অক্টোবৰ—জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা
অক্টোবৰ ৭-১৩
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | যাকোব ৩-৫
“ঈশ্বৰীয় প্ৰজ্ঞা প্ৰতিফলিত কৰক”
cl ২২১-২২২ ¶৯-১০
“ওপৰৰ পৰা অহা যি জ্ঞান” আপোনাৰ জীৱনত কাৰ্য্য কৰিছেনে?
৯ “প্ৰথমে শুচি।” পবিত্ৰ হোৱাৰ অৰ্থ হৈছে কেৱল বাহিৰৰপৰাই নহয়, কিন্তু অন্তৰৰপৰা শুদ্ধ আৰু নিষ্কলংক হোৱা। বাইবেলত উল্লেখ আছে যে প্ৰজ্ঞা হৃদয়ৰ লগত জড়িত আছে। সেইবাবে, স্বৰ্গৰপৰা অহা প্ৰজ্ঞা এনে এক হৃদয়ত প্ৰৱেশ কৰিব নোৱাৰে, যি কুচিন্তা, কুঅভিলাষ আৰু বেয়া উদ্দেশ্যৰে ভৰি আছে। (হিতোপদেশ ২:১০; মথি ১৫:১৯, ২০) কিন্তু যদি আমাৰ হৃদয় পবিত্ৰ হয় অৰ্থাৎ অসিদ্ধ মানুহে বজাই ৰাখিব পৰা পবিত্ৰ হয়, তেন্তে আমি “দুষ্টতাৰ” কাম এৰি “সুকৰ্ম্ম” কৰিম। (গীতমালা ৩৭:২৭; হিতোপদেশ ৩:৭) এয়া সঠিক নহয়নে যে প্ৰজ্ঞাৰ গুণত পবিত্ৰতা সকলোতকৈ প্ৰথম স্থানত আহে। কিয়নো যদি আমি আমাৰ আচৰণ আৰু উপসনাত পবিত্ৰ নহওঁ, তেনেহʼলে ওপৰৰপৰা অহা প্ৰজ্ঞাৰ বাকী গুণবোৰ আমি কেনেকৈ দেখুৱাব পাৰিম?
১০ “পাছে শান্তিযুক্ত।” ওপৰৰপৰা অহা প্ৰজ্ঞাই আমাক শান্তি বজাই ৰাখিবলৈ উৎসাহিত কৰে আৰু শান্তি ঈশ্বৰৰ আত্মাৰ এক ফল। (গালাতীয়া ৫:২২) আমি চেষ্টা কৰা উচিত যে যিহোৱাৰ সাক্ষীসকলক ঐক্যত ৰখা ‘শান্তিৰ বান্ধোনক’ আমি কেতিয়াও নাভাঙিম। (ইফিচীয়া ৪:৩) যদি শান্তি ভংগ হৈ যায়, তেনেহʼলে শান্তি বজাই ৰাখিবলৈ আমি সম্পূৰ্ণৰূপে চেষ্টা কৰা উচিত। এয়া কিয় গুৰুত্বপূৰ্ণ? বাইবেলে এইদৰে উল্লেখ কৰিছে: “মিলেৰে থাকা; তাতে প্ৰেম আৰু শান্তিৰ আকৰ ঈশ্বৰ তোমালোকৰ লগত থাকিব।” (২ কৰিন্থীয়া ১৩:১১) গতিকে, যেতিয়ালৈকে আমি মিলেৰে থাকিম, তেতিয়ালৈকে ঈশ্বৰ আমাৰ লগত থাকিব। আমি আমাৰ খ্ৰীষ্টান ভাই-ভনীৰ লগত কেনে ব্যৱহাৰ কৰোঁ, ইয়ে পোনপটীয়াকৈ যিহোৱাৰ লগত থকা আমাৰ সম্পৰ্কৰ ওপৰত প্ৰভাৱ পেলায়। আমি কেনেকৈ প্ৰমাণ কৰিব পাৰোঁ যে আমি শান্তি স্থাপন কৰোঁতা হওঁ? এটা উদাহৰণলৈ ধ্যান দিয়ক।
cl ২২৩-২২৪ ¶১২
“ওপৰৰ পৰা অহা যি জ্ঞান” আপোনাৰ জীৱনত কাৰ্য্য কৰিছেনে?
১২ “ক্ষান্তস্বভাৱী।” ক্ষান্তস্বভাৱী হোৱাৰ অৰ্থ কি? বিদ্বানসকলৰ অনুসৰি যাকোব ৩:১৭ পদত যি গ্ৰীক শব্দৰ অনুবাদ “ক্ষান্তস্বভাৱী” কৰা হৈছে, তাৰ অনুবাদ কৰিবলৈ বৰ কঠিন। অনুবাদকসকলে ইয়াৰ বাবে এই শব্দবোৰ ব্যৱহাৰ কৰিছে, “মৃদু,” “ধৈৰ্য্যশীল” আৰু “বিনয়ী হোৱা।” এই গ্ৰীক শব্দৰ আক্ষৰিক অৰ্থ হৈছে, “আনৰ কথা শুনা।” আমি এয়া কেনেকৈ প্ৰকাশ কৰিব পাৰোঁ যে ওপৰৰপৰা অহা প্ৰজ্ঞাৰ এই গুণটোৱে আমাৰ ওপৰত কাৰ্য্য কৰিছে?
cl ২২৪-২২৫ ¶১৪-১৫
“ওপৰৰ পৰা অহা যি জ্ঞান” আপোনাৰ জীৱনত কাৰ্য্য কৰিছেনে?
১৪ “কোমল-স্বভাৱী।” যি গ্ৰীক শব্দৰ অনুবাদ “কোমল-স্বভাৱী” কৰা হৈছে, সেই শব্দটো খ্ৰীষ্টান গ্ৰীক শাস্ত্ৰপদত আৰু কʼতো পোৱা নাযায়। এজন বিদ্বানৰ অনুসৰি এই শব্দটো “প্ৰায়ে সামৰিক অনুশাসনৰ বাবে ব্যৱহাৰ হয়।” এই শব্দই “সহজে পতিয়ন যোৱা” আৰু “অধীনতাক” বুজায়। যিজন ব্যক্তিয়ে ওপৰৰপৰা অহা প্ৰজ্ঞাৰ অনুসৰি চলে, তেওঁ শাস্ত্ৰত লিখা কথাবোৰ শীঘ্ৰে পালন কৰে। তেওঁ এনে এজন ব্যক্তি হোৱাৰ বাবে বিখ্যাত হʼব নিবিচাৰে, যিজনে এবাৰ নিৰ্ণয় কৰি লোৱাৰ পাছত তাক পুনৰ সলনি কৰিব নিবিচাৰে, লাগিলে তেওঁক যিমানেই প্ৰমাণ দেখুৱা নহওক কিয়। ইয়াৰ পৰিৱৰ্তে, যেতিয়া তেওঁক শাস্ত্ৰৰপৰা স্পষ্টৰূপে দেখুৱা হয় যে তেওঁ প্ৰকৃততে ভুল কাম কৰিছে অথবা তাৰ পৰিণাম বেয়া হৈছে, তেনেহʼলে তেওঁ নিজকে শীঘ্ৰেই সলনি কৰে। আনে আপোনাক এনে এজন ব্যক্তি বুলি ভাবেনে?
“দয়া আদি উত্তম ফলেৰে পৰিপূৰ্ণ”
১৫ “দয়া আদি উত্তম ফলেৰে পৰিপূৰ্ণ।” ওপৰৰপৰা অহা প্ৰজ্ঞাৰ এটা গুৰুত্বপূৰ্ণ ভাগ হৈছে দয়া, কিয়নো এনেধৰণৰ প্ৰজ্ঞা ‘দয়াৰে পৰিপূৰ্ণ’ হৈ থাকে। মন কৰক যে “দয়া” আৰু ‘উত্তম ফলক’ একেলগে উল্লেখ কৰা হৈছে। এয়া সঠিক, কিয়নো বাইবেলত দয়াক আনৰ প্ৰতি থকা চিন্তাৰ বিষয়ে বুজোৱা হৈছে, যি প্ৰায়ে কাৰ্য্যৰ যোগেদি দেখুৱা হয়। এনে কৰুণা যাৰ দ্বাৰা ভালৰ বাবে বহুতো কাম থাকে। এখন কিতাপে দয়াৰ সংজ্ঞা এইদৰে দিছে: “কোনো বেয়া পৰিস্থিতি দেখি দুখিত অনুভৱ কৰা আৰু তাক ঠিক কৰিবলৈ কিবা কৰা।” সেইবাবে, আমি কʼব পাৰোঁ যে ঈশ্বৰৰ প্ৰজ্ঞা শুকান, নিৰ্দয় আৰু কেৱল মগজুৱেই নহয়। ইয়াৰ পৰিৱৰ্তে, ইয়াত প্ৰেম থাকে, ই অন্তৰৰপৰা ওলায় আৰু আনৰ অনুভূতি অনুভৱ কৰিব পাৰে। আমি কেনেকৈ দেখুৱাব পাৰোঁ যে আমি দয়াৰে পৰিপূৰ্ণ হৈ আছোঁ?
cl ২২৬-২২৭ ¶১৮-১৯
“ওপৰৰ পৰা অহা যি জ্ঞান” আপোনাৰ জীৱনত কাৰ্য্য কৰিছেনে?
১৮ “নিঃসংশয়।” ঈশ্বৰৰ প্ৰজ্ঞাৰ বাবে আমি জাতি-ভেদ আৰু নিজৰ দেশক লৈ কৰা গৰ্বৰপৰা আঁতৰি থাকোঁ। যদি আমি এই প্ৰজ্ঞাৰ অনুসৰি চলোঁ, তেনেহʼলে আমি আমাৰ হৃদয়ত থকা পক্ষপাতৰ ভাৱনাক উলিয়াই পেলাম। (যাকোব ২:৯) লোকসকলৰ প্ৰতি আমাৰ প্ৰেম, এই কথাৰ ওপৰত নিৰ্ভৰ নকৰে যে তেওঁলোক কিমান পঢ়া-লিখা, কিমান ধনী অথবা মণ্ডলীত তেওঁলোকৰ কিমান দায়িত্ব আছে। আমাৰ সংগী ভাই-ভনীসকল যিমানেই দুখীয়া বা দীনহীন নহওঁক কিয়, আমি তেওঁলোকক কেতিয়াও নীচ চকুৰে নাচাওঁ। যদি যিহোৱা ঈশ্বৰে তেওঁলোকক নিজৰ প্ৰেমৰ যোগ্য বুলি ভাবিছে, তেনেহʼলে তেওঁলোক আমাৰো প্ৰেমৰ যোগ্য হয়।
১৯ “অকপট।” “কপট” শব্দৰ গ্ৰীক শব্দটো এনে “এজন অভিনেতাৰ” বাবে ব্যৱহাৰ হয়, “যিজনে কোনো এক চৰিত্ৰৰ অভিনয় কৰে।” প্ৰাচীন কালত গ্ৰীক আৰু ৰোমান অভিনেতাসকলে অভিনয় কৰাৰ সময়ত ডাঙৰ ডাঙৰ মুখা লগাই লয়। সেইবাবে, “কপট” শব্দৰ বাবে গ্ৰীক শব্দ এনে এজন ব্যক্তিৰ বাবে ব্যৱহাৰ হʼবলৈ ধৰে, যি নাটক অথবা ভাও ধৰে। ঈশ্বৰৰ প্ৰজ্ঞাৰ এই গুণ কেৱল খ্ৰীষ্টান ভাই-ভনীসকলৰ লগত আমাৰ ব্যৱহাৰৰ ওপৰতেই নহয়, কিন্তু তেওঁলোকৰ বিষয়ে আমাৰ চিন্তাধাৰা অথবা আমাৰ ভাৱনাৰ ওপৰতো প্ৰভাৱ পেলোৱা উচিত।
আধ্যাত্মিক ৰত্ন বিচাৰক
w০৮ ১১/১৫ ২০ ¶৬
যাকোব আৰু পিতৰ চিঠিখনৰ আলোকপাত
৪:৫—যাকোবে ইয়াত পবিত্ৰ শাস্ত্ৰৰ কোনটো পদৰপৰা উদ্ধৃতি দিছিল? যাকোবে কোনো বিশেষ পদৰ উদ্ধৃতি দিয়া নাছিল। কিন্তু ঈশ্বৰ প্ৰেৰণাৰে লিখা এই শব্দ হয়তো আদিপুস্তক ৬:৫; ৮:২১; হিতোপদেশ ২১:১০ আৰু গালাতীয়া ৫:১৭ পদৰ ওপৰত আধাৰিত।
w৯৭ ১১/১৫ ২০-২১ ¶৮
বিশ্বাসে আমাক ধৈৰ্য্যশীল আৰু প্ৰাৰ্থনাপূৰ্ণ কৰি তোলে
৮ এজন সংগী বিশ্বাসীৰ বিৰুদ্ধে কথা কোৱাটো পাপ হয়। (যাকোব ৪:১১, ১২) তথাপিও কিছুমানে সংগী খ্ৰীষ্টানসকলৰ সমালোচনা কৰে। কিয়নো তেওঁলোকে হয়তো নিজৰ আত্ম-ধৰ্ম্মী মনোবৃত্তিৰ কাৰণে অথবা তেওঁলোকে আনক তল পেলাই নিজে ওপৰলৈ উঠিব বিচাৰে। (গীতমালা ৫০:২০; হিতোপদেশ ৩:২৯) যি গ্ৰীক শব্দৰ অনুবাদ “বিৰুদ্ধে কথা” কোৱা কৰা হৈছে, ইয়ে শত্ৰুতাক চিত্ৰিত কৰে আৰু অতিৰঞ্জিতভাৱে কোৱা অথবা মিছা অভিযোগ কৰাক বুজায়। এয়া নিজৰ ভাইক দোষী কৰাৰ সমান হয়। এয়া কেনেকৈ বিধানৰ “বিৰুদ্ধে কথা” কোৱা আৰু “বিধানৰ সোধ-বিচাৰ” কৰাৰ দৰে হয়? ৰব্বি আৰু ফৰীচীসকলে “ঈশ্বৰৰ আজ্ঞা ভালকৈয়ে অগ্ৰাহ্য” কৰে আৰু নিজৰ মানদণ্ড অনুসৰি বিচাৰ কৰে। (মাৰ্ক ৭:১-১৩) ঠিক সেইদৰে, যদি আমি এজন ভাইৰ বিৰুদ্ধে কথা কওঁ, যাক যিহোৱাই দোষী সাব্যস্থ কৰা নাই, তেনেহʼলে আমি বিধানৰ ওপৰত “সোধ-বিচাৰ” কৰা নাইনে আৰু পাপপূৰ্ণৰে ইয়াত ভুল আছে বুলি কʼব বিচৰা নাইনে? ইয়াৰ উপৰিও, নিজৰ ভাইৰ বিষয়ে সমালোচনা কৰাৰ যোগেদি আমি প্ৰেমৰ বিধানক পূৰ কৰা নাই।—ৰোমীয়া ১৩:৮-১০.
অক্টোবৰ ১৪-২০
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | ১ পিতৰ ১-২
“তোমালোক পবিত্ৰ হোৱা”
w১৭.০২ ৯ ¶৫
মুক্তিপণ—যিহোৱাই দিয়া এক “উত্তম দান”
৫ আমি কেনেকৈ দেখুৱাব পাৰোঁ যে আমি যিহোৱাৰ নামক প্ৰেম কৰোঁ? নিজৰ আচাৰ-ব্যৱহাৰেৰে। আমি পবিত্ৰ হৈ থকাটো যিহোৱাই বিচাৰে। (১ পিতৰ ১:১৫, ১৬ পঢ়ক।) সেইবাবে, আমি কেৱল যিহোৱাক উপাসনা কৰোঁ আৰু সম্পূৰ্ণ হৃদয়েৰে তেওঁৰ আজ্ঞা পালন কৰোঁ। আনকি যেতিয়া আমাক তাড়না দিয়া হয়, তেতিয়াও আমি তেওঁৰ মানদণ্ড অনুসৰি চলিবলৈ চেষ্টা কৰোঁ। এইদৰে আমি যিহোৱাৰ নাম মহিমাম্বিত কৰোঁ। (মথি ৫:১৪-১৬) আমি এয়াও প্ৰমাণ কৰোঁ যে যিহোৱাৰ নিয়ম সঠিক হয় আৰু চয়তান মিছলীয়া। অসিদ্ধ হোৱাৰ বাবে আমি ভুল কৰোঁ। কিন্তু যেতিয়া আমি কিবা ভুল কাম কৰোঁ, তেতিয়া আমি অনুতাপ কৰা উচিত আৰু সেই কাম এৰি দিয়া উচিত যাৰ যোগেদি যিহোৱাৰ নাম অনাদৰ হয়।—গীত. ৭৯:৯.
ভাল মনোৰঞ্জন কেনেকৈ নিৰ্বাচন কৰিব
৬ পৌলে ৰোমৰ ভাই-ভনীসকলক উপদেশ দিছিল, “তোমালোকৰ মৰ্ত্ত্য শৰীৰত পাপক ৰাজত্ব কৰিবলৈ নিদিবা।” ইয়াৰ উপৰিও পৌলে তেওঁলোকক, “শৰীৰৰ কৰ্ম্মবোৰ বধ” কৰিবলৈ কৈছিল। (ৰোমীয়া ৬:১২-১৪; ৮:১৩) “শৰীৰৰ কৰ্ম্মবোৰ” কি হয়, তাৰ বিষয়ে কিছুমান উদাহৰণ পৌলে এই চিঠিৰ আৰম্ভণিত উল্লেখ কৰিছিল। পাপী মানৱৰ বিষয়ে আমি পঢ়োঁ যে “সিহঁতৰ মুখো শাও আৰু কটুবাক্যৰে পৰিপূৰ্ণ; সিহঁতৰ ভৰি ৰক্তপাত কৰিবলৈ বেগী।” আৰু “সিহঁতৰ চকুৰ আগত ঈশ্বৰলৈ ভয় নাই।” (ৰোমীয়া ৩:১৩-১৮) এজন সত্য খ্ৰীষ্টানে যদি নিজৰ “অঙ্গ-প্ৰত্যঙ্গবোৰ” অসৎ কাৰ্য্যৰ বাবে ব্যৱহাৰ কৰে, তেনেহʼলে তেওঁ নিজৰ শৰীৰক কলুষিত কৰা যেন হয়। উদাহৰণস্বৰূপে, যদি এজন সত্য খ্ৰীষ্টানে জানি-শুনি অশ্লীল বা মাৰ-পিট থকা চিনেমা চায়, তেনেহʼলে তেওঁ নিজৰ চকুক “পাপলৈ সমৰ্পণ” কৰে আৰু নিজৰ শৰীৰক কলুষিত কৰে। এনে ব্যক্তিয়ে আগবঢ়োৱা যিকোনো সেৱা এটা বলিদানৰ দৰে হয়, কিন্তু ই পবিত্ৰ নহয় আৰু যিহোৱা ঈশ্বৰে ইয়াক কেতিয়াও গ্ৰহণ নকৰে। (দ্বিতীয় বিবৰণ ১৫:২১; ১ পিতৰ ১:১৪-১৬; ২ পিতৰ ৩:১১) সঁচাকৈ, বেয়া মনোৰঞ্জন উপভোগ কৰিলে ভয়ানক পৰিণাম ভুগীবলগীয়া হʼব পাৰে।
আধ্যাত্মিক ৰত্ন বিচাৰক
w০৮ ১১/১৫ ২১ ¶১০
যাকোব আৰু পিতৰৰ চিঠিখনৰ আলোকপাত
১:১০-১২. স্বৰ্গদূতসকলে ঈশ্বৰৰ সেই নিগূঢ় সত্যতাৰ বিষয়ে জানিবলৈ বিচাৰে, যাৰ বিষয়ে প্ৰাচীন সময়ত ভৱিষ্যতবক্তাসকলে লিখিছিল। এই সত্যতা অভিষিক্ত খ্ৰীষ্টানসকলৰ মণ্ডলীৰ বিষয়ে আছিল। কিন্তু, যেতিয়া যিহোৱা ঈশ্বৰে খ্ৰীষ্টান মণ্ডলীক অস্তিত্বত আনিলে, তেতিয়া সেই সত্যতাৰ ৰহস্য প্ৰকাশ পায়। (ইফি. ৩:১০) আমিও স্বৰ্গদূতসকলৰ উদাহৰণ অনুকৰণ কৰি “ঈশ্বৰৰ গভীৰ কথাকো অনুসন্ধান” কৰিবলৈ চেষ্টা কৰা উচিত নহয়নে?—১ কৰি. ২:১০.
it-২ ৫৬৫ ¶৩
অধ্যক্ষ
সকলোতকৈ মহান অধ্যক্ষ। প্ৰথম পিতৰ ২:২৫ পদত পিতৰে যিচয়া ৫৩:৬ পদৰ উদ্ধৃতি দি এইদৰে কৈছিল: “তোমালোকে মেৰৰ দৰে ভ্ৰান্ত হৈ গৈ আছিলা।” তেওঁ আগলৈ কয়, “কিন্তু এতিয়া তোমালোকৰ জীৱাত্মাৰ ৰক্ষক আৰু অধ্যক্ষৰ ওচৰলৈ ঘূৰি আহিলা।” ইয়াত নিশ্চয় যিহোৱা ঈশ্বৰৰ বিষয়েই কোৱা হৈছে। পিতৰে যিসকল লোকক এই কথা কৈছিল, তেওঁলোকে প্ৰকৃততে খ্ৰীষ্টৰপৰা আঁতৰি যোৱা নাছিল। ইয়াৰ পৰিৱৰ্তে, যীচুৰ যোগেদি তেওঁলোকে পুনৰ মহান ৰখীয়া যিহোৱাৰ ওচৰলৈ উভতি আহিছিল। (গীত ২৩:১; ৮০:১; যিৰি ২৩:৩; যিহি ৩৪:১২) কেৱল যিহোৱা ঈশ্বৰেই আমাৰ হৃদয় পৰীক্ষা কৰিব পাৰে, সেইবাবে তেওঁ আমাৰ ৰখীয়া। (গীত ১৭:৩) ঈশ্বৰে লোকসকলক পৰীক্ষা (এপীস্কোপী) কৰাত ন্যায়দণ্ড জড়িত আছে। উদাহৰণস্বৰূপে, যেতিয়া প্ৰথম শতিকাত যিৰূচালেমৰ ন্যায় হৈছিল, তেতিয়া যিৰূচালেমে “কৃপাদৃষ্টিৰ [এপীস্কোপী] কাল” বুজিব নোৱাৰিলে। (লূক ১৯:৪৪) যিহোৱাই পৰীক্ষা কৰাৰপৰা ভাল পৰিণাম হʼব পাৰে। উদাহৰণস্বৰূপে, ঈশ্বৰৰ “কৃপাদৃষ্টিৰ [এপীস্কোপী] দিনা” লোকসকলে তেওঁক প্ৰশংসা কৰিব।—১পিত ২:১২.
অক্টোবৰ ২১-২৭
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | ১ পিতৰ ৩-৫
“সকলোৰে শেষ ওচৰ চাপিছে”
w১৩ ১১/১৫ ৩ ¶১
“প্ৰাৰ্থনাৰ কাৰণে সুবোধ আৰু সচেতন হোৱা”
বেলি উদয় হোৱাৰ আগমুহূৰ্ত হৈছে ৰাতি কাম কৰা লোকসকলৰ বাবে জাগি থকাৰ আটাইতকৈ কঠিন সময়ছোৱা। যিসকল লোকে ৰাতি জাগি কাম কৰে, তেওঁলোকে হয়তো এই কথাত নিশ্চয় সন্মত হʼব। আজিৰ খ্ৰীষ্টানসকলেও এনেধৰণৰ সময়ত জীয়াই আছে, কিয়নো চয়তানৰ ব্যৱস্থাৰ শেষ-কাল একেবাৰে ওচৰ। (ৰোম. ১৩:১২) এই শেষ সময়ছোৱাত আধ্যাত্মিকভাৱে টোপনি যোৱাটো আমাৰ বাবে অতি বিপদজনক। সেইবাবে, আমি “সুবোধ” হৈ ‘প্ৰাৰ্থনাৰ কাৰণে সচেতন’ হৈ থকাৰ বিষয়ে বাইবেলত দিয়া নিৰ্দেশনাবোৰ পালন কৰিব লাগে।—১ পিত. ৪:৭.
আধ্যাত্মিকভাৱে দুৰ্ব্বল লোকক কেনেকৈ চিনাক্ত কৰি তেওঁলোকৰ দুৰ্ব্বলতাবোৰ দূৰ কৰিব পাৰি
অৱশেষত, আমি পাঁচনি পিতৰে দিয়া এই প্ৰেমময় পৰামৰ্শ মনত ৰখা উচিত: “সকলোৰে শেষ ওচৰ চাপিছে; এতেকে প্ৰাৰ্থনাৰ কাৰণে সুবোধ আৰু সচেতন হোৱা; বিশেষকৈ তোমালোকৰ মাজত পৰস্পৰে আগ্ৰহযুক্ত প্ৰেম ৰাখা; কিয়নো প্ৰেমে পাপসমূহ ঢাকে।” (১ পিতৰ ৪:৭, ৮) নিজৰ আৰু আনৰ ভুলবোৰ আমাৰ হৃদয় আৰু মনত সহজে প্ৰভাৱ পেলাব পাৰে আৰু আনৰ বাধা বা উজুটি খোৱাৰ কাৰণ হʼব পাৰে। চয়তানে ভালদৰে আমাৰ দুৰ্ব্বলতাবোৰ জানে। বিভেদ কৰা আৰু বিজয়ী হোৱা চয়তানৰ এটা বেয়া কৌশল। সেইবাবে, আমি অতি সোনকালে এজনে-আনজনৰ পাপবোৰ প্ৰেমেৰে ঢাকি ৰখাৰ প্ৰয়োজন যাতে ‘চয়তানে ঠাই’ নাপায়।—ইফিচীয়া ৪:২৫-২৭.
w১৮.০৩ ১৪-১৫ ¶২-৩
আনন্দেৰে অতিথিসৎকাৰ দেখুৱা অতি আৱশ্যক!
২ বিশেষকৈ পিতৰে ভাইসকলক অনুৰোধ কৰিছিলে “পৰস্পৰে অতিথি-সেৱাত আসক্ত হোৱা।” (১ পিত. ৪:৯) গ্ৰীক ভাষাত ‘অতিথি-সেৱাৰ’ অৰ্থ হৈছে “অচিনাকীজনৰ প্ৰতি আসক্ত হোৱা বা দয়া দেখুওৱা।” সেই ঠাইত থকা ভাই-ভনীসকলে এজনে-আনজনৰ অচিনাকী নাছিল, তথাপিও পাঁচনি পিতৰে তেওঁলোকক “অতিথি-সেৱাত” আসক্ত হʼবলৈ উৎসাহিত কৰিছিল। ইয়াৰ দ্বাৰা তেওঁলোকৰ কি লাভ হʼল?
৩ অতিথি-সেৱা কৰাৰ বাবে তেওঁলোকে এজনে-আনজনৰ কাষ চাপিল। আপোনাৰ বিষয়েনো কি? কেতিয়াবা এনেকুৱা হৈছেনে যে কোনোবাই আপোনাক নিজৰ ঘৰলৈ মাতিছিল আৰু তেওঁৰ লগত সময় অতিবাহিত কৰি আপুনি আনন্দ উপভোগ কৰিছিল? অথবা আপুনি কেতিয়াবা কাৰোবাক নিজৰ ঘৰলৈ মাতিছিল আৰু তেওঁৰ লগত আপোনাৰ ভাল বন্ধুত্ব স্থাপন হৈছিল? ভাই-ভনীসকলৰ লগত চিনাকি হোৱাৰ এক ভাল সুযোগ হৈছে অতিথিসৎকাৰ দেখুৱা। পাঁচনি পিতৰৰ দিনত পৰিস্থিতি বেয়ালৈ ঢাল খোৱাৰ বাবে ভাই-ভনীসকলে এজনে-আনজনৰ আৰু কাষ চপাৰ প্ৰয়োজন আছিল। ঠিক সেইদৰে, আজিও এই “শেষ-কালত” আমিও এজনে-আনজনৰ কাষ চপাটো অতি প্ৰয়োজনীয় হৈ পৰিছে।—২ তীম. ৩:১.
আধ্যাত্মিক ৰত্ন বিচাৰক
w১৩ ৬/১৫ ২৩
পাঠকসকলৰ প্ৰশ্ন
বাইবেলে কৈছে যে যীচুৱে ‘কয়দত থকা আত্মাবিলাকক’ প্ৰচাৰ কৰিছিল। (১ পিত. ৩:১৯) ইয়াৰ অৰ্থ কি?
▪ পাঁচনি পিতৰে লক্ষ্য কৰিলে যে আত্মাবিলাক “পূৰ্ব্বকালত নোহৰ দিনত জাহাজ নিৰ্ম্মাণ কৰা সময়ত, ঈশ্বৰৰ দীৰ্ঘসহিষ্ণুতাই বাট চাই থাকোঁতে আজ্ঞা নমনা আছিল।” (১ পিত. ৩:২০) পাঁচনি পিতৰে সেই আত্মাবিলাকৰ কথা কৈছিল, যিসকলে চয়তানৰ ফলীয়া হৈছিল। “নিজৰ আধিপত্য নাৰাখি নিজ বাসস্থান ত্যাগ” কৰা স্বৰ্গদূতবিলাকৰ বিষয়ে যিহূদাই উল্লেখ কৰিছিল। ঈশ্বৰে কৈছে: “তেওঁবিলাকক তেওঁ মহা-দিনৰ বিচাৰৰ অৰ্থে অনন্ত-কলীয়া বন্ধনত আন্ধাৰৰ অধীনে ৰাখিলে।”—যিহূদা ৬.
নোহৰ দিনত স্বৰ্গদূতবিলাকে কেনেকৈ যিহোৱাৰ আজ্ঞাৰ বিৰুদ্ধে কাম কৰিছিল? জল-প্লাৱনৰ আগত, এই দুষ্ট স্বৰ্গদূতসকলে মানৱীয় শৰীৰ ধাৰণ কৰি লয়। কিন্তু তেওঁলোকৰ বাবে ঈশ্বৰৰ এই উদ্দেশ্য নাছিল। (আদি. ৬:২, ৪) ইয়াৰ উপৰিও, এই স্বৰ্গদূতবিলাকে তিৰোতাসকলৰ লগত অস্বাভাৱিক যৌন সম্পৰ্ক ৰাখে। যিহোৱা ঈশ্বৰে এই আত্মিক প্ৰাণীবিলাকক যৌন সম্পৰ্ক ৰাখিবলৈ সৃষ্টি কৰা নাছিল। (আদি. ৫:২) ঈশ্বৰে এই আজ্ঞা পালন নকৰা স্বৰ্গদূতসকলক তেওঁৰ নিৰ্ধাৰিত সময়ত বিনাশ কৰিব। যিহূদাই কোৱাৰ দৰে তেওঁলোক এতিয়া ‘আন্ধাৰৰ অধীনত’ আছে অথবা আন এক কথাত কʼবলৈ গʼলে আধ্যাত্মিক বন্দীশালত আছে।
যীচুৱে কেতিয়া আৰু কেনেকৈ ‘কয়দত থকা আত্মাবিলাকক’ প্ৰচাৰ কৰিছিল? পিতৰে লিখিছে যে যীচুৱে ‘আত্মাত পুনৰ্জীৱিত’ হোৱাৰ পাছত এইদৰে হৈছিল। (১ পিত. ৩:১৮-২০) এই কথাৰ ওপৰতো মন কৰক যে পিতৰে কৈছিল, যীচুৱে “ঘোষণা কৰিলে।” পিতৰে এই কথাষাৰ অতীত কালত লিখিছিল। ইয়াৰপৰা বুজিব পাৰি যে পিতৰে যেতিয়া নিজৰ প্ৰথম চিঠি লিখিছিল, তেতিয়ালৈকে যীচুৱে দুষ্ট স্বৰ্গদূতবিলাকক ঘোষণা কৰি দিছিল। ইয়াৰ অৰ্থ হৈছে, পুনৰুত্থান হোৱাৰ কিছু সময়ৰ পাছত যীচুৱে দুষ্ট স্বৰ্গদূতবিলাকক ঘোষণা কৰে যে তেওঁলোকক শাস্তি দিয়া হʼব, যাৰ বাবে তেওঁলোক যোগ্য। এই প্ৰচাৰৰ যোগেদি যীচুৱে তেওঁলোকক কোনো আশা দিয়া নাছিল, ইয়াৰ পৰিৱৰ্তে তেওঁলোকক ন্যায়দণ্ড শুনাইছিল। (যোনা ১:১, ২) যীচুৱে নিজৰ বিশ্বাস প্ৰকাশ কৰে, মৃত্যুৰ আগমুহূৰ্তলৈকে বিশ্বাসী হৈ থাকিল আৰু তেওঁক পুনৰ জীৱন দিয়া হয়। ইয়াৰপৰা স্পষ্ট হয় যে তেওঁৰ ওপৰত চয়তানৰ প্ৰভাৱ নাছিল। এইবোৰ হোৱাৰ পাছত, দুষ্ট স্বৰ্গদূতবিলাকক যীচুৱে ন্যায়দণ্ড শুনোৱাৰ উচিত কাৰণ আছিল।—যোহ. ১৪:৩০; ১৬:৮-১১.
যীচুৱে ভৱিষ্যতে চয়তান আৰু তাৰ দুষ্ট স্বৰ্গদূতবিলাকক বান্ধি অগাধ ঠাইত পেলাই দিব। (লূক ৮:৩০, ৩১; প্ৰকা. ২০:১-৩) তেতিয়ালৈ এই দুষ্ট স্বৰ্গদূতবিলাকে আধ্যাত্মিক আন্ধাৰৰ অধীনত আছে আৰু ইয়াত কোনো সন্দেহ নাই যে তেওঁলোকক অনন্ত কালৰ বাবে বিনাশ কৰা হʼব।—প্ৰকা. ২০:৭-১০.
w০৮ ১১/১৫ ২১ ¶৮
যাকোব আৰু পিতৰৰ চিঠিখনৰ আলোকপাত
৪:৬—‘মৃতজন’ কোন, যাক “শুভবাৰ্ত্তা প্ৰচাৰ কৰা” হৈছিল?
এইবিলাক সেই লোকসকল হয়, যিসকলে নিজৰ ‘অপৰাধ আৰু পাপবোৰত মৰি আছিল।’ আন এক কথাত কʼবলৈ গʼলে শুভবাৰ্ত্তা শুনাৰ আগতে এই লোকসকলৰ যিহোৱাৰ লগত কোনো সম্পৰ্ক নাছিল। (ইফি. ২:১) কিন্তু শুভবাৰ্ত্তাৰ ওপৰত বিশ্বাস কৰাৰ বাবে যিহোৱাৰ লগত সম্পৰ্ক গঢ়ি উঠে আৰু এইদৰে তেওঁলোক ‘জীৱিত’ হৈ গʼল।
অক্টোবৰ ২৮–নৱেম্বৰ ৩
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | ২ পিতৰ ১-৩
“ঈশ্বৰৰ সেই দিনৰ আগমনৰ আকাঙ্ক্ষা কৰি থাকক”
w০৭ ১/১ ১৯ ¶১১
যিহোৱা ঈশ্বৰে “অন্যায়ৰ প্ৰতিকাৰ” কৰিব
১১ যীচুৱে আশ্বাস দিয়ে যে যিহোৱা ঈশ্বৰে “বেগেতে” অন্যায়ৰ প্ৰতিকাৰ কৰিব। ইয়াৰপৰা আমি কি বুজিব পাৰোঁ? ঈশ্বৰৰ বাক্যই দেখুৱায় যে যদিও যিহোৱা ঈশ্বৰ “দীৰ্ঘ-সহিষ্ণু” হয়, কিন্তু তেওঁ অতি সোনকালে নিৰ্ধাৰিত সময়ত অন্যায়ৰ প্ৰতিকাৰ কৰিব। (লূক ১৮:৭, ৮; ২ পিতৰ ৩:৯, ১০) নোহৰ সময়ত জল-প্লাৱন হৈছিল আৰু কোনো পলম নকৰাকৈ দুষ্ট লোকসকলৰ বিনাশ হৈছিল। ঠিক সেইদৰে, লোটৰ সময়ত আকাশৰপৰা জুইৰ বৰষুণ হোৱাত দুষ্ট লোকসকলৰ বিনষ্ট হৈছিল। যীচুৱে কৈছিল: “সেই একে দৰে মানুহৰ পুত্ৰ প্ৰকাশিত হোৱা দিনতো হব।” (লূক ১৭:২৭-৩০) পুনৰ দুষ্ট লোকসকলৰ “আকস্মিক বিনাশ” হʼব। (১ থিচলনীকীয়া ৫:২, ৩) সেইবাবে, আমি সম্পূৰ্ণৰূপে ভৰসা কৰিব পাৰোঁ যে ন্যায়ৰ বাবে যিমান দিন প্ৰয়োজন, তাৰ এদিনো যিহোৱা ঈশ্বৰে চয়তানৰ ব্যৱস্থাক টিকি থাকিবলৈ অনুমতি নিদিয়ে।
w০৭ ১/১ ১১-১২ ¶১৮
“যিহোৱাৰ মহাদিন ওচৰ”
১৮ সেইবাবে এয়া কোনো আচৰিতজনক কথা নহয় যে পাঁচনি পিতৰে আমাক এই পৰামৰ্শ দিছে যে আমি “ঈশ্বৰৰ সেই দিনৰ আগমনৰ” বিষয়ে মনত ৰখা উচিত। আমি এয়া কেনেকৈ কৰিব পাৰোঁ? এটা উপায় হৈছে, “পবিত্ৰ আচাৰ-ব্যৱহাৰ” আৰু “ভক্তিৰে” কাৰ্য্য কৰাৰ যোগেদি। (২ পিতৰ ৩:১১, ১২) যদি আমি এই কামবোৰত লাগি থাকিম, তেনেহʼলে ইয়ে “যিহোৱাৰ মহাদিন” আগ্ৰহেৰে অপেক্ষা কৰিবলৈ সহায় কৰিব। দ্বিতীয় পিতৰ ৩:১২ পদত যি গ্ৰীক শব্দৰ অনুবাদ “যত্ন কৰা” বুলি কৰা হৈছে, তাৰ আক্ষৰিক অৰ্থ হৈছে “গতিবেগ বেছি কৰা।” প্ৰকৃততে যিহোৱাৰ দিন আহিবলৈ যিমান দিন বাকী আছে, আমি তাৰ গতিবেগ বেছি কৰিব নোৱাৰোঁ। কিন্তু যদি আমি যিহোৱাৰ সেৱাত নিজকে ব্যস্ত ৰাখোঁ, তেন্তে চাওঁতে চাওঁতে অপেক্ষাৰ অন্ত হʼব।—১ কৰিন্থীয়া ১৫:৫৮.
আধ্যাত্মিক ৰত্ন বিচাৰক
w০৮ ১১/১৫ ২২ ¶২
যাকোব আৰু পিতৰৰ চিঠিখনৰ আলোকপাত
১:১৯—“প্ৰভাতীয় তৰা” কোন হয় আৰু ই কেতিয়া ওলাইছিল? আমি কেনেকৈ জানিব পাৰোঁ যে এই ঘটনাটো ঘটিছিল? “প্ৰভাতীয় তৰা” ঈশ্বৰৰ ৰাজ্যৰ ৰজা যীচু খ্ৰীষ্ট হয়। (প্ৰকা. ২২:১৬) ১৯১৪ চনত যেতিয়া যীচু খ্ৰীষ্ট ঈশ্বৰৰ ৰাজ্যৰ ৰজা হয় আৰু এক নতুন দিনৰ বাৰ্ত্তা আনে, তেতিয়া এই তৰা গোটেই বিশ্বমণ্ডলত প্ৰকাশিত হয়। ৰূপান্তৰৰ ঘটনাই এই কথাৰ আভাস দিয়ে যে যীচু ৰজা হʼলে কেনেধৰণৰ মহিমা আৰু অধিকাৰ পাব। ইয়ে এইটোও স্পষ্ট কৰে যে ঈশ্বৰৰ ভৱিষ্যতবক্তাৰ বাক্য একেবাৰে সঠিক হয়। (মাৰ্ক ৯:১-৩) এই বাক্যৰ ওপৰত ধ্যান দিলে আমাৰ হৃদয় প্ৰজ্বলিত হয় আৰু আমি জানিব পাৰোঁ যে প্ৰভাতীয় তৰা প্ৰকাশিত হৈছে।
w০৮ ১১/১৫ ২২ ¶৩
যাকোব আৰু পিতৰৰ চিঠিখনৰ আলোকপাত
২:৪—‘অন্ধকূপ’ কি হয় আৰু বিৰোধী স্বৰ্গদূতবিলাকক ইয়াত কেতিয়া পেলাই দিয়া হৈছিল? অন্ধকূপ হৈছে এক বন্দীশালৰ দৰে, যʼত মানুহক নহয়, কিন্তু কেৱল বিৰোধী স্বৰ্গদূসকলক বন্দী কৰি ৰখা হয়। যিজনে এই অন্ধকাৰময় পৰিস্থিতিত থাকে, তেওঁলোকে ঈশ্বৰৰ জ্ঞানৰ পোহৰ নাপায় আৰু তেওঁৰ উদ্দেশ্যৰ বিষয়েও নাজানে। ইয়াৰ উপৰিও, তেওঁলোকৰ ওচৰত ভৱিষ্যতৰ কোনো আশা নাথাকে। ঈশ্বৰে নোহৰ সময়ত এই অবিশ্বাসী স্বৰ্গদূতসকলক অন্ধকূপত পেলাই দিছিল আৰু যেতিয়ালৈকে তেওঁলোকৰ সম্পূৰ্ণ বিনাশ নহয়, তেতিয়ালৈকে তেওঁলোকে এনে পৰিস্থিতিত থাকিব।