যিহোৱাৰ সংগঠনৰ সৈতে শান্তি বজাই ৰাখক
“শান্তিৰ আকাৰ যি ঈশ্বৰে . . . ঈচ্ছা-সাধনৰ অৰ্থে তোমালোকক সকলো সদবিষয়ত সিদ্ধ কৰক।”—ইব্ৰী ১৩:২০, ২১.
১. পৃথিৱীৰ সৰ্বমূঠ জনসংখ্যাৰ পৰিমাণ আৰু ধৰ্ম্ম অনুসৰি জনসংখ্যাৰ পৰিমাণৰ সংখ্যা কিমান?
গোটেই পৃথিৱীত ১৯৯৯ চনৰ অনুসাৰে জনসংখ্যাৰ পৰিমাণ আছিল ৬০০ কোটি জন। দ্যা ৱৰ্ল্ড আলমেনাক নামৰ কিতাপখনে ধৰ্ম্ম অনুসৰি জনসংখ্যাৰ পৰিমাণৰ বিষয়ে এইদৰে বৰ্ণনা কৰিছে। ইছলাম ধৰ্ম্মৱলী লোকৰ জনসংখ্যা হৈছে ১, ১৬৫, ০০০, ০০০ জন; ৰোমান কেথলিকৰ হৈছে ১, ০৩০, ০০০, ০০০ জন; হিন্দুৰ হৈছে ৭৬২, ০০০, ০০০ জন; বুদ্ধ ধৰ্ম্মৱলী লোকৰ হৈছে ৩৫৪, ০০০, ০০০ জন; প্ৰটেষ্টানৰ হৈছে ৩১৬, ০০০, ০০০ জন আৰু অৰ্থডক্সৰ হৈছে ২১৪, ০০০, ০০০ জন।
২. বৰ্তমান সময়ত বিভাজিত বিভিন্ন ধৰ্ম্মসমূহৰ অৱস্থাৰ বিষয়ে কি কʼব পাৰি?
২ বৰ্তমান সময়ত বিভাজিত বিভিন্ন ধৰ্ম্মৰ কথা মনত ৰাখি আমি এইটো কʼব পাৰোঁনে যে বিভিন্ন মত, ৰীতি-নীতি থকা এই কোটি সংখ্যক লোকে ঈশ্বৰৰ ইচ্ছা অনুসাৰে চলিছে? নিশ্চয়ে নহয়! কিয়নো বাইবেলে কৈছে যে “কিয়নো ঈশ্বৰ উটাপুটা কৰাওঁতা নহয়, কিন্তু শান্তি দিওঁতা।” (১ কৰিন্থীয়া ১৪:৩৩) আনহাতে অন্তঃৰাষ্ট্ৰীয় ভাতৃত্ব সমাজ থকা যিহোৱাৰ সাক্ষীসকলৰ বিষয়ে কি কʼব পাৰি? (১ পিতৰ ২:১৭) মনোযোগেৰে যিহোৱাৰ সাক্ষীসকলক নিৰীক্ষণ কৰাৰ পৰা এইটোৱেই জানিব পৰা গৈছে যে ‘শান্তিৰ আকাৰ যি ঈশ্বৰে নিজৰ ইচ্ছা-সাধনৰ অৰ্থে তেওঁলোকক সকলো সদবিষয়ত সিদ্ধ কৰিছে।’—ইব্ৰী ১৩:২০, ২১.
৩. পেন্টাকোষ্ট ৩৩ চনত যিৰূচালেমত কেনে ঘটনা ঘটিল আৰু কিয় তেওঁলোকক ঈশ্বৰে বাছি ললে?
৩ বাস্তৱতে যিমান লোকসকলে যিহোৱাৰ সাক্ষী হৈছে, তেওঁলোকে মাত্ৰ চিৰকালৰ ঈশ্বৰীয় আনন্দ লাভ কৰাৰ অৰ্থেই যে ঈশ্বৰৰ উপাসক হৈছে নতুবা তেওঁলোকৰ বৃদ্ধি হোৱা সংখ্যাই ঈশ্বৰক প্ৰভাৱিত কৰে এনে নহয়। প্ৰাচীন সময়তো যিহোৱাই ইস্ৰায়েলসকল “লেখত অধিক” হোৱাৰ বাবেই যে বাছি লৈছিল এনে নহয়। বাইবেলে কৈছে তেওঁলোকৰ সংখ্যা “লেখত তাকৰ আছিল।” (দ্বিতীয় বিবৰণ ৭:৭) কিন্তু সেই ইস্ৰায়েলসকলে যিহোৱাৰ প্ৰতি অবিশ্বাসী হোৱাৰ বাবে পেন্টাকোষ্ট ৩৩ চনত যিহোৱাই যীচুৰ শিষ্যসকলৰ দ্বাৰাই গঠিত এক নতুন মণ্ডলীক তেওঁৰ অনুগ্ৰহ প্ৰদান কৰিলে। তেওঁলোকক ঈশ্বৰে পবিত্ৰ আত্মাৰে বাছি ললে আৰু তেওঁলোকে সম্পূৰ্ণ উদ্যমেৰে যিহোৱা আৰু যীচু খ্ৰীষ্টৰ সম্পৰ্কে থকা সত্য সংবাদক প্ৰচাৰ কৰিব ধৰিলে।—পাঁচনিৰ কৰ্ম্ম ২:৪১, ৪২.
অবিৰাম গতিত আগবঢ়া
৪. প্ৰাচীন খ্ৰীষ্টানসকলে শিষ্য বনোৱা কাৰ্য্যত যে অবিৰামভাৱে আগবাঢ়িছিল তাক আপুনি কেনেকৈ কʼব পাৰে?
৪ প্ৰাচীন সময়ত খ্ৰীষ্টান মণ্ডলীসমূহে ঈশ্বৰৰ মহান উদ্দেশ্যক বুজি পাইছিল আৰু নতুন অঞ্চলবোৰলৈ গৈ শিষ্য বনোৱা কাৰ্য্যত অবিৰামভাৱে আগবাঢ়িছিল। তেওঁলোকে ঈশ্বৰীয় প্ৰেৰিত পত্ৰসমূহৰ দ্বাৰা আধ্যাত্মিকৰূপে শিক্ষিত হৈছিল। তদুপৰি পাঁচনি পৌলে তেওঁলোকক প্ৰচাৰ কাৰ্য্যক সম্পন্ন কৰিবলৈ উৎসাহিত কৰিছিল। এই সম্পৰ্কে খ্ৰীষ্টান গ্ৰীক শাস্ত্ৰত সকলোবোৰ লিপিবদ্ধ কৰি ৰখা হৈছে।—পাঁচনিৰ কৰ্ম্ম ১০:২১, ২২; ১৩:৪৬, ৪৭; ২ তীমথিয় ১:১৩; ৪:৫; ইব্ৰী ৬:১-৩; ২ পিতৰ ৩:১৭, ১৮.
৫. বৰ্তমান সময়ত ঈশ্বৰৰ সংগঠনে কিয় উন্নতি কৰিব পাৰিছে আৰু আমি কিয় ইয়াৰ সৈতে চলা আৱশ্যক?
৫ এতেকে প্ৰাচীন সময়ৰ দৰে বৰ্তমান সময়তো যিহোৱাৰ সাক্ষীসকলে আৰম্ভণিতে থকা এক সৰু সমূহৰ পৰা বৃহত সংখ্যাত বৃদ্ধি হৈছে। (জখৰিয়া ৪:৮-১০) যিহেতু ১৯ শতাব্দীৰ পৰা বৃদ্ধি হোৱা সংখ্যাই স্পষ্টকৈ প্ৰমাণ দিছে যে যিহোৱাৰ আত্মা তেওঁৰ সংগঠনৰ ওপৰত আছে। সেয়েহে আমি কোনো মানুহৰ শক্তিৰ ওপৰত নিৰ্ভৰ নকৰোঁ, কিন্তু শাস্ত্ৰীয় পদসমূহ বুজি পাবলৈ আৰু ঈশ্বৰৰ ইচ্ছাক পালন কৰিবলৈ আমি যিহোৱাৰ পবিত্ৰ আত্মাৰ ওপৰতহে নিৰ্ভৰ কৰোঁ। (জখৰিয়া ৪:৬) বৰ্তমান আমি “শেষ-কালত” জীয়াই থকাৰ বাবে যিহোৱাৰ সংগঠনৰ সৈতে আগবাঢ়ি যোৱাতো আগতকৈও বেছি আৱশ্যক হৈ পৰিছে। (২ তীমথিয় ৩:১-৫) এইদৰে কাৰ্য্য কৰাৰ দ্বাৰাই আমি অনন্ত জীৱনৰ আশা লাভ কৰিব পাৰিম আৰু এই জগতখন ধ্বংস হোৱাৰ পূৰ্বেই আমি ঈশ্বৰৰ ৰাজ্য যে বাস্তৱতে স্থাপন হʼব, তাৰ বিষয়ে সকলোকে সাক্ষী দিব পাৰিম।—মথি ২৪:৩-১৪.
৬, ৭. যিহোৱাৰ সংগঠনৰ সৈতে আগবঢ়াৰ সম্পৰ্কে আমি কোন তিনিটা দিশক বিবেচনা কৰিব পাৰোঁ?
৬ যিসকল ভাই-ভনীয়ে ১৯২০, ১৯৩০ আৰু ১৯৪০ চনত যিহোৱাৰ সংগঠনলৈ আহিল তেওঁলোকে নিশ্চয়ে সেই সময়ৰ তুলনাত আজি সত্যক স্বীকাৰ কৰি সংখ্যাত বৃদ্ধি হোৱা ভাই-ভনীসকলক দেখিবলৈ পাইছে। সেই পুৰণি ভাই-ভনীসকলে, যিহোৱাৰ সংগঠনত এনে এক বৃহত সংখ্যাত লোকসকলৰ বৃদ্ধি হʼব বুলি আগতে কেতিয়াও ভাবিব পাৰিছিল নে? আজি আমাৰ সময়লৈকে কেনেকৈ যিহোৱাৰ সেৱকসকল বৃদ্ধি হʼল, এই বিষয়ে উল্লেখযোগ্য দিশবোৰক বিবেচনা কৰক! সঁচাকৈ এইটো হৈছে আধ্যাত্মিক বৰদান, যিটো যিহোৱাই তেওঁৰ সংগঠিত লোকৰ যোগেদি সম্পন্ন কৰিছে।
৭ প্ৰাচীন সময়তো ৰজা দায়ূদে যিহোৱাৰ কাৰ্য্যবোৰৰ বিবেচনা কৰি গভীৰভাৱে প্ৰভাৱিত হৈছিল। সেয়েহে তেওঁ এইদৰে কৈছিল: “মই সেইবোৰ বৰ্ণনা কৰি প্ৰকাশ কৰিব খুজিলে, সেইবোৰ অলেখ।” (গীতমালা ৪০:৫) গতিকে বৰ্তমান সময়তো আমি যিহোৱাই কৰা অনেক মহিমাযুক্ত কাৰ্য্যক আমি বৰ্ণনা কৰিব নোৱাৰোঁ। কিন্তু তথাপিও আমি যিহোৱাৰ সংগঠনৰ সৈতে আগবঢ়া তিনিটা দিশৰ বিষয়ে বিবেচনা কৰিব পাৰোঁ: (১) ক্ৰমান্বয়ে আধ্যাত্মিক বিষয়বোৰত অধিক জ্ঞান লাভ কৰা, (২) প্ৰচাৰ কাৰ্য্যত অধিক উন্নত আৰু বৃদ্ধি হোৱা, (৩) সাময়িকভাৱে সংগঠনৰ প্ৰণালীবোৰত সংশোধন কৰা।
আধ্যাত্মিক বিষয়বোৰত অধিক জ্ঞান পোৱাৰ বাবে যিহোৱালৈ কৃতজ্ঞ
৮. হিতোপদেশ ৪:১৮ পদত ৰাজ্যৰ সম্পৰ্কে বুজিবলৈ আমাক কেনেধৰণৰ আধ্যাত্মিক দীপ্তি প্ৰদান কৰা হৈছে?
৮ ক্ৰমান্বয়ে আধ্যাত্মিক বিষয়বোৰ অধিক স্পষ্টীকৰণ হোৱাৰ সম্পৰ্কে হিতোপদেশ ৪:১৮ পদত এইদৰে কৈছে: “দুপৰলৈ ক্ৰমে বৃদ্ধি পোৱা অৰুণৰ যি দীপ্তি, ধাৰ্ম্মিকৰ পথ সেই দীপ্তিৰ নিচিনা।” এতেকে ক্ৰমান্বয়ে আধ্যাত্মিক দীপ্তি লাভ কৰাৰ বাবে যিহোৱালৈ আমি কিমান যে কৃতজ্ঞ! ১৯১৯ চনত চীদাৰ পইন্ট্, অহাইয় নামৰ ঠাইত হোৱা অধিৱেশনৰ মুখ্য বিষয় আছিল ঈশ্বৰৰ ৰাজ্য। যিহোৱাই এই ৰাজ্যৰ দ্বাৰাই নিজৰ নাম পবিত্ৰকৰণ আৰু তেওঁৰ আধিপত্যক দোষমুক্ত কৰিছে। আচলতে, এই আধ্যাত্মিক দীপ্তিয়ে বাইবেলৰ আদিপুস্তকৰ পৰা প্ৰকাশিত বাক্যলৈকে দিয়া যিহোৱাৰ উদ্দেশ্য অৰ্থাৎ তেওঁৰ পুত্ৰ যীচুৰ ৰাজ্য শাসনৰ দ্বাৰাই তেওঁৰ নিজ নামক পবিত্ৰকৰণ কৰা কাৰ্য্যৰ বিষয়ে আমাক বুজিবলৈ সহায় কৰে। ইয়াৰ যোগেদিহে ধাৰ্ম্মিকসকলে সেই মহান আশাক লাভ কৰাত সফল হয়।—মথি ১২:১৮, ২১.
৯, ১০. ঈশ্বৰৰ ৰাজ্য, দুটা বিৰোধী সংগঠনৰ বিষয়ে ১৯২০ চনত কি শিকিবলৈ পালোঁ আৰু ই আমাক কেনেকৈ পদক্ষেপ লোৱাত সহায় কৰিলে?
৯ চীদাৰ পইন্ট্, অহাইয় নামৰ ঠাইত ১৯২২ চনত হোৱা অধিৱেশনৰ মুখ্য বক্তা আছিল জে. এফ. ৰাডাৰফ্ৰ্ড। তেওঁ নিজৰ এটা ভাষণত ঈশ্বৰৰ লোকসকলৰ উদ্দেশ্যে এইদৰে ৰিঙিয়াই কৈছিল, “ঘোষণা কৰা, ঘোষণা কৰা, ৰজা আৰু তেওঁৰ ৰাজ্যৰ বিষয়ে ঘোষণা কৰা।” ১৯২৫ চনত প্ৰকাশ হোৱা মাৰ্চ ১, প্ৰহৰীদুৰ্গ আলোচনীত “নিৰ্দিষ্ট জাতিৰ জন্ম” (বাৰ্থ অভ দ্যা নেশ্বন) নামৰ এটা লেখত ১৯১৪ চনত ঈশ্বৰৰ ৰাজ্য স্থাপন হোৱা ভৱিষ্যতবাণীৰ আধ্যাত্মিক অন্তদৃষ্টিত সকলোৰে মনোযোগ কেন্দ্ৰিত কৰা হৈছিল। ইয়াৰ ওপৰিও ১৯২০ চনত দুটা সংগঠনৰ বিৰোধিতা অৰ্থাত যিহোৱাৰ বিৰোদ্ধে থকা চয়তানৰ সংগঠনৰ প্ৰভেদতা জানিব পৰা গʼল। তেওঁলোকৰ ইজনে-সিজনৰ সৈতে যুদ্ধ কৰিব আৰু আমি তেতিয়াহে বিজয়ী পক্ষত থাকিব পাৰিম যদি আমি যিহোৱাৰ সংগঠনৰ সৈতে চলি থাকোঁ।
১০ এই আধ্যাত্মিক স্পষ্টীকৰণে আমালৈ কেনে সহায় আগবঢ়ালে? যেনেকৈ ঈশ্বৰৰ ৰাজ্য আৰু ইয়াৰ ৰজা যীচু খ্ৰীষ্ট এই জগতৰ কোনো ভাগ নাছিল, আমিও এই জগতৰ কোনো ভাগ লʼব নালাগে। এইদৰে আমি জগতৰ পৰা নিজকে পৃথকে ৰাখি প্ৰকাশ কৰি দেখুৱাম যে আমি সত্যৰ পক্ষত আছোঁ। (যোহন ১৭:১৬; ১৮:৩৭) কিন্তু আনহাতে আজিৰ দুষ্ট জগতখন জটিল সমস্যাৰে ভৰি আছে। আমি এনে সময়ত চয়তানৰ সংগঠনৰ কোনো ভাগ নোহোৱাৰ বাবে ঈশ্বৰক ধন্যবাদ নকৰোঁনে বাৰু! আমি যিহোৱাৰ সংগঠনত থাকি আধ্যাত্মিক সুৰক্ষা লাভ কৰাৰ বাবে কিমান যে কৃপাযুক্ত!
১১. ঈশ্বৰৰ লোকসকলে ১৯৩১ চনত কি শাস্ত্ৰীয় নাম গ্ৰহণ কৰিলে?
১১ অহাইয়ৰ কলমবাচ নামৰ ঠাইত ১৯৩১ চনত হোৱাৰ অধিৱেশনত যিচয়া ৪৩:১০-১২ পদত দিয়া বৃতান্তসমূহক কাৰ্য্যকাৰীভাৱে ব্যৱহাৰ কৰা হʼল। এই অধিৱেশনত যিহোৱাৰ সংগঠনে বাইবেল বিদ্যাৰ্থী নামৰ সলনি যিহোৱাৰ সাক্ষী হিচাপে নতুন বৈশিষ্ট্যসূচক নাম গ্ৰহণ কৰিলে। এতেকে আনে উদ্ধাৰৰ পাবলৈ, তেওঁলোকক যিহোৱাৰ নাম জনোৱাতো আমাৰ বাবে কিযে এক বিশেষ অধিকাৰ!—গীতমালা ৮৩:১৮; ৰোমীয়া ১০:১৩.
১২. আধ্যাত্মিক স্পষ্টীকৰণে ১৯৩৫ চনত বৃহত লোকসমূহৰ বিষয়ে বুজিবলৈ কেনেধৰণৰ সহায় আগবঢ়ালে?
১২ বহুতো ঈশ্বৰৰ সেৱকে ১৯৩০ চনৰ আগেয়ে, ভৱিষ্যতে পাবলগীয়া আশাৰ সম্পৰ্কে নিশ্চিত নাছিল। কিছুমানে যদিও স্বৰ্গীয় জীৱনৰ বাবে বিবেচনা কৰিছিল কিন্তু বাইবেলত পোৱা পৰমদেশৰ শিক্ষাই তেওঁলোকৰ মনত কৌতূহল সৃষ্টি কৰিলে। এতেকে ১৯৩৫ চনত ৱাচিংটন, ডি.চি. নামৰ ঠাইত হোৱা এক অধিৱেশনত বাইবেলৰ প্ৰকাশিত বাক্য নামৰ কিতাপৰ ৭ অধ্যায়ত উল্লেখ কৰা বৃহত লোকসমূহৰ পাৰ্থিৱ জীৱনৰ আশা থকা বিষয়ে বুজাই দিয়া হয়। এই বিষয়ে শুনি সকলোৱে ক্ষন্তেকৰ বাবে ৰোমাঞ্চিত হৈ উঠিল। তেতিয়াৰ পৰাই বৃহত লোকসমূহৰ একত্ৰিত কৰা কাৰ্য্য দ্ৰুত গতিত আগবাঢ়ি যাবলৈ ধৰিলে। আমি এই বৃহত লোকসমূহক সহজে চিনি পোৱাৰ বাবে ঈশ্বৰক ধন্যবাদ নকৰোঁনে? বাস্তৱতে এই বৃহত লোকসমূহৰ বিভিন্ন জাতি, বংশ আৰু ভাষাই আমাক ঈশ্বৰৰ সংগঠনৰ সৈতে শান্তি বজাই ৰাখি দ্ৰুতভাৱে প্ৰচাৰ কাৰ্য্যত আগবাঢ়িবলৈ উৎসাহিত কৰিছে।
১৩. চেন্ট্. লুইচত ১৯৪১ চনত হোৱা অধিৱেশনত কেনে একে মুখ্য বিষয় দাঙি ধৰা হৈছিল?
১৩ চেন্ট্. লুইচ, মউচৰী নামৰ ঠাইত ১৯৪১ চনত হোৱা এক অধিৱেশনত, মানৱ সমাজৰ এনে এক মুখ্য বিষয়ৰ ওপৰত আধাৰিত এক ভাষণ দিয়া হʼল। সেই ভাষণৰ বিষয় আছিল, এইটো হৈছে বিশ্বব্যাপী আধিপত্য অথবা প্ৰভুত্ব। এই ভাষণত কোৱা হৈছিল, এই বিষয়টোৰ অতি সোনকালে সমাধান কৰা হʼব আৰু ইয়াৰ বাবে দ্ৰুতগতিত এক ভয়ানক দিন আহি আছে! ইয়াৰ ওপৰিও ১৯৪১ চনত হোৱা অধিৱেশনত সেই একেই বিষয়ৰ সম্পৰ্কে আন এটা বিষয় দাঙি ধৰা হৈছিল, যিয়ে ঈশ্বৰৰ আধিপত্য বজাই ৰাখিবলৈ আমাক কেনে প্ৰকাৰৰ স্থান লোৱা উচিত এই বিষয়ে বুজাত সহায় কৰিলে।
১৪. যিচয়া ৩২:১, ২ পদত উল্লেখ কৰা ৰাজকুমাৰসকলৰ বিষয়ে ১৯৫০ চনৰ অন্তঃৰাষ্ট্ৰীয় অধিৱেশনত কি কোৱা হʼল?
১৪ নিউ ইয়ৰ্ক চহৰত ১৯৫০ চনত হোৱা অন্তঃৰাষ্ট্ৰীয় অধিৱেশনত যিচয়া ৩২:১, ২ পদত উল্লেখ কৰা ৰাজকুমাৰ জনক স্পষ্টকৈ চিনাক্ত কৰা হʼল। যেতিয়া ভাই ফেড্ৰিক ফ্ৰান্জে এই বিষয়টোক বৰ্ণনা কৰি কয় যে নতুন পৃথিৱীত হʼবলগা ৰাজকুমাৰসকল আমাৰ মাজত আছে, তেতিয়া সকলোৱে আচৰিত হৈ উঠে। সেই অধিৱেশন আৰু তাৰ পাছত হোৱা অধিৱেশনসমূহত বহুতো বিষয়সমূহত আধ্যাত্মিক দীপ্তিৰে স্পষ্টীকৰণ কৰা হʼল। (গীতমালা ৯৭:১১) আমাৰ “পথ সেই দীপ্তিৰ নিচিনা” হোৱাৰ বাবে আমি ঈশ্বৰলৈ কিমান যে কৃতজ্ঞ!
আমাৰ পৰিচৰ্য্যা কাৰ্য্যত অগ্ৰগতি লাভ কৰা
১৫, ১৬. (ক) আমি ১৯২০ আৰু ১৯৩০ চনৰ পৰা প্ৰচাৰ কৰিবলৈ কেনেকৈ আগবাঢ়িলোঁ? (খ) খ্ৰীষ্টান পৰিচৰ্য্যা কাৰ্য্যক উৎসাহী কৰিবলৈ কি কি আলোচনীসমূহ আগবঢ়োৱা হয়?
১৫ যিহোৱাৰ সংগঠনে আগবাঢ়ি যোৱাৰ দ্বিতীয় দিশতো হৈছে আমাৰ মুখ্য কাৰ্য্য অৰ্থাত প্ৰচাৰ কৰা আৰু শিষ্য বনোৱা। (মথি ২৮:১৯, ২০; মাৰ্ক ১৩:১০) শিষ্য বনোৱা কাৰ্য্যক সম্পন্ন কৰিবলৈ সংগঠনে প্ৰচাৰ কাৰ্য্যক একেৰাহে বৃস্তাৰিত কৰিবলৈ অধিক গুৰুত্ব দিছে। ১৯২২ চনত সকলো যিহোৱাৰ সেৱকসকলক প্ৰচাৰ কাৰ্য্যত ভাগ লবলৈ উৎসাহিত কৰা হʼল। এতেকে সত্যৰ সাক্ষী দি ব্যক্তিগতভাৱে নিজৰৰ পোহৰক প্ৰকাশ কৰাতোঁ প্ৰত্যেক খ্ৰীষ্টান ব্যক্তিৰে দায়িত্ব। (মথি ৫:১৪-১৬) ১৯২৭ চনৰ পৰা মাহৰ প্ৰত্যেক দেওবাৰে প্ৰচাৰ ক্ষেত্ৰত ভাগ লবলৈ পদক্ষেপ লোৱা হʼল। ১৯৪০ চনৰ ফেব্ৰুৱাৰী মাহৰ আৰম্ভণিত যিহোৱাৰ সাক্ষীসকলে প্ৰহৰীদুৰ্গ আৰু কনচলেশ্বন (বৰ্তমান সময়ত সচেতন!) আলোচনীক দোকান-পহাৰে, ৰাস্তা-ঘাটে বিতৰণ কৰিবলৈ নিৰ্ণয় ললে।
১৬ আনক বাইবেলৰ সত্য শিকাবলৈ পুনৰ সাক্ষাৎ কৰাৰ বাবে মডেল ষ্টাডি নামৰ সৰু পুস্তিকাখন ১৯৩৭ চনত প্ৰকাশ কৰা হʼল। সেই বছৰৰ পৰাই বাইবেল অধ্যয়ন আৰম্ভ কৰিবলৈ জোৰ দিয়া হয়। ১৯৮৬ চনত প্ৰচাৰ কাৰ্য্যত উৎসাহী হৈ ব্যৱহাৰ কৰিবলৈ “লেট গড্ বি ট্ৰু” আৰু ১৯৬৮ চনত ট্ৰুথ দ্যাট্ লিড্চ টু ইটাৰনেল লাইফ নামৰ কিতাপখন প্ৰকাশ কৰা হয়। বৰ্তমান সময়ত আমি ব্যৱহাৰ কৰা কিতাপখনৰ নাম হৈছে জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায়। এনে ধৰণৰ কিতাপসমূহক প্ৰকাশ কৰি শিষ্য বনোৱাৰ এক সঠিক আধাৰশিলা প্ৰস্তুত কৰা হʼল।
সংগঠনৰ প্ৰণালীৰ সংশোধনৰ সৈতে অগ্ৰসৰ হোৱা
১৭. যিচয়া ৬০:১৭ পদৰ অনুসাৰে যিহোৱাৰ সংগঠন কেনেকৈ অগ্ৰসৰ হৈছে?
১৭ যিহোৱাৰ সংগঠনে অগ্ৰসৰ হোৱাৰ তৃতীয় দিশটো হৈছে, সংগঠনৰ প্ৰণালীক সংশোধন কৰা। যিচয়া ৬০:১৭ পদৰ অনুসাৰে যিহোৱাই এইদৰে প্ৰতিজ্ঞা কৰিছিল: “মই পিতলৰ সলনি সোণ, লোহৰ সলনি ৰূপ, কাঠৰ সলনি পিতল, আৰু মই তোমাৰ অধ্যক্ষবিলাকক শান্তিস্বৰূপে, আৰু কৰগ্ৰাহীবিলাকক ধাৰ্ম্মিকতাস্বৰূপে নিযুক্ত কৰিম।” এই ভৱিষ্যতবাণীৰ প্ৰতিজ্ঞাৰ অনুসাৰে ৰাজ্যৰ প্ৰচাৰ কাৰ্য্যত চোৱা-চিতা আৰু জাকটিক প্ৰতিপালন কৰা কাৰ্য্যক উন্নত কৰা হʼল।
১৮, ১৯. যোৱা কিছু বছৰত ঈশ্বৰৰ সংগঠনত কেনে ধৰণে সংশোধন কৰা হৈছে?
১৮ প্ৰত্যেকখন মণ্ডলীত প্ৰচাৰ কাৰ্য্যক সংগঠিত কৰিবলৈ ১৯১৯ চনত সেৱা কাৰ্য্যকৰ্তাক (চাৰ্ভিচ ডাইৰেক্টৰ) নিযুক্ত কৰা হʼল। এই প্ৰবন্ধই আমাক উৎসাহী হৈ প্ৰচাৰ কাৰ্য্য কৰিবলৈ সহায় কৰিলে। ১৯৩২ চনত প্ৰাচীন আৰু পৰিচাৰক সকলক বাঁছনি কৰা সমাজতান্ত্ৰিক পদ্ধিতি অৰ্থাৎ নিৰ্ব্বাচনৰ যোগেদি বাঁছনি কৰা প্ৰণালীক সমাপ্তি কৰা হʼল। আন এটা উল্লেখযোগ্য স্থাপিত দিশ আছিল—১৯৩৮ চনত যেতিয়া সকলো মণ্ডলীৰ সেৱকসকলক প্ৰাচীন সময়ৰ খ্ৰীষ্টানসকলৰ দৰে ঈশ্বৰীয় ব্যৱস্থাৰ অনুসাৰে নিযুক্ত কৰা। (পাঁচনিৰ কৰ্ম্ম ১৪:২৩; ১ তীমথিয় ৪:১৪) প্ৰাচীন সময়ৰ খ্ৰীষ্টানসকলৰ দৰে ১৯৭২ চনত প্ৰাচীন আৰু সহায়ক সেৱকসকলক মণ্ডলীত চোৱা-চিতা কৰিবলৈ নিযুক্ত কৰা হʼল। ফিলিপীয়া ১:১ পদত উল্লেখ কৰা অনুসৰি মণ্ডলীত মাত্ৰ এজন প্ৰাচীনে চোৱা-চিতা কাৰ্য্য কৰাৰ পৰিৱৰ্তে যিসকলে প্ৰাচীনৰ বাবে যোগ্য হৈছে তেওঁলোকৰ সৈতে মণ্ডলীত এক প্ৰাচীন গোষ্ঠী গঠন কৰা হয়।—পাঁচনিৰ কৰ্ম্ম ২০:২৮; ইফিচীয়া ৪:১১, ১২.
১৯ যিহোৱাৰ সাক্ষীসকলৰ বিশ্বব্যাপী সংগঠনক অধিক সক্ৰিয় কৰি তুলিবলৈ ১৯৭৫ চনত প্ৰশাসন গোষ্ঠীকো অধিক উন্নত কৰা হʼল। বিভিন্ন দেশত থকা শাখা কাৰ্য্যালয়বোৰক চোৱা-চিতা কৰিবলৈ শাখা সমিতিসমূহক গঠন কৰা হʼল। তেতিয়াৰ পৰাই ওৱাচ্ টাৱাৰ চোচাইটিৰ মুখ্য কাৰ্য্যলয় আৰু শাখা কাৰ্য্যলয়সমূহৰ কাৰ্য্য প্ৰণালীক সৰল কৰি “যি যি শ্ৰেষ্ঠ, . . . নিৰ্ণয় কৰিবলৈ” অধিক মনোযোগ দিয়া হৈছে। (ফিলিপীয়া ১:৯, ১০) এতেকে প্ৰচাৰ কাৰ্য্যত আগভাগ লোৱা, মণ্ডলীসমূহত শিক্ষা দিয়া, আৰু জাকসমূহক প্ৰতিপালন কৰাৰ দায়িত্ব খ্ৰীষ্টান ৰখীয়াসকলক দিয়া হৈছে।—১ তীমথিয় ৪:১৬; ইব্ৰী ১৩:৭, ১৭; ১ পিতৰ ৫:২, ৩.
সক্ৰিয়ৰূপে যীচুৱে কৰা নেতৃত্ব
২০. যিহোৱাৰ সংগঠনৰ সৈতে চলাৰ বাবে আমি যীচুৰ কেনেধৰণৰ স্থানক চিনাক্ত কৰাটো আৱশ্যক?
২০ যিহোৱাৰ অগ্ৰসৰ হোৱা সংগঠনৰ সৈতে চলিবলৈ হʼলে আমি ঈশ্বৰে নিযুক্ত কৰা যীচুৱেই যে “মণ্ডলীৰ মূৰ” তাক চিনাক্ত কৰা আৱশ্যক। (ইফিচীয়া ৫:২২, ২৩) মন কৰিবলগীয়া বিষয় এই যে যিচয়া ৫৫:৪ পদতো সেই একেইদৰে কৈছে: “চোৱা, মই তেওঁক লোকসমূহৰ সাক্ষীস্বৰূপে, আৰু লোকসমূহৰ নায়ক ও অধ্যক্ষস্বৰূপে নিযুক্ত কৰিলোঁ।” এতেকে ইয়াত কোনো সন্দেহ নাই যে নেতৃত্ব কেনেকৈ কৰিব লাগে তাক যীচুৱে ভালকৈ জানে। কিয়নো যীচুৱে নিজৰ মেৰ আৰু তেওঁলোকৰ কৰ্ম্মৰ বিষয়ে জানে। আচলতে যেতিয়া তেওঁ এচিয়া মাইনৰত থকা মণ্ডলীসমূহত পৰিদৰ্শন কৰে, তেতিয়া তেওঁ পাঁচবাৰ এইদৰে কৈছিল: “তোমাৰ কৰ্ম্ম . . . মই জানো।” (প্ৰকাশিত বাক্য ২:২, ১৯; ৩:১, ৮, ১৫) যিহোৱাৰ দৰে যীচুৱেও আমাৰ সকলো আৱশ্যকতাবোৰক জানে। সেইবাবে তেওঁ শিষ্যসকলক আদৰ্শ প্ৰাৰ্থনা শিকোৱাৰ আগতে এইদৰে কৈছিল: “তোমালোকে তেওঁক খোজাৰ আগেয়ে, তোমালোকৰ পিতৃয়ে জানে।”—মথি ৬:৮-১৩.
২১. খ্ৰীষ্টান মণ্ডলীসমূহত কেনেকৈ যীচুৰ নেতৃত্ব প্ৰকাশ পায়?
২১ যীচুৱে যে নেতৃত্ব লৈছে তাক আমি কেনেকৈ জানিব পাৰোঁ? ইয়াক জানি পোৱাৰ এটা কাৰণ হৈছে খ্ৰীষ্টান মণ্ডলীত থকা প্ৰাচীনসকল অৰ্থাত ‘মানুহবিলাকত নানা বৰ।’ (ইফিচীয়া ৪:৮) প্ৰকাশিত বাক্য ১:১৬ পদত কৈছে তেওঁলোক হৈছে খ্ৰীষ্টৰ সোঁ হাত আৰু তেওঁলোক সম্পূৰ্ণৰূপে যীচুৰ নিয়ন্ত্ৰণত আছে। বৰ্তমান সময়ত স্বৰ্গৰ আশা থকাই হওঁক বা পাৰ্থিৱ জীৱনৰ আশা থকা প্ৰাচীনেই নহওঁক কিয় যীচুৱে তেওঁলোকক নিৰ্দেশনা দিয়ে। যেনেকৈ পূৰ্বৱৰ্তী লেখত কোৱা হʼল যে তেওঁলোকক শাস্ত্ৰীয় ব্যৱস্থাৰ অন্তৰ্গত ঈশ্বৰৰ পবিত্ৰ আত্মাৰ দ্বাৰা নিযুক্ত কৰা হয়। (১ তীমথিয় ৩:১-৭; তীত ১:৫-৯) প্ৰথম শতাব্দীত সাধাৰণতে মণ্ডলী আৰু প্ৰচাৰ কাৰ্য্যৰ চোৱা-চিতা কৰিবলৈ যিৰূচালেমত থকা প্ৰাচীনসকলৰ দ্বাৰাই প্ৰশাসন গোষ্ঠী গঠন কৰা হৈছিল। আজি আমাৰ সময়তো সেই একেই আৰ্হিক অনুকৰণ কৰা হয়।
পদক্ষেপ লওঁক!
২২. প্ৰশাসন গোষ্ঠীয়ে কেনে ধৰণৰ সহায় আগবঢ়ায়?
২২ পৃথিৱীত ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে প্ৰচাৰ কৰাৰ কাৰ্য্যভাৰ “বিশ্বাসী বুদ্ধিমান দাস” বৰ্গক অৰ্থাৎ যিহোৱাৰ সাক্ষীসকলৰ প্ৰশাসন গোষ্ঠীক দিয়া হৈছে। (মথি ২৪:৪৫-৪৭) প্ৰশাসন গোষ্ঠীৰ মুখ্য কাৰ্য্য হৈছে খ্ৰীষ্টান মণ্ডলীসমূহত আধ্যাত্মিকৰূপে নিৰ্দেশনা আৰু শিক্ষা দিয়া। (পাঁচনিৰ কৰ্ম্ম ৬:১-৬) কিন্তু যেতিয়া ভাই-ভনীসকলে কোনো প্ৰাকৃতিক দুৰ্য্যোগৰ সন্মূখীন হয়, তেতিয়া তেওঁলোকক সাহাৰ্য্য, তেওঁলোকৰ ঘৰ-দুৱাৰ আৰু ৰাজ্যগৃহক মেৰামতি অথবা নতুনকৈ গঢ়ি দিবলৈ প্ৰশাসন গোষ্ঠীয়ে এখন বা ততকৈ বেছি আইনগত নিগমক কাৰ্য্য কৰিবলৈ অনুৰোধ কৰে। যদি কোনো স্থানত বা দেশত ভাই-ভনীসকলে অত্যাচাৰ বা যান্ত্ৰনাৰ সন্মূখীন হৈছে তেনেহʼলে প্ৰশাসন গোষ্ঠীয়ে তেওঁলোকলৈ আধ্যাত্মিক সহায় আগবঢ়াই, যাতে তেওঁলোকে আধ্যাত্মিকৰূপে অধিক দৃঢ় হʼব পাৰে। ইয়াৰ ওপৰিও প্ৰশাসন গোষ্ঠীয়ে “অসময়তো উৎসাহী” হৈ প্ৰচাৰ কৰি আগবাঢ়ি যাবলৈ সকলো প্ৰকাৰৰ চেষ্টা কৰে।—২ তীমথিয় ৪:১, ২.
২৩, ২৪. যিহোৱাৰ লোকসকলৰ ওপৰত যিয়েই পৰিস্থিতি নহওঁক কিয় যিহোৱাই একেৰাহে কিহৰ প্ৰবন্ধ কৰিব আৰু আমি কি কৰিবলৈ দৃঢ় নিৰ্ণয় লোৱা আৱশ্যক?
২৩ গতিকে যিহোৱাৰ লোকসকলৰ ওপৰত যিয়েই পৰিস্থিতি নহওঁক কিয়, যিহোৱাই তেওঁৰ লোকসকলৰ বাবে একেৰাহে আধ্যাত্মিক আহাৰ আৰু আৱশ্যকীয় নিৰ্দেশনাৰ ব্যৱস্থা কৰে। ইয়াৰ ওপৰিও যিহোৱাই দায়িত্ববান ভাইসকলক ঈশ্বৰৰ সংগঠনক সংশোধন আৰু অগ্ৰসৰ কৰিবলৈ বিবেচনা আৰু অন্তদৃষ্টি প্ৰদান কৰে। (দ্বিতীয় বিবৰণ ৩৪:৯; ইফিচীয়া ১:১৬, ১৭) গতিকে আমি সকলোৱে বিশ্বব্যাপী প্ৰচাৰ কাৰ্য্যত ভাগ লৈ শিষ্য বনোৱা আজ্ঞাক সম্পূৰ্ণ হৃদয়েৰে সম্পন্ন কৰিবলৈ নিৰ্ণয় লওঁহঁক।—২ তীমথিয় ৪:৫.
২৪ আমাৰ সম্পূৰ্ণ বিশ্বাস আছে যে যিহোৱাই তেওঁৰ বিশ্বাসী লোকসকলক কেতিয়াও ত্যাগ নকৰিব; আৰু তেওঁ নিশ্চয়ে তেওঁলোকক আহিবলগীয়া ‘মহাক্লেশৰ’ পৰা ৰক্ষা কৰিব। (প্ৰকাশিত বাক্য ৭:৯-১৪; গীতমালা ৯৪:১৪; ২ পিতৰ ২:৯) সেয়েহে আমি শেষলৈকে বিশ্বাসত দৃঢ় হৈ থাকিবলৈ আমাৰ ওচৰত বহুতো কাৰণ আছে। (ইব্ৰী ৩:১৪) এতেকে আহঁক আমি সকলোৱে যিহোৱাৰ সংগঠনৰ সৈতে চলিবলৈ দৃঢ় নিৰ্ণয় কৰোঁহঁক। w01 1/15)
আপুনি কেনেদৰে উত্তৰ দিব?
•যিহোৱাৰ সংগঠন যে একেৰাহে অগ্ৰসৰ হৈছে তাক আমি কিয় কʼব পাৰোঁ?
•কি প্ৰমাণ দেখুৱাইছে যে ঈশ্বৰৰ লোকসকলে সাময়িকভাৱে পোৱা আধ্যাত্মিক স্পষ্টিকৰণৰ পৰা আনন্দিত হৈছে?
•খ্ৰীষ্টান প্ৰচাৰ কাৰ্য্যই কেনেদৰে উন্নতি লাভ কৰিছে?
•যিহোৱাৰ সাক্ষীসকলৰ সংগঠনৰ ব্যৱস্থাত সাময়িকভাৱে কেনে সংশোধন কৰা হৈছে?
[২৫ পৃষ্ঠাৰ ছবি]
ৰজা দায়ূদৰ দৰে আমিও যিহোৱাৰ আচৰিত কাৰ্য্যবোৰক গণিব নোৱাৰোঁ