ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwbr19 এপ্ৰিল পৃষ্ঠা ১-১১
  • এপ্ৰিল—জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • এপ্ৰিল—জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা—২০১৯
  • উপশীৰ্ষক
  • এপ্ৰিল ১-৭
  • এপ্ৰিল ৮-১৪
  • এপ্ৰিল ২২-২৮
  • এপ্ৰিল ২৯–মে’ ৫
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা—২০১৯
mwbr19 এপ্ৰিল পৃষ্ঠা ১-১১

এপ্ৰিল—জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা

এপ্ৰিল ১-৭

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | ১ কৰিন্থীয়া ৭-৯

“অবিবাহিত হৈ থকা এটা উপহাৰ”

(১ কৰিন্থীয়া ৭:৩২) কিন্তু তোমালোকে যেন চিন্তা নকৰাকৈ থাকা, মোৰ এই ইচ্ছা। অবিবাহিত জনে প্ৰভুৰ বিষয়, অৰ্থাৎ প্ৰভুক কেনেকৈ সন্তুষ্ট কৰিব পাৰিব, তালৈহে চিন্তা কৰে।

w১১ ১/১৫ ১৮ ¶৩

আপোনাৰ অবিবাহিতাৰ সম্পূৰ্ণৰূপে সুযোগ লওক

৩ বিবাহিত লোকসকলৰ তুলনাত অবিবাহিত লোকসকলৰ বেছিকৈ সময় আৰু স্বতন্ত্ৰতা থাকে। (১ কৰি. ৭:৩২-৩৫) সেইবাবে, তেওঁ বিশেষকৈ আনক অধিক প্ৰেম দেখুৱাৱ পাৰে, ঈশ্বৰৰ সেৱা কাৰ্য্যত বেছিকৈ সময় অতিবাহিত কৰিব পাৰে আৰু যিহোৱা ঈশ্বৰৰ লগত এক ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তুলিব পাৰে। অবিবাহিত হৈ থকাৰ লাভবোৰ দেখি বহুতো খ্ৰীষ্টানে কিছু সময়ৰ বাবে “অবিবাহিত” হৈ থাকিবলৈ নিৰ্ণয় লৈছে। আন কিছুমান ভাই-ভনীয়ে অবিবাহিত হৈ থাকিবলৈ এতিয়ালৈকে পৰিকল্পনা কৰা নাই। কিন্তু পৰিস্থিতিৰ বাবে যদি তেওঁ অবিবাহিত হৈ আছে, তেনেহʼলে তেওঁ এই বিষয়ে যিহোৱা ঈশ্বৰলৈ প্ৰাৰ্থনা কৰে। ইয়াৰ দ্বাৰা তেওঁ এই মীমাংসাত উপনীত হৈছে যে যিহোৱা ঈশ্বৰৰ সহায়ত তেওঁ অবিবাহিত হৈ থকাৰ লক্ষ্য ৰাখিব পাৰে। এইদৰে, তেওঁ নিজৰ পৰিস্থিতিক আকোৱালি লৈ অবিবাহিত হৈ থাকিবলৈ নিৰ্ণয় লৈছে।—১ কৰি. ৭:৩৭, ৩৮.

(১ কৰিন্থীয়া ৭:৩৩, ৩৪) কিন্তু বিবাহিত জনে সংসাৰৰ বিষয়, অৰ্থাৎ ভাৰ্য্যাক কেনেকৈ সন্তুষ্ট কৰিব পাৰিব, তালৈহে চিন্তা কৰে। ৩৪ সেইদৰে বিবাহিতা তিৰোতা আৰু কুমাৰী, এই উভয়ৰ মাজতো প্ৰভেদ আছে। শৰীৰ আৰু মনো যেন পবিত্ৰ হয়, এই কাৰণে অবিবাহিতা জনীয়ে প্ৰভুৰ বিষয়ে চিন্তা কৰে; কিন্তু বিবাহিতা জনীয়ে সংসাৰৰ বিষয়ে, অৰ্থাৎ স্বামীক কেনেকৈ সন্তুষ্ট কৰিব পাৰিব, তালৈ চিন্তা কৰে।

w০৮ ৭/১৫ ২৭ ¶১

কৰিন্থীয়া চিঠিখনৰ আলোকপাত

৭:৩৩, ৩৪— “সংসাৰৰ বিষয়” বুলিলে কি বুজায়, যাৰ বিষয়ে বিবাহিত পুৰুষ বা তিৰোতাই চিন্তা কৰে? পৌলে দৈনন্দিন জীৱনত প্ৰয়োজন হোৱা বস্তুবোৰৰ বিষয়ে উল্লেখ কৰিছিল, যাৰ বাবে বিবাহিত খ্ৰীষ্টানসকলে চিন্তা কৰাৰ প্ৰয়োজন। ইয়াত জড়িত আছে অন্ন, বস্ত্ৰ, বাসস্থান আদি। কিন্তু খ্ৰীষ্টানসকলে আঁতৰি থকা জগতৰ বেয়া বস্তুবোৰ ইয়াত জড়িত নাই।—১ যোহ. ২:১৫-১৭.

(১ কৰিন্থীয়া ৭:৩৭, ৩৮) কিন্তু যি জনে মনতে থিৰ কৰি, নিজে নিজৰ ইচ্ছাৰ কৰ্ত্তা হৈ, বিয়াৰ প্ৰয়োজন নাই বুলি, তেওঁলৈ দিব খোজা কুমাৰীক কুমাৰীকৈয়ে ৰাখিবলৈ মন নিশ্চয় কৰিলে, তেওঁ ভাল কৰ্ম্ম কৰিব। ৩৮ এতেকে যি জনে তেওঁলৈ দিব খোজা কুমাৰীক বিয়া কৰায়, তেওঁ ভাল কৰে; বিয়া নকৰোৱা জনে তাতকৈয়ো ভাল কৰ্ম্ম কৰিব।

w৯৬ ১০/১৫ ১২-১৩ ¶১৪

অবিবাহিত অৱস্থা —কাৰ্য্যত কোনো বাধা নাই

১৪ যদি এজন অবিবাহিত খ্ৰীষ্টানে নিজৰ অবিবাহিত অৱস্থাক স্বাৰ্থপৰ লক্ষ্যত উপনীত হোৱাৰ বাবে ব্যৱহাৰ কৰে, তেনেহʼলে তেওঁ বিবাহিত খ্ৰীষ্টানসকলতকৈ ভাল কৰা নাই। তেওঁলোকে “স্বৰ্গৰাজ্যৰ নিমিত্তে” নহয়, কিন্তু নিজৰ বাবেহে অবিবাহিত হৈ আছে। (মথি ১৯:১২) অবিবাহিত পুৰুষ বা তিৰোতাই “প্ৰভুৰ বিষয়ে চিন্তা” কৰা উচিত, “প্ৰভুক কেনেকৈ সন্তুষ্ট কৰিব” পাৰি, তাৰ বিষয়ে চিন্তা কৰা উচিত আৰু “বিচলিত নোহোৱাকৈ প্ৰভুৰ সেৱা” কৰি থকা উচিত। ইয়াৰ অৰ্থ হৈছে মনে-প্ৰাণে যিহোৱা ঈশ্বৰ আৰু যীচু খ্ৰীষ্টৰ সেৱা কৰা। কেৱল এইদৰে কৰাৰ যোগেদিহে অবিবাহিত খ্ৰীষ্টানসকলে বিবাহিত খ্ৰীষ্টানসকলতকৈ ভাল কৰিব পাৰে।

আধ্যাত্মিক ৰত্ন বিচাৰক

(১ কৰিন্থীয়া ৭:১১) কিন্তু যদিও কৰে, তথাপি বিয়া নোহোৱাকৈ থাকক, নাইবা স্বামীয়ে সৈতে মিল হওক;—আৰু স্বামীয়েও ভাৰ্য্যাক ত্যাগ নকৰক।

lv ২৫২-২৫৩

অতিৰিক্ত লেখ

কিছুমান চৰম পৰিস্থিতিত, কিছুমান খ্ৰীষ্টানে নিজৰ স্বামী বা স্ত্ৰীৰপৰা পৃথকে থকা বা বিবাহ বিচ্ছেদ কৰাৰ বাবে নিৰ্ণয় লৈছে, যদিও সংগীয়ে ব্যভিচাৰ কৰা নাই। এনে ক্ষেত্ৰত, পৃথকে থকা সংগীসকলৰ বিষয়ে বাইবেলে এইদৰে বৰ্ণনা কৰিছে যে তেওঁলোকে “বিয়া নোহোৱাকৈ থাকক, নাইবা স্বামীয়ে সৈতে মিল হওক।” (১ কৰিন্থীয়া ৭:১১) এনে খ্ৰীষ্টানসকলে আন কাৰোবাক বিয়া কৰাৰ বাবে স্বতন্ত্ৰ নহয়। (মথি ৫:৩২) আহক আমি এতিয়া এনে কিছুমান পৰিস্থিতিৰ বিষয়ে আলোচনা কৰোঁ, যিবোৰৰ বাবে কিছুমান খ্ৰীষ্টানে নিজৰ সংগীৰপৰা পৃথকে থকা উচিত বুলি ভাবে।

পৰিয়ালৰ ভৰণ-পোষণৰ বাবে যত্ন নলয়। স্বামীয়ে পৰিয়ালৰ প্ৰয়োজনীয় বস্তুবোৰ যোগান ধৰাৰ ক্ষমতা থকাৰ সত্বেও, তেওঁ এনে কৰা নাই। সেইবাবে পৰিয়ালত হয়তো জীৱনৰ প্ৰয়োজনীয় বস্তুবোৰৰ অভাৱ হৈছে। বাইবেলে বৰ্ণনা কৰিছে: “কোনোৱে যদি . . . নিজৰ ঘৰৰ পৰিয়ালৰ নিমিত্তে চিন্তা নকৰে, তেন্তে তেওঁ বিশ্বাস অস্বীকাৰ কৰিলে, আৰু অবিশ্বাস কৰা লোকতকৈয়ো অধম।” (১ তীমথিয় ৫:৮) যদি এনে এজন পুৰুষে নিজকে পৰিৱৰ্তন নকৰে, তেনেহʼলে পত্নীয়ে নিজৰ আৰু লʼৰা-ছোৱালীৰ ভালৰ বাবে আইনগতভাৱে পৃথকে থকাৰ বাবে নিৰ্ণয় লʼব পাৰে। যদি কোনো এজন স্বামীৰ ওপৰত তেওঁ পৰিয়ালৰ ভৰণ-পোষণ কৰিবলৈ অস্বীকাৰ কৰা বুলি অভিযোগ আহে, তেনেহʼলে খ্ৰীষ্টান প্ৰাচীনসকলে ইয়াৰ বিষয়ে ভালদৰে চালি-জাৰি চোৱা উচিত। নিজৰ পৰিয়ালৰ ভৰণ-পোষণ কৰিবলৈ অস্বীকাৰ কৰা কোনো ব্যক্তিক মণ্ডলীৰপৰা বহিষ্কাৰ কৰা যাব পাৰে।

শাৰীৰিকভাৱে নিৰ্যাতন কৰা। এজন সংগীয়ে নিজৰ স্বামী বা স্ত্ৰীৰ ওপৰত শাৰীৰিকভাৱে নিৰ্যাতন চলায়, যাৰ বাবে হয়তো সংগীৰ স্বাস্থ্য আৰু জীৱন বিপদত পৰিব পাৰে। তেনে পৰিস্থিতিত, নিৰ্যাতন কৰা সংগীজন যদি খ্ৰীষ্টান হয়, তেনেহʼলে মণ্ডলীৰ প্ৰাচীনসকলে অভিযোগবোৰৰ ওপৰত ভালদৰে পৰীক্ষা কৰা উচিত। যদি এজন ব্যক্তিয়ে অতিপাত খং আৰু হিংস্ৰ আচৰণ কৰি থাকে, তেনেহʼলে তেওঁক মণ্ডলীৰপৰা বহিষ্কাৰ কৰা যাব পাৰে।—গালাতীয়া ৫:১৯-২১.

ঈশ্বৰক উপাসনা কৰিবলৈ অসম্ভৱ হৈ পৰে। এজন সংগীয়ে হয়তো নিজৰ স্বামী বা স্ত্ৰীক সত্য উপাসনা কৰাত বাধা দিবলৈ বা যিহোৱা ঈশ্বৰৰ কোনো আজ্ঞা উলংঘন কৰিবলৈ হেঁচা দিব পাৰে। এনে পৰিস্থিতিত সহন কৰি থকা সংগীয়ে হয়তো নিৰ্ণয় কৰিবলগীয়া হʼব পাৰে যে তেওঁ মানুহতকৈ “ঈশ্বৰৰ আজ্ঞা মানি” আইনগতভাৱে নিজৰ সংগীৰপৰা পৃথক হোৱা উচিত নে অনুচিত।—পাঁচনিৰ কৰ্ম্ম ৫:২৯.

(১ কৰিন্থীয়া ৭:৩৬) তথাপি কোনো মানুহে যদি তেওঁলৈ দিব খোজা কুমাৰীৰ ডেকা-কাল পাৰ হৈ গলে তেওঁ তাইলে অশিষ্টাচৰণ কৰিছোঁ বুলি ভাবে, আৰু যদি বিয়া কৰিবৰ প্ৰয়োজন হয়, তেন্তে তেওঁ যি ইচ্ছা কৰে, তাকে কৰক; তাত পাপ নাই, তেওঁলোকে বিয়া কৰক।

w০০ ৭/১৫ ৩১ ¶২

অনৈতিক জগতত আপুনি নৈতিকতা বজাই ৰাখক

ডেকাসকল, আপোনালোকে মনত ৰাখিব যে আৰম্ভণিত যেতিয়া আপোনাৰ যৌন ইচ্ছা তীব্ৰ হʼবলৈ ধৰে, তেতিয়া বিয়া কৰিবলৈ খৰ-খেদা কৰা উচিত নহয়। স্বামী-স্ত্ৰীয়ে গোটেই জীৱন এজনে-আনজনক সহযোগ কৰিবলগীয়া হয় আৰু এনে দায়িত্বৰ বাবে তেওঁলোকক পৰিপক্ক হোৱাৰ প্ৰয়োজন। (আদিপুস্তক ২:২৪) সেইবাবে, বিয়া কৰিবলৈ আপুনি “ডেকা-কাল পাৰ” হোৱালৈ অপেক্ষা কৰাটো উচিত হʼব। কিয়নো এই বয়সত যৌন ইচ্ছা তীব্ৰ হয়, সেইবাবে ডেকাসকলে সঠিক নিৰ্ণয় লʼব নোৱাৰে। (১ কৰিন্থীয়া ৭:৩৬) যদি এজন লʼৰা বা ছোৱালীয়ে জীৱন সংগী পোৱা নাই বুলি তেওঁ নিজৰ ইচ্ছা পূৰ কৰিবলৈ অনৈতিক কাৰ্য্য কৰে, তেনেহʼলে ই এক কেৱল মূৰ্খতাৰ কাৰ্য্য নহয়, কিন্তু এক গভীৰ পাপ হʼব।

বাইবেল পাঠ

(১ কৰিন্থীয়া ৮:১-১৩) দেৱতাৰ প্ৰসাদৰ বিষয়ে আমাৰ আটাইৰে জ্ঞান আছে বুলি আমি জানো। জ্ঞানে অহঙ্কাৰ জন্মায়, কিন্তু প্ৰেমে ধৰ্ম্মত বৃদ্ধি কৰে। ২ যদি কোনোৱে কিছু জানো বুলি ভাবে, তেন্তে তেওঁ জানিব লগা ৰূপে একো নাজানে; ৩ কিন্তু যি জনে ঈশ্বৰক প্ৰেম কৰে, সেই জনেই তেওঁৰ জনা লোক। ৪ দেৱতাৰ প্ৰসাদ খোৱাৰ বিষয়ে হলে, জগতখনত কোনো দেৱতা নাই, আৰু এজনা ঈশ্বৰৰ বাহিৰে আন ঈশ্বৰ নাই, ইয়াক আমি জানো। ৫ কিয়নো আকাশত বা পৃথিবীতো ঈশ্বৰ-নামধাৰীবিলাক যদিও আছে, (সেই দৰে অনেক ঈশ্বৰ আৰু অনেক প্ৰভু আছে;) ৬ তথাপি যি জনাৰ পৰা সকলো বস্তু হয়, আৰু যি জনাৰ নিমিত্তে আমিও আছোঁ, আমালৈ সেই এজনা পিতৃ ঈশ্বৰহে আছে; আৰু যি জনাৰ দ্বাৰাই সকলো বস্তু হয়, আৰু যি জনাৰ দ্বাৰাই আমিও আছোঁ, কেৱল সেই এক প্ৰভু যীচু খ্ৰীষ্ট্‌হে আছে। ৭ কিন্তু সকলোৰে এনে জ্ঞান নাই; কিয়নো কোনো লোকৰ পূৰ্ব্বৰ দেৱতা মনা ৰীতি এতিয়ালৈকে থকাত, তেওঁবিলাকে দেৱতাৰ প্ৰসাদ বুলি খায়; তাতে তেওঁবিলাকৰ বিবেক দুৰ্ব্বল হোৱাত, সেয়ে কলুষিত হয়। ৮ খোৱা বস্তুৱে ঈশ্বৰৰ আগত আমাক গ্ৰাহ্য নকৰাব; আমি নাখালেও আমাৰ হানি নহয়, বা খালেও আমাৰ বৃদ্ধি নহয়। ৯ তথাপি তোমালোকৰ এই ক্ষমতা যাতে দুৰ্ব্বল মানুহলৈ উজটি খুউৱা মুঢ়াস্বৰূপ নহয়, তালৈ সাৱধান হোৱা। ১০ কিয়নো জ্ঞান থকা যি তুমি, তোমাক যদি কোনোৱে দেৱালয়ত খাবলৈ বহা দেখে, তেন্তে তেওঁ দুৰ্ব্বল মানুহ হলে, তেওঁৰ বিবেকে দেৱতাৰ প্ৰসাদ খাবলৈ সাহ নকৰিব নে? ১১ তাতে যি ভাইৰ নিমিত্তে খ্ৰীষ্ট্‌ মৰিল, সেই দুৰ্ব্বল জন তোমাৰ জ্ঞানৰ দ্বাৰাই বিনষ্ট হয়। ১২ তোমালোকে ভাইবিলাকৰ বিৰুদ্ধে এইদৰে পাপ কৰি, তেওঁবিলাকৰ দুৰ্ব্বল বিবেকত আঘাত কৰিলে, তোমালোকে খ্ৰীষ্টৰ বিৰুদ্ধে পাপ কৰা হয়। ১৩ এই কাৰণে খোৱা বস্তুৱে যদি মোৰ ভাইৰ বিঘিনি জন্মায়, তেন্তে ভাইৰ বিঘিনি নজন্মাবৰ কাৰণে মই আৰু কেতিয়াও মঙহ নাখাওঁ।

এপ্ৰিল ৮-১৪

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | ১ কৰিন্থীয়া ১০-১৩

“যিহোৱা হৈছে বিশ্বাসযোগ্য”

(১ কৰিন্থীয়া ১০:১৩) যি যি পৰীক্ষা মানুহবিলাকত চলে, তাৰ বাহিৰে তোমালোকলৈ আন পৰীক্ষা ঘটা নাই; কিন্তু ঈশ্বৰ বিশ্বাসী; তেওঁ তোমালোকলৈ শক্তিৰ অতিৰিক্ত পৰীক্ষা ঘটিবলৈ নিদিব; কিন্তু যাতে তোমালোকে সহিব পাৰিবা, তাৰ কাৰণে পৰীক্ষাই সৈতে সাৰিবৰ উপায়ো কৰিব।

w১৭·০২ ২৯-৩০

পাঠকসকলৰ প্ৰশ্ন

পাঁচনি পৌলে লিখিছিল যিহোৱাই “তোমালোকলৈ শক্তিৰ অতিৰিক্ত পৰীক্ষা ঘটিবলৈ নিদিব।” (১ কৰিন্থীয়া ১০:১৩) ইয়াৰ অৰ্থ এয়া নেকি যে যিহোৱাই আগতীয়াকৈ জানে নেকি যে আমি কিমান সহন কৰিব পাৰোঁ আৰু তাৰ পাছত নিৰ্ণয় কৰে আমাৰ জীৱনত কি কি পৰীক্ষা অহা উচিত?

▪ যদি এয়া সত্য, তেনেহʼলে ইয়াৰ অৰ্থ কি হʼব পাৰে? এজন ভাই, যাৰ লʼৰাই আত্মহত্যা কৰিলে, তেওঁ এইদৰে সোধে: ‘যিহোৱাই আগতীয়াকৈ জানিছিল নে যে মই আৰু মোৰ পত্নীয়ে আমাৰ লʼৰাৰ মৃত্যুৰ শোক সহন কৰিব পাৰিম? এই ঘটনা হোৱাৰ কাৰণ এয়া নেকি যে যিহোৱাই আগতীয়াকৈ থিৰাং কৰিছিল যে আমি ইয়াক সহন কৰিব পাৰিম?’ এই কথা বিশ্বাস কৰাৰ কিবা উচিত কাৰণ আছে নে যে যিহোৱাই আমাৰ জীৱনত এইদৰে নকৰে?

প্ৰথম কৰিন্থীয়া ১০:১৩ পদত উল্লেখ কৰা পৌলৰ বাক্য চালি-জালি চোৱাৰ পাছত আমি এই মীমাংসাত উপনীত হৈছোঁ: বাইবেলত এনে কোনো প্ৰমাণ নাই যে যিহোৱা ঈশ্বৰে আগতীয়াকৈ আমাৰ সহন কৰাৰ শক্তিৰ বিষয়ে জানে আৰু আমাৰ ওপৰত কি কি পৰীক্ষা আহিব, তাক নিৰ্ণয় কৰে। আমি এইদৰে কিয় কʼব পাৰোঁ, আহক ইয়াৰ চাৰিটা কাৰণ বিবেচনা কৰোঁ।

প্ৰথম কাৰণ, যিহোৱা ঈশ্বৰে মানৱজাতিক নিজে নিৰ্ণয় লোৱাৰ বাবে স্বাধীনতা দিছে। আমি নিজে নিৰ্ণয় লোৱাটো তেওঁ বিচাৰে। (দ্বিতী. ৩০:১৯, ২০; যিহূ. ২৪:১৫) যদি আমি ভাল কাম কৰিবলৈ নিৰ্ণয় লওঁ, তেনেহʼলে যিহোৱা ঈশ্বৰে আমাক নিৰ্দেশনা দিব। (হিতো. ১৬:৯) কিন্তু যদি আমি বেয়া কাম কৰিবলৈ নিৰ্ণয় লওঁ, তেনেহʼলে আমাক বেয়া পৰিস্থিতিৰ সন্মুখীন হʼবলগীয়া হʼব। (গালা. ৬:৭) চিন্তা কৰক, যদি আমাৰ জীৱনলৈ অহা পৰীক্ষাবোৰৰ নিৰ্ণয় যিহোৱা ঈশ্বৰে লয়, তেনেহʼলে তেওঁ আমাক স্বাধীনতা দিছে বুলি কোৱাটো সঠিক হʼবনে?

দ্বিতীয় কাৰণ, যিহোৱা ঈশ্বৰে আমাক ‘অকস্মাৎ হোৱা আপদৰপৰা’ ৰক্ষা নকৰে। (উপ. ৯:১১) কেতিয়াবা কেতিয়াবা লোকসকলে এনে ঠাইত থাকে, যʼত হঠাতে কোনো দুৰ্ঘটনা ঘটে আৰু তেওঁলোকে তাৰ সন্মুখীন হʼবলগীয়া হয়। যীচু খ্ৰীষ্টও এনে এক ঘটনাৰ বিষয়ে কৈছিল, যʼত এটা স্তম্ভ পৰাৰ বাবে ১৮ জন লোকৰ মৃত্যু হৈছিল। তেওঁ স্পষ্টৰূপে কৈছিল যে তেওঁলোকৰ মৃত্যুৰ আঁৰত ঈশ্বৰৰ হাত নাছিল। (লূক ১৩:১-৫) গতিকে, এয়া ভবা উচিত নহয় যে কোনো দুৰ্ঘটনাত কাৰ মৃত্যু হʼব আৰু কোন বাছিব, তাৰ নিৰ্ণয় যিহোৱা ঈশ্বৰে কৰে।

তৃতীয় কাৰণ, আমি প্ৰতিজনে নিজে যিহোৱাৰ বিশ্বাসী হৈ থকা উচিত। মনত পেলাওক যে যিহোৱাৰ সেৱকসকলৰ নিষ্ঠাৰ ওপৰত চয়তানে প্ৰশ্ন তুলিছিল। সি দাবী কৰিছিল যে পৰীক্ষা আহিলে, সেৱকসকলে যিহোৱাৰ সেৱা কৰিবলৈ এৰি দিব। (ইয়ো. ১:৯-১১; ২:৪; প্ৰকা. ১২:১০) আমি পৰীক্ষাৰ সহন কৰিব নোৱাৰোঁ বুলি যদি যিহোৱা ঈশ্বৰে আমাৰ ওপৰত পৰীক্ষাবোৰ আহিবলৈ নিদিয়ে, তেনেহʼলে তেওঁ চয়তানৰ দাবীক সঁচা বুলি প্ৰমাণ নকৰিবনে?

চতুৰ্থ কাৰণ, আমাৰ লগত কি কি হʼব, তাৰ বিষয়ে যিহোৱা ঈশ্বৰে আগতীয়াকৈ জানিবলৈ চেষ্টা নকৰে। এয়া সঁচা যে যদি তেওঁ বিচাৰে, তেনেহʼলে তেওঁ ভৱিষ্যতে হʼবলগীয়া ঘটনাবোৰৰ বিষয়ে আগতীয়াকৈ জানিব পাৰে। (যিচ. ৪৬:১০) কিন্তু বাইবেলে বৰ্ণনা কৰে যে তেওঁ সকলো সময়তে এইদৰে নকৰে। (আদি. ১৮:২০, ২১; ২২:১২) যিহোৱা হৈছে এজন মৰমিয়াল ঈশ্বৰ। সেইবাবে তেওঁ এনে একো নকৰে, যাতে নিজে নিৰ্ণয় কৰাৰ আমাৰ যি স্বাধীনতা আছে, সেয়া নাইকিয়া হৈ যায়।—দ্বিতী. ৩২:৪; ২ কৰি. ৩:১৭.

কিন্তু পাঁচনি পৌলে কৈছিল যে ঈশ্বৰে “তোমালোকলৈ শক্তিৰ অতিৰিক্ত পৰীক্ষা ঘটিবলৈ নিদিব; কিন্তু যাতে তোমালোকে সহিব পাৰিবা, তাৰ কাৰণে পৰীক্ষাই সৈতে সাৰিবৰ উপায়ো কৰিব।” ইয়াৰ অৰ্থ কি? যিহোৱা ঈশ্বৰে পৰীক্ষাৰ সময়ত কি কৰে, তাক পাঁচনি পৌলে তুলি ধৰিছে, কিন্তু পৰীক্ষাৰ আগৰ কথা কোৱা নাই। পাঁচনি পৌলৰ বাক্যই আমাক আশ্বাস দিয়ে যে যদি আমি যিহোৱাৰ ওপৰত ভৰসা কৰোঁ, তেনেহʼলে আমাৰ জীৱনত যিয়েই পৰীক্ষা নাহক কিয়, তাক পাৰ কৰিবলৈ তেওঁ আমাক সহায় কৰিব। (গীত. ৫৫:২২) পৌলে দুটা কাৰণৰ বাবে এইদৰে কৈছিল।

প্ৰথম, আমি সন্মুখীন হোৱা পৰীক্ষাবোৰ “মানুহবিলাকত চলে” অৰ্থাৎ তেওঁলোকেও সন্মুখীন হয়। যেতিয়ালৈকে আমি চয়তানৰ ব্যৱস্থাত জীয়াই থাকিম, তেতিয়ালৈকে আমি পৰীক্ষাবোৰৰ সন্মুখীন হʼব লাগিব। কিন্তু যদি আমি তেওঁৰ ওপৰত ভৰসা ৰাখিম, তেনেহʼলে আমি পৰীক্ষাবোৰৰ সন্মুখীন হʼব পাৰিম আৰু তেওঁৰ বিশ্বাসী হৈ থাকিব পাৰিম। (১ পিত. ৫:৮, ৯) পাঁচনি পৌলে প্ৰথম কৰিন্থীয়া ১০:১৩ পদৰ আগৰ পদবোৰত ইস্ৰায়েলীসকলে অৰণ্যৰ মাজত সন্মুখীন হোৱা পৰীক্ষাবোৰৰ বিষয়ে উল্লেখ কৰিছে। (১ কৰি. ১০:৬-১১) যিসকল ইস্ৰায়েলীয়ে যিহোৱাৰ ওপৰত ভৰসা কৰিছিল, তেওঁলোকে সেই পৰীক্ষাবোৰৰ সন্মুখীন হʼব পাৰিছিল। কিন্তু কিছুমান ইস্ৰায়েলীয়ে যিহোৱাৰ ওপৰত ভৰসা কৰা নাছিল। সেইবাবে, তেওঁলোকে যিহোৱাৰ আজ্ঞা পালন কৰা নাছিল আৰু তেওঁলোকে যিহোৱাৰ বিশ্বাসী হৈ থাকিব নোৱাৰিলে।

দ্বিতীয়, “ঈশ্বৰ বিশ্বাসী।” ইয়াৰ অৰ্থ কি? প্ৰাচীন সময়ত যিহোৱা ঈশ্বৰে নিজৰ লোকসকলৰ লগত যিদৰে ব্যৱহাৰ কৰিছিল, তাৰ বিষয়ে ধ্যান কৰিলে আমি বুজিব পাৰোঁ যে “তেওঁক প্ৰেম কৰা আৰু তেওঁৰ আজ্ঞা পালন” কৰা লোকসকলক তেওঁ সহায় কৰে। (দ্বিতী. ৭:৯) ইয়াৰপৰা আৰু এটা কথা বুজিব পাৰি যে যিহোৱা ঈশ্বৰে সদায় নিজৰ প্ৰতিজ্ঞা পূৰ কৰে। (যিহূ. ২৩:১৪) ইয়ে দুটা বিষয়ত আমাৰ বিশ্বাস দৃঢ় কৰে: (১) আমি সহন কৰিব নোৱাৰাকৈ কোনো পৰীক্ষা আমাৰ ওপৰত হৈ থাকিবলৈ যিহোৱা ঈশ্বৰে নিদিয়ে আৰু (২) তেওঁ “পৰীক্ষাই সৈতে সাৰিবৰ উপায়ো” দিব।

যিসকলে যিহোৱাৰ ওপৰত ভৰসা কৰে, তেওঁলোকক পৰীক্ষাবোৰ পাৰ কৰিবলৈ কেনেকৈ উপায় দিব? নিঃসন্দেহ, যিহোৱা ঈশ্বৰে আমাৰ সন্মুখৰপৰা যিকোনো পৰীক্ষা আঁতৰাব পাৰে। কিন্তু পৌলে কি কৈছিল, তালৈ ধ্যান দিয়ক: “তোমালোকে সহিব পাৰিবা, তাৰ কাৰণে পৰীক্ষাই সৈতে সাৰিবৰ উপায়ো” যিহোৱা ঈশ্বৰে দিব। সেইবাবে, বহুতো ক্ষেত্ৰত যিহোৱা ঈশ্বৰে পৰীক্ষাবোৰ সহন কৰিবলৈ আমাক প্ৰয়োজনীয় সহায় আগবঢ়ায়। এইদৰে তেওঁ আমাক ‘উপায়’ দিয়ে। যিহোৱা ঈশ্বৰে দিয়া কিছুমান উপায়ৰ বিষয়ে বিবেচনা কৰক:

▪ তেওঁ “আমাৰ ক্লেশৰ মাজত আমাক শান্ত্বনা দিয়ে।” (২ কৰি. ১:৩, ৪) পৰীক্ষাৰ সময়ছোৱাত যিহোৱা ঈশ্বৰে বাইবেল, পবিত্ৰ আত্মা আৰু বিশ্বাসী বুদ্ধিমান দাসৰ যোগেদি আমাৰ অশান্ত মন আৰু হৃদয় শান্ত কৰিব পাৰে।—মথি ২৪:৪৫, ৰোমীয়া ১৫:৪.

▪ তেওঁ পবিত্ৰ আত্মাৰ যোগেদি আমাক নিৰ্দেশনা দিয়ে। (যোহ. ১৪:২৬) পবিত্ৰ আত্মাই আমাক বাইবেলৰ ঘটনা আৰু সিদ্ধান্তবোৰ মনত পেলাবলৈ সহায় কৰে। ইয়াৰ দ্বাৰা আমি সঠিক নিৰ্ণয় লʼবলৈ সক্ষম হওঁ।

▪ তেওঁ স্বৰ্গদূতৰ যোগেদি আমাক সহায় আগবঢ়াব পাৰে।—ইব্ৰী ১:১৪.

▪ তেওঁ ভাই-ভনীসকলৰ যোগেদি আমাক সহায় কৰিব পাৰে। তেওঁলোকে নিজৰ বাক্য আৰু কাৰ্য্যৰে আমাক উৎসাহিত কৰে।—কল. ৪:১১.

প্ৰথম কৰিন্থীয়া ১০:১৩ পদৰ পৌলৰ বাক্যৰপৰা আমি কি শিকিলোঁ? আমাৰ জীৱনলৈ অহা পৰীক্ষাবোৰৰ নিৰ্ণয় যিহোৱা ঈশ্বৰে নলয়। কিন্তু যদি আমি যিহোৱাৰ ওপৰত ভৰসা ৰাখোঁ, তেনেহʼলে আমি যিকোনো পৰীক্ষাৰ সন্মুখীন হʼব পাৰিম। আমি যাতে তেওঁৰ প্ৰতি বিশ্বাসী হৈ থাকিব পাৰোঁ, তাৰ বাবে তেওঁ উপায় আগবঢ়াব।

(১ কৰিন্থীয়া ১০:১৩) যি যি পৰীক্ষা মানুহবিলাকত চলে, তাৰ বাহিৰে তোমালোকলৈ আন পৰীক্ষা ঘটা নাই; কিন্তু ঈশ্বৰ বিশ্বাসী; তেওঁ তোমালোকলৈ শক্তিৰ অতিৰিক্ত পৰীক্ষা ঘটিবলৈ নিদিব; কিন্তু যাতে তোমালোকে সহিব পাৰিবা, তাৰ কাৰণে পৰীক্ষাই সৈতে সাৰিবৰ উপায়ো কৰিব।

(১ কৰিন্থীয়া ১০:১৩) যি যি পৰীক্ষা মানুহবিলাকত চলে, তাৰ বাহিৰে তোমালোকলৈ আন পৰীক্ষা ঘটা নাই; কিন্তু ঈশ্বৰ বিশ্বাসী; তেওঁ তোমালোকলৈ শক্তিৰ অতিৰিক্ত পৰীক্ষা ঘটিবলৈ নিদিব; কিন্তু যাতে তোমালোকে সহিব পাৰিবা, তাৰ কাৰণে পৰীক্ষাই সৈতে সাৰিবৰ উপায়ো কৰিব।

আধ্যাত্মিক ৰত্ন বিচাৰক

(১ কৰিন্থীয়া ১০:৮) আৰু তেওঁবিলাকৰ কিছুমানে যেনেকৈ ব্যভিচাৰ কৰাত; একে দিনাই একুৰি তিনি হাজাৰ মানুহ মৰা পৰিল, তেনেকৈ আমি ব্যভিচাৰ নকৰোঁহঁক।

w০৪ ৫/১ ২৭

পাঠকসকলৰ প্ৰশ্ন

গণনা পুতক ২৫:৯ পদত কৈছে যে ব্যভিচাৰ কৰাৰ বাবে ২৪,০০০ জন, কিন্তু ১ কৰিন্থীয়া ১০:৮ পদত কিয় ২৩,০০০ জন ইস্ৰায়েল লোক মৰিল বুলি কৈছে?

এই দুয়োটা পদত উল্লেখ কৰা পৰিমাণৰ ভিন্নতাৰ বাবে কেইবাটাও কাৰণ বৰ্ণনা কৰিব পাৰি। একেবাৰে সহজ সংখ্যাটো আচলতে ২৩,০০০ আৰু ২৪,০০০ জনৰ মাজৰ পৰিমাণৰ সংখ্যাবোৰ। এইদৰে উল্লেখ কৰা সংখ্যাবোৰে হয়তো কম বা বেছি সংখ্যক লোকৰ পূৰ্ণ সংখ্যা দাঙি ধৰিছে।

আন এক সম্ভাৱনাৰ বিষয়ে বিবেচনা কৰক। পাঁচনি পৌলে চিটীমত বাস কৰা ইস্ৰায়েলসকলৰ এই ঘটনাটোক কৰিন্থীয়াত বাস কৰা খ্ৰীষ্টান ভাই-ভনীসকলক সতৰ্ক কৰিবলৈ উল্লেখ কৰিছিল। কিয়নো তেওঁলোকে ব্যভিচাৰপূৰ্ণ কাৰ্য্যৰ বাবে খ্যাত হোৱা চহৰত বাস কৰিছিল। তেওঁলোকক উদ্দেশ্য কৰি পৌলে এইদৰে লিখিছিল: “যেনেকৈ ব্যভিচাৰ কৰাত; একে দিনাই একুৰি তিনি হাজাৰ মানুহ মৰা পৰিল, তেনেকৈ আমি ব্যভিচাৰ নকৰোঁহঁক।।” ইয়াত কেৱল ব্যভিচাৰ কাৰ্য্যৰ বাবে যিহোৱাই বধ কৰাসকলৰ সংখ্যা দাঙি ধৰি পৌলে ২৩,০০০ জন মৰিল বুলি কৈছে।—১ কৰিন্থীয়া ১০:৮.

যিহেতু গণনা পুতক ২৫ অধ্যায়ত কৈছ যে, “ইস্ৰায়েল বাল-পিয়োৰ দেৱতাত আসক্ত হোৱাত ইস্ৰায়েলৰ অহিতে যিহোৱাৰ ক্ৰোধ জ্বলি উঠিল।” তেতিয়া যিহোৱাই মোচিক “লোকবিলাকৰ আটাই মূল মানুহক” মৃত্যুদণ্ড দিবলৈ আজ্ঞা দিলে। মোচিয়ে বিচাৰকৰ্তাসকলক যিহোৱাই কৰা সেই আজ্ঞা পালন কৰিবলৈ আদেশ দিলে। অৱশেষত, যেতিয়া পীনহচে ইস্ৰায়েলৰ চাউনীলৈ এজনী মিদিয়নীয়া তিৰোতা অনা ইস্ৰায়েল ব্যক্তিক বধ কৰাতহে “মহামাৰী স্থগিত হʼল।” সেই বৃতান্তত এইদৰে কৈ সামৰণী মাৰিছে: “যিবোৰ মহামাৰীত মৰিল সিহত চব্বিশ হাজাৰ লোক আছিল।”—গণনা পুতক ২৫:১-৯.

গণনা পুস্তকত উল্লেখ কৰা মৃত্যু হোৱা লোকসকলৰ সংখ্যাত বিচাৰকৰ্ত্তাসকলে “আটাই মূল মানুহক” মৃত্যুদণ্ড দিয়া আৰু যিহোৱাই পোনপটীয়াকৈ বধ কৰিবলৈ দিয়া আজ্ঞাও সন্মিলিত আছে। বিচাৰকৰ্ত্তাসকলৰ হাতত মৃত্যু হোৱা লোকসকলৰ সংখ্যা আছিল সম্ভৱতঃ এক হাজাৰ জন আৰু এইদৰে মৃত্যু হোৱা লোকসকলৰ মুঠ সংখ্যা আছিল ২৪,০০০ জন। গতিকে সেই মূল মানুহ বা অবৈধ কাৰ্য্যচক্ৰৰ দলপতি, ব্যভিচাৰ কৰাসকল, ঘৃণনীয় উৎসৱবোৰত ভাগ লোৱা অথবা মৃত্যু হোৱাবিলাকক সহযোগ কৰা, সেই সকলো “বাল্‌পিয়োৰ দেৱতাত আসক্ত” হোৱা অপৰাধত জগৰীয়া আছিল।

“আসক্ত” শব্দটোৰ বিষয়ে এটা উল্লেখত এইদৰে বৰ্ণনা কৰা হৈছে যে, “এই শব্দটো শাৰীৰিক আৰু আধ্যাত্মিক ব্যভিচাৰত প্ৰযোজ্য হয়।” ইস্ৰায়েলসকল যিহোৱালৈ সমৰ্পিত লোক আছিল, কিন্তু যেতিয়া “বাল্‌পিয়োৰ দেৱতাত আসক্ত” হʼল তেতিয়া তেওঁলোকে ঈশ্বৰৰ সৈতে থকা সমৰ্পিত সম্বন্ধ ছিঙি পেলালে। সেই ইস্ৰায়েলসকলৰ সম্পৰ্কে প্ৰায় ৭০০ বছৰৰ পিছত ভৱিষ্যতবক্তা হোচেয়াৰ দ্বাৰা যিহোৱা ঈশ্বৰে এইদৰে কৈছিল: “তেওঁবিলাকে বাল পিয়োৰৰ ওচৰলৈ গৈ লাজ লগা বস্তুটোৰ উদ্দেশে নিজকে পৃথক কৰিলে, আৰু তেওঁবিলাকে প্ৰেম কৰা বস্তুটোৰ দৰে তেওঁবিলাক ঘৃণনীয় হল।” (হোচেয়া ৯:১০) তেনেদৰে কৰা সেই সকলোৱে ঈশ্বৰৰ ন্যায়-বিচাৰৰ যোগ্য আছিল। সেয়েহে মোচিয়ে ইস্ৰায়েলৰ পুত্ৰসকলক এইদৰে সোঁৱৰাই দিছিল: “যিহোৱাই বাল-পিয়োৰৰ কাৰণে যি কৰিছিল, তাক তোমালোকে নিজ চকুৰে দেখিলা; কিয়নো তোমাৰ ঈশ্বৰ যিহোৱাই বাল-পিয়োৰৰ পাছত যোৱা আটাই লোকক তোমাৰ মাজৰ পৰা উচ্ছন্ন কৰিলে।”—দ্বিতীয় বিবৰণ ৪:৩.

(১ কৰিন্থীয়া ১১:৫, ৬) কিন্তু যি কোনো তিৰোতা মানুহে উদং মূৰে প্ৰাৰ্থনা কৰে, বা ঐশ্বৰিক ভাবোক্তি প্ৰচাৰ কৰে, তেওঁ তেওঁৰ মূৰ অমৰ্য্যাদা কৰে; কিয়নো তেওঁৰ মূৰ খুৰুউৱাৰ নিচিনা হয়। ৬ কাৰণ তিৰোতাই যদি ওৰণি নলয়, তেন্তে চুলিও কটা যাওক; কিন্তু চুলি কটা বা মূৰ খুৰুৱা যদি লাজৰ কথা হয়, তেন্তে তেওঁ ওৰণি লওক।

(১ কৰিন্থীয়া ১১:১০) এই কাৰণে স্বৰ্গদূতবিলাকৰ নিমিত্তে তিৰোতা মানুহে নিজৰ মানুহে নিজৰ মূৰত ক্ষমতাৰ চিন ৰখা তেওঁৰ কৰ্ত্তব্য।

w১৫ ২/১৫ ৩০

পাঠকসকলৰ প্ৰশ্ন

যদি এগৰাকী ভনীয়ে এজন ভাইৰ উপস্থিতিত বাইবেল অধ্যয়ন পৰিচালনা কৰে, তেনেহʼলে তাইক মূৰত ওৰণি লোৱাৰ প্ৰয়োজন আছেনে?

▪ ১৫ জুলাই, ২০০২ চনৰ প্ৰহৰীবুৰুজত প্ৰকাশ পোৱা “পাঠকসকলৰ প্ৰশ্ন” নামৰ লেখত উল্লেখ কৰা হৈছিল যে এজন ভাই বাপ্তিষ্মাপ্ৰাপ্ত হওক বা নহওক যদি তেওঁৰ উপস্থিতিত এগৰাকী ভনীয়ে বাইবেল অধ্যয়ন কৰে, তেনেহʼলে তাই মূৰত ওৰণি লোৱা উচিত। কিন্তু এই বিষয়ত গভীৰভাৱে বিবেচনা কৰাৰ পাছত এই নিৰ্দেশনাত কিছুমান সাল-সলনি কৰা হৈছে।

যদি এজন বাপ্তিষ্মাপ্ৰাপ্ত ভায়ে কিছু দিনৰপৰা হৈ থকা বাইবেল অধ্যয়নত উপস্থিত হয় আৰু এগৰাকী ভনীয়ে বাইবেল অধ্যয়ন কৰে, তেনেহʼলে ভনীগৰাকীক মূৰত ওৰণি লোৱাৰ প্ৰয়োজন। এনে কৰাৰ যোগেদি তাই যিহোৱাই ব্যৱস্থা কৰা মণ্ডলীৰ মুৰব্বীৰ প্ৰতি সন্মান বা আদৰ দেখুৱায়। কিয়নো সেই সময়ত ভনীগৰাকীয়ে বাইবেল অধ্যয়ন কৰাৰ যোগেদি এনে এক দায়িত্ব পালন কৰে, যি বিশেষকৈ এজন ভায়ে কৰা উচিত। (১ কৰি. ১১:৫, ৬, ১০) যদি ভাইজনে অধ্যয়ন কৰাৰ বাবে যোগ্য হয় আৰু চলাব পাৰিব, তেনেহʼলে ভনীয়ে ভাইজনক বাইবেল অধ্যয়ন চলাবলৈ অনুৰোধ কৰিব পাৰে।

আনহাতে, যদি এজন বাপ্তিষ্মা নোলোৱা প্ৰচাৰকে কিছু দিনৰপৰা এগৰাকী ভনীয়ে চলাই থকা বাইবেল অধ্যয়নত উপস্থিত হয় আৰু সেই ভাইজন, ভনীগৰাকীৰ স্বামী নহয়, তেনেহʼলে শাস্ত্ৰৰ নিৰ্দেশনা অনুসৰি ভনীগৰাকীয়ে অধ্যয়ন কৰাৰ সময়ত মূৰত ওৰণি লোৱাৰ প্ৰয়োজন নাই। কিন্তু এনে পৰিস্থিতিতো কিছুমান ভনীৰ বিবেকে মূৰত ওৰণি লʼবলৈ অনুপ্ৰাণিত কৰিব পাৰে।

বাইবেল পাঠ

(১ কৰিন্থীয়া ১০:১-১৭) হে ভাইবিলাক, তোমালোকে নজনাকৈ থকা মোৰ ইচ্ছা নাই যে, আমাৰ পূৰ্ব্ব-পুৰুষ সকলোৱেই মেঘৰ তলত আছিল, আৰু সকলোৱেই সাগৰৰ মাজেদি আহিছিল; ২ আৰু সকলোৱেই মেঘ আৰু সাগৰতে মোচিলৈ বাপ্তাইজিত হৈছিল; ৩ আৰু সকলোৱেই একে আত্মিক আহাৰ ভোজন কৰিছিল; আৰু সকলোৱেই একে আত্মিক জন পান কৰিছিল; ৪ কিয়নো তেওঁবিলাকৰ পাছে পাছে চলা আত্মিক শিলৰ পৰা তেওঁবিলাকে পান কৰিছিল; সেই শিলেই খ্ৰীষ্ট্‌। ৫ তথাপি তেওঁবিলাকৰ অধিক ভাগ লোকৰ ওপৰত ঈশ্বৰ সন্তুষ্ট নহল; কিয়নো তাৰ প্ৰমাণ এই যে, তেওঁবিলাকক অৰণ্যতে নিপাত কৰা হল। ৬ তেওঁবিলাকে যেনেকৈ কামনা কৰিছিল, আমিও যেন তেনেকৈ মন্দ বিষয়ৰ কামনা নকৰোঁ, এই কাৰণে সেই ঘটনাই আমালৈ আৰ্হি হল। ৭ আৰু তেওঁবিলাকৰ মাজৰ কিছুমান যেনেকৈ দেৱপূজক হৈছিল, তোমালোক তেনে নহবা; সেই বিষয়ে এনে লিখা আছে; মানুহবিলাকে ভোজন-পান কৰিবলৈ বহিল, পাছে ধেমালি কৰিবলৈ উঠিল। ৮ আৰু তেওঁবিলাকৰ কিছুমানে যেনেকৈ ব্যভিচাৰ কৰাত; একে দিনাই একুৰি তিনি হাজাৰ মানুহ মৰা পৰিল, তেনেকৈ আমি ব্যভিচাৰ নকৰোঁহঁক। ৯ আৰু তেওঁবিলাকৰ কিছুমানে যেনেকৈ পৰীক্ষা কৰাত, সাপৰ দ্বাৰাই বিনষ্ট হল, তেনেকৈ আমি প্ৰভুৰ পৰীক্ষা নকৰোঁহঁক। ১০ আৰু তেওঁবিলাকৰ কিছুমানে যেনেকৈ গৰিহণা দিয়াত, তেওঁবিলাক সংহাৰকৰ দ্বাৰাই বিনষ্ট হল, তোমালোকে তেনেকৈ গৰিহণা নিদিবাহঁক। ১১ তেওঁবিলাকলৈ আৰ্হিস্বৰূপে এইবোৰ ঘটিছিল; আৰু, শেষ যুগৰ মানুহ যি আমি, আমাক চেতনা দিবলৈ লিখা আছে। ১২ এই কাৰণে যি কোনোৱে থিৰে আছোঁ বুলি ভাবে, তেওঁ যেন নপৰে, তাৰ নিমিত্তে সাৱধান হওক। ১৩ যি যি পৰীক্ষা মানুহবিলাকত চলে, তাৰ বাহিৰে তোমালোকলৈ আন পৰীক্ষা ঘটা নাই; কিন্তু ঈশ্বৰ বিশ্বাসী; তেওঁ তোমালোকলৈ শক্তিৰ অতিৰিক্ত পৰীক্ষা ঘটিবলৈ নিদিব; কিন্তু যাতে তোমালোকে সহিব পাৰিবা, তাৰ কাৰণে পৰীক্ষাই সৈতে সাৰিবৰ উপায়ো কৰিব। ১৪ এই কাৰণে, হে মোৰ প্ৰিয়বিলাক, দেৱপূজাৰ পৰা পলোৱা। ১৫ মই তোমালোকক বুদ্ধিমান জানি কওঁ, তোমালোকে নিজে মোৰ কথা বিবেচনা কৰা। ১৬ আমি যি আশীৰ্ব্বাদৰ পানপাত্ৰক আশীৰ্ব্বাদ কৰোঁ, সেয়ে খ্ৰীষ্টৰ তেজৰ সহভাগিতা নহয় নে? আৰু যি পিঠা ভাঙো, সেয়ে খ্ৰীষ্টৰ শৰীৰৰ সহভাগিতা নহয় নে? ১৭ কিয়নো অনেক যি আমি, আমি সকলোৱেই এক পিঠা, এক শৰীৰ; কাৰণ আমি সকলোৱেই সেই এক পিঠাৰ ভাগী।

এপ্ৰিল ২২-২৮

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | ১ কৰিন্থীয়া ১৪-১৬

“‘ঈশ্বৰ সকলোৰে বাবে সকলো’ হʼব”

(১ কৰিন্থীয়া ১৫:২৪, ২৫) তাৰ পাছত শেষ হব; তেতিয়া তেওঁ সকলো শাসন, ক্ষমতা, আৰু পৰাক্ৰম লোপ কৰি, পিতৃ ঈশ্বৰৰ হাতত ৰাজ্য শোধাই দিব। কিয়নো যেতিয়ালৈকে তেওঁ সকলো শত্ৰুক তেওঁৰ ভৰিৰ তল নকৰে, তেতিয়ালৈকে তেওঁ ৰাজত্ব কৰিব লাগিব।

w৯৮ ৭/১ ২১ ¶১০

“শেষ শত্ৰু যি মৃত্যু, তাকো লোপ কৰা হব”

১০ “শেষ” হৈছে মচীহৰ হাজাৰ বছৰৰ ৰাজত্বৰ অন্ত, যেতিয়া যীচুৱে নম্ৰতা আৰু নিষ্ঠাৰে নিজৰ পিতৃ যিহোৱা ঈশ্বৰৰ হাতত ৰাজ্যভাৰ গতাই দিয়ে। (প্ৰকাশিত ২০:৪) “সকলোকে খ্ৰীষ্টত গোট খোৱাবৰ” ঈশ্বৰৰ যি উদ্দেশ্য আছিল, সেয়া পূৰ হʼব। (ইফিচীয়া ১:৯, ১০) কিন্তু ইয়াৰ আগতে প্ৰথমে যীচুৱে ঈশ্বৰৰ সাৰ্ব্বভৌমত্ব বিৰোধ কৰা “সকলো শাসন, ক্ষমতা, আৰু পৰাক্ৰম” বিনাশ কৰিব। ইয়াত হৰমাগিদোনৰ বিনাশতকৈ আৰু বহুতো জড়িত আছে। (প্ৰকাশিত বাক্য ১৬:১৬; ১৯:১১-২১) পাঁচনি পৌলে কৈছিল: “যেতিয়ালৈকে তেওঁ সকলো শত্ৰুক তেওঁৰ ভৰিৰ তল নকৰে, তেতিয়ালৈকে তেওঁ ৰাজত্ব কৰিব লাগিব। শেষ শত্ৰু যি মৃত্যু, তাকো লোপ কৰা হব।” (১ কৰিন্থীয়া ১৫:২৫, ২৬) সঁচাকৈ, আদমৰ পৰা অহা পাপ আৰু মৃত্যুক নাইকিয়া কৰা হʼব। ইয়াক পূৰ কৰিবলৈ ঈশ্বৰে “মৈদামত থকা” সকলোকে জীৱিত কৰিব।—যোহন ৫:২৮.

