ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • bm পৃষ্ঠা ৩১
  • বাইবেলৰ বাৰ্ত্তা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • বাইবেলৰ বাৰ্ত্তা
  • বাইবেল ইয়াত আপোনাৰ বাবে ভাল খবৰ আছে।
বাইবেল ইয়াত আপোনাৰ বাবে ভাল খবৰ আছে।
bm পৃষ্ঠা ৩১
পৃথিৱীৰ পমোদবনত লোকসকলে আনন্দ উপভোগ কৰিছ

বাইবেলৰ বাৰ্ত্তা

  1. ১ যিহোৱা ঈশ্বৰে, আদম আৰু হৱাক অনন্ত কাল জীয়াই থকাৰ উদ্দেশ্যেৰে সৃষ্টি কৰি প্ৰমোদবনত থাকিবলৈ দিলে। চয়তানে, ঈশ্বৰক মিছলীয়া বুলি দাবী কৰিলে আৰু তেওঁৰ শাসন কৰা অধিকাৰৰ ওপৰত প্ৰশ্ন তুলিলে। আদম আৰু হৱাই, চয়তানৰ ফলীয়া হৈ বিদ্ৰোহ কৰিলে। ইয়াৰ পৰিণামস্বৰূপে, তেওঁলোকে নিজৰ আৰু সতি-সন্ততিসকলৰ ওপৰত পাপ আৰু মৃত্যু আনিলে।

  2. ২ যিহোৱাই বিদ্ৰোহীসকলৰ ওপৰত দণ্ডাজ্ঞা ঘোষণা কৰে আৰু বংশ বা উদ্ধাৰকৰ্ত্তাৰ বিষয়ে প্ৰতিজ্ঞা কৰে। এই উদ্ধাৰকৰ্ত্তাজনে চয়তানক ধ্বংস কৰিব তথা পাপ আৰু মৃত্যুক নাইকিয়া কৰিব।

  3. ৩ যিহোৱা ঈশ্বৰে অব্ৰাহাম আৰু দায়ূদক প্ৰতিজ্ঞা কৰিছিল যে তেওঁলোকৰ বংশৰপৰা মচীহৰ জন্ম হʼব আৰু তেওঁ চিৰকালৰ বাবে ৰজা হিচাবে শাসন কৰিব।

  4. ৪ যিহোৱাই ভৱিষ্যতবক্তাসকলক ভৱিষ্যতবাণী কৰিবলৈ প্ৰেৰণা কৰিছিল যে মচীহে পাপ আৰু মৃত্যুৰপৰা মানৱ জাতিক উদ্ধাৰ কৰিব। সহ-শাসকৰ লগতে মচীহে ঈশ্বৰৰ ৰাজ্যৰ ৰজা হʼব আৰু এই ৰাজ্যই যুদ্ধ, বেমাৰ তথা মৃত্যু নাইকিয়া কৰিব।

  5. ৫ যিহোৱাই নিজৰ পুত্ৰ যীচুক পৃথিৱীলৈ পঠিয়াই আৰু তেওঁক মচীহ হিচাবে পৰিচিত কৰে। যীচুয়ে ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে ঘোষণা কৰে আৰু নিজৰ জীৱন বলিদানৰূপে আগবঢ়ায়। তাৰ পাছত, যিহোৱাই তেওঁক এক আত্মিক জীৱনৰ বাবে পুনৰুত্থান কৰে।

  6. ৬ যিহোৱা ঈশ্বৰে তেওঁৰ পুত্ৰক স্বৰ্গত ৰজা হিচাবে নিযুক্ত কৰে আৰু তেতিয়াৰপৰা এই বৰ্তমান ব্যৱস্থাৰ শেষ কাল আৰম্ভ হʼল। আজি গোটেই পৃথিৱীজোৰি হৈ থকা ৰাজ্যৰ শুভবাৰ্ত্তা ঘোষণা কৰা কাৰ্য্যক যীচুয়ে পৰিচালনা কৰিছে।

  7. ৭ অতি সোনকালে, যিহোৱাই তেওঁৰ পুত্ৰক পৃথিৱীৰ ওপৰত শাসন কৰিবলৈ আজ্ঞা দিব। এই ৰাজ্যই সকলো ভ্ৰষ্ট চৰকাৰক ধ্বংস কৰিব আৰু পৃথিৱীত প্ৰমোদবন স্থাপন কৰিব। ইয়াৰ লগতে, সকলো মানৱ জাতিয়ে সিদ্ধ জীৱন পাব। সৰ্বশেষত চিৰকালৰ বাবে যিহোৱাৰ শাসন কৰা অধিকাৰক সঠিক বুলি প্ৰমাণ কৰা হʼব আৰু তেওঁৰ নাম পবিত্ৰ কৰা হʼব।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক