জুন—জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা
জুন ৪-১০
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | মাৰ্ক ১৫-১৬
“যীচুৰ ওপৰত ভৱিষ্যতবাণী পূৰ হৈছে”
(মাৰ্ক ১৫:৩-৫) এনেতে প্ৰধান পুৰোহিতসকলে তেওঁৰ অনেক অপবাদ দিলে। ৪ তেতিয়া পীলাতে আকৌ তেওঁক সুধিলে, তুমি একো উত্তৰ নিদিয়া নে? চোৱা, এওঁবিলাকে তোমাৰ অহিতে কিমান অপবাদ দিছে! ৫ কিন্তু যীচুৱে আৰু একো উত্তৰ নিদিয়াত, পীলাতে বিস্ময় মানিলে।
(মাৰ্ক ১৫:২৪) পাছে তেওঁক ক্ৰুচত দি, কোনে কি পাব, তাৰ নিশ্চয় কৰিবলৈ, তেওঁৰ কাপোৰৰ কাৰণে চিঠী খেলাই, তেওঁৰ কাপোৰ বাঁটি ললে।
(মাৰ্ক ১৫:২৯, ৩০) পাছে অহা-যোৱা কৰা বাটৰুৱাবোৰে মূৰ জোকাৰি জোকাৰি নিন্দা কৰি কলে, হেৰৌ মন্দিৰ নষ্ট কৰোঁতা, আৰু তিন দিনৰ ভিতৰত সাজোঁতা, ৩০ নিজকে ৰক্ষা কৰ; আৰু ক্ৰুচৰ পৰা নাম।
মাৰ্ক ১৫:২৪, ২৯ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা
তেওঁৰ কাপোৰ বাঁটি ললে: যোহ ১৯:২৩, ২৪ পদত কিছুমান এনে ঘটনাৰ বিষয়ে বৰ্ণনা আছে, যি মথি, মাৰ্ক আৰু লূক কিতাপত বৰ্ণনা কৰা হোৱা নাই। ৰোমান সৈনিকসকলে হয়তো যীচুৱে গাত লোৱা কাপোৰ আৰু চোলাৰ অৰ্থে চিঠী খেলিলে। সৈনিকসকলে তেওঁৰ গাত লোৱা কাপোৰখন চাৰি ভাগ কৰি, গাইপতি এভাগ লʼলে। কিন্তু তেওঁলোকে চোলাটো ভাগ কৰিব বিচৰা নাছিল, সেইবাবে তেওঁলোকে চিঠী খেলালে আৰু গীতমালা ২২:১৮-ত মচীহৰ কাপোৰৰ বাবে চিঠী খেলা হʼব বুলি লিখা ভবিষ্যতবাণী পূৰ কৰে। উপলব্ধ প্ৰমাণে দেখুৱায় যে সেইসময়ৰ প্ৰথা অনুসৰি প্ৰাণদণ্ড দিয়া সৈনিকসকলে অপৰাধীসকলৰ কাপোৰ-কানি নিজে ৰাখি থৈছিল। সেইবাবে, অপৰাধীসকলক প্ৰাণদণ্ড দিয়াৰ আগতে তেওঁলোকৰ কাপোৰ খুলি ৰাখিছিল আৰু তেওঁলোকৰ আন আন বস্তুবোৰ লৈ লোৱা হৈছিল। এইদৰে অপৰাধীসকলক আৰু বেছিকৈ অপমানিত কৰা হৈছিল।
মূৰ জোকাৰি: সাধাৰণতে লোকসকলে কাৰোবাক ঠাট্টা কৰিবলৈ, হাঁহিয়াতৰ পাত্ৰ কৰিবলৈ বা তলতীয়া দেখুৱাবলৈ মূৰ জোকাৰি কিবা কিবি কয়। গীতমালা ২২:৭-ত কৰা ভবিষ্যতবাণী কাষেৰে অহা-যোৱা কৰা লোকসকলে অজানিতে পূৰ কৰিছিল।
(মাৰ্ক ১৫:৪৩) ঈশ্বৰৰ ৰাজ্যলৈ অপেক্ষা কৰি থকা এনে যি অৰিমাথিয়া নগৰৰ যোচেফ নামেৰে এজন ভদ্ৰ মেলুৱাই আছিল, তেওঁ আহি, পীলাতৰ ওচৰলৈ সাহেৰে সোমাই গৈ, যীচুৰ দেহ খুজিলে।
(মাৰ্ক ১৫:৪৬) তেতিয়া তেওঁ শণ সূতাৰ মিহি কাপোৰ কিনি, তেওঁক নমাই, সেই কাপোৰেৰে মেৰাই, শিলত খনা এটা মৈদামত শুৱাই থলে; পাছে মৈদামৰ দুৱাৰত এচটা শিল বগৰায় দিলে।
মাৰ্ক ১৫:২৪, ২৯ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা
যোচেফ: শুভবাৰ্ত্তা কিতাপৰ চাৰিজন লেখকে যোচেফৰ বিষয়ে বেলেগ বেলেগ তথ্য তুলি ধৰিছে। কৰ তোলা মথিয়ে উল্লেখ কৰে যে যোচেফ “এজন ধনী মানুহ” আছিল। মাৰ্কে বিশেষকৈ ৰোমানসকলৰ বাবে লিখিছিল। তেওঁ কৈছিল যে যোচেফ “এজন ভদ্ৰ মেলুৱাই” আছিল, যিয়ে ঈশ্বৰৰ ৰাজ্যৰ বাবে অপেক্ষা কৰিছিল। লূক নামৰ এজন চিকিৎসকে উল্লেখ কৰে যে যোচেফ এজন “উত্তম আৰু ধাৰ্ম্মিক লোক” আছিল আৰু তেওঁ যীচুৰ বিৰুদ্ধে লোৱা মহা-সভাৰ নিৰ্ণয়ক সমৰ্থন কৰা নাছিল। কেৱল যোহনে বৰ্ণনা কৰিছিল যে যোচেফ “যীচুৰ এজন শিষ্য, যি জন যিহূদীবিলাকৰ ভয়ত গুপুতে শিষ্য হৈছিল।”—মথি ২৭:৫৭-৬০; মাৰ্ক ১৫:৪৩-৪৬; লূক ২৩:৫০-৫৩; যোহ ১৯:৩৮-৪২.
আধ্যাত্মিক ৰত্ন বিচাৰক
(মাৰ্ক ১৫:২৫) তেতিয়া ন মান বজাত তেওঁবিলাকে তেওঁক ক্ৰুচত দিলে।
মাৰ্ক ১৫:২৫ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা
ন মান বজাত: কিছুমান লোকে ভাবিব পাৰে যে এই ঘটনা আৰু যোহন ১৯:১৪-১৬ পদত বৰ্ণনা কৰা সময়ৰ মাজত পাৰ্থক্য আছে। যোহনে বৰ্ণনা কৰিছে যে “ছয় বজাৰ” সময়ত পীলাতে যীচুক প্ৰাণদণ্ড দিয়াৰ বাবে শোধাই দিয়ে। যদিও শাস্ত্ৰপদে এই পাৰ্থক্যৰ বিষয়ে বহু কথা উল্লেখ কৰা নাই কিন্তু, ইয়াত কিছুমান মন কৰিবলগীয়া কথা লক্ষ্য কৰিব পাৰি। উদাহৰণস্বৰূপে, শুভবাৰ্ত্তাৰ কিতাপত যীচুৰ মৃত্যুৰ আগত হোৱা ঘটনাৰ সময়ৰ বিষয়ে যি উল্লেখ কৰা হৈছে, সেয়া প্ৰায়ে এটাই-আনটোৰ লগত মিল আছে। চাৰিওখন কিতাপৰ বৰ্ণনাই দেখুৱায় যে পুৰোহিত আৰু প্ৰাচীনসকলে সূৰ্য্য উদয় হোৱাৰ পাছত একত্ৰিত হৈ যীচুক ৰোমান ৰাজ্যপাল পন্তীয় পীলাতৰ ওচৰলৈ লৈ গৈছিল। (মথি ২৭:১, ২; মাৰ্ক ১৫:১; লূক ২২:৬৬–২৩:১; যোহন ১৮:২৮) মথি, মাৰ্ক আৰু লূক এই তিনিওজন লেখকে বৰ্ণনা কৰিছে যে যীচু খ্ৰীষ্টক যাতনা স্তম্ভত আঁৰি দিয়াৰ পাছত “বাৰ বজাৰ পৰা তিনি বজালৈকে” গোটেই দেশখন অন্ধকাৰে আৱৰি ধৰিছিল। (মথি ২৭:৪৫, ৪৬; মাৰ্ক ১৫:৩৩, ৩৪; লূক ২৩:৪৪) যাতনা স্তম্ভত যীচুক প্ৰাণদণ্ড দিয়া সময়ৰ বিষয়ে যি পাৰ্থক্য দেখা গৈছিল, তাৰ কাৰণ হয়তো হʼব পাৰে: কিছুমান লোকে ভাবিছিল যে যাতনা স্তম্ভত আঁৰি প্ৰাণদণ্ড দিয়া কাৰ্য্যৰ সৈতে চাবুকেৰে কোবোৱা সময়খিনিও জড়িত আছিল। কেতিয়াবা কেতিয়াবা ইমান নিষ্ঠুৰভাৱে চাবুকেৰে কোবোৱা হৈছিল যে পিড়িত ব্যক্তিজন, সেই সময়তে মৃত্যু হৈছিল। যীচু খ্ৰীষ্টকো চাবুকেৰে অতি নিষ্ঠুৰভাৱে কোবোৱা হৈছিল, যাৰ ফলত তেওঁ অকলে নিজৰ যাতনা স্তম্ভডাল কঢ়িয়াই নিব পৰা নাছিল। সেয়ে আন এজন ব্যক্তিয়ে তেওঁৰ যাতনা স্তম্ভডাল কঢ়িয়াবলগীয়া হৈছিল। (লূক ২৩:২৬; যোহ ১৯:১৭) যদি যাতনা স্তম্ভত অপৰাধীজনক আঁৰি দিয়াৰ সময়, চাবুকেৰে কোবোৱা সময়ৰপৰা আৰম্ভ হৈছিল, তেনেহʼলে নিশ্চয় যীচুক চাবুকেৰে কোবোৱা আৰু যাতনা স্তম্ভত আঁৰি দিয়াৰ সময়ৰ মাজত যথেষ্ট সময় পাৰ হৈছিল। এই বিষয়টোক সমৰ্থন কৰি মথি ২৭:২৬ আৰু মাৰ্ক ১৫:১৫ পদত চাবুকেৰে কোবোৱা আৰু যাতনা স্তম্ভত আঁৰি দিয়াৰ বিষয়টো একেলগে উল্লেখ কৰা হৈছে। গতিকে, যীচুক প্ৰাণদণ্ড দিবলৈ লৈ যোৱা আৰম্ভণিৰ সময়ৰ বিষয়ে, বিভিন্ন লোকে হয়তো যীচুৰ মৃত্যুৰ বিভিন্ন সময় বৰ্ণনা কৰে। সেইবাবে, যাতনা স্তম্ভত আঁৰি দিয়া কেৱল কিছুসময়ৰ পাছতেই যীচুৰ মৃত্যু হোৱাৰ কথাটো জানিব পাৰি, পীলাতে আচৰিত হৈছিল। (মাৰ্ক ১৫:৪৪) ইয়াৰ উপৰিও, সেই সময়ত ৰাতিৰ দৰে, গোটেই দিনটোক চাৰিটা প্ৰহৰত ভাগ কৰা হৈছিল আৰু প্ৰতিটো প্ৰহৰত তিনি ঘণ্টা আছিল। বাইবেলৰ লেখকসকলে এই অনুসৰিয়েই সময়ৰ বৰ্ণনা দিয়ে। সেইবাবে, বাইবেলত সাধাৰণতে তিনি, ছয় আৰু ন বজাৰ সময়ৰ বিষয়ে উল্লেখ কৰিছে আৰু এই ঘণ্টাবোৰ সূৰ্য্য উদয় হোৱা অৰ্থাৎ ৬ মান বজাৰপৰা হিচাব কৰা হয়। (মথি ২০:১-৫; যোহ ৪:৬; পাঁচ ২:১৫; ৩:১; ১০:৩, ৯, ৩০) ইয়াৰ উপৰিও, সেইসময়ত লোকসকলৰ ওচৰত কোনো ঘড়ী নাছিল। সেইবাবে, দিনৰ কিবা সময় উল্লেখ কৰাৰ সময়ত তেওঁলোকে যোহ ১৯:১৪ পদত উল্লেখ কৰাৰ দৰে “প্ৰায়” বা মান শব্দটো ব্যৱহাৰ কৰিছিল। (মথি ২৭:৪৬; লূক ২৩:৪৪; যোহ ৪:৬; পাঁচ ১০:৩, ৯) এই সকলো কথাৰ সাৰাংশ হৈছে: মাৰ্কে হয়তো যাতনা স্তম্ভত আঁৰি শাস্তি দিয়াৰ লগত চাবুকেৰে কোবোৱাৰ কথাও জড়িত কৰিছে। কিন্তু যোহনে কেৱল যাতনা স্তম্ভত আঁৰি মৃত্যুদণ্ড দিয়াৰ বিষয়ে উল্লেখ কৰিছে। দুয়োজন লেখকে হয়তো সময়ৰ বিষয়ে উল্লেখ কৰিছে। মাৰ্কে তৃতীয় ঘণ্টা আৰু যোহনে ষষ্ঠ ঘণ্টাৰ বিষয়ে উল্লেখ কৰিছিল। যোহনে সময়ৰ বিষয়ে উল্লেখ কৰাৰ সময়ত “মান” শব্দটো ব্যৱহাৰ কৰিছিল। হয়তো এনে কিছুমান কাৰণৰ বাবে শুভবাৰ্ত্তাৰ কিতাপত বেলেগ বেলেগ সময়ৰ বিষয়ে উল্লেখ কৰা হৈছে। মন কৰিবলগীয়া কথা যে কেইবা বছৰৰ পাছত যেতিয়া যোহনে যীচুৰ মৃত্যুৰ সময়ৰ বিষয়ে শুভবাৰ্ত্তাৰ কিতাপত লিখিছিল, তেতিয়া তেওঁ মাৰ্কৰ বিৱৰণৰপৰা হুবহু তুলি দিয়া নাছিল।
(মাৰ্ক ১৬:৮) তেতিয়া তেওঁলোক ওলাই, মৈদামৰ পৰা পলাল; কিয়নো তেওঁলোকৰ কম্পন আৰু বিস্ময় হল; আৰু তেওঁলোকে কাকো একো নকলে; কিয়নো তেওঁলোকৰ ভয় লাগিছিল।
মাৰ্ক ১৬:৮ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা
কিয়নো তেওঁলোকৰ ভয় লাগিছিল: বৰ্তমান সময়ত উপলব্ধ থকা প্ৰাচীন হস্তলিপিবোৰৰ অনুসৰি মাৰ্কে লিখা এই শুভবাৰ্ত্তাৰ কিতাপ, আঠ পদত দিয়া বাক্যৰ দ্বাৰা শেষ হয়। কিছুমান লোকে দাবী কৰে যে এইদৰে হঠাতে কোনো কিতাপৰ সমাপ্তি হʼব নোৱাৰে। কিন্তু এই দাবীৰ কোনো যুক্তি হʼব নোৱাৰে। কিয়নো মাৰ্কে সাধাৰণতে তেওঁৰ লিখনিত কম শব্দৰে বহু কথা বৰ্ণনা কৰিছিল। ইয়াৰ উপৰিও, চতুৰ্থ শতিকাৰ জেৰম আৰু ইউচিবিয়চ নামৰ বিদ্ধান কেইজনৰ অনুসৰি মাৰ্ক কিতাপখনৰ সমাপ্তি এই বাক্যৰে হৈছিল: “কিয়নো তেওঁলোকৰ ভয় লাগিছিল।”
এনে বহুতো গ্ৰীক হস্তলিপি আৰু আন আন ভাষাত কৰা অনুবাদ উপলব্ধ আছে, যʼত দীঘলীয়া সামৰণি বা চুটি সামৰণি ৮ পদৰ পাছত লিখা হৈছিল। দীঘলীয়া সামৰণি (যʼত বাৰটা অতিৰিক্ত পদ আছে) পঞ্চম শতিকাত কডেক্স এলেকজেন্দ্ৰীনাচ, কডেক্স এফ্ৰিমি চিৰি ৰিচক্ৰিপ্তাচ আৰু কডেক্স বেজি কেন্তাবৃজিএঞ্চিচত পোৱা যায়। এই সামৰণিৰ বাক্য লেটিন ভালগেট, কিউৰেট’-নিয়ান চিৰিয়াক আৰু চিৰিয়াক পেচিটাতো পোৱা যায়। কিন্তু এই সামৰণিৰ বাক্য চতুৰ্থ শতিকাৰ দুখন গ্ৰীক হস্তলিপি, কডেক্স চিনাইচিকাচ আৰু কডেক্স ভাটিকেনাচত, চতুৰ্থ আৰু পঞ্চম শতিকাৰ কডেক্স চিনাইচিকাচ চিৰিয়াকাচ বা পঞ্চম শতিকাৰ মাৰ্কৰ চাহিদিক কপ্টিক হস্তলিপিত উল্লেখ নাই। ঠিক সেইদৰে, আৰ্মেনিয়ান আৰু জৰ্জিয়ান ভাষাত, মাৰ্কৰ প্ৰাচীন হস্তলিপিটো ৮ পদত শেষ হয়।
পাছলৈ গ্ৰীক হস্তলিপি আৰু অন্য ভাষাৰ অনুবাদত চুটি সামৰণি উল্লেখ আছে (যʼত কেৱল এটা বা দুটা বাক্য লিখা আছে)। অষ্টম শতিকাৰ কডেক্স ৰেজিয়চত দুটা সামৰণিৰ বিষয়ে উল্লেখ আছে আৰু প্ৰথমতে চুটি সামৰণি আৰু তাৰ পাছত দীঘলীয়া সামৰণি লিখা হৈছে। প্ৰতিটো সামৰণিৰ আগত এটা টোকা লিখা আছে। টোকাটোত বৰ্ণনা কৰা হৈছে যে এই তথ্য অষ্টম শতিকাৰ বিদ্ধানসকলে সমৰ্থন কৰিছে। কিন্তু উপলব্ধ তথ্যই এইটো স্পষ্ট কৰে যে দুয়োটা সামৰণিৰ বাক্যৰ বিষয়টো প্ৰমাণিত নহয়।
চুটি সামৰণি
মাৰ্ক ১৬:৮ পদত উল্লেখ কৰা চুটি সামৰণিৰ বাক্য ঈশ্বৰৰ প্ৰেৰণাৰে লিখা শাস্ত্ৰপদৰ অংশ নহয়। ইয়াত এইদৰে উল্লেখ আছে:
কিন্তু যিবোৰ আজ্ঞা তেওঁলোকক দিয়া হৈছিল, সেই সকলোবোৰ তেওঁলোকে পিতৰৰ আশে-পাশে থকা লোকসকলক সংক্ষেপত বৰ্ণনা কৰিছিল। ইয়াৰ উপৰিও, এই সকলোৰে পাছত, যীচুৱে তেওঁলোকৰ দ্বাৰা পূবৰপৰা পশ্চিমলৈকে অনন্তকলীয়া পৰিত্ৰাণৰ বিষয়ে সৎ আৰু পবিত্ৰ বাৰ্ত্তা ঘোষণা কৰিছিল।
দীঘলীয়া সামৰণি
মাৰ্ক ১৬:৮ পদত উল্লেখ কৰা দীঘলীয়া সমাপ্তি বাক্য ঈশ্বৰৰ প্ৰেৰণাৰে লিখা শাস্ত্ৰপদৰ অংশ নহয়। ইয়াত এইদৰে উল্লেখ আছে:
সপ্তাহৰ প্ৰথম দিনা, ৰাতিপুৱা তেওঁ পুনৰুত্থিত হৈ, যি গৰাকীৰ পৰা তেওঁ সাতোটা ভূত খেদাইছিল, সেই মগ্দলীনী মৰিয়মক প্ৰথমতে দেখা দিলে। ১০ তাতে তেওঁ গৈ, শোক আৰু ক্ৰন্দন কৰি থকা তেওঁৰ পূৰ্ব্বৰ সঙ্গীবিলাকক বাৰ্ত্তা দিলে; ১১ কিন্তু তেওঁ জীৱিত আছে, আৰু তেওঁক দৰ্শন দিলে বুলি শুনিলত, তেওঁলোকে অবিশ্বাস কৰিলে। ১২ তাৰ পাছত তেওঁলোকৰ দুজনে ফুৰি, গাৱঁলৈ যাওঁতে, তেওঁ অন্য ৰূপ ধৰি, তেওঁলোকক দেখা দিলে। ১৩ তাতে তেওঁলোকে গৈ, আনবিলাকক সম্বাদ দিলে; কিন্তু তেওঁবিলাকে তেওঁবিলাককো বিশ্বাস নকৰিলে। ১৪ পাছে এঘাৰ জনে ভোজনত বহি থাকোঁতে, তেওঁ তেওঁলোকক দেখা দিলে; আৰু তেওঁৰ উত্থানৰ পাছত, তেওঁক দেখা পোৱাবিলাকক বিশ্বাস নকৰাৰ কাৰণে, তেওঁলোকৰ অবিশ্বাস আৰু কঠিন মনক গৰিহণা কৰিলে। ১৫ আৰু তেওঁ তেওঁলোকক কলে, তোমালোকে জগতৰ গোটেইখনলৈ গৈ, সমুদায় সৃষ্টিৰ আগত শুভবাৰ্ত্তা প্ৰচাৰ কৰা। ১৬ তাতে যি জনে বিশ্বাস কৰি বাপ্তাইজিত হয়, তেওঁ পৰিত্ৰাণ পাব; কিন্তু যি জনে অবিশ্বাস কৰে, তেওঁৰ দণ্ডাজ্ঞা কৰা হব আৰু এইবোৰ চিন, বিশ্বাস কৰাবিলাকৰ অনুগামী হব; ১৭ তেওঁবিলাকে মোৰ নামেৰে ভূত খেদাব; নতুন নতুন ভাষাৰে কথা কব; সাপক তুলি লব; ১৮ আৰু প্ৰাণ-নাশক কোনো বস্তু পান কৰিলেও, তেওঁবিলাকৰ একো হানি নকৰিব; নৰিয়াৰ গাত হাত দিলে, তেওঁবিলাকে ভাল হব। ১৯ এইদৰে তেওঁলোকে সৈতে কথা হোৱাৰ পাছত, প্ৰভু যীচুক স্বৰ্গলৈ নিয়া হল, আৰু তেওঁ ঈশ্বৰৰ সোঁহাতে বহিল। ২০ পাছে তেওঁলোকে ওলাই গৈ, সকলো ঠাইতে ঘোষণা কৰিব ধৰিলে; আৰু প্ৰভুৱে লগে লগে কাৰ্য্য কৰি, সেই অনুগামী চিনৰ দ্বাৰাই বাক্য সপ্ৰমাণ কৰিলে।
বাইবেল পাঠ
(মাৰ্ক ১৫:১-১৫) পাছে ৰাতি পুৱালতেই, প্ৰধান পুৰোহিত, বৃদ্ধ আৰু অধ্যাপকসকলে সৈতে, অৰ্থাৎ গোটেই মহাসভাই মন্ত্ৰণা কৰি, যীচুক বান্ধি লৈ গৈ, পীলাতৰ হাতত শোধাই দিলে। ২ তেতিয়া পীলাতে তেওঁক সুধিলে, তুমি যিহূদীবিলাকৰ ৰজা নে? তাতে তেওঁ উত্তৰ দি তেওঁক কলে, তুমিয়েই কৈছা। ৩ এনেতে প্ৰধান পুৰোহিতসকলে তেওঁৰ অনেক অপবাদ দিলে। ৪ তেতিয়া পীলাতে আকৌ তেওঁক সুধিলে, তুমি একো উত্তৰ নিদিয়া নে? চোৱা, এওঁবিলাকে তোমাৰ অহিতে কিমান অপবাদ দিছে! ৫ কিন্তু যীচুৱে আৰু একো উত্তৰ নিদিয়াত, পীলাতে বিস্ময় মানিলে। ৬ সেই পৰ্ব্বৰ সময়ত মানুহবিলাকে যি কোনো বন্দীক খোজে, তেওঁ তাকে তেওঁবিলাকলৈ মুকলি কৰে। ৭ তেতিয়া যি ৰাজদ্ৰোহীবিলাকে ৰাজদ্ৰোহত নৰ-বধ কৰিছিল, তেওঁবিলাকৰ লগত বন্ধ হোৱা বাৰাব্বা নামেৰে এজন আছিল। ৮ তাতে তেওঁ নিজৰ দস্তুৰমতে তেওঁবিলাকলৈ যেন কৰে, এই নিমিত্তে লোকসমূহে উঠি, নিবেদন কৰিবলৈ ধৰিলে। ৯ তেতিয়া পীলাতে তেওঁবিলাকক উত্তৰ দি কলে, যিহূদীবিলাকৰ ৰজাক তোমালোকলৈ যেন মুকলি কৰোঁ, তোমালোকে এনে ইচ্ছা কৰা নে? ১০ কিয়নো প্ৰধান পুৰোহিতসকলে অসূয়াৰে তেওঁক শোধাই দিছিল বুলি তেওঁ জানিবলৈ পাইছিল। ১১ কিন্তু তাতকৈ তেওঁ বাৰাব্বাক যেন মুকলি কৰে, এই আশয়েৰে প্ৰধান পুৰোহিতসকলে লোকসমূহক উচটালে। ১২ পাছে পীলাতে আকৌ উত্তৰ দি তেওঁবিলাকক সুধিলে, তেন্তে তোমালোকে যি জনক যিহূদীবিলাকৰ ৰজা বোলা, তেওঁক নো মই কি কৰিম? ১৩ তাতে তেওঁবিলাকে আকৌ আটাহ পাৰি কলে, তাক ক্ৰুচত দিয়ক। ১৪ তেতিয়া পীলাতে তেওঁবিলাকক কলে, কিয়? তেওঁ কি দোষ কৰিলে? কিন্তু তেওঁলোকে অধিককৈ আটাহ পাৰি কলে, তাক ক্ৰুচত দিয়ক। ১৫ তাতে পীলাতে লোকসমূহক সন্তুষ্ট কৰিবৰ মনেৰে, তেওঁবিলাকলৈ বাৰাব্বাক মুকলি কৰিলে, আৰু যীচুক চাবুকেৰে কোবোৱাই, ক্ৰুচত দিবলৈ শোধাই দিলে।
জুন ১১-১৭
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | লূক ১
“মৰিয়মৰ দৰে নম্ৰ হওক”
(লূক ১:৩৮) তাতে মৰিয়মে কলে, চোৱা, প্ৰভুৰ বেটী যি মই, মোলৈ আপুনি কোৱাৰ দৰেই হওক। তেতিয়া দূত তেওঁৰ ওচৰৰ পৰা গুচি গল।
ia ১৪৯ ¶১২
“চোৱা, প্ৰভুৰ বেটী যি মই”
মৰিয়মে গাব্ৰিয়েলক কʼলে: “চোৱা, প্ৰভুৰ বেটী যি মই, মোলৈ আপুনি কোৱাৰ দৰেই হওক।” (লূক ১:৩৮) ইয়াৰ দ্বাৰা তাইৰ নম্ৰতা আৰু আজ্ঞা পালন কৰিবলৈ সাজু থকা এগৰাকী তিৰোতা বুলি প্ৰমাণ পোৱা যায়। সেই সময়ত বেটী বা দাসীক সকলো কাম কৰা লোকসকলৰ ভিতৰত তুচ্ছ বুলি গণ্য কৰা হৈছিল। সাধাৰণতে তেওঁলোকৰ জীৱনৰ সকলো নিৰ্ণয় মালিক বা প্ৰভুৱে লৈছিল। মৰিয়মে তাইৰ প্ৰভু যিহোৱা ঈশ্বৰৰ বিষয়েও ঠিক তেনে মনোবৃত্তি ৰাখিছিল। মৰিয়মে জানিছিল যে যিহোৱা ঈশ্বৰৰ হাতত তাই সুৰক্ষিত। কিয়নো যিহোৱা ঈশ্বৰে দয়ালু জনাৰ লগত দয়া ব্যৱহাৰ কৰে। তাই এয়াও জানিছিল যে এই প্ৰত্যাহ্বানজনক দায়িত্ব ভালদৰে পালন কৰাৰ বাবে যিহোৱা ঈশ্বৰে তাইক নিশ্চয় আশীৰ্ব্বাদ কৰিব।—গীত ১৮:২৫.
(লূক ১:৪৬-৫৫) তেতিয়া মৰিয়মে কলে, মোৰ প্ৰাণে প্ৰভুৰ মহিমা বৰ্ণাইছে, ৪৭ মোৰ আত্মাই মোৰ ত্ৰাণকৰ্ত্তা ঈশ্বৰত উল্লাস কৰিলে। ৪৮ কিয়নো তেওঁ তেওঁৰ বেটীৰ নীহ অৱস্থালৈ চালে; আৰু চোৱা, এতিয়াৰ পৰা পুৰুষানুক্ৰমে সকলোৱে মোক ধন্যা বুলিব। ৪৯ কিয়নো পৰাক্ৰমী জনাই মোৰ নিমিত্তে মহৎ কৰ্ম্ম কৰিলে; আৰু তেওঁৰ নাম পবিত্ৰ। ৫০ যিবিলাকে তেওঁলৈ ভয় কৰে, পুৰুষে পুৰুষে তেওঁবিলাকৰ ওপৰত তেওঁৰ দয়া থাকে। ৫১ তেওঁ নিজ বাহুবলৰ দ্বাৰাই পৰাক্ৰমী কৰ্ম্ম কৰিলে। যিবিলাক নিজ নিজ হৃদয়ৰ কল্পনাত অহঙ্কাৰী, তেওঁবিলাকক তেওঁ ছিন্ন-ভিন্ন কৰিলে। ৫২ তেওঁ পৰাক্ৰমীসকলক সিংহাসনৰ পৰা নমাই, নীহ লোকক তুলি দিলে। ৫৩ তেওঁ ক্ষুধাতুৰবিলাকক উত্তম বস্তুৰে তৃপ্ত কৰাই, ধনৱন্তবিলাকক শুদা-হাতে পঠাই দিলে। ৫৪ তেওঁ আমাৰ ওপৰ-পুৰুষসকলক যেনেকৈ কৈছিল, তেনেকৈ অব্ৰাহাম আৰু তেওঁৰ বংশলৈ, ৫৫ চিৰকাল দয়া সুৱৰিবলৈ, তেওঁৰ সেৱক ইস্ৰায়েলক উপকাৰ কৰিলে।
ia ১৫১ ¶১৫-১৬
“চোৱা, প্ৰভুৰ বেটী যি মই”
ইয়াৰ পাছত মৰিয়মে কোৱা কথাখিনি ঈশ্বৰৰ বাক্যত লিপিবদ্ধ কৰা হৈছে। (লূক ১:৪৬-৫৫ পঢ়ক।) বাইবেলত উল্লেখ কৰা মৰিয়মৰ কথা-বতৰাবোৰৰ ভিতৰত এয়াই হৈছে তাই কোৱা আটাইতকৈ দীঘলীয়া বাক্য। ইয়াৰপৰা আমি মৰিয়মৰ বিষয়ে বহুতো কথা জানিব পাৰিম। মচীহৰ মাতৃ হোৱাৰ বিশেষ অধিকাৰ লাভ কৰি তাই কৃতজ্ঞতাভৰা হৃদয়েৰে যিহোৱা ঈশ্বৰৰ প্ৰশংসা কৰে। ইয়াৰপৰা যিহোৱা ঈশ্বৰৰ প্ৰতি থকা তাইৰ গভীৰ বিশ্বাস দেখিবলৈ পোৱা যায়। কিয়নো তাই বৰ্ণনা কৰে যে যিহোৱা ঈশ্বৰে অহঙ্কাৰী আৰু পৰাক্ৰমীসকলক ছিন্ন-ভিন্ন কৰে আৰু তেওঁক সেৱা কৰিবলৈ বিচৰা নীহ আৰু ক্ষুধাতুৰসকলক সহায় আগবঢ়ায়। ইয়ে ঈশ্বৰৰ প্ৰতি থকা তাইৰ বিশ্বাস আৰু গভীৰ জ্ঞান থকাৰ বিষয়ে প্ৰমাণ দিয়ে। তাই প্ৰায় ২০ বাৰমান হীব্ৰু শাস্ত্ৰপদৰপৰা উদ্ধৃতি দিছিল।
নিঃসন্দেহ, ঈশ্বৰৰ বাক্যৰ বিষয়ে মৰিয়মৰ গভীৰ জ্ঞান আছিল। কিন্তু তাই নিজৰ জ্ঞানৰ ওপৰত নিৰ্ভৰ নকৰি, নম্ৰতাৰে ঈশ্বৰৰ বাক্যত লিখা পদ ব্যৱহাৰ কৰি উত্তৰ দিছিল। তাইৰ গৰ্ভত থকা পুত্ৰয়ো ভৱিষ্যতে ঠিক তাইৰ দৰে একেই ভাৱনা প্ৰকাশ কৰিব: “এই উপদেশ মোৰ নিজৰ নহয়, মোক পঠোৱা জনাৰহে।” (যোহন ৭:১৬) আমি নিজকে এইদৰে সোধা উচিত: ‘মই ঈশ্বৰৰ বাক্যৰ প্ৰতি এনে সন্মান দেখুৱাওঁনে? অথবা মই নিজৰ জ্ঞান আৰু শিক্ষাৰ ওপৰত নিৰ্ভৰ কৰোঁ নেকি?’ মৰিয়মে স্পষ্টভাৱে জানিছিল যে এই ক্ষেত্ৰত তাইক কি কৰা উচিত।
আধ্যাত্মিক ৰত্ন বিচাৰক
(লূক ১:৭৪) তেনেকৈ তেওঁৰ সেৱক দায়ূদৰ বংশত তেওঁৰ ত্ৰাণৰ শিং,
লূক ১:৭৪ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা
ত্ৰাণৰ শিং: বা এক “শক্তিশালী ত্ৰাণকৰ্ত্তা।” বাইবেলত জন্তুৰ শিঙে প্ৰায়ে শক্তি বা জয়লাভ কৰাক চিত্ৰিত কৰে। (১চমূ ২:১; গীত ৭৫:৪, ৫, ১০; ১৪৮:১৪) ইয়াৰ উপৰিও, বাইবেলত ধাৰ্ম্মিক আৰু অধাৰ্ম্মিক শাসক আৰু তেওঁলোকৰ ৰাজ্যক শিঙৰ দ্বাৰা চিত্ৰিত কৰা হৈছে। তেওঁলোকে কৰা জয়লাভ শিঙেৰে ঠেলি দিয়াৰ লগত তুলনা কৰিব পাৰি। (দ্বিতী ৩৩:১৭; দানি ৭:২৪; ৮:২-১০, ২০-২৪) এই প্ৰসংগত, “ত্ৰাণৰ শিং” বুলিলে মচীহক চিত্ৰিত কৰে। কিয়নো এজন শক্তিশালী ত্ৰাণকৰ্ত্তা হিচাপে উদ্ধাৰ কৰাৰ বাবে তেওঁৰ ওচৰত শক্তি আছে।
(লূক ১:৭৬, ৭৯) আৰু, হে লʼৰাটি, তুমিও সৰ্ব্বোপৰি জনাৰ ভাববাদী বুলি প্ৰখ্যাত হবা। ৭৯ সেই পৰিত্ৰাণৰ জ্ঞান তেওঁৰ মানুহবিলাকক দিবলৈ, তেওঁৰ আগে আগে প্ৰভুৰ পথ যুগুত কৰিবলৈ তুমি যাবা।
লূক ১:৭৬, ৭৯ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা
তেওঁৰ আগে আগে প্ৰভুৰ [যিহোৱা, NW] পথ যুগুত কৰিবলৈ তুমি যাবা: যোহন বাপ্তাইজকে “আগে আগে” যোৱাৰ অৰ্থ হৈছে যে তেওঁ যীচুৰ বাবে পথ প্ৰস্তুত কৰিব আৰু এই যীচুৱে পিতৃৰ নামেৰে আৰু তেওঁৰ প্ৰতিনিধি হিচাপে পৃথিৱীলৈ আহিব।—যোহ ৫:৪৩; ৮:২৯; এই পদত যিহোৱাৰ বিষয়ে অধ্যয়নৰ টোকা চাওক।
বাইবেল পাঠ
(লূক ১:৪৬-৬৬) তেতিয়া মৰিয়মে কলে, মোৰ প্ৰাণে প্ৰভুৰ মহিমা বৰ্ণাইছে, ৪৭ মোৰ আত্মাই মোৰ ত্ৰাণকৰ্ত্তা ঈশ্বৰত উল্লাস কৰিলে। ৪৮ কিয়নো তেওঁ তেওঁৰ বেটীৰ নীহ অৱস্থালৈ চালে; আৰু চোৱা, এতিয়াৰ পৰা পুৰুষানুক্ৰমে সকলোৱে মোক ধন্যা বুলিব। ৪৯ কিয়নো পৰাক্ৰমী জনাই মোৰ নিমিত্তে মহৎ কৰ্ম্ম কৰিলে; আৰু তেওঁৰ নাম পবিত্ৰ। ৫০ যিবিলাকে তেওঁলৈ ভয় কৰে, পুৰুষে পুৰুষে তেওঁবিলাকৰ ওপৰত তেওঁৰ দয়া থাকে। ৫১ তেওঁ নিজ বাহুবলৰ দ্বাৰাই পৰাক্ৰমী কৰ্ম্ম কৰিলে। যিবিলাক নিজ নিজ হৃদয়ৰ কল্পনাত অহঙ্কাৰী, তেওঁবিলাকক তেওঁ ছিন্ন-ভিন্ন কৰিলে। ৫২ তেওঁ পৰাক্ৰমীসকলক সিংহাসনৰ পৰা নমাই, নীহ লোকক তুলি দিলে। ৫৩ তেওঁ ক্ষুধাতুৰবিলাকক উত্তম বস্তুৰে তৃপ্ত কৰাই, ধনৱন্তবিলাকক শুদা-হাতে পঠাই দিলে। ৫৪ তেওঁ আমাৰ ওপৰ-পুৰুষসকলক যেনেকৈ কৈছিল, তেনেকৈ অব্ৰাহাম আৰু তেওঁৰ বংশলৈ, ৫৫ চিৰকাল দয়া সুৱৰিবলৈ, তেওঁৰ সেৱক ইস্ৰায়েলক উপকাৰ কৰিলে। ৫৬ পাছে এলীচাবেতৰ লগত মৰিয়ম তিনি মাহমান থাকি নিজৰ ঘৰলৈ উলটি গল। ৫৭ পাছে এলীচাবেতৰ প্ৰসৱৰ কাল পূৰ হলত, তেওঁ পুত্ৰ প্ৰসৱ কৰিলে। ৫৮ তাতে, প্ৰভুৱে তেওঁলৈ মহা-অনুগ্ৰহ কৰিলে, ইয়াকে শুনি ওচৰ-চুবুৰীয়া আৰু জ্ঞাতিবিলাকে তেওঁৰে সৈতে আনন্দ কৰিলে। ৫৯ আৰু অষ্টম দিনা তেওঁবিলাকে লʼৰাটিৰ চুন্নত কৰিবলৈ আহি, বাপেকৰ নামৰ দৰে তেওঁৰ নামো জখৰিয়া বুলি থব খুজিছিল; ৬০ কিন্তু তেওঁৰ মাকে উত্তৰ দি কলে, নহয়, ইয়াৰ নাম যোহন্হে হব। ৬১ তেতিয়া তেওঁবিলাকে কলে, তোমাৰ বংশৰ মাজত এই নাম কাৰো নাই। ৬২ পাছে তেওঁবিলাকে বাপেকক সঙ্কেত দি সুধিলে, তুমি কি নাম দিবলৈ ইচ্ছা কৰা? ৬৩ তেতিয়া তেওঁ ফলি খুজি তাত লিখিলে, ইয়াৰ নাম যোহন। ৬৪ তাতে সকলোৱে বিস্ময় মানিলে। তেতিয়াই তেওঁৰ মুখ আৰু জিবাৰ বান্ধ মুকলি হলত, তেওঁৰ ঈশ্বৰৰ স্তুতিবাদ কৰিবলৈ ধৰিলে। ৬৫ তাতে ওচৰ-চুবুৰীয়া সকলোবিলাকৰ ভয় লাগিল; আৰু যিহূদিয়াৰ গোটেই পৰ্ব্বতীয়া দেশত এই সকলো কথা ব্যাপি গলত, যিবিলাকে শুনিলে, তেওঁবিলাক সকলোৱে, ৬৬ এই লʼৰাটি নো কি হব বুলি, নিজৰ নিজৰ মনত সেই সকলো কথা ৰাখিলে; কিয়নো প্ৰভুৰ হাত তেওঁৰ লগত আছিল।
জুন ১৮-২৪
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | লূক ২-৩
“কিশোৰ-কিশোৰীসকল—তোমালোকে আধ্যাত্মিকভাৱে উন্নতি কৰিছানে?”
(লূক ২:৪১, ৪২) তেওঁৰ মাক-বাপেক বছৰে বছৰে নিস্তাৰ-পৰ্ব্বৰ সময়ত যিৰূচালেমলৈ যায়। ৪২ এইদৰে, তেওঁ বাৰ বছৰ বয়সীয়া হলত, তেওঁলোকে পৰ্ব্বৰ ৰীতিৰ দৰে তালৈ গৈ,
লূক ২:৪১ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা
তেওঁৰ মাক-বাপেক বছৰে বছৰে নিস্তাৰ-পৰ্ব্বৰ সময়ত যিৰূচালেমলৈ যায়: মোচিৰ নিয়ম অনুসৰি তিৰোতাসকল নিস্তাৰ-পৰ্ব্বৰ বাবে যিৰূচালেম যোৱাটো বাধ্যতামূলক নাছিল। তথাপিও মৰিয়মে প্ৰতি বছৰে নিস্তাৰ-পৰ্ব্ব পালন কৰিবলৈ যোচেফৰ লগত তালৈ গৈছিল। (যাত্ৰা ২৩:১৭; ৩৪:২৩) প্ৰতি বছৰে নিজৰ বাঢ়ি অহা পৰিয়ালৰ সদস্যসকলৰ সৈতে তেওঁলোকে যিৰূচালেমলৈ অহা-যোৱাৰ বাবে প্ৰায় ৩০০ কিলোমিটাৰ (১৯০ মাইল) যাত্ৰা কৰিছিল।
(লূক ২:৪৬, ৪৭) তিন দিনৰ পাছত তেওঁলোকে তেওঁক ধৰ্ম্মধামত পালে, তেওঁ পণ্ডিতসকলৰ মাজত বহি, আৰু তেওঁলোকৰ কথা শুনি, তেওঁলোকক প্ৰশ্ন ধৰি আছিল। ৪৭ আৰু যিবিলাকে তেওঁৰ কথা শুনিলে, তেওঁবিলাক সকলোৱে তেওঁৰ বুদ্ধি আৰু উত্তৰত বিস্ময় মানিলে।
লূক ২:৪৬, ৪৭ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা
তেওঁলোকক প্ৰশ্ন ধৰি আছিল: যীচুৰ কথা শুনি থকা লোকসকলৰ প্ৰতিক্ৰিয়াৰপৰা জানিব পাৰি যে যীচুৱে সোধা প্ৰশ্নবোৰ, কোনো এজন সৰু লʼৰাই সোধা প্ৰশ্নৰ দৰে নাছিল। (লূক ২:৪৭) গ্ৰীক অনুবাদত “প্ৰশ্ন ধৰি” কথাষাৰ কিছুমান ক্ষেত্ৰত আদালতত সোধ-পোছৰ সময়ত কৰা প্ৰশ্ন উত্তৰৰ দৰে বুজিব পাৰি। (মথি ২৭:১১; মাৰ্ক ১৪:৬০, ৬১; ১৫:২, ৪; পাঁচ ৫:২৭) বুৰঞ্জীবিদসকলে বৰ্ণনা কৰে যে কিছুমান ডাঙৰ ডাঙৰ ধাৰ্ম্মিক পণ্ডিতে পৰ্ব্বৰ পাছত মন্দিৰতে থাকি, মুকলি চোতালত লোকসকলক শিক্ষা দিছিল। লোকসকলে পণ্ডিতসকলৰ ভৰিৰ ওচৰত বহি তেওঁলোকৰ কথা শুনিছিল আৰু প্ৰশ্ন সুধিছিল।
সকলোৱে তেওঁৰ বুদ্ধি আৰু উত্তৰত বিস্ময় মানিলে: “বিস্ময় মানিলে” কথাষাৰৰ বাবে ব্যৱহাৰ হোৱা গ্ৰীক ক্ৰিয়াপদৰ অৰ্থ হয়তো একেৰাহে বা বাৰে বাৰে বিস্ময় হোৱাক বুজায়।
(লূক ২:৫১, ৫২) পাছে তেওঁ তেওঁলোকৰ লগত গৈ, নাচৰৎ পাই, তেওঁলোকৰ বশ হৈ থাকিল; কিন্তু তেওঁৰ মাকে এই সকলো কথা নিজৰ মনত ৰাখিলে। ৫২ পাছে যীচু জ্ঞানত, বয়সত, আৰু ঈশ্বৰ আৰু মনুষ্যৰ দৃষ্টিতে অনুগ্ৰহতো বৃদ্ধি পাই থাকিল।
লূক ২:৫১, ৫২ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা
বশ হৈ থাকিল: বা “তেওঁলোকৰ অধীনত থাকিল; বাধ্য হৈ থাকিল।” ইয়াত ব্যৱহাৰ হোৱা গ্ৰীক ক্ৰিয়াপদে একেৰাহে হোৱা কামক উনুকিয়াই দিয়ে। ইয়াৰপৰা বুজিব পাৰি যে মন্দিৰত ধাৰ্ম্মিক পণ্ডিতসকলক ঈশ্বৰৰ বাক্যৰ জ্ঞানেৰে প্ৰভাৱিত কৰাৰ পাছত, যীচু ঘৰলৈ উভতি গৈ নম্ৰতাৰে মা-দেউতাৰ অধীন হৈ থাকিল। আন আন লʼৰা-ছোৱালীৰ তুলনাত যীচুৰ অধীনতা অতি গুৰুত্বপূৰ্ণ আছিল। তেওঁ মোচিৰ নিয়মত বৰ্ণনা কৰা প্ৰতিটো কথা পূৰ কৰিছিল।—যাত্ৰা ২০:১২; গালা ৪:৪, ৫.
আধ্যাত্মিক ৰত্ন বিচাৰক
(লূক ২:১৪) উৰ্দ্ধলোকত ঈশ্বৰৰ মহিমা, আৰু পৃথিবীত, প্ৰীতিৰ পাত্ৰ মানুহবিলাকৰ মাজত শান্তি।
লূক ২:১৪ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা
আৰু পৃথিবীত, প্ৰীতিৰ পাত্ৰ মানুহবিলাকৰ মাজত শান্তি: কিছুমান হস্তলিপিৰ অনুসৰি এই বাক্যশাৰীৰ অনুবাদ এইদৰেও কৰিব পাৰি: “আৰু পৃথিবীত শান্তি আৰু মানুহবিলাকৰ মাজত কল্যাণ হওক।” এই বাক্য কিছুমান বাইবেলৰ অনুবাদত দেখিবলৈ পোৱা যায়। কিন্তু নিউ ৱৰ্ল্ড ট্ৰানচলেশ্ব্যানে অধিক নিৰ্ভৰযোগ্য হস্তলিপিৰ সহায় লৈ এই বাক্য অনুবাদ কৰিছে। স্বৰ্গদূতে কোৱা কথাষাৰৰ অৰ্থ এয়া নাছিল যে লোকসকলে যিয়েই মনোবৃত্তি নেদেখুৱাওক কিয় বা যিয়েই কাৰ্য্য নকৰক কিয়, ঈশ্বৰ তেওঁলোকৰ ওপৰত আনন্দিত। ইয়াৰ পৰিৱৰ্তে, ঈশ্বৰে সেই লোকসকলৰ প্ৰতি আনন্দিত, যিসকলে তেওঁৰ ওপৰত গভীৰ বিশ্বাস দেখুৱায় আৰু তেওঁৰ পুত্ৰৰ অনুকাৰী হয়।—এই পদত প্ৰীতিৰ পাত্ৰ মানুহবিলাকৰ বিষয়ে অধ্যয়নৰ টোকা চাওক।
প্ৰীতিৰ পাত্ৰ মানুহবিলাক: “প্ৰীতিৰ পাত্ৰ” বুলিলে মানুহে প্ৰীতি দেখুৱাটো নহয়, কিন্তু ঈশ্বৰে প্ৰীতি দেখুৱাটো বুজায়। গ্ৰীক ভাষাৰ ইউডʼকিয়া শব্দটো “অনুগ্ৰহ; সন্তোষ; অনুমোদন।” বুলি অনুবাদ কৰিব পাৰি। ইয়াৰ লগত জড়িত ইউডʼকিয়া ক্ৰিয়াপদটো মথি ৩:১৭; মাৰ্ক ১:১১ আৰু লূক ৩:২২ (মথি ৩:১৭; মাৰ্ক ১:১১ পদৰ ওপৰত অধ্যয়নৰ টোকা চাওক) পদত ব্যৱহাৰ কৰা হৈছে। এই পদবোৰত ঈশ্বৰে পুত্ৰৰ বাপ্তিষ্মাৰ পাছতহে কথা পতা দেখিবলৈ পোৱা যায়। ইয়াৰ মূল অৰ্থ হৈছে, “অনুমোদন কৰা, কাৰোবাৰ প্ৰতি আনন্দিত হোৱা, কাৰোবাক অনুগ্ৰহ দেখুৱা, কাৰোবাৰ বাবে সুখী হোৱা।” এই শব্দবোৰ মনত ৰাখি “প্ৰীতিৰ পাত্ৰ মানুহবিলাক” (এনথ্ৰʼপইচ ইউডʼকিয়া) বুলি কওঁতে, সেই লোকসকলৰ বিষয়ে কোৱা হৈছে, যিসকলক ঈশ্বৰে অনুমোদন কৰিছে। ইয়াক এইদৰেও অনুবাদ কৰিব পাৰি: “যাক তেওঁ অনুমোদন কৰে; যাৰ প্ৰতি তেওঁ আনন্দিত।” সেইবাবে, স্বৰ্গদূতে ঘোষণা কৰা এই বাক্যৰ অৰ্থ এইটো নহয় যে প্ৰতিজন লোকক ঈশ্বৰে প্ৰীতি দেখুৱায়। কিন্তু যিসকলে তেওঁৰ ওপৰত গভীৰ বিশ্বাস ৰাখে আৰু তেওঁৰ পুত্ৰৰ অনুকাৰী হৈ থাকে, তেওঁলোককহে ঈশ্বৰে প্ৰীতি দেখুৱায়। যদিও গ্ৰীক ভাষাৰ ইউডʼকিয়া শব্দটো কিছুমান ক্ষেত্ৰত মানুহে দেখুৱা প্ৰীতিকো চিত্ৰিত কৰে, (ৰোম ১০:১; ফিলি ১:১৫) কিন্তু এই শব্দৰ দ্বাৰা প্ৰায়ে ঈশ্বৰৰ প্ৰীতি বা আনন্দ বা তেওঁ অনুমোদন কৰা কাৰ্য্যবোৰক বুজায়। (মথি ১১:২৬; লূক ১০:২১; ইফি ১:৫, ৯; ফিলি ২:১৩; ২থিচ ১:১১) ছেপ্টুৱেজিন্টত গীতমালা ৫১:১৮-ত [৫০:২০, LXX] ইউডʼকিয়া শব্দটো ঈশ্বৰৰ “অনুগ্ৰহ” বুজোৱাৰ বাবে ব্যৱহাৰ কৰা হৈছে।
(লূক ৩:২৩) যীচুৱে কাৰ্য্য আৰম্ভ কৰা সময়ত, তেওঁৰ বয়স ডেৰ কুৰিমান বছৰ হৈছিল; (লোকে বুজাৰ দৰে) তেওঁ যোচেফৰ পুত্ৰ; যোচেফ এলিৰ পুত্ৰ।
wp১৬.৩ ৯ ¶১-৩
আপুনি জানেনে?
যোচেফৰ পিতৃ কোন আছিল?
যোচেফে নাচৰৎ নামৰ ঠাইখনত বাস কৰিছিল আৰু তেওঁ বাঢ়ৈৰ কাম কৰিছিল। যোচেফ, যীচুৰ তোলনীয়া পিতৃ আছিল। কিন্তু যোচেফৰ পিতৃ কোন আছিল? মথি নামৰ শুভবাৰ্ত্তাৰ কিতাপখনৰ যীচুৰ বংশাৱলীত, যোচেফ যাকোবৰ পুত্ৰ বুলি উল্লেখ কৰা হৈছে, কিন্তু লূকে লিখা কিতাপত “যোচেফ এলিৰ পুত্ৰ” বুলি বৰ্ণনা কৰিছে। দুয়োজন লেখকৰ বৰ্ণনাত কিয় প্ৰভেদ দেখিবলৈ পোৱা যায়?—লূক ৩:২৩; মথি ১:১৬.
মথিয়ে এইদৰে উল্লেখ কৰিছে: “যাকোবৰ পুত্ৰ যোচেফ।” ইয়াৰ বাবে ব্যৱহাৰ কৰা গ্ৰীক শব্দটোৱে স্পষ্ট কৰে যে যোচেফৰ প্ৰকৃত পিতৃ আছিল যাকোব। মথিয়ে যোচেফৰ বংশাৱলী বৰ্ণনা কৰিছে আৰু ইয়ে দেখুৱায় যে যোচেফৰ তোলনীয়া পুত্ৰ হিচাপে দায়ূদৰ ৰাজকীয় সিংহাসনত বহি শাসন কৰাৰ আইনগত অধিকাৰ কেৱল যীচুৰ আছে। কিয়নো যোচেফ দায়ূদৰ বংশৰ আছিল।
আনহাতে, লূকে এইদৰে বৰ্ণনা কৰিছে: “যোচেফ এলিৰ পুত্ৰ” আছিল। ইয়াত “পুত্ৰ” শব্দটোৰ অৰ্থ “জোঁৱাই” বুলিও হʼব পাৰে। এনেধৰণৰ আন এটা উদাহৰণ লূক ৩:২৭ পদত দেখিবলৈ পোৱা যায়। এই পদত চল্টায়েল ‘নেৰিৰ পুত্ৰ’ বুলি উল্লেখ কৰা আছে। কিন্তু চল্টায়েলৰ প্ৰকৃত পিতৃৰ নাম আছিল যেখনীয়া। (১ বংশাৱলি ৩:১৭; মথি ১:১২) চল্টায়েলে নেৰিৰ কন্যাক বিয়া কৰে, যাৰ নাম বাইবেলত উল্লেখ নাই। এইদৰে নেৰিৰ কন্যাক বিয়া কৰাৰ বাবে চল্টায়েল নেৰিৰ জোঁৱাই হৈ পৰে। ঠিক সেইদৰে, যোচেফে এলিৰ কন্যা মৰিয়মক বিয়া কৰি, এলিৰ পুত্ৰ হৈ পৰে। গতিকে লূকে, মৰিয়মে জন্ম দিয়া যীচুৰ “শৰীৰ” অনুসৰি বংশাৱলী বৰ্ণনা কৰে। (ৰোমীয়া ১:৩) এইদৰে বাইবেলে যীচুৰ বিষয়ে দুটা বেলেগ বেলেগ বংশাৱলীৰ বৰ্ণনা কৰে, যাৰপৰা আমি বহুতো কথা শিকিব পাৰোঁ।
বাইবেল পাঠ
(লূক ২:১-২০) সেই সময়ত, জগতখনেই নাম লিখি দিবলৈ আগস্ত কৈচৰৰ পৰা হুকুম হল। ২ চিৰিয়া দেশৰ অধিপতি কুৰীণিয়ৰ দিনত এয়ে প্ৰথম পিয়ল হৈছিল। ৩ তাতে নাম লিখাবলৈ, সকলো মানুহ নিজৰ নিজৰ নগৰলৈ গল। ৪ আৰু যোচেফেও নাম লিখাবলৈ তেওঁলৈ বাগ্দান কৰা গৰ্ভৱতী মৰিয়মক লগত লৈ, ৫ নিজে দায়ূদৰ বংশ আৰু গোষ্ঠীৰ হোৱা হেতুকে, গালীলৰ নাচৰৎ নগৰৰ পৰা যিহূদিয়ালৈ বৈৎলেহম নামেৰে দায়ূদৰ নগৰলৈ গল। ৬ পাছে তেওঁলোক তাতে থাকোঁতে, মৰিয়মৰ প্ৰসৱৰ কাল পূৰ হলত, তেওঁ নিজৰ জ্যেষ্ঠ পুত্ৰ প্ৰসৱ কৰিলে। ৭ আৰু তেওঁক কাপোৰেৰে মেৰিয়াই, দানা-পাত্ৰত শুৱাই থলে; কাৰণ আলহীঘৰত তেওঁলোকৰ নিমিত্তে ঠাই নাছিল। ৮ তেতিয়া সেই দেশৰ কেতবিলাক মেৰ-ৰখীয়াই পথাৰত নিজৰ নিজৰ জাকবোৰ ৰাতি পৰ দি ৰখি আছিল। ৯ এনেতে প্ৰভুৰ এজন দূত আহি তেওঁলোকৰ ওচৰত থিয় হল, আৰু তেওঁলোকৰ চাৰিওফালে প্ৰভুৰ মহিমা প্ৰকাশিত হল; তাতে তেওঁলোকৰ অতিশয় ভয় লাগিল। ১০ কিন্তু দূতে তেওঁলোকক কলে, ভয় নকৰিবা; কিয়নো চোৱা, যি শুভবাৰ্ত্তা সকলো লোকৰ নিমিত্তে হব, সেই মহা আনন্দৰ শুভবাৰ্ত্তা মই তোমালোকক জনাওঁ যে, ১১ আজি দায়ূদৰ নগৰত তোমালোকৰ নিমিত্তে ত্ৰাণকৰ্ত্তা জন্মিল; তেওঁ অভিষিক্ত প্ৰভু। ১২ আৰু এয়ে তোমালোকলৈ চিন হব যে, লʼৰাটিক কাপোৰেৰে মেৰিয়াই দানা-পাত্ৰত শুৱাই থোৱা দেখা পাবা। ১৩ তেতিয়া অকস্মাতে স্বৰ্গবাহিনীৰ এক বৃহৎ দলে সেই দূতৰ লগ লৈ, ১৪ উৰ্দ্ধলোকত ঈশ্বৰৰ মহিমা, আৰু পৃথিবীত, প্ৰীতিৰ পাত্ৰ মানুহবিলাকৰ মাজত শান্তি; এই বুলি ঈশ্বৰৰ স্তুতি কৰিলে। ১৫ পাছে তেওঁলোকৰ ওচৰৰ পৰা দূতবিলাক স্বৰ্গলৈ গলত, মেৰ-ৰখীয়াবিলাকে ইজনে সিজনক কলে, আহাঁ, প্ৰভুৱে আমাক জনোৱা যি কথা ঘটিল, তাক চাবলৈ এতিয়া বৈৎলেহমলৈকে যাওঁহঁক। ১৬ তাতে তেওঁলোকে বেগাই গৈ, মৰিয়ম, যোচেফ, আৰু দানা-পাত্ৰত শুৱাই থোৱা লʼৰাটিক বিচাৰি দেখা পালে। ১৭ আৰু দেখি, সেই লʼৰাটিৰ অৰ্থে তেওঁলোকক যি যি কোৱা হৈছিল, সেই সকলো কথা জনালে। ১৮ তাতে যিবিলাকে শুনিলে, তেওঁবিলাক সকলোৱে, মেৰ-ৰখীয়াবিলাকে কোৱা কথাত বিস্ময় মানিলে। ১৯ কিন্তু মৰিয়মে এই সকলো কথা বিবেচনা কৰি মনত ৰাখিলে। ২০ পাছে মেৰ-ৰখীয়াবিলাকক যেনেকৈ কোৱা হৈছিল, তেনেকৈ তেওঁলোকে সকলো দেখি শুনি, ঈশ্বৰৰ গুণ গাই স্তুতি কৰি কৰি উলটি গল।
জুন ২৫–জুলাই ১
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | লূক ৪-৫
“প্ৰলোভনৰ সন্মুখীন হোৱাৰ সময়ত যীচু দৰে প্ৰতিৰোধ কৰক”
(লূক ৪:১-৪) পাছে যীচু, পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হৈ, যৰ্দ্দন নদীৰ পৰা উলটি আহি, দুকুৰি দিনলৈকে অৰণ্যত আত্মাৰে চালিত হৈ, চয়তানৰ দ্বাৰাই পৰীক্ষিত হৈ আছিল। ২ সেই কেইদিনত তেওঁ একো নাখালে; পাছে সেয়ে শেষ হলত, তেওঁৰ ভোক লাগিল। ৩ তেতিয়া চয়তানে তেওঁক কলে, তুমি যদি ঈশ্বৰৰ পুত্ৰ হোৱা, তেন্তে এই শিল পিঠা হবলৈ দিয়া। ৪ তাতে যীচুৱে উত্তৰ দিলে, মানুহ অকল পিঠাৰে নিজীয়ে, এনে লিখা আছে।
w১৩ ৮/১৫ ২৫ ¶৮
আপুনি কেনেধৰণৰ ব্যক্তি হোৱা উচিত, তাৰ বিষয়ে বিবেচনা কৰক
যেতিয়া যীচু অৰণ্যত আছিল, তেতিয়া তেওঁক প্ৰলোভিত কৰিবলৈ চয়তানে সেই একেই পদ্ধতি অৱলম্বন কৰিছিল। যীচুৱে ৪০ দিন আৰু ৪০ ৰাতি একো নোখোৱাকৈ থকাৰ পাছত, চয়তানে তেওঁক আহাৰৰ বাবে প্ৰলোভিত কৰিছিল। চয়তানে যীচুক কৈছিল, “তুমি যদি ঈশ্বৰৰ পুত্ৰ হোৱা, তেন্তে এই শিল পিঠা হবলৈ দিয়া।” (লূক ৪:১-৩) যীচুৰ ওচৰত দুটা উপায় আছিল: নিজৰ ভোক গুচাবলৈ আচৰিত কৰ্ম্ম দ্বাৰা শিলক পিঠালৈ পৰিৱৰ্তন কৰিব পাৰিলেহেঁতেন বা এনে নকৰিবও পাৰিলেহেঁতেন। যীচুৱে জানিছিল যে নিজৰ স্বাৰ্থৰ বাবে আচৰিত কৰ্ম্ম কৰাটো উচিত নহʼব। নিঃসন্দেহ সেই সময়ত তেওঁক ভোক লাগিছিল, কিন্তু নিজৰ ভোক গুচোৱাতকৈ, যিহোৱাৰ লগত থকা সম্পৰ্ক বজাই ৰখাক যীচুৱে বেছি গুৰুত্ব দিছিল। যীচুৱে চয়তানক উত্তৰ দি কৈছিল, “মানুহ কেৱল পিঠাৰেই নিজীব, কিন্তু ঈশ্বৰৰ মুখৰ পৰা ওলোৱা প্ৰত্যেক বাক্যেৰেহে জীব, এই বুলি লিখা আছে।”—মথি ৪:৪.
(লূক ৪:৫-৮) আকৌ তেওঁক লৈ গৈ, একে নিমিষত্তে জগতৰ সকলো ৰাজ্য তেওঁক দেখুৱালে। ৬ আৰু চয়তানে তেওঁক কলে, এই সকলোৰে ক্ষমতা আৰু ইয়াৰ ঐশ্বৰ্য্য মই তোমাক দিম; কিয়নো ইয়াক মোৰ হাতত শোধাই দিয়া হৈছে। আৰু যি জনক দিবৰ ইচ্ছা কৰোঁ, সেই জনকে মই তাক দিওঁ। ৭ এই হেতুকে তুমি যদি মোৰ আগত প্ৰণিপাত কৰা, তেন্তে সকলো তোমাৰেই হব। ৮ তাতে যীচুৱে উত্তৰ দি তাক কলে, তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰণিপাত কৰা, আৰু অকল তেওঁৰেই আৰাধনা কৰা, এনে লিখা আছে।
w১৩ ৮/১৫ ২৫ ¶১০
আপুনি কেনেধৰণৰ ব্যক্তি হোৱা উচিত, তাৰ বিষয়ে বিবেচনা কৰক
যীচুৰ ক্ষেত্ৰত চয়তানে এই পদ্ধতি কেনেকৈ অৱলম্বন কৰিছিল? চয়তানে “একে নিমিষতে জগতৰ সকলো ৰাজ্য তেওঁক [যীচু] দেখুৱালে। আৰু চয়তানে তেওঁক কলে, এই সকলোৰে ক্ষমতা আৰু ইয়াৰ ঐশ্বৰ্য্য মই তোমাক দিম।” (লূক ৪:৫, ৬) যীচুৱে জগতৰ সকলো ৰাজ্য একে নিমিষতে নিজৰ চকুযোৰিৰে দেখা পোৱা নাছিল। কিন্তু চয়তান হয়তো ভাবিছিল যে দৰ্শনৰ যোগেদি দেখুৱা এই ৰাজ্যবোৰে যীচুক কিছু আকৰ্ষিত কৰিব পাৰে। চয়তানে কোনো সংকোচ নকৰাকৈ যীচুক কৈছিল, “এই হেতুকে তুমি যদি মোৰ আগত প্ৰণিপাত কৰা, তেন্তে সকলো তোমাৰেই হব।” (লূক ৪:৭) যীচুৱে কোনোপধ্যেই চয়তানে বিচৰাৰ দৰে হʼব বিচৰা নাছিল। তেওঁ তৎক্ষণাৎ এইদৰে উত্তৰ দিছিল: “তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰণিপাত কৰা, আৰু অকল তেওঁৰেই আৰাধনা কৰা, এনে লিখা আছে।”—লূক ৪:৮.
(লূক ৪:৯-১২) তেতিয়া সি তেওঁক যিৰূচালেমলৈ নি, ধৰ্ম্ম-ধাৰ্ম্মৰ কলচীৰ ওপৰত থৈ, তেওঁক কলে, তুমি যদি ঈশ্বৰৰ পুত্ৰ হোৱা, তেন্তে নিজকে ইয়াৰ পৰা তললৈ পেলাই দিয়া; ১০ কিয়নো এনে লিখা আছে, তোমাক ৰাখিবলৈ তেওঁ নিজস্ব দূতবিলাকক তোমাৰ অৰ্থে আজ্ঞা দিব; ১১ আৰু, তোমাৰ ভৰি যেন শিলত খুন্দা নাখায়, এই নিমিত্তে তেওঁবিলাকে তোমাক হাতেৰে দাঙি ধৰিব। ১২ তাতে যীচুৱে উত্তৰ দি তাক কলে, তোমাৰ প্ৰভু পৰমেশ্বৰক পৰীক্ষা নকৰিবা, এনেকৈয়ো কোৱা আছে।
nwtsty ভিডিঅ’
মন্দিৰৰ চূড়া
চয়তানে হয়তো যীচুক মন্দিৰৰ চূড়া বা আটাইতকৈ ওখ ঠাইলৈ লৈ গৈছিল আৰু তাৰপৰা নিজকে পেলাই দিবলৈ কৈছিল। কিন্তু আমি সঠিকভাৱে নাজানোঁ যে যীচুৱে মন্দিৰৰ কোনটো অংশত ঠিয় হৈছিল। যিহেতু এই প্ৰসংগত ‘ধৰ্ম্ম-ধাম’ বা মন্দিৰ শব্দটোৱে হয়তো গোটেই মন্দিৰৰ চৌহদক বুজাইছিল। গতিকে, যীচু হয়তো মন্দিৰৰ দক্ষিণ-পূব দিশৰ কোণত (১) ঠিয় হৈছিল। নাইবা তেওঁ হয়তো মন্দিৰৰ চৌহদৰ আন এটা কোণত ঠিয় হৈছিল। যিহোৱা ঈশ্বৰৰ সহায়ৰ অবিহনে, এই দুয়োটা ঠাইৰ ভিতৰত যিকোনো এটাৰ পৰা নিজকে পেলাই দিয়া হʼলে যীচুৰ মৃত্যু নিশ্চিত আছিল।
w১৩ ৮/১৫ ২৬ ¶১২
আপুনি কেনেধৰণৰ ব্যক্তি হোৱা উচিত, তাৰ বিষয়ে বিবেচনা কৰক
হৱাই দেখুৱা মনোবৃত্তিৰ বিপৰীতে, যীচুৱে নম্ৰতাৰ বিষয়ে কি যে এক সুন্দৰ উদাহৰণ ৰাখিছে! চয়তানে আন এক প্ৰকাৰে তেওঁক প্ৰলোভিত কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু ঈশ্বৰক পৰীক্ষা কৰিবলৈ এনে কোনো কাৰ্য্য কৰাৰ চিন্তা-ভাৱনা যীচুৱে নিজৰ মনলৈ আহিবলৈ দিয়া নাছিল। এইদৰে কৰাৰ যোগেদি যীচুৱে নিজকে অহংকাৰী বুলি প্ৰমাণ কৰিলেহেঁতেন। ইয়াৰ পৰিৱৰ্তে, যীচুৱে স্পষ্ট আৰু পোনপটীয়াকৈ এইদৰে উত্তৰ দিছিল: “তোমাৰ প্ৰভু পৰমেশ্বৰক পৰীক্ষা নকৰিবা, এনেকৈয়ো কোৱা আছে।”—লূক ৪: ৯-১২ পঢ়ক।
আধ্যাত্মিক ৰত্ন বিচাৰক
(লূক ৪:১৭) তাতে যিচয়া ভাববাদীৰ পুস্তক তেওঁৰ হাতত দিয়া হল; তেওঁ সেই পুস্তক মেলি, এই বচন লিখা ঠাই পালে;
লূক ৪:১৭ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা
যিচয়া ভাববাদীৰ পুস্তক: মৃত সাগৰৰ ওচৰত পোৱা যিচয়া ভৱিষ্যতবক্তাৰ নুৰাখন সোতৰখন চৰ্মপত্ৰত দ্বাৰা গঠিত। এই চৰ্মপত্ৰকেইখন এটাই আনটোৰ লগত লগ লাগি আছে আৰু ইয়াৰ দৈৰ্ঘ্য হৈছে ৭.৩ মিটাৰ (২৪ ফুট)। ইয়াত ৫৪ টা স্তম্ভকাৰে মুদ্ৰিত বিভাগ আছে। নাচৰতৰ নাম-ঘৰত ব্যৱহাৰ কৰা নুৰাৰ দৈৰ্ঘ্যও হয়তো ইমানেই আছিল। প্ৰথম শতিকাৰ এই নুৰাবোৰত অধ্যায় আৰু পদ নাছিল। গতিকে, যীচুৱে পঢ়িব বিচৰা অংশখিনি নিশ্চয় বিচাৰি উলিয়াব লগা হৈছিল। কিন্তু ভৱিষ্যতবাণীৰ সেই অংশ যীচুৱে সঠিকভাৱে বিচাৰি উলিয়াব পাৰিছিল আৰু ইয়াৰ পৰা আমি জানিব পাৰোঁ যে ঈশ্বৰৰ বাক্যৰ সৈতে তেওঁ ভালকৈ পৰিচিত আছিল।
(লূক ৪:২৫) মই তোমালোকক সত্যৰূপে কওঁ, এলিয়াৰ দিনত যেতিয়া তিনি বছৰ ছমাহ আকাশৰ বৃষ্টি বন্ধ আছিল, আৰু গোটেই দেশত বৰ আকাল হৈছিল, তেতিয়া ইস্ৰায়েলৰ মাজত অনেক বাঁৰী আছিল।
লূক ৪:২৫ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা
তিনি বছৰ ছমাহ: প্ৰথম ৰাজাৱলি ১৮:১ পদৰ অনুসৰি, এলিয়াই “তৃতীয় বছৰত” খৰাং বতৰৰ অন্ত হোৱাৰ বিষয়ে ঘোষণা কৰিছিল। সেয়ে কিছুমান লোকে দাবী কৰে যে ১ ৰাজাৱলিৰ এই বৰ্ণনা, যীচুৱে কোৱা কথাষাৰৰ লগত মিল নাই। কিন্তু, মন কৰিবলগীয়া কথা যে হীব্ৰু শাস্ত্ৰত এনে কোনো ঘটনা উল্লেখ নাই, যাৰ দ্বাৰা প্ৰমাণ কৰিব পাৰি যে এই আকালৰ সময় তিনি বছৰতকৈ কম আছিল। এলিয়াই প্ৰথম বাৰৰ বাবে আকালৰ বিষয়ে আহাবক কোৱা সময়ছোৱাৰ আৰম্ভণি ‘তৃতীয় বছৰ’ বুলি উল্লেখ কৰা হৈছে। (১ৰাজা ১৭:১) এলিয়াই এই ঘোষণা হয়তো খৰাং বতৰৰ সময়ত কৰিছিল। সাধাৰণতে খৰাং বতৰ ছয় মাহমানৰ বাবে থাকে, কিন্তু সেইবাৰ হয়তো অলপ দীঘলীয়া আছিল। ইয়াৰ উপৰিও, “তৃতীয় বছৰত” এলিয়াই আহাবৰ ওচৰত অহাৰ লগে লগে খৰাং বতৰৰ অন্ত হোৱা নাছিল, কিন্তু কৰ্মিল পৰ্ব্বতত হোৱা জুইৰ পৰীক্ষাৰ পাছতহে অন্ত হৈছিল। (১ৰাজা ১৮:১৮-৪৫) গতিকে, লূক কিতাপত উল্লেখ কৰা যীচুৰ বাক্য আৰু যাকো ৫:১৭ পদত বৰ্ণনা কৰা যীচুৰ ভায়েকৰ ব্যাখ্যা, ১ৰাজা ১৮:১ পদত উল্লেখিত সময়ছোৱাৰ সৈতে সঠিকভাৱে মিল আছে।
বাইবেল পাঠ
(লূক ৪:৩১-৪৪) পাছে তেওঁ গালীলৰ কফৰনাহূম নগৰলৈ আহি, বিশ্ৰাম-বাৰে তেওঁবিলাকৰ আগত উপদেশ দি আছিল; ৩২ তাতে তেওঁবিলাকে তেওঁৰ উপদেশত বিস্ময় মানিলে; কিয়নো তেওঁৰ বাক্য ক্ষমতাযুক্ত আছিল। ৩৩ আৰু নাম-ঘৰত অশুচি ভূতে পোৱা এজন মানুহ আছিল; তেওঁ বৰ মাতেৰে আটাহ পাৰি কলে, ৩৪ হাঁ! নাচৰতীয়া যীচু, আপোনাৰ লগত আমাৰ কি কাম? আমাক নষ্ট কৰিবলৈ আহিলে নে? আপুনি কোন, তাক মই জানো, আপুনি ঈশ্বৰৰ পবিত্ৰ জনা। ৩৫ কিন্তু যীচুৱে তাক ডাবি দি কলে, মনে মনে থাক; ইয়াৰ পৰা বাহিৰ ওলা। তেতিয়া ভূতে সেই মানুহজনক মাজতে পেলাই, তেওঁক একো হানি নকৰি, তেওঁৰ পৰা বাহিৰ ওলাল। ৩৬ তাতে সকলোৱে বৰ আচৰিত মানি, ইজনে সিজনে কোৱাকুই কৰি কলে, এওঁ ক্ষমতা আৰু পৰাক্ৰমেৰে অশুচি আত্মাবোৰকো যে আজ্ঞা দিয়ে, আৰু সিহঁত যে বাহিৰ ওলায়, ই নো কি কথা? ৩৭ পাছে তেওঁৰ বিষয়ে দেশখনৰ চাৰিওফালে সকলো ঠাইতে ঢৌ উঠি গল। ৩৮ পাছে তেওঁ নাম-ঘৰৰ পৰা উঠি গৈ, চিমোনৰ ঘৰত সোমাল। তেতিয়া চিমোনৰ শাহুৱেকৰ বৰ জ্বৰ আছিল; তাতে তেওঁৰ নিমিত্তে তেওঁক নিবেদন কৰাত, ৩৯ তেওঁ তেওঁৰ ওচৰত থিয় হৈ, জ্বৰক ডাবি দিলে; তাতে তেওঁৰ জ্বৰ এৰিলে, আৰু তেতিয়াই তেওঁ উঠি, তেওঁলোকৰ সেৱা-শুশ্ৰূষা কৰিলে। ৪০ পাছে বেলি মাৰ যোৱা সময়ত, যি যি মানুহৰ নানা ব্যাধিৰে নৰিয়া পৰা মানুহ আছিল, সেই সকলোৱে তেওঁবিলাকক তেওঁৰ ওচৰলৈ আনিলত, তেওঁ তেওঁবিলাকৰ প্ৰতিজনৰ গাত হাত দি সুস্থ কৰিলে; ৪১ আৰু অনেকৰ পৰা ভূতবোৰে ওলাই আটাহ পাৰি কলে, আপুনি ঈশ্বৰৰ পুত্ৰ। কিন্তু তেওঁ যে সেই অভিষিক্ত জনা, সিহঁতে ইয়াকে জনা হেতুকে, তেওঁ সিহঁতক ডাবি দি, কথা কবলৈ নিদিলে। ৪২ পাছে ৰাতিপুৱা হলত, তেওঁ ওলাই নিৰ্জ্জন ঠাইলৈ গল; তাতে লোকসমূহে তেওঁক বিচাৰি বিচাৰি তেওঁৰ ওচৰলৈ গৈ, তেওঁ যেন তেওঁবিলাকক এৰি নাযাব, এই নিমিত্তে তেওঁক নিবেদন কৰিলে। ৪৩ কিন্তু তেওঁ তেওঁবিলাকক কলে, মই আন আন নগৰতো ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰিব লাগে; কিয়নো সেই নিমিত্তেই মোক পঠোৱা হল। ৪৪ পাছে তেওঁ গালীলৰ নাম-ঘৰবোৰত প্ৰচাৰ কৰি ফুৰিলে।