(১ কৰিন্থীয়া ১৫:২৬) শেষ শত্ৰু যি মৃত্যু, তাকো লোপ কৰা হব।

kr ২৩৭ ¶২১

ঈশ্বৰৰ ৰাজ্যই পৃথিৱীত তেওঁ উদ্দেশ্য পূৰ কৰিব

২১ কিন্তু বেমাৰ আৰু পাপৰ পৰিণাম যি মৃত্যু, তাৰ কি হʼব? মৃত্যু আমাৰ “শেষ শত্ৰু।” ই এনে শত্ৰু, যাৰ আগত সকলো পাপী ব্যক্তিয়ে এদিন নহয় এদিন পৰাজয় হʼবলগীয়া হয়। (১ কৰি. ১৫:২৬) মৃত্যু ইমানেই শক্তিশালী হয় নেকি যে যিহোৱাই তাক পৰাজয় কৰিব নোৱাৰে? লক্ষ্য কৰক যে যিচয়াই কি ভৱিষ্যতবাণী কৰিছিল: “তেওঁ চিৰকাললৈকে মৃত্যুক গ্ৰাস কৰিলে, আৰু প্ৰভু যিহোৱাই সকলোৰে মুখৰ পৰা চকু-লো মচিব।” (যিচ. ২৫:৮) আপুনি কল্পনা কৰিব পাৰিছেনে? কোনো অন্ত্যেষ্টিক্ৰিয়া কৰা নহʼব, কোনো কবৰ নাথাকিব আৰু কোনো দুখৰ চকু পানী নাথাকিব। ইয়াৰ বিপৰীতে, আমাৰ আনন্দৰ চকু পানী থাকিব, কিয়নো যিহোৱা ঈশ্বৰে নিজৰ প্ৰতিজ্ঞাৰ অনুসৰি মৃত লোকসকলক পুনৰ জীৱিত কৰিব। (যিচয়া ২৬:১৯ পঢ়ক।) মৃত্যুৱে আমাক যি দুখ দিছে, সেই সকলোবোৰ নাইকিয়া হʼব।

(১ কৰিন্থীয়া ১৫:২৭, ২৮) কিয়নো তেওঁ সকলোকে বশীভূত কৰি তেওঁৰ ভৰিৰ তলত থলে। কিন্তু সকলোৱে বশীভূত হল বুলি যেতিয়া তেওঁ কয়, তেতিয়া যি জনাই সকলোকে তেওঁৰ বশীভূত কৰিলে, তেওঁ যে সেইবোৰৰ পৰা বাহিৰ, এয়ে প্ৰকাশিত হয়। ২৮ আৰু যেতিয়া সকলোৱেই তেওঁৰ বশীভূত হব, তেতিয়া, যাতে ঈশ্বৰ সকলোতে সকলো হয়, তাৰ কাৰণে যি জনাই সকলোকে পুত্ৰৰ বশীভূত কৰিলে, পুত্ৰ নিজেও সেই জনাৰ বশীভূত হব।

w১২ ৯/১৫ ১২ ¶১৭

হাজাৰ বছৰ আৰু তাৰ পাছতো শান্তিৰ বিৰাজমান

১৭ হাজাৰ বছৰৰ শেষৰ সময়ছোৱাৰ বিষয়ে আমি পঢ়োঁ যে “ঈশ্বৰ সকলোৰে বাবে সকলো” হʼব। ইয়াৰ অৰ্থ কি? সেই সময়ৰ বিষয়ে কল্পনা কৰক যেতিয়া আদম আৰু হৱা সিদ্ধ ব্যক্তি হিচাপে ঈশ্বৰৰ শান্তি আৰু একতা বিৰাজমান থকা পৰিয়ালৰ ভাগ আছিল। গোটেই বিশ্বৰ সৃষ্টিকৰ্তা যিহোৱা ঈশ্বৰে সকলো সৃষ্টি, স্বৰ্গদূত আৰু মানৱজাতিৰ ওপৰত প্ৰত্যক্ষভাৱে শাসন কৰিছিল। তেওঁলোকে ঈশ্বৰৰ লগত কথা পাতিব পাৰিছিল, উপাসনা কৰিব পাৰিছিল আৰু ঈশ্বৰৰপৰা তেওঁলোক আশীৰ্ব্বাদ লাভ কৰিছিল। তেৱেঁই “সকলোৰে বাবে সকলো” আছিল।

আধ্যাত্মিক ৰত্ন বিচাৰক

(১ কৰিন্থীয়া ১৪:৩৪, ৩৫) যেনেকৈ পবিত্ৰ লোকৰ সকলো মণ্ডলীত, তেনেকৈ তোমালোকৰ মণ্ডলীবিলাকতো তিৰোতা মানুহে নিজম দি থাকক; কিয়নো কথা কবলৈ তেওঁবিলাকক দিয়া নাযায়; কিন্তু তেওঁবিলাক বশীভূত থাকক; বিধানেও সেইদৰেই কয়। ৩৫ কিন্তু তেওঁবিলাকে যদি কিবা সুধি শিক্ষা পাব খোজে, তেন্তে ঘৰতে নিজ নিজ স্বামীক সোধক; কিয়নো মণ্ডলীত তিৰোতা মানুহে কথা কোৱা লাজৰ বিষয়।

w১২ ৯/১ ৯, বক্স

পাঁচনি পৌলে তিৰোতাসকলক কʼবলৈ মানা কৰিছিল নেকি?

“মণ্ডলীবিলাকতো তিৰোতা মানুহে নিজম দি থাকক” বুলি পাঁচনি পৌলে লিখিছিল। (১ কৰিন্থীয়া ১৪:৩৪) তেওঁ প্ৰকৃততে কি কʼব বিচাৰিছিল? তেওঁ কʼব বিচাৰিছিল নেকি যে তিৰোতাসকলৰ জ্ঞান কম আছিল? কেতিয়াও নহয়। পৌলে কিছুমান পদত উল্লেখ কৰিছে যে তিৰোতাসকলে ভাল শিক্ষা দিব পাৰে। (২ তীমথিয় ১:৫; তীত ২:৩-৫) কৰিন্থ মণ্ডলীলৈ চিঠি লিখোঁতে পৌলে কেৱল তিৰোতাসকলক নহয়, কিন্তু আন লোকসকলকো “নিজম দি” থাকিবলৈ পৰামৰ্শ দিছিল, যিসকলে অন্য ভাষা কʼবলৈ আৰু ভৱিষ্যতবাণী কৰিবলৈ বৰ লাভ কৰিছিল। (১ কৰিন্থীয়া ১৪:২৬-৩০, ৩৩) কিছুমান তিৰোতাসকলে হয়তো নতুনকৈ খ্ৰীষ্টান হৈছিল। সেইবাবে, মণ্ডলীত ভাইসকলে শিক্ষা দিয়াৰ সময়তে তেওঁলোকে, তেওঁলোকলৈ প্ৰশ্ন সুধিছিল। কৰিন্থ চহৰৰ বাহিৰৰ লোকসকলৰ মাজত এনে কৰাটো স্বাভাৱিক আছিল। সেইবাবে, এনে কৰাৰপৰা আঁতৰি থাকিবলৈ পৌলে তেওঁলোকক “ঘৰতে নিজ নিজ স্বামীক” সুধিবলৈ পৰামৰ্শ দিছিল।—১ কৰিন্থীয়া ১৪:৩৫.

(১ কৰিন্থীয়া ১৫:৫৩) কিয়নো এই ক্ষয়ৰ পাত্ৰই অক্ষয়তাক, আৰু এই মৃত্যুৰ পাত্ৰই অমৰতাক পিন্ধিব লাগিব।

it-১ ১১৯৭-১১৯৮

অক্ষয়তা

যীচুৰ সহশাসকসকলক যেতিয়া মৃত্যুৰ পাছত পুনৰুত্থান কৰা হয়, তেতিয়া তেওঁলোকে স্বৰ্গতদূত হিচাপে অনন্ত জীৱন লাভ কৰে আৰু যীচুৰ দৰে অমৰতা আৰু অক্ষয়তা লাভ কৰে। পৃথিৱীত থাকোঁতে তেওঁলোকৰ শৰীৰ ক্ষয় আছিল। কিন্তু বিশ্বাসেৰে সেৱা কৰাৰ পাছত যদি তেওঁলোকৰ মৃত্যু হৈ যায়, তেনেহʼলে তেওঁলোকে অদৃশ্য শৰীৰ লাভ কৰে, যি অক্ষয়তা হয়। পাঁচনি পৌলে এই কথা ১ কৰিন্থীয়া ১৫:৪২-৫৪ পদত স্পষ্টকৈ কৈছিল। অমৰতাৰ অৰ্থ হৈছে এনে এক জীৱন, যি কেতিয়াও শেষ বা বিনষ্ট নহয়। অক্ষয়তাৰ অৰ্থ হৈছে এনে এক জীৱন, যি কেতিয়াও নষ্ট নহʼব বা শুকাই নাযাব। ইয়াৰপৰা বুজিব পাৰি যে ঈশ্বৰে তেওঁলোকক এনে শক্তি দিয়ে, যাৰ বাবে তেওঁলোকক আন প্ৰাণী আৰু স্বৰ্গদূতৰ দৰে শক্তিৰ বাবে বাহিৰৰপৰা সহায় লোৱাৰ প্ৰয়োজন নহয়। ইয়ে দেখুৱায় যে তেওঁলোকৰ ওপৰত যিহোৱা ঈশ্বৰৰ কিমান বিশ্বাস আছে। কিন্তু এইদৰে আত্ম-নিৰ্ভৰ হোৱা আৰু অক্ষয়তা হোৱাৰ অৰ্থ এয়া নহয় যে তেওঁলোকৰ ওপৰত ঈশ্বৰৰ কোনো অধিকাৰ নাই। ইয়াৰ বিপৰীতে, তেওঁলোকে নিজৰ মুৰব্বী যীচু খ্ৰীষ্টৰ দৰে সদায় নিজৰ পিতৃৰ অধীনত থাকিব, তেওঁৰ ইচ্ছা পূৰ কৰিব আৰু তেওঁৰ নিৰ্দেশনা পালন কৰিব।—১কৰি ১৫:২৩-২৮.

বাইবেল পাঠ

(১ কৰিন্থীয়া ১৪:২০-৪০) হে ভাইবিলাক, তোমালোক বিবেচনাত লʼৰা নহবা; কিন্তু হিংসাত শিশু হৈ, বিবেচনাত বয়সস্থ হোৱা। ২১ বিধানত লিখা আছে, প্ৰভুৱে কৈছে, পৰভাষা কোৱা লোকৰ দ্বাৰাই, আৰু বিদেশীবিলাকৰ ওঁঠৰ দ্বাৰাই, মই এই লোকক কথা কম; কিন্তু তাক কৰিলেও, তেওঁবিলাকে মোৰ কথা নুশুনিব। ২২ এই কাৰণে পৰভাষা কোৱা, বিশ্বাস কৰাবিলাকৰ নিমিত্তে নহয়, বিশ্বাস নকৰাবিলাকৰ নিমিত্তে চিন হয়; কিন্তু ঐশ্বৰিক ভাবোক্তি প্ৰচাৰ কৰা, বিশ্বাস নকৰাবিলাকৰ নিমিত্তে নহয়, কিন্তু বিশ্বাস কৰাবিলাকৰ নিমিত্তে চিন হয়। ২৩ এতেকে গোটেই মণ্ডলীয়ে যদি গোট খায়, আৰু আটাইবিলাকে যদি পৰভাষা কয়, তেন্তে সাধাৰণ বা বিশ্বাস নকৰা মানুহ সোমালে, তেওঁবিলাকে তোমালোকক বলীয়া নুবুলিব নে? ২৪ কিন্তু সকলোৱে যদি ভাবোক্তি প্ৰচাৰ কৰে, তেন্তে বিশ্বাস নকৰা বা সাধাৰণ কোনো মানুহ সোমালে, সকলোৰে দ্বাৰাই তেওঁৰ দোষৰ প্ৰমাণ দিয়া যায়, সকলোৰে দ্বাৰাই তেওঁৰ সোধ-বিচাৰ কৰা যায়, আৰু তেওঁৰ হৃদয়ৰ গুপ্ত কথাবোৰ প্ৰকাশিত হয়; ২৫ তাতে তেওঁ উবুৰি হৈ পৰি, নিশ্চয়ে তোমালোকৰ মাজত ঈশ্বৰ আছে, এই বুলি ঈশ্বৰৰ সেৱা কৰিব। ২৬ তেন্তে, হে ভাইবিলাক, সাৰ কথা কি? যেতিয়া তোমালোক গোট খোৱা, তেতিয়া কোনো জনৰ গীত, কোনো জনৰ উপদেশ, কোনো জনৰ প্ৰকাশিত বাক্য, কোনো জনৰ পৰভাষা, কোনো জনৰ তাৰ অৰ্থ প্ৰকাশ কৰা কথা আছে। ধৰ্ম্মত বৃদ্ধি কৰিবলৈ, সকলো কৰা হওক। ২৭ কোনোৱে যদি পৰভাষা কয়, তেন্তে দুজন, বা তাতকৈ অধিক হলেও, তিনি জনে পালৰ অনুক্ৰমে কওক; আৰু এজনে অৰ্থ বুজাই দিয়ক। ২৮ কিন্তু অৰ্থ বুজাওঁতা যদি কোনো নাই, তেন্তে তেওঁ মণ্ডলীত নিজম দি থাকক; কেৱল নিজৰ আৰু ঈশ্বৰৰ উদ্দেশে কথা কওক। ২৯ আৰু ভাববাদী দুই বা তিনি জনে কথা কওক, আৰু আনবিলাকে বিবেচনা কৰি চাওক। ৩০ কিন্তু বহি থকাবিলাকৰ কোনো জনৰ আগত কিবা কথা প্ৰকাশিত হলে প্ৰথম জন নিজম দি থাকক। ৩১ কিয়নো সকলোৱেই শিক্ষা আৰু শান্ত্বনা পাবলৈ, তোমালোক সকলোৱে এজন এজনকৈ ঐশ্বৰিক ভাবোক্তি প্ৰচাৰ কৰিব পাৰা; ৩২ আৰু ভাববাদীসকলৰ আত্মা ভাববাদীসকলৰ বশীভূত হয়। ৩৩ কিয়নো ঈশ্বৰ উটাপুটা কৰাওঁতা নহয়, কিন্তু শান্তি দিওঁতা। ৩৪ যেনেকৈ পবিত্ৰ লোকৰ সকলো মণ্ডলীত, তেনেকৈ তোমালোকৰ মণ্ডলীবিলাকতো তিৰোতা মানুহে নিজম দি থাকক; কিয়নো কথা কবলৈ তেওঁবিলাকক দিয়া নাযায়; কিন্তু তেওঁবিলাক বশীভূত থাকক; বিধানেও সেই দৰেই কয়। ৩৫ কিন্তু তেওঁবিলাকে যদি কিবা সুধি শিক্ষা পাব খোজে, তেন্তে ঘৰতে নিজ নিজ স্বামীক সোধক; কিয়নো মণ্ডলীত তিৰোতা মানুহে কথা কোৱা লাজৰ বিষয়। ৩৬ নতুবা, ঈশ্বৰৰ বাক্য তোমালোকৰ মাজৰ পৰা ওলাইছিল নে কি? বা অকল তোমালোকৰ ওচৰলৈহে জানো গৈছিল? ৩৭ কোনোৱে যদি নিজকে নিজে ভাববাদী বা আত্মিক বুলি মানে, তেন্তে, মই তোমালোকলৈ যিবোৰ কথা লিখিছোঁ, সেইবোৰ প্ৰভু আদেশ বুলি তেওঁ জানক। ৩৮ কিন্তু কোনোৱে যদি নাজানে, তেন্তে তেওঁ নাজানক। ৩৯ এই কাৰণে, হে মোৰ ভাইবিলাক, ঐশ্বৰিক ভাবোক্তি প্ৰচাৰ কৰিবলৈ হাবিয়াহ কৰা আৰু পৰভাষা কবলৈ নিষেধ নকৰিবা। ৪০ কিন্তু সকলো কৰ্ম্ম সুন্দৰকৈ আৰু শৃঙ্খলা লগাই কৰা হওক।

এপ্ৰিল ২৯–মে’ ৫

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | ২ কৰিন্থীয়া ১-৩

“যিহোৱা হৈছে ‘সকলো শান্ত্বনাৰ ঈশ্বৰ’”

(২ কৰিন্থীয়া ১:৩) আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ পিতৃ ঈশ্বৰ ধন্য; তেৱেঁই কৰুণাময় পিতৃ, আৰু সকলো শান্ত্বনাৰ ঈশ্বৰ।

w১৭·০৭ ১৩ ¶৪

“যিবিলাকে ক্ৰন্দন কৰে; তেওঁবিলাকে সৈতে ক্ৰন্দন কৰা”

৪ আমাৰ মৰমিয়াল পিতৃয়েও এই দুখ সহন কৰিছে। তেওঁ অব্ৰাহাম, ইচহাক, যাকোব, মোচি আৰু ৰজা দায়ূদৰ দৰে নিজৰ আপোনজনাৰ মৃত্যুত শোক কৰিছিল। (গণনা. ১২:৬-৮; মথি ২২:৩১, ৩২; পাঁচ. ১৩:২২) বাইবেলে উল্লেখ কৰিছে যে যিহোৱা ঈশ্বৰে এই বিশ্বাসী লোকসকলক জীৱিত কৰিবলৈ ব্যাকুল হৈ আছে। (ইয়ো. ১৪:১৪, ১৫) জীৱিত কৰাৰ পাছত তেওঁলোকৰ জীৱন আনন্দেৰে ভৰি পৰিব আৰু সুস্থাস্থ্য হৈ থাকিব। কিন্তু এই সেৱকসকলৰ উপৰিও যিহোৱা ঈশ্বৰে নিজৰ পুত্ৰৰ বাবেও শোক কৰিছিল। বাইবেলে কয় যে যীচু ঈশ্বৰৰ “প্ৰিয় পুত্ৰ” আছিল। (মথি ৩:১৭) আমি কল্পনাই কৰিব নোৱাৰোঁ যে যেতিয়া যীচুৰ মৃত্যু হৈছিল, তেতিয়া যিহোৱা ঈশ্বৰে কেনে অনুভৱ কৰিছিল।—যোহন ৫:২০; ১০:১৭.

(২ কৰিন্থীয়া ১:৪) আমি নিজে ঈশ্বৰৰ পৰা যি শান্ত্বনা পাওঁ, সেই শান্ত্বনাৰে যেন সকলো ক্লেশত থকাবিলাকক শান্ত্বনা কৰিব পাৰোঁ, এই কাৰণে তেওঁ আমাৰ ক্লেশৰ মাজত আমাক শান্ত্বনা দিয়ে।

w১৭·০৭ ১৫ ¶১৪

“যিবিলাকে ক্ৰন্দন কৰে; তেওঁবিলাকে সৈতে ক্ৰন্দন কৰা”

১৪ কেতিয়াবা কেতিয়াবা হয়তো আমি বুজি নাপাওঁ যে শোকত থকা লোকসকলক কি কম। কিন্তু বাইবেলে কয় যে “জ্ঞানৱানবিলাকৰ জিবা সুস্থজনক।” (হিতো. ১২:১৮) আমি সান্ত্বনা দিয়াৰ বাবে কি কʼব পাৰোঁ, তাৰ বিষয়ে যেতিয়া আপোনাৰ কোনোবা আপোনজনাৰ মৃত্যু হয় নামৰ ব্ৰচাৰখনত ভাল পৰামৰ্শ দিয়া হৈছে। কিন্তু প্ৰায়ে দেখা গৈছে যে সান্ত্বনা দিয়াৰ এক ভাল উপায় হৈছে “যিবিলাকে ক্ৰন্দন কৰে; তেওঁবিলাকে সৈতে ক্ৰন্দন কৰা।” (ৰোম. ১২:১৫) গেবী, যাৰ স্বামীৰ মৃত্যু হৈছে, তাই এইদৰে কৈছে, “কেতিয়াবা কেতিয়াবা মই নিজৰ দুখ প্ৰকাশ কৰিব নোৱাৰোঁ, মই কেৱল কান্দি দিওঁ। যেতিয়া মোৰ বন্ধুসকলে মোৰ লগত ক্ৰন্দন কৰে, তেতিয়া মোক ভাল লাগে। সেই সময়ত মোক এনে লাগে, মোৰ বন্ধুসকলে মোৰ দুখ বুজি পাইছে।”

আধ্যাত্মিক ৰত্ন বিচাৰক

(২ কৰিন্থীয়া ১:২২) তেৱেঁই আমাৰ হৃদয়ত বইনাস্বৰূপে পবিত্ৰ আত্মা দি, আমাত মোহৰো মাৰিলে।

w১৬·০৪ ৩২

পাঠকসকলৰ প্ৰশ্ন

প্ৰতিজন অভিষিক্ত খ্ৰীষ্টানে ঈশ্বৰৰপৰা লাভ কৰা ‘বইনাস্বৰূপ’ আৰু ‘মোহৰ’ কি?

▪ বইনাস্বৰূপ: এখন কিতাপৰ অনুসৰি, ২ কৰিন্থীয়া ১:২২ পদত যি গ্ৰীক শব্দৰ অনুবাদ ‘বইনাস্বৰূপ’ কৰা হৈছে, সেয়া “এক আইনগত আৰু ব্যৱসায় সম্বন্ধীয় শব্দ” আছিল। ইয়াৰ অৰ্থ হৈছে, “প্ৰথম কিষ্টি, জমা কৰা ধন,” যি কিবা বস্তু কিনাৰ বাবে নিৰ্ধাৰণ কৰা মূল্যৰ কিছু অংশ আৰু ইয়াক আগতীয়াকৈ দিয়া হয়। এইদৰে কিনা বস্তুটো আইনগতভাৱে কিনোতাজনৰ হৈ পৰে। অভিষিক্ত খ্ৰীষ্টানসকলৰ ক্ষেত্ৰত যিহোৱা ঈশ্বৰে সেই উপহাৰৰ বাবে বইনা দিছে, যি তেওঁলোকে লাভ কৰিব। ২ কৰিন্থীয়া ৫:১-৫ পদত উল্লেখ কৰা হৈছে যে তেওঁলোকে উপহাৰস্বৰূপে স্বৰ্গত অক্ষয়তা শৰীৰ লাভ কৰিব। এই উপহাৰত অমৰতাৰ উপহাৰো জড়িত আছে।—১ কৰি. ১৫:৪৮-৫৪.

বৰ্তমান সময়ৰ গ্ৰীক ভাষাত ইয়াৰ লগত জড়িত থকা জোৰোণৰ আঙঠিৰ বাবে ব্যৱহাৰ হয়। খ্ৰীষ্টৰ লাক্ষণিক পত্নীৰ ভাগ হʼব বিচৰা লোকসকলৰ বাবে এই উদাহৰণটো উপযুক্ত।—২ কৰি. ১১:২; প্ৰকা. ২১:২, ৯.

▪ মোহৰ: প্ৰাচীন সময়ত কোনো সম্পত্তিৰ অধিকাৰস্বত্ব বুজাবলৈ মোহৰক স্বাক্ষৰ হিচাপে ব্যৱহাৰ কৰা হৈছিল। ইয়াৰপৰা কোনো চুক্তিকো নিশ্চিত কৰা হৈছিল। অভিষিক্ত খ্ৰীষ্টানসকল ঈশ্বৰৰ সম্পত্তি হয় বুলি পবিত্ৰ আত্মাৰ যোগেদি তেওঁলোকৰ ওপৰত লাক্ষণিকভাৱে মোহৰ লগোৱা হৈছে। (ইফি. ১:১৩, ১৪) কিন্তু এই মোহৰ স্থায়ী নহয়। ইয়াক এজন বিশ্বাসী ব্যক্তিৰ মৃত্যুৰ কিছু সময়ৰ আগত নিশ্চিত কৰা হয় বা মহা-ক্লেশ আৰম্ভ হোৱাৰ কিছু সময়ৰ আগত নিশ্চিত কৰা হʼব।—ইফি. ৪:৩০; প্ৰকা. ৭:২-৪.

(২ কৰিন্থীয়া ২:১৪-১৬) যি জনাই আমাক পৰজাতি হোৱা শত্ৰুৰ দৰে লৈ, খ্ৰীষ্টত জয়-যাত্ৰা কৰে, আৰু আমাৰ দ্বাৰাই তেওঁৰ জ্ঞানৰূপ সুগন্ধ সকলো ঠাইতে প্ৰকাশ কৰে, সেই ঈশ্বৰ ধন্য। ১৫ কিয়নো পৰিত্ৰাণৰ পাত্ৰ আৰু বিনাশৰ পাত্ৰবিলাকৰ মাজত আমি ঈশ্বৰলৈ খ্ৰীষ্টৰ সুঘ্ৰাণস্বৰূপ। ১৬ এওঁবিলাকলৈ মৃত্যুৰ পৰা উৎপন্ন মৃত্যুজনক গন্ধ, তেওঁবিলাকলৈ জীৱনৰ পৰা উৎপন্ন জীৱনদায়ক গন্ধ।

w১১ ৪/১৫ ২৮

আপুনি জানেনে?

পাঁচনি পৌলে “জয়-যাত্ৰা” শব্দ কি অৰ্থত ব্যৱহাৰ কৰিছিল?

▪ পাঁচনি পৌলে এইদৰে লিখিছিল: “যি জনাই আমাক পৰজাতি হোৱা শত্ৰুৰ দৰে লৈ, খ্ৰীষ্টত জয়-যাত্ৰা কৰে, আৰু আমাৰ দ্বাৰাই তেওঁৰ জ্ঞানৰূপ সুগন্ধ সকলো ঠাইতে প্ৰকাশ কৰে, সেই ঈশ্বৰ ধন্য। কিয়নো পৰিত্ৰাণৰ পাত্ৰ আৰু বিনাশৰ পাত্ৰবিলাকৰ মাজত আমি ঈশ্বৰলৈ খ্ৰীষ্টৰ সুঘ্ৰাণস্বৰূপ। এওঁবিলাকলৈ মৃত্যুৰ পৰা উৎপন্ন মৃত্যুজনক গন্ধ, তেওঁবিলাকলৈ জীৱনৰ পৰা উৎপন্ন জীৱনদায়ক গন্ধ।”—২ কৰিন্থীয়া ২:১৪-১৬.

ৰোমানসকলৰ নিয়ম আছিল যে যেতিয়া কোনো সেনাপতিয়ে শত্ৰুক পৰাজয় কৰি উভতি আহে, তেতিয়া তেওঁৰ সন্মানৰ বাবে জয়-যাত্ৰা কৰা হৈছিল। পৌলে এই জয়-যাত্ৰাৰ বিষয়ে চিন্তা কৰিছিল। ইয়াত যুদ্ধত পৰাজয় হোৱা কয়দী আৰু লুট কৰা বস্তুবোৰৰ প্ৰদৰ্শন কৰা হৈছিল, বলিদানৰ বাবে বলধ নিয়া হৈছিল আৰু লোকসকলে জোৰ জোৰকৈ জয়লাভ কৰা সেনাপতি আৰু তেওঁৰ সৈনিকসকলৰ বাবে জয়-ধ্বনি কৰিছিল। অৱশেষত বলধক বলি দিয়া হৈছিল আৰু কয়দীসকলক মৃত্যুদণ্ড দিয়া হৈছিল।

দ্যা ইণ্টাৰনেশ্ব্যনেল ষ্টেনডাৰ্ড এনচাইক্লপেডিয়াই এইদৰে কয়: “ৰোমানসকলৰ জয়-যাত্ৰাত ধূপ জলোৱাৰ পৰম্পৰা আছিল আৰু হয়তো ইয়াৰপৰাই” এই অলংকাৰ ‘খ্ৰীষ্টৰ সুঘ্ৰাণ’ অথবা “গন্ধ” লোৱা হৈছে, যি কিছুমান লোকৰ বাবে জীৱন, কিন্তু কিছুমান লোকৰ বাবে মৃত্যুৰ ইংগিত আছিল। “সেই সুঘ্ৰাণ এফালে জয়লাভ কৰাক বুজাইছিল আৰু আনফালে সেই কয়দীসকলক অনুভৱ কৰাইছিল যে তেওঁলোকৰ মৃত্যু একেবাৰে ওচৰ।”

বাইবেল পাঠ

(২ কৰিন্থীয়া ৩:১-১৮) আমি নিজৰ প্ৰশংসা কৰিবলৈ আকৌ আৰম্ভ কৰিছোঁ নে? নাইবা, তোমালোকলৈ বা তোমালোকৰ পৰা সুখ্যাতিপত্ৰ পাবলৈ, কোনো কোনো লোকৰ নিচিনাকৈ, আমাৰো প্ৰয়োজন আছে নে? ২ আমাৰ হৃদয়ত লিখা, আৰু সকলো মানুহে জনা পঢ়া আমাৰ পত্ৰ তোমালোকেই হৈছা; ৩ তোমালোক, আমাৰ দ্বাৰাই সম্পাদিত হোৱা খ্ৰীষ্টৰ পত্ৰস্বৰূপে প্ৰকাশিত হৈছা; সেয়ে মহিৰে নহয়, জীৱনময় ঈশ্বৰৰ আত্মাৰ দ্বাৰাইহে লিখা; শিলৰ ফলিতো নহয়, কিন্তু মাংসময় হৃদয়ৰূপ ফলিতহে লিখা হল। ৪ ঈশ্বৰৰ প্ৰতি এনে দৃঢ় প্ৰত্যয় আমি খ্ৰীষ্টৰ দ্বাৰাই পালোঁ। ৫ আমি নিজে নিজে মীমাংসা কৰিবলৈ নিজ গুণেৰেই যে যোগ্য হওঁ, এনে নহয়; কিন্তু আমাৰ সেই যোগ্যতা ঈশ্বৰৰ পৰাহে হয়; ৬ তেৱেঁই আমাক নতুন নিয়মৰ পৰিচাৰক হবৰ যোগ্য কৰিলে; আখৰৰ নহয়, কিন্তু আত্মাৰহে; কিয়নো আখৰে বধ কৰে; কিন্তু আত্মাই জীয়ায়। ৭ পাছে মৃত্যুৰ যি পৰিচৰ্য্যা শিলত কটা আখেৰেৰে প্ৰমাণিত হল, সেয়ে যদি এনে কান্তিযুক্ত হৈছিল যে, ইস্ৰায়েলৰ সন্তানবিলাকে মোচিৰ মুখলৈ একে-থৰে চাব নোৱাৰিলে, যদিও সেই কান্তি ক্ৰমান্বয়ে কমি গৈছিল, ৮ তেন্তে আত্মাৰ পৰিচৰ্য্যা তাতকৈয়ো কান্তিযুক্ত নহব নে? ৯ কিয়নো দণ্ডাজ্ঞাৰ পৰিচৰ্য্যা যদি কান্তিযুক্ত হয়, তেন্তে ধাৰ্ম্মিকতাৰ পৰিচৰ্য্যা তাতকৈয়ো অধিক কান্তিযুক্ত হয়। ১০ কাৰণ, এই অতিৰিক্ত কান্তিৰ কাৰণে, এই বিষয়ে, সেই কান্তিযুক্ত পৰিচৰ্য্যাৰ কান্তি নাইকিয়া হল। ১১ কাৰণ লুপ্ত হৈ যোৱাটে যদি কান্তিযুক্ত, তেন্তে সদায় থকাটো তাতকৈ অধিক কান্তিযুক্ত। ১২ আমাৰ এনে আশা থকাত, আমি অতি উদাৰ চিত্তেৰে কথা কওঁ; ১৩ আৰু ইস্ৰায়েলৰ সন্তানবিলাকে, সেই লুপ্ত হৈ যোৱাটোৰ শেষ যেন একে-থৰে চাবলৈ নাপায়, এই কাৰণে মোচিয়ে যেনেকৈ তেওঁৰ মুখত ওৰণি ললে, আমি তেনেকৈ নকৰোঁ। ১৪ কিন্তু তেওঁবিলাকৰ মন কঠিন কৰা হল; কিয়নো পুৰণি নিয়মৰ পাঠত আজিলৈকে সেই একে ওৰণি আছে; সেয়ে যে খ্ৰীষ্টৰ দ্বাৰাই লুপ্ত হৈছে, এই কথা প্ৰকাশিত হোৱা নাই। ১৫ কিন্তু এতিয়ালৈকে মোচিৰ পুস্তক পঢ়োঁতে, তেওঁবিলাকৰ হৃদয়ত সদায় ওৰণি আছে। ১৬ কিন্তু যেতিয়া প্ৰভুলৈ মন পালটে, তেতিয়া সেই ওৰণি গুচুউৱা হয়। ১৭ প্ৰভুৱেই আত্মা আৰু যʼতে প্ৰভুৰ আত্মা, তʼতে স্বাধীনতাও। ১৮ আৰু আমি সকলোৱে, ওৰণি নোলোৱা মুখেৰে দৰ্পণত দেখাৰ দৰে প্ৰভুৰ গৌৰব চাওঁতে চাওঁতে, সেই গৌৰবৰ পৰা গৌৰব পাই, আত্মাৰূপ প্ৰভুৰ দ্বাৰাই পৰিণত হোৱাৰ দৰে পৰিণত হৈ, সেই একে মূৰ্ত্তি হব লাগিছে।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক