ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • fg পাঠ ১১ প্ৰশ্নবোৰ ১-৪
  • ঈশ্বৰৰ নিয়মবোৰ আমাৰ বাবে কিয় লাভজনক?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঈশ্বৰৰ নিয়মবোৰ আমাৰ বাবে কিয় লাভজনক?
  • ঈশ্বৰৰপৰা এটা ভাল খবৰ!
  • মিল থকা বিষয়
  • ঈশ্বৰৰ সিদ্ধান্তসমূহৰ দ্বাৰা আপোনাৰ পথ প্ৰদৰ্শন কৰক
    ২০০২ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • নিজৰ বিবেকক প্ৰশিক্ষণ দি থাকক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
ঈশ্বৰৰপৰা এটা ভাল খবৰ!
fg পাঠ ১১ প্ৰশ্নবোৰ ১-৪

পাঠ ১১

ঈশ্বৰৰ নিয়মবোৰ আমাৰ বাবে কিয় লাভজনক?

১. আমাক কিয় নিৰ্দ্দেশনাৰ প্ৰয়োজন?

বাইবেলৰ সিধান্তবোৰ পয়োগ কৰিছ: মাতৃগৰাকীয়ে চইফ্‌টি বেল্ট বাধছ; পিতৃ আৰু পুত্ৰই হেলমেট্‌ ব্যৱহাৰ কৰিছ; গৰ্ভৱতী মহিলা; কৰ্মচাৰীজনে সাৱধানতা অৱলবন কৰিছ

সুৰক্ষাৰ বাবে সাৱধানতা অৱলম্বন কৰিবলৈ বাইবেলৰ আজ্ঞাবোৰে আমাক কি উৎসাহ দিয়ে?—গীতমালা ৩৬:৯.

যিহোৱা ঈশ্বৰ আমাতকৈ বহুগুণে বুদ্ধিমান। এজন মৰমিয়াল পিতৃৰ দৰে তেওঁ আমাৰ যত্ন লয়। ঈশ্বৰৰ সহায় নোলোৱাকৈ জীৱন-যাপন কৰাৰ বাবে তেওঁ আমাক সৃষ্টি কৰা নাছিল। (যিৰিমিয়া ১০:২৩) সৰু সৰু লʼৰা-ছোৱালীক যেনেকৈ পিতৃ-মাতৃৰ নিৰ্দ্দেশনাৰ প্ৰয়োজন, ঠিক সেইদৰে আমাকো ঈশ্বৰৰ নিৰ্দ্দেশনাৰ প্ৰয়োজন। (যিচয়া ৪৮:১৭, ১৮) বাইবেলৰ নিয়মবোৰে আমাক নিৰ্দ্দেশনা আগবঢ়ায় আৰু এই নিৰ্দ্দেশনাবোৰ ঈশ্বৰে দিয়া এক উত্তম উপহাৰ।—২ তীমথিয় ৩:১৬ পঢ়ক।

যিহোৱা ঈশ্বৰৰ নিয়মবোৰে বৰ্তমান সময়ত আমি কেনেকৈ এক উত্তম জীৱন অতিবাহতি কৰিব পাৰোঁ আৰু ভৱিষ্যতে কেনেকৈ অনন্ত জীৱন লাভ কৰিব পাৰিম তাৰ বিষয়ে শিক্ষা দিয়ে। ঈশ্বৰে আমাক সৃষ্টি কৰাৰ বাবে আমি আনন্দেৰে তেওঁৰ নিৰ্দ্দেশনাবোৰ পালন কৰা উচিত।—গীতমালা ১৯:৭, ১১; প্ৰকাশিত বাক্য ৪:১১ পঢ়ক।

২. ঈশ্বৰৰ বাক্যই কেনেকৈ আমাক নিৰ্দ্দেশনা দিয়ে?

বিভিন্ন পৰিস্থিতিত আমি কি কৰাটো ঈশ্বৰে বিচাৰে, তাৰ বিষয়ে বাইবেলৰ প্ৰাথমিক জ্ঞানে আমাক সহায় কৰে। কিছুমান নিয়ম বিশেষ পৰিস্থিতিতহে প্ৰযোজ্য। (দ্বিতীয় বিবৰণ ২২:৮) বাইবেলৰ সত্যই আমাক কি কৰিবলৈ কৈছে, তাৰ বিষয়ে আমি নিজৰ বিচাৰ-বুদ্ধি ব্যৱহাৰ কৰা উচিত। (হিতোপদেশ ২:১০-১২) উদাহৰণস্বৰূপে, বাইবেলে আমাক শিক্ষা দিছে যে জীৱন হৈছে ঈশ্বৰে দিয়া এটা উপহাৰ বা দান। যদি আমি এই সিদ্ধান্ত কাম কৰা ঠাইত, ঘৰত বা বাহিৰলৈ যোৱাৰ সময়ত পালন কৰোঁ, তেতিয়া আমি নিজৰ আৰু আনৰ জীৱনৰ সুৰক্ষাৰ বাবে সাৱধান হʼম।—পাঁচনিৰ কৰ্ম্ম ১৭:২৮ পঢ়ক।

৩. দুটা গুৰুত্বপূৰ্ণ আজ্ঞা কি?

যীচুয়ে দুটা গুৰুত্বপূৰ্ণ আজ্ঞাৰ বিষয়ে কৈছিল। প্ৰথম আজ্ঞাই মানৱ জীৱনৰ উদ্দেশ্যৰ বিষয়ে বৰ্ণনা কৰিছে। সেই আজ্ঞা হৈছে ঈশ্বৰক জনা, তেওঁক প্ৰেম কৰা আৰু বিশ্বাসেৰে তেওঁক সেৱা কৰা। এই প্ৰথম আজ্ঞাক আমি আমাৰ যিকোনো নিৰ্ণয় লোৱাৰ সময়ত মনত ৰখা উচিত। (হিতোপদেশ ৩:৬) এই আজ্ঞা অনুসৰি জীৱন অতিবাহিত কৰা লোকসকলক ঈশ্বৰৰ লগত বন্ধুত্ব গঢ়ি তুলিবলৈ, প্ৰকৃত আনন্দ আৰু অনন্ত জীৱন পাবলৈ সহায় কৰিব।—মথি ২২:৩৬-৩৮ পঢ়ক।

দ্বিতীয় আজ্ঞাই আমাক ওচৰ-চুবুৰীয়াৰ লগত শান্তিপূৰ্ণ সম্পৰ্ক গঢ়ি তুলিবলৈ সহায় কৰে। (১ কৰিন্থীয়া ১৩:৪-৭) ঈশ্বৰে কেনেকৈ লোকসকলৰ লগত আচৰণ কৰে, তাৰ বিষয়ে এই আজ্ঞা পালন কৰাৰ যোগেদি আমি তেওঁক অনুকৰণ কৰিব পাৰোঁ।—মথি ৭:১২; ২২:৩৯, ৪০ পঢ়ক।

৪. ঈশ্বৰৰ আজ্ঞা পালন কৰিলে আমাৰ কি লাভ?

এটা সুখী পৰিয়াল

প্ৰেমৰ যোগেদি কেনেকৈ এটা পৰিয়াল একতাৰে থাকিব পাৰি, তাৰ বিষয়ে ঈশ্বৰৰ বাক্যই শিক্ষা দিয়ে। (কলচীয়া ৩:১২-১৪) ইয়াৰ উপৰিও, ঈশ্বৰৰ বাক্যই শিকায় যে বিবাহ হৈছে এক স্থায়ী বান্ধোন আৰু ই পৰিয়ালক সুৰক্ষিত কৰে।—আদিপুস্তক ২:২৪ পঢ়ক।

বাইবেলৰ আজ্ঞাবোৰ পালন কৰাৰ যোগেদি, আমি আমাৰ ধন-সম্পত্তি আৰু আৱেগ-অনুভূতিক সুৰক্ষিত ৰাখিব পাৰোঁ। উদাহৰণস্বৰূপে, নিষ্ঠাৱান আৰু কঠোৰ পৰিশ্ৰম কৰা লোকসকলক কামৰ বাবে নিয়োগ কৰিবলৈ বিচৰা হয়। (হিতোপদেশ ১০:৪, ২৬; ইব্ৰী ১৩:১৮) প্ৰয়োজনীয় বস্তুবোৰৰ দ্বাৰাই সন্তুষ্ট হʼবলৈ আৰু ধন-সম্পত্তিতকৈ ঈশ্বৰৰ লগত বন্ধুত্বক গুৰুত্বপূৰ্ণ বুলি বুজিবলৈ ঈশ্বৰৰ বাক্যই শিক্ষা দিয়ে।—মথি ৬:২৪, ২৫, ৩৩; ১ তীমথিয় ৬:৮-১০ পঢ়ক।

বাইবেলৰ আজ্ঞাবোৰ পালন কৰিলে আমাৰ স্বাস্থ্যৰ বাবেও লাভজনক। (হিতোপদেশ ১৪:৩০; ২২:২৪, ২৫) উদাহৰণস্বৰূপে, ঈশ্বৰৰ বাক্যই মদপী হʼবলৈ মানা কৰিছে। ইয়ে এজন ব্যক্তিক মাৰাত্মক বেমাৰ আৰু দূৰ্ঘটনা আদিৰপৰা ৰক্ষা কৰে। (হিতোপদেশ ২৩:২০) যিহোৱা ঈশ্বৰে আমাক দ্ৰাক্ষাৰস খাবলৈ আজ্ঞা দিছে, কিন্তু আমি পৰিমিতভাৱেহে খোৱা উচিত। (গীতমালা ১০৪:১৫; ১ কৰিন্থীয়া ৬:১০) ঈশ্বৰৰ বাক্যই কেৱল আমাক ভাল কাম কৰিবলৈ নহয়, কিন্তু আমাৰ বিচাৰ-বুদ্ধিকো সুৰক্ষিত কৰে। (গীতমালা ১১৯:৯৭-১০০) সত্য খ্ৰীষ্টানসকলে ব্যক্তিগত লাভৰ বাবে ঈশ্বৰৰ বাক্যক পালন নকৰে। তেওঁলোকে ঈশ্বৰক সন্মান কৰাৰ বাবেহে তেওঁৰ বাক্য পালন কৰে।—মথি ৫:১৪-১৬ পঢ়ক।

ইয়াৰ বিষয়ে অধিক জানিবলৈ, বাইবেলে প্ৰকৃততে কি শিকায়? কিতাপৰ ১২ আৰু ১৩ অধ্যায়ত চাওক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক