ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwbr18 নৱেম্বৰ পৃষ্ঠা ১-১০
  • নবেম্বৰ—জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • নবেম্বৰ—জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা—২০১৮
  • উপশীৰ্ষক
  • নবেম্বৰ ৫-১১
  • নবেম্বৰ ১২-১৮
  • নবেম্বৰ ১৯-২৫
  • নবেম্বৰ ২৬–ডিচেম্বৰ ২
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা—২০১৮
mwbr18 নৱেম্বৰ পৃষ্ঠা ১-১০

নবেম্বৰ—জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা

নবেম্বৰ ৫-১১

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | যোহন ২০-২১

“তুমি এইবিলাকতকৈ মোক অধিক প্ৰেম কৰিছা নে?”

(যোহন ২১:১-৩) তাৰ পাছত তিবিৰিয়া সাগৰৰ দাঁতিত, যীচুৱে আকৌ শিষ্যবিলাকক স্বয়ং দৰ্শন দিলে; আৰু তাতে তেওঁ এইদৰে নিজকে দৰ্শন দিলে। ২ চিমোন পিতৰ, আৰু যাক দিদুমো বোলে, সেই থোমা, আৰু গালীলৰ কান্না নগৰত থকা নথনেল, আৰু চিবদিয়ৰ পুতেক দুজন, আৰু আন দুজন শিষ্য, এই সকলো একে ঠাইতে আছিল। ৩ তাতে চিমোন পিতৰে তেওঁলোকক কলে, মই মাছ মাৰিবলৈ যাওঁ। তেওঁলোকে কলে, তেন্তে আমিও তোমাৰ লগত যাওঁ। এই বুলি, তেওঁলোক ওলাই গৈ নাৱত উঠিল; কিন্তু সেই ৰাতি একোকে নাপালে।

(যোহন ২১:৪-১৪) পাছে ৰাতি পুৱাওঁতেই, যীচু বামত থিয় হল; কিন্তু তেওঁ যে যীচু, ইয়াক সেই শিষ্য কেইজনে নাজানিলে। ৫ তাতে যীচুৱে তেওঁলোকক সুধিলে, হেৰা বোপাহঁত, তোমালোকৰ লগত কিবা খোৱা বস্তু আছে নে? তেওঁলোকে তেওঁক উত্তৰ দিলে, নাই। ৬ তেতিয়া তেওঁ তেওঁলোকক কলে, নাৱৰ সোঁফালে জাল পেলোৱা, তেহে পাবা। তাতে তেওঁলোকে জাল পেলালতে, বহু মাছৰ ভৰত, তাক আৰু টানি তুলিবই নোৱাৰিলে। ৭ তাতে যীচুৰ প্ৰিয় শিষ্যই পিতৰক কলে, তেৱেঁই প্ৰভু। তেৱেঁই প্ৰভু বুলি চিমোন পিতৰে শুনি, উদং হৈ থকাত, গাত চোলা পিন্ধি, জাঁপ মাৰি সাগৰত পৰিল। ৮ কিন্তু আন শিষ্য কেইজনে, মাছে সৈতে জাল টানি টানি, সৰু নাৱেৰে আহিল; কিয়নো তেওঁলোক বামৰ পৰা দুশ হাতমানতকৈ অধিক আঁতৰ নাছিল। ৯ পাছে তেওঁলোক বামত উঠিলত, তাতে এঙাৰৰ জুই, আৰু তাৰ ওপৰত মাছ আৰু পিঠা দেখিলে। ১০ যীচুৱে তেওঁলোকক কলে, এতিয়া যিবোৰ মাছ ধৰিলা, তাৰ পৰাও আনাগৈ। ১১ তাতে চিমোন পিতৰে নাৱত উঠি, এশ দুকুৰি তেৰটা বৰ মাছেৰে ভৰি থকা জাল টানি বামলৈ তুলিলে; ইমান মাছ লাগিলতো, জাল নাফাটিল। ১২ যীচুৱে তেওঁলোকক কলে, আহাঁহঁক, ভোজন কৰাহি। তেতিয়া, তেৱেঁই যে প্ৰভু, তাকে জানি, তুমি কোন? এই বুলি সুধিবলৈ শিষ্যবিলাকৰ কাৰো সাহ নহল। ১৩ পাছে যীচুৱে আহি, পিঠা আৰু মাছো লৈ তেওঁলোকক দিলে। ১৪ মৃতবিলাকৰ মাজৰ পৰা উঠাৰ পাছত, যীচুৱে শিষ্যবিলাকক এইটো তৃতীয়বাৰ দৰ্শন দিলে।

(যোহন ২১:১৫-১৯) তেওঁলোকে ভোজন কৰি এঁটালত, যীচুৱে চিমোন পিতৰক সুধিলে, হে যোহনৰ পুতেক চিমোন, তুমি এইবিলাকতকৈ মোক অধিক প্ৰেম কৰিছা নে? পিতৰে তেওঁক কলে, হয় প্ৰভু, আপোনাক প্ৰীতি কৰিছো, তাক আপুনি জানে। যীচুৱে তেওঁক কলে, মোৰ মেৰ পোৱালিবিলাক চৰোৱা। ১৬ আকৌ দ্বিতীয়বাৰ তেওঁক সুধিলে, হে যোহনৰ পুতেক চিমোন, তুমি মোক প্ৰেম কৰিছা নে? পিতৰে তেওঁক কলে, হয় প্ৰভু, আপোনাক প্ৰীতি কৰিছোঁ, তাক আপুনি জানে। যীচুৱে তেওঁক কলে, মোৰ মেৰবিলাক প্ৰতিপালন কৰা। ১৭ পাছে তৃতীয়বাৰ তেওঁ সুধিলে, হে যোহনৰ পুতেক চিমোন, তুমি মোক প্ৰীতি কৰিছা নে? তেতিয়া, তেওঁ তৃতীয়বাৰত, মোক প্ৰীতি কৰিছা নে? এই বুলি সোধাত, পিতৰে অসন্তোষ কৰি কলে, হে প্ৰভু, আপুনি সকলোকে জানে; মই যে আপোনাক প্ৰীতি কৰিছোঁ, তাক আপুনি জানি আছে। যীচুৱে তেওঁক কলে, মোৰ মেৰবিলাক চৰোৱা। ১৮ মই তোমাক অতি স্বৰূপকৈ কওঁ, তুমি ডেকাকালত, নিজে নিজৰ কঁকাল বান্ধি, যʼলৈকে ইচ্ছা, তʼলৈকে গৈছিলা; কিন্তু যেতিয়া তুমি বুঢ়া হবা, তেতিয়া হাত মেলিবা, আৰু অন্যে তোমাৰ কঁকাল বান্ধি, তোমাৰ যʼলৈ যাবৰ ইচ্ছা নাই, তʼলৈকে তোমাক লৈ যাব। ১৯ তেওঁ কেনে মৰণেৰে ঈশ্বৰক মহিমান্বিত কৰিব, তাকে বুজাবলৈ, তেওঁ এই কথা কলে। এই বুলি যীচুৱে তেওঁক কলে, মোৰ পাছে পাছে আহাঁ।

যোহ ২১:১৫, ১৭ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা

যীচুৱে চিমোন পিতৰক সুধিলে: পিতৰে যীচুক তিনিবাৰ অস্বীকাৰ কৰাৰ কিছু দিনৰ পাছত, পিতৰ আৰু যীচুৰ মাজত এই কথা-বতৰা হৈছিল। পিতৰৰ মনৰ কথা জানিবলৈ যীচুৱে পিতৰক তিনিবাৰ প্ৰশ্ন সুধিছিল, যাৰ বাবে “পিতৰে অসন্তোষ” হৈ পৰিছিল। (যোহন ২১:১৭) যোহন ২১:১৫-১৭ পদবোৰত যোহনৰ বিৱৰণত দুটা গ্ৰীক ক্ৰিয়া পদ ব্যৱহাৰ কৰিছে: আগাপেঅ’ আৰু ফিলিঅ’। অসমীয়া বাইবেলত এই দুয়োটা শব্দ প্ৰীতি কৰা বুলি অনুবাদ কৰা হৈছে। যীচুৱে পিতৰক এইদৰে সুধিছিল: “তুমি মোক প্ৰেম কৰিছা নে?” দুয়োবাৰে পিতৰে দৃঢ়তাৰে উত্তৰ দিছিল যে তেওঁ যীচুক “প্ৰীতি” কৰে। অৱশেষত যীচুৱে সুধিছিল: “তুমি মোক প্ৰীতি কৰিছা নে?” পিতৰে পুনৰ একেটা উত্তৰকে দিয়ে। প্ৰতিবাৰে পিতৰে প্ৰেম কৰে বুলি দৃঢ়তাৰে কৈছিল। যীচুৱে জোৰ দি কৈছিল যে যদি পিতৰে তেওঁক প্ৰেম কৰে, তেনেহʼলে পিতৰে তেওঁৰ মেৰবিলাকক আধ্যাত্মিক অৰ্থত চৰাব আৰু “প্ৰতিপালন” কৰিব। (যোহ ২১:১৬, ১৭; ১পিত ৫:১-৩) মেৰবিলাকৰ অৰ্থ হৈছে যীচুৰ শিষ্যসকল। যীচুৱে পিতৰৰ প্ৰেম প্ৰমাণ কৰিবলৈ তিনিবাৰ সুযোগ দিয়াৰ পাছত, তেওঁৰ মেৰবিলাকক চোৱাচিতা কৰিবলৈ দায়িত্ব দিছিল। ইয়াৰ আগতে পিতৰে যীচুক তিনিবাৰ অস্বীকাৰ কৰিছিল আৰু তেওঁৰ মনত হয়তো সন্দেহ আছিল যে যীচুৱে তেওঁক ক্ষমা কৰিলেনে নাই। কিন্তু যীচুৱে দিয়া এই দায়িত্বৰপৰা পিতৰে বুজিবলৈ সক্ষম হʼল যে যীচুৱে তেওঁক ক্ষমা কৰিলে।

তুমি এইবিলাকতকৈ মোক অধিক প্ৰেম কৰিছা নে?: ব্যাকৰণৰ অনুসৰি “এইবিলাকতকৈ” শব্দটোৰ অৰ্থ বহুধৰণে বুজিব পাৰি। কিছুমান বিদ্বানে ইয়াৰ অৰ্থ এইদৰে বৰ্ণনা কৰে: “আন শিষ্যসকলক যিমান প্ৰেম কৰা, তাতকৈ বেছি মোক প্ৰেম কৰা নে?” বা “এই শিষ্যসকলে যিমান প্ৰেম কৰে, তাতকৈ বেছি মোক প্ৰেম কৰা নে?” কিন্তু যীচুৱে হয়তো কʼব বিচাৰিছিল যে এই মাছবোৰ বা মাছ ধৰা ব্যৱসায়তকৈ মোক “অধিক প্ৰেম কৰিছা নে?” গতিকে ইয়াৰপৰা বুজিব পাৰি যে এই পদৰ অৰ্থ হৈছে ‘জাগতিক বস্তু বা ব্যৱসায়তকৈ মোক অধিক প্ৰেম কৰিছা নে? যদি কৰিছা, তেনেহʼলে মোৰ মেৰবিলাকক চোৱাচিতা কৰা।’ অতীতৰ কথা মনত ৰাখি যীচুৱে পিতৰক যি প্ৰশ্ন সুধিছিল, সেয়া সঠিক আছিল। পিতৰ যীচুৰ সেৱাৰ আৰম্ভণিতে এজন শিষ্য হৈছিল (যোহ ১:৩৫-৪২), কিন্তু লগে লগে তেওঁ যীচুৰ লগত পূৰ্ণ-সময়ৰ সেৱা কৰিবলৈ আৰম্ভ কৰা নাছিল। ইয়াৰ পৰিৱৰ্তে, পুনৰ তেওঁ মাছ ধৰা কাৰ্য্য আৰম্ভ কৰিছিল। কেইমাহমানৰ পাছত যীচুৰ নিমন্ত্ৰণত পিতৰে তেওঁৰ ডাঙৰ ব্যৱসায়টো এৰি ‘মানুহ ধৰা জালোৱা’ হিচাপে কাৰ্য্য কৰে। (মথি ৪: ১৮-২০; লূক ৫:১-১১) যীচুৰ মৃত্যুৰ কেইদিনমানৰ পাছত পিতৰে কৈছিল যে তেওঁ মাছ ধৰিবলৈ যাব। আন আন পাঁচনিসকলেও তেওঁৰ লগত যোগ দিছিল। (যোহ ২১:২, ৩) যীচুৱে পিতৰক বুজাবলৈ চেষ্টা কৰিছিল যে তেওঁ জীৱনত কিহক প্ৰথমস্থান দিব: তেওঁ মাছ ধৰা কাৰ্য্য কৰি থাকিব, নে যীচুৰ শিষ্যসকলক ঈশ্বৰৰ বাক্যৰ বিষয়ে শিক্ষা দিব?—যোহ ২১:৪-৮.

তৃতীয়বাৰ: পিতৰে নিজৰ প্ৰভুক তিনিবাৰ অস্বীকাৰ কৰিছিল। এতিয়া নিজৰ প্ৰেম প্ৰকাশ কৰিবলৈ পিতৰক যীচুৱে তিনিবাৰ সুযোগ দিছিল। পিতৰে প্ৰমাণ দিয়াৰ পাছত, যীচুৱে তেওঁক কৈছিল যে যদি তেওঁ প্ৰেম কৰে, তেনেহʼলে বাকী সকলো কামতকৈ পবিত্ৰ সেৱাক জীৱনত প্ৰথমস্থান দিয়া উচিত। দায়িত্বত থকা আন আন ভাইসকলৰ লগত, পিতৰে ভাই-ভনীসকলক ঈশ্বৰৰ বাক্যৰপৰা শিক্ষা দিয়া, তেওঁলোকক দৃঢ় কৰা আৰু এজন ৰখীয়া হিচাপে তেওঁলোকক চোৱাচিতা কৰিব। এই শিষ্যসকল অভিষিক্ত আছিল, কিন্তু তেওঁলোকক ঈশ্বৰৰ বাক্যৰপৰা শিক্ষা দিয়াৰ প্ৰয়োজন আছিল।—লূক ২২:৩২.

আধ্যাত্মিক ৰত্ন বিচাৰক

(যোহন ২০:১৬, ১৭) যীচুৱে তেওঁক কলে, অ’ মৰিয়ম। তাতে তেওঁ মুখ ঘূৰাই ইব্ৰী ভাষাৰে কলে, ৰব্বূণি (ইয়াৰ অৰ্থ, হে গুৰু)। যীচুৱে তেওঁক কলে, তুমি মোক নুচুবা; ১৭ কিয়নো মোৰ পিতৃৰ ওচৰলৈ এতিয়ালৈকে মই উঠা নাই। কিন্তু তুমি মোৰ ভাইবিলাকৰ ওচৰলৈ গৈ, যি জনা মোৰ পিতৃ, আৰু তোমালোকৰো পিতৃ, আৰু মোৰ ঈশ্বৰ, আৰু তোমালোকৰো ঈশ্বৰ, তেওঁৰ ওচৰলৈ মই উঠি যাওঁ, ইয়াকে তেওঁবিলাকক কোৱাগৈ।

যোহ ২০:১৭ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা

মোক নুচুবা: গ্ৰীক ক্ৰিয়াপদ সাপ্তʼমাইৰ অৰ্থ হয়তো “স্পৰ্শ কৰা” বা “চুৱা; টানকৈ ধৰি ৰখা।” কিছুমান অনুবাদকে যীচুৰ এই বাক্য “মোক স্পৰ্শ নকৰিবা” বুলি অনুবাদ কৰিছে। যীচুৱে মৰিয়ম মগ্দলীনীক কেৱল স্পৰ্শ কৰিবলৈ বাধা দিয়া নাছিল। কিয়নো পুনৰুত্থানৰ পাছত আন আন তিৰোতাসকলে “তেওঁৰ চৰণত ধৰি প্ৰণিপাত” কৰোতে যীচুৱে বাধা দিয়া নাছিল। (মথি ২৮:৯) হয়তো মৰিয়ম মগ্দলীনীয়ে ভাবিছিল যে সেই সময়তে যীচুৱে স্বৰ্গলৈ উভতি যাব। তাইৰ ইচ্ছা আছিল যে নিজৰ প্ৰভুৰ লগত কিছু সময় আৰু কটোৱা। সেইবাবে তাই যীচুক ধৰি আছিল। তাই যীচুক যাবলৈ দিয়া নাছিল, তেতিয়া যীচুৱে আশ্বাস দিয়ে যে তেওঁ এতিয়া স্বৰ্গলৈ যোৱা নাই। গতিকে, তাই যীচুক ধৰি নাৰাখি, তেওঁ যে জীৱিত আছে এই খবৰ আন আন শিষ্যসকলক জনাবলৈ কয়।

(যোহন ২০:২৮) থোমাই উত্তৰ দি তেওঁক কলে, হে মোৰ প্ৰভু, হে মোৰ ঈশ্বৰ!

যোহ ২০:২৮ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা

হে মোৰ প্ৰভু, হে মোৰ ঈশ্বৰ!: কিছুমান বিদ্বানে কʼব বিচাৰে যে থোমাই আচৰিত হৈ যীচুক যি কৈছিল, আচলতে তেওঁ যীচুৰ পিতৃ, ঈশ্বৰৰ বিষয়ে মনত ৰাখি এইদৰে কৈছিল। আন কিছুমানে দাবী কৰে যে মুল গ্ৰীক পাঠৰ অনুসৰি তেওঁ যীচুক উদ্দেশ্য কৰি কৈছিল। যদি থোমাই যীচুক “হে মোৰ প্ৰভু, হে মোৰ ঈশ্বৰ” বুলি কৈছিল, তেনেহʼলে আমি এই বিষয়ে জানিব লাগিব যে গোটেই শাস্ত্ৰত এই বাক্যশাৰীৰ প্ৰকৃত অৰ্থ কি। যিহেতু এই বিৱৰণত আগতেই উল্লেখ কৰা হৈছে যে যীচুৱে নিজৰ শিষ্যসকলৰ ওচৰলৈ এই বাৰ্ত্তা পঠিয়াইছিল: “যি জনা মোৰ পিতৃ, আৰু তোমালোকৰো পিতৃ, আৰু মোৰ ঈশ্বৰ, আৰু তোমালোকৰো ঈশ্বৰ, তেওঁৰ ওচৰলৈ মই উঠি যাওঁ।” সেইবাবে, ইয়াত কোনো সন্দেহ নাই যে থোমাই যীচুক সৰ্ব্বশক্তিমান ঈশ্বৰ হয় বুলি ভবা নাছিল। (যোহ ২০:১৭ পদৰ ওপৰত অধ্যয়নৰ টোকা চাওক।) যীচুৱে নিজৰ ‘পিতৃলৈ’ প্ৰাৰ্থনা কৰা আৰু প্ৰাৰ্থনাত সেই পিতৃক “একমাত্ৰ সত্য ঈশ্বৰ” বুলি সম্বোধন কৰা তেওঁ শুনিছিল। (যোহ ১৭:১-৩) গতিকে, থোমাই হয়তো যীচুক এই কাৰণবোৰৰ বাবে “মোৰ ঈশ্বৰ” বুলি কৈছিল: তেওঁ যীচুক “ঈশ্বৰ” হিচাপে দৃষ্টি কৰিছিল, কিন্তু সৰ্ব্বশক্তিমান ঈশ্বৰ নহয়। (যোহ ১:১ পদৰ ওপৰত অধ্যয়নৰ টোকা চাওক।) অথবা হীব্ৰু শাস্ত্ৰপদত বৰ্ণনা কৰা অনুসৰি বাইবেলৰ কিছুমান লেখকে স্বৰ্গদূতসকলক যিহোৱাৰ নামেৰে সম্বোধন কৰাৰ বিষয়টো থোমাই হয়তো জানিছিল। (আদি ১৬:৭-১১, ১৩; ১৮:১-৫, ২২-৩৩; ৩২:২৪-৩০; বিচাৰ ৬:১১-১৫; ১৩:২০-২২ পদৰ লগত তুলনা কৰক।) সেইবাবে, থোমাই যেতিয়া যীচুক “মোৰ ঈশ্বৰ” বুলি কৈছিল, তেতিয়া তেওঁ হয়তো কʼব বিচাৰিছিল যে যীচু হৈছে সত্য ঈশ্বৰৰ প্ৰতিনিধি আৰু তেওঁৰ হৈ কথা কোৱা এজন ব্যক্তি।

বাইবেল পাঠ

(যোহন ২০:১-১৮) পাছে সপ্তাহৰ প্ৰথম দিনা অতি ৰাতিপুৱা, আন্ধাৰ থাকোঁতেই, মগ্দলীনী মৰিয়মে মৈদামৰ ওচৰলৈ গৈ, মৈদামৰ পৰা শিলচটা আঁতৰোৱা দেখিলে। ২ তাতে তেওঁ লৰ মাৰি, চিমোন পিতৰ আৰু যীচুৰ প্ৰিয় সেই আন শিষ্যৰ ওচৰলৈ গৈ, তেওঁলোকক কলে, কোনোবাই প্ৰভুক মৈদামৰ পৰা নিলে; কিন্তু তেওঁক থলে বা কʼত, তাক আমি নাজানো। ৩ তাতে পিতৰ আৰু সেই আন শিষ্য বাহিৰ ওলাই, মৈদামৰ ওচৰলৈ গল। ৪ তেওঁলোক দুয়ো একে-লগে লৰ ধৰিলে, আন শিষ্যই পিতৰক পাছ পেলাই, আগেয়ে মৈদামৰ ওচৰ পালেগৈ; ৫ আৰু চাপৰি চাই, পৰি থকা শণ সূতাৰ মিহি কাপোৰ দেখিলে, কিন্তু ভিতৰলৈ নোসোমাল। ৬ তাতে চিমোন পিতৰে তেওঁৰ পাছে পাছে আহি, মৈদামত সোমাল; আৰু দেখিলে যে, শণ সূতাৰ মিহি কাপোৰ কেইখন পৰি আছে, ৭ কিন্তু যি গামোচা, তেওঁৰ মূৰত আছিল, সেই গামোচা সেইবোৰ কাপোৰৰ লগত নাই, সুকীয়াকৈ এঠাইত মেৰিয়াই থোৱা আছে। ৮ তাতে মৈদামলৈ আগেয়ে অহা আন শিষ্যয়ো তেতিয়া সোমাই, তেনে দেখি বিশ্বাস কৰিলে। ৯ কিয়নো তেওঁ যে মৃতবিলাকৰ মাজৰ পৰা পুনৰায় উঠিব লাগে, শাস্ত্ৰৰ এই শিক্ষা তেওঁলোকে তেতিয়ালৈকে বুজা নাই। ১০ তাতে সেই দুজন শিষ্য আকৌ নিজৰ ঘৰলৈ গুচি গল। ১১ কিন্তু মৰিয়মে মৈদামৰ বাহিৰত থিয় হৈ কান্দি আছিল; আৰু কান্দি কান্দি মৈদামৰ ভিতৰলৈ চাপৰি চাই, ১২ যীচুৰ দেহ শুউৱা ঠাইৰ মূৰ-শিতানত এজন, ভৰি-পথানত এজন, শুক্ল কাপোৰেৰে এনে দুজন স্বৰ্গদূতক বহি থকা দেখিলে। ১৩ তাতে তেওঁলোকে তেওঁক সুধিলে, হে নাৰি, কিয় কান্দিছা? তেওঁ কলে, কোনোবাই মোৰ প্ৰভুক নিলে; কিন্তু তেওঁক থলে বা কʼত তাক নাজানো। ১৪ ইয়াকে কৈ তেওঁ পাছ ফাললৈ মুখ ঘূৰাই, যীচুক থিয় হৈ থকা দেখিলে; কিন্তু তেৱেঁই যে যীচু, ইয়াক নাজানিলে। ১৫ তেতিয়া যীচুৱে তেওঁক সুধিলে, হে নাৰি, কিয় কান্দিছা? কাক নো বিচাৰিছা? তেওঁ তেওঁক বাৰীচোৱা বুলি ভাবি কলে, হে মহাশয়, আপুনি যদি তেওঁক এই ঠাইৰ পৰা নিলে, তেন্তে কʼত থলে, মোক কওক; মই তাৰ পৰা তেওঁক লৈ যাম। ১৬ যীচুৱে তেওঁক কলে, অ’ মৰিয়ম। তাতে তেওঁ মুখ ঘূৰাই ইব্ৰী ভাষাৰে কলে, ৰব্বূণি (ইয়াৰ অৰ্থ, হে গুৰু)। যীচুৱে তেওঁক কলে, তুমি মোক নুচুবা; ১৭ কিয়নো মোৰ পিতৃৰ ওচৰলৈ এতিয়ালৈকে মই উঠা নাই। কিন্তু তুমি মোৰ ভাইবিলাকৰ ওচৰলৈ গৈ, যি জনা মোৰ পিতৃ, আৰু তোমালোকৰো পিতৃ, আৰু মোৰ ঈশ্বৰ, আৰু তোমালোকৰো ঈশ্বৰ, তেওঁৰ ওচৰলৈ মই উঠি যাওঁ, ইয়াকে তেওঁবিলাকক কোৱাগৈ। ১৮ তাতে মগ্দলীনী মৰিয়মে গৈ, শিষ্যবিলাকক এই সম্বাদ দিলে যে, মই প্ৰভুক দেখিলোঁ, আৰু তেওঁ মোক এই এই কথা কলে।

নবেম্বৰ ১২-১৮

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | পাঁচনিৰ কৰ্ম্ম ১-৩

“খ্ৰীষ্টান মণ্ডলীত পবিত্ৰ আত্মা বাকি দিয়া হৈছিল”

(পাঁচনিৰ কৰ্ম্ম ২:১-৮) পঞ্চাশ-দিনীয়া পৰ্ব্ব উপস্থিত হলত, তেওঁবিলাক সকলোৱে একে-লগে এঠাইত গোট খাই আছিল। ২ সেই সময়ত অতিশয় বেগেৰে যোৱা বৰ বতাহৰ নিচিনা এটা শব্দ আকাশৰ পৰা অকস্মাতে আহি, যি ঘৰত তেওঁবিলাক বহি আছিল, সেই গোটেই ঘৰ জুৰিলে। ৩ তেতিয়া তেওঁবিলাকৰ আগত জুইৰ নিচিনা জিবা ওলাই, বেলেগ বেলেগ হৈ প্ৰতিজনৰ ওপৰত ৰৈ থাকিল। ৪ তাতে তেওঁবিলাক সকলোৱে পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হৈ, আত্মাই কবলৈ দিয়াৰ দৰে আন আন ভাষাৰে কথা কবলৈ ধৰিলে। ৫ সেই সময়ত আকাশৰ তলত থকা সকলো জাতিৰ মাজৰ পৰা অহা ভক্ত যিহূদীবিলাক যিৰূচালেমত বাস কৰি আছিল। ৬ সেই শব্দ হলত, লোকসমূহ গোট খালে, আৰু প্ৰতিজনে নিজৰ নিজৰ ভাষাৰে, শিষ্যবিলাকে কথা কোৱা শুনি বিচুৰ্ত্তি হল; ৭ আৰু সকলোৱে আচৰিত আৰু বিস্ময় মানি কলে, চোৱা, যিবিলাকে কথা কৈছে, এই সকলোবিলাক গালীলীয়া লোক নহয় নে? ৮ তেনেহলে আমি কেনেকৈ প্ৰতিজনে নিজ নিজ জন্মদেশীয় ভাষাৰ কথা শুনিছো?

(পাঁচনিৰ কৰ্ম্ম ২:১৪) তেতিয়া পিতৰে এঘাৰ জনে সৈতে থিয় হৈ, বৰকৈ মাত লগাই তেওঁবিলাকক কলে, হে যিহূদীবিলাক, হে আটাই যিৰূচালেমনিবাসি, তোমালোকে ইয়াকে জানিবাহঁক, আৰু মোৰ কথালৈ কাণ পাতাহঁক;

(পাঁচনিৰ কৰ্ম্ম ২:৩৭, ৩৮) এই কথা শুনি তেওঁবিলাকৰ হৃদয় বিন্ধাত, তেওঁবিলাকে পিতৰ আৰু আন পাঁচনিবিলাকক কলে, হে ভাইসকল, আমি কি কৰিম? ৩৮ তাতে পিতৰে তেওঁবিলাকক কলে, তোমালোকৰ পাপ-মোচনৰ অৰ্থে মন পালটোৱা, আৰু যীচু খ্ৰীষ্টৰ নামেৰে প্ৰতিজন বাপ্তাইজিত হোৱা; তেহে তোমালোকে পবিত্ৰ আত্মা দান পাবা।

(পাঁচনিৰ কৰ্ম্ম ২:৪১) তেতিয়া যিবিলাকে তেওঁৰ কথা গ্ৰাহ্য কৰিলে, তেওঁবিলাক বাপ্তাইজিত হল। তাতে সেই দিনাই তিনি হাজাৰমান মানুহ তেওঁবিলাকৰ লগত লগ লগোৱা হল;

(পাঁচনিৰ কৰ্ম্ম ২:৪২-৪৭) আৰু তেওঁবিলাকে পাঁচনিবিলাকৰ উপদেশত, সহভাগিতাত, পিঠা ভঙাত, আৰু প্ৰাৰ্থনাত লাগি থাকিল। ৪৩ তাতে সকলো মানুহৰ ভয় লাগিল, আৰু পাঁচনিবিলাকৰ হতুৱাই অনেক অদ্ভুত লক্ষণ আৰু চিন দেখুউৱা হল। ৪৪ আৰু বিশ্বাস কৰা সকলোবিলাকে একে লগ হৈ সকলো সম্পত্তি উমৈহতীয়াকৈ ৰাখিলে; ৪৫ আৰু তেওঁবিলাকৰ স্থাবৰ আৰু অস্থাবৰ সম্পত্তি বেচি, যাৰ যি প্ৰয়োজন, সেই দৰে সকলোকে বাঁটি দিলে। ৪৬ তাতে সকলোৱে একে মনেৰে নিতৌ নিতৌ ধৰ্ম্মধামলৈ গৈ থাকিল; আৰু ঘৰে ঘৰে পিঠা ভাঙি, আনন্দেৰে আৰু হৃদয়ৰ সৰলতাৰে খোৱা-বোৱা কৰি, ৪৭ ঈশ্বৰৰ স্তুতি কৰি, সকলো লোকৰ আদৰৰ পাত্ৰ হল। আৰু প্ৰভুৱে দিনে দিনে পৰিত্ৰাণ পোৱাবিলাকক তেওঁবিলাকৰ লগত লগ লগাই থলে।

w৮৭ ৯/১ ২৮ ¶৪-৫, ৭

দান-বৰঙণিয়ে হৃদয়ক আনন্দিত কৰে

৩৩ খ্ৰীষ্টাব্দত খ্ৰীষ্টান মণ্ডলী স্থাপন হোৱাৰ দিনাখন নতুনকৈ বাপ্তিষ্মা লোৱা ৩,০০০ মান লোকে “সহভাগিতাত, পিঠা ভঙাত, আৰু প্ৰাৰ্থনাত” অংশ লৈছিল। কি কাৰণৰ বাবে? ‘পাঁচনিবিলাকৰ উপদেশৰ’ যোগেদি তেওঁলোকে নিজৰ বিশ্বাস আৰু দৃঢ় কৰিবলৈ এনে কৰিছিল।—পাঁচ ২:৪১, ৪২.

যিহূদী আৰু যিহূদী ধৰ্ম্ম গ্ৰহণ কৰা ব্যক্তিসকলে কেৱল পেন্টাকোষ্টৰ সময়ছোৱাত যিৰূচালেমত থকাৰ বাবে পৰিকল্পনা কৰি আহিছিল। কিন্তু যিসকলে নতুনকৈ খ্ৰীষ্টান হৈছিল, তেওঁলোকে যিৰূচালেমত আৰু কেইদিনমান থাকি তেওঁলোকে নিজৰ নতুন বিশ্বাসক আৰু দৃঢ় কৰিব বিচাৰিছিল। এই পৰিস্থিতিৰ বাবে থকা আৰু খোৱাৰ এক সমস্যাই দেখা দিছিল। কিছুমান লোকৰ ওচৰত যথেষ্ট পৰিমাণৰ ধন আছিল, কিন্তু আন কিছুমানৰ ওচৰত নাছিল। সেইবাবে, অস্থায়ীৰূপে প্ৰয়োজনত থকা লোকসকলৰ মাজত বস্তুবোৰ ভগাই দিয়া হৈছিল।—পাঁচ ২:৪৩-৪৭.

ভূ-সম্পত্তি বিক্ৰী কৰা আৰু সকলোবোৰ বস্তু ভাগ কৰি দান দিয়াটো স্ব-ইচ্ছাৰে আগবঢ়োৱা এক বিষয় আছিল। বিক্ৰী কৰা বা দান কৰাৰ বাবে কোনো বাধ্য-বাধকতা নাছিল বা ইয়াৰ যোগেদি দৰিদ্ৰ হোৱাৰ বাবেও উৎসাহিত কৰা হোৱা নাছিল। কিন্তু ইয়াৰ অৰ্থ এইটো নাছিল যে ধনী লোকসকলে নিজৰ সকলো সম্পত্তি বেছি দৰিদ্ৰ হৈ যোৱা। ইয়াৰ পৰিৱৰ্তে, সহ-বিশ্বাসী ভাই-ভনীসকলক সেই পৰিস্থিতিত সহানুভূতি দেখুৱাবলৈ তেওঁলোকে নিজৰ সম্পত্তি বেছি, দান-বৰঙণি আগবঢ়াই ৰাজ্যৰ লগত জড়িত থকা বিষয়বোৰৰ বাবে যি প্ৰয়োজন, তাক দিয়া।—২ কৰিন্থীয়া ৮:১২-১৫.

আধ্যাত্মিক ৰত্ন বিচাৰক

(পাঁচনিৰ কৰ্ম্ম ৩:১৫) আৰু সেই জীৱনৰ অধিকাৰীকে বধ কৰিলাহঁক; কিন্তু ঈশ্বৰে মৃতবিলাকৰ মাজৰ পৰা তেওঁক তুলিলে; তাৰ সাক্ষী আমি আছোঁ।

it-২ ৬১ ¶১

যীচু খ্ৰীষ্ট

‘জীৱনৰ অধিকাৰী।’ যীচুৱে নিজৰ পৰিপূৰ্ণ জীৱন বলিদানৰূপে আগবঢ়াই পিতৃৰ অনুগ্ৰহ প্ৰকাশ কৰে। এই বলিদানে যীচুৰ কিছুমান অনুগামীক তেওঁৰ লগত স্বৰ্গৰপৰা শাসন কৰিবলৈ সম্ভৱ কৰি তোলে আৰু এই পৃথিৱীত মানৱজাতিয়ে তেওঁৰ অধীনত থকাৰ আশীৰ্ব্বাদ লাভ কৰে। (মথি ৬:১০; যোহ ৩:১৬; ইফি ১:৭; ইব্ৰী ২:৫; মুক্তিপণ চাওক।) এইদৰে যীচুৱে মানৱজাতিৰ বাবে ‘জীৱনৰ অধিকাৰী।’ হৈ পৰিল। (পাঁচ ৩:১৫) ইয়াত যি গ্ৰীক শব্দ ব্যৱহাৰ কৰা হৈছে, তাৰ অৰ্থ হৈছে, “প্ৰধান নেতা।” ইয়াৰ লগত মিল থকা “শাসনকৰ্ত্তা” শব্দটো মোচিৰ বাবে ব্যৱহাৰ কৰা হৈছে।—পাঁচ ৭:২৮, ৩৫.

(পাঁচনিৰ কৰ্ম্ম ৩:১৯) এতেকে মন পালটাই ঘূৰি আহাঁ, যেন তোমালোকৰ পাপ মোচন হয়, আৰু এইদৰে প্ৰভুৰ সম্মুখৰ পৰা শান্তিযুক্ত কাল আহে;

cl ২৬৫ ¶১৪

এজন “ক্ষমাৱান ঈশ্বৰ”

১৪ যিহোৱাই ক্ষমা কৰাৰ বিষয়ে পাঁচনিৰ কৰ্ম্ম ৩:১৯ পদত আৰু ভালকৈ বৰ্ণনা কৰা হৈছে। ইয়াত কৈছে: “এতেকে মন পালটাই ঘূৰি আহাঁ, যেন তোমালোকৰ পাপ মোচন হয়।” [হেলনীয়া মুদ্ৰণ আমাৰ।] এই পদৰ শেষৰ শব্দটো অনুবাদ কৰা গ্ৰীক ক্ৰিয়াপদৰ অৰ্থ হৈছে, “মোচি দিয়া, . . . বাতিল কৰা বা বিনাশ কৰা।” কিছুমান বিদ্বানৰ অনুসৰি ইয়াত যি ছবি তুলি ধৰা হৈছে, তাৰ অৰ্থ হৈছে কোনো এক লিখনিক মোহাৰি দিয়া। এয়া কেনেকৈ সম্ভৱ? প্ৰাচীন সময়ত লিখনিৰ বাবে যি চিয়াঁহী ব্যৱহাৰ কৰা হৈছিল, সেয়া কাৰ্বন, আঠা আৰু পানীৰ এক মিশ্ৰন আছিল। এই চিয়াঁহীৰ দ্বাৰা কিবা লিখাৰ পাছত এজন ব্যক্তিয়ে তিতি থকা এটুকুৰা স্পঞ্জেৰে লিখনিখিনি মোহাৰি পেলাব পাৰে। ইয়াৰপৰা যিহোৱাৰ ক্ষমাৰ বিষয়ে এক সুন্দৰ ছবি তুলি ধৰা হয়। যেতিয়া তেওঁ আমাৰ পাপবোৰ ক্ষমা কৰে, তেতিয়া তেওঁ যেন এটুকুৰা স্পঞ্জেৰে সেইবোৰ মোহাৰি নাইকিয়া কৰে।

বাইবেল পাঠ

(পাঁচনিৰ কৰ্ম্ম ২:১-২১) পঞ্চাশ-দিনীয়া পৰ্ব্ব উপস্থিত হলত, তেওঁবিলাক সকলোৱে একে-লগে এঠাইত গোট খাই আছিল। ২ সেই সময়ত অতিশয় বেগেৰে যোৱা বৰ বতাহৰ নিচিনা এটা শব্দ আকাশৰ পৰা অকস্মাতে আহি, যি ঘৰত তেওঁবিলাক বহি আছিল, সেই গোটেই ঘৰ জুৰিলে। ৩ তেতিয়া তেওঁবিলাকৰ আগত জুইৰ নিচিনা জিবা ওলাই, বেলেগ বেলেগ হৈ প্ৰতিজনৰ ওপৰত ৰৈ থাকিল। ৪ তাতে তেওঁবিলাক সকলোৱে পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হৈ, আত্মাই কবলৈ দিয়াৰ দৰে আন আন ভাষাৰে কথা কবলৈ ধৰিলে। ৫ সেই সময়ত আকাশৰ তলত থকা সকলো জাতিৰ মাজৰ পৰা অহা ভক্ত যিহূদীবিলাক যিৰূচালেমত বাস কৰি আছিল। ৬ সেই শব্দ হলত, লোকসমূহ গোট খালে, আৰু প্ৰতিজনে নিজৰ নিজৰ ভাষাৰে, শিষ্যবিলাকে কথা কোৱা শুনি বিচুৰ্ত্তি হল; ৭ আৰু সকলোৱে আচৰিত আৰু বিস্ময় মানি কলে, চোৱা, যিবিলাকে কথা কৈছে, এই সকলোবিলাক গালীলীয়া লোক নহয় নে? ৮ তেনেহলে আমি কেনেকৈ প্ৰতিজনে নিজ নিজ জন্মদেশীয় ভাষাৰ কথা শুনিছো? ৯ পাৰ্থীয়া, মাদিয়া আৰু এলমীয়া লোক আৰু মিচপতামিয়া, যিহূদিযা কাপ্পদকিয়া, পন্ত, এচিয়া, ১০ ফৰুগীয়া, পাম্ফুলিয়া, মিচৰ আৰু লুবিয়া দেশত থকা কুৰীণীৰ ওচৰৰ অঞ্চলত বাস কৰা লোক, আৰু প্ৰবাস কৰা, ৰোমীয়া লোকৰ যিহূদী আৰু যিহূদী-ধৰ্ম্ম লোৱা লোক, ১১ ক্ৰীতীয়া আৰু আৰবীয়া লোক যি আমি, আমাৰ নিজৰ নিজৰ ভাষাৰে এওঁবিলাকে ঈশ্বৰৰ মহৎ কৰ্ম্মৰ কথা কোৱা শুনি আছোঁ। ১২ এইদৰে সকলোৱে বিস্ময় মানি সন্দেহ কৰি, পৰস্পৰে কোৱাকুই কৰি কলে, ইয়াৰ অৰ্থ কি? ১৩ কিন্তু আন কোনো কোনোৱে উপহাস কৰি কলে, সোৱাদ দ্ৰাক্ষাৰসেৰে এওঁবিলাক মতলীয়া হৈছে। ১৪ তেতিয়া পিতৰে এঘাৰ জনে সৈতে থিয় হৈ, বৰকৈ মাত লগাই তেওঁবিলাকক কলে, হে যিহূদীবিলাক, হে আটাই যিৰূচালেমনিবাসি, তোমালোকে ইয়াকে জানিবাহঁক, আৰু মোৰ কথালৈ কাণ পাতাহঁক; ১৫ কিয়নো তোমালোকে যেনে ভাবিছা, এওঁবিলাক তেনে মতলীয়া নহয়; কাৰণ এতিয়া দিনৰ নমান বজা সময়হে হৈছে। ১৬ কিন্তু এই বিষয়েই যোৱেল ভাববাদীয়ে কৈছিল, বোলে, ১৭ ঈশ্বৰে কৈছে, শেষৰ দিনা, গোটেই মনুষ্য-জাতিৰ ওপৰত মোৰ আত্মা বাকি দিম। তাতে তোমালোকৰ লৰা-ছোৱালীয়ে ভাববাণী প্ৰচাৰ কৰিব, তোমালোকৰ ডেকাবিলাকে দৰ্শন পাব, তোমালোকৰ বৃদ্ধলোকে সপোন দেখিব। ১৮ আৰু সেই কালত মই মোৰ দাস-দাসীবিলাকৰ ওপৰত, মোৰ আত্মা বাকি দিম; তাতে তেওঁবিলাকে ভাববাণী প্ৰচাৰ কৰিব। ১৯ আৰু ওপৰত থকা আকাশত অদ্ভুত লক্ষণ, তলত থকা পৃথিবীতো নানা চিন, অৰ্থাৎ তেজ, জুই আৰু ধোঁৱাৰে মেঘ দেখুৱাম। ২০ আৰু প্ৰভুৰ সেই মহৎ আৰু প্ৰসিদ্ধ দিন নৌ আহোঁতেই, সূৰ্য্য আন্ধাৰ, আৰু চন্দ্ৰ তেজ হৈ যাব। ২১ আৰু যি কোনোৱে প্ৰভুৰ নামেৰে প্ৰাৰ্থনা কৰে, তেওঁ পৰিত্ৰাণ পাব।

নবেম্বৰ ১৯-২৫

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | পাঁচনিৰ কৰ্ম্ম ৪-৫

“তেওঁলোকে নিৰ্ভয়ে ঈশ্বৰৰ বাক্য কৈ থাকিল”

(পাঁচনিৰ কৰ্ম্ম ৪:৫-১৩) পাছদিনা তেওঁবিলাকৰ শাসনকৰ্ত্তাসকল, বৃদ্ধলোক, অধ্যাপক, ৬ আৰু হানন নামেৰে মহা-পুৰোহিত, কায়াফা, যোহন, আলেক্‌জান্দৰ, আৰু মহা-পুৰোহিতৰ জ্ঞাতি, এই সকলোৱে যিৰূচালেমত গোট খাই, তেওঁলোকক মাজতে থৈ সুধিলে, ৭ তোমালোকে কি শক্তিৰে, বা কি নামেৰে এই কৰ্ম্ম কৰিলা? ৮ তেতিয়া পিতৰে পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হৈ তেওঁবিলাকক কলে, হে মানুহবিলাকৰ শাসনকৰ্ত্তা, আৰু বৃদ্ধলোকসকল, ৯ এই নিৰ্ব্বলী মানুহৰ উপকাৰ কৰাৰ বিষয়ে, যদি আজি আমাক সোধা হয় যে, তাক কি উপায়েৰে সুস্থ কৰা হল, ১০ তেন্তে আপোনালোক সকলোৱে আৰু ইস্ৰায়েলৰ আটাই মানুহে জানিব যে, যি নাচৰতীয়া যীচু খ্ৰীষ্টক আপোনালোকে ক্ৰুচত দিলে, যি জনাক ঈশ্বৰে মৃতবিলাকৰ মাজৰ পৰা তুলিলে, তেওঁৰ দ্বাৰাই এই মানুহ সুস্থ হৈ আপোনালোকৰ আগত থিয় হৈ আছে। ১১ আপোনালোক ঘৰসজাবিলাকে হেয়জ্ঞান কৰা যি শিল চুকৰ প্ৰধান শিল হল, সেয়ে তেওঁ। ১২ আৰু আন কতো পৰিত্ৰাণ নাই, কিয়নো যাৰে আমি পৰিত্ৰাণ পাব লাগে, স্বৰ্গৰ তলত মানুহৰ মাজত দিয়া এনে আন কোনো নাম নাই। ১৩ তেতিয়া পিতৰ আৰু যোহনৰ এনে সাহ দেখি, আৰু তেওঁলোক অপণ্ডিত সামান্য মানুহ যেন বুজি, তেওঁবিলাকে বিস্ময় মানিলে; আৰু তেওঁলোক যীচুৰ সঙ্গী আছিল বুলি তেওঁলোকক চিনি পালে।

w০৮ ৯/১ ১৫, বক্স

কথিত বাক্যবোৰ পবিত্ৰ লিখনিত কেনেকৈ আহিল—আৰম্ভণিৰ খ্ৰীষ্টানসকলৰ লিখা-পঢ়া

পাঁচনিসকল শিক্ষিত নাছিল নেকি?

যিৰূচালেমৰ শাসনকৰ্ত্তা আৰু বৃদ্ধসকলে “পিতৰ আৰু যোহনৰ এনে সাহ দেখি, আৰু তেওঁলোক অপণ্ডিত সামান্য মানুহ যেন বুজি, তেওঁবিলাকে বিস্ময় মানিলে।” (পাঁচনিৰ কৰ্ম্ম ৪:১৩) পাঁচনিসকলে সঁচাকৈ লিখিব বা পঢ়িব নাজানিছিল নেকি? দ্য নিউ ইন্টাৰপ্ৰিৰ্টাছ্‌ বাইবেলে এইদৰে বৰ্ণনা কৰে: “এই শব্দবোৰৰ অৰ্থ এয়া নহয় যে পিতৰ [আৰু যোহন] লিখিব বা পঢ়িব নাজানিছিল। এই শব্দৰ অৰ্থ হৈছে সমাজত অধিকাৰী আৰু পাঁচনিসকলৰ মৰ্য্যাদা বেলেগ বেলেগ আছিল।”

w০৮ ৫/১৫ ৩০-৩১ ¶৬

পাঁচনিৰ কৰ্ম্ম কিতাপৰ আলোকপাত

৪:১৩—পিতৰ আৰু যোহন শিক্ষিত নাছিল নেকি? নহয়। তেওঁলোকক “অপণ্ডিত সামান্য মানুহ” বুলি কোৱাৰ অৰ্থ হৈছে, তেওঁলোকে যিহূদী ধৰ্ম্মগুৰুসকলৰ বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰা নাছিল।

(পাঁচনিৰ কৰ্ম্ম ৪:১৮-২০) তেতিয়া তেওঁলোকক মাতি আনি, যীচুৰ নামেৰে কোনো কথা কবলৈ আৰু উপদেশ দিবলৈকো হাক দিলে। ১৯ কিন্তু পিতৰ আৰু যোহনে উত্তৰ দি তেওঁবিলাকক কলে, ঈশ্বৰৰ কথাতকৈ আপোনালোকৰ কথা শুনিবলৈ ঈশ্বৰে দেখাত উচিত হয় নে নহয়, ইয়াক আপোনালোকে বিচাৰ কৰি চাওক; ২০ কিয়নো আমি যিহকে দেখিলোঁ, শুনিলোঁ, তাকে নকৈ থাকিব নোৱাৰোঁ।

(পাঁচনিৰ কৰ্ম্ম ৪:২৩-৩১) এইদৰে তেওঁলোকে এৰণ পাই, তেওঁলোকৰ সঙ্গীবিলাকৰ ওচৰলৈ গৈ, প্ৰধান পুৰোহিত আৰু বৃদ্ধলোকসকলে তেওঁলোকক যি যি কথা কৈছিল, সেই সকলো কলেগৈ। ২৪ তাকে শুনি সকলোৱে একে মনেৰে ঈশ্বৰৰ উদ্দেশে বৰ মাতেৰে কবলৈ ধৰিলে, হে প্ৰভু, আপুনি স্বৰ্গ, পৃথিবী, সাগৰ আৰু এইবোৰৰ মাজত থকা সকলোৰে সৃষ্টিকৰ্ত্তা; ২৫ আপুনি পবিত্ৰ আত্মাৰ দ্বাৰাই আপোনাৰ সেৱক দায়ূদৰ মুখে এই কথা কোৱাইছিল যে, পৰজাতিবিলাকে কিয় খং-ৰাগ কৰিলে? মানুহবিলাকে কিয় অনৰ্থক কথা ভাবিলে? ২৬ প্ৰভু আৰু তেওঁৰ অভিষিক্তি জনাৰ বিৰুদ্ধে, পৃথিবীৰ ৰজাসকল উঠিল, আৰু শাসনকৰ্ত্তাসকল গোট খালে; ২৭ কিয়নো সঁচাকৈয়ে, যি যি ঘটিবলৈ আপোনাৰ হাতেৰে আৰু আলচেৰে আগেয়ে থিৰ কৰা গৈছিল, ২৮ তাক সিদ্ধ কৰিবলৈ, যি জনাক আপুনি অভিষিক্ত কৰিলে, আপোনাৰ সেই পবিত্ৰ সেৱক সেই যীচুৰ বিৰুদ্ধে, হেৰোদ আৰু পন্তীয় পীলাতে, পৰজাতি আৰু ইস্ৰায়েল মানুহবিলাকে সৈতে, এই নগৰত গোট খাইছিল। ২৯ আৰু এতিয়া, হে প্ৰভু, তেওঁবিলাকৰ ডাবি-ধমকি দেখক; ৩০ আৰু আপোনাৰ পবিত্ৰ সেৱক যীচুৰ নামেৰে চিন আৰু অদ্ভূত লক্ষণ দেখুৱাবলৈ, আৰু সুস্থ কৰিবলৈ, হাত মেলি আপোনাৰ দাসবিলাকক নিৰ্ভয়ে আপোনাৰ বাক্য কবলৈ দিয়ক। ৩১ এই প্ৰাৰ্থনা কৰিলত, তেওঁবিলাকে গোট খোৱা ঠাই কঁপিবলৈ ধৰিলে; আৰু সকলোৱে পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হৈ, ঈশ্বৰৰ বাক্য সাহেৰে কলে।

it-১ ১২৮ ¶৩

পাঁচনি

খ্ৰীষ্টান মণ্ডলীত তেওঁলোকৰ কাম। পেন্টাকোষ্টৰ দিনাখন যেতিয়া পাঁচনিসকলৰ ওপৰত পবিত্ৰ আত্মা বাকি দিয়া হয়, তেতিয়া তেওঁলোকৰ সাহস আৰু বাঢ়ে। পাঁচনিৰ কৰ্ম্ম প্ৰথম পাঁচ অধ্যায়ত প্ৰমাণ পোৱা যায় যে পাঁচনিসকলে কেনেকৈ সাহসেৰে শুভবাৰ্ত্তা ঘোষণা কৰে আৰু যীচু খ্ৰীষ্টক জীৱিত কৰা হʼল বুলি ঘোষণা কৰে। অধিকাৰীসকলে পাঁচনিসকলক জেলত ৰাখে, কোবায় আৰু মৃত্যুৰ বাবে ভাবুকি দিয়াৰ সত্ত্বেও তেওঁলোকে ঘোষণা কৰিবলৈ নেৰিলে। পেন্টাকোষ্টৰ পাছৰ দিনবোৰতো পাঁচনিসকলে পবিত্ৰ আত্মাৰ শক্তি লাভ কৰি উৎসাহেৰে খ্ৰীষ্টান ভাই-ভনীসকলৰ নেতৃত্ব লয় আৰু পৰিণতিস্বৰূপে, দিনক দিনে খ্ৰীষ্টান মণ্ডলীৰ সদস্যসকলৰ সংখ্যা বাঢ়িবলৈ ধৰে। (পাঁচ ২:৪১; ৪:৪) আৰম্ভণিতে তেওঁলোকে যিৰূচালেমত ঘোষণা কৰিবলৈ ধ্যান কেন্দ্ৰিভূত কৰিছিল, কিন্তু সময় অতিবাহিত হোৱাৰ লগে লগে চমৰিয়া আৰু সেই সময়ৰ গোটেই পৃথিৱীত সম্পূৰ্ণৰূপে ঘোষণা কাৰ্য্য কৰিবলৈ সক্ষম হয়।—পাঁচ ৫:৪২; ৬:৭; ৮:৫-১৭, ২৫; ১:৮.

আধ্যাত্মিক ৰত্ন বিচাৰক

(পাঁচনিৰ কৰ্ম্ম ৪:১১) আপোনালোক ঘৰসজাবিলাকে হেয়জ্ঞান কৰা যি শিল চুকৰ প্ৰধান শিল হল, সেয়ে তেওঁ।

it-১ ৫১৪ ¶৪

চুকৰ প্ৰধান শিল

গীতমালা ১১৮:২২-ত ভৱিষ্যতবাণী কৰা হৈছিল যে নিৰ্ম্মাণ কৰোঁতাসকলে যি শিলক অগ্ৰাহ্য কৰিব, সেই শিলেই “চুকৰ প্ৰধান শিল” (ইব্ৰী, ৰচপিন্না) হৈ পৰিব। যীচুৱে এই ভৱিষ্যতবাণীৰ উদ্ধৃতি দি কৈছিল যে তেওঁ নিজেই “চুকৰ প্ৰধান শিল” (গ্ৰীক, কেফালেগʼনিয়াচ, চুকৰ মূৰ) হয়। (মথি ২১:৪২; মাৰ্ক ১২:১০, ১১; লূক ২০:১৭) অভিষিক্ত লোকসকলৰ মণ্ডলীক এটা মন্দিৰৰ লগত তুলনা কৰা হৈছে আৰু যীচু সেই মন্দিৰৰ চূড়াৰ শিল হয়। তেওঁ এটা ওখ ঘৰৰ শিলৰ দৰে হয়, যি সহজতে সকলোৰে চকুত পৰে। পিতৰেও বৰ্ণনা কৰে যে গীতমালা ১১৮:২২-ত উল্লেখ থকা ভৱিষ্যতবাণী যীচুৰ ওপৰত পূৰ হৈছে। তেওঁ উল্লেখ কৰে যে ঈশ্বৰে নিৰ্ব্বাচন কৰা যি ‘শিলক’ লোকসকলে অগ্ৰাহ্য কৰিছিল, সেই শিল “চুকৰ প্ৰধান শিল” হৈ পৰে।—পাঁচ ৪:৮-১২; ১পিত ২:৪-৭ চাওক।

(পাঁচনিৰ কৰ্ম্ম ৫:১) কিন্তু অননিয় নামেৰে এজন মানুহে, তেওঁৰ ভাৰ্য্যা চাফীৰাই সৈতে, এক সম্পত্তি বেচি,

w১৩ ৪/১ ৯ ¶৪

পিতৰ আৰু অননিয়ই মিছা কৈছিল—আমি কি শিকিব পাৰোঁ?

অননিয় আৰু তেওঁৰ পত্নীয়ে নতুনকৈ বাপ্তিষ্মা লোৱা লোকসকলক সহায় কৰিব বিচাৰিছিল আৰু সেইবাবে তেওঁলোকে নিজৰ সম্পত্তিৰ কিছু অংশ বিক্ৰী কৰিছিল। যেতিয়া অননিয়ই টকা লৈ পাঁচনিসকলৰ ওচৰলৈ আহিছিল, তেতিয়া তেওঁ কয় যে এয়া সম্পত্তিৰ মুঠ পৰিমাণ। কিন্তু এনে নাছিল। তেওঁ নিজৰ বাবে অলপ টকা ৰাখি থৈছিল! ঈশ্বৰৰ দৃষ্টিৰপৰা এই কথা লুকাই থকা নাছিল। সেইবাবে, পিতৰে অননিয়ক কৈছিল: “তুমি মানুহৰ আগত নহয়, ঈশ্বৰৰ আগতহে মিছা কথা কলা।” এই কথা শুনি অননিয়ই মাটিত পৰি প্ৰাণত্যাগ কৰিলে! তিনি ঘণ্টামানৰ পাছত তেওঁৰ ভাৰ্য্যাও আহিল। তাই নিজৰ স্বামীৰ লগত কি হৈছে, তাক নাজানি তায়ো মিছা কথা কʼলে আৰু মাটিত পৰি প্ৰাণত্যাগ কৰিলে।

বাইবেল পাঠ

(পাঁচনিৰ কৰ্ম্ম ৫:২৭-৪২) আৰু আনি তেওঁলোকক মহা-সভাৰ আগত থলত, মহা-পুৰোহিতে তেওঁলোকক সুধি কলে, ২৮ এই নামেৰে উপদেশ নিদিবলৈ আমি তোমালোকক কঠোৰ আজ্ঞা দিছিলোঁ; তথাপি চোৱা, তোমালোকৰ সেই উপদেশেৰে যিৰূচালেম পূৰ কৰি, সেই মানুহৰ ৰক্তপাতৰ দোষ, আমাৰ ওপৰত দিবলৈহে মন কৰিছাহঁক। ২৯ কিন্তু পিতৰ আৰু আন পাঁচনিবিলাকে উত্তৰ দিলে, মানুহতকৈ আমি ঈশ্বৰৰ আজ্ঞা মানিব লাগে। ৩০ যি যীচুক আপোনালোকে কাঠত আৰি বধ কৰিলে, তেওঁক আমাৰ ওপৰ-পুৰুষসকলৰ ঈশ্বৰে তুলি, ৩১ ইস্ৰায়েলবিলাকক মন-পালটন আৰু পাপ-মোচন দান কৰিবলৈ অধিপতি আৰু ত্ৰাণকৰ্ত্তা কৰি, তেওঁৰ সোঁ হাতেৰে ওখ পদ দিলে। ৩২ আমি এই কথাৰ সাক্ষী আছোঁ; আৰু ঈশ্বৰে তেওঁৰ আজ্ঞা মনাবিলাকক দিয়া যি পবিত্ৰ আত্মা, তেৱোঁ সাক্ষী আছে। ৩৩ এই কথা শুনি তেওঁবিলাকে ক্ৰোধেৰে প্ৰজ্বলিত হৈ তেওঁলোকক বধ কৰিবলৈ আলচ কৰিলে। ৩৪ কিন্তু সকলো মানুহৰ মাজত সন্মান পোৱা বিধানৰ অধ্যাপক গমলীয়েল নামেৰে এজন ফৰীচীয়ে মহা-সভাৰ মাজত উঠি, সেই মানুহ কেইজনক এখন্তকমান আঁতৰ হবলৈ আজ্ঞা দিলে, ৩৫ পাছে তেওঁ তেওঁবিলাকক কলে, হে ইস্ৰায়েলীয়া মানুহবিলাক, তোমালোকে সেই মানুহ কেইজনক কি কৰিবলৈ উদ্যত হৈছা, সেই বিষয়ে সাৱধান হোৱা; ৩৬ কিয়নো ইয়াৰ আগেয়ে থূদা নামেৰে এজন ওলাই নিজকে নিজে কোনো বৰ এজন বোলাত, চাৰি শ মান মানুহে তেওঁৰ লগ লৈছিল; পাছে তেওঁক বধ কৰিলত, তেওঁৰ আজ্ঞা মনা আটাইবিলাক গোট গোট হৈ নাইকিয়া হল। ৩৭ সেই মানুহৰ পাছত পিয়ল কৰা কালত, গালীলীয়া যিহূদা নামেৰে এজন ওলাই, কিছুমান মানুহক নিজৰ ফাললৈ ভুলাই নিলে; তেৱোঁ বিনষ্ট হোৱাত, তেওঁৰ আজ্ঞা মনা আটাইবিলাক ছিন্ন-ভিন্ন হৈ গল। ৩৮ আৰু এতিয়া মই তোমালোকক কওঁ, সেই মানুহ কেইজনক একো নকৰি এৰি দিয়া; কিয়নো এই আলচ বা কৰ্ম্ম যদি মানুহৰ পৰা হয়, তেন্তে সেয়ে লোপ পাব; ৩৯ কিন্তু যদি ঈশ্বৰৰ পৰা হয়, তেন্তে তোমালোকে তেওঁলোকক লুপ্ত কৰিব নোৱাৰিবা; আৰু তোমালোক জানোচা ঈশ্বৰৰ অহিতে যুদ্ধকাৰী হোৱাগৈ। ৪০ তাতে তেওঁবিলাক তেওঁৰ কথাত সন্মত হল; আৰু পাঁচনিবিলাকক মাতি আনি কোবাই, যীচুৰ নামেৰে কোনো কথা কবলৈ হাক দি এৰি দিলে ৪১ তাতে তেওঁলোক তেওঁৰ নামৰ নিমিত্তে অপমান পাবৰ যোগ্য বুলি গণিত হোৱাত, আনন্দিত হৈ সেই মহা-সভাৰ সম্মুখৰ পৰা গুচি গল। ৪২ আৰু তেওঁলোকে নিতৌ নিতৌ ধৰ্ম্মধামত আৰু ঘৰে ঘৰে উপদেশ দিবলৈ, আৰু যীচুৱেই সেই খ্ৰীষ্ট্‌ বুলি প্ৰচাৰ কৰিবলৈ নেৰিলে।

নবেম্বৰ ২৬–ডিচেম্বৰ ২

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | পাঁচনিৰ কৰ্ম্ম ৬-৮

“নতুন খ্ৰীষ্টান মণ্ডলীৰ ওপৰত পৰীক্ষা আহে”

(পাঁচনিৰ কৰ্ম্ম ৬:১) সেই কালত শিষ্যবিলাকৰ সংখ্যা বৃদ্ধি হৈ যাওঁতে, ইব্ৰীবিলাকে সৈতে গ্ৰীক ভাষাবাদী যিহূদীবিলাকৰ বিবাদ লাগিল; কিয়নো দৈনিক পৰিচৰ্য্যাত তেওঁবিলাকৰ বিধৱাবিলাকক অৱহেলা কৰা হৈছিল।

bt ৪১-৪২ ¶১৭

“আমি ঈশ্বৰৰ আজ্ঞা মানিব লাগে”

১৭ যিৰূচালেমত থকা নতুন মণ্ডলীয়ে আৰু এক সমস্যাৰ সন্মুখীন হʼবলৈ গৈ আছিল। এই সমস্যা মণ্ডলীৰ ভিতৰৰপৰা আহিবলগীয়া আছে আৰু আৰম্ভণিতে ইয়াক স্পষ্টৰূপে বুজিব পৰা নগৈছিল। সেই সমস্যা কি আছিল? এই মণ্ডলীৰ বেছি ভাগ সদস্য বেলেগ দেশৰ আছিল আৰু তেওঁলোকে যিৰূচালেমত বাপ্তিষ্মা লৈছিল। নিজৰ বিশ্বাসক দৃঢ় কৰিবলৈ তেওঁলোকে আৰু কিছু দিন যিৰূচালেমত ৰৈ গৈছিল। এই ভাই-ভনীসকলক খোৱা-বোৱা আৰু অন্যান্য প্ৰয়োজনীয় বস্তুবোৰৰ যোগান ধৰাৰ বাবে যিৰূচালেমত থকা ভাই-ভনীসকলে আনন্দেৰে দান-বৰঙণি দিছিল। (পাঁচ ২:৪৪-৪৬; ৪:৩৪-৩৭) সেইসময়ত এক পৰিস্থিতিৰ উদ্ভৱ হয়। “দৈনিক পৰিচৰ্য্যাত” তেওঁবিলাকৰ মাজৰ গ্ৰীক ভাষা কোৱা “বিধৱাবিলাকক অৱহেলা কৰা হৈছিল।” (পাঁচ ৬:১) কিন্তু ইব্ৰী ভাষা কোৱা বিধৱাবিলাকক ভালদৰে চোৱাচিতা কৰা হৈছিল। এই সমস্যাৰ মূল কাৰণ হয়তো ভেদভাব আছিল। ই এক সাধাৰণ বিষয় নাছিল আৰু ভাইসকলৰ মাজত বিভাজনৰ সৃষ্টি কৰিব পাৰিলেহেঁতেন।

(পাঁচনিৰ কৰ্ম্ম ৬:২-৭) তেতিয়া বাৰ জন পাঁচনিয়ে শিষ্যসমূহক মাতি আনি কলে, ঈশ্বৰৰ বাক্য এৰি মেজৰ পৰিচৰ্য্যা কৰা আমাৰ উচিত নহয়। ৩ এতেকে, হে ভাইবিলাক, আমি যিবিলাকক এই কৰ্ম্মৰ ভাৰ দিব পাৰোঁ, সুখ্যাতি পোৱা আৰু আত্মাৰে জ্ঞানেৰে পৰিপূৰ্ণ হোৱা এনে সাত জনক তোমালোকৰ মাজৰ পৰা চাই লোৱা; ৪ কিন্তু আমি প্ৰাৰ্থনাত আৰু বাক্যৰ পৰিচৰ্য্যাত লাগি থাকিম। ৫ এই কথাতে সমুদায় লোকসমূহে সন্তুষ্ট হৈ, বিশ্বাসেৰে আৰু পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হোৱা এনে স্তিফান নামেৰে এজনক, আৰু ফিলিপ, প্ৰখৰ, নিকানৰ, তীমোন, পামিনা, আৰু যিহূদী-ধৰ্ম্ম লোৱা আন্তিয়খিয়াৰ নিকলায়, ৬ এই কেইজনক মনোনীত কৰি, পাঁচনিবিলাকৰ আগত থলেহি; তাতে তেওঁলোকে প্ৰাৰ্থনা কৰি সেই কেজনৰ ওপৰত হাত দিলে। ৭ পাছে ঈশ্বৰৰ বাক্য ব্যাপি গল; আৰু যিৰূচালেমত শিষ্যবিলাকৰ সংখ্যা বৰকৈ বাঢ়িল; পুৰোহিতসকলৰো এটা ডাঙৰ সমাজ বিশ্বাসৰ বশৱৰ্ত্তী হল।

bt ৪২ ¶১৮

“আমি ঈশ্বৰৰ আজ্ঞা মানিব লাগে”

১৮ পাঁচনিসকলেৰে গঠিত প্ৰশাসন গোষ্ঠীয়ে কেনেকৈ এই সমস্যা সমাধান কৰিব? দিনক দিনে বাঢ়ি যোৱা মণ্ডলীক চোৱাচিতা কৰাটো এক গধুৰ দায়িত্ব আৰু সেইবাবে তেওঁলোকে এই মীমাংসাত উপনীত হয় যে “ঈশ্বৰৰ বাক্য এৰি মেজৰ পৰিচৰ্য্যা কৰা আমাৰ উচিত নহয়।” (পাঁচ ৬:২) সমস্যাটো সমাধান কৰাৰ বাবে তেওঁলোকে শিষ্যসকলক সাতজন “আত্মাৰে জ্ঞানেৰে পৰিপূৰ্ণ হোৱা” লোকক বিচাৰিবলৈ নিৰ্দেশনা দিয়ে, যাতে এই লোকসকলক খোৱা-বোৱা বিতৰণ কৰাৰ “ভাৰ দিব” পাৰে। (পাঁচ ৬:৩) এই কাৰ্য্যৰ বাবে যোগ্য ভাইসকলৰ প্ৰয়োজন আছিল, কিয়নো তেওঁলোকে কেৱল খোৱা-বোৱা বিতৰণ কৰাই নহয়, কিন্তু লগতে টকা-পইচাৰ হিচাপ ৰখা, প্ৰয়োজনীয় বস্তুবোৰ কিনা আৰু তাৰ বিৱৰণ ভালদৰে ৰখা আদি জড়িত আছিল। নিৰ্ব্বাচন কৰা এই ভাইসকলৰ গ্ৰীক নাম আছিল। সেইবাবে, হয়তো মনত দুখ পোৱা গ্ৰীক বিধৱাসকলে সান্ত্বনা লাভ কৰিছিল। অনুমোদিত এই সাতজনৰ নাম পোৱাৰ পাছত পাঁচনিসকলে প্ৰাৰ্থনা পূৰ্ব্বক বিবেচনা কৰে আৰু সেই সাতজনক খোৱা-বোৱা বিতৰণ কৰাৰ “ভাৰ” দিয়ে।

(পাঁচনিৰ কৰ্ম্ম ৭:৫৮–৮:১) আৰু নগৰৰ বাহিৰ কৰি, তেওঁলৈ শিল দলিয়াবলৈ ধৰিলে। সাক্ষীবিলাকে চৌল নামেৰে এজন ডেকা মানুহৰ ভৰিৰ কাষত নিজৰ নিজৰ কাপোৰ থৈছিল। ৫৯ স্তিফানক শিল দলিয়াই মৰা কালত তেওঁ প্ৰাৰ্থনা কৰি কলে, হে প্ৰভু যীচু, মোৰ আত্মা গ্ৰহণ কৰক। ৬০ পাছে তেওঁ আঁঠু লৈ বৰ মাতেৰে ৰিঙিয়াই কলে, হে প্ৰভু, এই পাপ তেওঁবিলাকৰ নামত নিলিখিব। ইয়াকে কৈ তেওঁ মহা-নিদ্ৰা গল। তেওঁক বধ কৰা কথাত চৌলৰো সন্মত আছিল।

৮ সেই দিনাৰে পৰা যিৰূচালেমত থকা মণ্ডলীৰ অহিতে বৰ তাড়না হোৱাত, পাঁচনিবিলাকৰ বাহিৰে, সকলো শিষ্য যিহূদিয়া আৰু চমৰিয়া দেশৰ ঠায়ে ঠায়ে গোট গোট হৈ গল।

আধ্যাত্মিক ৰত্ন বিচাৰক

(পাঁচনিৰ কৰ্ম্ম ৬:১৫) তেতিয়া সেই মহা-সভাত বহা সকলোৱে তেওঁলৈ একে-থৰে চাই, তেওঁৰ মুখ স্বৰ্গদূতৰ মুখৰ নিচিনা দেখিলে।

bt ৪৫ ¶২

স্তিফান—“অনুগ্ৰহ আৰু শক্তিৰে পৰিপূৰ্ণ”

২ এই সময়ত স্তিফানৰ মুখমণ্ডলত এক মন কৰিবলগীয়া শান্তি প্ৰতিফলিত হোৱা দেখিবলৈ পোৱা যায়। মহা-সভাত বহা সকলোৱে তেওঁলৈ একেথৰে চাই তেওঁৰ মুখ “স্বৰ্গদূতৰ মুখৰ নিচিনা দেখিলে।” (পাঁচ ৬:১৫) স্বৰ্গদূতসকলে ঈশ্বৰৰ বাক্য লোকসকলক জনাইছিল। সেইবাবে, তেওঁলোকে সাহসী আৰু শান্ত আছিল। স্তিফানৰ লগতো এনে হৈছিল। আনকি খঙাল বিচাৰকসকলেও ইয়াক দেখিবলৈ পাইছিল। এনে সময়ত স্তিফানে কেনেকৈ শান্ত হৈ থাকিব পাৰিছিল?

(পাঁচনিৰ কৰ্ম্ম ৮:২৬-৩০) কিন্তু প্ৰভুৰ দূতে ফিলিপক কলে, তুমি উঠি দক্ষিণ ফাললৈ, যি বাটে যিৰূচালেমৰ পৰা ঘচা নগৰলৈ যায়, সেই বাটে যোৱা; সেয়ে নিৰ্জন ঠাই। ২৭ তাতে তেওঁ উঠি গলত, চোৱা যি এজন কূচ-দেশীয় নপুংসক, কূচ-দেশীয়বিলাকৰ কান্দাকী ৰাণীৰ মন্ত্ৰী হৈ, তেওঁৰ সকলো সম্পত্তিৰ ভঁৰালী আছিল, সেই জনে ভজনা কৰিবলৈ যিৰূচালেমলৈ আহিছিল; ২৮ পাছে তেওঁ উলটি যাওঁতে, ৰথত বহি যিচয়া ভাববাদীৰ পুস্তক পঢ়ি গৈছিল। ২৯ এনেতে আত্মাই ফিলিপক কলে, তুমি ওচৰলৈ গৈ সেই ৰথৰ লগ ধৰা। ৩০ তাতে ফিলিপে ওচৰলৈ লৰি গৈ, তেওঁক যিচয়া ভাববাদীৰ পুস্তক পঢ়া শুনি সুধিলে, আপুনি যি পঢ়িছে তাক বুজিছে নে?

bt ৫৮-৫৯ ¶১৬

“যীচুৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰিলে”

১৬ ফিলিপৰ দৰে বৰ্তমান সময়ত খ্ৰীষ্টানসকলে শুভবাৰ্ত্তা ঘোষণা কৰিবলৈ এক ডাঙৰ সন্মান লাভ কৰিছে। তেওঁলোকে প্ৰায়ে সুযোগ বিচাৰি লোকসকলক ৰাজ্যৰ শুভবাৰ্ত্তা ঘোষণা কৰিবলৈ সক্ষম হৈছে। উদাহৰণস্বৰূপে, যাত্ৰা কৰাৰ সময়ত। বহুবাৰ তেওঁলোকে এনে নম্ৰ হৃদয়ৰ লোকসকলক সাক্ষাৎ কৰিবলৈ সক্ষম হয়, যিসকল সঁচাকৈ সত্যৰ প্ৰতি আগ্ৰহী। এইটো আমি নিশ্চয় আশা কৰিব পাৰোঁ, কিয়নো স্বৰ্গদূতসকলে ঘোষণা কাৰ্য্যত সহায় কৰে বুলি বাইবেলে স্পষ্ট কৰিছে। সেইবাবে “সকলো জাতি, ফৈদ, ভাষা, আৰু লোকবিলাকৰ” ওচৰত ৰাজ্যৰ শুভবাৰ্ত্তা পাইছেগৈ। (প্ৰকা. ১৪:৬) ঘোষণা কাৰ্য্যত স্বৰ্গদূতসকলৰ ভূমিকাৰ বিষয়ে যীচু খ্ৰীষ্টই ভৱিষ্যতবাণীত বৰ্ণনা কৰিছিল। ধান আৰু বিনৈ বনৰ দৃষ্টান্তত যীচুৱে কৈছিল যে গোটোৱাৰ সময়ত অৰ্থাৎ এই ৰীতি ব্যৱস্থাৰ শেষত কটোৱা কাৰ্য্য, ‘স্বৰ্গৰ দূতে’ কৰিব। ইয়াৰ লগতে তেওঁ কৈছিল যে “তেওঁৰ ৰাজ্যৰ মাজৰ পৰা সকলো বিঘ্নজনক বিষয়, আৰু অধৰ্ম্মাচাৰীবোৰক গোটাই, অগ্নিকুণ্ডত পেলাব।” (মথি ১৩:৩৭-৪১) যীচুৱে ইয়াকো বৰ্ণনা কৰে যে শেষ সময়ছোৱাত স্বৰ্গদূতসকলে স্বৰ্গৰ বাবে আশা থকা লোকসকলক আৰু পাছলৈ “বৰ লোকসমূহ” তথা ‘অন্য মেৰৰ’ লোকসকলক একত্ৰিত কৰিব, যাক যিহোৱা ঈশ্বৰে নিজৰ সংগঠনলৈ লৈ আনিব বিচাৰে।—প্ৰকা. ৭:৯; যোহ. ৬:৪৪, ৬৫; ১০:১৬.

বাইবেল পাঠ

(পাঁচ ৬:১-১৫) সেই কালত শিষ্যবিলাকৰ সংখ্যা বৃদ্ধি হৈ যাওঁতে, ইব্ৰীবিলাকে সৈতে গ্ৰীক ভাষাবাদী যিহূদীবিলাকৰ বিবাদ লাগিল; কিয়নো দৈনিক পৰিচৰ্য্যাত তেওঁবিলাকৰ বিধৱাবিলাকক অৱহেলা কৰা হৈছিল। ২ তেতিয়া বাৰ জন পাঁচনিয়ে শিষ্যসমূহক মাতি আনি কলে, ঈশ্বৰৰ বাক্য এৰি মেজৰ পৰিচৰ্য্যা কৰা আমাৰ উচিত নহয়। ৩ এতেকে, হে ভাইবিলাক, আমি যিবিলাকক এই কৰ্ম্মৰ ভাৰ দিব পাৰোঁ, সুখ্যাতি পোৱা আৰু আত্মাৰে জ্ঞানেৰে পৰিপূৰ্ণ হোৱা এনে সাত জনক তোমালোকৰ মাজৰ পৰা চাই লোৱা; ৪ কিন্তু আমি প্ৰাৰ্থনাত আৰু বাক্যৰ পৰিচৰ্য্যাত লাগি থাকিম। ৫ এই কথাতে সমুদায় লোকসমূহে সন্তুষ্ট হৈ, বিশ্বাসেৰে আৰু পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হোৱা এনে স্তিফান নামেৰে এজনক, আৰু ফিলিপ, প্ৰখৰ, নিকানৰ, তীমোন, পামিনা, আৰু যিহূদী-ধৰ্ম্ম লোৱা আন্তিয়খিয়াৰ নিকলায়, ৬ এই কেইজনক মনোনীত কৰি, পাঁচনিবিলাকৰ আগত থলেহি; তাতে তেওঁলোকে প্ৰাৰ্থনা কৰি সেই কেইজনৰ ওপৰত হাত দিলে। ৭ পাছে ঈশ্বৰৰ বাক্য ব্যাপি গল; আৰু যিৰূচালেমত শিষ্যবিলাকৰ সংখ্যা বৰকৈ বাঢ়িল; পুৰোহিতসকলৰো এটা ডাঙৰ সমাজ বিশ্বাসৰ বশৱৰ্ত্তী হল। ৮ স্তিফানে অনুগ্ৰহ আৰু শক্তিৰে পৰিপূৰ্ণ হৈ, মানুহবিলাকৰ মাজত নানা অদ্ভুত লক্ষণ আৰু মহৎ চিন দেখুৱাইছিল। ৯ তাতে লিবৰ্ত্তীন নামেৰে সমাজৰ কিছুমান আৰু কুৰীণীয়া আৰু আলেকজান্দ্ৰীয়াবিলাকৰ, আৰু কিলিকিয়া আৰু এচিয়াৰ কিছুমানে উঠী স্তিফানে সৈতে বাদ-বিবাদ কৰিলে। ১০ কিন্তু তেওঁ যি জ্ঞান আৰু আত্মাৰে কথা কৈছিল, তেওঁবিলাকে তাৰ প্ৰতিৰোধ কৰিব নোৱাৰিলে। ১১ তেতিয়া তেওঁবিলাকে কিছুমান মানুহক শিকাই বুজাই আনি কোৱালে, বোলে, আমি এওঁক মোচিৰ আৰু ঈশ্বৰৰ অহিতে নিন্দা-কথা কোৱা শুনিলোঁ। ১২ এইদৰে তেওঁবিলাকে, মানুহবিলাক, বৃদ্ধলোক, আৰু অধ্যাপকসকলক উচটাই, স্তিফানৰ ওচৰলৈ আহি তেওঁক ধৰি সেই মহা-সভালৈ নিলে। ১৩ আৰু কিছুমান মিছা সাক্ষী আনিলত, সিহঁতে কলে, এই মানুহে এই পবিত্ৰ ঠাই আৰু বিধানৰ অহিতে কথা কবলৈ নেৰে; ১৪ কিয়নো সেই নাচৰতীয়া যীচুৱে এই ঠাই নষ্ট কৰিব, আৰু মোচিয়ে আমাক যি যি ৰীতি দিলে, সেইবোৰকো সলনি কৰিব, এনে কথাই কোৱা আমি শুনিলোঁ। ১৫ তেতিয়া সেই মহা-সভাত বহা সকলোৱে তেওঁলৈ একে-থৰে চাই, তেওঁৰ মুখ স্বৰ্গদূতৰ মুখৰ নিচিনা দেখিলে।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক