনে পাপ ক্ষমা কৰিব পাৰে? ৮ তেওঁবিলাকে মনতে এনে আলোচনা কৰিছে, ইয়াক যীচুৱে নিজৰ আত্মাত তেতিয়াই জানি, তেওঁবিলাকক কলে, তোমালোকৰ অন্তৰত কিয় এনে আলোচনা কৰিছা? ৯ তোমাৰ পাপ ক্ষমা হল; নাইবা উঠা, তোমাৰ শয্যা তুলি লৈ যোৱা; এই দুটা কথাৰ মাজত জঠৰ ৰোগীক কোনটো কবলৈ উজু? ১০ কিন্তু পৃথিবীত পাপ ক্ষমা কৰিবলৈ মানুহৰ পুত্ৰৰ ক্ষমতা আছে, ইয়াক তোমালোকে জানিবলৈ—তেওঁ জঠৰ ৰোগীক কলে, মই তোমাক কওঁ, ১১ উঠা, তোমাৰ শয্যা তুলি লৈ, নিজৰ ঘৰলৈ যোৱা। ১২ তাতে তেওঁ উঠি, সকলোৰে আগতে তেতিয়াই তেওঁৰ শয্যা তুলি লৈ ওলাই গল; তাতে সকলোৱে বিস্ময় মানি, আমি এনেকুৱা কেতিয়াও দেখা নাই, ইয়াকে কৈ ঈশ্বৰৰ স্তুতি কৰিলে।
মাৰ্ক ২:৯ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা
কোনটো কবলৈ উজু: এইষাৰ কʼবলৈ যিকোনো লোকৰ বাবে সহজ যে তেওঁ পাপ ক্ষমা কৰিব পাৰে। কিয়নো এনেধৰণৰ দাবীৰ বাবে কোনো প্ৰমাণৰ প্ৰয়োজন নাই। কিন্তু উঠা, . . . যোৱা বুলি কোৱাৰ বাবে এনে এক আচৰিত কাৰ্য্য কৰাৰ প্ৰয়োজন আছিল, যিয়ে যীচুৰ ওচৰত পাপ ক্ষমা কৰাৰ অধিকাৰ আছে বুলি সকলোৰে আগত প্ৰমাণ কৰিব। এই বিৱৰণ আৰু যিচয়া ৩৩:২৪ পদৰ অনুসৰি আমি পাপী হোৱাৰ বাবে আমাৰ বেমাৰ-আজাৰ হয়।
আধ্যাত্মিক ৰত্ন বিচাৰক
(মাৰ্ক ১:১১) আৰু এই আকাশী বাণী হল যে, তুমি মোৰ প্ৰিয় পুত্ৰ; তোমাত মই পৰম সন্তুষ্ট।
মাৰ্ক ১:১১ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা
এই আকাশী বাণী হল: শুভবাৰ্ত্তাৰ কিতাপত ঈশ্বৰে, মানুহৰ লগত পোনপটীয়াকৈ তিনিবাৰ কথা-বতৰা হোৱাৰ বিষয়ে বৰ্ণনা আছে আৰু এই ঘটনাটোৱে হৈছে প্ৰথম।—মাৰ্ক ৯:৭; যোহ ১২:২৮ পদৰ ওপৰত অধ্যয়নৰ টোকা চাওক।
তুমি মোৰ প্ৰিয় পুত্ৰ: এজন আত্মিক প্ৰাণী হিচাপে যীচু হৈছে ঈশ্বৰৰ পুত্ৰ। (যোহ ৩:১৬) মানৱৰূপে জন্ম লোৱাৰ সময়ত যীচু আদমৰ দৰে সিদ্ধ আৰু “ঈশ্বৰৰ পুত্ৰ” আছিল। (লূক ১:৩৫; ৩:৩৮) কিন্তু, ঈশ্বৰে কোৱা এই বাক্যৰপৰা অনুমান কৰিব পাৰি যে তেওঁ কেৱল যীচুৰ পৰিচয় দিয়া নাছিল। এইদৰে কোৱা আৰু পবিত্ৰ আত্মা দিয়াৰ যোগেদি ঈশ্বৰে উনুকিয়াই দিছিল যে যীচু আধ্যাত্মিকভাৱে ঈশ্বৰৰ একমাত্ৰ পুত্ৰ হয়। “নতুনকৈ জন্ম” লৈ তেওঁ স্বৰ্গত পুনৰ উভতি যোৱাৰ আশা লাভ কৰে আৰু ঈশ্বৰে তেওঁক ৰজা আৰু মহাপুৰোহিত হিচাপে অভিষিক্ত কৰে।—যোহ ৩:৩-৬; ৬:৫১; লূক ১:৩১-৩৩ পদৰ লগত তুলনা কৰক; ইব্ৰী ২:১৭; ৫:১, ৪-১০; ৭:১-৩.
তোমাত মই পৰম সন্তুষ্ট: এই একেই বৰ্ণনা মথি ১২:১৮ পদত ব্যৱহাৰ কৰা হৈছে আৰু ইয়াত যিচ ৪২:১ পদৰ উদ্ধৃতি দিয়া আছে। এই পদত প্ৰতিজ্ঞা কৰা মচীহ বা খ্ৰীষ্টৰ বিষয়ে বৰ্ণনা কৰা হৈছে। যিহোৱা ঈশ্বৰে নিজৰ পুত্ৰৰ ওপৰত পবিত্ৰ আত্মা দিয়া আৰু তেওঁৰ বিষয়ে ঘোষণা কৰাই স্পষ্ট কৰে যে যীচুৱেই হৈছে প্ৰতিজ্ঞা কৰা মচীহ।—মথি ৩:১৭; ১২:১৮ পদৰ ওপৰত অধ্যয়নৰ টোকা চাওক।
(মাৰ্ক ২:২৭, ২৮) তেওঁ তেওঁলোকক আৰু কলে, বিশ্ৰাম-বাৰ মানুহৰ নিমিত্তেই হল; কিন্তু মানুহ বিশ্ৰাম-বাৰৰ নিমিত্তে নহল; ২৮ এই হেতুকে মানুহৰ পুত্ৰ বিশ্ৰাম-বাৰৰো অধিপতি।
মাৰ্ক ২:২৮ nwtsty অধ্যয়নৰ টোকা
বিশ্ৰাম-বাৰৰো অধিপতি: যীচুৱে নিজকে (মথি ১২:৮; লূক ৬:৫) এইদৰে কোৱাৰ যোগেদি প্ৰমাণ কৰিব বিচাৰিছিল যে বিশ্ৰাম-বাৰতো স্বৰ্গীয় পিতৃৰ কাৰ্য্য কৰাৰ তেওঁৰ অধিকাৰ আছে। (যোহ ৫:১৯; ১০:৩৭, ৩৮ পদৰ লগত তুলনা কৰক।) যীচুৱে কৰা কিছুমান আচৰিত কাৰ্য্য তেওঁ বিশ্ৰাম-বাৰৰ দিনা কৰিছিল। ইয়াত লোকসকলক সুস্থ কৰাও জড়িত আছিল। (লূক ১৩:১০-১৩; যোহ ৫:৫-৯; ৯:১-১৪) যীচুৱে ঈশ্বৰৰ ৰাজ্যৰ ৰজা হিচাপে শাসন কৰাৰ সময়ত লোকসকলৰ মাজত কেনেকৈ সকাহ আনিব, এই আচৰিত কাৰ্য্যবোৰ হৈছে ইয়াৰ এক আভাস মাথোন। তেওঁৰ ৰাজ্যত সকলোৱে বিশ্ৰাম লাভ কৰিব।—ইব্ৰী ১০:১.
বাইবেল পাঠ
(মাৰ্ক ১:১-১৫) ঈশ্বৰৰ পুত্ৰ যীচু খ্ৰীষ্টৰ শুভবাৰ্ত্তাৰ আৰম্ভণ। ২ যিচয়া ভাববাদীৰ পুথিত যেনেকৈ লিখা আছে, চোবা, মই মোৰ দূতক তোমাৰ আগত পাঁচিম, তেওঁ তোমাৰ বাট যুগুত কৰিব; ৩ অৰণ্যত ৰিঙিওৱা এজনৰ মাত এই, প্ৰভুৰ পথ যুগুত কৰা, তেওঁৰ বাট পোন কৰা; ৪ সেইদৰে অৰণ্যত বাপ্তাইজ কৰোঁতা, আৰু পাপ-মোচনৰ অৰ্থে মন-পালটনৰ বাপ্তিস্মৰ কথা ঘোষণা কৰোঁতা যোহন আছিল। ৫ তাতে গোটেই যিহূদিয়া আৰু যিৰূচালেমৰ আটাইবিলাকে তেওঁৰ ওচৰলৈ ওলাই গৈ, নিজৰ নিজৰ পাপ স্বীকাৰ কৰি, তেওঁৰ দ্বাৰাই যৰ্দ্দন নদীত বাপ্তাইজিত হল। ৬ সেই যোহনে উটৰ নোমৰ কাপোৰ আৰু কঁকালত ছালৰ টঙালি পিন্ধিছিল, কচুৱা ফৰিং আৰু হাবিৰ মৌ খাইছিল। ৭ তেওঁ ঘোষণা কৰি কলে, মোতকৈ শক্তিমান জনা মোৰ পাছত আহিছে; তেওঁৰ পাদুকাৰ বান্ধ মই তল মূৰ কৰি মেলিবৰো যোগ্য নহওঁ। ৮ মই তোমালোকক পানীত বাপ্তাইজ কৰিলোঁ; কিন্তু তেওঁ তোমালোকক পবিত্ৰ আত্মাত বাপ্তাইজ কৰিব। ৯ সেই সময়ত যীচু গালীল দেশৰ নাচৰতৰ পৰা আহি, যোহনৰ দ্বাৰাই যৰ্দ্দনত বাপ্তাইজিত হল। ১০ তেওঁ পানীৰ পৰা উঠিলতেই, আকাশ দুফাল হৈ যোৱা, আৰু কপৌৰ নিচিনা তেওঁৰ ওপৰলৈ আত্মাক নমা দেখিলে। ১১ আৰু এই আকাশী বাণী হল যে, তুমি মোৰ প্ৰিয় পুত্ৰ; তোমাত মই পৰম সন্তুষ্ট। ১২ তেতিয়াই আত্মাই তেওঁক অৰণ্যলৈ পঠাই দিলে। ১৩ সেই অৰণ্যত তেওঁ দুকুৰি দিনলৈকে বনৰীয়া জন্তুৰ লগত থাকি, চয়তানৰ দ্বাৰাই পৰীক্ষিত হল; আৰু স্বৰ্গৰ দূতবিলাকে তেওঁক শুশ্ৰূষা কৰিলে। ১৪ যোহন সমৰ্পিত হোৱাৰ পাছত যীচুৱে গালীল দেশলৈ গৈ, ঈশ্বৰৰ শুভবাৰ্ত্তা ঘোষণা কৰি কৰি কলে কাল সম্পূৰ্ণ হল; ঈশ্বৰৰ ৰাজ্য ওচৰ হল; ১৫ তোমালোকে মন পালটোৱা, আৰু শুভবাৰ্ত্তাত বিশ্বাস কৰা।
এপ্ৰিল ২৩-২৯
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | মাৰ্ক ৩-৪
“বিশ্ৰাম-বাৰত সুস্থ কৰা”
(মাৰ্ক ৩:১, ২) পাছে তেওঁ আকৌ নাম-ঘৰত সোমাল; তাত শুকাই যোৱা হাতেৰে মানুহ এজন আছিল। ২ তেওঁ তেওঁক বিশ্ৰাম-বাৰে সুস্থ কৰে নে নকৰে মানুহবিলাকে তেওঁৰ অপবাদ দিবলৈ, তেওঁলৈ চাই থাকিল।
jy ৭৮ ¶১-২
বিশ্ৰাম-বাৰত কি কৰিব পাৰি?
আন এক বিশ্ৰাম-বাৰৰ দিনা যীচুৱে গালীল নগৰত থকাৰ দৰে এখন নাম-ঘৰলৈ গৈছিল। তাত যীচুৱে সোঁ হাতখন শুকাই যোৱা এজন ব্যক্তিক লগ পায়। (লূক ৬:৬) ধৰ্ম্মগুৰু আৰু ফৰীচীসকলে যীচুৰ ওপৰত দৃষ্টি ৰাখিছিল। তেওঁলোকে এইদৰে কিয় কৰিছিল? এই লোকসকলে সোধা প্ৰশ্নৰপৰা তেওঁলোকৰ উদ্দেশ্যৰ বিষয়ে জানিব পাৰি। তেওঁলোকে এইদৰে সুধিছিল: “বিশ্ৰাম-বাৰে সুস্থ কৰিব পায় নে?”—মথি ১২:১০.
যিহুদী ধৰ্ম্মগুৰুসকলে বিশ্বাস কৰিছিল যে যদি কোনো ব্যক্তি বা জীৱ-জন্তুৰ প্ৰাণ সংকটত পৰে, তেনে পৰিস্থিতিতহে কেৱল বিশ্ৰাম-বাৰৰ দিনা চিকিৎসা কৰাৰ অনুমতি আছিল। গতিকে, যদি কাৰোবাৰ হাড় ভাঙে বা মোচোকা খায়, তেনেহʼলে বিশ্ৰাম-বাৰৰ দিনা চিকিৎসা কৰাৰ অনুমতি নাছিল, কিয়নো তেওঁলোকৰ প্ৰাণ সংকটত নাছিল। নিঃসন্দেহ, ইয়াৰপৰা বুজিব পাৰি যে ধৰ্ম্মগুৰু আৰু ফৰীচীসকলে, কষ্টত ভুগী থকা ব্যক্তিজনৰ প্ৰতি সহানুভূতি উপজি, যীচুক এই প্ৰশ্ন কৰা নাছিল। প্ৰকৃততে তেওঁলোকে যীচুক দোষাৰোপ কৰিব বিচাৰিছিল।
(মাৰ্ক ৩:৩, ৪) তেতিয়া তেওঁ সেই শুকান-হতীয়া মানুহজনক কলে, মাজত থিয় হোৱা। ৪ আৰু তেওঁ তেওঁবিলাকক সুধিলে, বিশ্ৰাম-বাৰে বেয়া কৰ্ম্ম, নে ভাল কৰ্ম্ম কৰিব পায়? আৰু নৰ-বধ কৰিব, বা প্ৰাণ-ৰক্ষা কৰিব পায়? কিন্তু তেওঁবিলাক মনে মনে থাকিল।
jy ৭৮ ¶৩
বিশ্ৰাম-বাৰত কি কৰিব পাৰি?
কিন্তু যীচুৱে তেওঁলোকৰ মনৰ কথা বুজিব পাৰিছিল। তেওঁ জানিছিল যে তেওঁলোকে বিশ্ৰাম-বাৰৰ বাবে স্থাপন কৰা নিয়মবোৰ শাস্ত্ৰৰ আধাৰত নাছিল। (যাত্ৰাপুস্তক ২০:৮-১০) যীচুৱে ইয়াৰ আগতেও ভাল কাৰ্য্য কৰাৰ বাবে এনেধৰণৰ সমালোচনাৰ সন্মুখীন হৈছিল। যীচুৱে তেওঁলোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ শুকান-হতীয়া মানুহজনক এইদৰে কৈছিল: “মাজত থিয় হোৱা।”—মাৰ্ক ৩:৩.
(মাৰ্ক ৩:৫) তেতিয়া তেওঁ তেওঁবিলাকৰ হৃদয়ৰ কঠিনতাৰ কাৰণে অসন্তোষ কৰি, খঙেৰে চাৰিওফালে তেওঁবিলাকলৈ চাই, সেই মানুহজনক কলে, তোমাৰ হাত মেলা।”
মাৰ্ক ৩:৫ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা
অসন্তোষ কৰি, খঙেৰে: ধৰ্ম্মগুৰু আৰু ফৰীচীসকলৰ হৃদয়ৰ কঠিনতা দেখি যীচুৱে কেনে প্ৰতিক্ৰিয়া দেখুৱাইছিল, তাৰ বিষয়ে কেৱল মাৰ্ক কিতাপত বৰ্ণনা কৰা হৈছে। (মথি ১২:১৩; লূক ৬:১০) পিতৰ নিজেই এজন আবেগিক ব্যক্তি আছিল আৰু তেৱেঁই হয়তো যীচুৰ অনুভূতিৰ বিষয়ে মাৰ্কক বৰ্ণনা কৰিছিল।—“মাৰ্ক কিতাপখনৰ পৰিচয়” ভিডিঅʼখন চাওক।
আধ্যাত্মিক ৰত্ন বিচাৰক
(মাৰ্ক ৩:২৯) কিন্তু যি কোনোৱে পবিত্ৰ আত্মাৰ নিন্দা কৰে, তাৰ ক্ষমা কেতিয়াও নহব; সি অনন্ত পাপৰ অপৰাধী।
মাৰ্ক ৩:২৯ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা
পবিত্ৰ আত্মাৰ নিন্দা কৰে: নিন্দা শব্দটোৰ অৰ্থ হৈছে ঈশ্বৰ বা পবিত্ৰ বিষয়বোৰৰ বিৰুদ্ধে কোৱা এনে কিছুমান কথা, যাৰ যোগেদি ঈশ্বৰৰ নাম কলংকিত আৰু অপমানিত হয়। ঈশ্বৰে নিজেই পবিত্ৰ আত্মা দিয়ে আৰু সেইবাবে, যদি জানি-শুনি আমি ইয়াৰ বিৰোধ কৰোঁ বা ইয়াৰ কাৰ্য্যবোৰ অস্বীকাৰ কৰোঁ, তেনেহʼলে ঈশ্বৰক নিন্দা কৰাৰ দৰে হয়। মথি ১২:২৪, ২৮ আৰু মাৰ্ক ৩:২২ পদৰ অনুসৰি যিহুদী ধৰ্ম্মগুৰুসকলে লক্ষ্য কৰিছিল যে পবিত্ৰ আত্মাৰ দ্বাৰা যীচুৱে আচৰিত কাৰ্য্যবোৰ সম্পন্ন কৰিছিল, তেতিয়াও তেওঁলোকে ঈশ্বৰৰ এই শক্তি, চয়তানৰ বুলি কৈছিল।
অনন্ত পাপৰ অপৰাধী: ইয়াত হয়তো জানি-শুনি কৰা এনে পাপবোৰৰ বিষয়ে বৰ্ণনা কৰিছে, যাৰ পৰিণাম হʼব অনন্ত কালৰ বিনাশ। এনেধৰণৰ পাপৰ ক্ষমাৰ বাবে কোনো বলিদানে কাৰ্য্য নকৰিব।—এই পদত অনন্ত পাপৰ অপৰাধীৰ ওপৰত অধ্যয়নৰ টোকা আৰু ইয়াৰ লগত মিল থকা মথি ১২:৩১ পদৰ ওপৰত অধ্যয়নৰ টোকা চাওক।
(মাৰ্ক ৪:২৬-২৯) তেওঁ আৰু কলে, এজন মানুহে মাটিত কঠীয়া সিচিলত, ২৭ তেওঁ ৰাতিয়ে-দিনে শোওঁতে উঠোঁতে, সেই কঠীয়া কেনেকৈ গজে আৰু বাঢ়ে, তাক নাজানে। ২৮ পৃথিবীয়ে আপোনা-আপুনি, প্ৰথমে পাত, পাছে থোৰ, তাৰ পাছে থোকত পূৰ হোৱা গুটি উৎপন্ন কৰে। ২৯ তাতে গুটি পকিলে, শস্য দাবৰ কাল উপস্থিত বুলি, তেওঁ তেতিয়াই কাচি লগায়; এনে ঈশ্বৰৰ ৰাজ্য।
w১৪ ১২/১৫ ১২-১৩ ¶৬-৮
আপুনি ‘শাস্ত্ৰৰ অৰ্থ বুজি’ পায়নে?
এই দৃষ্টান্তৰপৰা আমি কি শিকিব পাৰোঁ? প্ৰথমতে, আমি স্বীকাৰ কৰিব লাগিব যে বাইবেল বিদ্যাৰ্থীয়ে আধ্যাত্মিকভাৱে উন্নতি কৰাৰ ক্ষেত্ৰত আমাৰ কোনো নিয়ন্ত্ৰণ নাই। নম্ৰতাৰে নিজৰ কৰিবলগীয়া কামবোৰ কৰি থাকিলে, আমি এজন বিদ্যাৰ্থীক বাপ্তিষ্মা লʼবলৈ হেঁচা দিয়া বা বাধ্য কৰাৰপৰা আঁতৰি থাকিবলৈ সক্ষম হʼম। এইটো সঁচা যে আমি ব্যক্তিজনক সহায়-সহযোগিতা আগবঢ়াব পাৰোঁ। কিন্তু তেওঁ নিজৰ জীৱন ঈশ্বৰক সমৰ্পণ কৰিব নে নকৰে, তাৰ নিৰ্ণয় নিজে লʼব। যিহোৱা ঈশ্বৰে এনে লোকসকলৰ সমৰ্পণ গ্ৰহণ কৰিব, যিয়ে নিজৰ হৃদয়ৰপৰা তেওঁক প্ৰেম কৰে। যদি এইদৰে নহয়, তেনেহʼলে যিহোৱা ঈশ্বৰে সেই সমৰ্পণ গ্ৰহণ নকৰে।—গীত. ৫১:১২; ৫৪:৬; ১১০:৩.
দ্বিতীয়তে, যদি আমি এই দৃষ্টান্তৰ আঁৰত থকা শিক্ষাক বুজি পাওঁ, তেনেহʼলে আমাৰ পৰিশ্ৰমৰ কোনো ভাল পৰিণাম দেখা নাপালেও আমি নিৰুৎসাহ নহʼম। ইয়াৰ বাবে আমাক ধৈৰ্য্য ধৰাৰ প্ৰয়োজন আছে। (যাকো. ৫:৭, ৮) বিদ্যাৰ্থীজনক সহায় কৰাৰ সত্ত্বেও যদি কোনো ভাল পৰিণাম দেখা পোৱা নাযায়, তেনেহʼলে ইয়াৰ অৰ্থ এইটো নহয় যে আপুনি এজন ভাল শিক্ষক নহয়। যিহোৱা ঈশ্বৰে কেৱল এনে লোকৰ হৃদয়তহে সত্যৰ বীজ বৃদ্ধি হোৱাত সহায় কৰে, যিসকলে নিজকে পৰিৱৰ্তন কৰিবলৈ ইচ্ছুক। (মথি ১৩:২৩) সেইবাবে, আমি কেৱল পৰিণাম দেখিহে, আমাৰ ঘোষণা কাৰ্য্য প্ৰভাৱশালী হৈছে নে নাই, তাৰ বিচাৰ কৰা উচিত নহয়। আমি শিকোৱা লোকসকলে কিমান উন্নতি কৰিছে, তাৰ পৰিণামৰ ওপৰত যিহোৱা ঈশ্বৰে আমাৰ ঘোষণা কাৰ্য্যৰ নিৰ্ণয় নকৰে। ইয়াৰ বিপৰীতে, আমাৰ পৰিশ্ৰমে যিয়ে পৰিণাম নানক কিয়, ঈশ্বৰে তাক মূল্যাংকন কৰে।—লূক ১০:১৭-২০; ১ কৰিন্থীয়া ৩:৮ পঢ়ক।
তৃতীয়তে, এজন ব্যক্তিৰ জীৱনত কি কি পৰিৱৰ্তন ঘটিছে, আমি তাক সদায় বুজিব নোৱাৰোঁ। উদাহৰণস্বৰূপে, এহাল দম্পতীয়ে এজন মিছনাৰীৰ লগত বাইবেলৰপৰা অধ্যয়ন কৰিছিল। তেওঁলোকে নিছনাৰীজনক কৈছিল যে তেওঁলোকে বাপ্তিষ্মা লʼব বিচাৰে। মিছনাৰীজনে সেই দম্পতীহালক মনত পেলায় দিছিল যে বাপ্তিষ্মা লʼবলৈ হʼলে তেওঁলোকে চিগাৰেট সেৱন কৰা ত্যাগ দিব লাগিব। কিন্তু তেওঁলোকে কৈছিল কেইমাহ মানৰ আগতে তেওঁলোকে চিগাৰেট সেৱন কৰিবলৈ ত্যাগ দিছে। এই উত্তৰ শুনি মিছনাৰী ভাইজনে আচৰিত হৈছিল। তেওঁলোকে কিয় এই নিৰ্ণয় লʼবলৈ সক্ষম হৈছিল? তেওঁলোকে বুজিবলৈ সক্ষম হৈছিল যে যদি তেওঁলোকে গুপুতে চিগাৰেট সেৱন কৰে, তেনেহʼলে যিহোৱা ঈশ্বৰে লক্ষ্য কৰিব আৰু তেওঁ কপটীয়া লোকক ঘিণ কৰে। সেইবাবে, দম্পতীহালে নিৰ্ণয় লৈছিল যে তেওঁলোকে মিছনাৰীজনৰ সন্মুখতে চিগাৰেট সেৱন কৰিব নতুবা একেবাৰে বন্ধ কৰি দিব। যিহোৱাৰ প্ৰতি থকা প্ৰেমে তেওঁলোকক সঠিক নিৰ্ণয় লʼবলৈ সহায় কৰিছিল। এই দম্পতীহালে কৰা পৰিৱৰ্তনৰ বিষয়ে মিছনাৰীজনে জনা নাছিল, কিন্তু তেওঁলোকে আধ্যাত্মিকভাৱে উন্নতি কৰি গৈছিল।
বাইবেল পাঠ
(মাৰ্ক ৩:১-১৯) পাছে তেওঁ আকৌ নাম-ঘৰত সোমাল; তাত শুকাই যোৱা হাতেৰে মানুহ এজন আছিল। ২ তেওঁ তেওঁক বিশ্ৰাম-বাৰে সুস্থ কৰে নে নকৰে মানুহবিলাকে তেওঁৰ অপবাদ দিবলৈ, তেওঁলৈ চাই থাকিল। ৩ তেতিয়া তেওঁ সেই শুকান-হতীয়া মানুহজনক কলে, মাজত থিয় হোৱা। ৪ আৰু তেওঁ তেওঁবিলাকক সুধিলে, বিশ্ৰাম-বাৰে বেয়া কৰ্ম্ম, নে ভাল কৰ্ম্ম কৰিব পায়? আৰু নৰ-বধ কৰিব, বা প্ৰাণ-ৰক্ষা কৰিব পায়? কিন্তু তেওঁবিলাক মনে মনে থাকিল। ৫ তেতিয়া তেওঁ তেওঁবিলাকৰ হৃদয়ৰ কঠিনতাৰ কাৰণে অসন্তোষ কৰি, খঙেৰে চাৰিওফালে তেওঁবিলাকলৈ চাই, সেই মানুহজনক কলে, তোমাৰ হাত মেলা। ৬ তাতে তেওঁ হাত মেলিলত, সেইখন সুস্থ হল। পাছে ফৰীচীবিলাকে বাহিৰলৈ গৈ, কেনেকৈ তেওঁক বিনষ্ট কৰিব পাৰে, হেৰোদীয়া মানুহে সৈতে তেতিয়াই তেওঁৰ বিৰুদ্ধে তাৰ মন্ত্ৰণা কৰিলে। ৭ পাছে যীচু নিজৰ শিষ্যবিলাকে সৈতে সাগৰৰ ওচৰলৈ গল; ৮ তাতে গালীলৰ পৰা এক বৰ লোকসমূহ তেওঁৰ পাছে পাছে গল; আৰু যিহূদিয়াৰ, যিৰুচালেমৰ, ইদোমৰ, যৰ্দ্দনৰ সিপাৰৰ, তূৰ আৰু চিদোনৰ ওচৰৰ এক বৰ লোকসমূহে তেওঁ কৰা সকলো কৰ্ম্মৰ কথা শুনি, তেওঁৰ ওচৰলৈ আহিল। ৯ তেতিয়া লোকসমূহে যাতে তেওঁক হেঁচা-হেঁচি কৰি ধৰিব নোৱাৰে, সেই বাবে এখন নাও যেন তেওঁৰ ওচৰত ৰাখে, তেওঁ নিজৰ শিষ্যবিলাকক এনে আজ্ঞা দিলে; ১০ কিয়নো তেওঁ অনেকক সুস্থ কৰাত, ব্যাধিয়ে ধৰা সকলোৱেই তেওঁক চুবলৈ হেঁচা-হেঁচি কৰি আছিল। ১১ আৰু অশুচি আত্মাবোৰে তেওঁক দেখিলেই, আগত পৰি ৰিঙিয়াই কয়, আপুনি ঈশ্বৰৰ পুত্ৰ। ১২ কিন্তু তেওঁক প্ৰকাশ কৰিবলৈ, তেওঁ সিহঁতক দৃঢ়কৈ নিষেধ কৰিলে। ১৩ পাছে তেওঁ পৰ্ব্বতত উঠি, যিবিলাকক ইচ্ছা কৰিলে, তেওঁলোকক মাতিলে, আৰু তেওলোক তেওঁৰ ওচৰলৈ গল। ১৪ তেতিয়া তেওঁৰ লগত তেওঁলোক থাকিবলৈ, আৰু ঘোষণা কৰিবলৈ তেওঁলোকক পঠাবৰ বাবে, ১৫ আৰু তেওঁলোকে ভূত খেদাবলৈ ক্ষমতা পাবৰ কাৰণে, ১৬ তেওঁ বাৰ জনক নিযুক্ত কৰিলে। ১৭ পিতৰ, (এই উপনাম তেওঁ চিমোনক দিলে) চিবদিয়ৰ পুতেক যাকোব আৰু যাকোবৰ ভায়েক যোহন, (এই দুজনক বনেৰগচ্, অৰ্থাৎ মেঘ-গৰ্জ্জনৰ পুতেক, এই উপনাম দিলে)। ১৮ আন্দ্ৰিয়, ফিলিপ, বাৰ্থলময়, মথি, থোমা, আল্ফয়ৰ পুতেক যাকোব, থদ্দেয়, কনানী চিমোন, ১৯ আৰু তেওঁক শত্ৰুৰ হাতত শোধাই দিয়া ঈষ্কৰিয়োতীয়া যিহূদা, এই বাৰ জনক তেওঁ নিযুক্ত কৰিলে।
এপ্ৰিল ৩০–মে’ ৬
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | মাৰ্ক ৫-৬
“আমাৰ মৃত আপোনজনাক পুনৰুত্থান কৰাৰ শক্তি যীচুৰ আছে”
(মাৰ্ক ৫:৩৮) তেওঁলোক নাম-ঘৰৰ গৰাকীৰ ঘৰলৈ আহিলত, কন্দা-কটা, অথাৎ ক্ৰন্দন আৰু বৰ বিলাপ কৰাবোৰক তেওঁ দেখিলে।
(মাৰ্ক ৫:৩৯-৪১) পাছে তেওঁ ভিতৰলৈ সোমাই, তেওঁলোকক কলে, তোমালোকে কিয় কন্দা-কটা, আৰু ক্ৰন্দন কৰিছা? ৪০ ছোৱালীটী মৰা নাই, টোপনিতে আছে। তাতে তেওঁলোকে তেওঁক হাঁহিলে। কিন্তু তেওঁ সকলোকে বাহিৰ কৰি, ছোৱালীটীৰ মাক-বাপেক আৰু তেওঁৰ সঙ্গীবিলাকক লগত লৈ, যি ঠাইত ছোৱালীটী আছিল, সেই ঠাইত সোমালগৈ। ৪১ পাছে তেওঁ ছোৱালীটীৰ হাতত ধৰি তাইক কলে, টালিথা কুমী; অৰ্থাৎ আইটি, মই তোমাক কওঁ, উঠা।
মাৰ্ক ৫:৪০ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা
ছোৱালীটী মৰা নাই, টোপনিতে আছে: বাইবেলত মৃত্যুক প্ৰায়ে টোপনিৰ লগত তুলনা কৰা হৈছে। (গীত ১৩:৩; যোহ ১১:১১-১৪; পাঁচ ৭:৬০; ১কৰি ৭:৩৯; ১৫:৫১; ১থিচ ৪:১৩) যীচুৱে যিহেতু ছোৱালীজনীক পুনৰ জীয়াই তুলিবলগীয়া আছিল, সেইবাবে হয়তো তেওঁ এইদৰে কৈছিল। যীচুৱে দেখুৱাব বিচাৰিছিল যে গভীৰ টোপনিৰপৰা যেনেকৈ এজন ব্যক্তিক জগাব পাৰি, ঠিক সেইদৰে মৃত লোকসকলক পুনৰ জীয়াই তোলা হʼব। ছোৱালীজনীক পুনৰুত্থান কৰাৰ শক্তি যীচুৱে নিজৰ পিতৃৰপৰা লাভ কৰিছিল, যিজনা “মৃতবিলাকক জীৱন দিওঁতা, আৰু থকাৰ দৰে নথকাবোৰক সম্বোধন কৰোঁতা” ঈশ্বৰ।—ৰোম ৪:১৭.
(মাৰ্ক ৫:৪২) তেতিয়াই সেই ছোৱালীটীয়ে উঠি, খোজ কাঢ়িলে; কিয়নো তাইৰ বয়স বাৰ বছৰ হৈছিল। তাতে তেওঁলোকে অতিশয় বিস্ময় মানিলে।
jy ১১৮ ¶৬
ছোৱালীজনীয়ে পুনৰ জীৱন লাভ কৰে!
এই ঘটনাৰ আগতে, যীচুৱে লোকসকলক সুস্থ কৰাৰ বিষয়ে আনক কʼবলৈ মানা কৰিছিল। যীচুৱে ছোৱালীজনীৰ পিতৃ-মাতৃকো ইয়াৰ বিষয়ে কʼবলৈ মানা কৰিছিল। কিন্তু, পিতৃ-মাতৃ আৰু আন লোকসকলে ইয়াৰ বিষয়ে “গোটেইখন দেশতে” জনালে। (মথি ৯:২৬) যদি আপোনাৰ কোনোবা আপোনজনাক মৃত্যুৰপৰা জীয়াই তোলা হয়, তেনেহʼলে আপুনিও এইদৰে নকৰিবনে? যীচুৱে পুনৰুত্থান কৰা এয়াই হৈছে দ্বিতীয় ঘটনা।
আধ্যাত্মিক ৰত্ন বিচাৰক
(মাৰ্ক ৫:১৯, ২০) কিন্তু তেওঁ তাক অনুমতি নিদি কলে, তুমি নিজৰ ঘৰলৈ আত্মীয়বিলাকৰ ওচৰলৈ যোৱা, আৰু প্ৰভুৱে তোমাক দয়া কৰি, তোমালৈ কেনে মহৎ কৰ্ম্ম কৰিলে, তাৰ সম্বাদ তেওঁলোকক দিয়াগৈ। ২০ তেতিয়া তেওঁ তাৰ পৰা গৈ, যীচুৱে তেওঁলৈ যি মহৎ কৰ্ম্ম কৰিলে, তাক দিকাপলি দেশত ঘোষণা কৰিবলৈ ধৰিলে। তাতে সকলোৱে বিস্ময় মানিলে।
মাৰ্ক ৫:১৯ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা
সম্বাদ তেওঁলোকক দিয়াগৈ: যীচুৱে নিজে কৰা আচৰিত কৰ্ম্মবোৰৰ বিষয়ে আনক কʼবলৈ প্ৰায়ে মানা কৰিছিল। (মাৰ্ক ১:৪৪; ৩:১২; ৭:৩৬) কিন্তু যীচুৱে এই আচৰিত কৰ্ম্মৰ বিষয়ে ব্যক্তিজনক নিজৰ সম্বন্ধীয় লোকক কʼবলৈ নিৰ্দেশনা দিছিল। যীচুক সেই ঠাইৰপৰা হয়তো যাবলৈ কোৱা হৈছিল আৰু সেইবাবে তেওঁ ব্যক্তিগতভাৱে লোকসকলক সাক্ষী দিব নোৱাৰিব। ইয়াৰ উপৰিও, গাহৰিজাক বিনাশ হোৱাৰ বিষয়ে এক ভুল ধাৰণা বিয়পি পৰাত বন্ধ কৰিবলৈ হয়তো যীচুৱে এইদৰে কৈছিল।
(মাৰ্ক ৬:১১) কিন্তু যি ঠাইত তোমালোকক গ্ৰাহ্য নকৰে, আৰু মানুহবিলাকে তোমালোকৰ কথা নুশুনে, তাৰ পৰা ওলাই যাওঁতে, তেওঁবিলাকলৈ সাক্ষ্য হবলৈ, তোমালোকৰ ভৰি-তলুৱাৰ ধূলিও জোকাৰি পেলাবা।
মাৰ্ক ৬:১১ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা
তোমালোকৰ ভৰি-তলুৱাৰ ধুলিও জোকাৰি পেলাবা: এনেধৰণৰ কাৰ্য্যই চিত্ৰিত কৰে যে ঈশ্বৰে লোকসকলক যি বিচাৰ কৰিব, তাৰ বাবে শিষ্যসকল দায়ী নহয়। সেই একেই বৰ্ণনা মথি ১০:১৪ আৰু লূক ৯:৫ পদত দেখিবলৈ পোৱা যায়। এই বাক্যৰ উপৰিও মাৰ্ক আৰু লূক নামৰ শুভবাৰ্ত্তাৰ লেখককেইজনে সকলোবিলাকৰ [বা, “অহিতে”] সাক্ষ্যৰ অৰ্থে বুলিও লিখিছিল। পৌল আৰু বাৰ্ণব্বাই এই নিৰ্দেশনা পিচিদিয়া দেশৰ আন্তিয়খিয়া নগৰত পালন কৰিছিল। (পাঁচ ১৩:৫১) কৰিন্থ চহৰত থকাৰ সময়ত পৌলে এই নিৰ্দেশনাৰ দৰে কাৰ্য্য কৰিছিল। তেওঁ কাপোৰ জোকাৰি এইদৰে কৈছিল: “তোমালোকৰ তেজ তোমালোকৰ মূৰত থাকক; মই শুচি।” (পাঁচ ১৮:৬) এনেধৰণৰ কাৰ্য্যৰ বিষয়ে হয়তো শিষ্যসকলে ভালদৰে পৰিচিত আছিল। নিজকে ধাৰ্ম্মিক বুলি গণ্য কৰা যিহূদীসকলে, যেতিয়া যিহুদী নোহোৱা লোকসকলৰ দেশৰ মাজেৰে যাত্ৰা কৰিছিল, তেতিয়া তেওঁলোকে নিজৰ দেশত সোমোৱাৰ আগতে ভৰিত লাগি থকা ধূলি জোকাৰি দিছিল। তেওঁলোকে সেই দেশৰ ধূলি অশুচি বুলি ভাবিছিল। কিন্তু যীচুৱে যেতিয়া এই নিৰ্দেশনা নিজৰ শিষ্যসকলক দিছিল, তেতিয়া এনেধৰণৰ কোনো ভাব তেওঁৰ মনত নাছিল।
বাইবেল পাঠ
(মাৰ্ক ৬:১-১৩) পাছে তেওঁ সেই ঠাইৰ পৰা ওলাই, নিজ দেশলৈ আহিল; আৰু তেওঁৰ শিষ্যবিলাকো তেওঁৰ পাছে পাছে আহিল। ২ তেতিয়া বিশ্ৰাম-বাৰ হলত, তেওঁ নাম-ঘৰত উপদেশ দিবলৈ ধৰিলে। তাতে অনেকে শুনি বিস্ময় মানি কলে, এই মানুহৰ এইবোৰ কʼৰ পৰা হল? ইয়াক দিয়া জ্ঞান কেনেকুৱা? আৰু ইয়াৰ হাতৰ দ্বাৰাই যে এইৰূপ পৰাক্ৰম কাৰ্য্যবোৰ সাধিত হয়, এয়ে নো কি? ৩ ই সেই বাঢ়ৈ নহয় নে? মৰিয়মৰ পুতেক, আৰু যাকোব, যোচি, যিহূদা, আৰু চিমোনৰ ককায়েক নহয় নে? ইয়াৰ ভনীয়েকহঁতো আমাৰ ইয়াত নাই নে? এইদৰে তেওঁবিলাকে তেওঁত বিঘিনি পালে। ৪ তেতিয়া যীচুৱে তেওঁবিলাকক কলে, আপোন দেশ, আপোন জাতি, আপোন ঘৰত বাজে, আন কতো ভাববাদী মৰ্য্যাদাহীন নহয়। ৫ তাতে তেওঁ কেতবিলাক নৰিয়াৰ গাত হাত দি, তেওঁলোকক সুস্থ কৰাত বাজে; সেই ঠাইত আন একো পৰাক্ৰম-কাৰ্য্য কৰিব নোৱাৰিলে; ৬ আৰু তেওঁবিলাকৰ অবিশ্বাসৰ কাৰণে তেওঁ বিস্ময় মানিলে। পাছে তেওঁ চাৰিওফালৰ গাৱেঁ গাৱেঁ ফুৰি উপদেশ দিলে। ৭ আৰু তেওঁ সেই বাৰ জন পাঁচনিক ওচৰলৈ মাতি, দুজন দুজনকৈ তেওঁলোকক পঠাবলৈ ধৰিলে, আৰু তেওঁলোকক অশুচি আত্মাবোৰৰ ওপৰত ক্ষমতা দি, এই আদেশ দিলে, ৮ তোমালোকে বাটৰ নিমিত্তে কেৱল লাখুটিত বাজে, পিঠা বা জোলোঙা বা টঙালিত পইচা, এইবোৰৰ একোকে নলবা; ৯ কিন্তু ফানটি পিন্ধিবা; আৰু চোলা দুটা নিপিন্ধিবা। ১০ তেওঁ তেওঁলোকক আৰু কলে, তোমালোকে যʼতে যি ঘৰত সোমোৱা, তাৰ পৰা ওলাই নোযোৱামানে, তাতে থাকিবা। ১১ কিন্তু যি ঠাইত তোমালোকক গ্ৰাহ্য নকৰে, আৰু মানুহবিলাকে তোমালোকৰ কথা নুশুনে, তাৰ পৰা ওলাই যাওঁতে, তেওঁবিলাকলৈ সাক্ষ্য হবলৈ, তোমালোকৰ ভৰি-তলুৱাৰ ধূলিও জোকাৰি পেলাবা। ১২ পাছে তেওঁলোকে ওলাই গৈ, মানুহবিলাকে মন পালটাবলৈ প্ৰচাৰ কৰিলে; ১৩ অনেকে ভূত খেদালে, আৰু অনেকে নৰিয়াৰ গাত তেল ঘঁহি, তেওঁবিলাকক সুস্থ কৰিলে।