ফেব্ৰুৱাৰী—জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা
ফেব্ৰুৱাৰী ৪-১০
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | ৰোমীয়া ১-৩
“নিজৰ বিবেকক প্ৰশিক্ষণ দি থাকক”
(ৰোমীয়া ২:১৪, ১৫) কাৰণ যেতিয়া বিধানহীন পৰজাতিবিলাকে স্বভাৱতে বিধানৰ কৰ্ম্ম কৰে, তেতিয়া সেই বিধানহীনবিলাক তেওঁবিলাকৰ বিধান তেওঁবিলাকেই হয়; ১৫ তেওঁবিলাক এনেকুৱা মানুহ যে, তেওঁবিলাকে বিধানৰ কৰ্ম্ম নিজ নিজ হৃদয়ত লিখা থকা দেখুৱাইছে; তেওঁবিলাকৰ বিবেকেও তাৰ সাক্ষ্য দিছে।
আমি আমাৰ বিবেক কেনেকৈ শুদ্ধ ৰাখিম?
৬ এই মূল্যৱান উপহাৰ বিবেক, কেৱল যিহোৱা ঈশ্বৰৰ সেৱকসকলৰহে আছে নেকি? ঈশ্বৰৰ প্ৰেৰণাৰে পাঁচনি পৌলে কি লিখিছিল তালৈ লক্ষ্য কৰক: “যেতিয়া বিধানহীন পৰজাতিবিলাকে স্বভাৱতে বিধানৰ কৰ্ম্ম কৰে, তেতিয়া সেই বিধানহীনবিলাক তেওঁবিলাকৰ বিধান তেওঁবিলাকেই হয়; তেওঁবিলাক এনেকুৱা মানুহ যে, তেওঁবিলাকে বিধানৰ কৰ্ম্ম নিজ নিজ হৃদয়ত লিখা থকা দেখুৱাইছে; তেওঁবিলাকৰ বিবেকেও তাৰ সাক্ষ্য দিছে; আৰু তেওঁবিলাকৰ পৰস্পৰৰ তৰ্ক-বিতৰ্কে, হয় অপবাদ দিয়ে, নহয় দোষ এৰাবলৈ বিচাৰে।” (ৰোমীয়া ২:১৪-১৬) আনকি যিহোৱা ঈশ্বৰৰ নিয়মবোৰৰ বিষয়ে সম্পূৰ্ণ অজ্ঞাত লোকসকলেও সময়ে সময়ে নিজৰ বিবেকৰ কথা শুনি এনে কাৰ্য্য কৰে, যিবোৰ ঈশ্বৰৰ সিদ্ধান্ত অনুসৰি সঠিক হয়।
(ৰোমীয়া ২:১৫) তেওঁবিলাক এনেকুৱা মানুহ যে, তেওঁবিলাকে বিধানৰ কৰ্ম্ম নিজ নিজ হৃদয়ত লিখা থকা দেখুৱাইছে; তেওঁবিলাকৰ বিবেকেও তাৰ সাক্ষ্য দিছে।
আমি আমাৰ বিবেক কেনেকৈ শুদ্ধ ৰাখিম?
৮ যেতিয়া আপোনাক বিবেকৰ আধাৰত নিৰ্ণয় লʼবলগীয়া হয়, তেতিয়া আপুনি কি কৰে? কিছুমান লোকে নিজৰ অনুভূতি বা মনৰ কথা শুনে। তেওঁলোকে নিজকে কয় যে “মোৰ বিবেকৰ অনুসৰি এইটো ভুল নহয়।” কিন্তু মনৰ ভাৱনাবোৰ ইমানেই প্ৰভাৱশালী হয় যে ই কেতিয়াবা আমাৰ বিবেককো প্ৰভাৱিত কৰিব পাৰে। ইয়াৰ বিষয়ে বাইবেলে উল্লেখ কৰিছে: “মন সকলোতকৈ কপটময়, আৰু তাৰ ৰোগ সুস্থ কৰিব নোৱাৰি; কোনে তাক বুজিব পাৰে?” (যিৰিমিয়া ১৭:৯) সেইবাবে, আমি নিৰ্ণয় লোৱাৰ সময়ত আমাৰ মন বা হৃদয়ে যি বিচাৰে, তাক বেছিকৈ বিবেচনা কৰা উচিত নহয়। ইয়াৰ পৰিৱৰ্তে, আমি কি কৰিলে যিহোৱা ঈশ্বৰে আনন্দিত হʼব, তাক বিবেচনা কৰা উচিত।
৯ যদি আমাৰ কোনো নিৰ্ণয় প্ৰশিক্ষণ পোৱা বিবেকৰ আধাৰত হয়, তেনেহʼলে ই আমাৰ ব্যক্তিগত ইচ্ছাবোৰৰ পৰিৱৰ্তে, যিহোৱা ঈশ্বৰৰ ভয় প্ৰতিফলিত কৰিব। আহক আমি এই ক্ষেত্ৰত এটা উপযুক্ত উদাহৰণলৈ ধ্যান দিওঁ। নহিমিয়া এজন ঈশ্বৰৰ বিশ্বাসী সেৱক আৰু যিৰূচালেমৰ এজন ৰাজ্যপাল আছিল। সেইবাবে যিৰূচালেমৰ লোকসকলৰপৰা নিৰ্ধাৰিত প্ৰাপ্য আৰু কৰ লোৱাৰ তেওঁৰ অধিকাৰ আছিল। কিন্তু তেওঁ কৰ বা মাচুল লোৱা নাছিল। কিয় বাৰু? নহিমিয়াই এই লোকসকলক তাড়না কৰাৰ দ্বাৰা যিহোৱা ঈশ্বৰৰক অসন্তুষ্ট কৰিব বিচৰা নাছিল। তেওঁ এইদৰে কৈছিল: “মই ঈশ্বৰলৈ ভয় ৰাখি তাক কৰা নাই।” (নহিমিয়া ৫:১৫) যিহোৱা ঈশ্বৰৰ প্ৰতি ভয় থকা অতি প্ৰয়োজন। ইয়াৰ অৰ্থ হৈছে ঈশ্বৰক অসন্তুষ্ট কৰা সকলো কাৰ্য্যৰপৰা আঁতৰি থকা। যিহোৱা ঈশ্বৰৰ প্ৰতি থকা এনেধৰণৰ ভয়ে আমাক যিকোনো নিৰ্ণয় লোৱাৰ সময়ত তেওঁৰ বাক্যৰপৰা নিৰ্দেশনা বিচাৰিবলৈ প্ৰেৰণা কৰিব।
আধ্যাত্মিক ৰত্ন বিচাৰক
(ৰোমীয়া ৩:৪) সকলো মানুহ মিছলীয়া হলেও, ঈশ্বৰ সত্য বুলি মনা হওক; এই বিষয়ে লিখাও আছে, তুমি যেন নিজৰ কথাত ধাৰ্ম্মিক বুলি গণিত হবা, আৰু সোধ-বিচাৰতো জয়ী হবা।
w০৮ ৬/৩০ ¶৫
ৰোমীয়া কিতাপখনৰ আলোকপাত
৩:৪. যেতিয়া মানুহৰ কথা ঈশ্বৰৰ বাক্যত লিখা কথাৰ বিৰুদ্ধে হয়, তেতিয়া আমি নিৰ্দেশনাৰ ওপৰত নিৰ্ভৰ কৰোঁ আৰু ঈশ্বৰৰ ইচ্ছা অনুসৰি কাৰ্য্য কৰোঁ আৰু এই দৰে আমি “ঈশ্বৰ সত্য” হয় বুলি প্ৰমাণ কৰোঁ। ইয়াৰ উপৰিও, ৰাজ্যৰ শুভৱাৰ্ত্তা ঘোষণা কৰা আৰু শিষ্য বনোৱা কামত উৎসাহেৰে ভাগ লোৱাৰ যোগেদি আমি ঈশ্বৰ সত্য হয় বুলি লোকসকলক বুজিবলৈ সহায় কৰোঁ।
(ৰোমীয়া ৩:২৪, ২৫) কিন্তু খ্ৰীষ্ট যীচুত যি মুক্তি, তাৰ দ্বাৰাই ঈশ্বৰৰ অনুগ্ৰহত বিনামূল্যে ধাৰ্ম্মিক বুলি গণিত হয়। ২৫ ঈশ্বৰে তেওঁৰ ধৈৰ্য্য-গুণত, পূৰ্ব্বে কৰা নানা পাপৰ দণ্ড নিদিয়াকৈ থকাৰ কাৰণে, নিজ ধাৰ্ম্মিকতা দেখুৱাবলৈ আৰু যিহতে যীচুত বিশ্বাস কৰা জনক ধাৰ্ম্মিক বুলি গণিত কৰিব পাৰে,
w০৮ ৬/১৫ ২৯ ¶৬
ৰোমীয়া কিতাপখনৰ আলোকপাত
৩:২৪, ২৫—যীচুৱে আগবঢ়োৱা মুক্তিপণে কেনেকৈ ‘পূৰ্ব্বে কৰা নানা পাপৰপৰা’ ক্ষমা লাভ কৰিব পাৰি? আদিপুস্তক ৩:১৫ পদত মচীহৰ বিষয়ে কৰা প্ৰথম ভৱিষ্যতবাণী উল্লেখ আছে আৰু এই ভৱিষ্যতবাণী, যীচুৱে যাতনা-স্তম্ভত মৃত্যু হোৱাৰ সময়ত অৰ্থাৎ ৩৩ খ্ৰীষ্টাব্দত পূৰ হয়। (গালা. ৩:১৩, ১৬) কিন্তু যিহোৱা ঈশ্বৰে এই ভৱিষ্যতবাণী কৰাৰ সময়ত তেওঁৰ দৃষ্টিত মুক্তিপণস্বৰূপ বলিদান যেন ইতিমধ্যে দিয়া হৈ গৈছে। কাৰণ ঈশ্বৰক নিজৰ উদ্দেশ্য পূৰ কৰাৰ বাবে কোনেও বাধা দিব নোৱাৰে। যিহোৱা ঈশ্বৰে জানিছিল যে যীচুৱে মুক্তিপণস্বৰূপ বলিদান দিব। সেইবাবে তাৰ আধাৰত আদমৰ সেই সতি-সন্ততিসকলক ক্ষমা কৰে, যিসকলে মচীহৰ উপস্থিতিৰ ওপৰত বিশ্বাস কৰে। মুক্তিপণস্বৰূপ বলিদানৰ বাবে সেই লোকসকলৰ পুনৰুত্থান সম্ভৱ হৈ উঠিল, যিসকলে মচীহ অহাৰ আগতে জীৱিত আছিল।—পাঁচনিৰ কৰ্ম্ম ২৪:১৫.
বাইবেল পাঠ
(ৰোমীয়া ১:১-১৭) যীচু খ্ৰীষ্টৰ দাস আমন্ত্ৰিত পাঁচনি আৰু ঈশ্বৰৰ শুভবাৰ্ত্তাৰ নিমিত্তে পৃথক কৰা পৌল, —২ যি শুভবাৰ্ত্তা ঈশ্বৰে পূৰ্ব্বে তেওঁৰ ভাববাদীসকলৰ যোগেদি পবিত্ৰ শাস্ত্ৰত প্ৰতিজ্ঞা কৰিছিল, ৩ সেয়ে তেওঁৰ পুত্ৰ প্ৰভু যীচু খ্ৰীষ্টৰ বিষয়ৰ শুভবাৰ্ত্তা; তেওঁ শৰীৰৰ সম্বন্ধে দায়ূদৰ বংশত জন্মা; ৪ কিন্তু পবিত্ৰতাৰ আত্মাৰ সম্বন্ধে, মৃতবিলাকৰ পুনৰুত্থানৰ দ্বাৰাই, পৰাক্ৰমেৰে ঈশ্বৰৰ পুত্ৰ বুলি নিৰূপিত; ৫ তেওঁৰেই দ্বাৰাই আমি তেওঁৰ নামৰ কাৰণে, সকলো জাতিবিলাকৰ মাজত বিশ্বাসৰূপ আজ্ঞাধীনতাৰ অৰ্থে অনুগ্ৰহ আৰু পাঁচনি-বাব পালোঁ; ৬ সেই জাতিবিলাকৰ মাজত তোমালোকো যীচু খ্ৰীষ্টৰ আমন্ত্ৰিত লোক;—ঈশ্বৰৰ প্ৰিয় যিমান আমন্ত্ৰিত পবিত্ৰ লোক ৰোমত আছে, সেই সকলোবিলাকৰ সমীপলৈ। ৭ আমাৰ পিতৃ ঈশ্বৰৰ আৰু প্ৰভু যীচু খ্ৰীষ্টৰ পৰা তোমালোকলৈ অনুগ্ৰহ আৰু শান্তি হওক। ৮ প্ৰথমতে, গোটেই জগতত তোমালোকৰ বিশ্বাস প্ৰচাৰিত হোৱাত, মই তোমালোক সকলোৰে বিষয়ে, যীচু খ্ৰীষ্টৰ দ্বাৰাই মোৰ ঈশ্বৰৰ ধন্যবাদ কৰিছোঁ। ৯ কিয়নো, ঈশ্বৰৰ ইচ্ছাৰে কোনোৰকমে এতিয়া শেষত তোমালোকৰ ওচৰলৈ যাবলৈ শুভযাত্ৰা পাবৰ কাৰণে, মই যে নিৰন্তৰে তোমালোকৰ নাম উল্লেখ কৰি, মোৰ প্ৰাৰ্থনা-কালত সদায় প্ৰাৰ্থনা কৰোঁ, ১০ এই বিষয়ে, মই যি ঈশ্বৰৰ সেৱা, তেওঁৰ পুত্ৰৰ শুভবাৰ্ত্তাত, মোৰ আত্মাৰে কৰোঁ, সেই ঈশ্বৰ মোৰ সাক্ষী। ১১ কিয়নো, তোমালোক যেন সুস্থিৰ হোৱা, এই কাৰণে তোমালোকক কোনো আত্মিক বৰৰ ভাগী কৰিবৰ অৰ্থে, ১২ এনে কি, তোমালোকৰ আৰু মোৰ উভয় পক্ষৰ আন্তৰিক বিশ্বাসৰ দ্বাৰাই তোমালোকৰ মাজত নিজেও আশ্বাস পাবলৈ, মই তোমালোকক চাবলৈ বৰ ইচ্ছা কৰিছোঁ। ১৩ হে ভাইবিলাক, আন আন পৰজাতিবিলাকৰ মাজত যেনে, তোমালোকৰ মাজতো তেনেকৈ কোনো ফল পাবৰ আশয়েৰে, তোমালোকৰ ওচৰলৈ যাবলৈ মন কৰিছিলোঁ, কিন্তু এতিয়ালৈকে বাধা পাই আছোঁ, ইয়াক তোমালোকে নাজানি থকা মোৰ ইচ্ছা নাই। ১৪ গ্ৰীক আৰু অসভ্য, জ্ঞানী আৰু অজ্ঞানী, এই সকলোৰে মই ধৰুৱা হৈ আছোঁ; ১৫ এই হেতুকে ৰোমত থকা যি তোমালোক, তোমালোকৰ আগতো মই সাধ্য অনুসাৰে শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ ইচ্ছুক আছোঁ। ১৬ কিয়নো শুভবাৰ্ত্তাত মই লাজ নাপাওঁ; কাৰণ প্ৰথমে যিহূদী, পাছে গ্ৰীক লোকলৈ, বিশ্বাস কৰা প্ৰত্যেক জনলৈ, সেয়ে পৰিত্ৰাণৰ অৰ্থে ঈশ্বৰৰ শক্তি। ১৭ কিয়নো তাত ঈশ্বৰৰ ধাৰ্ম্মিকতা বিশ্বাসৰ পৰা বিশ্বাসলৈ প্ৰকাশিত হৈছে; এই বিষয়ে লিখাও আছে, ধাৰ্ম্মিক জন বিশ্বাসৰ দ্বাৰাই জীব।
ফেব্ৰুৱাৰী ১১-১৭
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | ৰোমীয়া ৪-৬
“ঈশ্বৰে আমালৈ তেওঁৰ প্ৰেমৰ প্ৰমাণ দিছে”
(ৰোমীয়া ৫:৮) কিন্তু ঈশ্বৰে আমালৈ তেওঁৰ প্ৰেমৰ প্ৰমাণ দিছে; কাৰণ ইতিপূৰ্ব্বেই যেতিয়া আমি পাপী আছিলোঁ, তেতিয়া খ্ৰীষ্টে আমাৰ কাৰণে আপোন প্ৰাণ দিলে।
(ৰোমীয়া ৫:১২) এতেকে যেনেকৈ এজন মানুহৰ দ্বাৰাই পাপ, পাপৰ দ্বাৰাই মৃত্যু জগতত সোমাল, আৰু সকলোৱে পাপ কৰাত, সেই মৃত্যু সকলো মানুহলৈকে ব্যাপি গল,—
w১১ ৬/১৫ ১২ ¶৫
ঈশ্বৰে আমালৈ তেওঁৰ প্ৰেমৰ প্ৰমাণ দিছে
৫ এই বিষয়ে বুজাবলৈ পৌলে প্ৰথমে এইদৰে উল্লেখ কৰে: “এতেকে যেনেকৈ এজন মানুহৰ দ্বাৰাই পাপ, পাপৰ দ্বাৰাই মৃত্যু জগতত সোমাল, আৰু সকলোৱে পাপ কৰাত, সেই মৃত্যু সকলো মানুহলৈকে ব্যাপি গল।” (ৰোম. ৫:১২) আমাৰ বাবে এই বিষয়ে বুজিবলৈ সহজ, কিয়নো যিহোৱা ঈশ্বৰে বাইবেলত বৰ্ণনা কৰিছে যে মানৱ জীৱনৰ আৰম্ভণি কেনেকৈ হৈছিল। ঈশ্বৰে আদম আৰু হৱা, এই দুজনক সৃষ্টি কৰিছিল। আমাৰ সৃষ্টিকৰ্ত্তা যিহোৱা ঈশ্বৰ সিদ্ধ হয় আৰু আমাৰ পূৰ্ব্বপুৰুষ আদম আৰু হৱায়ো সিদ্ধ আছিল। যিহোৱা ঈশ্বৰে তেওঁলোকক এটা আজ্ঞা দিছিল আৰু স্পষ্টৰূপে বৰ্ণনা কৰিছিল যে যদি তেওঁলোকে এই আজ্ঞা উলংঘন কৰে, তেনেহʼলে তেওঁলোকৰ মৃত্যু হʼব। (আদি. ২:১৭) কিন্তু, দুখৰ বিষয় যে তেওঁলোকে জানি-শুনি সেই আজ্ঞা উলংঘন কৰে আৰু এইদৰে তেওঁলোকে নিয়ম দিওঁতা তথা গোটেই বিশ্বৰ সৃষ্টিকৰ্ত্তা যিহোৱা ঈশ্বৰক অস্বীকাৰ কৰে।—দ্বিতী. ৩২:৪, ৫.
(ৰোমীয়া ৫:১৩, ১৪) কিয়নো বিধান দিয়ালৈকে জগতত পাপ আছিল; কিন্তু যʼত বিধান নাই, তাত পাপকো গণনা কৰা নাযায়। ১৪ তথাপি যিবিলাকে আদমৰ আজ্ঞা-লঙ্ঘনৰ দৰে পাপ কৰা নাই, আদমৰ পৰা মোচিলৈকে তেওঁবিলাকৰ ওপৰতো মৃত্যুৱে ৰাজত্ব কৰিছিল। সেই আদম আহিব লগা জনাৰ প্ৰতিৰূপ আছিল।
w১১ ৬/১৫ ১২ ¶৬
ঈশ্বৰে আমালৈ তেওঁৰ প্ৰেমৰ প্ৰমাণ দিছে
৬ পাপ কৰাৰ পাছতহে আদমৰ লʼৰা-ছোৱালীৰ জন্ম হয়। এইদৰে তেওঁৰ সকলো লʼৰা-ছোৱালীয়ে পাপ আৰু তাৰ পৰিণামৰ প্ৰভাৱত সোমাই পৰে। নিঃসন্দেহ, তেওঁলোকে আদমৰ দৰে ঈশ্বৰৰ আজ্ঞা উলংঘন কৰা নাছিল। সেইবাবে, তেওঁলোকক আদমে কৰা পাপৰ দায়ী বুলি কʼব নোৱাৰি অথবা একে শাস্তি তেওঁলোকক দিব নোৱাৰি। (আদি. ২:১৭) কিন্তু তেতিয়াও আদমৰ সতি-সন্ততিসকলে পাপ উত্তৰাধীকাৰীৰূপে লাভ কৰে। এইদৰে পাপ আৰু মৃত্যুৱে সেই সময়লৈকে ৰাজত্ব কৰে, যেতিয়ালৈকে ঈশ্বৰে ইস্ৰায়েলীসকলক নিয়ম ব্যৱস্থা দিয়া নাছিল আৰু ইয়ে স্পষ্ট কৰে যে তেওঁলোক সকলোৱে পাপী আছিল। (ৰোমীয়া ৫:১৩, ১৪ পঢ়ক।) উত্তৰাধীকাৰীৰূপে পোৱা পাপৰ তুলনা আমি এনে এক ৰোগৰ লগত কৰিব পাৰোঁ, যি বংশগতভাৱে পিতৃ-মাতৃৰপৰা লʼৰা-ছোৱালীলৈ আহে। হয়তো কেতিয়াবা পৰিয়ালৰ সকলো সন্তানৰ এই ৰোগ নহʼবও পাৰে, কিন্তু পাপৰ ক্ষেত্ৰত এনে নহয়। আমি সকলোৱে আদমৰপৰা পাপ লাভ কৰিছোঁ আৰু সেইবাবে, আমাৰ নিশ্চয় এদিন মৃত্যু হʼব। আমি কেতিয়াবা এই ভয়াবহ পৰিস্থিতিৰপৰা মুক্ত হʼব পাৰিমনে?
(ৰোমীয়া ৫:১৮) এতেকে যেনেকৈ এটা অপৰাধৰ দ্বাৰাই সকলো মানুহলৈকে দণ্ডলৈ ৰায় দিয়া হল, তেনেকৈ ধাৰ্ম্মিকতাৰ এটা কাৰ্য্যৰ দ্বাৰাই সকলো মানুহলৈকে জীৱনৰ ধাৰ্ম্মিকতালৈ অনুগ্ৰহৰ বৰ দিয়া হল।
(ৰোমীয়া ৫:২০, ২১) ইয়াৰ বাহিৰেও অপৰাধ অধিক হবলৈ বিধান সোমালহি; কিন্তু যেনেকৈ মৃত্যুত পাপে ৰাজত্ব পালে, তেনেকৈ আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ দ্বাৰাই অনন্ত জীৱনৰ অৰ্থে অনুগ্ৰহে যেন ধাৰ্ম্মিকতাৰ দ্বাৰাই ৰাজত্ব পায়, ২১ এই কাৰণে যি ঠাইত পাপ অধিক হল, সেই ঠাইত অনুগ্ৰহ একেবাৰে উপচি পৰিল।
w১১ ৬/১৫ ১৩ ¶৯-১০
ঈশ্বৰে আমালৈ তেওঁৰ প্ৰেমৰ প্ৰমাণ দিছে
৯ যি গ্ৰীক শব্দৰ অনুবাদ “অনুগ্ৰহৰ দান” আৰু “ধাৰ্ম্মিকতালৈ অনুগ্ৰহৰ বৰ দিয়া” কৰা হৈছে, তাৰ অৰ্থ কি? এজন বাইবেল অনুবাদকে এইদৰে বৰ্ণনা কৰিছে: “এই বাক্যক ৰূপক হিচাপে ব্যৱহাৰ কৰা হৈছে। ই সম্পূৰ্ণৰূপে আইনৰ বাক্য নহয়, কিন্তু ইয়াত কিছুমান আইন জড়িত হৈ আছে। ইয়ে দেখুৱায় যে এজন ব্যক্তিৰ আন্তৰিক মনুষ্যত্বৰ কোনো পৰিৱৰ্তন নহয়, কিন্তু যিহোৱাৰ লগত থকা তেওঁৰ সম্পৰ্কৰ পৰিৱৰ্তন হয় . . . এই ৰূপকত ঈশ্বৰক এজন বিচাৰক হিচাপে উল্লেখ কৰা হৈছে আৰু তেওঁৰ ন্যায়লয়ৰ সন্মুখত এজন পাপী বুলি অভিযোগ কৰা এজন ব্যক্তিক অনা হৈছে। কিন্তু ঈশ্বৰে তেওঁক নিৰ্দোষী বুলি ঘোষণা কৰে।”
১০ “সমুদায় পৃথিবীৰ বিচাৰকৰ্ত্তা জনাই” কিহৰ আধাৰত অধাৰ্ম্মিক ব্যক্তিসকলক, ধাৰ্ম্মিক বুলি গণিত কৰে? (আদি. ১৮:২০) প্ৰথমতে, প্ৰেমৰ বাবে ঈশ্বৰে তেওঁৰ একমাত্ৰ পুত্ৰক পৃথিৱীলৈ পঠিয়ায়। যীচুৱে বহুতো প্ৰলোভন, ঠাট্টা, তিৰস্কাৰ আদিৰ সন্মুখীন হোৱাৰ সত্ত্বেও নিজৰ পিতৃৰ ইচ্ছা পূৰ কৰিছিল। আনকি, যাতনা-স্তম্ভত মৃত্যু হোৱাৰ সময়তো তেওঁ নিজৰ নিষ্ঠা বজাই ৰাখিছিল। (ইব্ৰী ২:১০) নিজৰ সিদ্ধ জীৱন বলিদান আগবঢ়াই, যীচুৱে মুক্তিপণৰ মূল্য পৰিশোধ কৰে আৰু আদমৰ সতি-সন্ততিসকলক পাপ আৰু মৃত্যুৰ কবলৰপৰা উদ্ধাৰ কৰে।—মথি ২০:২৬; ৰোম. ৫:৬-৮.
আধ্যাত্মিক ৰত্ন বিচাৰক
(ৰোমীয়া ৬:৩-৫) নতুবা, আমি যিমান লোক খ্ৰীষ্ট্ যীচুৰ উদ্দেশে বাপ্তাইজিত হলোঁ, সকলোৱে যে তেওঁৰ মৃত্যুৰ উদ্দেশেহে বাপ্তাইজিত হলোঁ, ইয়াক তোমালোকে নাজানা নে কি? ৪ এতেকে পিতৃৰ মহিমাৰ দ্বাৰাই যেনেকৈ খ্ৰীষ্টক মৃতবিলাকৰ মাজৰ পৰা তোলা হল, তেনেকৈ আমিও যেন জীৱনৰ নতুনতাত চলোঁ, এই কাৰণে বাপ্তিস্মৰ দ্বাৰাই তেৱেঁ সৈতে মৃত্যুৰ উদ্দেশে মৈদামত থোৱা হলোঁ। ৫ কিয়নো তেওঁৰ মৃত্যুৰ সাদৃশ্যেৰে আমি যদি সংযুক্ত হলোঁ, তেন্তে উত্থানৰ সাদৃশ্যেৰেও হম।
w০৮ ৬/১৫ ২৯-৩০ ¶৭
ৰোমীয়া কিতাপখনৰ আলোকপাত
৬:৩-৫—যীচু খ্ৰীষ্টৰ উদ্দেশে বাপ্তাইজিত আৰু তেওঁৰ মৃত্যুৰ উদ্দেশে বাপ্তাইজিত হোৱাৰ অৰ্থ কি? যেতিয়া যিহোৱা ঈশ্বৰে নিজৰ পবিত্ৰ আত্মাৰে খ্ৰীষ্টৰ শিষ্যসকলক অভিষিক্ত কৰে, তেতিয়া তেওঁলোকে যীচু খ্ৰীষ্টৰ লগত একতাৰ বান্ধোনত বান্ধ খায় আৰু খ্ৰীষ্টৰ দেহ অৰ্থাৎ সেই মণ্ডলীৰ সদস্য হৈ পৰে, যাৰ মূৰ যীচু খ্ৰীষ্ট হয়। (১ কৰি. ১২:১২, ১৩, ২৭; কল. ১:১৮) এইদৰে অভিষিক্ত খ্ৰীষ্টানসকলে খ্ৰীষ্টৰ উদ্দেশে বাপ্তিষ্মা লয়। তেওঁলোকে ‘[খ্ৰীষ্টৰ] মৃত্যুৰ উদ্দেশেও বাপ্তাইজিত’ হয়। তেওঁলোকে ত্যাগৰ ভাৱনা দেখুৱায় আৰু পৃথিৱীত অনন্ত জীৱন জীয়াই থকাৰ ইচ্ছাক অস্বীকাৰ কৰে। সেইবাবে যীচুৰ দৰে তেওঁলোকৰ মৃত্যুও এক ত্যাগ হয়, যদিও তেওঁলোকৰ মৃত্যুৰ দ্বাৰা মুক্তিপণৰ মূল্য পৰিশোধ কৰা নহয়। অভিষিক্ত খ্ৰীষ্টানসকলৰ বাবে খ্ৰীষ্টত বাপ্তিষ্মা লোৱাটো তেতিয়াহে পূৰ হয়, যেতিয়া তেওঁলোকে স্বৰ্গৰ জীৱনৰ বাবে পুনৰুত্থান কৰা হয়।
(ৰোমীয়া ৬:৭) কিয়নো যিজন মৰিল, তেওঁ পাপৰ পৰা মুক্ত হৈ, ধাৰ্ম্মিক বুলি গণিত হল।
w১৪ ৬/১ ১১ ¶১
মোৰ পূৰ্ব্বপুৰুষসকলে পুনৰ জীৱন লাভ কৰিবনে?
যি অধাৰ্ম্মিক লোকসকলক পুনৰুত্থান কৰা হʼব, তেওঁলোকৰ বিচাৰ কিহৰ আধাৰত হʼব? তেওঁলোকৰ বিচাৰ জীয়াই থকাৰ সময়ত কৰা কামৰ আধাৰত হʼব নেকি? এইদৰে নহয়। ৰোমীয়া ৬:৭ পদে এইদৰে বৰ্ণনা কৰে: “যিজন মৰিল, তেওঁ পাপৰ পৰা মুক্ত হৈ, ধাৰ্ম্মিক বুলি গণিত হল।” মৃত্যুৰ দ্বাৰা তেওঁলোকে নিজৰ পাপৰ শাস্তি ইতিমধ্যে ভোগ কৰিছে। সেইবাবে, আগতে কৰা কামৰ আধাৰত নহয়, কিন্তু পুনৰুত্থান হোৱাৰ পাছত তেওঁলোকে যি কাম কৰিব, তাৰ আধাৰত তেওঁলোকৰ বিচাৰ কৰা হʼব। ইয়াৰ বাবে তেওঁলোকে কেনেকৈ উপকৃত হʼব?
বাইবেল পাঠ
(ৰোমীয়া ৪:১-১৫) তেন্তে শৰীৰৰ সম্বন্ধে হোৱা আমাৰ ওপৰ-পুৰুষ যি অব্ৰাহাম, তেওঁৰ বিষয়ে আমি কি কম? ২ কিয়নো অব্ৰাহামে যদি কৰ্ম্মৰ দ্বাৰাই ধাৰ্ম্মিক বুলি গণিত হল, তেন্তে গৌৰৱৰ কাৰণ তেওঁৰ আছে; কিন্তু ঈশ্বৰৰ আগত নহয়। ৩ কাৰণ শাস্ত্ৰই কি কৈছে? অব্ৰাহামে ঈশ্বৰত বিশ্বাস কৰাত, সেই বিশ্বাস তেওঁলৈ ধাৰ্ম্মিকতাৰ অৰ্থে গণিত হল। ৪ কৰ্ম্মকাৰীৰ বেচ, অনুগ্ৰহ বুলি গণিত নহয়, পাওনা বুলিহে গণিত হয়। ৫ কিন্তু যি জনে কৰ্ম্মকাৰী নহৈ, ঈশ্বৰ-ভক্তিহীনক ধাৰ্ম্মিক বুলি গণিত কৰা জনাত বিশ্বাস কৰে, তেওঁৰ সেই বিশ্বাস ধাৰ্ম্মিকতাৰ অৰ্থে গণিত হয়। ৬ এইদৰে, যি মানুহৰ অৰ্থে ঈশ্বৰে কৰ্ম্মৰ বিনে ধাৰ্ম্মিকতা গণনা কৰে, তেওঁৰ ধন্যবাদৰ বিষয়ে দায়ূদেও কৈছে, বোলে, ৭ যিবিলাকৰ অধৰ্ম্ম ক্ষমা কৰা হল, আৰু যিবিলাকৰ পাপ ঢকা হল, তেওঁবিলাক ধন্য। ৮ যি মানুহৰ অৰ্থে প্ৰভুৱে পাপ গণনা নকৰিব, তেওঁ ধন্য। ৯ তেন্তে সেই ধন্যবাদ চুন্নৎ হোৱাবিলাকলৈ নে, নতুবা চুন্নৎ নোহোৱাবিলাকলৈকো হয়? কিয়নো আমি কওঁ, অব্ৰাহামলৈ বিশ্বাস ধাৰ্ম্মিকতাৰ অৰ্থে গণিত হল? ১০ তেন্তে কি অৱস্থাত গণিত হল? চুন্নৎ হোৱা অৱস্থাত, বা চুন্নৎ নোহোৱা অৱস্থাত? চুন্নৎ হোৱা অৱস্থাত নহয়, চুন্নৎ নোহোৱা অৱস্থাতহে গণিত হল। ১১ আৰু চুন্নৎ নোহোৱা অৱস্থাত বিশ্বাস কৰা সকলোৰে তেওঁ যেন পিতৃ হয়, আৰু ধাৰ্ম্মিকতা যেন তেওঁবিলাকলৈ গণিত হয়, আৰু অকল চুন্নৎ হোৱা নহয়, কিন্তু আমাৰ ওপৰ-পুৰুষ অব্ৰাহামৰ চুন্নৎ নোহোৱা অৱস্থাত যি বিশ্বাস আছিল, সেই বিশ্বাসৰূপ খোজতো চলা এনে চুন্নৎ হোৱাবিলাকৰো তেওঁ যেন পিতৃ হয়, ১২ এই কাৰণে চুন্নৎ নোহোৱা অৱস্থাত বিশ্বাসৰ দ্বাৰাই যি ধাৰ্ম্মিকতা হয়, তাৰ ছাবস্বৰূপে সেই চুন্নৎৰূপ চিন পালে। ১৩ কিয়নো যি প্ৰতিজ্ঞা অব্ৰাহাম বা তেওঁৰ বংশলৈ কৰা হৈছিল যে, তেওঁ জগতৰ উত্তৰাধিকাৰী হব, সেয়ে বিধানৰ দ্বাৰাই নহয়, কিন্তু বিশ্বাসৰ ধাৰ্ম্মিকতাৰ দ্বাৰাইহে হৈছিল; ১৪ কিয়নো বিধানৰ দ্বাৰাই ধাৰ্ম্মিক হোৱাবিলাক যদি উত্তৰাধিকাৰী হয়, তেন্তে বিশ্বাস ব্যৰ্থ, আৰু সেই প্ৰতিজ্ঞাও বিফল হল; ১৫ কিয়নো বিধানে ক্ৰোধ সাধন কৰায়; কিন্তু যʼত বিধান নাই, তাত উল্লঙ্ঘনো নাই।
ফেব্ৰুৱাৰী ১৮-২৪
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | ৰোমীয়া ৭-৮
“আপুনি ‘অত্যন্ত আশাৰে বাট চাই’ আছেনে?”
(ৰোমীয়া ৮:১৯) কাৰণ ঈশ্বৰৰ সন্তানবিলাক প্ৰকাশিত হোৱালৈ, সৃষ্টিৰ অত্যন্ত আশাই বাট চাই আছে।
w১২ ৭/১৫ ১১ ¶১৭
যিহোৱাৰ পথত চলি থাকি প্ৰকৃত স্বাধীনতা লাভ কৰক
১৭ ভৱিষ্যতে যিহোৱা ঈশ্বৰে পৃথিৱীত থকা নিজৰ সেৱকসকলক যি স্বাধীনতা দিব, তাৰ বিষয়ে আলোচনা কৰাৰ সময়ত পাঁচনি পৌলে এইদৰে কৈছিল: “ঈশ্বৰৰ সন্তানবিলাক প্ৰকাশিত হোৱালৈ, সৃষ্টিৰ অত্যন্ত আশাই বাট চাই আছে।” তেওঁ আগলৈ এইদৰে কয়: “সৃষ্টিখনে নিজেও যেন ক্ষয়মূলক দাসত্বৰ পৰা মুক্ত হৈ, ঈশ্বৰৰ সন্তানবিলাকৰ প্ৰতাপমূলক মুক্তি পাব।” (ৰোম. ৮:১৯-২১) ইয়াত যি ‘সৃষ্টি’ শব্দ ব্যৱহাৰ কৰা হৈছে, সেয়া পৃথিৱীৰ বাবে আশা থকা লোকসকলক চিত্ৰিত কৰে। ঈশ্বৰৰ অভিষিক্ত সন্তানসকলে পবিত্ৰ আত্মাৰে “প্ৰকাশিত” হোৱাৰ সময়ত এই লোকসকলে আশীৰ্ব্বাদ লাভ কৰিব। এই ‘সন্তানবিলাকে’ যেতিয়া স্বৰ্গত পুনৰুত্থান হʼব আৰু যীচুৰ লগত জগতৰ দুষ্টতাক নাইকিয়া কৰিব তথা এক নতুন ব্যৱস্থাত প্ৰৱেশ কৰিবলৈ ‘এক বৰ লোকসমূহক’ সহায় কৰিব, তেতিয়া তেওঁলোক প্ৰকাশিত হোৱাৰ আৰম্ভ হʼব।—প্ৰকা. ৭:৯, ১৪.
(ৰোমীয়া ৮:২০, ২১ক) কাৰণ সৃষ্টিখন যে আপোন ইচ্ছাৰে অসাৰতাৰ বশীকৃত হল, এনে নহয়; কিন্তু বশ্কৰ্ত্তাৰ কাৰণেহে হল ২১ এই আশাৰে হল।
w১২ ৩/১৫ ২৩ ¶১১
নিজৰ আশাৰ বাবে আনন্দ কৰক
১১ যিহোৱা ঈশ্বৰে ‘পুৰণি সাপক’ অৰ্থাৎ দিয়াবল বা চয়তানক ‘বংশৰ’ যোগেদি বিনাশ কৰি মানৱজাতিক উদ্ধাৰ কৰিবলৈ প্ৰতিজ্ঞা কৰাৰ সময়ত এক ‘আশা’ দিয়ে। (প্ৰকা. ১২:৯; আদি. ৩:১৫) সেই ‘বংশৰ’ মুখ্য ভাগ আছিল যীচু খ্ৰীষ্ট। (গালা. ৩:১৬) যীচুৱে নিজৰ মৃত্যু আৰু পুনৰুত্থানৰ যোগেদি মানৱজাতিক পাপ আৰু মৃত্যুৰ কবলৰপৰা উদ্ধাৰ পোৱাৰ আশা দিয়ে। “ঈশ্বৰৰ সন্তানবিলাক প্ৰকাশিত” হোৱাৰ লগত এই আশা পূৰ হোৱাটো জড়িত আছে। অভিষিক্ত খ্ৰীষ্টানসকল, এই ‘বংশৰ’ দ্বিতীয় ভাগ হয়। যেতিয়া তেওঁলোকে যীচুৰ লগত জগতৰ দুষ্ট ৰীতি-ব্যৱস্থাক নাইকিয়া কৰিব, তেতিয়া তেওঁলোক “প্ৰকাশিত” হʼব। (প্ৰকা. ২:২৬, ২৭) এইদৰে মহা-ক্লেশৰপৰা ৰক্ষা পোৱা অন্য মেৰৰ লোকসকলে উদ্ধাৰ লাভ কৰিব।—প্ৰকা. ৭:৯, ১০, ১৪.
(ৰোমীয়া ৮:২১খ) সৃষ্টিখনে নিজেও যেন ক্ষয়মূলক দাসত্বৰ পৰা মুক্ত হৈ, ঈশ্বৰৰ সন্তানবিলাকৰ প্ৰতাপমূলক মুক্তি পাব।
w১২ ৩/১৫ ২৩ ¶১২
নিজৰ আশাৰ বাবে আনন্দ কৰক
১২ খ্ৰীষ্টৰ হাজাৰ বছৰৰ ৰাজত্বৰ সময়ছোৱাত ‘সৃষ্টি’ অৰ্থাৎ মানৱজাতিয়ে কি যে সকাহ লাভ কৰিব! সেই সময়ছোৱাত ‘সন্তানবিলাক প্ৰকাশিত’ হʼব। তেওঁলোকে খ্ৰীষ্টৰ লগত পুৰোহিত হিচাপে কাৰ্য্য কৰিব আৰু মানৱজাতিয়ে যীচুৰ মুক্তিপণস্বৰূপ বলিদানৰ যোগেদি উপকৃত হʼব। মচীহৰ ৰাজ্যৰ অধীনত ‘সৃষ্টিয়ে’ পাপ আৰু মৃত্যুৰ বাবে হোৱা বেয়া পৰিণামৰপৰা মুক্ত হʼব। আজ্ঞা পালন কৰা লোকসকলে লাহে লাহে “ক্ষয়মূলক দাসত্বৰ পৰা মুক্ত” হʼব। যদি তেওঁলোকে মচীহৰ হাজাৰ বছৰৰ সময়ছোৱাত আৰু শেষৰ পৰীক্ষাৰ সময়ত যিহোৱাৰ বিশ্বাসী হৈ থাকে, তেনেহʼলে তেওঁলোকৰ নাম ‘জীৱন-পুস্তকত’ অনন্ত জীৱনৰ বাবে লিখা যাব। (প্ৰকা. ২০:৭, ৮, ১১, ১২) এয়া কি যে সুন্দৰ আশা!
আধ্যাত্মিক ৰত্ন বিচাৰক
(ৰোমীয়া ৮:৬) কাৰণ মাংসৰ ভাব মৃত্যু; কিন্তু আত্মাৰ ভাব, জীৱন আৰু শান্তি।
w১৭.০৬ ৩
আপোনাৰ মনত আছেনে?
“মাংসৰ ভাব” আৰু “আত্মাৰ ভাব” ৰখাৰ মাজত কি পাৰ্থক্য আছে? (ৰোমীয়া ৮:৬)
মাংসৰ ভাব অৰ্থাৎ শৰীৰৰ ভাব ৰখা লোকসকলে শৰীৰৰ ইচ্ছাবোৰৰ বিষয়ে বেছিকৈ ধ্যান দিয়ে। তাৰ বিষয়ে কথা পাতি থাকে আৰু তাৰ দাস হৈ পৰে। আনহাতে, আত্মাৰ ভাব ৰখা লোকসকলে, যিহোৱাৰ চিন্তাধাৰাক গ্ৰহণ কৰে আৰু পবিত্ৰ আত্মাৰ দ্বাৰা নিজৰ চিন্তাধাৰা পৰিচালিত হʼবলৈ দিয়ে। শৰীৰৰ ভাব ৰখাৰ অৰ্থ হৈছে মৃত্যু, কিন্তু আত্মাৰ ভাব ৰাখিলে জীৱন আৰু শান্তি আছে।—w১৬.১২-HI, পৃষ্ঠা ১৫-১৭.
(ৰোমীয়া ৮:২৬, ২৭) এই দৰে আত্মায়ো আমাৰ দুৰ্ব্বলতাত উপকাৰ কৰে; কাৰণ, উচিতমতে কি প্ৰাৰ্থনা কৰিব লাগে, তাক আমি নাজানো; কিন্তু আত্মাই নিজে আমাৰ অৰ্থে অনিৰ্ব্বচনীয় কেঁকনিৰে নিবেদন কৰে। ২৭ আৰু আত্মাৰ ভাব কি, তাক অন্তৰ্য্যামী ঈশ্বৰে জানে, কাৰণ ঈশ্বৰৰ ইচ্ছাৰ দৰে, তেওঁ পবিত্ৰ লোকৰ কাৰণে নিবেদন কৰে।
w০৯ ১১/১৫ ৭ ¶২০
আপোনাৰ প্ৰাৰ্থনাই আপোনাৰ বিষয়ে কি কয়?
২০ কেতিয়াবা কেতিয়াবা ব্যক্তিগত প্ৰাৰ্থনা কৰাৰ সময়ত আমি নাজানোঁ যে আমি কি কম। পাঁচনি পৌলে এইদৰে লিখিছিল: “উচিতমতে কি প্ৰাৰ্থনা কৰিব লাগে, তাক আমি নাজানো; কিন্তু [পবিত্ৰ] আত্মাই নিজে আমাৰ অৰ্থে অনিৰ্ব্বচনীয় কেঁকনিৰে নিবেদন কৰে। আৰু আত্মাৰ ভাব কি, তাক অন্তৰ্য্যামী ঈশ্বৰে জানে।” (ৰোম. ৮:২৬, ২৭) যিহোৱা ঈশ্বৰে বাইবেলত বহুতো প্ৰাৰ্থনা সন্নিৱিষ্ট কৰিছে। যেতিয়া আমি প্ৰাৰ্থনাত একো কʼব নোৱাৰা হৈ পৰোঁ, তেতিয়া ঈশ্বৰে এই প্ৰাৰ্থনাক আমাৰ অনুৰোধ বুলি গ্ৰহণ কৰে আৰু তাক পূৰ কৰে। ঈশ্বৰে আমাক ভালদৰে জানে আৰু বাইবেলৰ লেখকসকলে পবিত্ৰ আত্মাৰ প্ৰেৰণাৰে লিখা কথাবোৰৰ অৰ্থও বুজিবলৈ সহায় কৰে। যেতিয়া পবিত্ৰ আত্মাই আমাৰ বাবে “মিনতি” কৰে, তেতিয়া যিহোৱা ঈশ্বৰে আমাৰ প্ৰাৰ্থনা শুনে। কিন্তু ঈশ্বৰৰ বাক্যৰ লগত যেনেকৈ পৰিচিত হৈ গৈ থাকোঁ, তেনেকৈ আমি প্ৰাৰ্থনা কৰাৰ বিষয়ে আৰু বেছিকৈ শিকোঁ।
বাইবেল পাঠ
(ৰোমীয়া ৭:১৩-২৫) তেন্তে যি উত্তম, সেয়ে মোলৈ মৃত্যুজনক হল নে? এনে নহওক। কিন্তু যি উত্তম, তাৰে পাপে মোত মৃত্যু সাধন কৰাৰ দ্বাৰাই যেন সেয়ে পাপ বুলি প্ৰকাশ পায়, আৰু আজ্ঞাৰ দ্বাৰাই পাপ যেন অতিশয় পাপ-পূৰ্ণ হয়, এই কাৰণে পাপহে মোলৈ মৃত্যুজনক হল। ১৪ কিয়নো বিধান যে আত্মিক, তাক আমি জানো; কিন্তু মই হলে মাংসিক, আৰু পাপৰ অধীনলৈ বিক্ৰীত। ১৫ কাৰণ মই যি সাধন কৰোঁ, তাক নাজানো; কিয়নো মোৰ ইচ্ছাৰ দৰে আচৰণ নকৰোঁ; কিন্তু যিহকে ঘিণাওঁ, তাকে কৰোঁ। ১৬ কিন্তু মোৰ ইচ্ছাৰ দৰে যদি নকৰোঁ, তেন্তে বিধান যে উত্তম, ইয়াক স্বীকাৰ কৰোঁ। ১৭ কিন্তু এতিয়া আৰু মই নহয়, মোত নিবাস কৰা পাপেহে তাক সাধন কৰিছে। ১৮ কিয়নো মই জানো যে, মোত, অৰ্থাৎ মোৰ মাংসত উত্তমতা বাস নকৰে; ইচ্ছা কৰিবলৈ মোৰ সমৰ্থ আছে, কিন্তু উত্তমতা সাধন কৰিবলৈ হলে নাই। ১৯ কিয়নো যি উত্তমতালৈ ইচ্ছা হয়, তাক নকৰোঁ, কিন্তু যি মন্দলৈ মোৰ ইচ্ছা নাই, তাকে আচৰোঁ। ২০ কিন্তু মোৰ ইচ্ছাৰ দৰে যদি নকৰোঁ, তেন্তে আৰু মই নহয়, মোত নিবাস কৰা পাপেহে তাক সাধন কৰিছে। ২১ এতেকে যেতিয়া উত্তম কৰ্ম্ম কৰিবলৈ মোৰ ইচ্ছা হয়, তেতিয়া মন্দ মোৰ ওচৰত থাকে, এনে এটা নিয়ম পাইছোঁ। ২২ কিয়নো মই আন্তৰিক পুৰুষৰ দৰে ঈশ্বৰৰ বিধানত সন্তুষ্ট হৈছোঁ। ২৩ কিন্তু মোৰ মনৰ বিধানৰ বিৰুদ্ধে যুদ্ধ কৰা, আৰু মোৰ অঙ্গ-প্ৰত্যঙ্গবোৰত থকা পাপৰ বিধানৰ অধীনে মোক বন্দী কৰা, এনে আন এটা নিয়ম মোৰ অঙ্গ-প্ৰত্যঙ্গবোৰত দেখোঁ। ২৪ হায়, হায়, মই কেনে দুৰ্ভগীয়া মানুহ! এই মৃত্যুৰ দেহৰ পৰা মোক কোনে নিস্তাৰ কৰিব? ২৫ আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ দ্বাৰাই মই ঈশ্বৰৰ ধন্যবাদ কৰোঁ। এতেকে মই আপোন মনেৰে ঈশ্বৰৰ বিধানৰ, কিন্তু মাংসেৰে পাপৰ বিধানৰ দাস্যকৰ্ম্ম কৰোঁ।
ফেব্ৰুৱাৰী ২৫–মাৰ্চ ৩
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | ৰোমীয়া ৯-১১
“জলফাই গছৰ দৃষ্টান্ত”
(ৰোমীয়া ১১:১৬) আৰু যদি সনা পিঠাগুৰিৰ প্ৰথম ভাগ পবিত্ৰ, তেন্তে গোটেই লদাই পবিত্ৰ; আৰু যদি শিপা পবিত্ৰ, তেন্তে ডালবোৰো পবিত্ৰ।
w১১ ৫/১৫ ২৩ ¶১৩
“ঈশ্বৰৰ জ্ঞান আৰু বুদ্ধিৰূপ ধন কেনে দ!”
১৩ পাঁচনি পৌলে অব্ৰাহামৰ বংশৰ দ্বিতীয় অংশৰ লোকসকলক লাক্ষণিক জলফাই গছৰ ডালবোৰৰ লগত তুলনা কৰিছিল। (ৰোম. ১১:২১) এই জলফাই গছে যিহোৱা ঈশ্বৰে অব্ৰাহামৰ লগত কৰা চুক্তিৰ লগত জড়িত থকা প্ৰতিজ্ঞাক কেনেকৈ পূৰ কৰিছিল, তাক চিত্ৰিত কৰে। এই গছৰ শিপাই পবিত্ৰ আৰু আধ্যাত্মিক ইস্ৰায়েলীসকলক জীৱন দিওঁতা ঈশ্বৰ যিহোৱাক চিত্ৰিত কৰে। (যিচ. ১০:২০; ৰোম. ১১:১৬) গছৰ কাণ্ডই যীচুক চিত্ৰিত কৰে আৰু তেওঁ হৈছে অব্ৰাহামৰ বংশৰ মুখ্য অংশ। সকলো ডালে অব্ৰাহামৰ বংশৰ দ্বিতীয় অংশৰ লোকসকলৰ ‘পৰিপূৰ্ণতা’ অৰ্থাৎ পূৰ্ণ সংখ্যাক চিত্ৰিত কৰে।
(ৰোমীয়া ১১:১৭) কিন্তু কেতবোৰ ডাল যদি ভাঙি পেলোৱা হল, আৰু তুমি বনৰীয়া জলফাই গছ হৈয়ো, যদি সেইবোৰৰ মাজত কলমস্বৰূপে লগেৱা হলা, আৰু তুমি জলফাইৰ শিপাৰ ৰসৰ সহভাগী হলা,
(ৰোমীয়া ১১:২০, ২১) বাৰু, অবিশ্বাসৰ কাৰণে সেইবোৰ ভাঙি পেলোৱা হল, তুমি হলে বিশ্বাসৰ কাৰণে থিৰে আছা। ২১ উচ্চমনা নহবা, বৰং ভয় কৰা; কিয়নো যদি ঈশ্বৰে স্বাভাবিক ডালবোৰক মৰম নকৰিলে, তেন্তে তোমাকো মৰম নকৰিব।
w১১ ৫/১৫ ২৪ ¶১৫
“ঈশ্বৰৰ জ্ঞান আৰু বুদ্ধিৰূপ ধন কেনে দ!”
১৫ যিহোৱা ঈশ্বৰে নিজৰ উদ্দেশ্য পূৰ কৰাৰ বাবে কি কৰে? পাঁচনি পৌলে বৰ্ণনা কৰে যে বনৰীয়া জলফাই গছৰ কলমবোৰ, ৰোপণ কৰা জলফাই গছত লগোৱা হয়। (ৰোমীয়া ১১:১৭, ১৮ পঢ়ক।) ঠিক সেইদৰে, পবিত্ৰ আত্মাৰে অভিষিক্ত কৰা খ্ৰীষ্টানসকলৰ লাক্ষণিক কলম, লাক্ষণিক জলফাই গছত লগোৱা হয়। এই অভিষিক্ত খ্ৰীষ্টানসকলৰ মাজত ৰোমত থকা মণ্ডলীৰ কিছুমান সদস্যও জড়িত আছিল। এইদৰে তেওঁলোকে অব্ৰাহামৰ বংশৰ অংশ হৈ পৰে। প্ৰকৃততে, তেওঁলোক বনৰীয়া জলফাই গছৰ ডাল আছিল আৰু তেওঁলোকক এই নিয়মৰ অংশ হোৱাৰ কোনো আশা নাছিল। কিন্তু যিহোৱা ঈশ্বৰে তেওঁলোকক আধ্যাত্মিক যিহূদী হোৱাৰ পথ মুকলি কৰে।—ৰোম. ২:২৮, ২৯.
(ৰোমীয়া ১১:২৫, ২৬) কিয়নো, হে ভাইবিলাক, তোমালোকে যেন নিজক জ্ঞানৱন্ত বুলি নামানা, এই কাৰণে, যেতিয়ালৈকে পৰজাতি লোকৰ পৰিপূৰ্ণতা নহয়, তেতিয়ালৈকে কিছু পৰিমাণে ইস্ৰায়েল লোকৰ যে কঠিনতা জন্মিল, এই নিগূঢ়-তত্ত্ব তোমালোকে নজনাকৈ থকা মোৰ ইচ্ছা নাই। ২৬ এইদৰে সকলো ইস্ৰায়েল লোকে পৰিত্ৰাণ পাব; এই বিষয়ে লিখাও আছে, চিয়োনৰ পৰা উদ্ধাৰকৰ্ত্তা আহিব; তেওঁ যাকোবৰ বংশৰ পৰা ভক্তি-লঙ্গন দূৰ কৰিব।
w১১ ৫/১৫ ২৫ ¶১৯
“ঈশ্বৰৰ জ্ঞান আৰু বুদ্ধিৰূপ ধন কেনে দ!”
১৯ সঁচাকৈ, যিহোৱা ঈশ্বৰে “ঈশ্বৰৰ ইস্ৰায়েলৰ” বাবে নিজৰ উদ্দেশ্য আচৰিতভাৱে পূৰ কৰে। (গালা. ৬:১৬) পৌলে এইদৰে কৈছিল: “সকলো ইস্ৰায়েল লোকে পৰিত্ৰাণ পাব।” (ৰোম. ১১:২৬) যিহোৱা ঈশ্বৰে নিজৰ নিৰ্ধাৰিত সময়ত “সকলো ইস্ৰায়েল” অৰ্থাৎ আধ্যাত্মিক ইস্ৰায়েলীসকলৰ পূৰ্ণ সংখ্যাই স্বৰ্গত ৰজা আৰু পুৰোহিত হিচাপে কাৰ্য্য কৰিব। যিহোৱা ঈশ্বৰৰ উদ্দেশ্য পূৰ হোৱাত কোনেও বাধা দিব নোৱাৰিব!
আধ্যাত্মিক ৰত্ন বিচাৰক
(ৰোমীয়া ৯:২১-২৩) একে লদা মাটিৰে সমাদৰলৈ এটা, অনাদৰলৈ এটা, এনে দুবিধ পাত্ৰ বনাবলৈ, মাটিৰ ওপৰত কুমাৰৰ ক্ষমতা নাই নে? ২২ ঈশ্বৰে, নিজ ক্ৰোধ দেখুৱাবৰ, আৰু পৰাক্ৰম জনাবৰ ইচ্ছাৰে, যদি বিনাশৰ কাৰণে যুগুত হোৱা ক্ৰোধৰ পাত্ৰবিলাকক অধিক চিৰসহিষ্ণুতাৰে সহন কৰিলে, ২৩ আৰু যিবিলাকক প্ৰতাপৰ কাৰণে তেওঁ আগেয়ে প্ৰস্তুত কৰিলে, সেই অনুগ্ৰহৰ পাত্ৰবিলাকত নিজ প্ৰতাপৰূপ ধন জনাবৰ অভিপ্ৰায়ো সাধন কৰিলে, তেন্তে কি?
w১৩ ৬/১৫ ২৫ ¶৫
যিহোৱাৰ অনুশাসনৰ অনুসৰি নিজকে গঢ় দিয়ক
৫ যদি এজন ব্যক্তিয়ে মহান কুমাৰ যিহোৱাৰ হাতত নিজকে গঢ় দিবলৈ অস্বীকাৰ কৰে, তেনেহʼলে কি? তেতিয়া যিহোৱা ঈশ্বৰে নিজৰ অধিকাৰ কেনেকৈ ব্যৱহাৰ কৰিব? কল্পনা কৰক যে যেতিয়া মাটিক কোনো বিশেষ ৰূপ দিব পৰা নাযায়, তেতিয়া কুমাৰে সেই মাটিখিনি কি কৰে? কুমাৰজনে তাৰপৰা অন্য বৰ্তন তৈয়াৰ কৰে নতুবা মাটিখিনি পেলাই দিয়ে। যেতিয়া মাটিখিনি ব্যৱহাৰ কৰিব পৰা নাযায়, তেতিয়া সাধাৰণতে কুমাৰজনৰহে ভুল থাকে। কিন্তু যিহোৱা ঈশ্বৰৰ লগত এনে কেতিয়াও হʼব নোৱাৰে। (দ্বিতী. ৩২:৪) যেতিয়া এজন ব্যক্তিয়ে যিহোৱাৰ হাতত নিজকে গঢ় দিবলৈ নিদিয়ে, তেতিয়া যিহোৱাৰ কোনো ভুল নাথাকে। তাৰ বাবে সদায় ব্যক্তিজন নিজেই দায়ী হয়। যিহোৱা ঈশ্বৰে কুমাৰ হিচাপে নিজৰ অধিকাৰৰ ভূমিকাক পালন কৰে। কেনেকৈ বাৰু? গঢ় দিয়াৰ সময়ত তেওঁলোকে যি ধৰণে প্ৰতিক্ৰিয়া দেখুৱায়, তেনেধৰণেই যিহোৱা ঈশ্বৰে তেওঁলোকৰ লগত ব্যৱহাৰ কৰে। যিসকলে যিহোৱাৰ আজ্ঞা পালন কৰে, তেওঁলোকক যিহোৱা ঈশ্বৰে নিজৰ সেৱাত ব্যৱহাৰ কৰে। উদাহৰণস্বৰূপে, অভিষিক্ত খ্ৰীষ্টানসকল ‘অনুগ্ৰহ পাত্ৰ’ হয় আৰু তেওঁলোকক ‘সমাদৰৰ’ পাত্ৰ হিচাপে গঢ় দিয়া হৈছে। আনহাতে, যিহোৱা ঈশ্বৰৰ বিৰোধ কৰাসকলে ‘ক্ৰোধৰ পাত্ৰ’ হয় আৰু তেওঁলোক “বিনাশৰ কাৰণে যুগুত” হয়।—ৰোম. ৯:১৯-২৩.
(ৰোমীয়া ১০:২) ঈশ্বৰলৈ তেওঁবিলাকৰ উৎসাহ আছে বুলি মই তেওঁবিলাকৰ পক্ষে সাক্ষ্য দিছোঁ; কিন্তু সেই উৎসাহ জ্ঞান অনুসাৰে নহয়।
it-১ ১২৬০ ¶২
উৎসাহ
এনে উৎসাহ যি সঠিক নহয়। এজন ব্যক্তিয়ে কোনো কামৰ বাবে উৎসাহ দেখুৱাব পাৰে, কিন্তু এনে উৎসাহ হয়তো ভুল হʼব পাৰে আৰু যিহোৱা ঈশ্বৰক অসন্তুষ্ট কৰিব পাৰে। এনেধৰণৰ উৎসাহ প্ৰথম শতিকাৰ বহুতো যিহূদীৰ মাজত দেখা গৈছিল। তেওঁলোকে ভাবিছিল যে মোচিৰ নিয়ম অনুসৰি কাৰ্য্য কৰিলে, তেওঁলোক ধাৰ্ম্মিক বুলি গণিত হʼব। কিন্তু পাঁচনি পৌলে স্পষ্ট কৰে যে এনেধৰণৰ উৎসাহ সঠিক নহয়, কিয়নো সেই উৎসাহ জ্ঞানৰ অনুসৰি নাছিল। সেইবাবে, যিহোৱাৰ দৃষ্টিত তেওঁলোক ধাৰ্ম্মিক বুলি গণিত হোৱা নাছিল। তেওঁলোকে নিজৰ ভুলবোৰ চালি-জাৰি চোৱাৰ প্ৰয়োজন আছিল আৰু যীচু খ্ৰীষ্টৰ যোগেদি ঈশ্বৰৰ কাষ চপা উচিত আছিল যাতে ঈশ্বৰে তেওঁলোকক ধাৰ্ম্মিক বুলি গণ্য কৰে আৰু তেতিয়াহে তেওঁলোকে মোচিৰ নিয়মৰ দোষৰপৰা মুক্ত হʼব পাৰিলেহেঁতেন। (ৰোম ১০:১-১০) খ্ৰীষ্টান হোৱাৰ আগতে পৌলৰ ওচৰতো এনেধৰণৰ উৎসাহ আছিল। তেওঁ সেই সময়ত তাৰ্চ নগৰৰ চৌল বুলি জনাজাত আছিল। যিহূদী ধৰ্ম্মৰ বাবে তেওঁৰ ইমানেই উৎসাহ আছিল যে তেওঁ “ঈশ্বৰৰ মণ্ডলীক অধিক পৰিমাণে তাড়না কৰি, তাক লণ্ডভণ্ড” কৰিছিল। “ধাৰ্ম্মিকতাৰ সম্বন্ধে নিৰ্দ্দোষী” হিচাপে তেওঁ নিয়ম পালন কৰিছিল। (গালা ১:১৩, ১৪; ফিলি ৩:৬) তেওঁৰ উৎসাহ জ্ঞানৰ আধাৰত নাছিল। কিন্তু তেওঁ হৃদয়ৰপৰা এজন ভাল ব্যক্তি আছিল। সেইবাবে, যিহোৱা ঈশ্বৰে খ্ৰীষ্টৰ যোগেদি তেওঁক অনুগ্ৰহ দেখুৱায় আৰু সত্য উপাসনাৰ পথ দেখুৱায়।—১তীম ১:১২, ১৩.
বাইবেল পাঠ
(ৰোমীয়া ১০:১-১৫) হে ভাইবিলাক, মোৰ হৃদয়ৰ বাঞ্ছা, আৰু তেওঁবিলাকৰ কাৰণে ঈশ্বৰৰ আগতো প্ৰাৰ্থনা এই, যেন তেওঁবিলাকে পৰিত্ৰাণ পায়। ২ ঈশ্বৰলৈ তেওঁবিলাকৰ উৎসাহ আছে বুলি মই তেওঁবিলাকৰ পক্ষে সাক্ষ্য দিছোঁ; কিন্তু সেই উৎসাহ জ্ঞান অনুসাৰে নহয়। ৩ কাৰণ তেওঁবিলাকে ঈশ্বৰৰ ধাৰ্ম্মিকতা নাজানি, নিজৰটো স্থাপন কৰিবলৈ বিচাৰি, ঈশ্বৰৰ ধাৰ্ম্মিকতাৰ বশীভূত নহল। ৪ কিয়নো ধাৰ্ম্মিকতাৰ নিমিত্তে বিশ্বাস কৰা প্ৰত্যেক জনলৈ খ্ৰীষ্টেই বিধানৰ শেষ। ৫ কাৰণ মোচিয়ে লিখিছে যে, যি মানুহে ব্যৱস্থামূলক ধাৰ্ম্মিকতা পালন কৰে, তেওঁহে তাৰ দ্বাৰাই জীব। ৬ কিন্তু বিশ্বাসমূলক ধাৰ্ম্মিকতাই এই দৰে কয়, তুমি নিজ হৃদয়ত নকবা যে, স্বৰ্গলৈ কোন উঠিব? (অৰ্থাৎ খ্ৰীষ্টক নমাই আনিবলৈ;) বা, অগাধ ঠাইলৈ কোন নামিব? ৭ (অৰ্থাৎ মৃতবিলাকৰ মাজৰ পৰা খ্ৰীষ্টক তুলি আনিবলৈ;) ৮ কিন্তু কি কয়? সেই বাক্য তোমাৰ ওচৰতে, তোমাৰ মুখত আৰু তোমাৰ চিত্ততে আছে; সেয়ে আমি ঘোষণা কৰা বিশ্বাসৰ বাক্য; ৯ কিয়নো তুমি যদি নিজ মুখেৰে যীচুক প্ৰভু বুলি স্বীকাৰ কৰা, আৰু ঈশ্বৰে যে তেওঁক মৃতবিলাকৰ মাজৰ পৰা তুলিলে, ইয়াক যদি হৃদয়েৰে বিশ্বাস কৰা, তেন্তে পৰিত্ৰাণ পাবা। ১০ কাৰণ ধাৰ্ম্মিকতাৰ নিমিত্তে হৃদয়েৰে বিশ্বাস কৰা হয়; আৰু পৰিত্ৰাণৰ নিমিত্তে মুখেৰে স্বীকাৰ কৰা হয়। ১১ কিয়নো শাস্ত্ৰে কৈছে, যি কোনোৱে তেওঁত বিশ্বাস কৰে, তেওঁ লাজত নপৰিব। ১২ কাৰণ যিহূদী কি গ্ৰীক ইয়াৰ একো প্ৰভেদ নাই; কিয়নো সকলোৰে একমাত্ৰ প্ৰভু আছে; যিমান মানুহে তেওঁৰ আগত প্ৰাৰ্থনা কৰে, সেই সকলোলৈ তেওঁ ধনৱান; ১৩ কাৰণ যি কোনোৱে প্ৰভুৰ নামত প্ৰাৰ্থনা কৰে, তেওঁ পৰিত্ৰাণ পাব। ১৪ পাছে যি জনাত তেওঁবিলাকে বিশ্বাস কৰা নাই, সেই জনাৰ আগত কেনেকৈ প্ৰাৰ্থনা কৰিব? আৰু যি জনাৰ বিষয়ে শুনা নাই, তেওঁত নো কেনেকৈ বিশ্বাস কৰিব? ১৫ আৰু ঘোষণাকাৰী নহলে, কেনেকৈ শুনিব? আৰু পঠোৱা নহলে, কেনেকৈ ঘোষণা কৰিব? এই বিষয়ে লিখাও আছে, মঙ্গলৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰাবিলাকৰ ভৰি কেনে সুন্দৰ!