ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb19 জুন পৃষ্ঠা ৭
  • ভাবি-চিন্তি মনোৰঞ্জন বাছনি কৰক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ভাবি-চিন্তি মনোৰঞ্জন বাছনি কৰক
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • ভাবি-চিন্তি মনোৰঞ্জন বাছনি কৰক
  • যিহোৱাই আনন্দিত হোৱা মনোৰঞ্জন কৰক
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
  • ভাল মনোৰঞ্জন কেনেকৈ নিৰ্বাচন কৰিব
    “ঈশ্বৰৰ প্ৰেমত নিজক ৰাখা”
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
mwb19 জুন পৃষ্ঠা ৭

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

ভাবি-চিন্তি মনোৰঞ্জন বাছনি কৰক

আমি কিয় ভাবি-চিন্তি মনোৰঞ্জন বাছনি কৰা উচিত? কিয়নো যেতিয়া আমি কোনো এখন চিনেমা চাওঁ, গীত শুনো, কোনো এটা ৱেবছাইট চাওঁ বা কোনো এখন ভিডিঅ’ গেম খেলোঁ, তেতিয়া সেইবোৰেই আমাৰ মন আৰু হদয়ত ভৰি পৰে। আমাৰ বাছনিয়ে আমাৰ ব্যৱহাৰৰ ওপৰত প্ৰভাৱ পেলায়। কিন্তু দুখৰ বিষয় যে আজি বেছিভাগ মনোৰঞ্জনত এনে কিছুমান বিষয় জড়িত হৈ আছে, যাক যিহোৱা ঈশ্বৰে ঘিণ কৰে। (গীত ১১:৫; গালা ৫:১৯-২১) সেইবাবে, যিহোৱা ঈশ্বৰক মহিমান্বিত কৰা বিষয়বোৰৰ ওপৰত ধ্যান দিবলৈ বাইবেলে আমাক পৰামৰ্শ দিছে।—ফিলি ৪:৮.

মই কেনেধৰণৰ মনোৰঞ্জন বাছনি কৰা উচিত? নামৰ ভিডিঅʼখন চাওক আৰু নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • ৰোমৰ এক গ্লেডিয়েটৰ খেল

    বৰ্তমান সময়ৰ কিছুমান মনোৰঞ্জন কেনেকৈ প্ৰাচীন ৰোমৰ গ্লেডিয়েটৰ খেল-ধেমালিৰ লগত মিল আছে?

  • অগ্ৰগামী সেৱা কৰা এজন ভায়ে মণ্ডলীৰ এজন ডেকা ভাইৰ লগত ঘোষণা কাৰ্য্য কৰিছে

    মণ্ডলীৰ ভাই-ভনীসকলে কেনেকৈ কিশোৰ-কিশোৰীসকলক ভাবি-চিন্তি মনোৰঞ্জন বাছনি কৰিবলৈ সহায় কৰিব পাৰে?

  • এজন সৈনিক

    ৰোমীয়া ১২:৯ পদটো মনত ৰাখি আমি কেনেধৰণৰ মনোৰঞ্জন বাছনি কৰা উচিত?

  • ডেকা ভাইসকলে ফুটবল খেলিছে

    আপোনাৰ এলেকাত কি কি ভাল মনোৰঞ্জন আছে?

আপুনি কেনেধৰণৰ মনোৰঞ্জন কৰে?

বৰ্তমান সময়ৰ বেছিভাগ মনোৰঞ্জনে এজন ব্যক্তিক এলেহুৱা কৰি তোলে। চিনেমা, কিতাপ-পত্ৰ আৰু টিভিৰ প্ৰʼগ্ৰামবোৰে নিজৰ দক্ষতা প্ৰচাৰিত নকৰে, কিন্তু আনৰহে কৰে। চিনেমা চোৱাটো কোনো ভুল নহয়, কিন্তু বহুতোলোকে জানিব পাৰিছে যে যেতিয়া কোনো মনোৰঞ্জনত তেওঁলোকে নিজৰ বুদ্ধি খটায় অথবা নিজে কোনো খেলত ভাগ লয়, তেনেহʼলে তেওঁলোকে কিবা শিকিবলৈ পায় আৰু আনন্দ উপভোগ কৰে। কিছুমান লোকে সংগীতৰ বাদ্য-যন্ত্ৰ বজাই বা আন কিছুমান লোকে ছবি আঁকি ভাল পায়। আন কিছুমান লোকে ঘৰৰ বাহিতৰ উপভোগ কৰা মনোৰঞ্জন ভাল পায়। উদাহৰণস্বৰূপে, খেল-ধেমালি, দীঘলীয়া যাত্ৰা কৰা। আমি যিয়েই মনোৰঞ্জন নকৰোঁ কিয়, “সকলোকে ঈশ্বৰৰ গৌৰৱৰ অৰ্থে” কৰা উচিত।—১কৰি ১০:৩১.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক