মে’—জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা
মে’ ৭-১৩
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | মাৰ্ক ৭-৮
“নিজৰ ক্ৰুচ তুলি লৈ মোৰ পাছে পাছে আহক”
(মাৰ্ক ৮:৩৪) পাছে তেওঁ নিজৰ শিষ্যবিলাকে সৈতে লোকসমূহক ওচৰলৈ মাতি কলে, কোনোৱে যদি মোৰ পাছত আহিবলৈ ইচ্ছা কৰে, তেওঁ নিজকে নিজে দমন কৰক, আৰু নিজৰ ক্ৰুচ তুলি লৈ মোৰ পাছে পাছে আহক।
মাৰ্ক ৮:৩৪ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা
নিজকে নিজে দমন কৰক: অথবা “নিজৰ সকলো অধিকাৰ ত্যাগ কৰক।” ইয়াৰ অৰ্থ হৈছে, এজন ব্যক্তিয়ে নিজৰ অধিকাৰ ইচ্ছাকৃতভাৱে ত্যাগ কৰা বা সম্পূৰ্ণৰূপে ঈশ্বৰক নিজৰ ওপৰত অধিকাৰ চলাবলৈ দিয়া। ইয়াত ব্যক্তিগত ইচ্ছা, আকাংক্ষা অথবা সা-সুবিধাক অস্বীকাৰ কৰা জড়িত আছে। (২কৰি ৫:১৪, ১৫) গ্ৰীক ভাষাৰ যি ক্ৰিয়াপদ ইয়াত ব্যৱহাৰ কৰা হৈছে, সেই একেই ক্ৰিয়া, পিতৰে যীচুক চিনাক্ত কৰিবলৈ অস্বীকাৰ কৰা পদবোৰত মাৰ্কে ব্যৱহাৰ কৰিছিল।—মাৰ্ক ১৪:৩০, ৩১, ৭২.
w৯২ ১১/১ ১৭ ¶১৪
আপুনি জীৱনৰ দৌৰত কেনেকৈ দৌৰি আছে?
যীচুৱে নিজৰ শিষ্য আৰু আন লোকসকলক এইদৰে কৈছিল: “কোনোৱে যদি মোৰ পাছত আহিবলৈ ইচ্ছা কৰে, তেওঁ নিজকে নিজে দমন কৰক, (বা “তেওঁ নিজকে নিজে ‘অস্বীকাৰ’ কৰা উচিত,” চাৰ্লচ বি. উইলিয়ামচ্) আৰু নিজৰ ক্ৰুচ তুলি লৈ মোৰ পাছে পাছে একেৰাহে আহক।” (মাৰ্ক ৮:৩৪, NW ) যেতিয়া আমি এই নিমন্ত্ৰণ গ্ৰহণ কৰোঁ, তেতিয়া আমি “একেৰাহে” নিজৰ ক্ৰুচ তুলি লৈ যীচুৰ পাছে পাছে যাবলৈ সাজু থকা উচিত। এই আত্মত্যাগ আমি কোনো বিশেষ পুৰস্কাৰ লাভ কৰাৰ বাবে নকৰোঁ। কিন্তু যদি আমি ক্ষন্তেকৰ বাবেও অসতৰ্ক হওঁ বা সঠিক নিৰ্ণয় লোৱাত বিফল হওঁ, তেনেহʼলে আমাৰ সকলো পৰিশ্ৰম অথলে যাব। আনকি আমাৰ বাবে থকা অনন্ত জীৱনৰ সুন্দৰ আশাও হেৰুৱাবলগীয়া হʼব পাৰে। আধ্যাত্মিকভাৱে আগবাঢ়ি যাবলৈ অশেষ পৰিশ্ৰম কৰাৰ প্ৰয়োজন, কিন্তু সতৰ্ক হৈ নাথাকিলে এই পৰিশ্ৰম অসাৰ হৈ পৰিব!
(মাৰ্ক ৮:৩৫-৩৭) কিয়নো যি কোনোৱে নিজৰ প্ৰাণ ৰক্ষা কৰিব খোজে, তেওঁ তাক হেৰুৱাব; কিন্তু যি কোনোৱে মোৰ আৰু শুভবাৰ্ত্তাৰ নিমিত্তে নিজৰ প্ৰাণ হেৰুৱায়, তেওঁ তাক ৰক্ষা কৰিব। ৩৬ কাৰণ কোনো এজন মানুহে গোটেইখন জগত পাই, নিজৰ প্ৰাণ হেৰুৱালে, তেওঁৰ কি লাভ? ৩৭ কিয়নো মানুহে আপোন প্ৰাণৰ সলনি কি দিব পাৰে?
w০৮ ১০/১৫ ২৫-২৬ ¶৩-৪
অনন্তকাল জীয়াই থাকিবলৈ আপুনি কি ত্যাগ কৰিব?
সেই সময়তেই যীচুৱে দুটা গুৰুত্বপূৰ্ণ প্ৰশ্ন সুধিছিল: “কোনো এজন মানুহে গোটেইখন জগত পাই, নিজৰ প্ৰাণ হেৰুৱালে, তেওঁৰ কি লাভ?” আৰু “মানুহে আপোন প্ৰাণৰ সলনি কি দিব পাৰে?” (মাৰ্ক ৮:৩৬, ৩৭) মানুহৰ দৃষ্টিত প্ৰথম প্ৰশ্নটোৰ উত্তৰ স্পষ্ট। এজন ব্যক্তিয়ে যদি গোটেই জগত জয় কৰি নিজৰ প্ৰাণ হেৰুৱায়, তেনেহʼলে তেওঁৰ কোনো লাভ নাই। কিয়নো নিজৰ ধন-সম্পত্তি ব্যৱহাৰ কৰি আনন্দ উপভোগ কৰিবলৈ তেওঁ জীৱিত থকাৰ প্ৰয়োজন। “মানুহে আপোন প্ৰাণৰ সলনি কি দিব পাৰে?” যীচুৰ এই দ্বিতীয় প্ৰশ্নটোৱে হয়তো শ্ৰোতাসকলক চয়তানে ইয়োবক কৰা দাবীৰ বিষয়ে সোঁৱৰাই দিছিল: “প্ৰাণৰ অৰ্থে মানুহে সৰ্ব্বস্ব দিব।” (ইয়োব ২:৪) নিঃসন্দেহ, যিসকল লোকে যিহোৱা ঈশ্বৰৰ উপাসনা নকৰে, তেওঁলোকৰ বাবে চয়তানৰ এই দাবী সঁচা যেন লাগিব পাৰে। প্ৰায়ভাগ লোকে জীয়াই থকাৰ বাবে যিকোনো কাৰ্য্য কৰিবলৈ আৰু যিকোনো নৈতিক সিদ্ধান্ত উলংঘন কৰিবলৈ সাজু থাকে। কিন্তু সত্য খ্ৰীষ্টানসকলে এই বিষয়বোৰ বেলেগ দৃষ্টিভংগীৰে চায়।
আমি জানোঁ যে যীচুৱে আমাক এই জগতত সু-স্বাস্থ্য, ধন-সম্পত্তি আৰু দীঘলীয়া জীৱন দিবলৈ অহা নাছিল। কিন্তু নতুন পৃথিৱীত অনন্তকাল জীয়াই থকাৰ বাবে আশা দিবলৈ তেওঁ আহিছিল আৰু আমাৰ বাবে এয়া এক বহুমূলীয়া আশা। (যোহন ৩:১৬) এজন খ্ৰীষ্টানে যীচুৰ প্ৰশ্নটোৰ অৰ্থ হয়তো এইদৰে বুজিব পাৰে: “কোনো এজন মানুহে গোটেইখন জগত পাই, নিজৰ প্ৰাণ হেৰুৱালে, তেওঁৰ কি লাভ?” উত্তৰ হৈছে, তেওঁৰ কোনো লাভ নহʼব। (১ যোহন ২:১৫-১৭) যীচুৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰ জানিবলৈ আমি নিজকে নিজে এইদৰে সুধিব পাৰোঁ: ‘নতুন পৃথিৱীত জীয়াই থকাৰ আশাক নিশ্চিত কৰাৰ বাবে মই আজি কি কি ত্যাগ কৰিবলৈ সাজু আছোঁ?’ আমি যিদৰে জীৱন অতিবাহিত কৰোঁ, তাৰ দ্বাৰা এই প্ৰশ্নৰ উত্তৰ পোৱা যাব আৰু ইয়ে প্ৰমাণ কৰিব যে অনন্ত জীৱনৰ আশা আমাৰ মনত কিমান দৃঢ়কৈ খোপনি পুতিছে।—যোহন ১২:২৫ পদৰ লগত তুলনা কৰক।
(মাৰ্ক ৮:৩৮) কাৰণ এই কালৰ ব্যভিচাৰী আৰু পাপী লোকৰ আগত, যি কোনোৱে মোত আৰু মোৰ কথাত লাজ পায়, মানুহৰ পুত্ৰ যেতিয়া দূতবিলাকে সৈতে তেওঁৰ পিতৃৰ প্ৰভাৱেৰে আহিব, তেতিয়া তেৱোঁ সেই মানুহত লাজ পাব।
jy ১৪৩ ¶৪
মানুহৰ পুত্ৰ কোন হয়?
যীচুৰ অনুমোদন লাভ কৰাৰ বাবে শিষ্যসকল সাহসী হোৱা উচিত আৰু আত্মত্যাগৰ মনোভাৱ দেখুৱা উচিত। যীচুৱে কৈছিল: “এই কালৰ ব্যভিচাৰী আৰু পাপী লোকৰ আগত, যি কোনোৱে মোত আৰু মোৰ কথাত লাজ পায়, মানুহৰ পুত্ৰ যেতিয়া দূতবিলাকে সৈতে তেওঁৰ পিতৃৰ প্ৰভাৱেৰে আহিব, তেতিয়া তেৱোঁ সেই মানুহত লাজ পাব।” (মাৰ্ক ৮:৩৮) গতিকে, আমি মনত ৰাখিব পাৰোঁ যে যেতিয়া যীচু খ্ৰীষ্ট আহিব, “তেওঁ তেতিয়া প্ৰতিজনক নিজৰ কৰ্ম্মৰ অনুসাৰে প্ৰতিদান দিব।”—মথি ১৬:২৭.
আধ্যাত্মিক ৰত্ন বিচাৰক
(মাৰ্ক ৭:৫-৮) তেতিয়া ফৰীচী আৰু অধ্যাপকসকলে তেওঁক সুধিলে, তোমাৰ শিষ্যবিলাকে বৃদ্ধসকলৰ পুৰুষে পুৰুষে চলি অহা বিধিৰ দৰে আচৰণ নকৰি, অশুচি হাতেৰে কিয় ভোজন কৰে? ৬ তাতে তেওঁ তেওঁলোকক কলে, তোমালোক কপটীয়াবিলাকৰ বিষয়ে যিচয়াই ভালকৈয়ে ভাবোক্তি প্ৰচাৰ কৰিলে; যেনে লিখা আছে, এই মানুহবিলাকে ওঁঠেৰ মোক সন্মান কৰে, কিন্তু তেওঁবিলাকৰ অন্তৰ মোৰ পৰা দূৰৈত থাকে। ৭ আৰু মানুহৰ বিধিবোৰ উপদেশ বুলি শিকাই, তেওঁবিলাকে অনৰ্থকৰূপে মোক ভক্তি কৰে। ৮ তোমালোকে ঈশ্বৰৰ আজ্ঞা এৰি, মানুহবিলাকৰ পুৰুষে পুৰুষে চলি অহা বিধি মানিছা।
w১৬.০৮ ৩০ ¶১-৪
পাঠকসকলৰ প্ৰশ্ন
ফৰীচী আৰু অধ্যাপকসকলৰ বাবে হাত ধোৱা কথাটো কিয় এক গুৰুত্বপূৰ্ণ বিষয় আছিল?
বিৰোধীসকলে যীচু আৰু তেওঁৰ শিষ্যসকলৰ ওপৰত দোষাৰূপ কৰাৰ বাবে উত্থাপন কৰা বিষয়বোৰৰ ভিতৰত ইয়ো এটা বিষয় আছিল। এজন ব্যক্তিক অশুচি কৰিব পৰা এনে বহুতো বিষয় মোচিৰ নিয়মত বৰ্ণনা কৰা হৈছে। উদাহৰণস্বৰূপে, গাৰপৰা কিবা বৈ থকা ৰোগ, কুষ্ঠৰোগ অথবা মানুহ আৰু জীৱ-জন্তুৰ মৃতদেহ স্পৰ্শ কৰিলে এজন ব্যক্তি অশুচি হʼব পাৰে। ইয়াৰ উপৰিও, অশুচি অৱস্থাৰপৰা কেনেকৈ সুস্থ হʼব পাৰি, তাৰ বিষয়ে মোচিৰ নিয়মত উল্লেখ কৰা হৈছে। উদাহৰণস্বৰূপে, এজন ব্যক্তিয়ে বলিদান দিয়াৰ দ্বাৰা, স্নান কৰাৰ দ্বাৰা বা পানী চটিয়াই শুচি হʼব পাৰে।—লেবী. ১১-১৫ অধ্যায়; গণ. ১৯ অধ্যায়।
যিহুদী ৰব্বি বা ধৰ্ম্মগুৰুসকলে মোচিয়ে দিয়া নিয়মবোৰৰ লগত নিজে বনোৱা আন কিছুমান নিয়মো জড়িত কৰিছিল। এটা লিখনিত বৰ্নণা কৰা অনুসৰি ৰব্বিসকলে আৰু বহুতো নিয়ম নিজে বনাইছিল। তাত উল্লেখ কৰা হৈছিল যে এজন ব্যক্তিক কি কি পৰিস্থিতিয়ে অশুচি কৰিব পাৰে আৰু ইয়ে কেনেকৈ এজনৰপৰা আন এজনলৈ বিয়পিব পাৰে। ইয়াৰ উপৰিও, ৰব্বিসকলে বনোৱা নিয়মত উল্লেখ কৰা হৈছিল যে কেনেধৰণৰ পাত্ৰ বা সঁজুলি অশুচি হʼব পাৰে বা অশুচি হʼব নোৱাৰে। অশুচিক শুচি কৰিবলৈ কি কি ৰীতি-নীতি পালন কৰা উচিত, তাৰ বিষয়েও ইয়াত উল্লেখ কৰা হৈছিল।
যীচুৰ বিৰোধীসকলে তেওঁক সুধিছিল: “তোমাৰ শিষ্যবিলাকে বৃদ্ধসকলৰ পুৰুষে পুৰুষে চলি অহা বিধিৰ দৰে আচৰণ নকৰি, অশুচি হাতেৰে কিয় ভোজন কৰে?” (মাৰ্ক ৭:৫) আচলতে, সেই ধৰ্ম্মগুৰুসকলে সু-স্বাস্থ্যৰ বাবে খোৱা-বোৱাৰ আগত হাত ধোৱাৰ বিষয়ে কোৱা নাছিল। কিন্তু তেওঁলোকে ভোজন কৰাৰ আগতে এজন ব্যক্তিৰ হাতত পানী ঢালি দিয়াৰ নিয়ম বনাইছিল। ওপৰত উল্লেখ কৰা লিখনিয়ে আগলৈ এইদৰে বৰ্ণনা কৰে: “ইয়াৰ বিষয়েও আলোচনা কৰা হৈছিল যে কেনেধৰণৰ পাত্ৰ আৰু কেনেধৰণৰ পানী ব্যৱহাৰ কৰা উচিত, কোনে পানী ঢালিব আৰু হাতৰ কোন অংশলৈকে ধোৱা উচিত হʼব।”
মানুহে বনোৱা এই নিয়মবোৰৰ ওপৰত যীচুৱে স্পষ্টভাৱে প্ৰতিক্ৰিয়া দেখুৱাইছিল। তেওঁ প্ৰথম শতিকাৰ যিহুদী ধৰ্ম্মগুৰুসকলক এইদৰে কৈছিল: “তোমালোক কপটীয়াবিলাকৰ বিষয়ে যিচয়াই ভালকৈয়ে ভাবোক্তি প্ৰচাৰ কৰিলে; যেনে লিখা আছে, এই মানুহবিলাকে ওঁঠেৰে মোক সন্মান কৰে, কিন্তু তেওঁবিলাকৰ অন্তৰ মোৰ পৰা দূৰৈত থাকে। আৰু মানুহৰ বিধিবোৰ উপদেশ বুলি শিকাই, তেওঁবিলাকে অনৰ্থকৰূপে মোক ভক্তি কৰে। তোমালোকে ঈশ্বৰৰ আজ্ঞা এৰি, মানুহবিলাকৰ পুৰুষে পুৰুষে চলি অহা বিধি মানিছা।”—মাৰ্ক ৭:৬-৮.
(মাৰ্ক ৭:৩২-৩৫) তেতিয়া মানুহবিলাকে কলা আৰু খোনা মানুহ এজনক তেওঁৰ ওচৰলৈ আনি, তেওঁৰ গাত হাত দিবলৈ তেওঁক বিনয় কৰিলে। ৩৩ তাতে তেওঁ লোকসমূহৰ পৰা তেওঁক অকলে আঁতৰাই নি, নিজৰ আঙুলি তেওঁৰ কাণ দুখনত দিলে; ৩৪ আৰু থুই দি, তেওঁৰ জিবা চুলে; আৰু স্বৰ্গলৈ চাই হুমুনিয়াহ পেলাই কলে, ইফ্ফাতাহ, অৰ্থাৎ মুকলি হওক। ৩৫ তেতিয়া তেওঁৰ কাণ মুকলি হল; আৰু জিবাৰো বান্ধ গুচিলত, তেওঁ পোনকৈ কথা কবলৈ ধৰিলে।
w০০ ২/১৫ ১৭-১৮ ¶৯-১১
আপোনাৰ ওচৰত “খ্ৰীষ্টৰ মন” আছেনে?
