ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • bm অংশ ১৭ পৃষ্ঠা ২০
  • যীচুয়ে ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে শিক্ষা দিয়ে

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যীচুয়ে ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে শিক্ষা দিয়ে
  • বাইবেল ইয়াত আপোনাৰ বাবে ভাল খবৰ আছে।
  • মিল থকা বিষয়
  • যীচুৰ পুনৰুত্থান!
    বাইবেল ইয়াত আপোনাৰ বাবে ভাল খবৰ আছে।
  • যীচু খ্ৰীষ্ট কোন হয়?
    বাইবেলে আমাক কি শিকায়?
  • যীচু খ্ৰীষ্ট কোন হয়?
    বাইবেলে প্ৰকৃততে কি শিকায়?
  • ঈশ্বৰৰ ৰাজ্য কি?
    ঈশ্বৰে আমাৰ পৰা কি বিচাৰে
আৰু চাওক
বাইবেল ইয়াত আপোনাৰ বাবে ভাল খবৰ আছে।
bm অংশ ১৭ পৃষ্ঠা ২০
যীচুৱে লোকসকলক শিকাইছ

অধ্যায় ১৭

যীচুয়ে ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে শিক্ষা দিয়ে

যীচুয়ে নিজৰ শিষ্যসকলক বহুতো কথা শিকাইছিল। কিন্তু তেওঁৰ শিক্ষাৰ মুখ্য বিষয় আছিল—ঈশ্বৰৰ ৰাজ্য

যীচু খ্ৰীষ্টই এই পৃথিৱীলৈ অহাৰ উদ্দেশ্য কি আছিল? ইয়াৰ বিষয়ে তেওঁ নিজেই কৈছিল: “মই . . . ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰিব লাগে; কিয়নো সেই নিমিত্তে মোক পঠোৱা হল।” (লূক ৪:৪৩) যীচুয়ে ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে ঘোষণা কৰিছিল আৰু লোকসকলক শিকাইছিল। এই ৰাজ্যৰ সম্বন্ধে যীচুয়ে শিকোৱা চাৰিটা মূল বিষয়লৈ লক্ষ্য কৰক।

১. যীচু খ্ৰীষ্ট এই ৰাজ্যৰ ৰজা হʼব। যীচুয়ে প্ৰকাশ্যভাৱে কৈছিল যে তেওঁ হৈছে প্ৰতিজ্ঞা কৰা মচীহ। (যোহন ৪:২৫, ২৬) তেওঁ ইয়াকো কৈছিল যে দানিয়েল ভৱিষ্যতবক্তাই দৰ্শনত দেখা পোৱা ৰজাজন তেৱেঁই। যীচুয়ে নিজৰ শিষ্যসকলক কৈছিল যে এদিনাখন তেওঁ “প্ৰভাৱৰ সিংহাসনত” বহিব আৰু তেওঁৰ লগত শিষ্যসকলৰো তেওঁৰ দৰে সিংহাসনত বহাৰ সুযোগ থাকিব। (মথি ১৯:২৮) তেওঁৰ লগত শাসন কৰা এই সমূহক “তাকৰ জাকটি” বুলি আখ্যা দিছে। ইয়াৰ উপৰিও তেওঁ আন এক সমূহৰ বিষয়ে উল্লেখ কৰিছে আৰু তেওঁলোকক ‘মেৰ’ অৰ্থাৎ অন্য মেৰবিলাক বুলি কোৱা হয়।—লূক ১২:৩২; যোহন ১০:১৬.

২. ঈশ্বৰৰ ৰাজ্যই ন্যায়েৰে শাসন কৰিব। এদন বাগিচাত চয়তানে ঈশ্বৰৰ শাসনৰ ওপৰত অভিযোগ আনিছিল। যীচুয়ে উনুকিয়াই দিছিল যে ঈশ্বৰৰ ৰাজ্যই এই অভিযোগক মিছা বুলি প্ৰমাণ কৰি তেওঁৰ নাম পূজনীয় অৰ্থাৎ পবিত্ৰ কৰিব। (মথি ৬:৯, ১০) এই পৃথিৱীত থাকোঁতে যীচুয়ে ধনী-দুখীয়া, পুৰুষ আৰু স্ত্ৰী সকলো লোকক যিহোৱাৰ বিষয়ে শিক্ষা দিছিল আৰু ইয়াৰ দ্বাৰা তেওঁ প্ৰমাণ কৰিলে যে তেওঁ পক্ষপাতী নহয়। এইটো সঁচা যে তেওঁৰ মুখ্য উদ্দেশ্য আছিল ইস্ৰায়েলীসকলক ঈশ্বৰৰ বিষয়ে জ্ঞান দিয়া, কিন্তু চমৰীয়া আৰু পৰজাতি লোকসকলকো ঈশ্বৰৰ বিষয়ে জ্ঞান দিবলৈ তেওঁ আগবাঢ়ি আহিছিল। যীচুৰ সময়ৰ ধৰ্ম্মগুৰুসকলে আনৰ লগত ব্যৱহাৰ কৰোঁতে পক্ষপাত দেখুৱাইছিল কিন্তু যীচু তেওঁলোকৰ দৰে নাছিল।

৩. ঈশ্বৰৰ ৰাজ্য এই জগতৰ ভাগ নহʼব। যীচু খ্ৰীষ্ট এই পৃথিৱীত থাকোঁতে তেওঁৰ প্ৰদেশত ৰাজনৈতিক বিপ্লৱে দেখা দিছিল। তেওঁ জন্ম হোৱা ঠাইখন এক বিদেশী শক্তিৰ অধিকাৰত আছিল। সেইবাবে লোকসকলে যীচুক ৰজা পাতিবলৈ চেষ্টা কৰিছিল, কিন্তু যীচুয়ে তেওঁলোকৰ কথাত মান্তি নহʼল আৰু সেই ঠাই ত্যাগ কৰিছিল। (যোহন ৬:১৪, ১৫) তেওঁ এজন ৰাজনীতিবিদক এইদৰে কৈছিল: “মোৰ ৰাজ্য এই জগতৰ নহয়।” (যোহন ১৮:৩৬) যীচুয়ে তেওঁৰ শিষ্যসকলক কৈছিল: “তোমালোক জগতৰ নোহোৱা।” (যোহন ১৫:১৯) কেৱল এয়েই নহয়, তেওঁক ৰক্ষা কৰিবলৈ যীচুয়ে শিষ্যসকলক অস্ত্ৰ-শস্ত্ৰ লʼবলৈ মানা কৰিছিল।—মথি ২৬:৫১, ৫২.

“তেওঁ নগৰে নগৰে গাৱেঁ গাৱেঁ ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা ঘোষণা আৰু প্ৰচাৰ কৰি ফুৰিলে।”—লূক ৮:১

৪. খ্ৰীষ্টৰ শাসন প্ৰেমৰ আধাৰত হʼব। যীচুয়ে প্ৰতিজ্ঞা কৰিছিল যে লোকসকলক তেওঁ জিৰণি দিব আৰু তেওঁলোকৰ ভাৰ সহজ কৰি তুলিব। (মথি ১১:২৮-৩০) তেওঁ কথাৰ দৰে, কামো কৰিছিল। জীৱনৰ বিভিন্ন দিশৰ বিষয়ে যীচুয়ে লোকসকলক ব্যৱহাৰিক পৰামৰ্শ আগবঢ়াইছে। উদাহৰণস্বৰূপে, জীৱনৰ সমস্যাবোৰৰ কেনেকৈ সমাধান কৰিব পাৰি, আনৰ লগত মধুৰ সম্পৰ্ক গঢ়ি তুলিবলৈ কি কৰা উচিত, ধন-সম্পত্তিৰ বিষয়ে কেনে দৃষ্টিভঙ্গী ৰাখিব লাগে আৰু প্ৰকৃত আনন্দ কেনেকৈ বিচাৰি পাব পাৰি, আদি বিষয়বোৰৰ ওপৰত যীচুয়ে শিক্ষা দিছিল। (মথি ৫ পৰা ৭ অধ্যায়) যীচুয়ে প্ৰেম দেখুৱাৰ বাবে বিভিন্ন পৃষ্ঠভূমিৰ লোকসকলে তেওঁৰ ওচৰলৈ আহিছিল। আনকি, জীৱনৰ সমস্যাৰে জৰ্জৰিত হৈ থকা লোকসকলেও যীচুক লগ ধৰিছিল। তেওঁলোকৰ সম্পূৰ্ণ বিশ্বাস আছিল যে যীচুয়ে তেওঁলোকক কৰুণা আৰু আদৰ দেখুৱাব। গতিকে, এই সকলোবোৰৰপৰা আমি কʼব পাৰোঁ যে ভৱিষ্যতে যেতিয়া যীচুয়ে ৰজাৰূপে শাসন কৰিব তেওঁ এজন শ্ৰেষ্ঠ ৰজা হʼব।

যীচুয়ে আন এক প্ৰভাৱশালী কাৰ্য্যৰ যোগেদি লোকসকলক ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে শিকাইছিল। তেওঁ বহুতো অলৌকিক কাৰ্য্য কৰিছিল। যীচুয়ে এনে কৰাৰ কাৰণ কি বাৰু? আহক আমি ইয়াৰ বিষয়ে আলোচনা কৰোঁ।

—এই অংশ মথি, মাৰ্ক, লূক আৰু যোহন কিতাপৰ আধাৰত।

  • যীচুয়ে কেনেকৈ শিকাইছিল যে তেওঁ ঈশ্বৰৰ ৰাজ্যৰ ৰজা হয়?

  • যীচুয়ে কেনেকৈ প্ৰদৰ্শন কৰিলে যে তেওঁ ন্যায়েৰে শাসন কৰিব?

  • যীচুয়ে কেনেকৈ বৰ্ণনা কৰিলে যে তেওঁৰ ৰাজ্য এই জগতৰ নহয়?

  • যীচুয়ে কেনেকৈ প্ৰমাণ কৰিলে যে তেওঁৰ শাসন প্ৰেমৰ আধাৰত হʼব?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক