ডিচেম্বৰ—জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা
ডিচেম্বৰ ৩-৯
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | পাঁচনিৰ কৰ্ম্ম ৯-১১
“তাড়না দিয়া এজন ব্যক্তি উদ্যমী প্ৰচাৰক হৈ পৰিল”
(পাঁচনিৰ কৰ্ম্ম ৯:১, ২) সেই কাললৈকে চৌলে প্ৰভুৰ শিষ্যবিলাকৰ অহিতে ভয় দেখুউৱাৰ আৰু বধ কৰাৰ কথাৰে ফোপাই, মহা-পুৰোহিতৰ আগলৈ গৈ, সেই পথৰ যদি কোনো মুনিহ বা তিৰোতাক পায়, ২ তেন্তে তেওঁলোকক বান্ধি যিৰূচালেমলৈ আনিবলৈ দম্মেচক নগৰত থকা নাম-ঘৰৰ সমাজ সকলোলৈ লিখা পত্ৰ খুজিলে।
bt ৬০ ¶১-২
মণ্ডলীয়ে ‘শান্তিৰ’ এক সময়ত প্ৰৱেশ কৰিলে
এদল লোকে দম্মেচক চহৰৰ ফালে আগবাঢ়ি আহিছে। তেওঁলোকে এটা বেয়া পৰিকল্পনা সম্পন্ন কৰিবলৈ গৈ আছে। তেওঁলোকে যীচুৰ শিষ্যসকলক ঘৰৰপৰা বাহিৰ কৰিব, বান্ধিব, অপমান কৰি টানি-চোঁচোৰাই যিৰূচালেমৰ মহা-সভালৈ লৈ যাব।
২ দলৰ নেতাজনৰ নাম হৈছে চৌল আৰু ইতিমধ্যে তেওঁ বহুতোলোকক হত্যা কৰিছে। অলপতে, তেওঁৰ সহযোগীসকলে যীচুৰ শিষ্য স্তিফানক শিল দলিয়াই বধ কৰিলে। (পাঁচ. ৭:৫৭–৮:১) চৌল কেৱল যিৰূচালেমত বাস কৰা যীচুৰ অনুগামীসকলক তাড়না দিয়েই সন্তুষ্ট আছিল এনে নহয়, কিন্তু ইয়াৰ পৰিৱৰ্তে তেওঁ দূৰ-দূৰণিত থকা যীচুৰ শিষ্যসকলকো তাড়না দিবলৈ আগবাঢ়ি গৈছিল। “সেই পথৰ” লোক হিচাপে পৰিচিত লোকসকলৰ অস্তিত্ব তেওঁ সম্পূৰ্ণৰূপে নাইকিয়া কৰিব বিচাৰিছিল।—পাঁচ. ৯:১, ২; ৬১ পৃষ্ঠাত দিয়া “চৌলে দম্মেচক যোৱাৰ অধিকাৰ কেনেকৈ পালে?” নামৰ বক্স চাওক।
(পাঁচনিৰ কৰ্ম্ম ৯:১৫, ১৬) কিন্তু প্ৰভুৱে তেওঁক কলে, তুমি যোৱা; কিয়নো পৰজাতি আৰু ৰজাসকলৰ, আৰু ইস্ৰায়েলৰ সন্তানবিলাকৰ আগলৈ মোৰ নাম নিবলৈ, সেই জন মোৰ মনোনীত পাত্ৰ। ১৬ কিয়নো তেওঁ মোৰ নামৰ নিমিত্তে কিমান দুখভোগ কৰিব লাগিব, ইয়াকে মই তেওঁক দেখুৱাই দিম।
w১৬.০৬ ৭ ¶৪
যিহোৱা আমাৰ কুমাৰ—ইয়াৰ বাবে তেওঁক আপুনি মূল্যাংকন কৰেনে?
৪ যিহোৱা ঈশ্বৰে লোকসকলৰ বাহ্যিক দিশলৈ লক্ষ্য নকৰে। ইয়াৰ পৰিৱৰ্তে, তেওঁ আমাৰ হৃদয় পৰীক্ষা কৰে আৰু লক্ষ্য কৰে যে আমাৰ আন্তৰিক মনুষ্যত্ব কেনেকুৱা। (১ চমূৱেল ১৬:৭ পঢ়ক।) ঈশ্বৰে খ্ৰীষ্টান মণ্ডলী স্থাপন কৰাৰ সময়ত এই কথা স্পষ্ট হৈ পৰিল। তেওঁ এনে বহুতোলোকক নিজৰ আৰু পুত্ৰৰ ওচৰলৈ আকৰ্ষণ কৰে, যিসকলক জগতৰ লোকসকলে অক্ষম বুলি গণ্য কৰিছিল। (যোহ. ৬:৪৪) এনেধৰণৰ এজন ব্যক্তি আছিল চৌল আৰু তেওঁ এজন ফৰীচী আছিল। তেওঁ “নিন্দক, তাড়নাকাৰী, আৰু গৰ্ব্বী” আছিল। (১ তীম. ১: ১২) কিন্তু “হৃদয় পৰীক্ষা” কৰোঁতা ঈশ্বৰে, চৌলক অযোগ্য মাটি বুলি বিবেচনা কৰা নাছিল। (হিতো. ১৭:৩) ইয়াৰ পৰিৱৰ্তে, ঈশ্বৰে লক্ষ্য কৰে যে “পৰজাতি আৰু ৰজাসকলৰ, আৰু ইস্ৰায়েলৰ সন্তানবিলাকৰ” আগত সাক্ষ্য দিবলৈ তেওঁক “মনোনীত পাত্ৰ” হিচাপে পৰিৱৰ্তন কৰিব পাৰি। (পাঁচ. ৯:১৫) যিহোৱা ঈশ্বৰে আন লোকসকলকো সমাদৰৰ পাত্ৰ হিচাপে গণ্য কৰিছিল। তেওঁলোকৰ ভিতৰত কিছুমান মতলীয়া, চোৰ আৰু অনৈতিকতাৰ জীৱন অতিবাহিত কৰা লোক আছিল। (ৰোম. ৯:২১; ১ কৰি. ৬:৯-১১) তেওঁলোকে যেতিয়া শাস্ত্ৰ অধ্যয়ন কৰে, তেতিয়া তেওঁলোকৰ বিশ্বাস দৃঢ় হয় আৰু তেওঁলোকে নিজকে গঢ় দিবলৈ যিহোৱাৰ হাতত এৰি দিয়ে।
(পাঁচনিৰ কৰ্ম্ম ৯:২০-২২) এই কথা নাম-ঘৰবোৰত তেতিয়াই ঘোষণা কৰিবলৈ ধৰিলে। ২১ তাতে সকলো শুনাবিলাকে বিস্ময় মানি কলে, যি জনে যিৰূচালেমত এই নামেৰে প্ৰাৰ্থনা কৰাবিলাকক লণ্ডভণ্ড কৰিছিল, আৰু তেওঁবিলাকক বান্ধি প্ৰধান পুৰোহিতৰ আগলৈ নিবৰ আশয়েৰে এই ঠাইলৈকো আহিছিল, সেই জন এৱেঁই নহয় নে? ২২ কিন্তু চৌলে আৰু শক্তিমান হৈ, যীচু যে খ্ৰীষ্ট্ হয়, ইয়াৰ প্ৰমাণ দি, দম্মেচকত থকা যিহূদীবিলাকক নিৰুত্তৰ কৰিলে।
bt ৬৪ ¶১৫
মণ্ডলীয়ে ‘শান্তিৰ’ এক সময়ত প্ৰৱেশ কৰিলে
১৫ আপুনি কল্পনা কৰিব পাৰেনে, যেতিয়া চৌলে নাম-ঘৰত ঘোষণা কৰিবলৈ আৰম্ভ কৰে, তেতিয়া তাত উপস্থিত থকা লোকসকলে কেনেকৈ বিস্ময় হৈছিল আৰু খঙেৰে চাই আছিল? তেওঁলোকে সুধিছিল, “যি জনে যিৰূচালেমত এই নামেৰে প্ৰাৰ্থনা কৰাবিলাকক লণ্ডভণ্ড কৰিছিল, আৰু তেওঁবিলাকক বান্ধি প্ৰধান পুৰোহিতৰ আগলৈ নিবৰ আশয়েৰে এই ঠাইলৈকো আহিছিল, সেই জন এৱেঁই নহয় নে?” (পাঁচ. ৯:২১) চৌলে বৰ্ণনা কৰে যে যীচুৰ বিষয়ে তেওঁ কিয় নিজৰ মন পৰিৱৰ্তন কৰিছিল আৰু “যীচু যে খ্ৰীষ্ট হয় ইয়াৰ প্ৰমাণ” দিছিল। (পাঁচ. ৯:২২) যি লোকসকলৰ মন পৰম্পৰাৰ শিকলিৰে বান্ধ খাই আছে অথবা যাৰ হৃদয় অহংকাৰেৰে ভৰি আছে, তেনে লোকসকলক যুক্তিৰে বুজোৱাটো সম্ভৱ নহয়। কিন্তু, তেতিয়াও চৌলে তেওঁলোকক বুজাবলৈ চেষ্টা কৰি আছিল।
আধ্যাত্মিক ৰত্ন বিচাৰক
(পাঁচনিৰ কৰ্ম্ম ৯:৪) আৰু হে চৌল, হে চৌল, মোক কিয় তাড়না কৰিছা? তেওঁলৈ কোৱা এনে বাণী শুনি তেওঁ সুধিলে, হে প্ৰভু, আপুনি কোন?
bt ৬০-৬১ ¶৫-৬
মণ্ডলীয়ে ‘শান্তিৰ’ এক সময়ত প্ৰৱেশ কৰিলে
৫ যীচুৱে চৌলক দম্মেচকলৈ যোৱা পথত ৰখাই এইদৰে সোধা নাছিল: “তুমি মোৰ শিষ্যসকলক কিয় তাড়না কৰিছা?” ইয়াৰ পৰিৱৰ্তে তেওঁ এইদৰে কৈছিল: “মোক কিয় তাড়না কৰিছা?” (পাঁচ. ৯:৪) সঁচাকৈ, শিষ্যসকলে পোৱা তাড়নাক যীচুৱে ব্যক্তিগতভাৱে অনুভৱ কৰিছিল।—মথি ২৫:৩৪-৪০, ৪৫.
