নৱেম্বৰ—জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা
নৱেম্বৰ ৪-১০
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | ১ যোহন ১-৫
“জগত বা জগতত থকা বিষয়বোৰক প্ৰেম নকৰিব”
যীচুৰ আৰ্হি অনুকৰণ কৰক
১৩ কিছুমানে হয়তো ভাবিব পাৰে যে এই জগতৰ সকলোবোৰ বেয়া নহয়। তথাপিও সেইবোৰে আমাক যিহোৱা ঈশ্বৰক সেৱা কৰাৰ পৰা বিৰত কৰিব পাৰে। এই জগতত এনে কোনো নাই যে যিয়ে আমাক ঈশ্বৰৰ কাষ চপাত সহায় কৰিব। সেয়েহে জগতত থকা কিছুমান বস্তু যদিও বেয়া নহয়, তথাপিও আমি সেইবোৰক প্ৰেম কৰোঁ তেন্তে আমি বিপদত পৰিব পাৰোঁ। (১ তীমথিয় ৬:৯, ১০) ইয়াৰ উপৰিও জগতত থকা বেছিভাগেই বেয়া আৰু এইবোৰে আমাক ভ্ৰষ্ট কৰিব পাৰে। যদি আমি হিংসাত্মক, ভৌতিকবাদ বা যৌন অনৈতিকতা ভৰা চলচিত্ৰ বা টলিভিছনৰ কাৰ্য্যক্ৰম চাওঁ অথবা উপভোগ কৰোঁ, তেন্তে এইবোৰ আমাৰ বাবে প্ৰলুবধকাৰী হৈ পৰিব। যদি আমি ব্যৱসায়ৰ সুবিধাবাদী জীৱন-ধাৰাক অধিক গুৰুত্ব দিয়া বা বিকশিত কৰা ব্যক্তিৰ সৈতে সঙ্গতি কৰোঁ, তেনেহʼলে আমাৰ বাবেও তেনে ভৌতিক বস্তুবোৰ জীৱনত অধিক গুৰুপূৰ্ণ হৈ পৰিব।—মথি ৬:২৪; ১ কৰিন্থীয়া ১৫:৩৩.
w১৩ ৮/১৫ ২৭ ¶১৮
আপুনি কেনে ব্যক্তি হʼব বিচাৰে তাৰ বিষয়ে বিবেচনা কৰক
১৮ ‘জগতত থকা বিষয়বোৰৰপৰা’ আঁতৰি থাকিবলৈ আমাক আৰু এটা কথাই সহায় কৰিব পাৰে, সেয়া হৈছে আমি যোহনৰ এই কথাষাৰ মনত ৰখা উচিত: “জগত, আৰু তাৰ অভিলাষ গুচি যাব লাগিছে; কিন্তু যি জনে ঈশ্বৰৰ ইচ্ছা পালন কৰে, তেওঁ চিৰকাললৈকে থাকে।” (১ যোহন ২:১৭) কেতিয়াবা কেতিয়াবা এনে লাগে যেন চয়তানৰ ব্যৱস্থা চিৰকাললৈকে থাকিব। কিন্তু এদিন চয়তানৰ এই ব্যৱস্থা সম্পৰ্ণৰূপে শেষ হৈ যাব। জগতত চয়তানৰ কোনো বস্তু চিৰস্থায়ী নহয়। এই কথাষাৰ মনত ৰাখিলে আমি চয়তানৰ প্ৰলোভনৰপৰা আঁতৰি থাকিব পাৰিম।
আধ্যাত্মিক ৰত্ন বিচাৰক
w১৩ ৯/১৫ ১০ ¶১৪
যিহোৱাৰ পৰামৰ্শ বিশ্বাসযোগ্য
১৪ গ্ৰীক শাস্ত্ৰই আমাক বাৰে বাৰে মনত পেলাই দিছে যে আমি এজনে-আনজনক প্ৰেম কৰা উচিত। যীচুৱে কৈছিল যে দ্বিতীয় আজ্ঞা হৈছে, “তোমাৰ চুবুৰীয়াক তোমাৰ নিচিনাকৈ প্ৰেম কৰা।” (মথি ২২:৩৯) ঠিক সেইদৰে, যীচুৰ সতীয়া ভাই, যাকোবে প্ৰেমক “ৰাজকীয় ব্যৱস্থা” বুলি কৈছে। (যাকো. ২:৮) পাঁচনি যোহনে লিখিছিল: “হে প্ৰিয়বিলাক, মই তোমালোকলৈ কোনো নতুন আজ্ঞা লিখিছোঁ, এনে নহয়, কিন্তু আদিৰে পৰা তোমালোকে যি পালা, এনে পুৰণি আজ্ঞা লিখিছোঁ।” (১ যোহ. ২:৭, ৮) যোহনে উল্লেখ কৰা “পুৰণি আজ্ঞা” কি হয়? তেওঁ প্ৰেম কৰা আজ্ঞাৰ বিষয়ে কৈছিল। এই আজ্ঞা পুৰণি আছিল, কিয়নো যীচুৱে তেওঁলোকক এই আজ্ঞা বহু শতিকাৰ আগতে অৰ্থাৎ ‘আদিতে’ দিছিল। কিন্তু এই আজ্ঞা “নতুন” আছিল, কিয়নো পৰৱৰ্তী সময়ত শিষ্যসকলে নতুন পৰিস্থিতিত এনে প্ৰেম দেখুৱাৰ প্ৰয়োজন আছিল, যি আনৰ বাবে ত্যাগ কৰিবলৈও সাজু থাকে। যীচুৰ শিষ্য হোৱাৰ বাবে আমি সেই সতৰ্কবাণীৰ প্ৰতি কৃতজ্ঞতা দেখুৱাওঁ, যিয়ে আমাক এই জগতৰ বেছিভাগ লোকৰ মাজত থকা স্বাৰ্থপৰ মনোভাৱৰপৰা আতঁৰি থাকিবলৈ সতৰ্ক কৰে। সেইবাবে, আমি এনে প্ৰেম দেখুৱাওঁ, যিয়ে আনৰ বাবে ত্যাগ কৰিবলৈও সাজু থাকে।
it-১ ৮৬২ ¶৫
ক্ষমা কৰা
আনৰ বাবে আৰু গোটেই মণ্ডলীৰ বাবে যিহোৱা ঈশ্বৰলৈ ক্ষমা বিচৰা উচিত। মোচিয়ো এইদৰেই কৰিছিল। তেওঁ ইস্ৰায়েলীসকলৰ বাবে ক্ষমা বিচাৰিছিল আৰু যিহোৱা ঈশ্বৰে তেওঁৰ প্ৰাৰ্থনা শুনিছিল। (গণ ১৪:১৯, ২০) চলোমনে মন্দিৰ সমৰ্পণ কৰাৰ সময়ত যিহোৱালৈ প্ৰাৰ্থনা কৰিছিল যে যদি তেওঁৰ লোকসকলে পাপ কৰি অনুতাপ কৰে, তেনেহʼলে তেওঁ তেওঁলোকক যেন ক্ষমা কৰে। (১ৰাজা ৮:৩০, ৩৩-৪০, ৪৬-৫২) ইজ্ৰায়ে যিহূদীসকলৰ হৈ তেওঁলোকৰ পাপৰ বাবে যিহোৱা ঈশ্বৰক ক্ষমা বিচাৰিছিল। তেওঁ হৃদয়েৰে কৰা প্ৰাৰ্থনাৰপৰা বহুতোলোকে ইমানেই প্ৰভাৱিত হৈছিল যে তেওঁলোকে ক্ষমা পাবলৈ শীঘ্ৰেই পদক্ষেপ লৈছিল। (ইজ্ৰা ৯:১৩–১০:৪, ১০-১৯, ৪৪) যিহোৱাৰ লগত যিজনৰ সম্পৰ্ক দুৰ্ব্বল হৈছিল, তেওঁক যাকোবে মণ্ডলীৰ প্ৰাচীনসকলক মাতিবলৈ উৎসাহিত কৰিছিল যাতে প্ৰাচীনসকলে তেওঁৰ বাবে প্ৰাৰ্থনা কৰে। “যদিও তেওঁ পাপ কৰিলে, তথাপি ক্ষমা কৰা যাব।”(যাকো ৫:১৪-১৬) পবিত্ৰ আত্মাৰ বিৰুদ্ধে কৰা পাপক “মৃত্যুজনক পাপ” বুলি কোৱা হয়। এইটো জানি-শুনি কৰা পাপ হয় আৰু ইয়াৰ কোনো ক্ষমা নাই। এনে পাপ কৰা ব্যক্তিজনৰ বাবে এজন খ্ৰীষ্টানে প্ৰাৰ্থনা কৰাটো উচিত নহয়।—১যোহ ৫:১৬; মথি ১২:৩১; ইব্ৰী ১০:২৬, ২৭.
নৱেম্বৰ ১১-১৭
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | ২ যোহন ১–যিহূদা
“সত্যত থাকিবলৈ আমি সংঘৰ্ষ কৰা উচিত”
“প্ৰভুত আৰু তেওঁৰ শক্তিৰ পৰাক্ৰমত বলৱন্ত হোৱা”
৮ আমি চয়তানৰ পৰিকল্পনাবোৰৰ বিষয়ে ভালদৰে জানো, কিয়নো বাইবেলে সেইবোৰৰ বিষয়ে স্পষ্টকৈ প্ৰকাশ কৰিছে। (২ কৰিন্থীয়া ২:১১) উদাহৰণস্বৰূপে, ধাৰ্ম্মিক ইয়োবৰ ওপৰত সি আৰ্থিক সমস্যা, সন্তান-সন্ততিৰ মৃত্যু, পৰিয়ালৰ পৰা অহা বিৰোধ, শাৰীৰিক ক্লেশ অনাৰ উপৰিও বন্ধুবিলাকৰ দ্বাৰা মিছা অভিযোগ দিছিল। এনেদৰে অকাৰণতে হোৱা সমস্যাবোৰৰ বাবে ইয়োবে নিৰুৎসাহিত হৈ ঈশ্বৰে তেওঁক ত্যাগ দিলে বুলি ভাবিছিল। (ইয়োব ১০:১, ২) আজি চয়তানে তেনে ধৰণৰ সমস্যাবোৰৰ দ্বাৰা যদিও পোনপটীয়াকৈ আক্ৰমণ নকৰে, তথাপিও ইয়াৰ দ্বাৰা বহুতো খ্ৰীষ্টানে পীড়িত হৈছে আৰু চয়তানেও নিজৰ লাভৰ অৰ্থে তেনে পৰিস্থিতিবোৰক ব্যৱহাৰ কৰিব পাৰে।
৯ এই শেষকালত আধ্যাত্মিক বিপদবোৰ অধিককৈ বৃদ্ধি পাইছে। বৰ্তমান আমি বাস কৰা জগতখন সম্পূৰ্ণ ভৌতিক অভিলাষেৰে পূৰ্ণ হৈ আছে, যি আমাৰ আধ্যাত্মিক লক্ষ্যক ধ্বংস কৰিব পাৰে। মিডিয়াৰ দ্বাৰা সদায়ে প্ৰচাৰ কৰা হৈছে যে অবৈধভাৱে হোৱা যৌন-সঙ্গম আচলতে কোনো পাপকাৰ্য্য নহয়, কিন্তু প্ৰকৃত সুখলৈ পৰিচালিত কৰা এক উত্তম পথ। অধিকাংশ লোকে আজি “ঈশ্বৰ-প্ৰিয়তকৈ বৰং সুখ-প্ৰিয়” হোৱাৰ প্ৰমাণ দিছে। (২ তীমথিয় ৩:১-৫) যদি আমি “বিশ্বাসৰ পক্ষে প্ৰাণপণ” যুদ্ধ নকৰোঁ, তেন্তে এনে ধৰণৰ বিচাৰধাৰাই আমাৰ আধ্যাত্মিক ভাৰসাম্যতাক ধ্বংস কৰিব পাৰে।—যিহূদা ৩.
আধ্যাত্মিক ৰত্ন বিচাৰক
it-২ ২৭৯
প্ৰেমৰ ভোজ
বাইবেলত কʼতো উল্লেখ নাই যে প্ৰেমৰ ভোজ কেনেদৰে কৰা হৈছিল আৰু এয়া কিমান বাৰ পালন কৰা হৈছিল। (যিহূ ১২) প্ৰভু যীচু খ্ৰীষ্ট বা তেওঁৰ পাঁচনিসকলে ইয়াক পালন কৰিবলৈ আজ্ঞা দিয়া নাছিল আৰু ইয়াক সদায় পালন কৰাটোও ইমান প্ৰয়োজন নাছিল। কিছুমানে ভাবে যে এনে ভোজ কেৱল ধনী ভাই-ভনীসকলে পালন কৰিছিল আৰু ইয়াত দুখীয়া ভাই-ভনীসকলক মতা হৈছিল। পিতৃহীন, বিধৱা, ধনী-দুখীয়া সকলোৱে ভোজনৰ আনন্দ লৈছিল আৰু তেওঁলোকৰ মাজত প্ৰেম আৰু একতা দেখিবলৈ পোৱা গৈছিল।
it-২ ৮১৬
শিল
গ্ৰীক শব্দ স্পীলাচৰ অৰ্থ পানীৰ তলত লুকাই থকা শিল বা শিলা হʼব পাৰে। যিহূদাই এই শব্দ সেই লোকসকলৰ বাবে ব্যৱহাৰ কৰিছিল, যিসকলে বেয়া মনোবৃত্তিৰে খ্ৰীষ্টান মণ্ডলীত সোমাই আহিছিল। যিদৰে পানীৰ তলত লুকাই থকা শিলা জাহাজৰ বাবে এক ডাঙৰ বিপদজনক হয়, ঠিক সেইদৰে, এই লোকসকল মণ্ডলীৰ ভাই-ভনীসকলৰ বাবে বিপদজনক আছিল। যিহূদাই এনে লোকসকলৰ বিষয়ে এইদৰে কৈছিল: “তেওঁবিলাক তোমালোকৰ প্ৰেম-ভোজত একেলগে ভোজন কৰোঁতে, পানীৰ তলত লুকাই থকা বিঘ্নজনক শিলস্বৰূপ হয়।”—যিহূ ১২.
wp১৭.১ ১২ ¶১
“তেওঁ যে ঈশ্বৰক সন্তুষ্ট কৰিলে”
হনোকে কি ভৱিষ্যতবাণী কৰিছিল? তেওঁ এইদৰে কৈছিল: “চোৱা, সকলোবিলাকৰ সোধ-বিচাৰ কৰিবলৈ, আৰু ভক্তিহীনবিলাকে নিজৰ সকলো ভক্তিহীন কাৰ্য্যৰ দ্বাৰাই যি ভক্তি-লঙ্ঘন কৰিলে, আৰু ভক্তিহীন পাপীবিলাকে তেওঁৰ বিৰুদ্ধে যি টান টান কথা কলে, সেই সকলোৰ বিষয়ে দোষৰ প্ৰমাণ দিবলৈ, প্ৰভু নিজৰ অযুত অযুত পবিত্ৰবিলাকে সৈতে আহিল।” (যিহূদা ১৪, ১৫) হনোকে যিদৰে এই কথাষাৰ অতীত কালত কʼলে, ইয়াৰপৰা বুজিব পাৰি যে এই কামটো কৰিবলৈ আৰম্ভ কৰিলে, যাৰ বিষয়ে ভৱিষ্যতবাণী কৰা হৈছে। কিয়নো যি কথা কোৱা হৈছে, সেয়া পূৰ হোৱাটো ইমানেই নিশ্চিত যে তাক এইদৰে কোৱা হৈছে যেন পূৰ হৈ আছে।—যিচয়া ৪৬:১০.
wp১৭.১ ১২ ¶৩
“তেওঁ যে ঈশ্বৰক সন্তুষ্ট কৰিলে”
হনোকক ঈশ্বৰৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছিল। তেওঁৰপৰা আমি কি শিকিব পাৰোঁ? আমি নিজকে সুধিব পাৰোঁ যে আমিও এই জগতক যিহোৱাৰ দৃষ্টিভংগীৰে চাওঁ নে। হনোকে যি ন্যায়ৰ ঘোষণা কৰিছিল, ঠিক সেইদৰে বৰ্তমান সময়তো ন্যায়ৰ ঘোষণা হʼবলগীয়া আছে। হনোকে সাহসেৰে লোকসকলক কৈছিল যে ঈশ্বৰে সেই দুষ্ট জগতখনক ধ্বংস কৰিব আৰু ঠিক সেইদৰেই হʼল। যিহোৱাই নোহৰ দিনত, জল-প্লাৱনৰ যোগেদি দুষ্ট লোকসকলক ধ্বংস কৰিলে। এই ধ্বংসই ভৱিষ্যতে হʼবলগীয়া এক ডাঙৰ ধ্বংসৰ আভাস আছিল। (মথি ২৪:৩৮, ৩৯; ২ পিতৰ ২:৪-৬) প্ৰাচীন সময়ৰ দৰে আমাৰ সময়তো যিহোৱা ঈশ্বৰে নিজৰ লাখ লাখ স্বৰ্গদূতৰ সহায়ত অধৰ্ম্মীবিলাকক ধ্বংস কৰিব। আমি প্ৰত্যেকেই হনোকৰ সতৰ্কবাণীৰ ওপৰত ধ্যান দিয়া উচিত আৰু লোকসকলক ইয়াৰ বিষয়ে জনোৱা উচিত। হয়তো আমাৰ পৰিয়ালৰ সদস্য আৰু বন্ধুবৰ্গৰ চিন্তাধাৰা আমাৰ দৰে নহʼবও পাৰে। আমাক হয়তো কেইবাবাৰো অকলশৰীয়া যেন লাগিব পাৰে। এনে পৰিস্থিতিত আমি মনত ৰাখিব পাৰোঁ যে যিহোৱাই হনোকক কেতিয়াও এৰি দিয়া নাছিল আৰু আজিও তেওঁ নিজৰ বিশ্বাসী সেৱকসকলক এৰি নিদিব।
নৱেম্বৰ ১৮-২৪
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | প্ৰকাশিত বাক্য ১-৩
“তোমাৰ কৰ্ম্ম মই জানো”
w১২ ১০/১৫ ১৪ ¶৮
আপুনি কেনে প্ৰতিক্ৰিয়া দেখুৱায়?
৮ এনেধৰণৰ প্ৰতিক্ৰিয়াৰপৰা আঁতৰি থাকিবলৈ আমি মনত ৰখা উচিত যে যীচুৱে নিজৰ ‘সোঁ হাতত সাতোটা তৰা’ লৈছে বুলি বাইবেলত উল্লেখ আছে। এই ‘তৰাবোৰ’ মণ্ডলীৰ অভিষিক্ত প্ৰাচীনসকলক চিত্ৰিত কৰে। কিন্তু এই কথাষাৰ মণ্ডলীৰ সকলো প্ৰাচীনসকলৰ ওপৰতো প্ৰযোজ্য। যীচু খ্ৰীষ্টই নিজৰ হাতৰ ‘তৰাবোৰক’ তেওঁৰ দৃষ্টিত যি সঠিক হয়, তাক কৰিবলৈ নিৰ্দেশ দিব পাৰে। (প্ৰকা. ১:১৬, ২০) ইয়াৰ অৰ্থ হৈছে খ্ৰীষ্টান মণ্ডলীৰ মুৰব্বী হোৱাৰ বাবে যীচু খ্ৰীষ্টই জানে যে প্ৰাচীনসকলে কি কৰি আছে। “তেওঁৰ চকু অগ্নি-শিখাৰ তুল্য।” সেইবাবে, তেওঁ সকলো বিষয় লক্ষ্য কৰি থাকে। গতিকে, যদি কোনো প্ৰাচীনৰ শুধৰণিৰ প্ৰয়োজন হয়, তেনেহʼলে যীচুৱে সেই বিষয়ে ধ্যান দিয়ে যে তেওঁক যেন সঠিক সময়ত, সঠিকভাৱে শুধৰোৱা হয়। (প্ৰকা. ১:১৪) কিন্তু সেই সময়লৈকে আমি তেওঁলোকক আদৰ আৰু সন্মান দিয়াৰ প্ৰয়োজন, যিসকলক পবিত্ৰ আত্মাৰে নিযুক্ত কৰা হৈছে। কাৰণ পৌলে কৈছিল: “তোমালোকে তোমালোকৰ নায়কসকলক মান্য কৰি তেওঁলোকৰ বশীভূত হোৱা; কিয়নো হিচাপ দিব লগা মানুহবিলাকৰ দৰে তেওঁলোকে তোমালোকৰ প্ৰাণৰ নিমিত্তে প্ৰহৰী কাৰ্য্য কৰিছে; এতেকে তেওঁলোকে যেন সেই কৰ্ম্ম আৰ্ত্তস্বৰেৰে নকৰি আনন্দেৰে কৰিব, তাৰ কাৰণে তেওঁলোকৰ বশীভূত হোৱা; কিয়নো আৰ্ত্তস্বৰেৰে কৰিলে, তোমালোকৰ একো হিত নহব।”—ইব্ৰী ১৩:১৭.
w১২ ৪/১৫ ২৯ ¶১১
যিহোৱা, পৰিত্ৰাণৰ বাবে আমাক সুৰক্ষিত কৰি ৰাখে
১১ প্ৰকাশিত বাক্য ২ আৰু ৩ অধ্যায়ত উল্লেখিত দৰ্শনৰ অনুসৰি মহিমান্বিত যীচু খ্ৰীষ্টই এচিয়া মাইনৰৰ সাতোটা মণ্ডলীক পৰিদৰ্শন কৰিছিল। এই দৰ্শনৰ মতে যীচু খ্ৰীষ্টই মণ্ডলীবোৰৰ ওপৰে ওপৰে পৰিদৰ্শন কৰা নাছিল। কিন্তু ইয়াৰ পৰিৱৰ্তে তেওঁ স্পষ্টভাৱে কৈছিল যে মণ্ডলীবোৰত কি হৈ আছে। ইয়াৰ উপৰিও, তেওঁ মণ্ডলীৰ কিছুমান লোকৰ নামো উল্লেখ কৰিছিল। তেওঁ মণ্ডলীৰ প্ৰয়োজনীয়তা অনুসৰি তেওঁলোকক প্ৰশংসা কৰিছিল আৰু পৰামৰ্শও দিছিল। এই দৰ্শনৰপৰা আমি কি শিকিব পাৰোঁ? এই দৰ্শনত উল্লেখ কৰা সাতোটা মণ্ডলী ১৯১৪ চনৰ পাছত অভিষিক্ত খ্ৰীষ্টানসকলক চিত্ৰিত কৰে। যদিও যীচুয়ে দিয়া পৰামৰ্শবোৰ অভিষিক্ত খ্ৰীষ্টানসকলৰ বাবে হয়, কিন্তু আজি পৃথিৱীজুৰি সকলো খ্ৰীষ্টান মণ্ডলীয়ে ইয়াৰপৰা লাভৱান হৈছে। সেইবাবে, আমি আজি বিশ্বাসেৰে কʼব পাৰোঁ যে যিহোৱা ঈশ্বৰে নিজৰ পুত্ৰৰ জড়িয়তে নিজৰ লোকসকলক পৰিচালনা কৰিছে। আজি আমি কেনেকৈ সেই পৰিচালনাৰপৰা উপকৃত হʼব পাৰোঁ?
যিহোৱাৰ সংগঠনৰ সৈতে শান্তি বজাই ৰাখক
২০ যিহোৱাৰ অগ্ৰসৰ হোৱা সংগঠনৰ সৈতে চলিবলৈ হʼলে আমি ঈশ্বৰে নিযুক্ত কৰা যীচুৱেই যে “মণ্ডলীৰ মূৰ” তাক চিনাক্ত কৰা আৱশ্যক। (ইফিচীয়া ৫:২২, ২৩) মন কৰিবলগীয়া বিষয় এই যে যিচয়া ৫৫:৪ পদতো সেই একেইদৰে কৈছে: “চোৱা, মই তেওঁক লোকসমূহৰ সাক্ষীস্বৰূপে, আৰু লোকসমূহৰ নায়ক ও অধ্যক্ষস্বৰূপে নিযুক্ত কৰিলোঁ।” এতেকে ইয়াত কোনো সন্দেহ নাই যে নেতৃত্ব কেনেকৈ কৰিব লাগে তাক যীচুৱে ভালকৈ জানে। কিয়নো যীচুৱে নিজৰ মেৰ আৰু তেওঁলোকৰ কৰ্ম্মৰ বিষয়ে জানে। আচলতে যেতিয়া তেওঁ এচিয়া মাইনৰত থকা মণ্ডলীসমূহত পৰিদৰ্শন কৰে, তেতিয়া তেওঁ পাঁচবাৰ এইদৰে কৈছিল: “তোমাৰ কৰ্ম্ম . . . মই জানো।” (প্ৰকাশিত বাক্য ২:২, ১৯; ৩:১, ৮, ১৫) যিহোৱাৰ দৰে যীচুৱেও আমাৰ সকলো আৱশ্যকতাবোৰক জানে। সেইবাবে তেওঁ শিষ্যসকলক আদৰ্শ প্ৰাৰ্থনা শিকোৱাৰ আগতে এইদৰে কৈছিল: “তোমালোকে তেওঁক খোজাৰ আগেয়ে, তোমালোকৰ পিতৃয়ে জানে।”—মথি ৬:৮-১৩.
আধ্যাত্মিক ৰত্ন বিচাৰক
kr ২২৬ ¶১০
ঈশ্বৰৰ ৰাজ্যই নিজৰ শত্ৰুক নাশ কৰিব
১০ ন্যায়ৰ ঘোষণা কৰা হʼব: তেতিয়া ঈশ্বৰৰ ৰাজ্যৰ সকলো শত্ৰুৱে অনিচ্ছা সত্ত্বেও এনে এক ঘটনা দেখিবলৈ পাব, যাৰ যোগেদি তেওঁলোকৰ বেদনা আৰু বাঢ়ি যাব। যীচু খ্ৰীষ্টই এইদৰে কৈছিল: “তেতিয়া মানুহৰ পুত্ৰক, মহা-পৰাক্ৰম আৰু প্ৰতাপেৰে মেঘৰ ওপৰত অহা দেখিবা।” (মাৰ্ক ১৩:২৬) যীচু খ্ৰীষ্টৰ শক্তিৰ এই আচৰিতজনক দৃশ্যই বুজাব যে যীচুৱে ন্যায় কৰিবলৈ আহিছে। যীচুৱে শেষ কালৰ বিষয়ে সেই ভৱিষ্যতবাণীত কৈছিল যে যেতিয়া তেওঁ ন্যায় কৰিব তেতিয়া কি কি ঘটনা ঘটিব। এই বিষয়ে আমি মেৰ আৰু ছাগলীৰ দৃষ্টান্তত পঢ়িব পাৰোঁ। (মথি ২৫:৩১-৩৩, ৪৬ পঢ়ক।) ঈশ্বৰৰ ৰাজ্যৰ সমৰ্থন কৰা বিশ্বাসী লোকসকলক “মেৰ” বুলি ন্যায় কৰা হʼব। তেওঁলোকে “মূৰ দাঙি” থিয় দিব, কিয়নো তেওঁলোকে বুজি পাব যে তেওঁলোকৰ “মুক্তি ওচৰ চাপিছেহি।” (লূক ২১:২৮) কিন্তু ঈশ্বৰৰ ৰাজ্যৰ বিৰোধ কৰা লোকসকলক “ছাগলী” বুলি ন্যায় কৰা হʼব। তেওঁলোকে দুখত “হিয়া ভুকুৱাব।” কিয়নো তেওঁলোকে বুজি পাব যে তেওঁলোকে “অনন্ত দণ্ডলৈ” যাব।—মথি ২৪:৩০; প্ৰকা. ১:৭.
w০৯ ১/১৫ ৩১ ¶১
প্ৰকাশিত বাক্য কিতাপখনৰ আলোকপাত—১
২:৭—‘ঈশ্বৰৰ পৰম-দেশ’ কি হয়? এই শব্দ অভিষিক্ত খ্ৰীষ্টানসকলক কোৱা হৈছিল। সেইবাবে, এই পৰম-দেশ স্বৰ্গ হʼব পাৰে, যʼত যিহোৱা ঈশ্বৰ থাকে। তাত নিষ্ঠাৱান অভিষিক্ত খ্ৰীষ্টানে ‘জীৱন-বৃক্ষৰপৰা’ খাব পাৰিব অৰ্থাৎ তেওঁলোকে অমৰ জীৱনৰ পুৰস্কাৰ লাভ কৰিব।—১ কৰি. ১৫:৫৩.
নৱেম্বৰ ২৫–ডিচেম্বৰ ১
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | প্ৰকাশিত বাক্য ৪-৬
“চাৰিজন অশ্বাৰোহী”
wp১৭.৩ ৪ ¶৩
চাৰিজন অশ্বাৰোহী—তেওঁলোক কোন হয়?
বগা ঘোঁৰাৰ অশ্বাৰোহীজন কোন হয়? তেওঁৰ পৰিচয় প্ৰকাশিক বাক্যত উল্লেখ কৰা আছে। এই কিতাপখনত স্বৰ্গত অশ্বাৰোহী কৰা জনক “ঈশ্বৰৰ বাক্য” বুলি কোৱা হয়। (প্ৰকাশিত বাক্য ১৯:১১-১৩) “বাক্য” উপাধিটো যীচু খ্ৰীষ্টক দিয়া হৈছে। কিয়নো তেওঁ ঈশ্বৰৰ বাৰ্ত্তাবাহক হিচাপে কাম কৰে। (যোহন ১:১, ১৪) ইয়াৰ উপৰিও, তেওঁক “ৰজাৰো ৰজা, প্ৰভুৰো প্ৰভু” বুলি কোৱা হৈছে। (প্ৰকাশিত বাক্য ১৯:১৬) ইয়াৰপৰা স্পষ্টকৈ বুজিব পাৰি যে তেওঁ এজন যুঁজাৰু আৰু ৰজা হয়। তেওঁ নিজৰ অধিকাৰক কেতিয়াও বেয়া ব্যৱহাৰ নকৰে আৰু তেওঁত কোনো ভ্ৰষ্টতা নাই। তথাপিও কিছুমান প্ৰশ্ন উত্থাপন হয়।
wp১৭.৩ ৪ ¶৫
চাৰিজন অশ্বাৰোহী—তেওঁলোক কোন হয়?
এই অশ্বাৰোহীসকলৰ দৌৰ কেতিয়া আৰম্ভ হৈছিল? মন কৰক যে, প্ৰথম অশ্বাৰোহী যীচুক স্বৰ্গত যেতিয়া ৰজা হিচাপে কিৰীটি পিন্ধোৱা হৈছিল, তেতিয়া তেওঁ নিজৰ দৌৰ আৰম্ভ কৰিছিল। (প্ৰকাশিত বাক্য ৬:২) কিন্তু তেওঁ পৃথিৱীৰপৰা স্বৰ্গলৈ যোৱাৰ লগে লগে ৰজা হোৱা নাছিল। বাইবেলে উল্লেখ কৰে যে তেতিয়া তেওঁৰ অপেক্ষা কৰাৰ সময় আৰম্ভ হৈছিল। (ইব্ৰী ১০:১২, ১৩) যীচুৱে নিজৰ শিষ্যসকলক এটা চিন দিছিল যে তেওঁৰ অপেক্ষা কৰাৰ সময় কেতিয়া শেষ হʼব আৰু তেওঁ কেতিয়া স্বৰ্গত শাসন কৰিবলৈ আৰম্ভ কৰিব। তেওঁ কৈছিল যে সেই সময়ত পৃথিৱীৰ পৰিস্থিতি একেবাৰে বেয়ালৈ ঢাল খাব। ঠায়ে ঠায়ে যুদ্ধ, আকাল আৰু মহামাৰী হʼব। (মথি ২৪:৩, ৭; লূক ২১:১০, ১১) ১৯১৪ চনত প্ৰথম বিশ্ব যুদ্ধ আৰম্ভ হোৱাৰ লগে লগে বুজিব পৰা গʼল যে মানৱজাতিয়ে কঠিন পৰিস্থিতিৰ সময়ছোৱাত সোমাই পৰিছে আৰু বাইবেলত ইয়াক “শেষ-কাল” বুলি কোৱা হৈছে।—২ তীমথিয় ৩:১-৫.
wp১৭.৩ ৫ ¶২
চাৰিজন অশ্বাৰোহী—তেওঁলোক কোন হয়?
এই অশ্বাৰোহী যুদ্ধক চিত্ৰিত কৰে। মন কৰক যে তেওঁ কেৱল কেইখনমান দেশৰ শান্তি নহয়, কিন্তু সকলো দেশৰ শান্তি নাইকিয়া কৰিব। ১৯১৪ চনত ইতিহাসত প্ৰথম বাৰ বিশ্বৰ প্ৰায় সকলো দেশে যুদ্ধত ভাগ লৈছিল। তাৰ পাছত পুনৰ দ্বিতীয় বিশ্ব যুদ্ধ হʼল, যʼত আগতকৈ বেছি ধ্বংস হৈছিল। কিছুমান গণনাৰ অনুসৰি ১৯১৪ চনৰপৰা বেলেগ বেলেগ দেশৰ মাজত হোৱা যুদ্ধ অথবা এটা দেশৰ মাজত হোৱা যুদ্ধত ১০ কোটিতকৈ বেছি লোকৰ মৃত্যু হৈছিল। ইয়াৰ উপৰিও, গণিব নোৱাৰা লোকসকলে আঘাতপ্ৰাপ্ত হৈছিল।
wp১৭.৩ ৫ ¶৪-৫
চাৰিজন অশ্বাৰোহী—তেওঁলোক কোন হয়?
“মই চাই এটা কʼলা ঘোঁৰা দেখিলোঁ; আৰু তাৰ ওপৰত উঠা জনাৰ হাতত এখন পাল্লা আছিল। পাছে চাৰি প্ৰাণীৰ মাজৰ পৰা ওলোৱা মাতৰ দৰে, এই কথা কোৱা মই শুনিলোঁ, বোলে, এসেৰ ঘেঁহু ধানৰ মূল্য এক আধলি; তিনি সেৰ যৱ ধানৰ মূল্য এক আধলি; আৰু তেল আৰু দ্ৰাক্ষাৰসৰ হানি নকৰিবা।”—প্ৰকাশিত বাক্য ৬:৫, ৬.
এই অশ্বাৰোহীজনে আকালক চিত্ৰিত কৰে। এই দৃশ্যৰপৰা বুজিব পাৰি যে খাদ্যৰ আকাল হʼব। এক আধলিত কেৱল এক কিলো ঘেঁহু পোৱা যাব অৰ্থাৎ তিনি কিলো যৱ, যি ঘেঁহুতকৈ একেবাৰে কম মূল্যৰ শস্য বুলি গণ্য কৰা হয়। প্ৰথম শতিকাত এক আধলি গোটেই দিনৰ হাজিৰা আছিল। (মথি ২০:২) চিন্তা কৰক, খৰচ-পাতি বাঢ়ি যোৱাত এটা ডাঙৰ পৰিয়ালক প্ৰতিপালন কৰাটো কিমান ডাঙৰ সমস্যা হʼব! লোকসকলক কোৱা হৈছিল যে তেওঁলোকে তেল আৰু দ্ৰাক্ষাৰসক হানি নকৰক অৰ্থাৎ প্ৰতিদিনে ব্যৱহাৰ কৰা খোৱা-বোৱা বস্তুবোৰত মিতব্যয়ী হʼবলৈ কৈছিল।
wp১৭.৩ ৫ ¶৮-১০
চাৰিজন অশ্বাৰোহী—তেওঁলোক কোন হয়?
চতুৰ্থ অশ্বাৰোহীজনে মহামাৰী আৰু আন কাৰণত হোৱা মৃত্যুক চিত্ৰিত কৰে। ১৯১৪ চনৰ কিছু সময়ৰ পাছতে স্পেনিছ ফ্লু বেমাৰৰ বাবে কোটি কোটি লোকৰ মৃত্যু হৈছিল। প্ৰায় ৫০ কোটি লোক অৰ্থাৎ সেই সময়ত পৃথিৱীৰ প্ৰায় ৩৩ শতাংশ লোকে এই বেমাৰত আক্ৰান্ত হৈছিল।
কিন্তু স্পেনিছ ফ্লু বেমাৰৰ কেৱল এক আৰম্ভণিহে আছিল। অনুসন্ধানকাৰীসকলে অনুমান কৰিছে যে বিংশ শতিকাৰ সময়ছোৱাত ৩০ কোটিতকৈ বেছি লোক বসন্ত ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল। বৰ্তমান সময়ত চিকিৎসাৰ ক্ষেত্ৰত বহুতো উন্নতি হৈছে, তথাপিও এইডছ, যক্ষ্মা ৰোগ আৰু মেলেৰিয়াৰ দৰে বেমাৰৰ বাবে আজি লাখ লাখ লোকৰ অকালতে মৃত্যু হয়।
যুদ্ধ, আকাল বা মহামাৰী যিয়ে নহওক কিয়, সকলোৰে পৰিণাম হৈছে মৃত্যু। মৃত লোকসকলক কবৰে একেৰাহে একগোট কৰিছে। ইয়ে লোকসকলক একো আশা নিদিয়ে।
আধ্যাত্মিক ৰত্ন বিচাৰক
re ৭৬-৭৭ ¶৮
স্বৰ্গত যিহোৱা ঈশ্বৰৰ সিংহাসনৰ প্ৰশংসা
৮ যোহনে জানিছিল যে প্ৰাচীন সময়ত পবিত্ৰ মন্দিৰত সেৱা কৰিবলৈ কেৱল পুৰোহিতসকলক নিযুক্ত কৰা হৈছিল। সেইবাবে, আগলৈ তেওঁ যি লিখিলে, ইয়াৰপৰা বুজিব পাৰি যে তেওঁ যি দেখিছিল, ইয়ে তেওঁক আচৰিত কৰি তুলিছিল। তেওঁ এইদৰে লিখিছিল: “সেই সিংহাসনৰ চাৰিওফালে চৌবিশখন সিংহাসন আছিল; সেইবোৰ সিংহাসনৰ ওপৰত বগা বস্ত্ৰ আৰু মূৰত সোণৰ কিৰীটি পিন্ধা চৌবিশ জন বৃদ্ধলোক বহি আছিল।” (প্ৰকাশিত বাক্য ৪:৪) যোহনে পুৰোহিতৰ পৰিৱৰ্তে ২৪ জন বৃদ্ধলোকে ৰজাৰ দৰে কিৰীটি পিন্ধি নিজৰ নিজৰ সিংহাসনত বহি থকা দেখিলে। এই বৃদ্ধ লোকসকল কোন হয়? এই লোকসকল খ্ৰীষ্টান মণ্ডলীৰ অভিষিক্ত লোক হয়। এই লোকসকলক পুনৰুত্থান কৰা হৈছে আৰু যিহোৱাই প্ৰতিজ্ঞা কৰাৰ দৰে তেওঁলোকে স্বৰ্গত শাসন কৰি আছে। এয়া আমি কেনেকৈ জানিব পাৰোঁ?
re ৮০ ¶১৯
স্বৰ্গত যিহোৱা ঈশ্বৰৰ সিংহাসনৰ প্ৰশংসা
১৯ এই জীৱিত প্ৰাণীয়ে কাক চিত্ৰিত কৰে? উত্তৰৰ কাৰণে ভৱিষ্যতবক্তা যিহিষ্কেলৰ দৰ্শনলৈ ধ্যান দিয়ক। যিহিষ্কেলে দেখিলে যে যিহোৱা ঈশ্বৰ স্বৰ্গত এটা ৰথত বহি আছে আৰু তেওঁৰ লগত যোহনৰ দৰ্শনত দেখুৱা প্ৰাণীৰ দৰে জীৱিত প্ৰাণীও আছিল। (যিহিষ্কেল ১:৫-১১, ২২-২৮) পাছত, যিহিষ্কেলে আকৌ এবাৰ সেই ৰথক দেখা পালে আৰু সেই ৰথৰ লগত জীৱিত প্ৰাণীও আছিল। কিন্তু এইবাৰ তেওঁ কৈছিল যে এই জীৱিত প্ৰাণীজন কৰূব হয়। (যিহিষ্কেল ১০:৯-১৫) যোহনে যি চাৰিজন জীৱিত প্ৰাণী দেখিছিল, তেওঁ নিশ্চয় যিহোৱাৰ কৰূবক চিত্ৰিত কৰে আৰু স্বৰ্গত তেওঁলোক উচ্চ স্থানত আছে। এই দৃশ্য দেখি যোহন আচৰিত হোৱা নাছিল যে কৰূব যিহোৱা ঈশ্বৰ কাষত থিয় হৈ আছে। কিয়নো প্ৰাচীন সময়ত পবিত্ৰ মন্দিৰৰ চন্দুকৰ ঢাকনিত সোণৰ দুটা কৰূব আছিল, যিয়ে যিহোৱাৰ সিংহাসনক চিত্ৰিত কৰে। এই দুটা কৰূবৰ মাজেদি যিহোৱাৰ শব্দ শুনা গৈছিল আৰু তেওঁ ইস্ৰায়েলীসকলক আজ্ঞা দিছিল।—যাত্ৰাপুস্তক ২৫:২২; গীতমালা ৮০:১.
cf ৩৬ ¶৫-৬
“চোৱা, যি জনা যিহূদা ফৈদৰ সিংহ”
৫ সিংহক প্ৰায় সাহসৰ লগত তুলনা কৰা হয়। আপুনি কেতিয়াবা সিংহৰ লগত মুখা-মুখি হৈছে নে? যদি হৈছে তেনেহʼলে নিশ্চয় বন্দী হৈ থকা চিৰিয়াখানাৰ সিংহৰ লগতহে। তথাপিও যেতিয়া আপুনি এই শক্তিশালী জন্তুটোলৈ চায় আৰু সিংহটোও আপোনালৈ ঘূৰি চায়, তেতিয়া আপোনাকো নিশ্চয় ভয় লাগিছিল। আপুনি কল্পনাও কৰিব নোৱাৰে যে এই জন্তুটোৱে কাৰোবাক ভয় কৰিব পাৰে। বাইবেলে এইদৰে কৈছে, “পশুবোৰৰ মাজত মহাপৰাক্ৰমী আৰু কাকো ভয় নকৰা সিংহ।” (হিতোপদেশ ৩০:৩০) যীচু খ্ৰীষ্টৰো সিংহৰ দৰে সাহস আছে।
৬ আহক এতিয়া আমি আলোচনা কৰিম যে যীচুৱে কেনেকৈ এই তিনিটা ক্ষেত্ৰত সিংহৰ দৰে সাহস দেখুৱালে: সত্যৰ প্ৰতি থিয় দিয়াৰ সময়ত, ন্যায়ৰ সমৰ্থন কৰাৰ সময়ত আৰু বিৰোধৰ সন্মুখীন হোৱাৰ সময়ত। ইয়াৰ উপৰিও, আমি শিকিম যে আমি সাহসী হওঁ বা নহওঁ, আমি যীচুৰ দৰে কেনেকৈ সাহস দেখুৱাব পাৰিম।