অক্টোবৰ—জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা
অক্টোবৰ ১-৭
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | যোহন ৯-১০
“যীচুৱে নিজৰ মেৰবিলাকৰ যত্ন লয়”
(যোহন ১০:১-৩) মই তোমালোকক অতি স্বৰূপকৈ কওঁ, যি জন দুৱাৰেদি নোসোমাই, আন কোনো ফালে উঠি মেৰৰ গঁৰাললৈ সোমায়, সি চোৰ আৰু ডকাইত। ২ কিন্তু যি জন দুৱাৰেদি সোমায়, তেওঁ মেৰৰ ৰখীয়া। ৩ দুৱৰীয়ে তেওঁলৈ দুৱাৰ মেলি দিয়ে, আৰু মেৰবিলাকেও তেওঁৰ মাত শুনে; তেৱোঁ নিজৰ মেৰবিলাকক নাম ধৰি ধৰি মাতি বাহিৰলৈ লৈ যায়।
(যোহন ১০:১১) ময়েই মেৰৰ সজ ৰখীয়া; সজ ৰখীয়াই মেৰৰ নিমিত্তে নিজৰ প্ৰাণকো দিয়ে।
(যোহন ১০:১৪) ময়েই মেৰৰ সজ ৰখীয়া; পিতৃয়ে মোক যেনেকৈ জানে, আৰু ময়ো পিতৃক জানো, তেনেকৈ মই নিজৰ সকলোকে জানো, মোৰ নিজৰ সকলোৱেও মোক জানে।
nwtsty ছবি
মেৰৰ গঁৰাল
এটা মেৰৰ গঁৰাল সাধাৰণতে চাৰিওফালে বেৰ দি নিৰ্ম্মাণ কৰা হয়। চাৰিওফালে বেৰ থকাৰ বাবে চোৰ বা হিংস্ৰো জীৱ-জন্তুৰপৰা মেৰবিলাক ৰক্ষা পৰে। মেৰ ৰখীয়াসকলে ৰাতি নিজৰ জাকবোৰক সুৰক্ষাৰ বাবে গঁৰালৰ ভিতৰত ৰাখে। প্ৰাচীন সময়ত, বিভিন্ন আকাৰৰ গঁৰাল নিৰ্ম্মাণ কৰা হৈছিল। কিছুমান সৰু আৰু কিছুমান ডাঙৰ আকাৰৰ আছিল। বেছিভাগ গঁৰাল শিলেৰে নিৰ্ম্মাণ কৰা হৈছিল। সেই গঁৰালবোৰৰ কোনো চাল নাছিল আৰু কেৱল এখনহে দুৱাৰ আছিল। (গণ ৩২:১৬; ১চমূ ২৪:৩; চফ ২:৬) যোহনে ইয়াত গঁৰালত “দুৱাৰেদি” সোমোৱাৰ কথা বৰ্ণনা কৰিছে যʼত এজন “দুৱৰীয়ে” পহৰা দি থাকে। (যোহ ১০:১, ৩) কিছুমান গঁৰালত কেইবাটাও মেৰৰ জাকক ৰখা হৈছিল আৰু এজন দুৱৰীয়ে পহৰা দিছিল। ৰাতিপুৱা দুৱৰীজনে মেৰ ৰখীয়াসকলৰ বাবে দুৱাৰখন খুলি দিয়ে। প্ৰতিজন মেৰ ৰখীয়াই মেৰবোৰক মাতি এক গোট কৰে আৰু মেৰবোৰে মেৰ ৰখীয়াজনৰ মাত বুজিব পাৰি ওচৰলৈ আহে। (যোহ ১০:৩-৫) যীচুৱে মেৰ ৰখীয়াৰ উদাহৰণেৰে বুজাব বিচাৰিছিল যে তেওঁ শিষ্যসকলৰ কিমান যত্ন লয়।—যোহ ১০:৭-১৪.
w১১ ৫/১৫ ৭-৮ ¶৫
খ্ৰীষ্টান পৰিয়ালসমূহ—‘পৰ দি থাকক’
লাক্ষণিকভাৱে কʼবলৈ গʼলে এজন মেৰ ৰখীয়া আৰু তেওঁৰ মেৰৰ সম্বন্ধ, জ্ঞান আৰু বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰে। মেৰ ৰখীয়াই নিজৰ মেৰবোৰৰ বিষয়ে ভালদৰে জানে আৰু মেৰবোৰেও ৰখীয়াক জানে আৰু বিশ্বাস কৰে। মেৰবিলাকে নিজৰ ৰখীয়াক চিনি পায় আৰু তেওঁৰ নিৰ্দেশনা পালন কৰে। যীচুৱে কৈছিল, “মই নিজৰ সকলোকে [মেৰবোৰক] জানো, মোৰ নিজৰ সকলোৱেও [মেৰবোৰেও] মোক জানে।” মণ্ডলীৰ বিষয়ে যীচুৰ কেৱল ওপৰি জ্ঞান আছিল, এনে নহয়। ইয়াত “জানো” শব্দৰ বাবে যি গ্ৰীক শব্দ ব্যৱহাৰ কৰা হৈছে, তাৰ অৰ্থ হৈছে, “ব্যক্তিগতভাৱে বা ভালদৰে জনা।” সঁচাকৈ এজন ভাল ৰখীয়াই নিজৰ মেৰবিলাকৰ বিষয়ে ব্যক্তিগতভাৱে ভালদৰে জানে। তেওঁ প্ৰতিটো মেৰৰ প্ৰয়োজনীয়তা, দুৰ্ব্বলতা আৰু শক্তিৰ বিষয়ে জানে। যীচুৰপৰা মেৰবিলালকৰ কোনো কথা লুকাই নাথাকে। মেৰবিলাকেও নিজৰ ৰখীয়াক চিনি পায় আৰু তেওঁৰ নেতৃত্বৰ ওপৰত সম্পূৰ্ণ বিশ্বাস ৰাখে।
(যোহন ১০:৪, ৫) যেতিয়া নিজৰ সকলোকে বাহিৰ কৰা হয়, তেতিয়া তেওঁ সেইবিলাকৰ আগে আগে যায়; আৰু মেৰবিলাক তেওঁৰ পাছে পাছে চলে; কিয়নো তেওঁৰ মাত বুজি পায়। ৫ কিন্তু আন মানুহৰ পাছত কোনোমতেও নাযাব, তেওঁৰ পৰা পলাবহে; কিয়নো আন মানুহবিলাকৰ মাত নুবুজে।
cf ১২৫ ¶১৭
“দৃষ্টান্ত নিদিয়াকৈ তেওঁবিলাকক একো কথা নকলে”
জৰ্জ এ স্মিথে পবিত্ৰ দেশৰ প্ৰাচীন নক্সা (ইংৰাজী) নামৰ কিতাপখনত নিজ চকুৰে দেখা এটা ঘটনাৰ বিষয়ে বৰ্ণনা কৰিছে: “কেতিয়াবা কেতিয়াবা আমি দুপৰীয়াৰ সময়ছোৱাত যিহূদীসকলৰ কোনো এটা নাদৰ কাষত জিৰণি লৈছিলোঁ। তাতে তিনি-চাৰিজন মেৰ ৰখীয়াই নিজৰ জাকবোৰক পানী খোৱাবলৈ আনিছিল। সকলো জাকৰ মেৰবোৰ একেলগে মিলিত হৈ যায় আৰু তাক চাই আমি আচৰিত হৈছিলোঁ যে মেৰ ৰখীয়াসকলে নিজৰ নিজৰ জাকবোৰ কেনেকৈ পৃথক কৰিব। কিন্তু মেৰবিলাকে পানী খোৱা আৰু দৌৰা-দৌৰি কৰা শেষ হোৱাৰ পাছত, মেৰ ৰখীয়াসকলে এজন এজনকৈ উপত্যকাৰ বেলেগ বেলেগ দিশলৈ গৈ প্ৰতিজনে বিশেষ শব্দ উচ্চাৰণ কৰে। এই শব্দ শুনি মেৰবিলাকে নিজৰ নিজৰ ৰখীয়াৰ ওচৰলৈ গুচি যায় আৰু জাকবোৰে যেনেকৈ পানী খাবলৈ আহিছিল, তেনেকৈয়ে পুনৰ উভতি যায়।” যীচুৱে নিজৰ কথা বুজাবলৈ এক উত্তম উদাহৰণ ব্যৱহাৰ কৰিছিল। যদি আমি তেওঁৰ শিক্ষাৰ বিষয়ে জ্ঞান লওঁ, পালন কৰোঁ আৰু তেওঁ দেখুৱাই যোৱা পথত চলোঁ, তেনেহʼলে ‘সজ ৰখীয়াই’ আমাক প্ৰেমেৰে যত্ন লʼব।
(যোহন ১০:১৬) আৰু এই গঁৰালৰ নোহোৱা মোৰ আৰু মেৰ আছে; মই সেইবিলাককো আনিব লাগে; আৰু সেইবিলাকে মোৰ মাত শুনিব; তাতে একেটা জাক, একেজন ৰখীয়া হৈ যাব।
যোহ ১০:১৬ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা
আনিব লাগে: বা “নেতৃত্ব কৰা।” এই পদত গ্ৰীক ক্ৰিয়াপদ এগʼৰ ব্যৱহাৰ হৈছে আৰু ইয়াৰ অৰ্থ প্ৰসংগ অনুসৰি “অনা” বা “নেতৃত্ব কৰা” হʼব পাৰে। প্ৰায় ২০০ খ্ৰীষ্টাব্দৰ এটা গ্ৰীক হস্তলিপিত ইয়াৰ লগত সম্বন্ধ থকা আৰু এটা গ্ৰীক শব্দ (চাইনাগ’) ব্যৱহাৰ কৰা হৈছে। এই শব্দক প্ৰায়ে “একত্ৰিত কৰা” বুলি অনুবাদ কৰা হয়। সজ ৰখীয়া হিচাপে যীচুৱে এই গঁৰালৰ (লূক ১২:৩২ পদত ‘তাকৰ জাক’ বুলি উল্লেখ কৰিছে) আৰু আন মেৰবিলাকক একত্ৰিত কৰে, নিৰ্দেশনা দিয়ে, সুৰক্ষা দিয়ে আৰু আহাৰ যোগান ধৰে। এই মেৰবিলাক এজন ৰখীয়াৰ অধীনত একেটা জাক হয়। এই উদাহৰণ দি যীচুৱে বুজাব বিচাৰিছিল যে তেওঁৰ শিষ্যসকলে একতাৰে থাকিব।
আধ্যাত্মিক ৰত্ন বিচাৰক
(যোহন ৯:৩৮) তেতিয়া, হে প্ৰভু, বিশ্বাস কৰিছোঁ, এই বুলি, তেওঁ তেওঁক সেৱা কৰিলে।
যোহ ৯:৩৮ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা
তেওঁক সেৱা কৰিলে: বা “তেওঁৰ আগত মূৰ দোৱালে; তেওঁৰ আগত দণ্ডৱত কৰিলে; তেওঁক সন্মান কৰিলে।” কিছুমান পদত গ্ৰীক শব্দ প্ৰʼস্কিনিঅ’ ব্যৱহাৰ কৰা হৈছে, ইয়ে কোনো ঈশ্বৰ বা দেৱতাক উপাসনা কৰা বুজায় আৰু যʼত এই শব্দটো আছে, তাত “উপাসনা কৰা” বুলি অনুবাদ কৰা হৈছে। (মথি ৪:১০; লূক ৪:৮) কিন্তু এই প্ৰসংগত জন্মৰেপৰা অন্ধ ব্যক্তিজনে সুস্থ হোৱাৰ পাছত যীচু ঈশ্বৰৰ প্ৰতিনিধি হয় বুলি বুজিব পাৰি তেওঁক সেৱা কৰিলে। ব্যক্তিজনে, যীচুক ঈশ্বৰ বা দেৱতা বুলি ভবা নাছিল, কিন্তু তেওঁ যীচুক ‘ঈশ্বৰৰ পুত্ৰ’ বা ঈশ্বৰৰপৰা অধিকাৰ লাভ কৰা মচীহ বুলি ভাবিছিল, যাৰ বিষয়ে আগতেই ভৱিষ্যতবাণী কৰা হৈছিল। (যোহ ৯:৩৫) লোকসকলে আনৰ আগত সেৱা কৰাৰ বিষয়ে হীব্ৰু শাস্ত্ৰপদত যিদৰে বৰ্ণনা কৰা আছে, ঠিক সেইদৰে হয়তো ব্যক্তিজনে যীচুক সেৱা কৰিছিল। প্ৰাচীন সময়ত লোকসকলে ভৱিষ্যতবক্তা, ৰজা বা ঈশ্বৰৰ প্ৰতিনিধিসকলৰ সৈতে সাক্ষাৎ কৰাৰ সময়ত সেৱা কৰিছিল। (১চমূ ২৫:২৩, ২৪; ২চমূ ১৪:৪-৭; ১ৰাজা ১:১৬; ২ৰাজা ৪:৩৬, ৩৭) ইয়াৰ উপৰিও, ঈশ্বৰে বহুতো কথা প্ৰকাশ কৰাৰ বাবে আৰু যীচুৰ ওপৰত ঈশ্বৰৰ অনুগ্ৰহ আছে বুলি বিশ্বাস কৰি লোকসকলে যীচুক সেৱা কৰাৰ যোগেদি কৃতজ্ঞতা দেখুৱাইছিল।—মথি ২:২; ৮:২; ১৪:৩৩; ১৫:২৫ পদৰ ওপৰত অধ্যয়নৰ টোকা চাওক।
(যোহন ১০:২২) পাছে যিৰূচালেমত মন্দিৰ-প্ৰতিষ্ঠাৰ পৰ্ব্ব উপস্থিত হল।
যোহ ১০:২২ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা
মন্দিৰ-প্ৰতিষ্ঠাৰ পৰ্ব্ব: এই পৰ্ব্বৰ হীব্ৰু নাম হৈছে হান্নুকা (কানুক্কা) আৰু ইয়াৰ অৰ্থ হৈছে “উদ্ঘাটন; সমৰ্পণ।” এই পৰ্ব্ব আঠ দিনলৈকে পালন কৰা হৈছিল। এই পৰ্ব্ব কিচলেব মাহৰ ২৫তম দিনৰ দিনা অৰ্থাৎ ডিচেম্বৰ মাহৰ শেষৰ ফালে আৰম্ভ হৈছিল। (এই পদৰ শীতকালৰ ওপৰত অধ্যয়নৰ টোকা আৰু অতিৰিক্ত লেখ B১৫ চাওক) খ্ৰীষ্টপূৰ্ব ১৬৫-ত যিৰূচালেম মন্দিৰ পুনৰ স্থাপন কৰাৰ বাবে এই পৰ্ব্ব পালন কৰা হৈছিল। চিৰিয়াৰ ৰজা এণ্টিঅʼকচ IV ইফিফনীচে যিহূদীসকলৰ ঈশ্বৰ যিহোৱাৰ অপমান কৰিবলৈ তেওঁৰ মন্দিৰ কলংকিত কৰিছিল। উদাহৰণস্বৰূপে, যি ডাঙৰ বেদীত হোমবলি দিয়া হৈছিল, তাৰ ওপৰত তেওঁ আৰু এটা বেদী স্থাপন কৰিছিল। খ্ৰীষ্টপূৰ্ব ১৬৮-ৰ কিচলেব মাহৰ ২৫ তাৰিখে এণ্টিঅʼকচে যিহোৱাৰ মন্দিৰ সম্পূৰ্ণৰূপে কলংকিত কৰাৰ বাবে বেদীৰ ওপৰত গাহৰি বলিদান কৰিছিল আৰু সেই মাংস সিদ্ধ কৰি মন্দিৰৰ চাৰিওফালে মাংসৰ টুকুৰাবোৰ চটিয়াই দিছিল। তেওঁ মন্দিৰৰ দুৱাৰবোৰ জ্বলাই দিছিল, পুৰোহিতসকলৰ কোঠালিবোৰ ভাঙি দিছিল আৰু সোণৰ বেদী, দৰ্শন-পিঠাৰ মেজ আৰু সোণৰ দীপাধাৰ লৈ গৈছিল। তাৰ পাছত তেওঁ যিহোৱাৰ মন্দিৰক অলিম্পচৰ মিছা দেৱতা দ্যুপিতৰৰ নামত সমৰ্পণ কৰিছিল। দুবছৰৰ পাছত, যিহূদা মাক্কাবিয়াচে সেই নগৰ আৰু মন্দিৰ অধিকাৰ কৰিছিল। মন্দিৰ পৰিষ্কাৰ কৰাৰ পাছত, খ্ৰীষ্টপূৰ্ব ১৬৫-ৰ কিচলেব মাহত অৰ্থাৎ এণ্টিঅʼকচে দ্যুপিতৰৰ বেদীত ঘৃণনীয় বলিদান আগবঢ়োৱাৰ ঠিক তিনি বছৰৰ পাছত পুনৰ সমৰ্পণ কৰা হৈছিল। যিহোৱাৰ উদ্দেশ্যে প্ৰতিদিনে হোমবলি উৎসৰ্গা কৰা আৰম্ভ হৈছিল। পবিত্ৰ শাস্ত্ৰত এনে কোনো তথ্য নাই যে মাক্কাবিয়াচক যিহোৱা ঈশ্বৰে জয়লাভ কৰাৰ বাবে আৰু মন্দিৰ পুনৰ নিৰ্ম্মাণ কৰাৰ বাবে সহায় কৰিছিল। কিন্তু যিহোৱা ঈশ্বৰে উপাসনাৰ লগত জড়িত থকা কিছুমান উদ্দেশ্য পূৰ কৰাৰ বাবে পাৰস্যৰ ৰজা কোৰচৰ দৰে অন্যজাতিৰ লোকসকলকো ব্যৱহাৰ কৰিছিল। (যিচ ৪৫:১) গতিকে, এইটো কোৱা যুক্তিসংগত হʼব যে যিহোৱা ঈশ্বৰে হয়তো নিজৰ সমৰ্পিত লোকসকলৰ মাজৰ কোনোবা এজনক নিজৰ উদ্দেশ্য পূৰ কৰাৰ বাবে ব্যৱহাৰ কৰিব পাৰে। শাস্ত্ৰই বৰ্ণনা কৰে মচীহ, তেওঁৰ পৰিচৰ্য্যা কাৰ্য্য আৰু তেওঁ আগবঢ়াবলগীয়া বলিদানৰ বিষয়ে যি ভৱিষ্যতবাণী কৰা হৈছিল, সেইবোৰ পূৰ্ণ হোৱাৰ বাবে মন্দিৰৰ অস্তিত্ব থকা আৰু তাত উপাসনা চলি থকাৰ প্ৰয়োজন আছিল। ইয়াৰ উপৰিও, মচীহ উপস্থিত হৈ মানৱজাতিৰ বাবে নিজৰ জীৱন বলিদান নকৰালৈকে, লেবীয়াসকলে বলিদান আগবঢ়োৱাৰ প্ৰয়োজন আছিল। (দানি ৯:২৭; যোহ ২:১৭; ইব্ৰী ৯:১১-১৪) খ্ৰীষ্টৰ অনুকাৰীসকলক মন্দিৰ প্ৰতিষ্ঠাৰ পৰ্ব্ব পালন কৰাৰ বিষয়ে আজ্ঞা দিয়া নাছিল। (কল ২:১৬, ১৭) কিন্তু, বাইবেলত কʼতো উল্লেখ নাই যে যীচু আৰু তেওঁৰ শিষ্যসকলে এই পৰ্ব্ব পালন কৰাৰ বাবে নিন্দা কৰিছিল।
বাইবেল পাঠ
(যোহন ৯:১-১৭) পাছে তেওঁ যাওঁতে যাওঁতে, ওপজাৰে পৰা অন্ধ মানুহ এজনক দেখিলে। ২ তাতে তেওঁৰ শিষ্যবিলাকে তেওঁক সুধিলে, ৰব্বি এই মানুহ অন্ধ হৈ উপজিবলৈ, এওঁ পাপ কৰিলে নে, নাইবা এওঁৰ মাক-বাপেকে পাপ কৰিলে? ৩ যীচুৱে উত্তৰ দিলে, এওঁ পাপ কৰিলে, নাইবা এওঁৰ মাক-বাপেকে পাপ কৰিলে, এনে নহয়; কিন্তু এওঁত ঈশ্বৰৰ কৰ্ম্ম প্ৰকাশিত হবলৈহে হৈছে। ৪ দিন থাকোঁতেই মোক পঠোৱা জনাৰ কৰ্ম্ম কৰিব লাগে। যি কালত কোনেও কৰ্ম্মম কৰিব নোৱাৰে, এনে ৰাতি আহিছে। ৫ যিমান দিন জগতত আছোঁ, সিমান দিন মই জগতৰ পোহৰ। ৬ এই কথা কৈ, তেওঁ মাটিত থুই পেলাই, থুইৰে বোকা কৰি, সেই বোকা, সেই বোকা অন্ধৰ চকুত লিপি তেওঁক কলে, যোৱা; ৭ চীলোহ (এই নামৰ অৰ্থ পঠোৱা;) পুখুৰীত ধোৱাগৈ। ৮ তাতে তেওঁ গৈ ধুলে, আৰু দৃষ্টি পাই আহিল। তেতিয়া তেওঁৰ ওচৰ চুবুৰীয়াবিলাকে, আৰু যিবিলাকে আগেয়ে ভিক্ষুক দেখিছিল, তেওঁবিলাকে কলে, বহি ভিক্ষা মগাটো ইয়েই নহয়নে? ৯ কোনো কোনেৱ কলে, ইয়েই হয়; আন কোনোবিলাকে কলে, নহয়; কিন্তু ই তাৰ নিচিনাহে হয়। তেওঁ নিজে কলে, মই সেইজনেই হওঁ। ১০ তাতে তেওঁবিলাকে তেওঁক সুধিলে, তেনেহলে তোমাৰ চকু কেনেকৈ মুকলি হল? ১১ তেওঁ উত্তৰ দিলে, যি জনক যীচু বোলে, সেই জনে বোকা কৰি, মোৰ চকুত লিপি মোক কলে, চীলোহলৈ গৈ ধোৱা; তাতে মই গৈ ধোৱাত দৃষ্টি পালোঁ। ১২ তেতিয়া তেওঁবিলাকে তেওঁক সুধিলে, সেই জন কʼত আছে? তেওঁ কলে, মই নাজানো। ১৩ পাছে তেওঁবিলাকে সেই আগৰ অন্ধক ফৰীচীবিলাকৰ ওচৰলৈ লৈ গল। ১৪ যি দিনা যীচুৱে বোকা কৰি তেওঁৰ চকু মুকলি কৰিলে, সেই দিনা বিশ্ৰাম-বাৰ। ১৫ এই কাৰণে আকৌ ফৰীচীবিলাকেও তেওঁক শুধিলে, তুমি কনেকৈ দৃষ্টি পালা। তেওঁ তেওঁবিলাকক কলে, তেওঁ মোৰ চকুত বোকা দিলে, আৰু মই ধুই দৃষ্টি পাইছোঁ। ১৬ তাতে ফৰীচীবিলাকৰ কিছুমানে কলে, সেই মানুহ ঈশ্বৰৰ পৰা নহয়; কিয়নো সি বিশ্ৰাম-বাৰকে নামানে। কিন্তু আন কোনোবিলাকে কলে, পাপী মানুহে কেনেকৈ এনে আচৰিত কৰ্ম্ম কৰিব পাৰে? ১৭ এই দৰে তেওঁবিলাকৰ মাজত ভাগ ভাগ হল। তাতে তেওঁবিলাকে আকৌ সেই অন্ধক সুধিলে, তেওঁ তোমাৰ চকু মুকলি কৰাত, তেওঁৰ বিষয়ে তুমি নো কি কোৱা? তেওঁ কলে, তেওঁ ভাববাদী।
অক্টোবৰ ৮-১৪
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | যোহন ১১-১২
“যীচুৰ দৰে কৰুণা দেখুৱাওক”
(যোহন ১১:২৩-২৬) যীচুৱে তেওঁক কলে, তোমাৰ ভায়েৰা পুনৰায় উঠিব। ২৪ মাৰ্থাই তেওঁক কলে, সি যে শেষৰ দিনা পুনৰুত্থানৰ কালত উঠিব, তাক মই জানোঁ। ২৫ যীচুৱে তেওঁক কলে, ময়েই পুনৰুত্থানো আৰু জীৱনো; যি কোনোৱে মোত বিশ্বাস কৰে, তেওঁ মৰিলেও জীব; ২৬ আৰু যি কোনোৱে জীয়াই থাকি মোত বিশ্বাস কৰে, তেওঁ কেতিয়াও নমৰিব। তুমি এই কথা বিশ্বাস কৰিছা নে?
যোহ ১১:২৪, ২৫ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা
সি যে . . . উঠিব, তাক মই জানো: মাৰ্থাই ভাবিছিল যে যীচুৱে শেষৰ কালত অৰ্থাৎ ভৱিষ্যতে হʼবলগীয়া পুনৰুত্থানৰ বিষয়ে কৈছে। (যোহ ৬:৩৯ পদৰ ওপৰত অধ্যয়নৰ টোকা চাওক।) এই শিক্ষাৰ ওপৰত মাৰ্থাৰ সম্পূৰ্ণ বিশ্বাস আছিল। কিন্তু ঈশ্বৰৰ প্ৰেৰণাৰে লিখা শাস্ত্ৰত স্পষ্টৰূপে পুনৰুত্থানৰ বিষয়ে বৰ্ণনা কৰাৰ সত্ত্বেও সেই সময়ৰ চদ্দুকী নামেৰে পৰিচিত ধৰ্ম্মগুৰুসকলে এই শিক্ষাৰ ওপৰত বিশ্বাস কৰা নাছিল। (দানি ১২:১৩; মাৰ্ক ১২:১৮) আনহাতে, ফৰীচীসকলে অমৰ আত্মাৰ ওপৰত বিশ্বাস কৰিছিল। মাৰ্থাই জানিছিল যে যীচুৱে পুনৰুত্থানৰ আশাৰ ওপৰত শিক্ষা দিছিল আৰু তেওঁ পুনৰুত্থানো কৰি দেখুৱাইছিল। কিন্তু যিসকল লোকক তেওঁ পুনৰুত্থান কৰিছিল, তেওঁলোকৰ মৃত্যু হোৱা লাজাৰৰ দৰে কেইবাদিনো হোৱা নাছিল।
ময়েই পুনৰুত্থানো আৰু জীৱনো: যীচুৰ মৃত্যু আৰু পুনৰুত্থানে মৃত লোকসকলৰ বাবে পুনৰ জীৱন লাভ কৰাৰ বাবে বাট মুকলি কৰিলে। যীচুৰ পুনৰুত্থানৰ পাছত, যিহোৱা ঈশ্বৰে তেওঁক মৃত লোকসকলক পুনৰুত্থান কৰাৰ লগতে তেওঁলোকক অনন্ত জীৱন দিয়াৰ বাবে ক্ষমতা দিয়ে। (যোহ ৫:২৬ পদৰ ওপৰত অধ্যয়নৰ টোকা চাওক।) প্ৰকাশিত বাক্য ১:১৮ পদত যীচুৱে নিজকে “জীয়াই থকা জনা” বুলি কৈছে আৰু তেওঁৰ ওচৰত “মৃত্যুৰো পৰলোকৰো চাবিবোৰ” আছে। সেইবাবে যীচুৱেই হৈছে, জীৱিত আৰু মৃত লোকসকলৰ বাবে আশা। তেওঁ প্ৰতিজ্ঞা কৰিছে যে কবৰক মুকলি কৰিব। স্বৰ্গত যীচুৰ লগত শাসন কৰিবলৈ নতুবা এই পৃথিৱীত স্বৰ্গীয় চৰকাৰৰ অধীনত বাস কৰিবলৈ যীচুৱে মৃত লোকসকলক পুনৰুত্থান কৰিব।—যোহ ৫:২৮, ২৯; ২পিত ৩:১৩.
(যোহন ১১:৩৩-৩৫) যীচুৱে তেওঁক কন্দা দেখি, আৰু তেওঁৰ লগত অহা যিহূদীবিলাককো কন্দা দেখি, আত্মাত উত্তেজিত হৈ, গা জিকাৰ মাৰি কলে, তেওঁক কʼত থলাহঁক? ৩৪ তেওঁলোকে কলে, হে প্ৰভু, আহি চাওক। ৩৫ তাতে যীচুৱে ক্ৰন্দন কৰিলে।
যোহ ১১:৩৩-৩৫ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা
কন্দা: যি গ্ৰীক শব্দৰ অনুবাদ “কন্দা” কৰা হৈছে, তাৰ অৰ্থ প্ৰায়ে এনেধৰণে কন্দাক বুজায়, যʼত শব্দ শুনিবলৈ পোৱা যায়। যীচুৱে যিৰূচালেম ধ্বংস হোৱাৰ বিষয়ে কৰা ভৱিষ্যতবাণীত, সেই একেই ক্ৰিয়াপদ ব্যৱহাৰ কৰিছিল।—লূক ১৯:৪১.
আত্মাত উত্তেজিত হৈ, গা জিকাৰ মাৰি: ইয়াৰ বাবে মূল ভাষাত যি শব্দ ব্যৱহাৰ কৰা হৈছে, তাৰপৰা জানিব পাৰি যে এই পৰিস্থিতিত যীচুৱে গভীৰভাৱে আবেগিক হৈ পৰিছিল। যি গ্ৰীক ক্ৰিয়াপদৰ (ইমব্ৰিমাঅʼমাই) বাবে “কন্দা” কৰা হৈছে, ইয়ে সাধাৰণতে গভীৰ ভাৱনাক চিত্ৰিত কৰে। কিন্তু প্ৰশংগৰপৰা বুজিব পাৰি যে এই পৰিস্থিতিত যীচুৱে গভীৰভাৱে আবেগিক হৈ শব্দ কৰি কান্দিছিল। যি গ্ৰীক (তাৰাচচ’) শব্দৰ অনুবাদ “গা জিকাৰ মাৰি” কৰা হৈছে, তাৰ আক্ষৰিক অৰ্থ হৈছে উদ্বিগ্নতা। এজন বিদ্বানৰ অনুসৰি, এই প্ৰশংগত ইয়াৰ অৰ্থ হৈছে “অন্তৰেৰে উত্তেজিত হোৱা আৰু গভীৰভাৱে দুখ বা বেদনা অনুভৱ কৰা।” যিহূদাই যীচুক বিশ্বাসঘাতকতা কৰাৰ সময়ত যীচুৰ প্ৰতিক্ৰিয়া বুজাবলৈ যোহ ১৩:২১ পদত একেই ক্ৰিয়াপদ ব্যৱহাৰ কৰা হৈছে।—যোহ ১১:৩৫ পদৰ ওপৰত অধ্যয়নৰ টোকা চাওক।
ক্ৰন্দন কৰিলে: লূক ৭:৩৮; পাঁচ ২০:১৮, ৩১; ইব্ৰী ৫:৭; প্ৰকা ৭:১৭ আৰু ২১:৪ পদবোৰত “চকুলোৰ” বাবে যি গ্ৰীক বিশেষ্য পদ ব্যৱহাৰ কৰা হৈছে, সেই শব্দৰ ক্ৰিয়াপদ (ডেক্ৰিয়’) যোহ ১১:৩৫ পদত ব্যৱহাৰ কৰা হৈছে। এই ক্ৰিয়াৰ অৰ্থ হয়তো শব্দ কৰি ক্ৰন্দন কৰা বুজায়। গ্ৰীক শাস্ত্ৰপদত এই গ্ৰীক ক্ৰিয়া কেৱল যোহ ১১:৩৫ পদতে ব্যৱহাৰ হৈছে আৰু এই শব্দটো যোহ ১১:৩৩ (অধ্যয়নৰ টোকা চাওক) পদত ব্যৱহাৰ হোৱা ক্ৰিয়াৰ লগত বেলেগ। এই পদত মৰিয়ম আৰু যিহূদীসকলে কন্দাৰ বিষয়ে বৰ্ণনা কৰা হৈছে। যীচুৱে জানিছিল যে তেওঁ লাজাৰক পুনৰুত্থান কৰিব, কিন্তু তেওঁ বন্ধুসকলৰ দুখ দেখি নিজেও দুখিত হৈ পৰিছিল। বন্ধুসকলৰ প্ৰতি থকা প্ৰেম আৰু দয়াৰ বাবে তেওঁ ক্ৰন্দন কৰিলে। এই বিৱৰণৰপৰা স্পষ্টৰূপে বুজিব পাৰি যে আদমৰ পাপৰ বাবে মৃত্যু হোৱা লোকসকলৰ বিষয়ে যীচু খ্ৰীষ্টই কেনে অনুভৱ কৰে।
(যোহন ১১:৪৩, ৪৪) ইয়াকে কৈ, তেওঁ বৰকৈ ৰিঙিয়াই কলে, হে লাজাৰ, বাহিৰলৈ আহাঁ। ৪৪ তাতে সেই মৃতজন, হাতভৰি মৈদামৰ কাপোৰেৰে বন্ধা, আৰু মুখ গামোচাৰে বন্ধা হৈ বাহিৰলৈ আহিল। যীচুৱে তেওঁবিলাকক কলে, এওঁক মেলি এৰি দিয়া।
আধ্যাত্মিক ৰত্ন বিচাৰক
(যোহন ১১:৪৯) কিন্তু তেওঁবিলাকৰ মাজৰ কায়াফা নামেৰে এজনে সেই বছৰত মহা-পুৰোহিত হৈ তেওঁবিলাকক কলে,
যোহ ১১:৪৯ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা
মহা-পুৰোহিত: যেতিয়া ইস্ৰায়েল এখন স্বাধীন ৰাষ্ট্ৰ আছিল, তেতিয়া মহা-পুৰোহিতসকলে জীৱনজুৰি এই পদত নিযুক্ত আছিল। (নহূ ৩৫:২৫) কিন্তু ইস্ৰায়েলীসকলে ৰোমান চৰকাৰৰ অধীনত থকাৰ সময়ছোৱাত, এই চৰকাৰৰ শাসকসকলৰ ওচৰত মহা-পুৰোহিতসকলক নিযুক্ত কৰা আৰু পদচ্যুত কৰাৰ অধিকাৰ আছিল। (“মহা-পুৰোহিত” শব্দকোষ চাওক।) ৰোমান অধিকাৰীসকলে নিযুক্ত কৰা কায়াফা নামৰ মহা-পুৰোহিতজন এজন দক্ষ কূটনীতিজ্ঞ আছিল আৰু তেওঁ আন মহা-পুৰোহিতসকলৰ তুলনাত দীঘলীয়া সময় ধৰি এই পদত বৰ্তি আছিল। তেওঁক প্ৰায় ১৮ খ্ৰীষ্টাব্দত নিযুক্ত কৰা হৈছিল আৰু প্ৰায় ৩৬ খ্ৰীষ্টাব্দলৈকে তেওঁ এই পদত নিযুক্ত আছিল। শাস্ত্ৰৰ এই পদত কোৱা হৈছে যে সেই বছৰত অৰ্থাৎ ৩৩ খ্ৰীষ্টাব্দত কায়াফা, মহা-পুৰোহিত হিচাপে কাৰ্য্য কৰিছিল। যোহনে কʼব বিচাৰিছিল যে যি বছৰত যীচুক যাতনা-স্তম্ভত আঁৰি দিয়া হৈছিল, সেইবছৰত কায়াফা মহা-পুৰোহিত আছিল।—কায়াফাৰ ঘৰৰ স্থানৰ বিষয়ে জানিবলৈ অতিৰিক্ত লেখ B১২ চাওক।
(যোহন ১২:৪২) তথাপি শাসনকৰ্ত্তা সকলৰ মাজৰো অনেকে তেওঁত বিশ্বাস কৰিলে; কিন্তু পাছে তেওঁবিলাকক নাম-ঘৰৰ পৰা জানোচা খেদে, এই ভয়তে ফৰীচীবিলাকৰ কাৰণে তেওঁবিলাকে স্বীকাৰ নকৰিলে;
যোহ ১২:৪২ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা
শাসনকৰ্ত্তা সকল: ইয়াত যি গ্ৰীক শব্দৰ অনুবাদ “শাসনকৰ্ত্তা সকল” কৰা হৈছে, ইয়ে হয়তো মহা-সভা বা যিহূদীসকলৰ আটাইতকৈ ডাঙৰ সভাৰ সদস্যসকলক বুজায়। যোহ ৩:১ পদত নীকদীমক যিহূদীসকলৰ এজন অধিকাৰী বুলি কোৱা হৈছে।—যোহ ৩:১ পদৰ ওপৰত অধ্যয়নৰ টোকা চাওক।
নাম-ঘৰৰ পৰা জানোচা খেদে: বা “নাম-ঘৰৰ পৰা বহিষ্কাৰ কৰা।” গ্ৰীক বিশেষণ এপʼচিনাগʼগʼচ কেৱল যোহ ৯:২২, ১২:৪২ আৰু ১৬:২ পদবোৰত ব্যৱহাৰ কৰা হৈছে। বহিষ্কাৰ কৰা ব্যক্তিজনৰ লগত কোনো সম্পৰ্ক ৰখা হোৱা নাছিল আৰু তেওঁক তুচ্ছ বুলি গণ্য কৰা হৈছিল। এনে ব্যক্তিক পৰিয়াল চলাবলৈ বহুতো সমস্যাৰ সন্মুখীন হʼব লগা হৈছিল। নাম-ঘৰবোৰ বিশেষকৈ শিক্ষা দিয়াৰ বাবে ব্যৱহাৰ কৰা হৈছিল। এই ঠাইবোৰ স্থানীয় ন্যায়লয় হিচাপেও ব্যৱহাৰ কৰা হৈছিল। এই ন্যায়লয়বোৰৰ ওচৰত অপৰাধীসকলক চাবোকেৰ কোবোৱা আৰু নাম-ঘৰৰ পৰা বহিষ্কাৰ কৰাৰ অধিকাৰ আছিল।—মথি ১০:১৭ পদৰ ওপৰত অধ্যয়নৰ টোকা চাওক।
বাইবেলে পাঠ
(যোহন ১২:৩৫-৫০) তাতে যীচুৱে তেওঁবিলাকক কলে, তোমালোকৰ মাজত আৰু অলপ কালহে পোহৰ আছে। আন্ধাৰে যেন তোমালোকৰ লগ নধৰে, এই নিমিত্তে তোমালোকৰ লগত পোহৰ থাকোঁতেই অহা-যোৱা কৰাহঁক। যি জন আন্ধাৰত ফুৰে, তেওঁ কʼলৈ যায়, তাক নাজানে। ৩৬ তোমালোক যেন পোহৰৰ সন্তান হোৱা, এই নিমিত্তে তোমালোকৰ লগত পোহৰ থাকোঁতেই, পোহৰত বিশ্বাস কৰা। এই কথা কৈ যীচু গুচি গৈ, তেওঁবিলাকৰ পৰা নিজকে লুকুৱালে। ৩৭ যিচয়া ভাববাদীয়ে যি কথা কৈছিল, বোলে, হে প্ৰভু, আমি কোৱা বাৰ্ত্তা কোনে বিশ্বাস কৰিলে? আৰু প্ৰভুৰ বাহুবল কাৰ আগত প্ৰকাশিত হব? ৩৮ সেই কথা সিদ্ধ হবলৈ, তেওঁ তেওঁবিলাকৰ আগত ইমান আচৰিত কৰ্ম্ম কৰিলতো, তেওঁবিলাকে তেওঁত বিশ্বাস নকৰিলে। ৩৯ এই কথাতে যিচয়াই আকৌ কৈছিল, বোলে, ৪০ তেওঁ তেওঁবিলাকৰ চকু অন্ধ কৰিলে, চিত্তো টান কৰিলে, যাতে তেওঁবিলাকে চকুৰে নেদেখে, চিত্তেৰে নুবুজে, আৰু নুঘূৰে, আৰু মই তেওঁবিলাকক যেন সুস্থ নকৰোঁ। এই কাৰণে তেওঁবিলাকে বিশ্বাস কৰিব নোৱাৰিলে। ৪১ যিচয়াই তেওঁৰ গৌৰৱ দেখি, তেওঁৰ বিষয়ে প্ৰচাৰ কৰি এইবোৰ কথা কলে। ৪২ তথাপি শাসনকৰ্ত্তা সকলৰ মাজৰো অনেকে তেওঁত বিশ্বাস কৰিলে; কিন্তু পাছে তেওঁবিলাকক নাম-ঘৰৰ পৰা জানোচা খেদে, এই ভয়তে ফৰীচীবিলাকৰ কাৰণে তেওঁবিলাকে স্বীকাৰ নকৰিলে; ৪৩ কিয়নো ঈশ্বৰৰ প্ৰশংসাতকৈ তেওঁবিলাকে মানুহৰ প্ৰশংসা ভাল বুলি মানিলে। ৪৪ যীচুৱে বৰ মাতেৰে কলে, যি কোনোৱে মোত বিশ্বাস কৰে, তেওঁ মোত নহয়, কিন্তু মোক পঠোৱা জনাতেহে বিশ্বাস কৰে। ৪৫ আৰু যি কোনোৱে মোক দেখে, তেওঁ মোক পঠোৱা জনাকেই দেখে। ৪৬ যি কোনোৱে মোত বিশ্বাস কৰে, তেওঁ আন্ধাৰত যেন নাথাকে, এই নিমিত্তে মই জগতলৈ পোহৰ হৈ আহিছোঁ। ৪৭ কোনোৱে মোৰ কথা শুনি যদি পালন নকৰে, তথাপি মই তেওঁৰ সোধ-বিচাৰ নকৰোঁ; কিয়নো মই জগতৰ সোধ-বিচাৰ কৰিবলৈ অহা নাই, কিন্তু জগতৰ পৰিত্ৰাণ কৰিবলৈহে আহিলোঁ। ৪৮ যি কোনোৱে মোক অগ্ৰাহ্য কৰে, আৰু মোৰ কথাও নলয়, তেওঁৰ সোধ-বিচাৰ কৰোঁতা আছে; অৰ্থাৎ মই কোৱা বাক্যেই শেষৰ দিনা তেওঁৰ সোধ-বিচাৰ কৰিব। ৪৯ কিয়নো মই নিজৰ পৰা কোৱা নাই; কিন্তু কি কব লাগে, কি বুলিব লাগে, তাক মোক পঠোৱা পিতৃয়ে মোক আদেশ কৰিলে। ৫০ আৰু তেওঁৰ আদেশ যে অনন্ত জীৱন, তাক মই জানো; এই হেতুকে মই যি যি কওঁ, তাকে পিতৃয়ে মোক কোৱাৰ দৰেইহে কওঁ।
অক্টোবৰ ১৫-২১
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | যোহন ১৩-১৪
“তোমালোকক আৰ্হি দেখুৱালোঁ”
(যোহন ১৩:৫) তেতিয়া তেওঁ চৰিয়াত পানী বাকি, শিষ্যবিলাকৰ ভৰি ধুৱাই, কঁকালত বান্ধি লোৱা গামোচাৰে মচিব ধৰিলে।
যোহ ১৩:৫ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা
শিষ্যবিলাকৰ ভৰি ধুৱাই: প্ৰাচীন ইস্ৰায়েলত বেছিভাগ লোকে চেণ্ডেল পিন্ধিছিল। চেণ্ডেলৰ তলৰ অংশ কেৱল ভৰিৰ তলুৱা আৰু গাঁঠিত বন্ধা হৈছিল। সেইবাবে, যেতিয়া কোনো এজন ব্যক্তিয়ে ধূলিৰে ভৰা ৰাস্তাইদি খোজকাঢ়ি যায়, তেতিয়া তেওঁলোকৰ ভৰি লেতেৰা হৈ পৰে। গতিকে, লোকসকলৰ ঘৰৰ ভিতৰত সোমোৱাৰ আগতে চেণ্ডেলযোৰ খুলি থোৱাৰ প্ৰথা আছিল আৰু এজন অতিথিপৰায়ণ গৃহস্থই নিশ্চিত কৰিব যে আলহীৰ ভৰি ধোৱা হৈছে, নে নাই। এই প্ৰথাৰ বিষয়ে বাইবেলত বহুবাৰ উল্লেখ কৰা হৈছে। (আদি ১৮:৪, ৫; ২৪:৩২; ১চমূ ২৫:৪১; লূক ৭:৩৭, ৩৮, ৪৪) যীচুৱে এইদৰে নিজৰ শিষ্যসকলৰ ভৰি ধুই তেওঁলোকক শিক্ষা দিছিল যে তেওঁলোকে নম্ৰ হোৱা উচিত আৰু এজনে-আনজনক সেৱা কৰা উচিত।
(যোহন ১৩:১২-১৪) তেওঁ তেওঁলোকৰ ভৰি ধুৱাই এঁটাই, নিজৰ কাপোৰ লৈ আকৌ বহি, তেওঁলোকক কলে, মই তোমালোকক কি কৰিলোঁ, তাক জানিছা নে? তোমালোকে মোক গুৰু আৰু প্ৰভু বোলা; তাকে ভাল বুলিছা; কিয়নো মই সেয়েই হওঁ। এতেকে, প্ৰভু আৰু গুৰু যি মই, মই যদি তোমালোকৰ ভৰি ধুৱালোঁ, তেন্তে তোমালোকেও ইজনে সিজনৰ ভৰি ধুউৱা উচিত।
যোহ ১৩:১২-১৪ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা
উচিত: বা “এয়া তোমাৰ কৰ্তব্য।” ইয়াত ব্যৱহাৰ হোৱা গ্ৰীক শব্দটোৱে প্ৰায়ে টকা-পইচাৰ ক্ষেত্ৰত ব্যৱহাৰ হয়। ইয়াৰ মূল অৰ্থ হৈছে, “কাৰোবাৰ ধৰুৱা হোৱা।” (মথি ১৮:২৮, ৩০, ৩৪; লূক ১৬:৫, ৭) এই পদত আৰু আন আন প্ৰশংগত, এই শব্দটোৱে এজন ব্যক্তিৰ নিজৰ কৰ্তব্যৰ বিষয়ে বুজাবলৈ ব্যৱহাৰ কৰা হৈছে।—১যোহ ৩:১৬; ৪:১১; ৩যোহ ৮.
(যোহন ১৩:১৫) কিয়নো মই তোমালোকলৈ যি দৰে কৰিলোঁ, তোমালোকেও যেন সেই দৰে কৰা, এই কাৰণে তোমালোকক আৰ্হি দেখুৱালোঁ।
w৯৯ ৩/১ ৩১ ¶১
আটাইতকৈ মহান ব্যক্তিজনে এক নম্ৰতাৰ কাৰ্য্য কৰে
নিজৰ শিষ্যসকলৰ ভৰি ধোৱাৰ যোগেদি যীচুৱে নম্ৰতাৰ এক উত্তম শিক্ষা দিয়ে। গতিকে, সত্য খ্ৰীষ্টানসকলে ভবা উচিত নহয় যে তেওঁলোক বৰ গুৰুত্বপূৰ্ণ ব্যক্তি আৰু আনে সদায় তেওঁলোকক সেৱা কৰা উচিত। সত্য খ্ৰীষ্টানসকলে কেতিয়াও সুখ্যাতি আৰু যশস্যা পাবলৈ চেষ্টা কৰা উচিত নহয়। তাৰ পৰিৱৰ্তে, তেওঁলোকে যীচুৰ আৰ্হি অনুকৰণ কৰা উচিত। যীচুৱে “সেৱা-শুশ্ৰূষা পাবলৈ নহয়, সেৱা-শুশ্ৰূষা কৰিবলৈ, আৰু অনেকৰ মুক্তিৰ মূল্যৰ অৰ্থে নিজৰ প্ৰাণ দিবলৈহে” আহিছিল। (মথি ২০:২৬) সেইবাবে, যীচুৰ অনুকাৰীসকলে এজনে-আনজনৰ বাবে নম্ৰতাৰে সৰু-বৰ সকলো কাম কৰিবলৈ সাজু থকা উচিত।
আধ্যাত্মিক ৰত্ন বিচাৰক
(যোহন ১৪:৬) যীচুৱে তেওঁক কলে, ময়েই বাট আৰু সত্য আৰু জীৱন; মোৰ যোগেদি নগলে, পিতৃৰ ওচৰলৈ কোনো নাযায়।
যোহ ১৪:৬ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা
ময়েই বাট আৰু সত্য আৰু জীৱন: যীচুৱেই হৈছে বাট। কেৱল তেওঁৰ যোগেদিহে প্ৰাৰ্থনা কৰি আমি ঈশ্বৰৰ কাষ চাপিব পাৰোঁ। ইয়াৰ উপৰিও, যীচুৱেই মানৱজাতি আৰু ঈশ্বৰৰ মাজত পুনৰ মিল কৰাৰ বাবে তেওঁক বাট বুলি কোৱা হৈছে। (যোহ ১৬:২৩; ৰোম ৫:৮) যীচুৱেই হৈছে সত্য। কিয়নো তেওঁ সত্যৰ বিষয়ে শিকাইছিল আৰু সেই অনুসৰি জীৱন অতিবাহিত কৰিছিল। ইয়াৰ উপৰিও, ঈশ্বৰৰ উদ্দেশ্য পূৰ কৰাৰ বাবে যীচুৱে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি কৰা ভৱিষ্যতবাণীবোৰ তেওঁৰ ওপৰত পূৰ হৈছিল। (যোহ ১:১৪; প্ৰকা ১৯:১০) এই সকলো ভৱিষ্যতবাণী “তেওঁতেই আছে,” অৰ্থাৎ তেওঁৰ দ্বাৰাই পূৰ হৈছে। (২কৰি ১:২০) যীচুৱেই হৈছে জীৱন। কাৰণ তেওঁৰ মুক্তিপণস্বৰূপ বলিদানৰ যোগেদি মানৱজাতিয়ে “প্ৰকৃত জীৱন” অৰ্থাৎ “অনন্ত জীৱন” লাভ কৰিবলৈ সম্ভৱ হৈছে। (১তীম ৬:১২, ১৯; ইফি ১:৭; ১যোহ ১:৭) প্ৰমোদবনত অনন্ত জীৱন জীয়াই থকাৰ আশাৰে পুনৰুত্থান হʼবলগীয়া লাখ লাখ লোকৰ বাবে যীচু “জীৱন” হʼব।—যোহ ৫:২৮, ২৯.
(যোহন ১৪:১২) মই তোমালোকক অতি স্বৰূপকৈ কওঁ, মই যি যি কাৰ্য্য কৰোঁ, মোত বিশ্বাস কৰা জনেও তেনেকুৱা কাৰ্য্য কৰিব; আৰু তাতকৈয়ো মহৎ মহৎ কাৰ্য্য কৰিব; কিয়নো মই পিতৃৰ ওচৰলৈ যাওঁ।
যোহ ১৪:১২ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা
তাতকৈয়ো মহৎ মহৎ কাৰ্য্য: যীচুৱে কোৱাৰ অৰ্থ এয়া নাছিল যে শিষ্যসকলে তেওঁতকৈ ডাঙৰ ডাঙৰ আচৰিত কৰ্ম্ম কৰিব। ইয়াৰ পৰিৱৰ্তে তেওঁ নম্ৰতাৰে স্বীকাৰ কৰিছিল যে তেওঁৰ শিষ্যসকলে বহুলভাৱে ঘোষণা কাৰ্য্য আৰু শিক্ষা দিয়া কাৰ্য্য কৰিব। শিষ্যসকলে বহুতো এলেকাত প্ৰচাৰ কৰিব, বহুতো লোকক ঘোষণা কৰিব আৰু যীচুতকৈ বেছি সময় ঘোষণা কাৰ্য্যত ভাগ লʼব। যীচুৰ বাক্যৰপৰা স্পষ্টৰূপে বুজিব পাৰি যে শিষ্যসকলে তেওঁ দিয়া কাৰ্য্য কৰি থকাটো বিচাৰিছিল।
বাইবেল পাঠ
(যোহন ১৩:১-১৭) নিস্তাৰ-পৰ্ব্বৰ আগেয়ে, যীচুৱে, এই জগতৰ পৰা পিতৃৰ তʼলৈ তেওঁৰ যাবৰ সময় আহিল বুলি জানি, জগতত থকা নিজৰ যিবিলাকক প্ৰেম কৰিছিল, তেওঁবিলাকক শেষলৈকে প্ৰেম কৰিলে। ২ পিতৃয়ে যে তেওঁৰ হাতত সকলোকে শোধাই দিলে, আৰু নিজে যে ঈশ্বৰৰ পৰা আহিছিল, আৰু ঈশ্বৰৰ ওচৰলৈ যাব, এই সকলোকে জানি, ৩ তেওঁক শত্ৰুৰ হাতত শোধাই দিবলৈ, চিমোনৰ পুতেক ঈষ্কৰিয়োতীয়া যিহূদাৰ মনত চয়তানে কুবুদ্ধি সুমুৱাই দিয়াৰ পাছত, ৪ তেওঁলোকে ৰাতি ভোজন কৰা সময়ত, তেওঁ ভোজনৰ পৰা উঠি, গাৰ কাপোৰ থৈ এখন গামোচা লৈ, নিজৰ কঁকাল বান্ধিলে। ৫ তেতিয়া তেওঁ চৰিয়াত পানী বাকি, শিষ্যবিলাকৰ ভৰি ধুৱাই, কঁকালত বান্ধি লোৱা গামোচাৰে মচিব ধৰিলে। ৬ তাতে তেওঁ চিমোন পিতৰৰ ওচৰলৈ আহিলত, পিতেৰ তেওঁক কলে, হে প্ৰভু, আপুনি মোৰ ভৰি ধুৱাব নে? ৭ যীচুৱে উত্তৰ দি তেওঁক কলে, মই যি কৰিছোঁ, তাক তুমি এতিয়া নাজানা; কিন্তু ইয়াৰ পাছত জানিবা। ৮ তাতে পিতৰে তেওঁক কলে, আপুনি মোৰ ভৰি কেতিয়াও নুধুৱাব। যীচুৱে উত্তৰ দিলে, যদি তোমাক নুধুৱাওঁ, তেন্তে মোৰে সৈতে তোমাৰ একো ভাগ নাই। ৯ চিমোন পিতৰে তেওঁক কলে, হে প্ৰভু, মোৰ অকল ভৰি নহয়, হাতো মূৰো ধুৱাওক। ১০ যীচুৱে তেওঁক কলে, গা ধোৱা লোকৰ ভৰিৰ বিনে, আন একো ধুবৰ প্ৰয়োজন নাই; তেওঁ গোটেইটো শুচি আছেই। ১১ আৰু তোমালোক শুচি আছা; কিন্তু সকলো নহয়। কিয়নো যি জনে তেওঁক শোধাই দিব, তেওঁক তেওঁ জানিছিল; এই হেতুকে তেওঁ কলে, তোমালোক সকলো যে শুচি, এনে নহয়। ১২ তেওঁ তেওঁলোকৰ ভৰি ধুৱাই এঁটাই, নিজৰ কাপোৰ লৈ আকৌ বহি, তেওঁলোকক কলে, মই তোমালোকক কি কৰিলোঁ, তাক জানিছা নে? ১৩ তোমালোকে মোক গুৰু আৰু প্ৰভু বোলা; তাকে ভাল বুলিছা; কিয়নো মই সেয়েই হওঁ। ১৪ এতেকে, প্ৰভু আৰু গুৰু যি মই, মই যদি তোমালোকৰ ভৰি ধুৱালোঁ, তেন্তে তোমালোকেও ইজনে সিজনৰ ভৰি ধুউৱা উচিত। ১৫ কিয়নো মই তোমালোকলৈ যি দৰে কৰিলোঁ, তোমালোকেও যেন সেই দৰে কৰা, এই কাৰণে তোমালোকক আৰ্হি দেখুৱালোঁ। ১৬ মই তোমালোকক অতি স্বৰূপকৈ কওঁ, প্ৰভুতকৈ দাস বৰ নহয়, আৰু পঠোৱা জনতকৈ পাঁচনি বৰ নহয়। ১৭ এইবোৰ জানি যদি পালন কৰা, তেন্তে তোমালোক ধন্য।
অক্টোবৰ ২২-২৮
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | যোহন ১৫-১৭
“তোমালোক জগতৰ নোহোৱা”
(যোহন ১৫:১৯) তোমালোক জগতৰ হোৱা হলে, জগতে আপোন লোকক ভাল পালেহেঁতেন; কিন্তু তোমালোক জগতৰ নোহোৱা, মই তোমালোকক জগতৰ মাজৰ পৰা মনোনীত কৰিলোঁ, এই কাৰণে জগতে তোমালোকক ঘিণায়।
যোহ ১৫:১৯ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা
জগত: এই প্ৰশংগত গ্ৰীক শব্দ কচমচৰ অনুবাদ জগত কৰা হৈছে। ওচৰে-পাঁজৰে থকা পদবোৰে দেখুৱায় যে জগত শব্দটোৱে এনে লোকসকলক চিত্ৰিত কৰে, যিসকলে ঈশ্বৰৰ লোকসকলৰপৰা পৃথক বা এনে অধাৰ্ম্মিক লোকসকলৰ সমাজ, যিসকল ঈশ্বৰৰপৰা পৃথক। যীচুৰ অনুকাৰীসকল এই জগতৰ নহয় বা জগতৰ লগত কোনো সম্পৰ্ক নাই বুলি শুভবাৰ্ত্তা কিতাপৰ লেখকসকলৰ ভিতৰত কেৱল যোহনেই যীচুৰ এই বাক্য উল্লেখ কৰিছে। যীচুৱে নিজৰ বিশ্বাসী পাঁচনিসকলৰ লগত কৰা শেষৰ প্ৰাৰ্থনাত, এই একেই শব্দ দুবাৰকৈ ব্যৱহাৰ কৰিছে।—যোহ ১৭:১৪, ১৬.
(যোহন ১৫:২১) কিন্তু যি জনাই মোক পঠালে, তেওঁক তেওঁবিলাকে নজনাৰ কাৰণে, মোৰ নামৰ নিমিত্তে তোমালোকলৈ এই সকলোকে কৰিব।
যোহ ১৫:২১ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা
মোৰ নামৰ নিমিত্তে: বাইবেলত, “নাম” শব্দটোৱে কোনো ব্যক্তিৰ পৰিচয়, তেওঁৰ সুনাম আৰু লগতে তেওঁ প্ৰতিনিধিত্ব কৰা স্থান বা পদক চিত্ৰিত কৰে। (মথি ৬:৯ পদৰ ওপৰত অধ্যয়নৰ টোকা চাওক।) এই ক্ষেত্ৰত, যীচুৰ নামে তেওঁৰ পিতৃৰপৰা পোৱা অধিকাৰ আৰু পদক চিত্ৰিত কৰে। (মথি ২৮:১৮; ফিলি ২:৯, ১০; ইব্ৰী ১:৩, ৪) যীচুৱে ইয়াত বৰ্ণনা কৰিছে যে লোকসকলে তেওঁৰ শিষ্যসকলৰ বিৰুদ্ধে কিয় কিছুমান কাৰ্য্য কৰিব। কিয়নো তেওঁলোকক কোনে পঠাইছে, তাক তেওঁলোকে নাজানে। ঈশ্বৰৰ বিষয়ে জানিলে, তেওঁলোকে বুজিব পাৰিব যে যীচুৰ নামে কিহক চিত্ৰিত কৰে। (পাঁচ ৪:১২) ইয়াত জড়িত আছে, এই কথাৰ ওপৰত বিশ্বাস কৰা যে ঈশ্বৰে যীচুক ৰজা হিচাপে নিযুক্ত কৰিছে, তেওঁ ৰজাৰো ৰজা হয় আৰু জীৱন লাভ কৰিবলৈ তেওঁৰ অধীনত থকা উচিত।—যোহ ১৭:৩; প্ৰকা ১৯:১১-১৬; গীত ২:৭-১২ পদৰ লগত তুলনা কৰক।
(যোহন ১৬:৩৩) তোমালোকে মোত যেন শান্তি পোৱা, এই কাৰণে এইবোৰ কথা তোমালোকক কলোঁ। জগতত তোমালোকৰ ক্লেশ আছে; কিন্তু নিৰ্ভয় হোৱা; ময়েই জগতক জয় কৰিলোঁ।
it-১ ৫১৬
সাহস
জগতৰ লোকসকলৰ চিন্তা-ধাৰা আৰু কাৰ্য্যবোৰৰপৰা আঁতৰি থাকিবলৈ এজন খ্ৰীষ্টানক সাহসী হোৱাৰ প্ৰয়োজন। কিয়নো এই জগতে যিহোৱা ঈশ্বৰৰ বিৰুদ্ধে কাৰ্য্য কৰে। সাহসৰ বাবে এজন খ্ৰীষ্টানে জগতৰ ঘৃণাৰ পাত্ৰ হোৱাৰ সত্ত্বেও যিহোৱা ঈশ্বৰৰ বিশ্বাসী হৈ থাকিব পাৰে। যীচুৱে নিজৰ শিষ্যসকলক এইদৰে কৈছিল: “জগতত তোমালোকৰ ক্লেশ আছে; কিন্তু নিৰ্ভয় হোৱা; ময়েই জগতক জয় কৰিলোঁ।” (যোহ ১৬:৩৩) ঈশ্বৰৰ পুত্ৰই কেতিয়াও জগতৰ প্ৰভাৱত পৰা নাছিল। তেওঁ কোনো বিষয়তে জগতৰ দৰে নহৈ, জগতক জয় কৰিবলৈ সক্ষম হৈছিল। জগতক জয় কৰা আৰু উচিত আচৰণ বজাই ৰখাৰ ক্ষেত্ৰত যীচুৱে এক উত্তম উদাহৰণ ৰাখিছে। যীচুৰ উদাহৰণ অনুকৰণ কৰিলে এজন খ্ৰীষ্টানে জগতৰপৰা পৃথকে থাকিবলৈ সাহস লাভ কৰিব আৰু নিজকে শুচি কৰি ৰাখিবলৈ সক্ষম হʼব।—যোহ ১৭:১৬.
আধ্যাত্মিক ৰত্ন বিচাৰক
(যোহন ১৭:২১-২৩) যেন তেওঁবিলাক সকলো এক হয়; হে পিতৃ, তুমি যে মোক পঠালা, ইয়াক জগতে বিশ্বাস কৰিবলৈ, তুমি যেনেকৈ মোত, আৰু মই যেনেকৈ তোমাত, তেওঁবিলাকো তেনেকৈ যেন আমাত হয়। ২২ আৰু, তুমি যে মোক পঠালা, আৰু মোক যেনেকৈ প্ৰেম কৰিলা, তেওঁবিলাককো যে তেনেকৈ প্ৰেম কৰিলা, ইয়াকে জগতে জানিবলৈ, আমি যেনেকৈ এক, তেওঁবিলাকো তেনেকৈ যেন এক হয়, ২৩ মই তেওঁবিলাকত, আৰু তুমি মোত থকাত, তেওঁবিলাক যেন সম্পূৰ্ণকৈ এক হয়, এই নিমিত্তে, তুমি মোক যি মহিমা দিলা, সেই মহিমা ময়ো তেওঁবিলাকক দিলোঁ।
যোহ ১৭:২১-২৩ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা
এক: বা “একতা।” বিশ্বাসী অনুকাৰীসকল যাতে “এক” হয়, তাৰ বাবে যীচুৱে প্ৰাৰ্থনা কৰিছিল। যীচু আৰু তেওঁৰ পিতৃ যেনেকৈ “এক” হয়, ঠিক সেইদৰে তেওঁৰ অনুকাৰীসকলেও এক উদ্দেশ্য লৈ একতাৰে কাম কৰা উচিত আৰু তেওঁলোকে একেধৰণৰ চিন্তা-ধাৰা ৰখা উচিত। (যোহ ১৭:২২) ১কৰি ৩:৬-৯ পদত পৌলে বৰ্ণনা কৰিছে যে এজনে-আনজনৰ লগত আৰু ঈশ্বৰৰ লগত একেলগে কাৰ্য্য কৰি, সত্য খ্ৰীষ্টানসকলে এনেধৰণৰ একতা দেখুৱায়।—যোহ ১০:৩০; ১৭:১১ পদৰ ওপৰত অধ্যয়নৰ টোকা আৰু ১কৰি ৩:৮ চাওক।
সম্পূৰ্ণকৈ এক হয়: বা “সম্পূৰ্ণৰূপে একতা হওক।” পিতৃৰ প্ৰেম লাভ কৰা আৰু একতাৰে বাস কৰাৰ মাজত সম্বন্ধ থকাৰ বিষয়ে যীচুৱে এই পদত উল্লেখ কৰিছে। এই বিষয়টো কল ৩:১৩, ১৪ পদৰ লগত মিল আছে। ইয়াত এইদৰে লিখা আছে, ‘প্ৰেম সৰ্ব্বসিদ্ধিৰ বান্ধনি।’ ইয়াৰ অৰ্থ এয়া নহয় যে যীচুৰ প্ৰতিজন শিষ্যৰ ব্যক্তিত্ব, সামৰ্থ, অভ্যাস আৰু বিবেক একেদৰে হʼব। ইয়াৰ পৰিৱৰ্তে তেওঁলোকে একতাৰে কাৰ্য্য কৰে, একেধৰণৰ বিশ্বাস ৰাখে আৰু একেধৰণৰ শিক্ষা দিয়ে।—ৰোম ১৫:৫, ৬; ১কৰি ১:১০; ইফি ৪:৩; ফিলি ১:২৭.
(যোহন ১৭:২৪) হে পিতৃ, জগত স্থাপন কৰাৰ আগেয়ে, তুমি মোক প্ৰেম কৰাৰ কাৰণে যি মহিমা মোক দিলা, মোৰ সেই মহিমা, তুমি মোক দিয়া মানুহবিলাকে দেখা পাবলৈ, মই থকা ঠাইত, মোৰ লগত তেওঁবিলাক যেন থাকে, এই মোৰ বাঞ্ছা।
যোহ ১৭:২৪ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা
জগত স্থাপন: “স্থাপনৰ” বাবে যি গ্ৰীক শব্দ অনুবাদ কৰা হৈছে সেই শব্দটো ইব্ৰী ১১:১১ পদত “বংশ-উৎপাদন” বুলি উল্লেখ কৰা হৈছে। ইয়াত ‘জগত স্থাপনৰ’ অৰ্থ হয়তো সেইসময়ক বুজাইছে, যেতিয়া আদম আৰু হৱাৰ সন্তান জন্ম হৈছিল। যীচুৱে ‘জগত স্থাপনৰ’ বিষয়ে কোৱাৰ সময়ত হেবলৰ নাম উল্লেখ কৰিছিল। কিয়নো তেৱেঁই হয়তো এনে এজন ব্যক্তি আছিল, যাৰ উদ্ধাৰৰ বাবে আশা আছিল আৰু “জগত স্থাপনৰে পৰা জীৱন-পুস্তকত” তেওঁৰ নাম প্ৰথমে লিখা হৈছিল। (লূক ১১:৫০, ৫১; প্ৰকা ১৭:৮) যীচুৰ প্ৰাৰ্থনাৰপৰাও বুজিব পাৰি যে আদম আৰু হৱাৰ সন্তান জন্ম হোৱাৰ বহু বছৰৰ আগৰেপৰাই ঈশ্বৰে নিজৰ একমাত্ৰ পুত্ৰক প্ৰেম কৰিছিল।
বাইবেল পাঠ
(যোহন ১৭:১-১৪) যীচুৱে এইবোৰ কথা কৈ, স্বৰ্গলৈ চকু তুলি কলে, হে পিতৃ, সময় আহিল; ২ তুমি পুত্ৰক যি সকলো দিলা, সেই সকলোকে পুত্ৰই অনন্ত জীৱন দিবলৈ, তুমি মৰ্ত্ত্যমাত্ৰৰেই ওপৰত তেওঁক যেনেকৈ ক্ষমতা দিলা, পুত্ৰই তোমাক মহিমান্বিত কৰিবলৈ, তেওঁক তেনেকৈ মহিমান্বিত কৰা। ৩ আৰু একমাত্ৰ সত্য ঈশ্বৰ যি তুমি, তোমাক আৰু তুমি পঠোৱা যীচু খ্ৰীষ্টক জনা, এয়েই অনন্ত জীৱন। ৪ তুমি মোক যি কৰ্ম্ম কৰিবলৈ দিছিলা, মই তাক সিদ্ধ কৰি, পৃথিবীত তোমাক মহিমান্বিত কৰিলোঁ। ৫ হে পিতৃ, জগত হোৱাৰ আগেয়ে, তোমাৰে সৈতে থাকোঁতে, মোৰ যি মহিমা আছিল, সেই মহিমাৰে, এতিয়া তোমাৰেই সৈতে মোক মহিমান্বিত কৰা। ৬ তুমি এই জগতৰ মাজৰ পৰা যিবিলাক মানুহক মোক দিলা, সেইবিলাকৰ আগত মই তোমাৰ নাম প্ৰকাশ কৰিলোঁ; তেওঁবিলাক তোমাৰেই আছিল, তুমি তেওঁবিলাকক মোক দিলা; আৰু তেওঁবিলাকে তোমাৰ বাক্য পালন কৰিলে। ৭ আৰু তুমি মোক যি যি দিছিলা, সেই সকলোৱেই যে তোমাৰ পৰা হয়, তেওঁবিলাকে তাক এতিয়া জানিছে; ৮ কিয়নো তুমি যি যি বচন মোক দিলা, সেই সেই বচন মই তেওঁবিলাকক দিলোঁ; আৰু তেওঁবিলাকে সেই সকলোকে গ্ৰহণো কৰিলে, আৰু মই যে তোমাৰ পৰা আহিলোঁ, ইয়াকো তেওঁবিলাকে নিশ্চয়কৈ জানিলে, আৰু তুমি যে মোক পঠালা, তাকো বিশ্বাস কৰিলে। ৯ মই তেওঁবিলাকৰ নিমিত্তে নিবেদন কৰিছো; জগতৰ নিমিত্তে নিবেদন কৰিছোঁ, এনে নহয়, কিন্তু যিবিলাকক মোক দিলা, তেওঁবিলাকৰ নিমিত্তেহে কৰিছোঁ; ১০ কিয়নো তেওঁবিলাক তোমাৰেই; আৰু যি যি মোৰ, সেই সকলোৱেই তোমাৰ; আৰু যি যি তোমাৰ, সেই সকলোৱেই মোৰ; আৰু মই তেওঁবিলাকত মহিমান্বিত হৈছো। ১১ মই এই জগতত আৰু নাথাকোঁ; এওঁবিলাক হলে এই জগতত থাকিল, আৰু মই তোমাৰ ওচৰলৈ যাওঁ। হে পবিত্ৰ পিতৃ, আমি যেনেকৈ এক হৈ আছোঁ, তেওঁবিলাকো তেনেকৈ যেন এক হব, এই নিমিত্তে, তুমি যি নাম মোক দিলা, তোমাৰ সেই নামত তেওঁবিলাকক ৰাখা। ১২ মই তেওঁবিলাকৰ লগত থকা কালত, তুমি যি নাম মোক দিলা, তোমাৰ সেই নামত মই তেওঁবিলাকক ৰাখিলোঁ; আৰু তেওঁবিলাকক পহৰা দিলোঁ; তাতে তেওঁবিলাকৰ এজনো বিনষ্ট নহল, শাস্ত্ৰীয় বচন সিদ্ধ হবলৈ, অকল বিনাশৰ পুত্ৰহে বিনষ্ট হল। ১৩ কিন্তু এতিয়া মই তোমাৰ ওচৰলৈ যাওঁ; আৰু মোৰ আনন্দ যেন তেওঁবিলাকত সিদ্ধ হয়, এই কাৰণে জগতত থাকোঁতেই এইবোৰ কথা কৈছোঁ। ১৪ মই তোমাৰ বাক্য তেওঁবিলাকক দিলোঁ; আৰু মই যেনেকৈ জগতৰ নহওঁ, তেওঁবিলাকো তেনেকৈ জগতৰ নোহোৱাত, জগতে তেওঁবিলাকক ঘিণালে।
অক্টোবৰ ২৯–নবেম্বৰ ৪
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | যোহন ১৮-১৯
“যীচুৱে সত্যৰ বিষয়ে সাক্ষ্য দিছিল”
(যোহন ১৮:৩৬) যীচুৱে উত্তৰ দিলে, মোৰ ৰাজ্য এই জগতৰ নহয়; মোৰ ৰাজ্য এই জগতৰ হোৱা হলে যিহূদীবিলাকৰ হাতত যাতে মোক শোধাই দিব নোৱাৰে, তাৰ নিমিত্তে মোৰ সেৱকবিলাকে প্ৰাণপণে যুদ্ধ কৰিলেহেঁতেন; কিন্তু এতিয়া মোৰ ৰাজ্য ইয়াৰ নহয়।
(যোহন ১৮:৩৭) তাতে পীলাতে তেওঁক কলে, তেন্তে তুমি ৰজা নে? যীচুৱে উত্তৰ দিলে, মই যে ৰজা হওঁ, ইয়াক তুমিয়েই কৈছা। সত্যতাৰ পক্ষে সাক্ষ্য দিবলৈ মই জন্ম ধৰি এই জগতলৈ আহিলোঁ।
যোহ ১৮:৩৭ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা
সাক্ষ্য দিবলৈ: গ্ৰীক শাস্ত্ৰপদত যি গ্ৰীক শব্দৰ (মাৰ্টিৰিঅ’) অনুবাদ “সাক্ষ্য দিবলৈ” আৰু (মাৰ্টিয়া; মাৰ্টিচ) শব্দৰ অনুবাদ “সাক্ষী” কৰা হৈছে, তাৰ হয়তো বহুতো অৰ্থ হʼব পাৰে। দুয়োটা শব্দৰ মূল অৰ্থ হৈছে চকুৰে দেখা বিষয়বোৰ তুলি ধৰা বা সাক্ষ্য দিয়া। কিন্তু এই শব্দৰ অৰ্থ “ঘোষণা কৰা; নিশ্চিত কৰা; কাৰোবাক প্ৰশংসা কৰাও” হʼব পাৰে। যি সত্যৰ ওপৰত যীচুৰ দৃঢ় বিশ্বাস আছিল, সেইবোৰ তেওঁ সাক্ষ্য দিছিল আৰু ঘোষণা কৰিছিল। ইয়াৰ লগতে তেওঁ এনে জীৱন অতিবাহিত কৰিছিল, যাৰ দ্বাৰা তেওঁৰ পিতৃৰ ভৱিষ্যতবাণী আৰু প্ৰতিজ্ঞাবোৰ সত্য বুলি প্ৰমাণিত হৈছিল। (২কৰি ১:২০) ঈশ্বৰৰ ৰাজ্য আৰু ইয়াৰ ৰজাৰ বিষয়ে, ঈশ্বৰে কি উদ্দেশ্য ৰাখিছে, তাৰ বিষয়ে স্পষ্টৰূপে ভৱিষ্যতবাণী কৰা হৈছিল। পৃথিৱীত যীচুৰ জীৱন-প্ৰণালী, তেওঁ আগবঢ়োৱা বলিদান, তেওঁৰ ওপৰত কৰা ভৱিষ্যতবাণী, নিয়ম চুক্তিত বৰ্ণনা কৰা ছাঁয়া অথবা নমুনা আদি সকলো বিষয় যীচুৰ ওপৰত পূৰ হৈছিল। (কল ২:১৬, ১৭; ইব্ৰী ১০:১) গতিকে, আমি কʼব পাৰোঁ যে যীচুৱে বাক্য আৰু কাৰ্য্যৰে “সত্যতাৰ পক্ষে সাক্ষ্য” দিছিল।
সত্যতা: যীচুৱে ইয়াত সাধাৰণ সত্যতাৰ বিষয়ে কোৱা নাছিল, কিন্তু তেওঁ ঈশ্বৰৰ উদ্দেশ্যৰ বিষয়ে সত্যতা বৰ্ণনা কৰিছিল। ঈশ্বৰৰ উদ্দেশ্যৰ এক মূল বিষয় হৈছে যে ‘দায়ূদৰ সন্তান’ যীচুৱে এজন মহাপুৰোহিত আৰু ঈশ্বৰৰ ৰাজ্যৰ ৰজা হিচাপে সেৱা কৰিব। (মথি ১:১) যীচুৱে উল্লেখ কৰিছিল যে এই জগতলৈ অহা, ইয়াত জীৱন-যাপন কৰা আৰু পৰিচৰ্য্যা কৰাৰ এক মূল উদ্দেশ্য হৈছে, ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে ঘোষণা কৰা। দায়ূদে জন্ম হোৱা যিহূদাৰ বৈৎলেহমত, যীচুৰ জন্মৰ সময়ত আৰু ইয়াৰ আগতেও স্বৰ্গদূতসকলে একেধৰণৰ বাৰ্ত্তা ঘোষণা কৰিছিল।—লূক ১:৩২, ৩৩; ২:১০-১৪.
(যোহন ১৮:৩৮) সত্যতাৰ ফলীয়া সকলোৱে মোৰ কথা শুনে। পীলাতে তেওঁক কলে, সত্যতা নো কি?
যোহ ১৮:৩৮ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা
সত্যতা নো কি?: পীলাতে কৰা প্ৰশ্নই যীচুৱে অলপতে বৰ্ণনা কৰা ‘সত্যতাক’ বুজোৱা নাছিল। কিন্তু ইয়ে হয়তো সাধাৰণ সত্যতাক বুজাইছিল। (যোহ ১৮:৩৭) পীলাতে যদি সঁচাকৈ সত্যৰ বিষয়ে জানিব বিচৰিলেহেঁতেন, তেনেহʼলে যীচুৱে নিশ্চয় উত্তৰ দিলেহেঁতেন। কিন্তু পীলাতে হয়তো উত্তৰ পাবলৈ নহয়, কিন্তু ঠাট্টা কৰি কৈছিল। তেওঁ যেন এনেকৈ কৈছিল, “সত্যতা? সত্যতা নো কি? এনেধৰণৰ একো বিষয় নাই!” আনকি, পীলাতে উত্তৰৰ বাবে অপেক্ষা নকৰি, বাহিৰত ৰৈ থকা যিহূদীসকলৰ কাষলৈ যায়।
আধ্যাত্মিক ৰত্ন বিচাৰক
(যোহন ১৯:৩০) তাতে যীচুৱে সেই চিৰ্কা পাই কলে, সিদ্ধ হল; আৰু তেওঁ মূৰ দোঁৱাই, আত্মা অৰ্পণ কৰিলে।
যোহ ১৯:৩০ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা
আত্মা অৰ্পণ কৰিলে: বা “তেওঁৰ মৃত্যু হʼল; তেওঁ উশাহ লʼবলৈ বন্ধ কৰিলে।” কিছুমান লোকে কʼব বিচাৰে যে আত্মা “অৰ্পণ কৰিলে” বুলি অনুবাদ কৰা গ্ৰীক শব্দৰ অৰ্থ হৈছে, যীচুৱে জীয়াই থকাৰ বাবে সংঘৰ্ষ কৰিবলৈ স্ব-ইচ্ছাৰে বন্ধ কৰি দিছিল, কিয়নো তেতিয়ালৈকে সকলোবোৰ সিদ্ধ হৈছিল। তেওঁ স্ব-ইচ্ছাৰে “মৃত্যুলৈ নিজ প্ৰাণ ঢালি দিলে।”—যিচ ৫৩:১২; যোহ ১০:১১.
(যোহন ১৯:৩১) সেই দিন আয়োজন-দিন হোৱাত, বিশ্ৰাম-বাৰত দেহ যেন ক্ৰুচৰ ওপৰত নাথাকে, (কিয়নো সেই বিশ্ৰাম-বাৰ বৰ-দিন আছিল,) এই নিমিত্তে তেওঁলোকৰ ভৰি ভাঙি, দেহ গুচাবলৈ যিহূদীবিলাকে পীলাতৰ আগত নিবেদন কৰিলে।
যোহ ১৯:৩১ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা
বিশ্ৰাম-বাৰ বৰ-দিন আছিল: প্ৰতিবছৰে নিস্তাৰ-পৰ্ব্বৰ পাছদিনা অৰ্থাৎ নিচান মাহৰ ১৫ তাৰিখৰ দিনা যিয়েই দিন নহওক কিয়, সেইদিনটো বিশ্ৰাম-বাৰ আছিল। (লেবী ২৩:৫-৭) যদি কোনো এটা বছৰত, এই বিশেষ বিশ্ৰাম-বাৰ, নিয়মিতভাৱে (যিহূদীসকলৰ অনুসৰি সপ্তম দিনটো শুক্ৰবাৰে সূৰ্য্য অস্ত যোৱাৰপৰা শনিবাৰে সূৰ্য্য অস্ত যোৱালৈকে হয়) পালন কৰা বিশ্ৰাম-বাৰত পৰে, তেতিয়া এই দিনটো বৰ বিশ্ৰাম-দিন হিচাপে পালন কৰা হয়। এনেধৰণৰ বিশ্ৰাম-বাৰ যীচুৰ মৃত্যুৰ পাছদিনা অৰ্থাৎ শুক্ৰবাৰে পৰিছিল। ২৯-ৰপৰা ৩৫ খ্ৰীষ্টাব্দৰ ভিতৰত কেৱল ৩৩ খ্ৰীষ্টাব্দত হোৱা এনে বিশ্ৰাম-বাৰ নিচান মাহৰ ১৪ তাৰিখৰ শুক্ৰবাৰৰ দিনা পৰিছিল। গতিকে, ইয়াৰপৰা বুজিব পাৰি যে যীচুৰ মৃত্যু ৩৩ খ্ৰীষ্টাব্দৰ নিচান মাহৰ ১৪ তাৰিখে হৈছিল।
বাইবেল পাঠ
(যোহন ১৮:১-১৪) যীচুৱে এইবোৰ কথা গৈ, কিদ্ৰোণ জুৰিৰ সিপাৰে, যʼত এখন বাৰী আছিল, শিষ্যবিলাকে সৈতে তালৈ ওলাই গল; আৰু সেই বাৰীত তেওঁ আৰু তেওঁৰ শিষ্যবিলাকো সোমাল। ২ শত্ৰুৰ হাতত তেওঁক শোধাই দিয়া যিহূদায়ো সেই ঠাই চিনিছিল; কিয়নো যীচুৱে তেওঁৰ শিষ্যবিলাকক লগত লৈ অনেক বাৰ তালৈ গৈছিল। ৩ তাতে যিহূদাই সৈন্যদল, আৰু প্ৰধান পুৰোহিত আৰু ফৰীচীবিলাকৰ পৰা টেকেলাবোৰক পাই, জোঁৰ, আৰিয়া, আৰু অস্ত্ৰ-শস্ত্ৰ লৈ, সেই ঠাইত উপস্থিত হল। ৪ নিজলৈ যি যি ঘটিব, যীচুৱে সেই সকলোকে জানি, ওলাই গৈ তেওঁবিলাকক সুধিলে, তোমালোকে কাক বিচাৰিছা? ৫ তেওঁবিলাকে উত্তৰ দিলে, নাচৰতীয়া যীচুক। যীচুৱে তেওঁবিলাকক কলে, ময়েই সেই জন। তেওঁক শত্ৰুৰ হাতত শোধাই দিয়া যিহূদাও তেওঁবিলাকে সৈতে থিয় হৈ আছিল। ৬ এতেকে যেতিয়া তেওঁ তেওঁবিলাকক কলে, ময়েই সেই জন, তেতিয়া তেওঁবিলাক পাছে হুঁহকি মাটিত পৰিল। ৭ তাতে তেওঁ তেওঁবিলাকক আকৌ সুধিলে, তেমালোকে কাক বিছাৰিছা? তেওঁবিলাকে কলে, নাচৰতীয়া যীচুক। ৮ যীচুৱে উত্তৰ দিলে, ময়েই সেই জন বুলি মই তোমালোকক কলোঁ; এতেকে যদি মোক বিচাৰিছা? তেন্তে এওঁবিলাকক যাবলৈ দিয়া। ৯ মোক যিবিলাকক দিলা, তেওঁবিলাকৰ এজনকো মই হেৰুউৱা নাই, এই যি কথা তেওঁ কৈছিল, সেয়ে সিদ্ধ হবলৈ তেওঁ সেই দৰে উত্তৰ দিলে। ১০ তেতিয়া চিমোন পিতৰৰ এখন তৰোৱাল থকাত, তাক ফাকৰ পৰা উলিয়াই, মহা-পুৰোহিতৰ দাসক ঘাপ মাৰি, তাৰ সোঁ কাণখন কাটি পেলালে। সেই দাসৰ নাম মল্ক। ১১ তাতে যীচুৱে পিতৰক কলে, তৰোৱাল ফাকত সুমুৱাই থোৱা; পিতৃয়ে মোক যি পান-পাত্ৰ দিলে, মই তাতে পান নকৰিম নে? ১২ তেতিয়া সৈন্যদল, সেনাপতি, আৰু যিহূদীবিলাকৰ টেকেলাবোৰে যীচুক ধৰি, বান্ধি, ১৩ প্ৰথমতে হাননৰ ওচৰলৈ লৈ গল; কিয়নো তেওঁ সেই বছৰত মহা-পুৰোহিত হোৱা কায়াফাৰ শহুৰেক আছিল। ১৪ যি কায়াফাই যিহূদীবিলাকক এই পৰামৰ্শ দিছিল যে, লোকসকলৰ নিমিত্তে এজন মানুহ মৰাই ভাল, সেই জন এৱেঁই।