৬ যীচুৰ ওপৰত বিশ্বাস কৰাৰ বাবে যদি আপুনি তাড়নাৰ সন্মুখীন হৈছে, তেনেহʼলে ভৰসা ৰাখিব পাৰে যে যিহোৱা আৰু যীচুৱে আপোনাৰ পৰিস্থিতিৰ বিষয়ে ভালদৰে জানে। (মথি ১০:২২, ২৮-৩১) আপুনি সন্মুখীন হোৱা পৰীক্ষাবোৰ যিহোৱা ঈশ্বৰে হয়তো তৎক্ষণাৎ নাইকিয়া নকৰিব। মনত ৰাখিব, চৌলে যেতিয়া স্তিফানক বধ কৰাত জড়িত আছিল আৰু যিৰূচালেমত বাস কৰা বিশ্বাসী শিষ্যসকলক ঘৰৰ ভিতৰৰপৰা টানি-চোঁচোৰাই বাহিৰ কৰিছিল, তেতিয়া যীচুৱে তেওঁলোকক পৰীক্ষাৰ মাজেৰে পাৰ হʼবলৈ দিছিল। (পাঁচ. ৮:৩) যীচুৱে শিষ্যসকলৰ দুখ-কষ্ট তৎক্ষণাৎ নাইকিয়া কৰা নাছিল। আনকি, যিহোৱা ঈশ্বৰে যীচু খ্ৰীষ্টৰ যোগেদি স্তিফান আৰু আন শিষ্যসকলক কঠিন পৰিস্থিতিৰ সময়ত বিশ্বাসত স্থিৰে থাকিবলৈ শক্তি দিছিল।
(পাঁচনিৰ কৰ্ম্ম ১০:৬) সাগৰৰ তীৰত নিবাস কৰা চিমোন নামেৰে এজন চমাৰৰ ঘৰত আলহী হৈ থকা চিমোন, যাৰ প্ৰখ্যাত নাম পিতৰ, তেওঁক মতোৱা।
পাঁচ ১০:৬ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা
চিমোন নামেৰে এজন চমাৰ: এজন চমাৰে জীৱ-জন্তুৰ ছালৰপৰা চমৰা তৈয়াৰ কৰে। ছালত লাগি থকা মঙহ আৰু চৰ্বী আঁতৰাবলৈ চূণপানী ব্যৱহাৰ কৰে। তাৰ পাছত তেওঁ ছালত এবিধ তৰল পদাৰ্থ ব্যৱহাৰ কৰে, যাতে বিভিন্ন ধৰণৰ সামগ্ৰী তৈয়াৰ কৰিব পাৰে। চমৰা তৈয়াৰ কৰা এই প্ৰক্ৰিয়াৰপৰা দুৰ্গন্ধ ওলায় আৰু ইয়াৰ বাবে যথেষ্ট পৰিমাণে পানীৰ প্ৰয়োজন হয়। সেইবাবে, চিমোনৰ ঘৰ হয়তো যাফোৰ সীমান্ত অঞ্চলৰ সাগৰৰ তীৰত আছিল। মোচিৰ নিয়ম অনুসৰি জীৱ-জন্তুৰ মৃত দেহ স্পৰ্শ কৰিলে, এজন ব্যক্তি অশুচি হৈ পৰে। (লেবী ৫:২; ১১:৩৯) সেইবাবে, বহুতো যিহূদীয়ে চমাৰসকলক নীচ বুলি গণ্য কৰিছিল আৰু তেওঁলোকৰ ঘৰত আলহী হৈ থাকিবলৈ বিচৰা নাছিল। তালমোদ নামৰ কিতাপখনে বৰ্ণনা কৰে যে চমাৰসকলে কৰা কাম, মল একত্ৰিত কৰা লোকসকলৰ কামতকৈও তল খাপৰ আছিল। কিন্তু পিতৰে এনেধৰণৰ ভাৱনা ৰখা নাছিল আৰু সেইবাবে তেওঁ চিমোনৰ ঘৰত থাকিছিল। পিতৰ খোলা মনৰ ব্যক্তি হোৱাৰ বাবে তেওঁক আগলৈ যি কামৰ দায়িত্ব দিয়া হৈছিল, সেই কাম কৰিবলৈ তেওঁ সন্মত হৈছিল। তেওঁক যেতিয়া এজন পৰজাতিৰ ঘৰলৈ যাবলৈ কোৱা হৈছিল, তেতিয়া তেওঁ তালৈ গৈছিল। “চমাৰৰ” কাৰণে যি গ্ৰীক শব্দ ব্যৱহাৰ কৰা হৈছে, সেয়া হৈছে বুৰচিউচ। কিছুমান বিদ্বানে বিশ্বাস কৰে যে চিমোনক বুৰচিউচ বুলি সম্বোধন কৰা হৈছিল।
বাইবেল পাঠ
(পাঁচনিৰ কৰ্ম্ম ৯:১০-২২) সেই সময়ত দম্মেচকত অননিয় নামেৰে কোনো এজন শিষ্য আছিল; প্ৰভুৱে তেওঁক দৰ্শন দি কলে, হে অননিয়। তেওঁ কলে, হে প্ৰভু, চাওক, মই আছোঁ। ১১ তেতিয়া প্ৰভুৱে তেওঁক কলে, তুমি উঠি পোন নামেৰে বাটলৈ গৈ, যিহূদাৰ ঘৰত তাৰ্চ নগৰৰ চৌল নামেৰে এজনৰ বিচাৰ লোৱাগৈ; কিয়নো চোৱা, তেওঁ প্ৰাৰ্থনা কৰি আছে; ১২ আৰু তেওঁ দৃষ্টি পাবলৈ, অননিয় নামেৰে এজন মানুহক ভিতৰলৈ আহি, তেওঁৰ গাত হাত দিয়া দেখিলে। ১৩ কিন্তু অননিয়ই উত্তৰ দিলে, হে প্ৰভু, সেই মানুহে যিৰূচালেমত তোমাৰ পবিত্ৰ লোকৰ কিমান অপকাৰ কৰিলে, তাক মই অনেকৰ মুখৰ পৰা শুনিলোঁ। ১৪ আৰু ইয়াতো তোমাৰ নামেৰে প্ৰাৰ্থনা কৰা সকলোকে বান্ধিবলৈ, তেওঁ প্ৰধান পুৰোহিতসকলৰ পৰা ক্ষমতা পালে। ১৫ কিন্তু প্ৰভুৱে তেওঁক কলে, তুমি যোৱা; কিয়নো পৰজাতি আৰু ৰজাসকলৰ, আৰু ইস্ৰায়েলৰ সন্তানবিলাকৰ আগলৈ মোৰ নাম নিবলৈ, সেই জন মোৰ মনোনীত পাত্ৰ। ১৬ কিয়নো তেওঁ মোৰ নামৰ নিমিত্তে কিমান দুখভোগ কৰিব লাগিব, ইয়াকে মই তেওঁক দেখুৱাই দিম। ১৭ তাতে অননিয়ই গৈ ঘৰত সোমাই, তেওঁৰ গাত হাত দি কলে, হে ভাই চৌল, তুমি যেন দৃষ্টি পোৱা, আৰু পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হোৱা, এই কাৰণে তুমি অহা বাটত যি প্ৰভু, অৰ্থাৎ যীচুৱে তোমাক দেখা দিলে, তেৱেঁই মোক পঠালে। ১৮ তেতিয়াই তেওঁৰ চকুৰ পৰা বাকলিৰ নিচিনা কিবা কেতবোৰ ওলাই পৰিলত, তেওঁ পুনৰায় দৃষ্টি পালে; ১৯ আৰু তেওঁ উঠি বাপ্তাইজিত হল; পাছে খাই-বৈ বলৱান হল। পাছে তেওঁ দম্মেচকত থকা শিষ্যবিলাকে সৈতে দিনচাৰেক থাকি, যীচু যে ঈশ্বৰৰ পুত্ৰ হয়, ২০ এই কথা নাম-ঘৰবোৰত তেতিয়াই ঘোষণা কৰিবলৈ ধৰিলে। ২১ তাতে সকলো শুনাবিলাকে বিস্ময় মানি কলে, যি জনে যিৰূচালেমত এই নামেৰে প্ৰাৰ্থনা কৰাবিলাকক লণ্ডভণ্ড কৰিছিল, আৰু তেওঁবিলাকক বান্ধি প্ৰধান পুৰোহিতৰ আগলৈ নিবৰ আশয়েৰে এই ঠাইলৈকো আহিছিল, সেই জন এৱেঁই নহয় নে? ২২ কিন্তু চৌলে আৰু শক্তিমান হৈ, যীচু যে খ্ৰীষ্ট হয়, ইয়াৰ প্ৰমাণ দি, দম্মেচকত থকা যিহূদীবিলাকক নিৰুত্তৰ কৰিলে।
ডিচেম্বৰ ১০-১৬
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | পাঁচনিৰ কৰ্ম্ম ১২-১৪
“বাৰ্ণাব্বা আৰু পৌলে দূৰ-দূৰণি ঠাইবোৰত শিষ্য বনায়”
(পাঁচনিৰ কৰ্ম্ম ১৩:২, ৩) যি কালত তেওঁলোকে প্ৰভুৰ সেৱা কৰি লঘোন দিছিল, সেই কালতে পবিত্ৰ আত্মাই কলে, যি কৰ্ম্ম কৰিবলৈ মই বাৰ্ণাব্বা আৰু চৌলক মাতিলোঁ, সেই কৰ্ম্মৰ নিমিত্তে তেওঁলোকক মোলৈ পৃথক কৰি দিয়া। ৩ তাতে তেওঁবিলাকে লঘোন দি প্ৰাৰ্থনা কৰি, সেই দুজনৰ ওপৰত হাত দি পঠাই দিলে।
bt ৮৬ ¶৪
“আনন্দেৰে আৰু পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হল”
৪ কিন্তু বাৰ্ণাব্বা আৰু চৌলক পবিত্ৰ আত্মাই কিয় “কৰ্ম্মৰ নিমিত্তে” পৃথক হবলৈ নিৰ্দ্দেশ দিয়ে? (পাঁচ. ১৩:২) বাইবেলে ইয়াৰ উত্তৰ নিদিয়ে। আমি জানো যে পবিত্ৰ আত্মাৰ সহায়ত এই দুজন ব্যক্তিক নিৰ্বাচন কৰা হয়। আন্তিয়খিয়াৰ ভাববাদী আৰু শিক্ষকসকলে এই নিৰ্ণয়ৰ বিৰোধ কৰিছিল বুলি কোনো প্ৰমাণ পোৱা নাযায়। ইয়াৰ পৰিৱৰ্তে, এই নিৰ্ণয়ক তেওঁলোকে সম্পূৰ্ণৰূপে সমৰ্থন কৰিছিল। কল্পনা কৰক যে বাৰ্ণাব্বা আৰু চৌলে কেনে অনুভৱ কৰিছিল, যেতিয়া তেওঁলোকৰ মণ্ডলীৰ ভাইসকলে কোনো ঈৰ্ষা নকৰাকৈ “লঘোন দি প্ৰাৰ্থনা কৰি, সেই দুজনৰ ওপৰত হাত দি পঠাই দিলে।” (পাঁচ. ১৩:৩) বৰ্তমান সময়ত আমিও সেই ভাইসকলক সমৰ্থন কৰা উচিত, যিসকলে সংগঠনৰ কামৰ বাবে দায়িত্ব লাভ কৰে আৰু মণ্ডলীৰ ওভাৰচিয়াৰ হয়। দায়িত্ব লাভ কৰা ভাইসকলক ঈৰ্ষা কৰাৰ পৰিৱৰ্তে, আমি “তেওঁবিলাকৰ কাৰ্য্যৰ কাৰণে, প্ৰেমেৰে অতিশয়ৰূপে তেওঁবিলাকক সমাদৰ কৰা” উচিত।—১ থিচ. ৫:১৩.
(পাঁচনিৰ কৰ্ম্ম ১৩:১২) এই ঘটনা দেখি, এই অধিপতিয়ে প্ৰভুৰ উপদেশত বিস্ময় মানি বিশ্বাস কৰিলে।
(পাঁচনিৰ কৰ্ম্ম ১৩:৪৮) পৰজাতি লোকে ইয়াকে শুনি আনন্দ পাই, ঈশ্বৰৰ বাক্যৰ প্ৰশংসা কৰিলে; আৰু যিমান লোক অনন্ত জীৱন পাবলৈ নিৰূপিত আছিল, সিমানে বিশ্বাস কৰিলে।
(পাঁচনিৰ কৰ্ম্ম ১৪:১) পাছে ইকনিয় নগৰত, তেওঁলোক দুয়ো একে-লগে যিহূদীবিলাকৰ নাম-ঘৰত সোমাই, এনেকৈ কথা কলে যে, অনেক যিহূদী আৰু গ্ৰীক মানুহে বিশ্বাস কৰিলে।
bt ৯৫ ¶৫
“প্ৰভুত ভৰ দি, সাহেৰে প্ৰচাৰ কৰিলে”
৫ প্ৰথমতে, পৌল আৰু বাৰ্ণাব্বা ইকনিয় নগৰত ৰয় আৰু এই নগৰখনত গ্ৰীক লোকসকলৰ এটা এলেকা আছিল। ৰোমান সাম্ৰাজ্যৰ গালাতিয়াৰ প্ৰধান চহৰবোৰৰ ভিতৰত এখন চহৰ আছিল। এই চহৰত বহুতো যিহূদীয়ে বাস কৰিছিল আৰু লগতে যিহূদী ধৰ্ম গ্ৰহণ কৰা লোকসকলেও ইয়াত বাস কৰিছিল। ইকনিয়ত উপস্থিত হৈ পৌল আৰু বাৰ্ণাব্বাই বিধি অনুসৰি তাত থকা নাম-ঘৰলৈ গৈ ঘোষণা কৰিবলৈ আৰম্ভ কৰে। (পাঁচ. ১৩:৫, ১৪) তেওঁলোকে “এনেকৈ কথা কলে যে, অনেক যিহূদী আৰু গ্ৰীক মানুহে বিশ্বাস কৰিলে।”—পাঁচ. ১৪:১.
(পাঁচনিৰ কৰ্ম্ম ১৪:২১, ২২) পাছে তেওঁলোকে সেই নগৰতে শুভবাৰ্ত্তা প্ৰচাৰ কৰি অনেকক শিষ্য কৰি, লুস্ত্ৰা, ইকনিয়, আৰু আন্তিয়খিয়ালৈ উলটি গল; ২২ আৰু আমি বহু ক্লেশেৰে ঈশ্বৰৰ ৰাজ্যত সোমাব লাগে, এই বুলি বিশ্বাসত থিৰে থাকিবলৈ উপদেশ দি, শিষ্যবিলাকৰ মন থিৰ কৰিলে।
w১৪ ৯/১৫ ১৩ ¶৪-৫
‘বহু ক্লেশৰ’ মাজতো ঈশ্বৰৰ বিশ্বাসী হৈ থাকক
৪ দৰ্বী চহৰ সাক্ষাৎ কৰাৰ পাছত পৌল আৰু বাৰ্ণাব্বা “লুস্ত্ৰা, ইকনিয়, আৰু আন্তিয়খিয়ালৈ উলটি গল; আৰু আমি বহু ক্লেশেৰে ঈশ্বৰৰ ৰাজ্যত সোমাব লাগে, এই বুলি বিশ্বাসত থিৰে থাকিবলৈ উপদেশ দি, শিষ্যবিলাকৰ মন থিৰ কৰিলে।” (পাঁচ. ১৪:২১, ২২) এই কথা পঢ়ি হয়তো আমাক আচৰিত লাগিব পাৰে। ‘বহু ক্লেশৰ’ মাজেৰে পাৰ হোৱা কথাষাৰ শুনি বহুতে নিৰাশো হʼব পাৰে। পৌল আৰু বাৰ্ণাব্বাই তেনেহʼলে কেনেকৈ “শিষ্যবিলাকৰ মন থিৰ” কৰিলে?
৫ আমি এই প্ৰশ্নৰ উত্তৰ পৌলে লিখা বাক্যশাৰীতে বিচাৰি পাওঁ। অনুগ্ৰহ কৰি লক্ষ্য কৰক যে তেওঁ কেৱল এইদৰে কোৱা নাছিল: “আমি বহু ক্লেশৰ মাজেৰে সহন কৰিব লাগিব।” তাৰ পৰিৱৰ্তে, তেওঁ এইদৰে কৈছিল: “আমি বহু ক্লেশেৰে ঈশ্বৰৰ ৰাজ্যত সোমাব লাগে।” গতিকে, পৌলে যি পুৰস্কাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল, সেই পুৰস্কাৰ ঈশ্বৰৰ বিশ্বাসী হৈ থকা লোকসকলেহে লাভ কৰিব। এই পুৰস্কাৰ কোনো সপোন নহয়। আনকি যীচুৱে কৈছিল: “কিন্তু যি জনে শেষলৈকে সহি থাকে, সেই জনেই পৰিত্ৰাণ পাব।”—মথি ১০:২২.
আধ্যাত্মিক ৰত্ন বিচাৰক:
(পাঁচনিৰ কৰ্ম্ম ১২:২১-২৩) পাছে নিৰূপণ কৰা দিনত, হেৰোদে ৰাজবস্ত্ৰ পিন্ধি সিংহাসনত বহি, তেওঁবিলাকৰ আগত বক্তৃতা কৰিলে। ২২ তাতে লোকসমূহে ৰিঙিয়াই কলে, এয়ে মানুহৰ মাত নহয়, ঈশ্বৰৰ মাত। ২৩ কিন্তু সেই সন্মান তেওঁ ঈশ্বৰক নিদিয়াত, প্ৰভুৰ দূতে তেওঁক তেতিয়াই আঘাত কৰিলে; আৰু পোকে খোৱাত, তেওঁ প্ৰাণত্যাগ কৰিলে।
w০৮ ৫/১৫ ৩২ ¶৭
পাঁচনিৰ কৰ্ম্ম কিতাপৰ আলোকপাত
১২:২১-২৩; ১৪:১৪-১৮. যিহোৱা ঈশ্বৰে পাবলগীয়া প্ৰশংসা হেৰোদে নিজে গ্ৰহণ কৰিছিল। কিন্তু পৌল আৰু বাৰ্ণাব্বা ইয়াৰ বিপৰীত আছিল। যেতিয়া লোকসকলে তেওঁলোকক দেৱতা বুলি উপাসনা কৰিবলৈ চেষ্টা কৰে, তেওঁলোকে তৎক্ষণাৎ আৰু দৃঢ়তাৰে এইদৰে কৰিবলৈ বাধা দিয়ে। বৰ্তমান সময়ত আমিও যিহোৱাৰ সেৱাত যি সফলতা লাভ কৰোঁ, তাৰ বাবে অন্যৰপৰা প্ৰশংসা পোৱাৰ বাবে আশা কৰাটো উচিত নহʼব।
(পাঁচনিৰ কৰ্ম্ম ১৩:৯) তাতে চৌল, যি জনক পৌলো বোলে, তেওঁ পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হৈ, তেওঁলৈ একে-থৰে চাই কলে।
পাঁচ ১৩:৯ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা
চৌল, যি জনক পৌলো বোলে: এই সময়ৰপৰা চৌলক পৌল বুলি কোৱা হৈছিল। তেওঁ এজন ইব্ৰী আছিল, কিন্তু তেওঁ এজন ৰোমান নাগৰিক আছিল। (পাঁচ ২২:২৭, ২৮; ফিলি ৩:৫) সেইবাবে, সৰুৰেপৰা তেওঁৰ হীব্ৰু নাম চৌল আছিল আৰু এই নামৰ লগতে তেওঁৰ ৰোমান নাম পৌল বুলিও জনাজাত হৈ পৰিছিল। সেই সময়ত এজন ব্যক্তিৰ দুটা নাম থকাটো সাধাৰণ বিষয় আছিল, বিশেষকৈ যিসকলে ইস্ৰায়েলৰপৰা বাহিৰত থাকে। (পাঁচ ১২:১২; ১৩:১) পৌলৰ কিছুমান সম্বন্ধীয় লোকৰো ৰোমান আৰু গ্ৰীক নাম আছিল। (ৰোম ১৬:৭, ২১) “পৰজাতিবিলাকৰ নিমিত্তে নিযুক্ত পাঁচনি” হিচাপে পৌলে যিহূদী নোহোৱা লোকসকলক শুভৱাৰ্ত্তা ঘোষণা কৰিবলৈ দায়িত্ব দিছিল। (ৰোম ১১:১৩) তেওঁ হয়তো ৰোমান নাম ব্যৱহাৰ কৰিবলৈ নিৰ্ণয় লৈছিল। তেওঁ বোধহয় ভাবিছিল যে এই নাম সকলোৱে ভাল পাব। (পাঁচ ৯:১৫; গালা ২:৭, ৮) কিছুমান লোকে কয় যে চৰ্জিয় পৌলৰ প্ৰতি সন্মান দেখুৱাবলৈ পৌলে এই নাম গ্ৰহণ কৰিছিল। কিন্তু এয়া সঠিক যেন নালাগে। কিয়নো কুপ্ৰীয়া দ্বীপ ত্যাগ কৰাৰ পাছতো তেওঁ পৌল নামেৰে জনাজাত আছিল। আন কিছুমান লোকে কয় যে পৌলে নিজৰ হীব্ৰু নাম ব্যৱহাৰ কৰা নাছিল। কাৰণ ইয়াৰ গ্ৰীক উচ্চাৰণ, আন এটা গ্ৰীক শব্দৰ লগত মিল আছে, যাৰ অৰ্থ হৈছে এনে এজন ব্যক্তি (অথবা জন্তু), যি ফিতাহি মাৰি ঘূৰি ফুৰে।—পাঁচ ৭:৫৮ পদৰ ওপৰত অধ্যয়নৰ টোকা চাওক।
পৌল: গ্ৰীক শাস্ত্ৰপদৰ পৌলʼচ নামটো, লেটিন ভাষাৰ পৌলোচৰপৰা আহিছে। ইয়াৰ অৰ্থ হৈছে, “সৰু।” এই নাম মূল ভাষাত ১৫৭ বাৰ পৌলৰ বাবে আৰু দুবাৰ কুপ্ৰীয়াৰ ৰাজ্যপাল চৰ্জিয় পৌলৰ বাবে ব্যৱহাৰ হয়।—পাঁচ ১৩:৭.
বাইবেল পাঠ
(পাঁচনিৰ কৰ্ম্ম ১২:১-১৭) সেই কালত হেৰোদ ৰজাই মণ্ডলীৰ কোনো কোনোক অত্যাচাৰ কৰিবলৈ হাত দিলে; ২ আৰু যোহনৰ ককায়েক যাকোবক তৰোৱালেৰে বধ কৰালে। ৩ তাতে যিহূদীবিলাক সন্তুষ্ট হোৱা দেখি, তেওঁ পিতৰকো ধৰালে; ৪ (তেতিয়া খমিৰ নোহোৱা পিঠাৰ দিন আছিল;) আৰু তেওঁক ধৰাই, নিস্তাৰ-পৰ্ব্বৰ পাছত মানুহবিলাকৰ আগত উপস্থিত কৰিবলৈ মন কৰি, বন্দীশালত থোৱালে; আৰু চাইটীয়াকৈ চাৰি জুম সৈন্যে তেওঁক পহৰা দিবলৈ সিহঁতৰ হাতত শোধাই দিলে। ৫ এইদৰে পিতৰক বন্দীশালত ৰাখিলে; কিন্তু তেওঁৰ নিমিত্তে মণ্ডলীৰ লোকে আগ্ৰহেৰে ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰি আছিল। ৬ পাছে হেৰোদে তেওঁক বাহিৰলৈ আনিব খোজা দিনাৰ আগ-ৰাতি, পিতৰ দুজন সৈন্যৰ মাজত দুডাল শিকলিৰে বন্ধা হৈ টোপনিত আছিল, আৰু পৰীয়াহঁতেও দুৱাৰ মুখত বন্দীশাল ৰখি আছিল। ৭ তাতে চোৱা, প্ৰভুৰ দূত উপস্থিত হলত, সেই কোঁঠালিত পোহৰ প্ৰকাশ পালে। তেতিয়া তেওঁ পিতৰৰ কাষত চাপৰ মাৰি জগাই কলে, বেগাই উঠা; তাতে তেওঁৰ হাতৰ পৰা শিকলি সুলকি পৰিল। ৮ পাছে দূতে তেওঁক কলে, কঁকাল বান্ধি পাদুকা পিন্ধা। তাকে কৰিলত, দূতে তেওঁক কলে, তোমাৰ কাপোৰ গাত লৈ মোৰ পাছে পাছে আহাঁ। ৯ তাতে পিতৰ বাহিৰ ওলাই তেওঁৰ পাছে পাছে গল; কিন্তু দূতে কৰা সেই কৰ্ম্ম যে সঁচা, এনে নুবুজি দৰ্শন পাইছোঁ বুলি ভাবিলে। ১০ এইদৰে প্ৰথম আৰু দ্বিতীয় পৰীয়া এৰাই, নগৰলৈ অহা-যোৱা কৰা যি লোহাৰ দুৱাৰ, তাৰ ওচৰ পালত, সেই দুৱাৰ তেওঁলোকলৈ নিজে মুকলি হৈ গল। তাতে তেওঁলোক তাৰ পৰা ওলাই বাহিৰ হৈ এটা বাটৰ মূৰলৈকে গলত, তৎক্ষণাৎ দূতে তেওঁক এৰিলে। ১১ তেতিয়া পিতৰে চেতন পাই কলে, প্ৰভূৱে তেওঁৰ দূত পঠাই, হেৰোদৰ হাতৰ পৰা আৰু যিহূদী লোকৰ সকলো আকাঙ্ক্ষাৰ পৰা মোক উদ্ধাৰ কৰিলে, ইয়াকে মই এতিয়া নিশ্চয়কৈ জানিছোঁ। ১২ পাছে তেওঁ বিবেচনা কৰি, মাৰ্ক নামেৰে প্ৰখ্যাত যি যোহন, তেওঁৰ মাক মৰিয়মৰ ঘৰলৈ গল; তাত অনেকে গোট খাই প্ৰাৰ্থনা কৰি আছিল। ১৩ পিতৰে বাহিৰৰ দুৱাৰত টুকৰিয়ালত, ৰোদা নামেৰে বেটী এজনীয়ে শুনিবলৈ আহিল। ১৪ তাত পিতৰৰ মাত বুজি, আনন্দ হোৱাৰ কাৰণে দুৱাৰ নেমেলি, ভিতৰলৈ লৰি গৈ, পিতৰ দুৱাৰ মুখত থিয় হৈ আছে বুলি কলেগৈ; ১৫ তাতে তেওঁলোকে কলে, তই বলীয়া হৈছ। কিন্তু তাই দৃঢ়কৈ কলে, সঁচা, আছে হয়। তাতে তেওঁলোকে কলে, তেনেহলে সেই জন তেওঁৰ দূত। ১৬ কিন্তু পিতৰে দুৱাৰত টুকৰিয়াই আছিল; পাছে তেওঁলোকে দুৱাৰ মেলি, তেওঁক দেখি বিস্ময় মানিলে। ১৭ তেতিয়া তেওঁলোকে নিজম দি থাকিবলৈ, তেওঁ হাত টাৰ্ বাৰ্ কৰি, প্ৰভুৱে কেনেকৈ তেওঁক বন্দীশালৰ পৰা বাহিৰ কৰি আনিলে, তাৰ বৃত্তান্ত তেওঁলোকৰ আগত বৰ্ণনা কৰিলে; আৰু কলে, তোমালোকে যাকোব আৰু ভাইবিলাকক এই সম্বাদ দিবা। আৰু তেওঁ ওলাই আন ঠাইলৈ গুচি গল।
ডিচেম্বৰ ১৭-২৩
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | পাঁচনিৰ কৰ্ম্ম ১৫-১৬
“ঈশ্বৰৰ বাক্যৰ আধাৰত একে মনৰ নিৰ্ণয়”
(পাঁচনিৰ কৰ্ম্ম ১৫:১, ২) পাছে যিহূদিয়াৰ পৰা জনচাৰেকে আহি, ভাইবিলাকক এইদৰে শিক্ষা দিলে, বোলে, মোচিৰ ৰীতি অনুসাৰে তোমালোকৰ চুন্নৎ নহলে, তোমালোকে পৰিত্ৰাণ পাব নোৱাৰা। ২ তাতে তেওঁবিলাকে সৈতে পৌল আৰু বাৰ্ণব্বাৰ বৰ অমিল আৰু বাদ-বিচাৰ হলত, ভাইবিলাকে এই থিৰ কৰিলে যে, সেই বাদ-বিচাৰৰ মীমাংসাৰ অৰ্থে, পৌল, বাৰ্ণব্বা, আৰু তেওঁবিলাকৰ মাজৰ আন কেইজনমান যিৰূচালেমলৈ পাঁচনি আৰু বৃদ্ধলোকৰ ওচৰলৈ যাব।
bt ১০২-১০৩ ¶৮
‘বৰ অমিল আৰু বাদ-বিচাৰ হল’
৮ লূকে আগলৈ কয়: “তেওঁবিলাকে [“কিছুমান লোক”] সৈতে পৌল আৰু বাৰ্ণব্বাৰ বৰ অমিল আৰু বাদ-বিচাৰ হলত, ভাইবিলাকে [প্ৰাচীনসকলে] এই থিৰ কৰিলে যে, সেই বাদ-বিচাৰৰ মীমাংসাৰ অৰ্থে, পৌল, বাৰ্ণব্বা, আৰু তেওঁবিলাকৰ মাজৰ আন কেইজনমান যিৰূচালেমলৈ পাঁচনি আৰু বৃদ্ধলোকৰ ওচৰলৈ যাব।” (পাঁচ. ১৫:২) শাস্ত্ৰপদে বৰ্ণনা কৰে যে বিষয়টো লৈ তেওঁলোকৰ মাজত “বৰ অমিল আৰু বাদ-বিচাৰ” হয়। ইয়াৰ অৰ্থ এইটো যে দুই পক্ষৰ লোকসকলে নিজৰ কথাই ধৰি আছিল আৰু তেওঁলোকে কʼব বিচাৰিছিল যে তেওঁলোকে যি কৈছে, সেয়া সঠিক হয়। আন্তিয়খিয়াৰ প্ৰাচীনসকলে এই সমস্যাৰ সমাধান কৰিবলৈ সক্ষম নহʼল। সেইবাবে, মণ্ডলীৰ শান্তি আৰু একতা বজাই ৰাখিবলৈ তেওঁলোকে যিৰূচালেমৰ “পাঁচনি আৰু বৃদ্ধলোকৰ ওচৰলৈ” পঠিয়াই এই বিষয়টো মীমাংসা কৰিবলৈ নিৰ্ণয় লয়, যি সেই সময়ত প্ৰশাসন গোষ্ঠী হিচাপে কাৰ্য্য কৰিছিল। আন্তিয়খিয়াৰ প্ৰাচীনসকলৰপৰা আমি কি শিক্ষা লাভ কৰিব পাৰোঁ?
(পাঁচনিৰ কৰ্ম্ম ১৫:১৩-২০) তেওঁলোকৰ কথা শেষ হলত, যাকোবে উত্তৰ কৰি কলে, ১৪ হে ভাইসকল, মোৰ কথা শুনা ঈশ্বৰে নিজ নামৰ নিমিত্তে পৰজাতি লোকৰ মাজৰ পৰা এটা সমাজ গ্ৰহণ কৰিবলৈ, প্ৰথমে কেনেকৈ তেওঁবিলাকলৈ দৃষ্টি কৰিলে, তাক চিমোনে বৰ্ণনা কৰিলে। ১৫ ভাববাদীসকলৰ বাক্যও তাৰে সৈতে মিলে; এই বিষয়ে লিখা আছে, বোলে, ১৬ যুগৰ আৰম্ভণৰে পৰা জনা এইবোৰ কৰ্ম্ম সিদ্ধ কৰোঁতা প্ৰভুৱে কৈছে, ১৭ অৱশিষ্ট মানুহবিলাক, অৰ্থাৎ যি পৰজাতি লোক মোৰ নামেৰে প্ৰখ্যাত হয়, সেই সকলোৱে যেন প্ৰভুক বিচাৰে, এই নিমিত্তে, ১৮ মই উলটি আহি, দায়ূদৰ পৰি থকা পঁজা আকৌ সাজিম; আৰু তাৰ ভগ্নাৱশেষ পুনৰায় নিৰ্ম্মাণ কৰি, তাক থিয় কৰিম। ১৯ এই কাৰণে মোৰ বিবেচনা এই, পৰজাতি লোকৰ মাজত যিবিলাকে ঈশ্বৰলৈ পালটিছে, তেওঁবিলাকক আন ভাৰ নিদিওঁ; ২০ কিন্তু দেৱতাবিষয়ক অশুচিতা, ব্যভিচাৰ, আৰু টেটু-চেপা দি মৰা জন্তু আৰু তেজ খোৱা এইবোৰৰ পৰা পৃথক থাকিবলৈ লিখোঁহঁক।
w১২ ১/১৫ ৫ ¶৬-৭
সত্য খ্ৰীষ্টানে ঈশ্বৰৰ বাক্যৰ প্ৰতি সন্মান দেখুৱায়
৬ আমোচ ৯:১১, ১২ পদৰ আধাৰত সমস্যাটো সমাধান কৰা হয়। এই পদৰ উদ্ধৃতি পাঁচনিৰ কৰ্ম্ম ১৫:১৬-১৮ পদত এইদৰে দিয়া হৈছে: “যুগৰ আৰম্ভণৰে পৰা জনা এইবোৰ কৰ্ম্ম সিদ্ধ কৰোঁতা প্ৰভুৱে কৈছে, অৱশিষ্ট মানুহবিলাক, অৰ্থাৎ যি পৰজাতি লোক মোৰ নামেৰে প্ৰখ্যাত হয়, সেই সকলোৱে যেন প্ৰভুক [ঈশ্বৰক] বিচাৰে এই নিমিত্তে, মই উলটি আহি, দায়ূদৰ পৰি থকা পঁজা আকৌ সাজিম; আৰু তাৰ ভগ্নাৱশেষ পুনৰায় নিৰ্ম্মাণ কৰি, তাক থিয় কৰিম।”
৭ কিন্তু কিছুমান লোকে হয়তো কʼব পাৰে যে ‘সেই পদত পৰজাতি লোকসকলক চুন্নৎ কৰাৰ প্ৰয়োজন নাই বুলি লিখা নাই।’ এয়া সঁচা হয়, কিন্তু যিহূদী খ্ৰীষ্টানসকলে হয়তো ইয়াক বুজি পাইছিল। কিয়নো চুন্নৎ কৰা পৰজাতি লোকসকলক তেওঁলোকে “বিদেশী” বুলি নহয়, কিন্তু নিজৰ ভাই বুলি গণ্য কৰিছিল। (যাত্ৰা. ১২:৪৮, ৪৯) উদাহৰণস্বৰূপে, বাগষ্ট্যাৰ ছেপ্টুৱেজিন্ট ভাৰচনৰ অনুসৰি ইষ্টেৰ ৮:১৭ পদত এইদৰে উল্লেখ আছে: “দেশীয় জাতি বিলাকৰ অনেক মানুহ যিহূদী হল।” গতিকে, শাস্ত্ৰপদে যেতিয়া ভৱিষ্যতবাণী কৰিছিল যে ইস্ৰায়েলৰ অৱশিষ্ট লোকসকল (যিহূদী আৰু চুন্নৎ কৰি যিহূদী হোৱা লোক) “সেই সকলোৱে” (চুন্নৎ নোহোৱা পৰিজাতি) সৈতে ঈশ্বৰৰ নামেৰে প্ৰখ্যাত হʼব, তেতিয়া এই কথা স্পষ্ট হৈ পৰিছিল। যিসকল পৰজাতিয়ে খ্ৰীষ্টান হʼব বিচাৰিছিল, তেওঁলোকক চুন্নৎ কৰাৰ প্ৰয়োজন নাছিল।
(পাঁচনিৰ কৰ্ম্ম ১৫:২৮, ২৯) তোমালোকে দেৱতাৰ প্ৰসাদ, তেজ, টেঁটু-চেপা দি মৰা জন্তু খোৱা, আৰু ব্যভিচাৰ, এইবোৰৰ পৰা পৃথক থাকিবা; এই কৰ্ত্তব্য কৰ্ম্মত বাজে, তোমালোকৰ ওপৰত আন একো ভাৰ নিদিবলৈ, পবিত্ৰ আত্মা আৰু আমিও উচিত দেখিলোঁ। ২৯ এইবোৰৰ পৰা তোমালোকে নিজকে ৰাখিলে, তোমালোকৰ ভাল হব। তোমালোকৰ মঙ্গল হওক। ইতি।
(পাঁচনিৰ কৰ্ম্ম ১৬:৪, ৫) পাছে তেওঁলোকে নগৰবোৰত ফুৰি ফুৰি, যিৰূচালেমত থকা পাঁচনি আৰু বৃদ্ধলোকে নিৰূপণ কৰা আজ্ঞা, পালন কৰিবলৈ তেওঁবিলাকক দিলে। ৫ তাতে মণ্ডলীবিলাক বিশ্বাসত দৃঢ় হৈ, দিনে দিনে লেখত বাঢ়ি গল।
bt ১২৩ ¶১৮
“মণ্ডলীবিলাকক স্থিৰ কৰি কৰি গল”
১৮ পৌল আৰু তীমথিয়ে বহু বছৰ একেলগে কাম কৰিছিল। চাৰ্কিট ওভাৰচিয়াৰ হিচাপে তেওঁলোকে প্ৰশাসন গোষ্ঠীৰ হৈ বিভিন্ন গুৰুত্বপূৰ্ণ দায়িত্ব সম্পন্ন কৰিছিল। বাইবেলে এইদৰে বৰ্ণনা কৰে: “তেওঁলোকে নগৰবোৰত ফুৰি ফুৰি, যিৰূচালেমত থকা পাঁচনি আৰু বৃদ্ধলোকে নিৰূপণ কৰা আজ্ঞা, পালন কৰিবলৈ তেওঁবিলাকক দিলে।” (পাঁচ. ১৬:৪) নিঃসন্দেহ মণ্ডলীৰ ভাই-ভনীসকলে যিৰূচালেমত থকা পাঁচনি আৰু বৃদ্ধলোকে নিৰূপণ কৰা নিৰ্দেশনা পালন কৰিছিল। ইয়াৰ পৰিণামস্বৰূপে “মণ্ডলীবিলাক বিশ্বাসত দৃঢ় হৈ, দিনে দিনে লেখত বাঢ়ি গল।”—পাঁচ. ১৬:৫.
আধ্যাত্মিক ৰত্ন বিচাৰক
(পাঁচনিৰ কৰ্ম্ম ১৬:৬-৯) পাছে তেওঁলোক ফৰুগিয়া আৰু গালাতিয়াৰ অঞ্চলেদি গৈছিল; এনেতে এচিয়া দেশত বাক্য প্ৰচাৰ কৰিবলৈ পবিত্ৰ আত্মাৰ দ্বাৰাই নিবাৰিত হোৱাত, ৭ তেওঁলোকে মূচিয়া দেশৰ ওচৰ পাই, বিথুনিয়ালৈ যাবলৈ চেষ্টা কৰিছিল; কিন্তু যীচুৰ আত্মাই তেওঁলোকক যাব নিদিলে। ৮ তেতিয়া তেওঁলোকে মূচিয়া এৰি, ত্ৰোৱা নগৰলৈ গল। তাতে পৌলে ৰাতি এটা দৰ্শন পালে; ৯ এজন মাকিদনীয়া মানুহে থিয় হৈ তেওঁক বিনয় কৰি কলে, মাকিদনিয়া দেশলৈ পাৰ হৈ আহি, আমাক উপকাৰ কৰা।
w১২ ১/১৫ ১০ ¶৮
জাগ্ৰত থকাৰ বিষয়ে যীচুৰ শিষ্যসকলৰপৰা শিকক
৮ এই বিৱৰণৰপৰা আমি কি শিকিব পাৰোঁ? লক্ষ্য কৰক যে পৌলে এচিয়াৰ বাবে ৰাওনা হোৱাৰ পাছত ঈশ্বৰৰ পবিত্ৰ আত্মাই তেওঁক বাধা দিয়ে। তাৰ পাছত পৌলে বিথুনিয়াৰ ওচৰ পোৱাৰ সময়ত যীচুৱে তেওঁলোকক বাধা দিয়ে। অৱশেষত, পৌলে ত্ৰোৱা পোৱাৰ পাছত যীচুৱে তেওঁক মাকিদনিয়ালৈ যাবলৈ নিৰ্দেশনা দিছিল। মণ্ডলীৰ মূৰ হিচাপে যীচুৱে বৰ্তমান সময়তো আমাক এইদৰে নিৰ্দেশনা দিয়ে। (কল. ১:১৮) উদাহৰণস্বৰূপে, আপুনি হয়তো অগ্ৰগামী সেৱা কৰিবলৈ অথবা এনে ঠাইলৈ যাবলৈ ভাবিছে, যʼত প্ৰচাৰকৰ প্ৰয়োজন আছে। কিন্তু ইয়াৰ বাবে হয়তো পদক্ষেপ লোৱাৰ পাছতহে, যীচুৱে ঈশ্বৰৰ পবিত্ৰ আত্মাৰ সহায়ত আপোনাক নিৰ্দেশনা দিব। ইয়াক বুজিবলৈ এই উদাহৰণলৈ ধ্যান দিয়ক: এজন ড্ৰাইভাৰে নিজৰ গাড়ীখন সোঁ হাতে বা বাওঁ হাতে ঘূৰাব পাৰে, যদিহে গাড়ীখন চলি থাকে। ঠিক সেইদৰে, যীচুৱে আমাৰ সেৱা কাৰ্য্য বৃদ্ধি কৰিবলৈ নিৰ্দেশনা দিব, যদিহে আমি আগবাঢ়ি যাওঁ অৰ্থাৎ সেই লক্ষ্যত উপনিত হʼবলৈ কঠোৰ পৰিশ্ৰম কৰোঁ।
(পাঁচনিৰ কৰ্ম্ম ১৬:৩৭) কিন্তু পৌলে তেওঁলোকক কলে, ৰোমীয়া লোক যি আমি, আমাক বিনা দণ্ডাজ্ঞাৰে সৰ্ব্বসাধাৰণৰ আগত কোবাই বন্দীশালত সুমুৱাই, এতিয়া গুপুতে উলিয়ায় নে? সেইটো হব নোৱাৰে; তেওঁলোকে নিজে আহি আমাক উলিয়াই দিয়ক।
পাঁচ ১৬:৩৭ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা
ৰোমীয়া লোক যি আমি: ইয়াৰ অৰ্থ হৈছে, ৰোমান নাগৰিক। পৌল ৰোমান নাগৰিক আছিল আৰু হয়তো চীলো ৰোমান নাগৰিক আছিল। ৰোমান আইন অনুসৰি এজন ৰোমান নাগৰিকক তেতিয়ালৈকে শাস্তি দিয়া নহয়, যেতিয়ালৈকে তেওঁ অপৰাধী বুলি প্ৰমাণিত নহয়। এজন ৰোমান নাগৰিকৰ ওচৰত এনে কিছুমান অধিকাৰ আছিল, যাৰ ব্যৱহাৰ তেওঁ ৰোমান সাম্ৰাজ্যৰ যিকোনো ঠাইত ব্যৱহাৰ কৰিব পাৰিছিল। এজন ৰোমীয়া নাগৰিকক কেৱল ৰোমান আইনহে প্ৰযোজ্য হৈছিল। তেওঁৰ ওপৰত স্থানীয় আইন প্ৰযোজ্য নহৈছিল। যদি তেওঁৰ বিৰুদ্ধে কিবা অভিযোগ অনা হয় আৰু স্থানীয় আইন অনুসৰি তেওঁৰ ওপৰত বিচাৰ কৰাৰ বাবে দাবী জনোৱা হয়, তেনেহʼলে তেওঁ সন্মত হʼব পাৰে। কিন্তু তেওঁ কোনো ৰোমান আদালতত বিচাৰ কৰিবলৈ দাবী কৰাৰ অধিকাৰ আছিল। যদি তেওঁ প্ৰাণদণ্ড পোৱাৰ কোনো অপৰাধ কৰে, তেনেহʼলে তেওঁ ৰোমীয়া সম্ৰাটক আপীল কৰিব পাৰে। পাঁচনি পৌলে ৰোমান সাম্ৰাজ্যৰ চাৰিওফালে ঘোষণা কৰিছিল। বাইবেলৰ অনুসৰি পৌলে ৰোমান নাগৰিক হোৱাৰ অধিকাৰ তিনিবাৰ ব্যৱহাৰ কৰে। প্ৰথমবাৰ তেওঁ ফিলিপীত ৰোমান নাগৰিক হোৱাৰ অধিকাৰক ব্যৱহাৰ কৰি নগৰৰ অধিকাৰীজনক অভিযোগ কৰে যে চাবুকেৰে কোবাবলৈ তেওঁলোকৰ অধিকাৰ নাই।—আন দুটা ঘটনাৰ বিষয়ে জানিবলৈ পাঁচ. ২২:২৫; ২৫:১১ পদৰ ওপৰত অধ্যয়নৰ টোকা চাওক।
বাইবেল পাঠ
(পাঁচনিৰ কৰ্ম্ম ১৬:২৫-৪০) কিন্তু মাজনিশা ৰাতি পৌল আৰু চীলে ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰি গীত গাইছিল; আৰু বন্দীয়াৰবোৰে তেওঁলোকলৈ কাণ পাতি আছিল। ২৬ তেতিয়া অকস্মাতে বৰ ভূমিকম্প হল; তাতে বন্দীশালৰ মূলবোৰ লৰিল, আৰু তেতিয়াই আটাই দুৱাৰ মুকলি হল, আৰু সকলোৰে বান্ধ সুলকিল। ২৭ তাতে ফাটেকৰ দাৰোগাই টোপনিৰ পৰা সাৰ পাই, বন্দীশালৰ দুৱাৰ মুকলি দেখি, বন্দীয়াৰবোৰ পলাল বুলি ভাবি, তৰোৱাল উলিয়াই আপোন-ঘাতী হবলৈ উদ্যত হল। ২৮ কিন্তু পৌলে বৰ মাতেৰে ৰিঙিয়াই কলে, তুমি নিজকে হানি নকৰিবা; কিয়নো আমি আটাইবোৰ ইয়াতে আছোঁ। ২৯ তেতিয়া তেওঁ চাকি খুজি ভিতৰলৈ লৰি আহি, কঁপি কঁপি পৌল আৰু চীলৰ আগত পৰিল। ৩০ পাছে তেওঁ তেওঁলোকক বাহিৰলৈ আনি সুধিলে, হে আতাসকল, পৰিত্ৰাণ পাবলৈ মই কি কৰিব লাগে? ৩১ তেওঁলোকে কলে, প্ৰভু যীচুত বিশ্বাস কৰা, তেহে তুমি আৰু তোমাৰ ঘৰৰ সকলোৱে পৰিত্ৰাণ পাবা। ৩২ পাছে তেওঁক আৰু তেওঁৰে সৈতে ঘৰত থকা সকলোকে তেওঁলোকে প্ৰভুৰ বাক্য কলে। ৩৩ তাতে তেওঁ ৰাতিৰ সেই পৰতে তেওঁলোকক লৈ কোবৰ ঘা ধুৱালে; আৰু তেতিয়াই তেওঁ নিজে আৰু তেওঁৰ ঘৰৰ সকলোৱেও বাপ্তাইজিত হল। ৩৪ পাছে তেওঁ তেওঁলোকক ঘৰলৈ নি, তেওঁলোকৰ আগত খোৱা বস্তু দি, ঘৰৰ আটাইবিলাকে সৈতে ঈশ্বৰত বিশ্বাস কৰাত, উল্লাসিত হল। ৩৫ পাছে দিন হলত, বিচাৰকৰ্ত্তাসকলে চাপ্ৰাচী পঠাই দি কোৱালে, সেই মানুহবোৰক এৰি দে। ৩৬ তাতে ফাটেকৰ দাৰোগাই পৌলক সেই কথাৰ সম্বাদ দি কলে, তোমালোকক এৰি দিবলৈ বিচাৰকৰ্ত্তাসকলে কৈ পঠাইছে; এতেকে তোমালোক এতিয়া বাহিৰ হৈ কুশলে যোৱা। ৩৭ কিন্তু পৌলে তেওঁলোকক কলে, ৰোমীয়া লোক যি আমি, আমাক বিনা দণ্ডাজ্ঞাৰে সৰ্ব্বসাধৰণৰ আগত কোবাই বন্দীশালত সুমুৱাই, এতিয়া গুপুতে উলিয়ায় নে? সেইটো হব নোৱাৰে; তেওঁলোকে নিজে আহি আমাক উলিয়াই দিয়ক। ৩৮ তেতিয়া চাপ্ৰাচীবিলাকে বিচাৰকৰ্ত্তাসকলক এই কথাৰ সম্বাদ দিলে; তাতে তেওঁলোক যে ৰোমীয়া মানুহ, ইয়াকে তেওঁলোকে শুনি ভয় পাই আহি, ৩৯ তেওঁলোকক মিনতি কৰি বাহিৰ উলিয়াই, নগৰৰ পৰা যাবলৈ বিনয় কৰিলে। ৪০ তাতে তেওঁলোকে বন্দীশালৰ পৰা বাহিৰ হৈ, লুদিয়াৰ ঘৰত সোমালগৈ; আৰু ভাইবিলাকক দেখি, তেওঁবিলাকক আশ্বাস দি, তাৰ পৰা গল।
ডিচেম্বৰ ২৪-৩০
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | পাঁচনিৰ কৰ্ম্ম ১৭-১৮
“পাঁচনি পৌলৰ দৰে ঘোষণা কৰক আৰু শিক্ষা দিয়ক”
(পাঁচনিৰ কৰ্ম্ম ১৭:২, ৩) পৌলে তেওঁৰ ব্যৱহাৰৰ দৰে, তেওঁবিলাকৰ ওচৰলৈ গৈ, তিনিটা বিশ্ৰাম-বাৰে তেওঁবিলাকক শাস্ত্ৰৰ পৰা যুক্তি দেখুৱাই, ভাঙি বুজাই দিলে যে, ৩ খ্ৰীষ্টে দুখভোগ কৰি মৃতবিলাকৰ মাজৰ পৰা উঠিব লগা আছিল, আৰু কলে, এই যি যীচুক মই তোমালোকৰ আগত প্ৰচাৰ কৰিছোঁ, এৱেঁই সেই খ্ৰীষ্ট্।
পাঁচ ১৭:২, ৩ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা
যুক্তি দেখুৱাই: পৌল কেৱল শুভৱাৰ্ত্তা জনোৱাই নাছিল, কিন্তু তেওঁ পবিত্ৰ শাস্ত্ৰৰপৰা অৰ্থাৎ হীব্ৰু শাস্ত্ৰৰপৰা উদ্ধৃতি দি লোকসকলক প্ৰমাণ সহকাৰে বৰ্ণনা কৰিছিল। তেওঁ মাথো শাস্ত্ৰৰপৰা পঢ়ি শুনাইছিল এনে নহয়, কিন্তু তাৰপৰা যুক্তি দেখুৱাইছিল। শ্ৰোতাসকলে বুজিব পৰাকৈ তেওঁ যুক্তি কৰিছিল। দায়েলেগʼমাই গ্ৰীক ক্ৰিয়াপদটো “এজনে-আনজনৰ লগত কথা-বতৰা হোৱা; আলোচনা কৰা” বুলি বৰ্ণনা কৰিব পাৰি। ইয়াৰ অৰ্থ হৈছে, লোকসকলৰ লগত কথা-বতৰা হোৱা। এই গ্ৰীক শব্দ পাঁচ ১৭:১৭; ১৮:৪, ১৯; ১৯:৮, ৯; ২০:৭, ৯ পদবোৰতো উল্লেখ আছে।
শাস্ত্ৰৰ পৰা . . . ভাঙি বুজাই দিলে: ইয়াৰ বাবে ব্যৱহাৰ হোৱা গ্ৰীক শব্দৰ আক্ষৰিক অৰ্থ হৈছে, “কাষত ৰখা।” ইয়াৰপৰা হয়তো বুজিব পাৰি যে পাঁচনি পৌলে হীব্ৰু শাস্ত্ৰপদত উল্লেখ কৰা ভৱিষ্যতবাণীবোৰ, যীচুৰ জীৱনত ঘটা ঘটনাৰ লগত তুলনা কৰিছিল আৰু দেখুৱাইছিল যে যীচুৰ ওপৰত সেই ভৱিষ্যতবাণীবোৰ পূৰ হৈছে।
(পাঁচনিৰ কৰ্ম্ম ১৭:১৭) এই কাৰণে তেওঁ নাম-ঘৰত যিহূদীবিলাক আৰু ভক্ত লোকসকল, আৰু বজাৰত যিবিলাকক লগ পালে, সেই সকলোৰে সৈতে নিতৌ নিতৌ তৰ্ক আলোচনা কৰিলে।
পাঁচ ১৭:১৭ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা
বজাৰ: এক্ৰʼপলিচৰ উত্তৰ-পশ্চিম দিশত অৱস্থিত আথীনীৰ বজাৰ (গ্ৰীক, আগʼৰা) প্ৰায় ৩৬ বিঘালৈকে বিস্তৃত হৈ আছিল। এই বজাৰত কেৱল বস্তুৰ বেচা-কিনা হৈছিল এনে নহয়। কিন্তু এই বজাৰ অৰ্থনৈতিক, ৰাজনৈতিক আৰু সাংস্কৃতিক জীৱনৰ কেন্দ্ৰভূমি আছিল। আথীনীয়া লোকসকলে ইয়াত আহি জ্ঞানৰ কথা আলোচনা কৰি ভাল পাইছিল।
(পাঁচনিৰ কৰ্ম্ম ১৭:২২, ২৩) পাছে পৌলে আৰেয়পাগৰ মাজত থিয় হৈ এই কথা কলে, হে আথীনীয়া মানুহবিলাক, মই তোমালোকক সকলো কথাতে অতি দেৱতা-ভক্ত দেখিছোঁ। ২৩ কিয়নো তোমালোকে যি যি পূজা কৰা, সেইবোৰ মই চাই ফুৰোঁতে, অবিদিত ঈশ্বৰলৈ এই বুলি লিখা এটা বেদি দেখা পালোঁ। এতেকে তোমালোকে যাক নাজানি পূজা কৰা, তাক মই তোমালোকক জনাওঁ।
পাঁচ ১৭:২২, ২৩ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা
অবিদিত ঈশ্বৰলৈ: আথীনীৰ এটা বেদীত গ্ৰীক ভাষাত এগনʼষ্টয় থিয়ই বুলি লিখা আছিল। আথীনীৰ লোকসকলে দেৱতাসকলক বৰ ভয় কৰিছিল। সেইবাবে, তেওঁলোকে বহুতো মন্দিৰ আৰু বেদী নিৰ্মাণ কৰিছিল। আনকি তেওঁলোকে বহুতো গুণৰ নামেৰে বেদী বনাইছিল। যেনে, যশস্যা, বিনয়, শক্তি, প্ৰত্যয় আৰু দয়া। অজানিতে যদি কোনো দেৱতাক উপাসনা কৰাত বাদ পৰি গৈছে আৰু সেই দেৱতাই যাতে অসন্তুষ্ট নহয়, তাৰ বাবে তেওঁলোকে “অবিদিত ঈশ্বৰলৈ” বুলি এটা বেদী নিৰ্মাণ কৰিছিল। এনেধৰণৰ বেদীৰ যোগেদি তেওঁলোকে এনে এজন ঈশ্বৰৰ অস্তিত্ব থকাৰ বিষয়ে স্বীকাৰ কৰিছিল, যাৰ বিষয়ে তেওঁলোকে একোৱেই নাজানিছিল। পাঁচনি পৌলে কৌশলতাৰে সেই বেদীৰ বিষয়ে উল্লেখ কৰি, সত্য ঈশ্বৰৰ বিষয়ে লোকসকলক জনাইছিল, যাৰ বিষয়ে তেওঁলোকে অজ্ঞাত আছিল।
আধ্যাত্মিক ৰত্ন বিচাৰক
(পাঁচনিৰ কৰ্ম্ম ১৮:১৮) পাছে পৌলে সেই ঠাইতে আৰু ভালে দিন থাকি, ভাইবিলাকৰ পৰা বিদায় লৈ, সমুদ্ৰ-পথেদি চিৰিয়া দেশলৈ যাত্ৰা কৰিলে; তেওঁৰ লগত প্ৰিষ্কিলা আৰু আক্কিলাও গল; তেওঁ কিংক্ৰিয়াত মূৰ খুৰাইছিল; কিয়নো তেওঁৰ কোনো সঙ্কল্প আছিল।
w০৮ ৫/১৫ ৩২ ¶৫
পাঁচনিৰ কৰ্ম্ম কিতাপৰ আলোকপাত
১৮:১৮—পৌলে কি সংকল্প কৰিছিল? কিছুমান বিদ্বানে কয় যে পৌলে এজন নাচৰীয়া হোৱাৰ সংকল্প লৈছিল। (গণ. ৬:১-২১) কিন্তু, পৌলে কি সংকল্প লৈছিল, তাৰ বিষয়ে বাইবেলত উল্লেখ নাই। ইয়াৰ উপৰিও, পাঁচনি পৌলে এই সংকল্প খ্ৰীষ্টান হোৱাৰ আগত কৰিছিল নে পাছত অথবা তেওঁ এই সংকল্প ৰাখিছিল নে নাই, তাৰ বিষয়েও বৰ্ণনা নাই। যি কি নহওক, এনে সংকল্প কৰাটো কোনো ভুল নাছিল।
(পাঁচনিৰ কৰ্ম্ম ১৮:২১) ঈশ্বৰৰ ইচ্ছা হলে তোমালোকৰ ওচৰলৈ উলটি আহিম, এই বুলি, সমুদ্ৰ-পথেদি ইফিচৰ পৰা গল।
পাঁচ ১৮:২১ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা
ঈশ্বৰৰ ইচ্ছা হলে: এই বাক্যৰপৰা জানিব পাৰি যে যিকোনা কাম অথবা পৰিকল্পনা কৰাৰ সময়ত ঈশ্বৰৰ ইচ্ছা কি, তাক ধ্যান ৰখা অতি প্ৰয়োজন। পাঁচনি পৌলে এই সিদ্ধান্ত সদায় মনত ৰাখিছিল। (১কৰি ৪:১৯; ১৬:৭; ইব্ৰী ৫:৩) যীচুৰ এজন শিষ্য যাকোবেও এইদৰে কৈছিল: “প্ৰভুৰ [যিহোৱাৰ] ইচ্ছা হলে, আমি জীয়াই থাকি, এই কৰ্ম্ম বা সেই কৰ্ম্মকে কৰিম।” (যাকো ৪:১৫) কিন্তু এজন ব্যক্তিয়ে এনেধৰণৰ কথা কেৱল নামৰ বাবে কোৱা উচিত নহয়। যদি কোনোবাই “প্ৰভুৰ ইচ্ছা হলে” বুলি কয়, তেনেহʼলে তেওঁক যিহোৱা ঈশ্বৰৰ ইচ্ছা অনুসৰি জীৱন অতিবাহিত কৰিবলৈ প্ৰাণপণে চেষ্টা কৰা উচিত। এনেধৰণৰ কথা সদায় আনে শুনাকৈ কোৱা নহয়, কিন্তু মনে মনে কৰা হয়।—পাঁচ ২১:১৪; ১কৰি ৪:১৯; যাকো ৪:১৫ আৰু অতিৰিক্ত লেখ C চাওক।
বাইবেল পাঠ
(পাঁচনিৰ কৰ্ম্ম ১৭:১-১৫) পাছে তেওঁলোকে আম্ফিপলি আৰু আপল্লোনিয়া নগৰেদি গৈ, থিচলনীকী পালে; তাতে যিহূদীবিলাকৰ এটা নাম ঘৰ আছিল; ২ পৌলে তেওঁৰ ব্যৱহাৰৰ দৰে, তেওঁবিলাকৰ ওচৰলৈ গৈ, তিনিটা বিশ্ৰাম-বাৰে তেওঁবিলাকক শাস্ত্ৰৰ পৰা যুক্তি দেখুৱাই, ভাঙি বুজাই দিলে যে, ৩ খ্ৰীষ্টে দুখভোগ কৰি মৃতবিলাকৰ মাজৰ পৰা উঠিব লগা আছিল, আৰু কলে, এই যি যীচুক মই তোমালোকৰ আগত প্ৰচাৰ কৰিছোঁ, এৱেঁই সেই খ্ৰীষ্ট্। ৪ তাতে তেওঁবিলাকৰ মাজৰ কিছুমান, আৰু ভালেমান ভক্ত গ্ৰীক লোক, আৰু অনেক প্ৰধান তিৰোতাই বিশ্বাস কৰি, পৌল আৰু চীলৰ ফলীয়া হল। ৫ কিন্তু যিহূদীবিলাকে ঈৰ্ষা মনেৰে কেতবোৰ বজৰুৱা দুষ্ট মানুহক লগত লৈ, এক লোকসমূহক গোটাই, নগৰৰ মাজত হুৰামুৰা লগাই যাচোনৰ ঘৰ আক্ৰমণ কৰি, তেওঁলোকক মানুহবিলাকৰ আগলৈ নিবলৈ বিচাৰিলে। ৬ কিন্তু তেওঁলোকক নাপাই, যাচোন আৰু কোনো কোনো ভাইবিলাকক নগৰৰ শাসনকৰ্ত্তাসকলৰ ওচৰলৈ টানি নি ৰিঙিয়াই কলে, যি মানুহবোৰে জগতকে লণ্ডভণ্ড কৰিলে, সেইবোৰ ইয়ালৈকো আহিল; ৭ আৰু এই যাচোনে সিহঁতক আলহীকৈ ৰাখিছে, আৰু যীচু নামেৰে আন এজন ৰজা আছে বুলি, সিহঁত সকলোৱে কৈচৰৰ আজ্ঞাৰ বিৰুদ্ধে আচৰণ কৰে। ৮ এইবোৰ কথা শুনি লোকসমূহৰ আৰু নগৰৰ শাসনকৰ্ত্তাসকলৰো উগুল-থুগুল লাগিল। ৯ তাতে যাচোন আৰু আনবিলাকৰো জামিন লৈ, তেওঁলোকক এৰি দিলে। ১০ পাছে ভাইবিলাকে পলম নকৰি, ৰাতিয়েই পৌল আৰু চীলক বিৰয়া নগৰলৈ পঠাই দিলে। তেওঁলোক তাত উপস্থিত হৈ, যিহূদীবিলাকৰ নাম-ঘৰলৈ গল। ১১ থিচলনীকীৰ লোকতকৈ এওঁবিলাকৰ সুমতি আছিল, কিয়নো এওঁবিলাকে সম্পূৰ্ণ আগ্ৰহেৰে বাক্য গ্ৰহণ কৰি, এয়ে হয় কি নহয়, তাকে জানিবলৈ নিতৌ নিতৌ শাস্ত্ৰ আলোচনা কৰিলে। ১২ এতেকে তেওঁবিলাকৰ মাজৰ অনেকে, আৰু গ্ৰীকবিলাকৰ মাজৰো অনেক ভদ্ৰ মহিলা আৰু পুৰুষে বিশ্বাস কৰিলে। ১৩ কিন্তু বিৰয়াতো পৌলৰ দ্বাৰাই ঈশ্বৰৰ বাক্য প্ৰচাৰ কৰা হৈছে, ইয়াকে থিচলনীকীৰ যিহূদীবিলাকে জানি তালৈকো আহি, লোকসমূহক অস্থিৰ আৰু ব্যাকুল কৰিলে। ১৪ তেতিয়া ভাইবিলাকে পলম নকৰি, পৌলক সাগৰলৈকে যাবলৈ পঠাই দিলে; কিন্তু চীল আৰু তীমথিয় সেই ঠাইতে থাকিল। ১৫ আৰু পৌলক আগ বঢ়াই থবলৈ যোৱাবিলাকে তেওঁক আথীনীলৈকে লৈ গল; পাছে, চীল আৰু তীমথিয়ক, পাৰেমানে বেগাই মোৰ ওচৰলৈ আহিবলৈ কবা, এই আদেশ পাই তেওঁলোক গুচি গল।
ডিচেম্বৰ ৩১–জানুৱাৰী ৬
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | পাঁচনিৰ কৰ্ম্ম ১৯-২০
“তোমালোকে নিজলৈ আৰু গোটেই জাকলৈকো সাৱধান হোৱা”
(পাঁচনিৰ কৰ্ম্ম ২০:২৮) তোমালোকে নিজলৈ, আৰু পবিত্ৰ আত্মাই যি জাকৰ মাজত তোমালোকক অধ্যক্ষ পাতিলে, সেই গোটেই জাকলৈকো সাৱধান হৈ, ঈশ্বৰে নিজৰ তেজেৰে যি মণ্ডলীক কিনিলে, তাক প্ৰতিপালন কৰা।
w১১ ৬/১৫ ২০-২১ ¶৫
“ঈশ্বৰৰ যি জাক আছে, তাক প্ৰতিপালন কৰা”
৫ পাঁচনি পৌলে বৰ্ণনা কৰিছে যে প্ৰাচীনসকলে “ঈশ্বৰৰ যি জাক আছে, তাক প্ৰতিপালন কৰা” উচিত। তেওঁলোকে মনত ৰখা উচিত হʼব যে প্ৰতিজন মেৰ যিহোৱা ঈশ্বৰ আৰু যীচু খ্ৰীষ্টৰ হয়। প্ৰাচীনসকলে মেৰবিলাকক কিদৰে চোৱা-চিতা কৰিছে, তাৰ বিষয়ে তেওঁলোকে ঈশ্বৰক হিচাপ দিব লাগিব। উদাহৰণস্বৰূপে, আপোনাৰ এজন ঘনিষ্ঠ বন্ধুৱে চহৰৰপৰা বাহিৰলৈ যোৱাৰ সময়ত তেওঁৰ লʼৰা-ছোৱালীকেইজনক চোৱা-চিতা কৰিবলৈ আপোনাক অনুৰোধ কৰে। আপুনি তেওঁলোকৰ ভালদৰে যত্ন নলʼবনে আৰু সময় অনুসৰি খোৱা-বোৱা নিদিবনে? যদি তেওঁলোকৰ মাজৰ কাৰোবাৰ বেমাৰ হয়, তেনেহʼলে আপুনি দৰৱ-পাতিৰ ব্যৱস্থা নকৰিবনে? ঠিক সেইদৰে, প্ৰাচীনসকলে “ঈশ্বৰে নিজৰ তেজেৰে যি মণ্ডলীক কিনিলে, তাক প্ৰতিপালন কৰা” উচিত। (পাঁচনিৰ কৰ্ম্ম ২০:২৮) তেওঁলোকে মনত ৰাখে যে প্ৰতিজন মেৰক খ্ৰীষ্টৰ বহুমূলীয়া তেজেৰে কিনা হৈছে। সেইবাবে, তেওঁলোকে নিজৰ দায়িত্ব বুজি মেৰবিলাকক খোৱায়, সুৰক্ষা দিয়ে আৰু যত্ন লয়।
(পাঁচনিৰ কৰ্ম্ম ২০:৩১) এতেকে তোমালোকে পৰ দি থাকা; আৰু মই যে চকু-লোৰে তিনি বছৰলৈকে দিনে-ৰাতিয়ে প্ৰতিজনক সচেতন কৰিবলৈ নেৰিলোঁ, তাকো সোঁৱৰা।
w১৩ ১/১৫ ৩১ ¶১৫
খ্ৰীষ্টান প্ৰাচীনসকল—‘আমাৰ আনন্দৰ সহকাৰী’
১৫ মেৰবিলাকক চোৱা-চিতা কৰাত কঠোৰ পৰিশ্ৰম জড়িত আছে। কেতিয়াবা কেতিয়াবা প্ৰাচীনসকলে ঈশ্বৰৰ মেৰবিলাকৰ বিষয়ে চিন্তা কৰি উজাগৰে কটায় আৰু ৰাতিলৈকে তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰে বা আধ্যাত্মিকভাৱে তেওঁলোকক সহায় আগবঢ়ায়। (২ কৰি. ১১:২৭, ২৮) এইবোৰৰ উপৰিও, প্ৰাচীনসকলে পাঁচনি পৌলৰ দৰে আনন্দেৰে নিজৰ দায়িত্ব পূৰ কৰে। তেওঁ কৰিন্থৰ ভাই-ভনীসকলক এইদৰে লিখিছিল: “ময়ো তোমালোকৰ প্ৰাণৰ নিমিত্তে আনন্দেৰে ব্যয় কৰিম, আৰু ব্যয় কৰাও হম।” (২ কৰি. ১২:১৫) ভাইসকলৰ প্ৰতি প্ৰেম থকাৰ বাবে পৌলে তেওঁলোকক উৎসাহিত কৰিবলৈ নিজকে সম্পূৰ্ণৰূপে ব্যয় কৰিলে। (২ কৰিন্থীয়া ২:৪ পঢ়ক; ফিলি. ২:১৭; ১ থিচ. ২:৮) নিঃসন্দেহ, ইয়াৰ বাবে ভাই-ভনীসকলে নিশ্চয় পৌলক ভাল পাইছিল।—পাঁচ. ২০:৩১-৩৮.
(পাঁচনিৰ কৰ্ম্ম ২০:৩৫) সকলো কথাতে মই তোমালোকক আৰ্হি দেখুৱালোঁ; তোমালোকে সেই দৰে পৰিশ্ৰম কৰি, দুৰ্ব্বলবিলাকৰ উপকাৰ কৰা উচিত; আৰু প্ৰভু যীচুৰ বাক্য সোঁৱৰাও উচিত; তেওঁ নিজে কৈছিল যে, গ্ৰহণ কৰাতকৈ দান কৰা ধন্য।
bt ১৭২ ¶২০
“মই যে আটাইৰে তেজৰ পৰা শুচি”
২০ পৌলৰ জীৱন-প্ৰণালী সেই ব্যক্তিসকলৰপৰা একেবাৰে বেলেগ আছিল, যিসকলে নিজৰ স্বাৰ্থৰ বাবে জাকবিলাকক ব্যৱহাৰ কৰিছিল। মণ্ডলীৰ বাবে যাতে বোজা হৈ নপৰে, তাৰ বাবে পৌলে নিজৰ খৰচ-পাতিৰ বাবে কাৰ্য্য কৰিছিল। তেওঁ নিজে কিবা লাভ পোৱাৰ বাবে নহয়, কিন্তু বিশ্বাসী ভাই-ভনীসকলক আগবাঢ়ি যোৱাত সহায় কৰিছিল। পৌলে ইফিচৰ প্ৰাচীনসকলক আত্মত্যাগৰ ভাৱনা দেখুৱাবলৈ উৎসাহিত কৰিছিল। তেওঁ কৈছিল: “তোমালোকে সেই দৰে পৰিশ্ৰম কৰি, দুৰ্ব্বলবিলাকৰ উপকাৰ কৰা উচিত; আৰু প্ৰভু যীচুৰ বাক্য সোঁৱৰাও উচিত; তেওঁ নিজে কৈছিল যে, গ্ৰহণ কৰাতকৈ দান কৰা ধন্য।”—পাঁচ. ২০:৩৫.
আধ্যাত্মিক ৰত্ন বিচাৰক
(পাঁচনিৰ কৰ্ম্ম ১৯:৯) কিন্তু কেইজনমান মানুহে কঠিন্মনা আৰু অবাধ্য হৈ, লোকসমূহৰ আগত এই পথক নিন্দা কৰিলত, তেওঁ তেওঁবিলাকক এৰি, শিষ্যবিলাকক পৃথক কৰি, তুৰাণ্ণ নামেৰে এজনৰ পঢ়াশালীত নিতৌ বাদ-বিচাৰ কৰিলে।
bt ১৬১ ¶১১
বিৰোধৰ সত্ত্বেও “ব্যাপ্ত হৈ জয়ী হল”
১১ পাঁচনি পৌলে হয়তো পঢ়াশালীত ৰাতিপুৱা ১১ বজাৰপৰা আবেলি ৪ বজালৈকে শিক্ষা দিছিল। (পাঁচ. ১৯:৯) সেইসময়ত চাৰিওফালৰ বাতাৱৰণ শান্ত হৈ পৰিছিল আৰু গৰম বতাহ বলাৰ বাবে লোকসকলে নিজৰ কাম-কাজ বন্ধ কৰি, খোৱা-বোৱা কৰি জিৰণি লৈছিল। কল্পনা কৰক যে যদি পৌলে দুবছৰ ধৰি এইদৰে শিক্ষা দিছিল, তেনেহʼলে তেওঁ প্ৰায় ৩,০০০-তকৈ বেছি ঘণ্টা শিক্ষা দিয়াত অতিবাহিত কৰিছিল। যিহোৱা ঈশ্বৰৰ বাক্য বিয়পি যোৱাৰ এয়াও এক কাৰণ আছিল। পৌল পৰিশ্ৰমী আছিল আৰু লোকসকলৰ পৰিস্থিতি অনুসৰি নিজকে খাপ খুৱাই লʼব পাৰিছিল। তেওঁ নিজৰ তালিকাত সাল-সলনি কৰি লোকসকলৰ প্ৰয়োজনীয়তা অনুসৰি ঘোষণা কাৰ্য্য কৰিছিল। ইয়াৰ পৰিণাম কি হৈছিল? “এচিয়াত বাস কৰা সকলো যিহূদী আৰু গ্ৰীকবিলাকেও প্ৰভুৰ বাক্য শুনিবলৈ পালে।” (পাঁচ. ১৯:১০) সঁচাকৈ, তেওঁ ভালদৰে ঘোষণা কৰাৰ বিষয়ে এক উত্তম উদাহৰণ ৰাখিলে।
(পাঁচনিৰ কৰ্ম্ম ১৯:১৯) আৰু মায়াকৰ্ম্ম কৰাবিলাকৰো ভালেমান লোকে নিজ নিজ পুস্তক গোটাই আনি, সকলোৰে আগত পুৰি পেলালে। সেইবোৰৰ মূল্য গণনা কৰি, আঢ়ৈ কুৰি হাজাৰ ৰূপ পালে।
bt ১৬২-১৬৩ ¶১৫
বিৰোধৰ সত্ত্বেও “ব্যাপ্ত হৈ জয়ী হল”
১৫ স্কিবাৰ সন্তানৰ অপমানিত হোৱাৰ বাবে ঈশ্বৰৰ প্ৰতি ভয় আহি গৈছিল। ইয়াৰ বাবে বহুতোলোকে বিশ্বাসী হৈ পৰে আৰু মায়াকৰ্ম্ম কৰিবলৈ ত্যাগ দিয়ে। ইফিচৰ সংস্কৃতি যাদুবিদ্যাৰ ওপৰত আধাৰিত আছিল। যাদুবিদ্যা, তাবিজৰ ব্যৱহাৰ আৰু তন্ত্ৰ-মন্ত্ৰ কৰা আদি সাধাৰণ বিষয় আছিল। আনকি তন্ত্ৰ-মন্ত্ৰৰ বাবে কিতাপো পোৱা কৈছিল। ইফিচৰ বহুতোলোকে যাদুবিদ্যাৰ কিতাপবোৰ আনি সকলোৰে আগত জ্বলাই দিয়ে। বৰ্তমান সময়ত ইয়াৰ মূল্য লাখ লাখ টকা হʼব পাৰে। লূকে এইদৰে বৰ্ণনা কৰে: “পৰাক্ৰমেৰে প্ৰভুৰ বাক্য ব্যাপ্ত হৈ জয়ী হল।” (পাঁচ. ১৯:১৭-২০) মিছা শিক্ষা আৰু দুষ্ট দূতৰ ওপৰত যিহোৱাৰ বাক্যৰ কি যে এক আচৰিতজনক জয়! সেই বিশ্বাসী লোকসকলে আমাৰ বাবে এক উত্তম উদাহৰণ ৰাখিছে। বৰ্তমান সময়ত আমি এনে এক জগতত বাস কৰিছোঁ, যʼত চাৰিওফালে ভূতবিদ্যাৰ শিক্ষাৰে ভৰি আছে। যদি ভূতবিদ্যাৰ লগত জড়িত থকা কিবা বস্তু আমাৰ লগত থাকে, তেনেহʼলে আমি কি কৰা উচিত? ইফিচত থকা লোকসকলৰ দৰে আমি তৎক্ষণাৎ সেইবোৰ নষ্ট কৰি দিয়া উচিত। এই বস্তুবোৰৰ মূল্য যিমানেই নহওক কিয়, আহক আমি এই ঘৃণনীয় অভ্যাসবোৰৰপৰা সম্পূৰ্ণৰূপে নিজকে আঁতৰ কৰোঁ।
বাইবেল পাঠ
(পাঁচনিৰ কৰ্ম্ম ১৯:১-২০) আপল্লো কৰিন্থত থকা সময়ত, পৌলে উচ্চভূমি-অঞ্চলেদি ফুৰি ইফিচলৈ আহি, ২ কেইজনমান শিষ্যক পাই তেওঁলোকক শুধিলে, যেতিয়া তোমালোকে বিশ্বাস কৰিলা, তেতিয়া পবিত্ৰ আত্মা পালা নে? তেওঁলোকে তেওঁক কলে, পবিত্ৰ আত্মা দিয়া হৈছে নে নাই, তাক আমি শুনিবলৈকে নাপালোঁ। ৩ তেওঁ কলে, তেনেহলে তোমালোকে কিহলৈ বাপ্তাইজিত হলা? তেওঁলোকে কলে, যোহনৰ বাপ্তিস্মলৈ। ৪ তাতে পৌলে কলে, যোহনে মানুহবিলাকক কৈছিল, যি জনা মোৰ পাছত আহিছে, তেওঁত, অৰ্থাৎ যীচুত বিশ্বাস কৰা; এই বুলি তেওঁ তেওঁলোকক মন-পালটনৰ বাপ্তিস্মেৰে বাপ্তাইজ কৰিলে। ৫ এই কথা শুনি তেওঁলোক প্ৰভু যীচুৰ নামেৰে বাপ্তাইজিত হল। ৬ পাছে পৌলে তেওঁলোকৰ গাত হাত দিলত, তেওঁলোকৰ ওপৰলৈ পবিত্ৰ আত্মা আহিল; তাতে তেওঁলোকে নানা ভাষাৰে কথা কৈ ভাবোক্তি প্ৰচাৰ কৰিলে। ৭ তেওঁলোক সকলো বাৰ জনমান মানুহ আছিল। ৮ পাছে তেওঁ নাম-ঘৰত সোমাই, ঈশ্বৰৰ ৰাজ্য-বিষয়ৰ কথা লৈ বাদ-বিচাৰ কৰি মানুহবিলাকক প্ৰবৃত্তি দি, তিনি মাহমান সাহেৰে প্ৰচাৰ কৰিছিল। ৯ কিন্তু কেইজনমান মানুহে কঠিন্মনা আৰু অবাধ্য হৈ, লোকসমূহৰ আগত এই পথক নিন্দা কৰিলত, তেওঁ তেওঁবিলাকক এৰি, শিষ্যবিলাকক পৃথক কৰি, তুৰাণ্ণ নামেৰে এজনৰ পঢ়াশালীত নিতৌ বাদ-বিচাৰ কৰিলে। ১০ এইদৰে দুবছৰলৈকে কৰিলত, এচিয়াত বাস কৰা সকলো যিহূদী আৰু গ্ৰীকবিলাকেও প্ৰভুৰ বাক্য শুনিবলৈ পালে। ১১ আৰু ঈশ্বৰে পৌলৰ হতুৱাই এনে পৰাক্ৰম-কাৰ্য্য কৰালে যে, ১২ তেওঁৰ গাৰ পৰা গামোচা বা কাপোৰ নৰিয়া মানুহৰ ওচৰলৈ নিলত, তেওঁলোকৰ ৰোগ গুচিল, আৰু দুষ্ট আত্মাবোৰো ওলাই গল। ১৩ কিন্তু দেশ ভ্ৰমি ফুৰা যিহূদীবিলাকৰ কেইজনমান ভূত খেদাওঁতাই, দুষ্ট আত্মাই ধৰাবিলাকৰ আগত প্ৰভু যীচুৰ নাম জপ কৰিবলৈ ধৰি কয়, বোলে, যি জনাৰ কথা পৌলে প্ৰচাৰ কৰিছে, সেই যীচুৰ শপত দি তোমালোকক আজ্ঞা দিছোঁ। ১৪ এনে কৰ্ম্ম স্কিবা নামেৰে এজন যিহূদী প্ৰধান পুৰোহিতৰ সাতজন পুতেকে কৰিছিল। ১৫ তাতে দুষ্ট আত্মাই উত্তৰ দি তেওঁলোকক কলে, যীচুক জানো,পৌলকো চিনো; কিন্তু তহঁত নো কোন? ১৬ এই বুলি সেই দুষ্ট আত্মাই ধৰা মানুহজনে তেওঁলোকৰ ওপৰত জাঁপ মাৰি, আটাইকে বশ কৰি বলেৰে পৰাজয় কৰিলে; তাতে তেওঁলোক উলঙ্গ আৰু খুন হৈ, সেই ঘৰৰ পৰা পলাল। ১৭ পাছে ইফিচত নিবাস কৰা যিহূদী আৰু গ্ৰীকবিলাকে এই কথা শুনি, সকলোৱে ভয় পালে; আৰু প্ৰভু যীচুৰ নাম মহিম্বান্বিত হল। ১৮ আৰু বিশ্বাস কৰাবিলাকৰ অনেকে আহি আহি, নিজ নিজ কৰ্ম্ম স্বীকাৰ কৰি জনালে। ১৯ আৰু মায়াকৰ্ম্ম কৰাবিলাকৰো ভালেমান লোকে নিজ নিজ পুস্তক গোটাই আনি, সকলোৰে আগত পুৰি পেলালে। সেইবোৰৰ মূল্য গণনা কৰি, আঢ়ৈ কুৰি হাজাৰ ৰূপ পালে। ২০ ইমান পৰাক্ৰমেৰে প্ৰভুৰ বাক্য ব্যাপ্ত হৈ জয়ী হল।