ব্যক্তিজনে কাণেৰে শুনিব নোৱাৰিছিল আৰু ভালকৈ কথা কʼবও নোৱাৰিছিল। যীচুৱে হয়তো এই ব্যক্তিজনৰ মনত থকা লাজ বা শংকাৰ ভাব বুজিব পাৰিছিল। তাৰ পাছত যীচুৱে এনে এক কাৰ্য্য কৰিলে, যিটো সাধাৰণতে তেওঁ কেতিয়াও কৰা নাছিল। তেওঁ ব্যক্তিজনক মানুহৰ ভিৰৰ মাজৰপৰা আঁতৰাই এক নিৰ্জন ঠাইলৈ লৈ যায়। যীচুৱে ব্যক্তিজনক কিছুমান ইঙ্গিতেৰে বুজায় যে তেওঁ কি কৰিবলৈ গৈছে। যীচুৱে “নিজৰ আঙুলি তেওঁৰ কাণ দুখনত দিলে আৰু থুই দি, তেওঁৰ জিবা চুলে।” (মাৰ্ক ৭:৩৩, ৩৪) তাৰ পাছত যীচুৱে স্বৰ্গলৈ চাই প্ৰাৰ্থনা কৰে। এইদৰে কৰাৰ যোগেদি যীচুৱে যেন কʼব বিচাৰিছিল যে ‘মই তোমাক ঈশ্বৰৰ শক্তিৰে সুস্থ কৰিবলৈ গৈছোঁ।’ অৱশেষত যীচুৱে এইদৰে কৈছিল: “মুকলি হওক।” (মাৰ্ক ৭:৩৪) লগে লগে সেই ব্যক্তিজনে আন লোকসকলৰ দৰে কাণেৰে শুনিবলৈ আৰু কথা পাতিবলৈ আৰম্ভ কৰে।
লোকসকলৰ প্ৰতি যীচুৱে কি যে সহানুভূতি দেখুৱাইছিল! তেওঁ লোকসকলৰ মনৰ ভাৱনা বুজি পাইছিল আৰু কৰুণাৰে লোকসকলক সহায় কৰিবলৈ উৎসাহিত হৈছিল। খ্ৰীষ্টান হিচাপে আমাৰো খ্ৰীষ্টৰ দৰে মন থকা উচিত আৰু সেই অনুসৰি কাম কৰিবলৈ চেষ্টা কৰা উচিত। বাইবেলে আমাক এইদৰে উপদেশ দিয়ে: “তোমালোক সকলো এক মনৰ লোক, পৰৰ দুখত দুঃখিত, ভ্ৰাতৃপ্ৰেমকাৰী, কোমল চিত্তৰ লোক, আৰু নম্ৰ মনৰ লোক হোৱা।” (১ পিতৰ ৩:৮) গতিকে, আনৰ ভাৱনাৰ প্ৰতি ধ্যান ৰাখি আমি কাৰ্য্য কৰা বা কথা কোৱা উচিত।
মণ্ডলীৰ ভাই-ভনীসকলক সন্মান জনোৱাৰ যোগেদি আমি দেখুৱাব পাৰোঁ যে আমি তেওঁলোকৰ অনুভূতিৰ বিষয়ে চিন্তা কৰোঁ। আনে আমাৰ সৈতে যেনে ব্যৱহাৰ কৰাটো আমি বিচাৰোঁ, ঠিক তেনে ব্যৱহাৰ আমি আমাৰ ভাই-ভনীসকলৰ লগত কৰা উচিত। (মথি ৭:১২) গতিকে আমি আনৰ লগত কথা-বতৰা হওঁতে ভাবি-চিন্তি কথা কোৱা উচিত। (কলচীয়া ৪:৬) আমি মনত ৰখা উচিত যে ‘অবিবেচনাৰূপে কোৱা কথা অস্ত্ৰাঘাতস্বৰূপ।’ (হিতোপদেশ ১২:১৮) পৰিয়ালৰ লোকসকলৰ লগত আমি কেনেদৰে ব্যৱহাৰ কৰা উচিত? স্বামী আৰু স্ত্ৰীৰ মাজত প্ৰকৃত প্ৰেম থাকিলে, তেওঁলোকে এজনে-আনজনৰ অনুভূতিৰ প্ৰতি ধ্যান দিব। (ইফিচীয়া ৫:৩৩) তেওঁলোকে পৰস্পৰে মনত আঘাত দিয়া কথা নকʼব, দোষ-ত্ৰুটিবোৰ সমালোচনা নকৰিব আৰু তেওঁলোকে ইজনে-সিজনক ইতিকিং নকৰিব। কিয়নো এনে কাৰ্য্যবোৰে স্বামী-স্ত্ৰীৰ মনত আঘাত কৰিব পাৰে, যাক সহজে সুস্থ কৰিব নোৱাৰি। মৰমিয়াল পিতৃ-মাতৃয়ে নিজৰ লʼৰা-ছোৱালীৰ অনুভূতিৰ প্ৰতি ধ্যান ৰখা উচিত। যেতিয়া শুধৰণিৰ প্ৰয়োজন হয়, তেতিয়া পিতৃ-মাতৃয়ে সন্মানেৰে শুধৰণি কৰা উচিত আৰু আনৰ আগত তেওঁলোকক অপমান কৰা উচিত নহয়। (কলচীয়া ৩:২১) যেতিয়া আমি আনৰ অনুভূতিৰ প্ৰতি ধ্যান ৰাখোঁ, তেতিয়া আমি কʼব পাৰোঁ যে আমাৰ ওচৰত খ্ৰীষ্টৰ মন আছে।
বাইবেল পাঠ
(মাৰ্ক ৭:১-১৫) পাছে যিৰূচালেমৰ পৰা অহা যি ফৰীচীবিলাক, আৰু কেইজনমান অধ্যাপকে, ২ তেওঁৰ জনদিয়েক শিষ্যক অশুচি, অৰ্থাৎ নোধোৱা হাতেৰে ভোজন কৰা দেখিছিল, তেওঁলোক তেওঁৰ ওচৰত গোট খালে। ৩ কিয়নো ফৰীচী আৰু সকলো যীহূদীয়ে বৃদ্ধসকলৰ পুৰুষে পুৰুষে চলি অহা বিধি মানি, হাত ভালকৈ নুধুলে, ভোজন নকৰে; ৪ আৰু বজাৰৰ পৰা আহি জাবোৰা নামাৰিলে ভোজন নকৰে; তাত বাজে তেওঁবিলাকে মানিবলৈ গ্ৰাহ্য কৰা আন আন অনেক ৰীতি, অৰ্থাৎ বাটি, লোটা, পিতলৰ পাত্ৰ, এইবোৰ পানীত জুবুৰিওৱা আদি কৰি অনেক ৰীতি আছে। ৫ তেতিয়া ফৰীচী আৰু অধ্যাপকসকলে তেওঁক সুধিলে, তোমাৰ শিষ্যবিলাকে বৃদ্ধসকলৰ পুৰুষে পুৰুষে চলি অহা বিধিৰ দৰে আচৰণ নকৰি, অশুচি হাতেৰে কিয় ভোজন কৰে? ৬ তাতে তেওঁ তেওঁলোকক কলে, তোমালোক কপটীয়াবিলাকৰ বিষয়ে যিচয়াই ভালকৈয়ে ভাবোক্তি প্ৰচাৰ কৰিলে; যেনে লিখা আছে, এই মানুহবিলাকে ওঁঠেৰে মোক সন্মান কৰে, কিন্তু তেওঁবিলাকৰ অন্তৰ মোৰ পৰা দূৰৈত থাকে। ৭ আৰু মানুহৰ বিধিবোৰ উপদেশ বুলি শিকাই, তেওঁবিলাকে অনৰ্থকৰূপে মোক ভক্তি কৰে। ৮ তোমালোকে ঈশ্বৰৰ আজ্ঞা এৰি, মানুহবিলাকৰ পুৰুষে পুৰুষে চলি অহা বিধি মানিছা। ৯ তেওঁ তেওঁবিলাকক আৰু কলে, তোমালোকে তোমালোকৰ পুৰুষে পুৰুষে চলি অহা বিধি ৰাখিবলৈ, ঈশ্বৰৰ আজ্ঞা ভালকৈয়ে অগ্ৰাহ্য কৰিছা। ১০ কিয়নো মোচিয়ে কলে, তুমি তোমাৰ পিতৃ-মাতৃক সন্মান কৰা; আৰু যি কোনোৱে পিতৃ বা মাতৃক কুবচন বোলে, তেওঁ নিশ্চয়ে মৰক। ১১ কিন্তু তোমালোকে কোৱা,—যদি কোনো মানুহে নিজৰ পিতৃ বা মাতৃক কয়, মোৰ পৰা যিহেৰে তোমাৰ উপকাৰ হলহেঁতেন, তাক কৰ্ব্বান, অৰ্থাৎ আগ কৰা হৈছে;—১২ তেন্তে সেই মানুহজনক তেওঁৰ পিতৃ বা মাতৃৰ নিমিত্তে আৰু একো কৰিবলৈ নিদিয়াহঁক। ১৩ এইদৰে তোমালোকে তোমালোকৰ পুৰুষে পুৰুষে চলি অহা যি বিধি শিকাইছা তাৰ দ্বাৰাই ঈশ্বৰৰ আজ্ঞা লোপ কৰিছা; আৰু তেনেকুৱা অনেক কৰ্ম্ম কৰি আছা। ১৪ পাছে তেওঁ আকৌ লোকসমূহক ওচৰলৈ মাতি কলে, তোমালোক সকলোৱে মোৰ কথা শুনা, আৰু বুজা। ১৫ বাহিৰৰ পৰা মানুহৰ ভিতৰলৈ সোমাই তাক অশুচি কৰিব পৰা কোনো বস্তু নাই; কিন্তু মানুহৰ পৰা যি যি বাহিৰলৈ ওলায়, সেইবোৰেইহে মানুহক অশুচি কৰে।
মে’ ১৪-২০
শ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | মাৰ্ক ৯-১০
“বিশ্বাস দৃঢ় কৰিব পৰা এটা দৰ্শন”
(মাৰ্ক ৯:১) তেওঁ তেওঁলোকক কলে, মই তোমালোকক স্বৰূপকৈ কওঁ, ঈশ্বৰৰ ৰাজ্য পৰাক্ৰমেৰে অহা নেদেখামানে মৃত্যুভোগ নকৰিবা, এনে কোনো কোনো মানুহ ইয়াত থিয় হৈ থকাবিলাকৰ মাজত আছে।
খ্ৰীষ্টত সকলো ভৱিষ্যতবাণী কেন্দ্ৰিত
যীচুৱে নিজকে মচীহ হোৱাৰ বিষয়ে প্ৰমাণ দিয়া এবছৰ পাৰ হʼল। তদুপৰি সা.যু. ৩২ চনৰ নিস্তাৰ-পৰ্ব্ব পালন কৰাও সমাপ্ত হৈছিল। বহুতো লোকে দৈনন্দিন চিন্তাধাৰা, ভৌতিকতাবাদ আৰু তাড়নাৰ সম্মুখীন হোৱাৰ ভয়ত তেওঁক বিশ্বাস নকৰিলে। আনসকলে যীচুৱে ৰজা নোহোৱা দেখি নিৰুৎসাহিত হʼল। ধৰ্ম্মগুৰুসকলে জনোৱা প্ৰত্যাহ্বানৰ অনুসাৰে কোনো আচৰিত কৰ্ম্ম নকৰাৰ বাবে কিছুমানে বিমোৰত পৰিল। (মথি ১২:৩৮, ৩৯) “তদুপৰি তেওঁ যিৰূচালেমলৈ গৈ বৃদ্ধলোক, প্ৰধান পুৰোহিত আৰু অধ্যাপকসকলৰ পৰা অনেক দুখভোগ পাই, আৰু মৃত্যুভোগ” কৰিব বুলি কোৱা কথাষাৰৰ তাৎপৰ্য্যতা বুজিব নোৱাৰি শিষ্যবিলাকে বিভ্ৰান্ত হৈছিল।—মথি ১৬:২১-২৩.
“এই জগতৰ পৰা পিতৃৰ তʼলৈ” যোৱাৰ কেৱল ন বা দহমাহ সময় বাকী থকা দেখি যীচুৱে শিষ্যবিলাকৰ বিষয়ে চিন্তা কৰি ব্যাকুল হৈছিল। (যোহন ১৩:১) গতিকে তেওঁ শিষ্যবিলাকৰ বিশ্বাস দৃঢ় কৰাৰ উদ্দেশ্যৰে এনে আচৰিত চিহ্ন দেখুৱাবলগীয়া আছিল যি ভক্তিহীন ইহুদীবিলাকে দেখাৰ পৰা বঞ্চিত হʼল। এই সম্পৰ্কে যীচুৱে এইদৰে কৈছিল: “মই তোমালোকক স্বৰূপকৈ কওঁ, মানুহৰ পুত্ৰক নিজৰ ৰাজ্যলৈ অহা নেদেখেমানে মৃত্যুভোগ নকৰিব, এনে কোনো লোক, ইয়াত থিয় হৈ থকাবিলাকৰ মাজত আছে।” (মথি ১৬:২৮) এই বাক্যশাৰীৰ অৰ্থ এইটো নাছিল যে তেওঁৰ কিছুমান শিষ্য ১৯১৪ চনত স্থাপিত হʼবলগীয়া মচীহৰ ৰাজ্য নেদেখালৈকে জীয়াই থাকিব। তাৰ পৰিৱৰ্তে যীচুৰ তিনিজন শিষ্যই তেওঁক ৰাজ্যৰ মহিমাত অহাৰ পূৰ্বাভাস পাবলগীয়া আছিল। এই দৰ্শনত দেখা এই পূৰ্বাভাসক ৰূপান্তৰণ বুলি জনা যায়।
(মাৰ্ক ৯:২-৬) তাৰ ছদিনৰ পাছত, যীচুৱে কেৱল পিতৰ, যাকোব, আৰু যোহনক লগত লৈ, তেওঁবিলাকে সৈতে এটা ওখ পৰ্ব্বতৰ ওপৰলৈ নিৰ্জনে উঠি, তেওঁলোকৰ আগতে অন্য ৰূপ ধৰিলে। ৩ তাতে তেওঁৰ বস্ত্ৰ উজ্জ্বল আৰু এনে বগা হৈছিল যে, জগতৰ কোনো ধোবাই তেনে বগা কৰিব নোৱাৰে। ৪ তেতিয়া মোচিয়ে সৈতে এলিয়াই তেওঁলোকক দেখা দি, যীচুৰে সৈতে কথোপকথন কৰিলে। ৫ তাতে পিতৰে মাত লগাই যীচুক কলে, ৰব্বি, ইয়াত থকা আমাৰ ভাল; আৰু আমি আপোনালৈ এটা, মোচিলৈ এটা, এলিয়ালৈ এটা, এই তিনটা পঁজা সাজোঁ। ৬ কিয়নো কি উত্তৰ দিব লাগিছিল, তাক তেওঁ নাজানিছিল; কাৰণ তেওঁলোকৰ বৰ ভয় লাগিছিল।
খ্ৰীষ্টত সকলো ভৱিষ্যতবাণী কেন্দ্ৰিত
সেই কথাষাৰ কোৱাৰ ছদিনৰ পিছত পিতৰ, যাকোব আৰু যোহনৰ সৈতে যীচুৱে হৰ্মোণ পৰ্ব্বতৰ ওপৰলৈকে গʼল। যʼত “তেওঁ তেওঁলোকৰ আগতে অন্য ৰূপ ধৰিলে; তাতে তেওঁৰ মুখ সূৰ্য্যৰ দৰে দীপ্তিমান আৰু তেওঁৰ বস্ত্ৰ পোহৰৰ নিচিনা শুক্ল হল।” সেই ৰূপান্তৰণত ভৱিষ্যতবক্তা মোচি আৰু এলিয়াক যীচুৰ সৈতে কথোপকথন কৰা দেখা গৈছিল। সম্ভৱতঃ এই ৰূপান্তৰণ ৰাতিৰ ভাগত হোৱাৰ বাবে সকলোবোৰ স্পষ্টকৈ দেখিবলৈ পোৱা গৈছিল। আনকি এই ৰূপান্তৰণ ইমানেই বাস্তৱিক আছিল যে পিতৰে, যীচু, মোচি আৰু এলিয়াৰ বাবে একোটাকৈ পজাঁ সাজিবলৈ আগ্ৰহ কৰিলে। তেওঁ কথা কৈ থাকোঁতেই এডোখৰ উজ্জ্বল মেঘে তেওঁলোকক ছাঁ কৰি ধৰিলে আৰু এই আকাশীবাণী হʼল: “এওঁ মোৰ প্ৰিয় পুত্ৰ, এওঁত মই পৰম সন্তুষ্ট; এওঁৰ কথা শুনা।”—মথি ১৭:১-৬.
(মাৰ্ক ৯:৭) তেতিয়া এডোখৰ মেঘে তেওঁলোকক ছাঁ কৰি ধৰিলে; আৰু সেই মেঘৰ পৰা এই বাণী হল, এওঁ মোৰ প্ৰিয় পুত্ৰ, এওঁৰ কথা শুনা।
মাৰ্ক ৯:৭ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা
বাণী: শুভবাৰ্ত্তাৰ কিতাপত যিহোৱা ঈশ্বৰে তিনিবাৰকৈ মানুহৰ লগত পোনপটীয়াকৈ কথা পতাৰ বিষয়ে উল্লেখ আছে আৰু এয়া হৈছে দ্বিতীয়বাৰ।—মাৰ্ক ১:১১ পদৰ ওপৰত অধ্যয়নৰ টোকা; যোহ ১২:২৮ চাওক।
আধ্যাত্মিক ৰত্ন বিচাৰক:
(মাৰ্ক ১০:৬-৯) কিন্তু সৃষ্টিৰ আদিতে তেওঁলোকক পুৰুষ আৰু স্ত্ৰী কৰি স্ৰজিলে। ৭ এই হেতুকে মানুহে নিজৰ পিতৃ-মাতৃক এৰি, তিৰোতাত আসক্ত হৈ, সেই দুয়ো এক দেহ হব। ৮ তেন্তে তেওঁলোক দুজন নহয়, এক-দেহ। ৯ এতেকে ঈশ্বৰে যাক যোগ কৰি দিলে, তাক মানুহে বিয়োগ নকৰক।
w০৮ ২/১৫ ৩০ ¶৮
মাৰ্ক কিতাপৰ আলোকপাত
১০:৬-৯. বিবাহিত সংগীয়ে এজনে-আনজনক কেতিয়াও ত্যাগ নকৰাটো যিহোৱা ঈশ্বৰে বিচাৰে। সেইবাবে, যেতিয়া বিবাহিত জীৱনত সমস্যাই দেখা দিয়ে, তেতিয়া বিবাহ-বিচ্ছেদ কৰিবলৈ খৰধৰ কৰাৰ পৰিৱৰ্তে, স্বামী আৰু স্ত্ৰীয়ে বাইবেলৰ সিদ্ধান্তবোৰ নিজৰ জীৱনত পালন কৰি সমস্যাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰা উচিত।—মথি ১৯:৪-৬.
(মাৰ্ক ১০:১৭, ১৮) পাছে তেওঁ বাটলৈ ওলাই যাওঁতে, কোনো এজনে তেওঁৰ ওচৰলৈ লৰি আহি, তেওঁৰ আগত আঁঠু লৈ সুধিলে, হে সদ্গুৰু, অনন্ত জীৱনৰ অধিকাৰী হবলৈ মই কি কৰিম? ১৮ কিন্তু যীচুৱে তেওঁক কলে, মোক সৎ কিয় বুলিছা? এজনা ঈশ্বৰৰ বাজে সৎ কোনো নাই।
মাৰ্ক ১০:১৭, ১৮ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা
সদ্গুৰু: ইয়াত কোনো সন্দেহ নাই যে ব্যক্তিজনে প্ৰয়োজনতৈ অধিক প্ৰশংসা কৰাৰ বাবে আৰু এটা উপাধি হিচাপে “সদ্গুৰু” শব্দটো ব্যৱহাৰ কৰিছিল। সাধাৰণতে, ধৰ্ম্মগুৰুসকলে এনেধৰণৰ উপাধিৰ দাবী কৰিছিল। আচলতে, “গুৰু” আৰু “প্ৰভু” বুলি সম্বোধন কৰা হʼলে যীচুৱে আপত্তি নকৰিলেহেঁতেন। (যোহ ১৩:১৩) কিন্তু সদ্গুৰু বুলি সম্বোধন কৰোঁতে যীচুৱে সেই প্ৰশংসা কেৱল তেওঁৰ পিতৃ যিহোৱা ঈশ্বৰক দিবলৈ কৈছিল।
এজনা ঈশ্বৰৰ বাজে সৎ কোনো নাই: যীচুৱে ইয়াত স্বীকাৰ কৰিছে যে যিহোৱা ঈশ্বৰৰ ওচৰতহে সৎ কোন হয় বুলি সিদ্ধান্ত লোৱাৰ অধিকাৰ আছে। ভাল আৰু বেয়া নিৰ্ণয় কৰাৰ অধিকাৰ কেৱল সৰ্ব্বশক্তিমান সৃষ্টিকৰ্ত্তা যিহোৱাৰ ওচৰতহে আছে। আদম আৰু হৱাই বিদ্ৰোহ কৰি ভাল আৰু বেয়াৰ জ্ঞান দিওঁতা বৃক্ষৰ ফল খাই, যিহোৱা ঈশ্বৰৰ যি অধিকাৰ আছে, সেই অধিকাৰ তেওঁলোকে নিজে লʼব বিচাৰিছিল। আনহাতে, যীচুৱে সকলো নিৰ্ণয় নিজৰ পিতৃ যিহোৱা ঈশ্বৰৰ হাতত সমৰ্পণ কৰিছিল। পবিত্ৰ শাস্ত্ৰ বাইবেলে যিহোৱা ঈশ্বৰৰ ভাল আৰু বেয়াৰ মানদণ্ড স্পষ্টৰূপে বৰ্ণনা কৰিছে।—মাৰ্ক ১০:১৯.
বাইবেল পাঠ
(মাৰ্ক ৯:১-১৩) আৰু তেওঁ তেওঁলোকক কলে, মই তোমালোকক স্বৰূপকৈ কওঁ, ঈশ্বৰৰ ৰাজ্য পৰাক্ৰমেৰে অহা নেদেখামানে মৃত্যুভোগ নকৰিবা, এনে কোনো কোনো মানুহ ইয়াত থিয় হৈ থকাবিলাকৰ মাজত আছে। ২ তাৰ ছদিনৰ পাছত, যীচুৱে কেৱল পিতৰ, যাকোব, আৰু যোহনক লগত লৈ, তেওঁবিলাকে সৈতে এটা ওখ পৰ্ব্বতৰ ওপৰলৈ নিৰ্জনে উঠি, তেওঁলোকৰ আগতে অন্য ৰূপ ধৰিলে। ৩ তাতে তেওঁৰ বস্ত্ৰ উজ্জ্বল আৰু এনে বগা হৈছিল যে, জগতৰ কোনো ধোবাই তেনে বগা কৰিব নোৱাৰে। ৪ তেতিয়া মোচিয়ে সৈতে এলিয়াই তেওঁলোকক দেখা দি, যীচুৰে সৈতে কথোপকথন কৰিলে। ৫ তাতে পিতৰে মাত লগাই যীচুক কলে, ৰব্বি, ইয়াত থকা আমাৰ ভাল; আৰু আমি আপোনালৈ এটা, মোচিলৈ এটা, এলিয়ালৈ এটা, এই তিনটা পঁজা সাজোঁ। ৬ কিয়নো কি উত্তৰ দিব লাগিছিল, তাক তেওঁ নাজানিছিল; কাৰণ তেওঁলোকৰ বৰ ভয় লাগিছিল। ৭ তেতিয়া এডোখৰ মেঘে তেওঁলোকক ছাঁ কৰি ধৰিলে; আৰু সেই মেঘৰ পৰা এই বাণী হল, এওঁ মোৰ প্ৰিয় পুত্ৰ, এওঁৰ কথা শুনা। ৮ পাছে তেওঁলোকে অকস্মাতে চাৰিওফাললৈ চাই, অকল যীচুত বাজে তেওঁলোকৰ লগত কাকো আৰু দেখিবলৈ নাপালে। ৯ পাছে তেওঁলোক পৰ্ব্বতৰ পৰা নামোতে, তেওঁ তেওঁলোকক এই আজ্ঞা দিলে, তোমালোকে যি যি দেখিলা, মানুহৰ পুত্ৰ মৃতবিলাকৰ মাজৰ পৰা পুনৰায় নুঠালৈকে, তাৰ বিবৰণ কাকো নকবা। ১০ তাতে তেওঁলোকে এই কথা মানি, মৃতবিলাকৰ মাজৰ পৰা সেই পুনৰুত্থান নো কি, তাক তেওঁলোকৰ মাজত সোধা-সুধি কৰিলে। ১১ পাছে তেওঁলোকে তেওঁক সুধিলে, এলিয়া প্ৰথমে আহিব লাগে বুলি অধ্যাপকসকলে কেনেকৈ কয়? ১২ তাতে তেওঁ তেওঁলোকক কলে, বাস্তৱিক, এলিয়াই প্ৰথমে আহি, সকলোকে পুনঃস্থাপন কৰে; পাছে মানুহৰ পুত্ৰৰ বিষয়েও নো কেনেকৈ লিখা আছে যে, তেওঁ অনেক দুখ ভোগ কৰিব, আৰু তেওঁক অৱহেলা কৰা হব? ১৩ কিন্তু মই তোমালোকক কওঁ, এলিয়া আহিল, আৰু তেওঁৰ বিষয়ে যেনেকৈ লিখা আছে, তেনেকৈ মানুহবিলাকে যি ইচ্ছা, তাকে তেওঁলৈ কৰিলে।
মে’ ২১-২৭
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | মাৰ্ক ১১-১২
“তাই সকলোতকৈ অধিক দান কৰিলে”
(মাৰ্ক ১২:৪১, ৪২) পাছে যীচুৱে ভঁৰালৰ সন্মুখত বহি, লোকসমূহে ভঁৰালত ধন কেনেকৈ সুমুৱাই দিছিল, তাকে চাই আছিল। তেতিয়া অনেক ধনী মানুহে বহুত সুমুৱাই দিলে। ৪২ পাছে এজনী দৰিদ্ৰ বাঁৰীয়ে আহি, এৰাতিৰ সমান হোৱা দুই পাই সুমুৱাই দিলে।
মাৰ্ক ১২:৪১, ৪২ nwtsty অধ্যয়নৰ টোকা
ভঁৰাল: প্ৰাচীন যিহুদী লিখনিত উল্লেখ কৰা হৈছে যে দানৰ বাবে ব্যৱহাৰ কৰা এই বাকচ বা পাত্ৰবোৰৰ আকাৰ তূৰী বা শিঙাৰ নিচিনা আছিল। এই পাত্ৰবোৰৰ ওপৰৰ ফালে মুদ্ৰা সুমুৱাই দিয়াৰ বাবে সৰু ফাঁক আছিল। ইয়াৰ বাবে ব্যৱহাৰ কৰা গ্ৰীক শব্দটো যোহন ৮:২০ পদত পোৱা যায়, যাক ’ভঁৰাল’ বুলি অনুবাদ কৰা হৈছে। হয়তো এই ভঁৰাল স্ত্ৰীসকলৰ চোতালত আছিল। (মথি ২৭:৬ পদৰ ওপৰত অধ্যয়নৰ টোকা আৰু অতিৰিক্ত লেখ B১১ চাওক।) ৰব্বিসকলৰ লিখনিৰ অনুসৰি সেই চোতালত তেৰটা এনেধৰণৰ দান-পাত্ৰ দেৱালৰ কাষত ৰখা হৈছিল। অনুমান কৰা হয় যে এই দান-পাত্ৰবোৰৰপৰা দান উলিয়াই মন্দিৰত থকা কোনো এক ডাঙৰ ভঁৰালত ৰখা হৈছিল।
দুই পাই: আক্ষৰিক অৰ্থত “দুটা লেপ্টা।” এই শব্দটো গ্ৰীক শব্দ লেপ্টনৰ বহুবচনৰ ৰূপ আৰু ইয়াৰ অৰ্থ হৈছে সৰু বা কম। লেপ্টন হৈছে এনে এটা পাই, যাৰ মূল্য এটা আধলিৰ ১/১২৮ ভাগ। ইয়াত কোনো সন্দেহ নাই যে ইস্ৰায়েলত এনেধৰণৰ কম মূল্যৰ তাম বা ব্ৰঞ্জৰ মুদ্ৰা ব্যৱহাৰ কৰা হৈছিল।—শব্দকোষ, “লেপ্টন” আৰু অতিৰিক্ত লেখ B১৪ চাওক।
একেবাৰে কম মূল্য: আক্ষৰিক অৰ্থত “এক কোৱাড্ৰেনচ।” গ্ৰীক ভাষাৰ কোৱা-ড্ৰেণ্টচ (লেটিন শব্দ কোৱাড্ৰেনচৰপৰা আহিছে) শব্দটো ৰোমানসকলে ব্যৱহাৰ কৰা তাম বা ব্ৰঞ্জৰ মুদ্ৰাক বুজায়, যাৰ মূল্য এটা আধলিৰ ১/৬৪ ভাগ। যিহুদীসকলে সাধাৰণতে ব্যৱহাৰ কৰা পাইৰ মূল্য বুজাবলৈ মাৰ্কে ইয়াত ৰোমানসকলৰ মুদ্ৰা ব্যৱহাৰ কৰিছিল।—অতিৰিক্ত লেখ B১৪ চাওক।
(মাৰ্ক ১২:৪৩) তাতে তেওঁ নিজৰ শিষ্যবিলাকক ওচৰলৈ মাতি কলে, মই তোমালোকক স্বৰূপকৈ কওঁ, ভঁৰালত সুমুৱাই দিয়া আটাইবিলাকতকৈ এই দৰিদ্ৰ বাঁৰীয়ে অধিক দিলে।
w৯৭ ১০/১৫ ১৬-১৭ ¶১৬-১৭
হৃদয়েৰে কৰা আপোনাৰ সেৱাক যিহোৱা ঈশ্বৰে মূল্যাংকণ কৰে
দুদিনৰ পাছত অৰ্থাৎ নিচান মাহৰ ১১ তাৰিখে যীচুৱে প্ৰায় গোটেই দিন মন্দিৰত অতিবাহিত কৰিছিল। এই মন্দিৰতে যীচুৰ অধিকাৰৰ ওপৰত প্ৰশ্ন তোলা হৈছিল আৰু কৰ দিয়া, পুনৰুত্থান আৰু আন আন গভীৰ বিষয়বোৰৰ ওপৰত সোধা প্ৰশ্নবোৰৰ উত্তৰ দিছিল। ইয়াৰ উপৰিও, অধ্যাপক আৰু ফৰীচীসকলে “বাঁৰীবিলাকৰ ঘৰ-বাৰী গ্ৰাস” কৰাৰ বাবে তেওঁলোকক নিন্দা কৰিছিল। (মাৰ্ক ১২:৪০) নিঃসন্দেহ, ইয়াৰ পাছত যীচুৱে স্ত্ৰীসকলৰ চোতালত বহিছিল, যʼত যিহুদী পৰম্পৰা অনুসৰি ১৩ টা দান-পাত্ৰ ৰখা হৈছিল। যীচু অলপ সময় তাত বহি লোকসকলে আগবঢ়োৱা দানবোৰলৈ মনোযোগেৰে লক্ষ্য কৰিছিল। বহুতো ধনী ব্যক্তি আহিছিল। কিছুমানে হয়তো নিজৰ ধাৰ্ম্মিকতা দেখুৱাবলৈ আৰু আনৰপৰা প্ৰশংসা লাভ কৰিবলৈ তালৈ আহিছিল। (মথি ৬:২ পদৰ লগত তুলনা কৰক।) যীচুৰ ধ্যান এগৰাকী তিৰোতাৰ ওপৰত পৰিছিল। সাধাৰণ ব্যক্তিয়ে সেই তিৰোতাগৰাকীলৈ বা তাই আগবঢ়োৱা দানলৈ হয়তো কোনো ধ্যান দিয়া নাছিল। কিন্তু যীচুৱে লোকসকলকৰ হৃদয়ৰ কথা জানিব পাৰিছিল। সেইবাবে, এই তিৰোতাগৰাকী ‘দৰিদ্ৰ বাঁৰী’ হয় বুলি যীচুৱে জানিছিল। ইয়াৰ উপৰিও, তিৰোতা গৰাকীয়ে যি “দুই পাই” দান কৰিছিল, তাৰ সঠিক পৰিমাণ যীচুৱে জানিছিল।—মাৰ্ক ১২:৪১, ৪২.
যীচুৱে নিজৰ শিষ্যসকলক ওচৰলৈ মাতিছিল যাতে তেওঁ যি শিক্ষা তেওঁলোকক দিবলৈ বিচাৰিছিল, সেয়া তেওঁলোকে নিজ চকুৰে চাব পাৰে। যীচুৱে এইদৰে কৈছিল: “ভঁৰালত সুমুৱাই দিয়া আটাইবিলাকতকৈ এই দৰিদ্ৰ বাঁৰীয়ে অধিক দিলে।” যীচুৰ অনুসৰি, আন লোকসকলে আগবঢ়োৱা সকলো দানৰ পৰিমাণ যিমান হʼব, তাতকৈ বেছি তাই দান কৰে। বিধৱাগৰাকীৰ ওচৰত “যি আছিল” অৰ্থাৎ তাইৰ সকলো জীৱিকা দিয়ে। এনেদৰে কৰাৰ যোগেদি তাই যিহোৱা ঈশ্বৰৰ ওপৰত নিজকে সমৰ্পণ কৰে। ঈশ্বৰক দান দিয়াৰ বিষয়ে যি এগৰাকী তিৰোতাৰ উদাহৰণ ব্যৱহাৰ কৰা হʼল, সেই তিৰোতাগৰাকীৰ দান ভৌতিক বস্তুবোৰৰ মূল্যৰ তুলনাত একোৱেই নাছিল। কিন্তু যিহোৱা ঈশ্বৰৰ দৃষ্টিত সেয়া বহুমূলীয়া আছিল!—মাৰ্ক ১২:৪৩, ৪৪; যাকোব ১:২৭.
(মাৰ্ক ১২:৪৪) কিয়নো তেওঁবিলাক সকলোৱে নিজৰ নিজৰ অতিৰিক্ত ধনৰ পৰা দিলে, কিন্তু তেওঁৰ নাটনি হোৱাতো, তেওঁৰ যি আছিল, অৰ্থাৎ তেওঁৰ সকলো জীৱিকা দিলে।
w৯৭ ১০/১৫ ১৭¶১৭
হৃদয়েৰে কৰা আপোনাৰ সেৱাক যিহোৱা ঈশ্বৰে মূল্যাংকণ কৰে
যীচুৱে নিজৰ শিষ্যসকলক ওচৰলৈ মাতিছিল যাতে তেওঁ যি শিক্ষা তেওঁলোকক দিবলৈ বিচাৰিছিল, সেয়া তেওঁলোকে নিজ চকুৰে চাব পাৰে। যীচুৱে এইদৰে কৈছিল: “ভঁৰালত সুমুৱাই দিয়া আটাইবিলাকতকৈ এই দৰিদ্ৰ বাঁৰীয়ে অধিক দিলে।” যীচুৰ অনুসৰি, আন লোকসকলে আগবঢ়োৱা সকলো দানৰ পৰিমাণ যিমান হʼব, তাতকৈ বেছি তাই দান কৰে। বিধৱাগৰাকীৰ ওচৰত “যি আছিল” অৰ্থাৎ তাইৰ সকলো জীৱিকা দিয়ে। এনেদৰে কৰাৰ যোগেদি তাই যিহোৱা ঈশ্বৰৰ ওপৰত নিজকে সমৰ্পণ কৰে। ঈশ্বৰক দান দিয়াৰ বিষয়ে যি এগৰাকী তিৰোতাৰ উদাহৰণ ব্যৱহাৰ কৰা হʼল, সেই তিৰোতাগৰাকীৰ দান ভৌতিক বস্তুবোৰৰ মূল্যৰ তুলনাত একোৱেই নাছিল। কিন্তু যিহোৱা ঈশ্বৰৰ দৃষ্টিত সেয়া বহুমূলীয়া আছিল!—মাৰ্ক ১২:৪৩, ৪৪; যাকোব ১:২৭.
w৮৮ ১০/১ ২৭ ¶৭
আপোনাৰ দান এক ত্যাগ নেকি?
এই দৃষ্টান্তৰপৰা আমি বহুতো শিক্ষা লাভ কৰিব পাৰোঁ। এটা গুৰুত্বপূৰ্ণ শিক্ষা হৈছে, আমাৰ ধন-সম্পতিৰে সত্য উপাসনাক সমৰ্থন কৰাৰ বাবে আমাৰ ওচৰত এক ভাল সুযোগ আছে। যি বস্তু আমি সহজে দান কৰিব পাৰোঁ সেয়া ঈশ্বৰৰ দৃষ্টিত বহুমূলীয়া নহয়, কিন্তু যি বস্তু আমাৰ বাবে মূল্যৱান হয় আৰু সেই বস্তু যদি আমি দান কৰোঁ, তেনেহʼলে সেয়া ঈশ্বৰৰ দৃষ্টিত বহুমূলীয়া হʼব। আন এক কথাত কʼবলৈ গʼলে, আমি এনে কিবা দান কৰিছোঁ নেকি, যি আমাৰ বাবে কোনো মূল্য নাই। যদি এনে কৰিছোঁ, তেনেহʼলে তাক আমি ত্যাগ বুলি কʼব পাৰিম নে?
cl ১৮৫ ¶১৫
‘ঈশ্বৰৰ বাক্যত’ প্ৰজ্ঞা
ই এক উল্লেখনীয় বিষয় নহয়নে যে মন্দিৰলৈ অহা বহুতো লোকৰ মাজত কেৱল এই বিধাৱাগৰাকীলৈ লক্ষ্য কৰা হৈছিল আৰু তাইৰ বিষয়ে বাইবেলত বৰ্ণনা কৰা হৈছে? এই উদাহৰণৰপৰা যিহোৱা ঈশ্বৰে আমাক শিক্ষা দিয়ে যে তেওঁ আমাৰ কাৰ্য্যক মূল্যাংকণ কৰে। আনে আগবঢ়োৱা দানৰ তুলনাত আমাৰ দানৰ মূল্য যিমানেই কম নহওক কিয়, যদি আমি হৃদয়ৰপৰা দান কৰোঁ, তেনেহʼলে যিহোৱা ঈশ্বৰ আনন্দিত হʼব। এই হৃদয়স্পৰ্শী সত্যটো বুজাবলৈ যিহোৱা ঈশ্বৰে কি যে এক সুন্দৰ উদাহৰণ ব্যৱহাৰ কৰে!
আধ্যাত্মিক ৰত্ন বিচাৰক
(মাৰ্ক ১১:১৭) তেওঁ উপদেশ দি তেওঁবিলাকক কলে, মোৰ ঘৰকে সকলো জাতিৰ নিমিত্তে প্ৰাৰ্থনাৰ ঘৰ বোলা যাব, এনে লিখা নাই নে? কিন্তু তোমালোকে তাক ডকাইতৰ গুহা কৰিলাহঁক।
মাৰ্ক ১১:১৭ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা
সকলো জাতিৰ নিমিত্তে প্ৰাৰ্থনাৰ ঘৰ: শুভবাৰ্ত্তা কিতাপৰ তিনিজন লেখকে যিচয়া ৫৬:৭ পদৰ উদ্ধৃতি কৰিছে, কিন্তু কেৱল মাৰ্কে ‘সকলো জাতি’ এই বাক্যশাৰী যোগ দিছে। (মথি ২১:১৩; লূক ১৯:৪৬) ইস্ৰায়েলী আৰু ঈশ্বৰক ভয় কৰা আন আন লোকসকলেও যাতে যিহোৱা ঈশ্বৰক উপাসনা আৰু প্ৰাৰ্থনা কৰিব পাৰে, তাৰ বাবে যিৰূচালেম মন্দিৰ নিৰ্ম্মাণ কৰা হৈছিল। (১ৰাজা ৮:৪১-৪৩) যি যিহুদীসকলে এই মন্দিৰক বেহা-বেপাৰৰ স্থান আৰু ডকাইতৰ গুহা কৰি তুলিছিল, যীচুৱে তেওঁলোকক নিন্দা কৰিছিল। তেওঁলোকৰ এনে কাৰ্য্যই বিভিন্ন জাতিৰ লোকসকলক যিহোৱাৰ প্ৰাৰ্থনাৰ ঘৰলৈ আহিবলৈ নিৰুৎসাহ কৰিছিল আৰু তেওঁলোকে যিহোৱাক জনাৰ যি সুযোগ আছিল, তাৰপৰা বঞ্চিত কৰা হৈছিল।
(মাৰ্ক ১১:২৭, ২৮) এইদৰে তেওঁলোক আকৌ যিৰূচালেমলৈ আহিল; আৰু তেওঁ ধৰ্ম্মধামত ফুৰোঁতে, প্ৰধান পুৰোহিত, অধ্যাপক, আৰু বৃদ্ধসকলে তেওঁৰ ওচৰলৈ আহি সুধিলে, ২৮ তুমি কি ক্ষমতাৰে এইবোৰ কৰিছা বা এইবোৰ কৰিবলৈ কোনে এই ক্ষমতা তোমাকে দিলে।
jy ২৪৪ ¶৭
এজোপা ডিমৰু গছৰ দ্বাৰা বিশ্বাসৰ বিষয়ে শিক্ষা
ইয়াৰ কিছু সময়ৰ পাছতে যীচু আৰু তেওঁৰ শিষ্যসকলে যিৰূচালেমত প্ৰৱেশ কৰে। যীচুৱে আনদিনাৰ দৰে মন্দিৰলৈ যায় আৰু শিক্ষা দিবলৈ আৰম্ভ কৰে। যীচুৱে আগদিনাখন ধন সলোৱাবিলাকৰ লগত যিদৰে ব্যৱহাৰ কৰিছিল, সেই কথা মনত ৰাখি হয়তো প্ৰধান পুৰোহিত আৰু বৃদ্ধসকলে যীচুক এইদৰে প্ৰশ্ন কৰিছিল: “তুমি কি ক্ষমতাৰে এইবোৰ কৰিছা বা এইবোৰ কৰিবলৈ কোনে এই ক্ষমতা তোমাকে দিলে?”—মাৰ্ক ১১:২৮.
বাইবেল পাঠ
(মাৰ্ক ১২:১৩-২৭) পাছে তেওঁক বাক্যৰূপ ফান্দত ধৰিবৰ আশয়েৰে, তেওঁবিলাকে জনচেৰেক ফৰীচী আৰু হেৰোদীয়া মানুহক তেওঁৰ ওচৰলৈ পঠালে। ১৪ তেওঁবিলাকে আহি তেওঁক কলে, হে গুৰু, আপুনি সত্য, আৰু কালৈকো ভয় নাৰাখে, ইয়াক আমি জানো; কিয়নো আপুনি মানুহৰ মুখলৈ নাচায়, কিন্তু সত্যৰূপে ঈশ্বৰৰ পথ দেখুৱাইছে। ১৫ কৈচৰক খাজনা দিব পায় নে নাপায়? আমি দিম নে নিদিম? কিন্তু তেওঁ তেওঁবিলাকৰ কপট বুজি কলে, তোমালোকে কিয় মোক পৰীক্ষা কৰিছা? ১৬ মই চাবলৈ এটা আধলি মোলৈ আনা। পাছে তেওঁলোকে আনিলত, তেওঁ তেওঁলোকক সুধিলে, এই মূৰ্ত্তি আৰু নাম কাৰ? তেওঁলোকে তেওঁক কলে, কৈচৰৰ। ১৭ তাতে যীচুৱে তেওঁলোকক কলে, যি কৈচৰৰ, তাক কৈচৰক দিয়া; আৰু যি ঈশ্বৰৰ, তাক ঈশ্বৰক দিয়া। তেতিয়া তেওঁলোকে তেওঁত অতিশয় বিস্ময় মানিলে। ১৮ পাছে পনৰুত্থান নাই বুলি কোৱা চদ্দূকীবিলাকে তেওঁৰ ওচৰলৈ আহি তেওঁক সুধিলে বোলে, ১৯ হে গুৰু, ককাই-ভাইৰ মাজৰ কোনো এজন যদি সন্তান নথকাকৈ মৰি, তিৰোতাক এৰি যায়, তেন্তে তেওঁৰ ভায়েক বা ককায়েকে তেওঁৰ তিৰোতা বিয়া কৰি, মৃত জনলৈ বংশ উৎপন্ন কৰিব, এই বুলি মোচিয়ে আমালৈ লিখিলে। ২০ বাৰু, সাত জন ভাই-ককাই আছিল; প্ৰথমজনে তিৰোতা বিয়া কৰি, সন্তান নথকাকৈ মৰিল। ২১ তাতে দ্বিতীয়জনেও তেওঁক বিয়া কৰি সন্তান নথকাকৈ মৰিল; পাছে তৃতীয়জনেও সেইৰূপ হল। সেই দৰে সাতোজন সন্তান নথকাকৈ মৰিল। ২২ সকলোৰে শেষত সেই তিৰোতাও মৰিল। ২৩ পুনৰুত্থানত তেওঁলোকৰ মাজৰ তাই কাৰ তিৰোতা হব? ২৪ কিয়নো সাতজনে তাইক বিয়া কৰিছিল। যীচুৱে তেওঁবিলাকক কলে, ধৰ্ম্মশাস্ত্ৰ আৰু ঈশ্বৰৰ পৰাক্ৰম তোমালোকে নজনাই তোমালোকৰ ভ্ৰান্তিৰ কাৰণ নহয় নে? ২৫ কিয়নো যেতিয়া তেওঁবিলাক মৃতবিলাকৰ মাজৰ পৰা পুনৰায় উঠে, তেতিয়া তেওঁবিলাকে বিয়া নকৰে, বিয়া দিয়াও নহয়, কিন্তু স্বৰ্গত থকা দূতৰ নিচনা হয়। ২৬ কিন্তু মৃতবিলাকৰ বিষয়ে, অৰ্থাৎ তেওঁবিলাকক যে তোলা হয়, এই বিষয়ে, মই অব্ৰাহামৰ ঈশ্বৰ, মোচিক কেনেকৈ কৈছিল, তাক তোমালোকে মোচিৰ পুস্তকত, জোপাৰ বৃতান্তত, পঢ়া নাই নে? ২৭ তেওঁ মৃতবিলাকৰ ঈশ্বৰ নহয়, জীয়াবিলাকৰহে ঈশ্বৰ; তোমালোকে বৰ ভুল কৰিছা।
মে’ ২৮–জুন ৩
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | মাৰ্ক ১৩-১৪
“মানুহৰ ভয় হৈছে এটা ফান্দস্বৰূপ আৰু ইয়াৰপৰা আঁতৰি থাকক”
(মাৰ্ক ১৪:২৯) কিন্তু পিতৰে তেওঁক কলে, যদিও সকলোৱে বিঘিনি পায়, তথাপি মই নাপাম।
(মাৰ্ক ১৪:৩১) কিন্তু তেওঁ অতি দৃঢ়কৈ কলে, যদি আপোনাৰ লগত মই মৰিবও লাগে, তথাপি আপোনাক আসৈ নামাতিম। আৰু সেই একে দৰে সকলোৱে কলে।
(মাৰ্ক ১৪:৫০) তেতিয়া সকলোৱে তেওঁক এৰি, পলাই গল।
(মাৰ্ক ১৪:৪৭) তাতে তেওঁৰ ওচৰত থিয় হৈ থকাবিলাকৰ মাজৰ এজনে তৰোৱাল উলিয়াই, মহা-পুৰোহিতৰ এজন দাসক ঘাপ মাৰি, তেওঁৰ কাণ এখন কাটি পেলালে।
(মাৰ্ক ১৪:৫৪) আৰু পিতৰে আঁতৰে আঁতৰে তেওঁৰ পাছে পাছে মহা-পুৰোহিতৰ চোতালৰ ভিতৰলৈকে গৈ, টেকেলাবোৰৰ লগত বহি, জুই পোৱাইছিল।
(মাৰ্ক ১৪:৬৬-৭২) তেতিয়া পিতৰ তলৰ চোতালত, থাকোঁতে, মহা-পুৰোহিতৰ বেটী এজনীয়ে আহি, ৬৭ পিতৰক জুই পুউৱা দেখা পাই, তেওঁলৈ চাই কলে, তুমিও সেই নাচৰতীয়াৰ, সেই যীচুৰ লগত আছিলা। ৬৮ কিন্তু তেওঁ অস্বীকাৰ কৰি কলে, তুমি কি কৈছা, মই তাক নাজানোঁও, নুবুজোঁও। তেতিয়া তেওঁ বাট-চৰালৈ ওলাই গলত, কুকুৰাই ডাক দিলে। ৬৯ পাছে সেই বেটীয়ে তেওঁক দেখি, ওচৰত থিয় হৈ থকাবিলাকক আকৌ কবলৈ ধৰিলে, ইও সিহঁতৰ মাজৰ এজন। ৭০ কিন্তু তেওঁ আকৌ অস্বীকাৰ কৰিলে। অলপ পাছত সেই ওচৰত থিয় হৈ থকাবিলাকে পিতৰক কলে, তুমি অৱশ্যে সিহঁতৰ মাজৰ এজন; কিয়নো তুমি গালীলীয়া মানুহ। ৭১ তাতে তেওঁ শাও আৰু শপত খাবলৈ ধৰি কলে, তোমালোকে যি মানুহৰ কথা কৈছা, তাক মই নিচিনোৱেই। ৭২ তেতিয়া কুকুৰাই দ্বিতীয়বাৰ ডাক দিলে। তাতে কুকুৰাই দুবাৰ ডাক দিয়াৰ আগেয়ে তুমি মোক তিনিবাৰ আসৈ মাতিবা, এই যি কথা যীচুৱে তেওঁক কৈছিল, সেই কথা পিতৰৰ মনত পৰিলত, তেওঁ চিন্তা কৰি, ক্ৰন্দন কৰিবলৈ ধৰিলে।
ia ২০০ ¶১৪
তেওঁ যীচুৰপৰা ক্ষমা কৰাৰ বিষয়ে শিকিলে
পিতৰে সতৰ্কতাৰে লাহে লাহে যিৰূচালেমৰ এটা প্ৰকাণ্ড অট্টালিকাৰ প্ৰৱেশ-দ্বাৰৰ ওচৰ পালেহি। এই ঘৰটো কায়াফা নামৰ এজন ধনী মহা-পুৰোহিতৰ আছিল। সাধাৰণতে এনে ঘৰবোৰত এখন চোতাল আৰু সন্মুখত এখন প্ৰৱেশ-দ্বাৰ আছিল। পিতৰে প্ৰৱেশ-দ্বাৰৰ বাহিৰত থিয় হয় আৰু ভিতৰত সোমোৱাৰ বাবে অনুমতি লাভ কৰা নাই। যোহনে মহা-পুৰোহিতক জানিছিল আৰু সেইবাবে তেওঁ আগৰেপৰা ভিতৰত আছিল। যোহনে বাহিৰলৈ আহি, দুৱৰীৰ লগত কথা-বতৰা হৈ, পিতৰক ভিতৰলৈ লৈ যায়। কিন্তু হʼব পাৰে যে প্ৰৱেশ-দ্বাৰৰ ভিতৰত সোমোৱাৰ পাছত পিতৰ আৰু যোহন একেলগে নাছিল। পিতৰে ঘৰৰ ভিতৰলৈ গৈ যীচুৰ কাষত থিয় হোৱাৰ বাবেও চেষ্টা কৰা নাছিল। ইয়াৰ পৰিৱৰ্তে, তেওঁ ঠাণ্ডা বতৰৰ বাবে জুই জ্বলাই জুই পোৱাই থকা দাস আৰু টেকেলাসকলৰ সৈতে ৰৈ থাকিল। তেওঁলোকে তাৰপৰা যীচুৰ বিৰুদ্ধে মিছা সাক্ষ্য দিয়া লোকসকলক ভিতৰলৈ অহা-যোৱা কৰা দেখা পাইছিল।—মাৰ্ক ১৪:৫৪-৫৭; যোহন ১৮:১৫, ১৬, ১৮.
it-২ ৬১৯ ¶৬
পিতৰ
পিতৰে আন এজন শিষ্যৰ সহায়ত মহা-পুৰোহিতৰ চোতাললৈ সোমাই যায়। (যোহন ১৮:১৫, ১৬) তেওঁ চোতালৰ কোনো এন্ধাৰ ঠাইত মনে মনে থিয় হৈ থকা নাছিল, বৰঞ্চ আগবাঢ়ি গৈ আন লোকসকলৰ সৈতে জুই পোৱাই আছিল। জুইৰ পোহৰত, তাত থকা আন লোকসকলে তেওঁক যীচুৰ শিষ্যবিলাকৰ মাজৰ এজনা হয় বুলি চিনি পাইছিল। পিতৰৰ কথা কোৱাৰ ধৰণৰ পৰাও লোকসকলে জানিব পাৰিছিল যে তেওঁ এজন গালীলীয়া লোক হয় আৰু সেইবাবে পিতৰৰ ওপৰত তেওঁলোকৰ সন্দেহ বাঢ়িছিল। যেতিয়া লোকসকলে তেওঁক অভিযোগ কৰিবলৈ ধৰে, তেতিয়া তেওঁ যীচুক চিনি নাপাওঁ বুলি তিনিবাৰ অস্বীকাৰ কৰে। আনকি পিতৰে নিজৰ কথা প্ৰমাণ কৰিবলৈ শপতো খাবলৈ ধৰে। তেতিয়াই, কʼৰবাত এটা কুকুৰাই দ্বিতীয়বাৰ ডাক দিয়ে আৰু যীচুৱে “ঘূৰি পিতৰলৈ” চায়। ইয়াৰ পাছত পিতৰে বাহিৰলৈ ওলাই যায় আৰু অতি শোকেৰে ক্ৰন্দন কৰিবলৈ ধৰে। (মথি ২৬:৬৯-৭৫; মাৰ্ক ১৪:৬৬-৭২; লূক ২২:৫৪-৬২; যোহন ১৮:১৭, ১৮; কুকুৰাৰ ডাক; শপত চাওক।) কিন্তু যীচুৱে পিতৰৰ অৰ্থে কৰা প্ৰাৰ্থনাৰ উত্তৰ যিহোৱাই দিছিল আৰু সেয়ে পিতৰে নিজৰ বিশ্বাসত স্থিৰে আছিল।—লূক ২২:৩১, ৩২.
আধ্যাত্মিক ৰত্ন বিচাৰক
(মাৰ্ক ১৪:৫১, ৫২) তেতিয়া কোনো এজন ডেকাই উদং গাত শণ সূতাৰ মিহি কাপোৰ এখন লৈ, তেওঁৰ লগত পাছে পাছে গৈছিল; তেওঁক তেওঁবিলাকে ধৰিলে; ৫২ কিন্তু তেওঁ কাপোৰখন এৰি উলঙ্গট হৈ পলাই গল।
w০৮ ২/১৫ ৩০ ¶৬
মাৰ্ক কিতাপৰ আলোকপাত
মাৰ্ক ১৪:৫১, ৫২—“উলঙ্গট হৈ পলাই” যোৱা ডেকা ব্যক্তিজন হয়তো কোন আছিল? কেৱল মাৰ্কে এই ঘটনাৰ বিষয়ে বৰ্ণনা কৰিছে। সেইবাবে, আমি যুক্তিসংগতভাৱে কʼব পাৰোঁ যে তেওঁ নিজৰ বিষয়ে উল্লেখ কৰিছে।
(মাৰ্ক ১৪:৬০-৬২) পাছে মহা-পুৰোহিতে মাজত থিয় হৈ যীচুক সুধিলে, বোলে, তুমি একো উত্তৰ নিদিয়া নে? তোমাৰ অহিতে এওঁবিলাকে কি সাক্ষ্য দিছে? ৬১ কিন্তু তেওঁ একো উত্তৰ নিদি, নিজম দি থাকিল। আকৌ মহা-পুৰোহিতে তেওঁক সুধিলে, তুমি পৰম ধন্য জনাৰ পুত্ৰ খ্ৰীষ্ট হোৱা নে? ৬২ তেতিয়া যীচুৱে কলে, মই হওঁ; আৰু তোমালোকে মানুহৰ পুত্ৰক পৰাক্ৰমৰ সোঁহাতে বহি থকা, আৰু আকাশৰ মেঘেৰে অহা দেখিবা।
jy ২৮৭ ¶৪
যীচুক হাননৰ ওচৰত আৰু তাৰ পাছত কায়াফাৰ ওচৰলৈ নিয়া হয়
কায়াফাই জানিছিল যে কোনোবাই যদি নিজকে ঈশ্বৰৰ পুত্ৰ হয় বুলি দাবী কৰে, তেনেহʼলে, যিহুদীসকল ভাল নাপাইছিল। ইয়াৰ আগতেও যেতিয়া যীচুৱে তেওঁৰ পিতৃ ঈশ্বৰ হয় বুলি কৈছিল, তেতিয়া যিহুদীসকলে তেওঁক হত্যা কৰিব বিচাৰিছিল। কাৰণ তেওঁলোকে দাবী কৰিছিল যে যীচুৱে “নিজকে ঈশ্বৰৰ সমান” কৰিছে। (যোহন ৫:১৭, ১৮; ১০:৩১-৩৯) সেইবাবে, কায়াফাই কৌশলতাৰে যীচুক এইদৰে কয়: “তোমাক জীৱনময় ঈশ্বৰৰ শপত দিছো, তুমি ঈশ্বৰৰ পুত্ৰ খ্ৰীষ্ট হোৱা নে নোহোৱা, আমাক কোৱা।” (মথি ২৬:৬৩) নিঃসন্দেহ, যীচু নিজেও স্বীকাৰ কৰিছে যে তেওঁ ঈশ্বৰৰ পুত্ৰ। (যোহন ৩:১৮; ৫:২৫; ১১:৪) কিন্তু এতিয়া যদি যীচুৱে মনে মনে থাকে, তেনেহʼলে তেওঁ ঈশ্বৰৰ পুত্ৰ আৰু খ্ৰীষ্ট হয় বুলি অস্বীকাৰ কৰা হʼব। সেইবাবে, যীচুৱে এইদৰে কয়: “মই হওঁ; আৰু তোমালোকে মানুহৰ পুত্ৰক পৰাক্ৰমৰ সোঁহাতে বহি থকা, আৰু আকাশৰ মেঘেৰে অহা দেখিবা।”—মাৰ্ক ১৪:৬২.
বাইবেল পাঠ
(মাৰ্ক ১৪:৪৩-৫৯) তেওঁ এই কথা কৈ থাকোঁতেই, বাৰ জনৰ মাজৰ যিহূদা আৰু তেওঁৰে সৈতে, প্ৰধান পুৰোহিত, অধ্যাপক, আৰু বৃদ্ধসকলৰ পৰা তৰোৱাল আৰু টাঙোন ধৰা এক লোকসমূহ আহিল। ৪৪ তেওঁক শোধাই দিয়াজনে তেওঁবিলাকক এই সঙ্কেত কৈ দিছিল, মই যি জনক চুমা খাম, তেৱেই সেই জন; তেওঁকে ধৰি, সাৱধানে লৈ যাবা। ৪৫ পাছে তেওঁ আহিয়েই, তেওঁৰ ওচৰলৈ গৈ, ৰব্বি, এই বুলি, তেওঁক চুমা খালে। ৪৬ তেতিয়া তেওঁবিলাকে তেওঁৰ গাত হাত দি, তেওঁক ধৰিলে। ৪৭ তাতে তেওঁৰ ওচৰত থিয় হৈ থকাবিলাকৰ মাজৰ এজনে তৰোৱাল উলিয়াই, মহা-পুৰোহিতৰ এজন দাসক ঘাপ মাৰি, তেওঁৰ কাণ এখন কাটি পেলালে। ৪৮ তেতিয়া যীচুৱে মাত লগাই তেওঁবিলাকক কলে, তোমালোকে তৰোৱাল আৰু টাঙোন লৈ ডকাইত ধৰাৰ নিচিনাকৈ মোক ধৰিবলৈ ওলাই আহিছা নে? ৪৯ মই ধৰ্ম্মধামত নিতৌ উপদেশ দি, তোমালোকৰ লগত আছিলোঁ; তেতিয়া তোমালোকে মোক নধৰিলা; কিন্তু শাস্ত্ৰীয় বচন সিদ্ধ হবলৈ এয়ে ঘটিছে। ৫০ তেতিয়া সকলোৱে তেওঁক এৰি, পলাই গল। ৫১ তেতিয়া কোনো এজন ডেকাই উদং গাত শণ সূতাৰ মিহি কাপোৰ এখন লৈ, তেওঁৰ লগত পাছে পাছে গৈছিল; তেওঁক তেওঁবিলাকে ধৰিলে; ৫২ কিন্তু তেওঁ কাপোৰখন এৰি উলঙ্গট হৈ পলাই গল। ৫৩ পাছে তেওঁবিলাকে যীচুক মহাপুৰোহিতৰ ওচৰলৈ লৈ গল। তেতিয়া সকলো প্ৰধান পুৰোহিত, বৃদ্ধলোক আৰু অধ্যাপকসকল তেওঁৰ লগত আহি গোট খালে। ৫৪ আৰু পিতৰে আঁতৰে আঁতৰে তেওঁৰ পাছে পাছে মহা-পুৰোহিতৰ চোতালৰ ভিতৰলৈকে গৈ, টেকেলাবোৰৰ লগত বহি, জুই পোৱাইছিল। ৫৫ তেতিয়া প্ৰধান পুৰোহিতসকল আৰু গোটেই মহা-সভাই যীচুক বধ কৰিবলৈ, তেওঁৰ বিৰুদ্ধে সাক্ষ্য বিচাৰিলে; কিন্তু নাপালে। ৫৬ কিয়নো অনেকে তেওঁৰ বিৰুদ্ধে মিছা সাক্ষ্য দিলে; কিন্তু তেওঁলোকৰ সাক্ষ্য নিমিলিল। ৫৭ পাছে কেইজনমানে উঠি, তেওঁৰ বিৰুদ্ধে মিছা সাক্ষ্য দি কলে, ৫৮ হাতে সজা এই মন্দিৰ মই নষ্ট কৰি, তিন দিনৰ ভিতৰত হাতে নকৰা আন এটা সাজিম, আমি তাক এনে কথা কোৱা শুনিলোঁ! ৫৯ কিন্তু ইয়াতো তেওঁলোকৰ সাক্ষ্য নিমিলিল।